Home Blog Page 3157

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসুস্থ

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা মহামাৰীৰ পৰা সুস্থ হৈ উঠাৰ পিছত দেওবাৰে নিশাক হঠাত পুনৰ অসুস্থ হৈ পৰে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী। দেওবাৰে নিশা ১১ বজাত মুখ্যমন্ত্ৰী গৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হয়।

কোৰোনা আক্ৰান অৱস্থাত চিকিতসালয়ত গগৈ

বৰ্তমান জি এম টি এইচৰ আই.চি.ইউ. ত ৰখা হৈছে গগৈ। বৰ্তমান তৰুণ গগৈৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে।

বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত নগাঁৱত বাল্মিকী জয়ন্তী দিৱস পালন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ২ নবেম্বৰঃ বিশ্ব হিন্দু পৰিষদ নগাঁও জিলা শাখাৰ সৌজন্যত সোমবাৰে নগাঁৱত বাল্মিকী জয়ন্তী দিৱস অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰাঙ্গনত অনুষ্ঠিত বাল্মিকী জয়ন্তী দিৱসৰ বন্তি প্ৰজ্বলন কৰি আৰম্ভনী বাল্মিকী সমাজৰ গৌৰী বাচফৰে।

বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম জাগৰণ প্ৰমুখ ব্ৰজ জ্যোতি শৰ্মাই আঁত ধৰা ধৰ্মালোচনী সভাখনত বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি  দিপেন পাঠক, উপদেষ্টা সুখৰঞ্জন ৰয়‌ , উপ-সভাপতি দেবী প্ৰসাদ চক্ৰৱৰ্তী, জগমহোন শৰ্মা, ৰাষ্ট্ৰীয় স্বয়সেৱক সংঘৰ নগাঁও সংঘ চালক নৱ বৰকটকী, বিশ্ব হিন্দু পৰিষদৰ ধৰ্মচায প্ৰমুগ প্ৰফুল্ল গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্হিত থাকে।

অনুষ্ঠানতে বাল্মিকী সমাজৰ দহগৰাকী ব্যক্তিক বিশ্ব হিন্দু পৰিষদৰ  তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ধৰ্মালোচনী সভাত কেইবাগৰাকীও বক্তাই  বাল্মিকীৰ জীৱন- দৰ্শনৰ ওপৰত আলোকপাত কৰে।

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ১ নবেম্বৰঃ আজি নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি সদৰ আঞ্চলিক ৰেঞ্জৰ অধীনৰ গান্ধীবৰি আৰু কটহগুৰি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, নগাঁও জিলাৰ গান্ধীবৰিৰ অঞ্চলৰ শংকৰ নাথ আৰু কটহগুৰিৰ অঞ্চলৰ দিপাংকৰ ডেকৰজা নামৰ ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি অবৈধ ভাবে দুটাকৈ কাঠ ফলা মিল চলাই আহিছিল।

মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। গোপন সূত্ৰৰ লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিল দুটা উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত দুটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক এক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। আনহাতে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক, গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৩৫১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৩৬ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৩৫১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১৩৮৬ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৬০৫১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৯৩৬৭ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩০ জন লোকৰ।

তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান

দৈনন্দিন বাৰ্তা সেৱাঃ তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান। মহামাৰী কোৰোনাত আক্ৰান্ত হৈ আছিল তামিলনাডুৰ কৃষি মন্ত্ৰীজন।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। শনিবাৰে নিশা কৌভেৰী হাস্পতালত আৰ ডোৰাইকান্নুৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

গেলেকী অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ গৰাকী

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৩১ অক্টোবৰঃ শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত এক শোকাবহক পথ দুৰ্ঘটনা সংঘটিত হৈছে। নাগালেণ্ডৰ নকলাকত আজি এখন যাত্ৰীবাহী টাটা ছুমু দুৰ্ঘটনাত পতিত হোৱাৰ ফলত থিতাতে তিনি গৰাকী লোকৰ মৃত্যু হয়।

জানিব পৰা মতে পুৱা ম্যানমাৰ সীমান্তৰ নকলাক পৰা টুৱেনচাঙ চহৰ লৈ বুলি আহি থকা ছুমুখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা জুৰিত বাগৰি পৰে। সম্প্ৰতি গাড়ীখনত থকা তিনি গৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুত্বভাৱে আহত হয়।

আহত যাত্ৰীজনক ইতিমধ্যে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দৈনিক নাগালেণ্ডৰ অধিকাংশ যাত্ৰীবাহী টাটা ছুমু, অন্যান্য বাহন নাজিৰা হৈ শিৱসাগৰ আৰু চৰাইদেউ জিলায়েদি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰি আহিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকী আৰু লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৩১ অক্টোবৰঃ আজি সমগ্ৰ দেশৰ লগতে নাজিৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকীৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হয়। নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত নাজিৰা ৰাজীৱ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়ো গৰাকী মহান ব্যক্তিৰ  প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোঁহায়ে।

ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰ্পূৱ বৰুৱাই আঁতধৰা অনুষ্ঠানত বৰবৰুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী আইনু বৰগোঁহাই, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোঁহাই, নাজিৰা মহকুমা অনুসূচীত জাতি উন্নয়ন ৱৰ্ডৰ সভাপতি দিলীপ হাজৰিকা, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে দিগন্ত সন্দিকৈ, শৰৎ গগৈ, মদন ৰয়, যোচেফ কন্যাক, শৈলেন বৰুৱা, পৰশমণি কলিতাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ আৰু কৰ্মপন্থাৰ ওপৰত আলোকপাত কৰে। 

অভাৱ দক্ষতা বিকাশৰ অন্তৰায় হব নোৱাৰে, নগাৱত সৌন্দৰ্য চৰ্চা কেন্দ্ৰ উদ্বোধন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ৩১ অক্টোবৰঃ নগাঁও জিলাৰ ইটাচালিস্থিত দক্ষতা বিকাশ কেন্দ্ৰ এ.এছ.ডি.এমৰ প্ৰাঙ্গনত ফ’ৰইভাৰ সৌন্দৰ্য চর্চা কেন্দ্ৰ উদ্বোধন কৰা হয়। নগাঁও পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিভা ৰাণী শইকীয়াই ফিটা কাটি উদ্বোধন কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক দেৱজিত হাজৰিকাই।

হাজৰিকাই নিজৰ বক্তব্য কয় যে যোগ্যতা আনিবলৈ হলে দক্ষতা বিকাশ কৰিব লাগিব। অভাৱ দক্ষতা বিকাশ অন্তৰায় হব নোৱাৰে। লক্ষ্য আৰু সপোন থাকিলে নিজৰ সাধনাৰে মানুহ লক্ষ্যত উপনীত হৈ কৃতকাৰ্য লাভ কৰিব পাৰে।

সৌন্দৰ্য চৰ্চা বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত এ.এছ.ডি.এম দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰকল্প পৰিচালক ইহতেচাম চৰকাৰ, তৈচুফ উদ্দিন আহমেদ, দেৱ কুমাৰ দাসৰ লগতে ছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখ্য যে সৌন্দৰ্য চৰ্চা কেন্দ্ৰটিত যুৱতী আৰু মহিলা সকলে সৌন্দৰ্য চৰ্চাৰ লগতে মহিলা সকলে স্বাবলম্বিতাৰে আগবাঢ়ি যাবলৈ সহায়ক হব বুলি সৌন্দৰ্য চৰ্চাৰ বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে মত প্ৰকাশ কৰে।

লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

দৈনন্দিন বাৰ্তা সেৱা, ভূৰাগাওঁ, ৩১ অক্টোবৰঃ মৰিগাঁওত জিলাৰ  লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম হুছেইন আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

লাহৰীঘাটৰ নাৰমাৰী দলঙৰ ওপৰত নিশা ড্ৰাগছ কিনা-বেচা কৰি থকা অৱস্হাত লাহৰীঘাট আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী কেইটাক। ধৃত ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমানৰ ড্ৰাগছ সহ নগদ ১৪,৫০০ হাজাৰ টকা জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা সামগ্ৰীৰ একাংশ

ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীয়ে ৪৪০/২০ নম্বৰত এটি গোচৰ পঞ্জিয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

বিধায়ক শ্বেৰমান আলী, কমলক্ষ দে পুৰকায়স্থক পাগলঃ সাংসদ কুইন ওজা

অসমৰ সংস্কৃতিৰ বিষয়ে জ্ঞান নাই অদ্ভুত মন্তব্য আগবঢ়োৱা বিধায়কৰ, ছাগলে নাখায় কি পাগলে নকয় কি ?

দৈনন্দিন বাৰ্তা সেৱা, প্ৰতিনিধি, ৩১ অক্টোবৰঃ শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক শ্বৰমান আলীয়ে শংকৰদেৱে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্হাপন কৰাৰ প্ৰস্তাৱ বিতৰ্কৰ মাৰ নৌযাওঁতেই পুনৰ কংগ্ৰেছী বিধায়ক কমলক্ষ দে পুৰকায়স্থই বেংগলী মিউজিয়াম সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি জেষ্ঠ নেত্ৰী তথা সাংসদ কুইন ওজাই৷

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাগলে নাখায় কি পাগলে নকয় কি? বিধায়ক শ্বেৰমান আলী আৰু কমলক্ষ দে পুৰকায়স্থৰ অসমৰ সংস্কৃতিৰ সাম্যক জ্ঞান নাই বুলি সাংসদ গৰাকীয়ে কয়৷

সাংসদ গৰাকীয়ে লগতে অসমত বসবাস কৰি অসমৰ বায়ু পানী সেৱন কৰি অসমক আকোৱা্লি ল’ব নোৱৰা ব্যক্তি অসমত থকাৰ নৈতিক অধিকাৰ নাই আৰু অসমৰ ৰাইজে এই সকল ব্যক্তিক ক্ষমা নকৰে বুলিও দোহাৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এজন ব্যক্তিয়ে কলে সেয়া দাবী নহয় বুলি কৈ বঙালী সকলে মিউজিয়াম বিচৰা নাই বুলিও জনায়।

কোনো কাৰনত অসমৰ সংস্কৃতি বিঘিণি হ’বলৈ দিয়া নহব বুলি ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ গৰাকীয়ে পুনৰ ২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।