Home Blog Page 3151

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা গোস্বামী যোৱা চাৰি অক্টোবৰৰ দিনা পাঠদান কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰে। পিছত তেওঁক প্ৰথমে হোজাই এফ আৰ ইউ লৈ নিয়া হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক হোজাইৰ হাম হস্পিটেলত চিকিৎসা কৰোৱা হয়।

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী

সাংবাদিক জন কিছু সুস্থ হয় যদিও কালি পুনৰ অসুস্থ হৈ পৰাত হোজাই নতুন বজাৰৰ বিশেষজ্ঞ চিকিৎসক বিজয় দেৱনাথৰ পৰামৰ্শ গ্ৰহণ কৰে। চিকিৎসক জনে সাংবাদিক জন হৃদৰোগত আক্রান্ত হোৱাৰ সন্দেহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আজি তেওঁক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসকৰ প্ৰাথমিক অনুসন্ধানত বৰ্ত্তমান বিপদ মুক্ত বুলি জানিব পৰা গৈছে।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৫৫৫ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০০৯৩৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৬৭৫৮ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৪০ জন লোকৰ।

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক পৰাগ চহৰীয়াই। অধিবেশন উপলক্ষে বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰে ৰঙামাটি প্ৰাব্লিক স্কুলৰ প্ৰধান শিক্ষক অজিত ডেকা আৰু দিননাথ ছহৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক হৰকান্ত ডেকাই। বিয়লি ৩ বজাত অনুস্থিত হয় প্ৰতিনিধি সভা। জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সংস্থাৰ ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখন উদ্বোধন কৰে আছুৰ ৰাজ্যিক কায্যনিৰ্বাক অৰূপ কৰিতাই।

সভাত জিলাখনৰ শিক্ষা, আৰ্থ সামাজিক দিশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়। দৰঙত মেডিকেল আৰু ইন্জিনিয়খৰিং কলেজ স্হাপন, মঙলদৈ মহাবিদ্যালয়ক ডিম ইউনিভাৰ্চিটিলৈ উত্তীৰ্ণ, দৰঙত মাতৃভাষা মাধ্যমত এখন আদৰ্শ বিদ্যালয় স্হাপন, দৰঙৰ কাৰিকৰী শিক্ষানুস্হান স্হাপন, কৃষি মহাবিদ্যালয় স্হাপন, ঐতিহাসিক পথৰুঘাটতক প্ৰৰ্যটন ক্ষেত্ৰ হিচাপে স্হাপন কৰা,  ৰঙামাটি আৰু কুৰুৱাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ খৰাখহনীয়া ৰোধ কৰা, দৰঙত ভয়াবহ ভাবে বৃদ্ধি পোৱা কেন্সাৰ ৰোগৰ কাৰন চিনাক্ত কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা আৰু চৰকাৰী বিদ্যালয় সমূহৰ আন্তগাঠনি উন্নয়ন কৰাকে ধৰি বিভিন্ন প্ৰস্তাৱ গ্ৰহন কৰি ৰাজ্য চৰকাৰক ব্ৰবস্হা গ্ৰহণৰ দাবী জনায়।

তাৰোপৰি ৬নং প্ৰস্তাৱ মৰ্মে দৰঙৰ অবৈধ বেদখলৰ কবলত থকা চৰকাৰী ভচমি সমুহ বেদখলমুক্ত কৰিবলৈ দাবী জনাই। অহা কাইলৈ অধিবেশনৰ অন্তিম দিন। দিনৰ ১১ বজাত অনুস্থিত হব মুকলি সভা। মুকলি সভাত খছুৰ উপদেষ্টা ড, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাঙ্কৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজোতি গগৈয়ে অংশগ্ৰহণ কৰিব। মুকলি সভাতে সাংবাদিক মুকুট ৰাজ শৰ্মা সম্পাদিত দৌৰঙ্গ নামৰ স্মৰণিকা প্ৰকাশ কৰা হব। সন্ধিয়া অনুস্থিত হব সাংস্কৃতিক অনুষ্ঠান।

কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আক্ৰান্ত কোৰোনা ভাইৰাছত

The Governor of Kerala, Shri Arif Mohammad Khan calling on the Prime Minister, Shri Narendra Modi, in New Delhi on October 12, 2019.

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ  কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত। নিজৰ টুইটাৰযোগে খোদ সদৰি কৰিলে ৰাজ্যপালে গৰাকীয়ে। আনহাতে ৰাজ্যপালে গৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে কোৱাৰেন্টাইন হবলৈ আহ্বান জনাইছে খানে। বৰ্তমান কোৱাৰেন্টাইনতে আছে ৰাজ্যপালগৰাকী।

হোজাইত সোনকালে মুকলি হ’ব এখন আধুনিক হস্পিটেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ হোজাইত অতি সোনকালে মুকলি হ’ব সকলো ধৰণৰ সুবিধা থকা এখন আধুনিক হস্পিটেল। জামিয়া এজুকেশ্বনেল চেয়াৰেটিবুল ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক ছামচুল আলম কাছিমীৰ নেতৃত্বত মৌলানা জহিৰুদ্দিন আৰু হুছাইন আহমেদ তালুকদাৰৰ তত্বাবধানত আৰু সন্থাটোৰ সদস্যসকলৰ উপস্থিতিত শুক্ৰবাৰে এই কথা ঘোষণা কৰে ছামচুল আলম কাছিমীয়ে।

বৰ্তমান লৈকে স্থান নিৰ্দিষ্ট কৰা নাই যদিও হোজাইৰ বিভিন্ন স্থান ইতিমধ্যে পৰিদৰ্শন কৰিছে ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক  ছামচুল আলম কাছিমীয়ে। এই খবৰ খনে বিশেষকৈ হোজাই বাসীক উত্ফুল্লিত কৰি তুলিছে।

সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাসৰ দাবীত টংলা চাৰিআলিত ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৭ নৱেম্বৰঃ শনিবাৰে ওদালগুৰি জিলাৰ টংলা চাৰিআলিত টংলা আঞ্চলিক ছাত্র সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ফনি ভূষণ নিপাত যাওক, সৰ্বানন্দ গ’বেক, হিমন্ত গ’বেক, ফনি ভূষণ গ’বেক, সৰ্বানন্দ লেই লেই ছেই ছেই, হিমন্ত বিশ্ব লেই লেই ছেই ছেই ধ্বনিৰে মুখৰিত কৰি তোলে টংলাৰ আকাশ বতাহ।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্রহন কৰি টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই কয় যে, উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ খন যে সকলো দিশতে ব্যৰ্থ সেয়া স্বতস্ফূর্ত। কেৱল তেখেত সকলে উন্নয়নৰ ফটোঢোল বজাই আহিছে, অসমৰ ৰাইজে তেখেত সকলক পৰিবৰ্তনৰ আশাৰে ৫ টাকৈ বছৰ সুযোগ দিছিল কিন্তু আশা আৰু সুযোগত তেওলোকে সম্পূর্ণ ব্যৰ্থ হৈছে। অসমৰ ৰাইজে  বিজেপিক কেতিয়াও আস্থাত নলয়।

বিশেষকৈ বৰ্তমান বজাৰত নিত্য ব্যবহার্য সামগ্রীৰ যি মূল্যবৃদ্ধি হৈছে যাৰ ফলত সৰ্বসাধাৰণৰ ৰাইজে পেটত গাঠি মাৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিৰ বাবে বজাৰত সৰ্বসাধাৰণে এবিধ পাচলি কনিবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে, মূৰে কপালে হাত দিবলগীয়া হৈছে। অসম চৰকাৰৰ যি যোগান বিভাগৰ শুইথকা মন্ত্রী ফনিভূষন চৌধুৰী তেখেতৰ কাৰনে আজি নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি হৈছে। অতি সোনকালে যদি মূল্যবৃদ্ধি তেখেতসকলে ৰোধ কৰিব নোৱাৰে অসমত তীব্র গনতান্ত্রিক আন্দোলনৰ সন্মুখীন হব বিজেপি চৰকাৰ।

আনফালে যোৱা ৬ নবেম্বৰ তাৰিখে কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যি তুলুঙা মন্তব্য কৰিছে তেখেতক ক’লা পতাকা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্রৰ ফালৰ পৰা দেখুৱা হৈছিল, যিজনে অসম ধংশ কৰিব পৰা “কা” আইন খন বলবৎ কৰাৰ ক্ষেত্ৰত আগভাগ ললে সেই ক্ষোভ আমি পাহৰা নাই। প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা, শিক্ষা সম্পাদক চিন্টুমনি চক্ৰবৰ্তীৰ লগতে বিভিন্ন বিষয়ববীয়া সদস্য সকলে। 

উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম

দৈনন্দিন বাৰ্তাৰ সেৱা, ৭ নৱেম্বৰঃ হকী ইণ্ডিয়াৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম। ইয়াৰ লগে লগে হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিংগমবাম উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। সভাপতি মহম্মদ মুস্তাক আহমেদে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশত পদত্যাগ কৰাৰে পিছৰে পৰা জ্ঞানেন্দ্ৰো নিংগমবামে হকী ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছিল।

আনহাতে জ্ঞানেন্দ্ৰো নিংগমবামে ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মণিপুৰ হকীৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। কোৰোনা মহামাৰীৰ বাবে চলিত বৰ্ষত হকী ইণ্ডিয়াৰ নিৰ্বাচন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰিছিল। জ্ঞানেন্দ্ৰা নিংগমবাম হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে নিংগমবামৰ নেতৃত্বত দেশত হকী খেলৰ বিকাশ হ’ব বুলি গৃহ ৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণে আশা প্ৰকাশ কৰিছে।

মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন

 দৈনন্দিন বাৰ্তাৰ সেৱা, পানেৰী, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত  মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰে।

অসম চৰকাৰে মুল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰল যোগান মন্ত্ৰী ফনী ভূষণ চৌধুৰীৰ পদত্যাগ দাবীৰে তেওঁৰ পুতলিকা দাহ কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে।

বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা লৈ গৈ ধৰ্ষণ কৰা হ’বঃ আজমলৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৭ নৱেম্বৰঃ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিয়ে-সমষ্টিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। অহা নিৰ্বাচনত বিজেপি ক্ষমতাত আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা উঠাই লৈ গৈ ধৰ্ষণ কৰা হ’ব৷

শুকুৰবাৰে শিলচৰৰ ৰাজীৱ ভৱনত এআইইউডিএফৰ এখন কৰ্মী সভাত এনে এক ভয়ংকৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছে এআইইউডিএফৰ প্ৰধান তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷

বদৰুদ্দিন আজমলে লগতে কয় যে, যি বিজেপি দলে বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ বনাইছে সেই বিজেপিক মুছলমান সকলে ভোট দিয়ে৷ যি বিজেপিয়ে তিনি তালাকক উপলুঙা কৰিছে সেই বিজেপিক অলপ টকাৰ বিনিময়ত মুছলমান সকলে ভোট দিয়ে আৰু এইবাৰ যদি মুছলমান সকলে বিজেপিক ভোট দিয়ে তেনেহলে মুছলমান মা-ভনীক ঘৰৰ পৰা উঠাই লৈ গৈ ধৰ্ষণ কৰিব বিজেপি নেতা-কৰ্মীয়ে৷

যাৰ বাবে তেওঁ মুছলমান সকলক সতৰ্ক কৰি কয় যে, অহা নিৰ্বাচনত যাতে তেওঁলোকে টকাৰ লোভত বিজেপিক যাতে ভোট নিদিয়ে৷ এআইইউডিএফৰ সমৰ্থকে বদৰুদ্দিন আজমলৰ শিলচৰত উপস্থিতি হোৱাৰ সময়তে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সমাগত বিধানসভা নিৰ্বাচনত মুছলমান সকলক বিজেপিত ভোট নি দিয়াৰ আহ্বান জনায় আজমলে বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছে৷

আনহাতে মৌলানা বদৰুদ্দিন আজমলে তৰুণ গগৈৰ অসুস্থতাক লৈয়ো পুনৰ সুস্থ হৈ উঠিবলৈ সকলোকে দোৱা-প্ৰাৰ্থনা কৰিবলৈ শিচলৰৰ কৰ্মী সভাত সকলোকে অনুৰোধ জনায়।

পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াতো বলিয়ালীঃ জুবিন গাৰ্গ

দৈনন্দিন বাৰ্তাৰ সেৱা, তেজপুৰ, ৭ নৱেম্বৰঃ শিলচৰৰ বিমান বন্দৰত এআইউদিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল। উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

তেজপুৰত অভিনেতা, পৰিচালক নিপন গোস্বামী পৰিচালিত ড০ বেজবৰুৱা ২ৰ শ্বুটিঙৰ ব্যস্ত থকা শিল্পীগৰাকীয়ে কয় যে, পাকিস্তান জিন্দাবাদ ইয়াত দি লাভ নাই৷ হিন্দুস্তান হিন্দুস্তানেই৷ পাকিস্তান পাকিস্তানেই৷ গতিকে তেওঁলোকো সাৱধান হোৱাটো ভাল৷

আনহাতে সাংসদ আজমলক আদৰণি জনোৱাৰ সময়ত একাংশই পাকিস্তান জিন্দাবাদ দিয়াৰ ঘটনাকলৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।