সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰি কাব্য সাধনাৰেই জীৱন পাৰ কৰা কবি – সাহিত্যিক প্ৰয়াত নৰেন তালুকদাৰৰ আজি সত্তৰ তম জন্মদিন উদযাপনৰ ব্যতিক্ৰমী প্ৰয়াসেৰে পলাশবাৰীৰ উপৰহালীস্থিত তেওঁৰ পৰিয়ালৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আজি পুৱা কাৰ্যসূচী অনুসৰি প্ৰয়াত তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কবি তালুকদাৰৰ পত্নী বীণা তালুকদাৰ আৰু সপ্তাহিক অসমীয়া প্ৰাগজ্যোতিষ কাকতৰ সম্পাদিকা শশীপ্ৰভা দাসে। তাৰ পিছতেই লেখক ৰোহিনী কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত তথা সহ:সম্পাদক হোমেন মেধীয়ে আতঁধৰা সভাত কবি নৰেন তালুকদাৰে মৃত্যুৰ পূৰ্বে সজাই থৈ যোৱা কবিতাৰ পাণ্ডুলিপিটো তেওঁৰ সহধৰ্মিনীয়ে ‘মানুহ সমুদ্ৰমুখী নদী ‘ নামাৰণেৰে প্ৰকাশ কৰা কাব্যপুথিখনি উন্মোচন কৰে লেখক- সাংবাদিক, নিয়মীয়া বাৰ্তা কাকতৰ উপ সম্পাদক দীপক কুমাৰ দাসে। উন্মোচন কৰি দাসে প্ৰয়াত তালুকদাৰৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। তাৰ পিছতেই তালুকদাৰদেৱৰ স্বকীয় প্ৰতিভা, বৰ্ণিল জীৱন পৰিক্ৰমা আৰু অতুলনীয় সৃষ্টিৰাজীক সামৰি লেখক- সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ সম্পাদনাৰে পত্নীয়ে প্ৰকাশ কৰা সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি ‘ উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শৰ্মাই। উন্মোচন কৰি শৰ্মাই প্ৰয়াত নৰেন তালুকদাৰে জীৱিত কালত ৰচনা কৰি থৈ যোৱা কবিতা পুথি, প্ৰবন্ধবোৰৰ ওপৰত বক্তব্য প্ৰদান কৰি স্মৃতি ৰোমন্থন কৰে। দুয়োখন গ্ৰন্থ উন্মোচনৰ পিছতেই সভাত উপস্থিত থকা কেবাগৰাকীও লেখকে নৰেন তালুকদাৰৰ স্মৃতি সুৱৰি তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে বক্তব্য ৰাখে। গোটেই জীৱন সাহিত্য সাধনত ব্যস্ত থাকি হঠাতে ২০১৯ চনৰ ১৪ জুলাইৰ দিনা ইহ সংসাৰ ত্যাগ কৰা কবি সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজী অসমীয়া সাহিত্যৰ ভৰালত চিৰকাল উজ্জ্বলি থাকিব বুলিও সকলোৱে একেমুখে স্বীকাৰ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনীন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক তথা লেখক শিৱচৰণ কলিতা, বলেন কলিতা, লেখক যাদৱ চন্দ্ৰ শালৈ, গজেন দাস, নৰেন মজুমদাৰ, হিৰণ্য মজুমদাৰ, লেখিকা বাসন্তি তালুকদাৰ ভৰালী, উপৰহালী ৰাইজ গয়ৰহৰ সম্পাদক দীপক তালুকদাৰ প্ৰয়াত তালুকদাৰৰ স্মৃতিৰাজী ওপৰত আলোকপাত কৰাৰ লগতে সমাজসেৱক পংকজ লোচন গোস্বামী আদিয়ে তালুকদাৰে জীৱিত সময়ছোৱাৰ কথা সোঁৱৰাই কবিসকলে ঘাট-প্ৰতিঘাত পাৰ কৰি লেখনিৰ জৰিয়তে সমাজত প্ৰতিষ্ঠিত হৈছে। কিন্তু বৰ্তমানৰ পৰিস্থিতি যান্ত্ৰিক হৈ পৰিছে। কিতাপ পঢ়িবৰ সময় নাই। বৰ্তমান সময়ত টকা পইছা ঘটি কম সময়তে প্ৰতিষ্ঠিত হব বিছাৰে বুলে মন্তব্য কৰে। বহুকেইজন বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰয়াত নৰেন তালুকদাৰৰ জীয়ৰী গাৰ্গী তালুকদাৰে।
মাজুলীত পৰ্যটন বিভাগে নাম ফলক লগোৱাৰ নামত ইতিহাস বিকৃত কৰাৰ অভিযোগ
মাজুলী জিলাত অসম পৰ্যটন বিভাগে সত্ৰপীঠৰ সত্ৰানুষ্ঠানৰ উপৰিও বিভিন্ন ঐতিহাসিক স্থানলৈ যোৱা স্থান সমূহ উল্লেখ কৰি কমলাবাৰীত লগোৱা দুখন ফলকত উল্লেখ কৰা ইতিহাস বিকৃত কৰা নামে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ ৰজাঘৰীয়া চাৰিসত্ৰৰ ভিতৰৰে মাজুলীত ঐতিহাসিক আউনীআটী সত্ৰ , দক্ষিণপাট সত্ৰ আৰু গড়মূৰ সত্ৰ আছে ৷ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে সত্ৰৰ বুৰঞ্জীত নিজা-নিজা নামেৰে জিলিকি থকা এই ৰজাঘৰীয়া চাৰিসত্ৰৰ ভিতৰৰে প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰক পৰ্যটন বিভাগে কমলাবাৰীত লগোৱা ফলকত গড়মূৰ সত্ৰৰ পৰিৱৰ্তে গড়মূৰ বৰ সত্ৰ লিখি ইতিহাস বিকৃত কৰা কাৰ্যক গড়মূৰ সত্ৰবাসীৰ লগতে সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ইয়াৰ পূৰ্ৱে পৰ্যটন বিভাগে গড়মূৰ সত্ৰৰ সন্মুখত এখন ফলক লগাইছিল ৷ তাত অৱশ্যে ইতিহাস বিকৃত নকৰাকৈ গড়মূৰ সত্ৰ বুলি ফলক লগালে যদিও কমলাবাৰী চাৰিআলিত লগোৱা ফলক খনকলৈ তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে বিভাগটোৰ প্ৰতি ৷ ইফালে “ঢকুৱাখনা” নামটোৰ এক ইতিহাস আছে ৷ সেই “ঢকুৱাখনা”ৰ পৰিৱৰ্তে কমলাবাৰীত অন্য এখন পৰ্যটকৰ সুবিধাৰ্থে লগোৱা ফলকত “ঢকুৱাখানা” বুলি লিপিবদ্ধ কৰাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া হৈছে ৷ গতিকে পৰ্যটন বিভাগে বুৰঞ্জী বিকৃত নোহোৱাকৈ সঠিক ভাৱে জানি লৈ এনে ফলক সমূহত নাম সমূহ শুদ্ধ ভাৱে লিখিব লাগে বুলি বিভিন্ন জনে মন্তব্য কৰিছে ৷ লগতে ভুল হোৱা নাম কেইটা শুদ্ধ কৰিবলৈ সচেতন মহলে পৰ্যটন বিভাগক দাবী জনাইছে ৷ অন্যথা নতুন প্ৰজন্মই ভুল টোকে আকোঁৱালি ল’ব ৷
গাঁৱৰ উন্নয়ন হ’লেহে প্ৰকৃত উন্নয়ন হব
নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়তত আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কেইবাখনো আঁঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কেইবাটাও অনুষ্ঠানলৈ বিধায়ক পুঁঁজিৰ অনুদানৰ চেক বিতৰণ কৰে।দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত মহমৰীয়া,দক্ষিণপাট,বৰক’লা আদি অঞ্চলত এই আঁঁচনি সমূহৰ শুভাৰম্ভ কৰে।চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১৯খন আঁঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে সাতটা অনুষ্ঠানৰ বিধায়ক পুঁঁজিৰ চেক বিতৰণ কৰে।এই আঁঁচনি সমূহৰ শুভাৰম্ভ কৰি দিয়া ভাষনত বিধায়ক শৰ্মাই কয়-আমাৰ গাওঁ সমূহৰ উন্নয়ন হ’লেহে প্ৰকৃত উন্নয়ন হব।আমাৰ চৰকাৰে চহৰাঞ্চলৰ সমান্তৰাল ভাবে গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰিছে।তেওঁ লগতে কয় এসময়ত মহিলাই ঋণলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।এতিয়া বিজেপি চৰকাৰে ঋণ ৰেহাই দিছে।আমি মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে।এই অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ,পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন দাস,বিজেপি নেতা অকণ দাস,পিংকু বৰা আদিয়ে অংশগ্ৰহণ কৰে।ইয়াৰ আগতে বিধায়ক ৰূপক শৰ্মাক ডাকৰঘাটৰ পৰা তিনিশতাধিক বিজেপি নেতা-কৰ্মীয়ে মটৰ চাইকেলৰে আদৰি নিয়ে।

হোজাইত বন্যহস্তীৰ মুক্ত বিচৰণ
শুক্ৰবাৰৰ দিনটো হোজাইৰ চৌপাশে পাৰ কৰিছে আতঙ্কময় পৰিবেশত, তিনিটা বন্য হস্তীৰ মুক্ত বিচৰণত আতংকিত জনাঞ্চল৷ দিনতেই ডবকা বনাঞ্চলৰ পৰা জনাঞ্চলৈ খাদ্যৰ সন্ধানত উলাই অহা বন্য হস্তীৰ দলটোক বনকৰ্মীৰ তৎপৰতাত মোৰাঝাৰ কপাহবাৰী আদি অঞ্চলৰ পৰা হোজাইৰ টেলিবস্তি হৈ নন্দপুৰ গাওঁলৈকে আনিব পৰা গৈছে যদিও বাতৰি সংগ্ৰহ কৰা সময় লৈকে হাবিলৈকে খেদি লৈ যাবলৈ সক্ষম হোৱা নাই বন কৰ্মীৰ দলটোৱে। হাতীৰ দলটোৱে কপাহবাৰী, মোৰাঝাৰ আদি বিভিন্ন গাওঁ অতিক্ৰম কৰি দিন দুপৰতে হোজাইৰ একাংশ গাওঁ যেনে টেলিবস্তি, ধনিৰাম পথাৰ, নন্দপুৰ আৰু দাৰীয়া বস্তি আদি গাওঁ সমূহত এক আতঙ্কময় পৰিবেশৰ সৃষ্টি কৰে। হাতীৰ দলটোক খেদিবলৈ বনকৰ্মীৰ দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে, হাতীৰ জাকটোক খেদিবলৈ গুলী ফুটোৱাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ ঘন জনবসতি অঞ্চল হোৱা হেতুকে বহু চেষ্টা কৰিও সফল হ’ব পৰা নাই, অন্যহাতে বন্য হস্তীক চাবলৈ ৰাজ পথলৈ ওলাই আহিল অজস্ৰ স্থানীয় লোক। হোজাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও আতঙ্কৰ মাজেৰে দিনটো অতিক্ৰম কৰে হোজাইৰ উক্ত অঞ্চল বাসীয়ে।
নগাঁৱৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক কমকৈ তেল দিয়াক লৈ উত্তপ্ত পৰিস্থিতি
নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিৰ লক্ষ্মী চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক তেল কমকৈ দিয়াক কেন্দ্ৰ কৰি আজি দুপৰীয়া পেট্ৰ’ল পাম্পটোত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। প্ৰাপ্ত অভিযোগ অনুসৰি আজি দুপৰীয়া এই পেট্ৰ’ল পাম্পটোত এজন গ্ৰাহকে ৩ লিটাৰ পেট্ৰল ক্ৰয় কৰে।তেল কমকৈ দিয়া বুলি সন্দেহ প্ৰকাশ কৰি গ্ৰাহকজনে তেলখিনি পুনৰ জোখাত প্ৰায় ৩০০ গ্ৰাম পেট্ৰ’ল কমকৈ উলাও। ইয়াক কেন্দ্ৰ কৰি গ্ৰাহকজনৰ লগতে আন একাংশ গ্ৰাহকে এক উত্তেজনা ময় পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত পেট্ৰ’ল পাম্পৰ কৰ্তৃপক্ষই আলোচনা মৰ্মে বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পেট্ৰ’ল পাম্পটোত তেল কমকৈ দিয়াৰ কথা কৰ্মচাৰী আৰু কৰ্তৃপক্ষই স্বিকাৰ কৰে। মাত্ৰ ৩ লিটাৰ তেলতে যদি এনে বিসংগতিৰ সৃষ্টি হয় তেন্তে অধিক তেল ভৰালে কি হ’ব বুলি গ্ৰাহক সকলে প্ৰশ্ন কৰিছে। পেট্ৰল পাম্পটোত কিমান দিনৰ পৰা এনেধৰণৰ কাৰবাৰ চলি আছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ইপিনে পাম্পটোৰ কৰ্মচাৰীয়ে জনোৱা মতে নিৰ্দিষ্ট দায়িত্ব প্ৰাপ্ত লোকে জোখ মিলাই থৈ যায়। এনেদৰে মিলাই থৈ যোৱা পাছতহে আমি গ্ৰাহকক তেল দিওঁ। কৰ্মচাৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে নিদিষ্ট দায়িত্ব প্ৰাপ্ত লোকে তেলৰ জোখ মিলাই থৈ যায় তেনেহ’লে গ্ৰাহকক তেল দিওঁতে হোৱা বিসংগতিৰ আঁৰত পেট্ৰল পাম্প কৰ্তৃপক্ষৰ লগত সংশ্লিষ্ট লগত গোপন বুজা বুজি থাকিব পাৰে বুলি গ্ৰাহকে সন্দেহ প্ৰকাশ কৰিছে। এনেবোৰ বিষয় চোৱা চিতা কৰিবৰ বাবে যোগান বিভাগ, “আই অ’ চি” কে ধৰি বিভিন্ন বিভাগ আছে যদিও ৰহস্যজনক কাৰণত এই বিভাগ সমূহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। উল্লেখ্য যে আজি কিছু দিনৰ পূৰ্বেও পেট্ৰল পাম্পটোত এনেধৰণৰ অবাঞ্চিত ঘটনা কেইবাবাৰো সংঘটিত হৈছিল।
প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ হাজাৰ হাজাৰ কংগ্ৰেছী অনুৰাগী কৰ্মীয়ে যোগ দিব বিজেপিত
গোলাঘাট বিধান সভা সমষ্টিৰ সদ্য পদত্যাগী বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছতে গোলাঘাটত এইবাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জেষ্ঠ নেত্ৰী অজন্তা নেওগৰ এই সকল অনুৰাগী কংগ্ৰেছ কৰ্মীয়ে আজি দলে বলে আহি বিজেপিত যোগদানৰ বাবে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বত গোলাঘাট জিলা বিজেপিয়ে এই বিশাল যোগদান সমাৰোহ খনৰ প্ৰস্তূতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।
গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত উষা গৰঙা অঞ্চলত অনুষ্ঠিত হৱলগীয়া এই যোগদান সমাৰোহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাজনো আগশাৰীৰ নেতা কৰ্মীৰ লগতে গোলাঘাট জিলাৰ জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ,মণ্ডল পৰ্যায়কে ধৰি ৱাৰ্ড পৰ্যায়ৰ প্ৰায় দহ সহস্ৰাধিক নেতা কৰ্মীয়ে প্ৰথম পৰ্যায়ত যোগদান কৰিব । সম্ভৱতঃ অসমৰ বিভিন্ন যোগদান সমাৰোহৰ তুলনাত গোলাঘাট বিজেপিৰ এইখন যোগদান সমাৰোহেই সৰ্ববৃহৎ কংগ্ৰেছ কৰ্মীৰ যোগদান সমাৰোহ হিচাপে পৰিগণিত হ’ব ।
এই যোগদান সমাৰোহত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,সাংসদ তথা প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ , ডা: ৰাজদ্বীপ ৰয় , কামাখ্যা প্ৰসাদ তাছা, সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা , সম্পাদক তথা গোলাঘাটৰ প্ৰভাৰী কৃষ্ণমণি চুতীয়া আদিকে ধৰি বহু সংখ্যক বিজেপিৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিব ।
ইফালে, উক্ত দিনা দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিষয় ববীয়াসকলক আদৰিবলৈ ২০০০ খন বাইকৰ এক বৃহৎ ৰেলীৰ আয়োজন কৰা হৈছে । এই বাইক ৰেলীয়ে গোলাঘাট নগৰৰ সমন্বয় খেলপথাৰৰ পৰা উষা গৰঙাৰ সভাস্থলীলৈকে বিজেপিৰ নেতৃত্বক আগবঢ়াই নিব বুলি জানিব পৰা গৈছে ।
কিয় গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক -কি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা নাই অখিল গগৈক। সেয়া মানুহৰ ভুল ধাৰণা। মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰমাণ পোৱাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। মাওবাদীৰ প্ৰশিক্ষণ ল’বলৈ অসমৰ পৰা ল’ৰা পঠিয়াইছিল অখিল গগৈয়ে। আৰু অখিলে পঠিওৱা ল’ৰাই সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈ অসমলৈ ঘূৰি আহিছিল। আৰু অসমলৈ আহি মাওবাদীৰ কাম কাজ আৰম্ভ কৰিছে। আৰু সেই তথ্যৰ আধাৰত এন আই এই গ্ৰেপ্তাৰ কৰিছে অখিল গগৈক।’- অখিলৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘আমি কোনোবা ব্যক্তি জে’লত থকা নথকাকলৈ ৰাজনীতি নকৰো। কোন জে’লত থাকিব, কোন নাথাকিব সেয়া সিদ্ধান্ত কোৰ্টে ল’ব।অখিল গগৈৰ গ্ৰেপ্তাৰ ৰাষ্ট্ৰদ্ৰোহ বা কা’ আন্দোলনত জড়িত থকাৰ কাৰণো হোৱা নাই। দীৰ্ঘদিন ধৰি মাওবাদীৰে অখিল গগৈৰ সম্পৰ্ক থকাৰ সন্দৰ্ভত তদন্ত চলাই থকা হৈছিল আৰু পৰৱৰ্তী সময়ত NIAলৈ কেচ হস্তান্তৰ কৰা হৈছিল। এতিয়া অখিল গগৈ নিৰ্দোষী, দোষী সেই সন্দৰ্ভত কোৰ্টে সিদ্ধান্ত ল’ব।’
ইফালে বৃহস্পতিবাৰে অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পিছতে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে ষড়যন্ত্ৰমূলক ভাবে অখিল গগৈক জে’লত ভৰাই থৈছে বুলিও অভিযোগ কৰিছে একাংশই। তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলৰ নেতৃত্বই কিদৰে গ্ৰহণ কৰিব,সেয়া হ’ব লক্ষণীয়।
নগাঁৱত অসম জাতীয় পৰিষদৰ নাৰী শক্তিৰ সাংগঠনিক সভাত অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ছমচেৰ সিং
“অসম জাতীয় পৰিষদ কোনো সাধাৰণ দল নহয়, ই অসমৰ জনগনৰ দল । অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসম জাতীয় পৰিষদ জন্ম হৈছে। এখন গণতান্ত্ৰিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল অসম গঢ়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি আছে ।”- এই মন্তব্য ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি চমছেৰ সিঙৰ । আজি নগাঁও শ্বহীদ ভৱনত অসম জাতীয় পৰিষদৰ মহিলা সংগঠন জাতীয় মহিলা শক্তিৰ নগাঁও জিলা আহ্বায়িকা সমিতি গঠন আৰু যোগদান সমাৰোহ সভাত অংশ গ্ৰহণ কৰি চমছেৰ সিঙে লগতে কয়, ” সম্প্ৰতি জাতিটোৰ ভাষা সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে সংকটৰ সন্মুখীন হৈছে । এই সংকটৰ সময়ত আমি হাত সাবটি বহি নাথাকি এই সংকট দূৰ কৰি জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। এই দায়িত্ব আৰু প্ৰত্যাহ্বান অসম জাতীয় পৰিষদে গ্ৰহণ কৰিছে । এই দলটো আটাইতকৈ নিস্পাপ আৰু নিস্কলুষ আখ্যা দি সিঙে কয়, অসম আমাৰ মাতৃভূমি, কৰ্মভূমি। সেয়ে আমি জাতিটোৰ প্ৰতি সেৱা কৰাৰ মনোভাবেৰে আগবাঢ়িছো । আমি জাতিটোৰ একো এগৰাকী সেৱক । বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি চমছেৰ সিঙে কয়, তেওঁলোকে ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে । সাম্প্ৰদায়িক আৰু হিংসাৰ বীজ ৰোপনেৰে আমাৰ সমাজখনক ভাগ ভাগ কৰিব বিচাৰিছে । আনকি এইখন চৰকাৰে বৃটিছে কৰাৰ দৰে ডিভাইড এণ্ড ৰোল পলিছিৰে বিভাজনৰ ৰাজনীতি কৰিছে। এতিয়া অসমত বৃটিছে চলোৱাৰ ধৰণৰে চৰকাৰ চলিছে । অসমত থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতা সকল দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত চলে । এনেদৰে চলি থাকিলে অসমৰ উন্নতি নহয় বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত অসমৰ মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ’ব । আমি জাত পাতৰ ৰাজনীতি কৰি অবাবতে সময় নষ্ট কৰাতকৈ জাতীয়তাবাদী মনোভাৱেৰে অসমৰ হকে কাম কৰি ভাৰতৰ আন ৰাজ্যৰ দৰে অসমকো আগুৱাই নিব লাগিব । মহিলাসকল শক্তিৰ প্ৰতীক হিচাবে অভিহিত কৰি সিঙে কয়, আমি মহিলা সকলক আগুৱাই নিব লাগিব । তেওঁ লগতে কয়, সংকীৰ্ণ জাতীয়তাদৰে নহয় , উদাৰ জাতীয়তাবাদৰ আধাৰত আমি সমাগত বিধান সভা নিৰ্বাচনত অৱৰ্তীন হম আৰু অসমত এখন প্ৰকৃত আঞ্চলিক দলৰ চৰকাৰৰ গঠন হ’ব। ইপিনে সংবাদ মাধ্যমৰ আগত সিঙে জানিবলৈ দিয়ে যে নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিতেই নৱ গঠিত আঞ্চলিক দলে প্ৰতিদ্বন্দিতা কৰিব আৰু নিশ্চিত ভাবে সফলতা লাভ কৰিব । ৰাজ্যিক আহ্বায়িকা দুলমনি বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত জাতীয় মহিলা পৰিষদৰ আহ্বায়িকা মৌচুমী শৰ্মা বেজবৰুৱাই কয়, ‘এতিয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলিছে। নিশ্চিত ভাবে আমি এই সংগ্ৰামত জয়ী হম । বিজেপি, এজিপিৰ মন্ত্ৰী-বিধায়ক তথা নেতাই আমাৰ সংগ্ৰামক উপহাষ কৰিছে । সমাগত নিৰ্বাচনত তেওঁলোকে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব । আমি দিল্লী আৰু নাগপুৰৰ আঙুলিৰ ঠাৰত নচা নেতা নিবিচাৰোঁ বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত জাতীয় চিন্তা- চেতনা থকা এখন আঞ্চলিক দলৰ চৰকাৰ গঠন হ’ব । সভাত ৰাজ্যিক আহ্বায়িকা ফুনুমনি বৰা, মানু শইকীয়া, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰানা বৰদলৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদীপ্ত নাৰায়ণ ৰাজাকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে । সভাতেই তৃপ্তি হাজৰিকা, শিবানী শইকীয়া, মনিবালা বৰা, অৰ্পনা হাজৰিকা, অল্পনা দাস, আৰমনাজ খান, আইমনি দাস, মাখনি শইকীয়া, পাপৰি বৰুৱা, উৰ্মিলা বৰা, হৰপ্ৰিয়া শইকীয়া, বুলবুল আক্তাৰ, শ্বৰিফা খাতুন আৰু লক্ষীমাই বৰাক লৈ জাতীয় মহিলা শক্তিৰ নগাঁও জিলা সমিতিৰ আহ্বায়ক সমিতি গঠন কৰা হয়।
বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ বিডিঅ’ নৱৰত্ন পাটোৱাৰীক নিলম্বন
বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীক অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কাই নির্দেশ নং-পি আৰ ডি-১২/৯৮/২০২০-পি আৰ ডি (বি)/ ২৬ তাং দিছপুৰ ০৫/০১/২০২১ মর্মে তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে৷উল্লেখযোগ্য যে উন্নয়ন খণ্ডটোৰ অধীনৰ এমজিএনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে বুলি নিৰ্দেশটোত উল্লেখ কৰিছে। বিগত সময়ত বিডিঅ’ নৱৰত্ন পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়ম আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ বিভিন্ন অভিযোগ। এই অভিযোগ সমূহৰ তদন্ত কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালকে। যুটীয়া সঞ্চালকে দাখিল কৰা প্ৰতিবেদন অনুসৰি দুৰ্নীতিগ্ৰস্ত বিডিঅ’ পাটোৱাৰীক নিলম্বন কৰে। চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি এমজিএনৰেগা আঁচনিৰ ধনেৰে ২০১৭-১৮ বৰ্ষত মন্দিয়াৰ বেচৰকাৰী শিক্ষানুষ্ঠান ড্ৰীমলেণ্ড একাডেমীত ধন খৰচ কৰা, পি এম জি এছ ৱাইৰ পথত এমজিএনৰেগাৰ ধনৰ অপব্যাৱহাৰ কৰা আদিৰ অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয়। উল্লেখযোগ্য যে নৱৰত্ন পাটোৱাৰী মাত্ৰ তেৰমাহ পূৰ্বে পঞ্চায়ত সম্প্ৰসাৰণ বিষয়াৰ পৰা খণ্ড উন্নয়ন বিষয়া হিচাপে পদোন্নতি হৈছিল আৰু মন্দিয়া উন্নয়ন খণ্ডত যোগদান কৰিছিল।
নগাঁৱত আটমাৰ উদ্যোগত ৩৮০ টা কৃষক কেন্দ্ৰীক গোটক পজ্ঞীয়ণ পত্ৰ প্ৰদান
কৃষক সকলৰ আৰ্থ সামাজিক উন্নয়ন টনকিয়াল কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা আঁচনি(আটমা)ৰ উদ্যেগত আৰু কৃষি বিভাগৰ সহযোগত ১০-১৫ জনীয়া ক্ষুদ্ৰ কৃষক কেন্দ্ৰীক গোট গঠন কৰা হৈছে। আটমাৰ উদ্যোগত নগাঁও আৰু হোজাই জিলাত সৰ্বমুঠ ৩৮০ টা কৃষক কেন্দ্ৰিক গোট গঠন কৰা হৈছে।

কৃষি ভূমিৰ পৰিমান হ্ৰাস পাই অহাৰ বাবেই আটামাই কৃষক কেন্দ্ৰীক গোট গঠন কৰি কৃষকক বিজ্ঞান ভিত্তিক খেতি কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে, কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু বজাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।আটমাৰ উদ্যোগত নগাঁও জিলাত গঠন হোৱা কৃষক কেন্দ্ৰীক গোটসমূহক আজি আনুষ্ঠানিকভাবে পজ্ঞীয়ণ পত্ৰ প্ৰদান কৰা হয়।নগাঁও চহৰৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত আটমাৰ নডেল বিষয়া তথা নগাঁও জিলা মহকুমা কৃষি বিষয়া ৰবিজিত দত্ত চৌধুৰীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাখনত আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, কৃষি বিভাগৰ মধ্য অসমৰ যুটীয়া সঞ্চালক ঋত্বিক কেংপাই,সমিতিৰ প্ৰবন্ধক ৰমনী শৰ্মা, নগাঁও জিলাৰ পশুপালন বিভাগৰ বিষয়া ৰাম নাৰায়ণ বৰুৱা, চিলঙণি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী পতুল শৰ্মা, চিমফেডৰ প্ৰকল্প প্ৰবন্ধক ৰঞ্জন বৰুৱা, এ এছ আৰ এল এম শংকৰ প্ৰবাল চাণ্ডল্য প্ৰমুখ্যে আটামা আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।সভাত অংশগ্ৰহণ কৰি আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰে কয় যে কৃষক কেন্দ্ৰীক গোট গঠন কৰা মূল উদ্দেশ্যে হৈছে কৃষকৰ সৰু সৰু গোট গঠন কৰি কৃষক সকলক কৃষি ক্ষেত্ৰত আগুৱাই নিয়া।ইয়াৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতী সকল কৃষিক্ষেত্ৰৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব।লগতে কৃষক সকলে কৃষি সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত এখন উচিত বজাৰো লাভ কৰিব পাৰিব।উল্লেখযোগ্য যে আজিৰ সভাত নগাঁও জিলাৰ চাৰি গৰাকীকৈ আতমাৰ কাৰিকৰী প্ৰবন্ধকক তেওঁলোকৰ পাৰৰ্দশিতাৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয়।












