গেলেকী, ১৩নৱেম্বৰঃ ১০৩ নং আমগুৰি সমষ্টিৰ ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত আমগুৰি সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ প্রায় ৩ শতাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত সভাপতিত্ব কৰে প্ৰবক্তা, শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ৰঞ্জিত তামূলীয়ে । সভাত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক পদ্মকান্ত দাস, দেৱজিৎ দত্ত, অংকুৰ শইকীয়া আৰু শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ১৬ জন আহ্বায়কে । ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই আঁতধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা আহ্বায়ক সীমান্ত তামুলীয়ে । সভাত ৫৭ জনীয়া আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতিয়ে অতি কম দিনৰ ভিতৰত প্ৰতিটো পঞ্চায়তত সমিতি, গাঁও সভা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অনাগত দিনত ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, বিজেপি, আৰু অসম গণ পৰিষদ ৰাজনৈতিক দলক আমগুৰি সমষ্টিৰ পৰা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ শেষত শ’লাগৰ শৰাইত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ জিলা আহ্বায়ক মুজিদ আলিয়ে ।
ওদালগুৰি জিলাৰ চিন্তুমনি চক্ৰবৰ্তী আৰু জয়ন্ত ৰাভাৰ মহানুভবতা : কেইবাখনো জৰুৰী নথি পত্ৰ সহ নগদ ধন হেৰাই পাই গতালে হিতাধিকাৰীক
টংলা : বৃহস্পতিবাৰে টংলা ভেৰগাঁও পথৰ হাৰচাপাৰাৰ পুখুৰীৰ সমীপত এটা মানিবেগ ৰাভা ছাত্র সন্থাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক জয়ন্ত ৰাভাই হেৰুৱা পাই টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক তথা ওদালগুৰি জিলা ছাত্র সন্থাৰ নৱ নিযুক্ত সাহিত্য সম্পাদক চিন্তুমনি চক্ৰবৰ্তীক জমা দিয়ে আৰু লগে লগে চিন্তুমনি চক্ৰবৰ্তীয়ে সামাজিক মাধ্যমেত উক্ত মনিবেগত থকা ড্রাইভিং লাইসেন্স সহ এক পোষ্ট দি ৰাইজক জনাই দিয়ে আৰু তাৰ কিছু সময় পাচতেই মনিবেগৰ হিতাধিকাৰীৰ লগত ফোন যোগে কথা পাতি মনিবেগৰ বিষয়ে জনাই। শুক্রবাৰে ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত অবস্থিত ধনৰাজ হোটেলত উক্ত মানিবেগৰ শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসক আমন্ত্রণ জনাই টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়াৰ উপস্থিতিত হেৰাই পোৱা মানিবেগৰ সকলো নথি পত্র সহ নগদ ধন খিনি উভতাই দিয়ে। চিন্তুমনি চক্ৰবৰ্তী আৰু জয়ন্ত ৰাভাৰ এনে পদক্ষেপৰ বাবে শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসৰ লগতে তেওঁৰ বন্ধু ৰুপম জ্যোতি মেধিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
ছয়গাঁৱত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ পদাৰ্পণত উৎফুল্লিত ৰাইজ
ছয়গাঁও, ১২নবেম্বৰ : হিন্দু সমাজক জাগ্ৰত কৰা অতন্দ্ৰ প্ৰহৰী ৰূপী ড: সত্যৰঞ্জন বৰা আজি ছয়গাঁৱত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে হিন্দুত্ববাদী জনসাধাৰণ। প্ৰথমে হিন্দুত্ববাদী নেতা ডঃ বৰাই ঐতিহাসিক চণ্ডিকাদেৱালয়ত উপস্থিত হৈ আইৰ আশীৰ্বাদ লৈ ৰাওনা হয় ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মাকেলি ৰাজহ গাঁৱৰলৈ। গাওঁখনত গৈ ডঃবৰাই ছকুৰী দেওনা চুবলৈ লোৱা স্বাধীনতা সংগ্ৰামী নেত্ৰী বুধেবালা পাঠকৰ ঘৰত উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁক ঠাণ্ডাৰ বাবে কিছু বস্ত্ৰ প্ৰদান কৰে। তাৰ পিছত গাওঁ খনৰ এগৰাকী মুখীয়াল লোকে বৰাক গাওঁখনৰ খোৱা পানী দিশত কিছু নজৰ দিবলৈ আহ্বান জনায়।

ইয়াৰ পিছতে নেতা গৰাকীয়ে ঐতিহাসিক চান্দ সদাগৰৰ মেৰঘৰত উপস্থিত হৈ মেৰঘৰটোৰ ভগ্নাৱশেষ বোৰৰ সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই হিন্দু সমাজক একত্ৰিত হৈ সংঘবদ্ধ ভাবে কাম কৰি যাবলৈ আহ্বান জনায় আৰু পৰৱৰ্তী সময়ত সকলোকে তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।
বিলাসীপাৰাত ‘ছান ছাইন’ৰ উদ্যোগত মাস্ক আৰু গছপুলি বিতৰণ
বিলাসীপাৰাঃ ভাৰত বৰ্ষৰ সমগ্ৰ ৰাজ্যত কৰোণা মহামাৰী বিয়পি পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা SUN SHINE (NGO)ৰ কৰ্ম-কৰ্ত্তা সকলে বগৰীবাৰী ৰাজহ-চক্র বিষয়াৰ উপস্থিতত আজি শালবাড়ীত ৰাইজৰ মাজত মাস্ক আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী হাতত লয়। উল্লেখ্য যে কাৰ্য্যসূচী খনত SUN SHINE (NGO)ৰ সভাপতি শ্ৰীমতী বাছিৰন নেছা, কাৰ্য্যকৰী সদস্য জয়নুদ্দিন শ্বেখ, আকতাৰ হোসেন, বিশ্বনাথ ভাদুৰী, নাৰ্জিনা বেগম, মাছুম শ্বেখ, আতোৱাৰ ৰহমান, শিবানী ভাদুৰী আদিকে ধৰি উপস্থিত থাকি ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কৰে।

হোজাইত ছাত্ৰী অপহৰণৰ দৰে ঘটনা : লম্পটক কৰায়ও কৰাৰ দাবী স্থানীয় ৰাইজৰ
মোৰাঝাৰ, ১২ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে ছাত্ৰী অপহৰণৰ দৰে ঘটনা। এই ঘটনা সংগঠিত হৈছে মোৰাঝাৰৰ পদুমপূখুৰী গাঁৱত। মোৰাঝাৰ থানাৰ অন্তৰ্গত পদুমপুখুৰী গাঁৱৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰণৰ অভিযোগ এগৰাকী লম্পট যুৱক জামাল উদ্দিনৰ বিৰুদ্ধে। জামাল উদ্দিন নামৰ লম্পটটোৱে নাবালিকা গৰাকীক অপহৰণ কৰিব বুলি ভাবুকি দিছিল ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকক। আৰু ভাবুকি মতে সংঘটিত কৰিলে এই ঘটনা। এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ ৷ কপাহবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীক বিবাহৰ প্ৰতাৰণাৰে পুদুমপুখুৰী গাঁৱৰ তিনি সন্তানৰ পিতৃয়ে অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰি নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ১০ নবেম্বৰ তাৰিখে মোৰাঝাৰ আৰক্ষীত দাখিল কৰিছে এজাহাৰ। পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চলাই গৈছে অনুসন্ধান। কিন্তু ছাত্ৰী গৰাকীৰ কোনো সন্ধান লাভ কৰিব নোৱাৰাত চিন্তিত গাঁওবাসীৰ লগতে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে লম্পটক কৰায়ওৰ দাবী জনায় ৷
টীয়ক সমষ্টিত যুঁজাৰ মন বিজেপিৰ ; অগপক নেৰে বিজেপি কৰ্মীয়ে : শক্তিশালী প্ৰাৰ্থীৰ তালিকাত জ্যেষ্ঠ চিকিৎসক, জ্যেষ্ঠ নেতা, অৱসৰ প্ৰাপ্ত প্ৰৱক্তাৰ নাম
হাঁহচৰা ১২ নবেম্বৰঃ অসম বিধানসভা সমাগত। অসমৰ অন্যতম এক সমষ্টি টীয়ক বৰ্তমান অগপ বিজেপি মিত্ৰজোঁটৰ অগপৰ দখলত। সমাগত নিৰ্বাচনক লক্ষ্য কৰি আসন ভাগবটোৱাৰাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে বৰ্তমান অগপ দলৰ দখলত থকা টীয়ক বিধান সভা সমষ্টি পুণৰ অগপক এৰি দিবলৈ সাজু নহয় বিজেপি দল। সমষ্টিটোত দীৰ্ঘদিন ধৰি সাংগঠনিক স্থিতি সৱল কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা বিজেপি দলৰ কৰ্মীসকলে ২০২১ৰ নিৰ্বাচনত সমষ্টি টো দখল কৰিবলৈ সম্পূৰ্ণ সক্ষম বুলি দাবী কৰি কোনো কাৰণতে সমষ্টিটো মিত্ৰতাৰ নামত অসম গণপৰিষদ দলক এৰি নিদিয়ে বুলি তৃণমূলৰ কৰ্মীসকলে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, প্রথম অৱস্থাত বিজেপি দলৰ এটা সাংগঠনিক স্থিতি দুৰ্বলৰ আচিলাতে অগপ দলক এৰি দিছিল যদিও বৰ্তমান সময়ত সমষ্টি টোৰ চুকে কোনে দলীয় স্থিতি মজবুট কৰিছে দলটোৱে। কিন্তু অগপ দলৰ শক্তি আজিৰ দিনত সবল নোহোৱাৰ লগতে বিধায়িকা গৰাকীৰ বিফলতাৰ কথা এতিয়া ৰাইজৰ মুখে মুখে। উল্লেখযোগ্য এনেবোৰ কাৰকৰ ফলত এতিয়া বিজেপি দলৰ বহুকেইজন নেতা টীয়ক সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ। প্ৰায়কেইজন প্ৰাৰ্থীত্ব প্ৰয়াসিৰে আছে নিজস্ব ভেঁটি। সমষ্টিটোত জিলা বিজেপিৰ সম্পাদক, যুৱ নেতা অমৰজ্যোতি শইকীয়া, অসীম বৰুৱা, পালিত বৰা, জিতু হাজৰিকা প্ৰমুখ্যে বহু কেইগৰাকী নেতা দলীয় প্ৰাৰ্থিত্ব প্ৰয়াসী হিচাপে থিয় দিয়াৰ সম্ভাৱনা আছে। এইসকল হল বিজেপি দলৰ পুৰণা কৰ্মী। আনহাতে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভিন্ন স্তৰত প্ৰচাৰ বিমুখ হৈ কামকৰি থকা জ্যেষ্ঠ সংঘ সদস্য তথা তামুলিচিগা ঘনকান্ত বৰা কণিষ্ঠ মহাবিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত প্ৰৱক্তা যোগেন চন্দ্ৰ কোঁচেও বিজেপি দলৰ পৰা টীয়ক সমষ্টিৰ প্ৰাথীত্ব বিচৰাৰ সম্ভাৱনা প্ৰৱল বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা গৈছে। একোৰাকী শিক্ষাবিদ তথা আৰ. আৰ এছৰ এগৰাকী সক্ৰিয় কৰ্মী টীয়ক সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কাম কৰি থকা তথা আৰ এছ এছৰ ওপৰ মহলত থকা ঘনিষ্ঠতাৰ বাবেই এতিয়া কোঁচৰ আগমণে টীয়ক সমষ্টিৰ প্ৰাৰ্থীত্বৰ সমীকৰণত আউল লগোৱাৰ সম্ভাৱনা আছে। আনহাতেদি ৰাজ্যৰ এগৰাকী বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁইয়ে বহু দিন ধৰি ৰাইজৰ মাজত স্বাস্থ্য সজাগতা শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু শেহতিয়াকৈ ক’ৰোণা সংকটকালত সমষ্টিটোৰ চুকে-কাণে আৰ্তজনক সেৱা আগবঢ়োৱা এই গৰাকী চিকিৎসক বৰ্তমান বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থীত্ব প্ৰয়াসী। শেহতিয়াকৈ এই গৰাকী চিকিৎসকে ইতিমধ্যে বিজেপি দলৰ বিভিন্ন দলীয় সভা সমিতিত অংশগ্ৰহণ কৰাৰ লগতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সমৰ্থন লাভৰ লগতে ৰাজ্যিক বিজেপিৰ সংকেত লাভ কৰিছে বুলি ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে।চিকিৎসক গৰাকীয়ে জনোৱা মতে সমষ্টিটোত তেওঁ আগবঢ়াই থকা বিনামূলীয়া চিকিৎসা সেৱাৰ লগত ৰাজনীতিৰ সম্বন্ধ নাই। এনে পৰিপ্ৰেক্ষিতত বিজেপিৰ ওপৰ মহলে বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবনে নে পুনৰ মিত্ৰতাৰ স্বাৰ্থত অগপক পুনৰ এই আসন খন এৰি দিব ই এতিয়া এক লাখটকীয়া প্ৰশ্ন ?
গেলেকী, অসম-নাগালেণ্ড সীমান্তৰ বনাঞ্চলত নগাৰ তাণ্ডৱ : দণ্ডাধীশৰ সৈতে আৰক্ষীৰ আলোচনা, উত্তেজনা
গেলেকী, ১২নৱেম্বৰঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ চৌদিশে বহিঃৰাজ্যৰ দুস্কৃতিকাৰীয়ে হিংসা, হত্যা আৰু সন্ত্ৰাস বিয়পায় অসমৰ ভূমিত অনাসাৰে প্ৰৱেশ কৰাৰ লগতে ভূমি বে-দখল কৰি ত্ৰাস অব্যাহত ৰাখিছে । সামান্তৰাল ভাৱে নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৰ সংৰক্ষিত বনাঞ্চলত আগ্ৰহী নগা বাহিনীৰ তাণ্ডৱ । গেলেকী খণ্ড বন বিভাগ আৰু আঠখেল খণ্ড বন বিভাগৰ অধীনস্ত গেলেকী সংৰক্ষিত বনাঞ্চলত নগাৰ সন্ত্ৰাসৰ বিপৰীতে ক্ৰমাৎ বে-দখল হ’ব ধৰিছে বনাঞ্চল । ব্যৰ্থ বন বিভাগ, ব্যৰ্থ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা মুগাপাৰা, শিঙিবিল, সোণাপুৰ আৰু দেওপানী বেটেলিয়ান চাউনীসমূহ । সম্প্ৰতি বন বিভাগ আৰু আৰক্ষীয়ে গেলেকী সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা প্ৰদানত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে । নগাৰ তাণ্ডৱ নতুবা আতংকক দীৰ্ঘদিনে প্ৰতিহত কৰাত ব্যৰ্থ হৈ আহিছে গেলেকী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া গৰাকী । যাৰ বাবে সীমান্তত তীব্ৰ উত্তেজনায় বিৰাজ কৰিছে । বিগত দুটা দিনকে ধৰি গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ বে-দখল কৰি নগা দুস্কৃতিকাৰীয়ে মূল্যৱান গছ কাটি তহিলং কৰে । কাঞ্চিং নতুন বস্তি আৰু এনাকি বস্তিৰ পৰা অহা নগা দুস্কৃতিকাৰীয়ে এইদৰে হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সীমান্তৱৰ্তী গঁঞা ৰাইজে । ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ১১ নৱেম্বৰৰ দিনা নাজিৰা মহকুমা মহকুমাধীপতি ও অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, নাজিৰা মহকুমা সীমান্তৰ দণ্ডাধীশ ৰাজীৱ সোণোৱাল, নাজিৰা মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ, গেলেকী খণ্ড বন বিভাগ আৰু আঠখেল খণ্ড বন বিভাগৰ লোক সহ গেলেকী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া দ্বিপেন্দ্ৰ ছেত্ৰী নেতৃত্বৰ এটা আৰক্ষীৰ দল কাঞ্চিং ৰোডত উপস্থিত হয়গৈ । যদিও আৰক্ষী পাছে-পাছে দুস্কৃতিকাৰী আগে-আগে পলায়ন কৰে । নাজিৰা মহকুমা মহকুমাধীপতি ও অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, নাজিৰা মহকুমা সীমান্তৰ দণ্ডাধীশ ৰাজীৱ সোণোৱালে সীমান্তৰ অসমৰ এলেকাসমূহ পৰিদৰ্শন কৰি আৰক্ষীৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ অন্তত তেখেতে লোকে বিঅ’পি সমূহো পৰিদৰ্শন কৰে । আনহাতে দুস্কৃতিকাৰীয়ে ধ্বংস কৰা গছৰ মূল্যৱান কাঠৰ কুণ্ডা সমূহ স্থানান্তৰ কৰাৰ বাবে বন বিভাগ এতিয়া তৎপৰ হৈ পৰিছে । প্ৰায় ১৩ জোপা গছৰ কুণ্ডা সমূহ এতিয়া গেলেকী খণ্ড বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ ব্যৱস্থা কৰা হৈছে ।

গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিবেশন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চানমাৰী স্থিত পেঞ্চনাৰ ভৱনত
গুৱাহাটী : ৮ নৱেম্বৰ ২০২০ ত গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিবেশন হৈ যায় চানমাৰী স্থিত পেঞ্চনাৰ ভৱনত । গুৱাহাটী কবি চক্ৰৰ কাৰ্যকৰী সভাপতি গোপাল শৰ্মাই পতাকা উত্তোলন কৰা আৰু কবি তথা সাংবাদিক অনুপ কুমাৰ তালুকদাৰৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠানত কবি চক্ৰৰ বাৰ্ষিক পত্ৰিকা নীলাচল আৰু ন খন বিভিন্ন স্বাদৰ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি তৰেণ বড়ো দেৱ। গুৱাহাটী কবিচক্ৰৰ বাৰ্ষিক পত্ৰিকাখনৰ উন্মোচক ৰূপত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰশান্ত শৰ্মা দেৱ, জনপ্রিয় কবি নীলিম কুমাৰ, নিখিল বিষ্ণু প্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ অধ্যক্ষ লখিন্দৰ সিনহা দেৱ , অসমৰ জাতীয় সংগীতৰ গৱেষক ৰাজীৱ হৰি কৌশিক , বিশিষ্ট সাংবাদিক মুকুল কলিতা , ইন্দ্ৰজিৎ দত্ত , বিপুল শৰ্মা দেৱে অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে । বাৰ্ষিক অধিৱেশনতেই কেইবা গৰাকীও লেখক লেখিকাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান । নাং অঞ্জনা গগৈৰ তিনিখন গ্ৰন্থ , ৰুবী শইকীয়া দাসৰ দুখন বিনোদ বড়া আৰু অঞ্জু বৰ্মনৰ একোখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানতেই নলবাৰীৰ উদিয়মান যুব কবিৰ সুৰুজ চন্দৰ পকেট আলোচনী ” বাঁহী”ৰো উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ তৰেণ বড়ো দেৱে । উল্লেখ যোগ্য যে অনুষ্ঠানত পৰিৱেশন কৰা গুৱাহাটী কবি চক্ৰৰ মুল গীতটি উপদেষ্টা অনুপ কুমাৰ তালুকদাৰ দেৱৰ দ্বাৰা ৰচিত আৰু গীতটিৰ সুৰ কৰে সাংবাদিক কবি গায়ক শ্ৰদ্ধাৰ ধীৰাজ ডেকাই । বিশিষ্ট কবি মুকুট শৰ্মা, দেৱৰাজ কলিতা , ড° চাৰুলতা চৌধুৰী, ৰীতা মিশ্ৰ, টেজেন হাজৰিকা, টেদিজা চেতিয়া পাটৰ, ৰীতামণি বৰদলৈ, জিন্টুমণি দাস , জয়া শইকীয়া , অলি বৰুৱা , জিতু কাঞ্চন ৰিংকু দেৱী বৰ্মন , চবিন চন্দ্ৰ নাথ , ৰঞ্জনা পাঠক , মামণি পাটোৱাৰী, পূৰৱী দেৱী, ম’মা গুপ্তা, দীপক চৌধুৰী, জিতুমণি নাথ, পিংকী কলিতা আদিকে ধৰি প্ৰায় অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
একাংশ মালিকৰ মইমতালিত ক্ষুব্ধ ব্যবসায়ীসকল : এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ব্যৱসায়ীসকল
অনলাইন বাৰ্তা : কৰোণা মহামাৰীৰ ফলত মাহৰ পিছত মাহ ধৰি হোৱা লকডাউনৰ ফলত বাৰুকৈয়ে দুৰ্ভোগ ভুগিছে ব্যবসায়ীসকল। মহানগৰীয়ে নহয় সমগ্ৰ অসমত ব্যবসায়ী সকলৰ অবস্থা পানীত হাহ নচৰাৰ দৰে হৈছে। মহানগৰীৰ অনুৰাধাৰ আশীৰ্বাদ মাৰ্কেটৰ একাংশ ব্যবসায়ীয়ে সংবাদ মাধ্যমক সদৰী কৰা মতে লকডাউনৰ এই সময়ছোৱাৰ লোকচানৰ পৰা ঠন ধৰি উঠিবলৈ আৰু ১০ বছৰ সময় লাগিব। অনুৰাধা বাছ ষ্টপেজৰ সম্মুখত থকা মিঠাইৰ দোকানৰ মালিকসন্থাই লগতে কয় যে জীৱনত প্ৰথমবাৰ এনে ভয়ংকৰ দুৰ্যোগৰ সম্মুখীন হলো। “ধ্বংস হৈ গলো আমি। আমাৰ দুখ কাক কম । কোনে পটিয়াব। মুৰে কপালে হাত দিয়াৰ বাহিৰে আমাৰ উপায় নাই।” উল্লেখ্যযোগ্য় যে,ব্যবসায়ী সকলৰ এনেই দুৰ্যোগৰ সীমা নাই, তাতেই ভুতৰ ওপৰত দানহ পৰা একাংশ মালিকে দুৰ্যোগৰ এই সুৰ্যোগ লৈ জাপি দিছে ব্যবসায়ীসকলক আন এটি সমস্যা । বহু মালিকে ব্যবসায়ী বিল্ডিং বনাম বুলি কৈ ব্যবসায়ী সকলক উচ্ছেদ কৰাৰ এক চক্ৰান্ত ৰচিছে। যাৰ ফলত বহু ব্যবসায়ী ক্ষুব্ধ হৈ পৰিছে।ব্যবসায়ী সকলে সদৰী মতে এনেকৈ আমাৰ অবস্থা পানীত হাহ নচৰাৰ দৰে তাতে আকৌ আমাক একেবাৰে মাৰিবলৈ ওলাইছে একাংশ মালিকে। এটা বিল্ডিং তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ হলে লাগিব প্ৰায় দুইবছৰ । এই দুই বছৰ আমি কি খাও। কি কৰি চলো। বিল্ডিং সম্পূৰ্ণও যদি হয় তাতে আমি আগধন দিব লাগিব ৪লাখ কৈ টকা। এতিয়া আমাৰ পকেটত ৪ টকাই নাই । আমি কেনেকৈ ভাত মুঠি খাই আছো সেই কথা মালিকসকলে অনুভৱ কৰাছেনে? এজন মালিকৰ অধীনত প্ৰায় ৫০ গৰাকী ব্যবসায়ী থাকে। সেই ৫০গৰাকী ব্যবসায়ীৰ ৫০ টা পৰিয়ালক ধ্বংস মুখলৈ ঠেলি নিজৰ কেবল লাভালাভৰ কথা চিন্তা কৰিছে একাংশ মালিকে। যাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। এতিয়াও কৰোণাৰ সংহাৰ কমা নাই। আকৌ হয়তো লকডাউন হব পাৰে । গতিকে অন্ততঃ ডেৰ টা বছৰ মালিকসকলে আমাক ৰেহাই দিয়ক। চৰকাৰলৈও আমাৰ অনুৰোধ যে আমাৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰক।”
অৱশেষত জামিন লাভ কৰিলে ৰিপাব্লিক টিভি মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে
দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ অৱশেষত জামিন লাভ কৰিলে ৰিপাব্লিক টিভি মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে৷আজি উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰে৷ ৫০ হাজাৰ টকাৰ Furnish Bonds দি জামিন লাভ ৰিপাব্লিক টিভি মুখ্য সম্পাদক গৰাকীৰ৷










