Home Blog Page 3148

কৰ্ণাটকত ভয়ংকৰ বিস্ফোৰণ, ১৫জনৰ মৃত্যু

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কৰ্ণাটকৰ শিৱমোগা। বৃহস্পতিবাৰে নিশা ১০.২০ বজাত শিবমোগাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে পাৰ্শ্বৱৰ্তী চিকমাগালুৰ আৰু দাভানগেৰে জিলাতো কম্পন অনুভূত হয়। বিস্ফোৰণৰ ফলত ইতিমধ্যে ১৫জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ প্ৰতিষ্ঠান পিটিআইক জনাইছে, ডিনামাইট বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে তাৰ ফলত স্থানীয় একাধিক ঘৰৰ আইনা ভাঙি পৰে। ৰাস্তা আৰু ঘৰত ফাট মেলিছে।

ধুবুৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো মাহ জোৰা সজাগতা মূলক কাৰ্য্যসূচিৰে আৰম্ভ হৈছে “পথ সুৰক্ষা সপ্তাহ “। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতা অনুষ্ঠান বীৰসিং জৰুৱা ব্লক উন্নয়ন খন্ড কাৰ্য্যলয়ত। উক্ত সজাগতা সভাত পথ সুৰক্ষা সম্পর্কে ভাষন দিয়ে জিলা পৰিবহন বিষয়া আজগৰ আলী। সভাত ব্লক  উন্নয়ন বিষয়া, বিভিন্ন গাও পঞ্চায়েত প্ৰতিনিধি, সদস্য। ১৯ তাৰিখ জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ত স্বচ্ছ ভাৰত অভিযান কাৰ্য্য সূচি গ্ৰহণ কৰা হয়। ৰাতিপুৱা ৮ বজাত পৰিবহণ বিষয়া ৰ কাৰ্য্যালয় চৌহদত পতাকা উত্তোলন কৰি পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে পৰিবহন বিষয়া আজগৰ আলী। ইয়াৰ পিচত সজাগতাৰ উদ্দেশ্য মহিলা বাইক ৰেলীৰ আয়োজন কৰা হয়। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক  ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিচত পৰিবহন বিষয়া কাৰ্য্যালয় চৌহদত পথ সুৰক্ষাৰ ওপৰত এক সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাটগিৰি মহেদয়। আজি পৰিবহন কাৰ্য্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিভিন্ন গাজীর চালক সকলোৰে চকু পৰীক্ষা কৰা হয়। 

বঙাইগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জে পাণ্ডাৰ সাংগঠনিক সভা

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাকলৈ বিজেপিৰ চিন্তা কৰিবলগীয়া নাই -বৈজয়ন্ত জে পাণ্ডা

বঙাইগাঁও জিলা বিজেপিৰ আজি এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই সাংগঠনিক সভাত বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডা উপস্থিত থাকে ৷ জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিত দলটোৰ সাংগঠনিক স্থিতি সন্দৰ্ভত দলীয় বিষয়ববীয়াসকলৰ পৰা বুজ লয় ৷ লগতে নিৰ্বাচনৰ বাবে দলটোৰ প্ৰস্তুতি, কৰণীয় কাম- কাজ ,বুট কমিটি গঠন আদি সন্দৰ্ভটো দলীয় বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰি বুজ লোৱাৰ লগতে বিভিন্ন পৰমৰ্শ আগবঢ়ায় ৷

ইপিনে সমাগত বিধান সভা নিৰ্বাচনত জিলাখনৰ অন্তৰ্গত বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বিজেপি দলৰ কৰ্মকৰ্তাসকলে ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীক দাবী জনায় ৷ জিলাখনৰ অন্তৰ্গত নটা মণ্ডল সমিতিয়েই এই দাবী উত্থাপন কৰে ৷ মণ্ডল সমিতিকেইখনে যদিহে জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিতে দলে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেতিয়াহলে উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টি দুটাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷ দলীয় কৰ্মকৰ্তাসকলৰ মতে জিলাখনত দলৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল আৰু প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিজয়ী হোৱাটো নিশ্চিত ৷ ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ ইপিনে সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় উপ সভাপতি তথা ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডাই কয় যে গোটেই অসমতে বিজেপিৰ স্থিতি বহুত ভাল ৷

ইতিমধ্যে প্ৰকাশিত কেইাটাও নিৰ্বাচনী সমিক্ষাইও তাকেই কৈছে ৷ মই বৰ্তমানলৈকে ৰাজ্যখনৰ চাৰিখন জিলা আৰু ২৪ টা বিধান সভা সমষ্টি ঘূৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লৈছো ৷ তেওঁ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নাম উচ্চাৰণ নকৰাকৈ দল দুটাক কটাক্ষ কৰি কয় যে কিছু দিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা বিটিচি নিৰ্বাচনত দুটা দলৰ মাজত মিত্ৰতা থকা স্বত্বেও কি দশা হ’ল সকলোৱে দেখিছে ৷ গতিকে মিত্ৰতাকলৈ আমাৰ চিন্তা কৰিবলগীয়া একো নাই ৷ অৰ্থাৎ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা তথা যি মহাজোঁট গঠন হৈ আছে তাকলৈ বিজেপি চিন্তিত নহয় বুলি বিজেপি নেতাগৰাকীয়ে কয় ৷ তেওঁ লগতে অসমৰ ৰাইজে ইতিমধ্যে সেই ৰাজনৈতিক দলৰ উদ্দেশ্য বুজি উঠিছে  বুলি মন্তব্য কৰি কয় যে তেওঁলোকে কেনে ধৰণৰ ৰাজনীতি কৰি আছে সেয়া অসমৰ মানুহে জানে ৷ লগতে তেওঁলোকে পৰিৱেশটোক যি ধৰণৰ সাম্প্ৰদায়িক কৰি আছে সেয়া উচিত নহয় ৷ সেয়ে বিজেপিৰ স্থিতি বহুত ভাল আৰু বিজেপিয়ে ১০০+ ফলাফল লাভ কৰিব ৷ আনহাতে বঙাইগাঁও সমষ্টিটো দীৰ্ঘদিন ধৰি অগপ দলৰ তথা বৰ্তমান বিজেপি দলৰ সৈতে মিত্ৰতাত থকা দলটোৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ দখলত আছে যদিও এইবাৰ সমষ্টিটোত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীয়ে কয় যে এই বিষয়ত এতিয়াই কোনো কথা ক’ব পৰা নাযাব ৷ কিন্তু মই আহিছো দলৰ বিষয়ববীয়াসকলৰ সৈতে কথা পতাৰ লগতে তেওঁলোকৰ মতামত গ্ৰহণ কৰিবলৈ ৷ সেয়ে বিষয়টো আলোচনা কৰা হ’ব ৷ কাৰণ বিজেপি দল হ’ল এটা গণতান্ত্ৰিক দল ৷ এই দলটোৱেই কেৱল এটা দল যিটো দলত আজিৰ এজন সাধাৰণ কাৰ্যকৰ্তাই কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে ৷ গতিকে দলীয় কৰ্মকৰ্তাসকলৰ মতামত গ্ৰহণ কৰিছো ৷ বিষয়টো আলোচনা কৰিম আৰু তাৰ পিচত চূড়ান্ত নিৰ্ণয় ল’ম ৷ সেইদৰে বিপিএফৰ সৈতে থকা মিত্ৰতা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জে পাণ্ডাই মিত্ৰতা সন্দৰ্ভত কোনো মন্তব্য নিদিও বুলি কয় ৷ কাৰণ বিজেপি এনে এটা দল যিটো দলে সকলোৰে সৈতে ,সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাসকলৈ কাম কৰে ৷ সেয়ে মিত্ৰতা সন্দৰ্ভত দলৰ দৃষ্টি আৰু ইতিহাস কি আছে সকলোৱে জানে বুলিও কয় ৷ সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায় , বঙাইগাঁও জিলা বিজেপিৰ প্ৰভাৰী তথা নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বনদ্বীপ ডেকা , ৰাজ্যিক কাৰ্যনিৰ্বাহক সুকেন ৰায় , অনিল দাস, বঙাইগাঁও সমষ্টিৰ প্ৰভাৰী উজ্বল কান্তি ৰায়ৰ লগতে জিলা বিজেপি, বিভিন্ন মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷  জিলা বিজেপিৰ উপ সভাপতি কৌস্তৱ দাসে আঁত ধৰা সভাত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে আগৰণি ভাষণ আগবঢ়ায় ৷ ইপিনে সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় উপ সভাপতিগৰাকীক চাপাগুৰীৰ পৰা সভাস্থলীলৈ যুৱ মৰ্চাৰ সদস্যসকলে মটৰ চাইকেল সমদল কৰি আদৰি আনে ৷ 

মাজুলী জিলা সদৰ গড়মুৰত অজাপৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

অসম  জাতীয় পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা জাতীয় পৰিষদে তিনি দফীয়া দাবী পুৰণাৰ্থে মাজুলী জিলা সদৰ গড়মুৰত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে । লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপন , বান খহনীয়াৰ স্থায়ী সমাধান, হৰি শংকৰ ব্ৰহ্ম প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মাজুলী জিলা অসম জাতীয় পৰিষদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা বেনাৰ হাতে-হাতে প্লে-কাৰ্ড লৈ প্ৰায় শতাধিক দলীয় সমৰ্থকে ৰাজপথেৰে প্ৰতিবাদ কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। প্ৰতিবাদকাৰী সকলে মাজুলী যোৰহাট সংযোগী দলং আৰু নিমাতীত সজাই থোৱা ৰ’পেক্স সন্দৰ্ভত মাজুলীবাসীক আভুৱা ভৰা বুলি ক্ষোভ উজাৰে।  প্ৰতিবাদ থলিত মাজুলী জিলাৰ কাৰ্যবাহী দণ্ডাধীশ বিভাষ পাঠক উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলৰ হৈ মাজুলী জিলা অসম  জাতীয় পৰিষদৰ সভাপতি শিশুধৰ দলে আৰু সম্পাদক হেমন্ত বৰা স্বাক্ষৰিত তিনিদফীয়া স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ বাবে অৰ্পণ কৰে। প্ৰতিবাদী সমদলত মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , শিক্ষাবিদ সমাজ সেৱিকা চেনেহী গগৈ কলিতা আদি বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।  

মাজুলীৰ আজলী আই বা-ভগা থানত বাৰ্ষিক থান সেৱা উৎসৱ সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ ,মাধৱদেৱ, গোপালদেৱ,অনিৰুদ্ধদেৱ আদি মহান গুৰুসকলৰ পুণ্যভূমি অসমত বৰদোৱা,বৰপেটা মাজুলীকে মুখ্য কৰি অলেখ আধ্যাত্মিক অনুষ্ঠান শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপ্ত হৈ  আধ্যাত্মিক ক্ষেত্ৰ হিচাবে জিলিকি আছে।


এই ক্ষেত্ৰত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰৰ প্ৰায় দুকুৰিৰো অধিক সত্ৰানুষ্ঠানে কাল সংহতি ধাৰাটো সাম্প্ৰতিক সময়তো সমৃদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে।এটা সময়ত  সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ,তেওঁৰ ভাতৃ  আৰু পুত্ৰসকলে মায়ামৰা থুলৰ, বা-ভগা,গুণাকটা,সাৰজান আদি সত্ৰ প্ৰতিস্থা কৰি সেইসময়ত সমাজৰ উপেক্ষিত আৰু অনাদৃত বিশেষকৈ কৈৱর্ত জনগোষ্ঠীৰ লোকসকলক ভক্তি ধৰ্মলৈ আদৰি আনি এখন শৃংখলাবদ্ধ আৰু সমন্বয়ৰ বৰসমাজ গঢ়াৰ যত্ন কৰিছিল।

ইয়াৰ ইতিহাস আৰু ঐতিহ্যৰ চিনস্বৰূপে মাজুলীৰ বৰ্তমান মেখেলিগাওঁত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মাতৃৰ নামেৰে আজলীআই থানে ইয়াৰ সাক্ষ্য বহন কৰি আহিছে । ১৬০১ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই থানখনত অতীজৰে পৰা  বছৰৰ বিশেষকৈ মাঘমাহৰ প্ৰথমটো দেওবাৰত থানৰ সমীপৰ ঠাকুৰবাৰী, ডেকাশেনচোৱা, বালিচাপৰি,কাঠনিআটি,ভুৰামৰা আদি মায়ামৰা শিষ্য হৰিজি আই সকলে সামূহিক নামৰ যোগেদি থানত সেৱা আগবঢ়াই আহিছে ।

বৰ্তমান প্ৰতিবছৰে মাঘমাহৰ প্ৰথম দেওবাৰে অনুষ্ঠিত হোৱা সামূহিক “থানসেৱা” উৎসৱত অসমৰ ১৪ খন জিলাত সিচৰিত হৈ থকা মায়ামৰা ভক্ত সকলৰ উপৰিও জাতি,বৰ্ণ ,ধৰ্ম ,ভাষা নিৰ্বিশেষে লক্ষাধিক ভক্তৰ অংশগ্ৰহণৰে এখন অনন্য সুন্দৰ পুণ্যধামলৈ পৰ্যবেশিত কৰিছে।

এই থানত শৰাই আগবঢ়াই সেৱা কৰিলে ভক্তৰ মনৰ কামনা পূৰ হয় বুলি লোক বিশ্বাস আছে । এই বছৰো ১৭ জানুৱাৰী দেওবাৰে এদিনীয়াকৈ কাৰ্যসূচীৰে পৰম্পৰাগত ভাৱে বাৰ্ষিক থানসেৱা উৎসৱ প্ৰায় ত্ৰিশহাজাৰোধিক ভক্তৰ সমাগমৰ মাজেৰে সম্পন্ন হয়। 

নগাঁৱত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামুৱাল

“আমাৰ চৰকাৰ শাসনলৈ আহি অসমৰ পৰা ভ্ৰষ্টাচাৰ নাইকীয়া কৰাত গুৰুত্ব দিছে। ইয়াৰ প্ৰমাণ হৈছে এপিএছচিত আমাৰ চৰকাৰে অনা সংস্কাৰ। অনাগত বৰ্ষসমূহত সমগ্ৰ ভাৰতৰ পৰাই ভ্ৰষ্টাচাৰ পুলিয়ে পোখাই উভালিম।”- নগাঁৱত আজি এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামুৱালে।

নগাঁও সদৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অজয় জামুৱালে লগতে কয় যে একজিট প’লৰ সমীক্ষাত আমাক ৮১খন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে  যদিও আমি ১২৬ৰ ওচৰে-পাজৰে আসন লাভ কৰিম।

আনহাতে মধ্যঅসমৰ সংখ্যালঘূ প্ৰধান সমষ্টিটো এইবাৰ ভোটাৰে বিজেপিক আদৰি ল’ব বুলিও বিজেপিৰ প্ৰভাৰী গৰাকীয়ে মন্তব্য কৰে। লগতে জামালে কয় যে এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰত্যাহ্বান জনাব পৰা শক্তি অসমত নাই।

ইপিনে  সভাত উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসে আওপকীয়াকৈ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয় যে মহাজোটবন্ধনৰ আসন বুজাবুজি হ’বলৈ দিয়ক। তাৰ পিচতহে আচল খেলটো গম পোৱা যাব। খেলিমেলি কৰিবলৈ আপোনালোকৰ নগাঁৱৰ নেতাজন আছেই।” পল্লৱ লোচন দাসে মহাজোটবন্ধন চুড়ান্ত ভাৱে বিফল  হ’ব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে, আজিৰ এই সভাত বিজেপিৰ প্ৰভাৰী অজয় জামুৱাল,সাংসদ পল্লৱ লোচন দাসৰ লগতে বিজেপিৰ সহকাৰী প্ৰভাৰী পৱন শৰ্মা, বিধায়ক ৰূপক শৰ্মা,  প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথ সহ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

পুনেৰ ছিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ড

পুনেৰ ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। পুনেৰ কোম্পানীৰ টাৰ্মিনেল ১ গেটত এই অগ্নিকাণ্ডৰ ঘটনা।

প্ৰতিষ্ঠানটোৰ টাৰ্মিনেল গেট নং১ ৰ ভিতৰৰ ছেইজ ৩ ভৱনৰ চতুৰ্থ আৰু পঞ্চম মহলাত এই  অগ্নিকাণ্ডৰ ঘটনা । কভিশ্বিল্ডৰ বৃহৎ পৰিমাণৰ ঔষধৰ প্ৰস্তুত কৰি থকা হৈছিল উক্ত মহলাত ।

জুই ব্যৱহাৰ কৰিবলৈ ১০খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈছে ।অগ্নিকাণ্ডৰ ঘটনাৰ বিষয়ে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।

আৰম্ভ হ’ল জোনবিল মেলা

আজিৰে পৰা আৰম্ভ হ’ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ জাগীৰোডৰ ওচৰৰ জংবিলৰ পাৰত থকা দয়াং বেলগুৰিত জোনবিল মেলাখন বৃহস্পতিবাৰৰ অৰ্থাৎ ২১ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে। 

এই তিনিদিনত ওচৰৰ পাহৰৰ পৰা নামি অহা গ্ৰাম্য মামা-মামীসকলে অনা ভৈয়ামৰ ৰাইজৰ সৈতে প্ৰয়োজনীয় সামগ্ৰী বিনিময় কৰে। আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা জোনবিল মেলাখনত দুপৰীয়া ভাগত গোভা ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে জোনবিলৰ মাছেৰে ভোজ-ভাত খাব। ইয়াৰ লগতে, তিৱা নৃত্য-গীতেৰে মুখৰিত হ’ব জোনবিলৰ পাৰ। উক্ত অনুষ্ঠানত, ২৩ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
 
ক’ভিড মহামাৰীৰ বাবে এই বৰ্ষত মুকলি মেলা আৰু সাংস্কৃতিক কাৰ্য অনুষ্ঠিত কৰা নহ’ব। তাৰোপৰি, কভিড প্ৰটকল মানি জোনবিল মেলাখন অনুষ্ঠিত কৰা হৈছে বুলিও মন্তব্য কৰে আয়োজক সমিতিয়ে।

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে বুলি আৰক্ষী বিষয়াজনে কয়।

উল্লেখ্য যে টেলিভিছনৰ এটা সাক্ষাৎকাৰত অভিনেত্ৰী কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে আপত্তিজনক তথা ভিত্তিহীন মন্তব্য কৰা বুলি অভিযোগ তুলি যোৱা বছৰৰ নৱেম্বৰত আন্ধেৰী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ ওচৰত অপৰাধিক অভিযোগ দাখিল কৰিছিল।

তেওঁ লগতে কয় যে যোৱা জুন মাহত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত টিভি সাক্ষাৎকাৰত বলিউদত ‘নেপ’টিজিম’ৰ কথা উল্লেখ কৰি কংগনাই জাভেদ আখতাৰৰ নামটো এই বিষয়ত টানি আনিছিল।

ইয়াৰ উপৰি ঋত্বিক ৰোছনৰ আৰু কংগনাৰ মাজত থকা সম্পৰ্কৰ বিষয়টো গাপ দি থবলৈ আখতাৰে অভিনেত্ৰীগৰাকীক হুমকি প্ৰদান কৰা বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল।

কংগনাৰ এই ভিত্তিহীন মন্তব্যই সমাজত জাভেদ আখতাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ তুলি  অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

ইফালে ১৭ জানুৱাৰিত আদালতে এই গোচৰৰ তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক ১ ফেব্ৰুৱাৰিলৈ সময় নিৰ্ধাৰণ কৰি দিছিল।

কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

বাক্সা জিলাৰ কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে কভিড প্ৰটকল মানি অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় ১০০০ স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা কাউলি গাঁওৰ স্থানীয় ৰাইজে শলাগ লয় । উল্লেখ্য যে ভাৰতীয় সেনাবাহিনীয়ে বিগত বহু  বছৰ ধৰি বিনামূলীয়া স্বাস্থ্য শিবিৰ,পশু চিকিৎসা শিবিৰ তথা বিনামূলীয়াকৈ দৰৱ  বিতৰণ কৰি আহিছে । আজিৰ এই চিকিৎসা শিবিৰত ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন বিভাগৰ চিকিৎসক সহ স্থানীয় চিকিৎসকৰ লগতে ভাৰতীয় সেনাবাহিনীৰ বিষয়ববীয়া আৰু জোৱান সকল উপস্থিত থাকে ।