Home Blog Page 3159

ৰাঙলু গ্ৰাম বিকাশ পৰিষদত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তুলিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হব। শিশুৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনস্হ উচ্চ,উচ্চতৰ মাধ্যমিকৰ লগতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত ২০০৮ বৰ্ষৰ পৰা বিজ্ঞান ভিত্তিক মডেল,চিত্ৰাঙ্কণ, আকষ্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। আজিও ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মজিয়াত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়, অনন্ত কন্দলী  উচ্চ মাধ্যমিক, কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন, ডঃ এ কে আব্দুল কালাম একাডেমি, বিদ্যাজ্যোতি জতীয় বিদ্যালয়- নিজ কঠীয়াতলী, গ্ৰামীণ জুনিয়ৰ জাতীয় বিদ্যালয়- ৰাঙলুৰ দুশ শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই বিজ্ঞানে বিশ্বত কেনেধৰণৰ অগ্ৰগতি সাধন কৰি আহিছে সেই বিষয়ে ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক বাছেদ আলী আৰু আশা কিৰণৰ সভাপতি তথা সাংবাদিক ঘনকান্ত বৰাইও অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থকা ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞান শিক্ষক খগেন্দ্ৰনাথ বৰুৱা, আজিম উদ্দিন আহমেদ, অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পৰাগ বৰবৰা, প্ৰধান শিক্ষক গুলজাৰ হোছেইন, শিক্ষয়িত্ৰী নাৰ্জিনা ৰহমান, ৰূপাঞ্জলী দেৱী, বিতুমনি নাথ, প্ৰধান শিক্ষক আব্দুল আলীয়ে প্ৰতিযোগীসকলৰ শ্ৰেষ্ঠতা নিৰূপণ কৰে। বিজ্ঞান ভিত্তিক চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম ছানিয়া ফিৰ্দুছি, দ্বিতীয় গায়ত্ৰী মেছ আৰু তৃতীয় ৰূমী বেগম, মডেল প্ৰতিযোগিতাত প্ৰথম আৰিফুল হোছেইন, দ্বিতীয় আবু হানিফা আৰু তৃতীয় দিপজ্যোতি নাথ, (খ) শাখাৰ চিত্ৰাঙ্কণত প্ৰথম মিনাক্ষী বৰা, দ্বিতীয় নাজমিন আখতাৰ আৰু লুব্না ইয়াচমিন। প্ৰথম আৰু দ্বিতীয় স্হান প্ৰাপ্ত সকলক ১১ জানুৱাৰীত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলি সমন্বয়ক নজিবুৰ ৰহমানে জনাইছে। বিয়লি নিৰ্বাচিত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানটোত খাদ্য যোগান আৰু অন্যান্য ব্যৱস্থাপনাত আছিল গ্ৰাম বিকাশ পৰিষদৰ কৰ্মচাৰী আবুল কালাম, নবীন দৈমাৰী আৰু ছৰিফুৰ ৰহমান।

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব জে পি নাড্ডা

২০২১ৰ নিৰ্বাচৰ বাবে তত্‍পৰ হোৱা দেখা গৈছে বিজেপি। অসমলৈ আহিছে ইজনৰ পিছত সিজন শীৰ্ষ নেতা। সময়ে সময়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ।

সেইদৰে ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন অভিলাসী আঁচনি। তাৰ মাজতে অহা ১১ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা।

১১ জানুৱাৰীত প্ৰথমে শিলচৰৰ পেৰেড গ্ৰাউণ্ডত সম্বোধন কৰিব জনসভা। সেইদিনাই নিশা গুৱাহাটীলৈ উভতি আহি নিশা কটাব আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত।

অতিথিশালাতে অনুষ্ঠিত হ’ব দুখনকৈ জৰুৰী বৈঠক। ভাগ ল’ব নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত। ১২জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰিব। দিনৰ ভাগতে ক’ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।

মিকিৰ বামুণীৰ কৃষকৰ কাষত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা  দখল দাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কাৰ্বি ছাত্র সন্থাই।আজি কাৰ্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণৰ নেতৃত্বত এটা প্ৰতিনিধি দল লালুং গাওঁ আৰু আমদাঙাত উপস্থিতহৈ নিৰ্যাতিত কৃষক সকলৰ বুজ লয়।দলটোত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণৰ লগতে উপসভাপতি বিষ্ণু টেৰণ,সহকাৰী সম্পাদক অজয় ৰংচেহন,কাৰ্যবাহী সদস্য ৰাজেন টিচ,চেচন টিমুং আছিল।কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে-ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰসা আছে।এই কৃষক সকলে ন্যায় লাভ কৰিব বুলি আমি আশাবাদী।তেওঁ কয় যে-পুঁঁজিপতিৰ স্বাৰ্থত চৰকাৰৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে কৃষক সকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে ই নিশ্চিতভাবে গৰিহণাযোগ্য।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দায়িত্বত থকা গৃহ বিভাগ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে।জাতি-মাটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ দিনত খিলঞ্জীয়া জনসাধাৰণেই সুৰক্ষিত নহয়।এই কথা মিকিৰ বামুণীৰ ঘটনাই প্ৰমাণ কৰিছে।এই ঘটনাৰ বিৰুদ্ধে সকলো জাতীয়ভাবাপন্ন দল সংগঠন একত্ৰিতহৈ সংগ্ৰাম কৰিব লাগিব।আমি কাৰ্বি ছাত্র সন্থা এই কৃষক সকলৰ লগত সদায় আছো।

মৰিগাঁৱত বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ জিলা সমিতি গঠন

মৰিগাঁও চহৰৰ শ্ৰী শ্ৰীৰাস মন্দিৰ প্ৰাংগনত কালি বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ মৰিগাঁও জিলা সমিতি খন গঠন কৰা হয়। মৰিগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ গোস্বামীৰ সভাপতিত্বত দিনৰ ভাগত অনুষ্ঠিত হোৱা সভাতেই ক্ষীৰোদ গোস্বামীক সভাপতি, ঘনকান্ত বৰা, চন্দ্ৰ তামুলী, অতুল চন্দ্ৰ বৰুৱা, প্ৰদীপ পৰাশৰ, নিত্যানন্দ ডেকাক উপ-সভাপতি আৰু বন্ধুৰাম কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। কালি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত‌ বিশ্বৰ হিন্দু মহাসংঘ অসম শাখাৰ সভাপতি তথা শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰম সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক ৰাসমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তিলেন বৰাৰ লগতে গুণমুগ্ধই আদৰণি জনায়। সভাত বিশ্ব হিন্দু মহাসংঘৰ সম্পাদক বলেন বৈশ্যকে ধৰি কেন্দ্ৰীয় বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ বন্ধ

মাঘ বিহুত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে বাবে সুখবৰ । চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ। মাঘ বিহুত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আছে সুখবৰ। মাঘ বিহুৰ উৰুকাত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বন্ধ পাব। অসম চৰকাৰে এই দিনটোত সীমিত বন্ধৰ ঘোষণা কৰিছে। ১৩জানুৱাৰীত সীমিত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।

কাকপথাৰত শৈক্ষিক বিপ্লৱৰ সূচনা : পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আদৰণি অনুষ্ঠান

উজনি অসমৰ একেবাৰে পূব প্ৰান্তৰ এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চল কাকপথাৰত এতিয়া নতুনকৈ সূচনা হৈছে শৈক্ষিক বিপ্লৱৰ । অঞ্চলটোৰ বহু প্ৰত্যাশিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৱনিৰ্মিত পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সভা কক্ষত আজি এক আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ থানুৰাম মজিন্দাৰৰ সঞ্চলনাত অনুষ্ঠিত আদৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰা, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণ, ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যাপক গিৰিশ কোঁৱৰ ।

নিজৰ বক্তব্যৰ মাজেৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই নৱনিযুক্ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক উমৈহতীয়া যত্নৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলটোক জ্ঞানৰ পোহৰেৰে আলোকিত কৰিবলৈ আহ্বান জনায়। কাকপথাৰ অঞ্চলত এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ গুৰুত্ব আৰু মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰত থকা স্থানীয় দল সংগঠন, প্ৰশাসন আৰু ৰাইজৰ সহযোগিতাৰ বিষয়ে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰানে বিষদভাৱে অৱগত কৰে। নৱ নিযুক্ত অধ্যাপকসকলক উদ্দেশ্যি  গিৰিশ কোঁৱৰে মানৱ সম্পদ গঢ় দিয়াই শিক্ষকৰ আটাইতকৈ পবিত্ৰ কৰ্ম বুলি উল্লেখ কৰে । অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তিসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখন মৰাণ জনগোষ্ঠীয় গামোচাৰে আদৰণি জনোৱা হয় ।  শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰা মহাবিদ্যালয়খনত সদ্য নিযুক্তপ্ৰাপ্ত অধ্যাপক- অধ্যাপিকাসকলক আদৰণি জনোৱাৰ লগতে এক চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত  হৈ যায়। অনুষ্ঠান সামৰণি পৰা লগে লগে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই বন্তি প্ৰজ্বলন আৰু তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণে মহাবিদ্যালয়ৰ কেণ্টিন উদ্বোধন কৰে । 

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । বিভিন্ন ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা, তেনেদৰে নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগো সাজু হৈছে । বিজেপি দল আৰু চৰকাৰৰ লগতে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্বাচন আয়োগক ২০ এপ্ৰিলৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে ।

আনহাতে, শেহতীয়া তথ্য অনুসৰি ১২ আৰু ১৩ জানুৱাৰীত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল ।

একেদৰে নিৰ্বাচন আয়োগে ইতিমধ্যে পৰ্যায়ক্ৰমে অসমলৈ ই ভি এম প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । একেদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানীও অসমলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰম্ভ কৰিছে ।

বিধায়ক বিমল বড়াৰে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাক্ষাৎ

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ অনীহাক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত আজিও প্ৰধান শিক্ষক পদ সৃষ্টি নকৰাটো আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা আদায় দিয়াৰ পাছত আকৌ ঘূৰাই লোৱাটো আশ্চৰ্যৰ বিষয়। এই দাবীত সন্মিলনীয়ে ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিধায়কক সৱিশেষ জ্ঞাত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বড়া, জয়পুৰ শিক্ষাখণ্ডৰ সাংগঠনিক সভাপতি মুনিন গগৈ, জিলাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ ৰাইদিঙীয়াৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে টিংখাঙৰ বিধায়ক বিমল বড়াক সাক্ষাৎ কৰি প্ৰাথমিক শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ২০১৯ চনৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নিৰ্দেশনা সত্বেও আজিপৰ্যন্ত কাৰ্যকৰী নকৰি মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ম্লান কৰিছে বুলি সন্মিলনীয়ে অভিযোগ ঊত্থাপন কৰিছে। শেহতীয়াকৈ সন্মিলনীৰ স’তে ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ আলোচনাৰ অন্তত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কোনো সময় সীমা নিৰ্দ্ধাৰণ নকৰাত সন্মিলনী সন্দিহান হৈ পৰিছে। স্মাৰক পত্ৰত দেশৰ কোনো ৰাজ্যতে নোহোৱা নোপোজা ঘটনা অসমৰ প্ৰাথমিক শিক্ষা বিভাগত সংঘটিত হৈছে বুলি এক গুৰুতৰ অভিযোগ কৰিছে। অসম চৰকাৰৰ কেবিনেট আৰু ৰাজ্যপালৰ দ্বাৰা অনুমোদিত সপ্তম দৰমহা বিধিক বিভাগে নসাৎ কৰিছে। দৰমহা বিধি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকক গ্ৰেড পে ৮৭০০ টকা সোতৰ মাহে আদায় দিয়াৰ পাছত ৭৪০০ টকালৈ অৱনমিত কৰা হয়। উল্লেখ্য যে দৰমহা বিধিয়ে ৰাজ্য চৰকাৰৰ ৩১ বিভাগৰ কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰাথমিক শিক্ষকৰ গ্ৰেড পে আঁসোৱাহ নিৰাময় সমিতিৰ যোগে কৰ্তন কৰি চৰম প্ৰতাৰণা কৰিছে। এবাৰ আদায় দিয়াৰ পাছত পুনৰ কৰ্তন কৰি শিক্ষকসকলক বঞ্চিত কৰি ক্ষোভিত কৰি তুলিছে। এনে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে। সন্মিলনীয়ে অতি সোনকালে ইয়াৰ কাৰ্যকৰীকৰণ কৰি প্ৰাথমিক শিক্ষকক ন্যায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি শৈক্ষিক ক্ষেত্ৰ বাদ দি বিত্তীয় লেন দেন তথা তথ্য আদান-প্ৰদানৰ সকলো ধৰণৰ কাৰ্যৰ পৰা শিক্ষকসকল আঁতৰি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে। উক্ত কাৰ্যসূচীৰ আগতেই বিভাগে প্ৰধান শিক্ষক পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰি কাৰ্যকৰী কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। লগতে প্ৰাথমিক শিক্ষাৰ গতিশীলতাত কোনো জটিলতাৰ সৃষ্টি হ’লে প্ৰাথমিক শিক্ষক সমাজ জগৰীয়া নহ’ব বুলি সকীয়াই দিয়ে। এই সম্পৰ্কে সকলো বিধায়ক, শিক্ষা বিষয়া, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষকসকললৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী আৰু সম্পাদক পংকজ বড়াই।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।

১১মে’ৰ পৰা ১৪ জুনলৈ অনুষ্ঠিত হ’ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা। আনহাতে ২০ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ। 

পৰীক্ষাৰ সময়সূচীঃ

পৰীক্ষাসমূহ পুৱা ৯ বজাৰ পৰা ১১বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৩.৩০ বজালৈ অনুষ্ঠিত হ’ব। আনহাতে ৩০ নম্বৰৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব পুৱা ৯ বজাৰ পৰা ১০.৩০ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৩ বজালৈ।

উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ ফলত প্ৰায় দহমাহ ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত চলিত বর্ষত ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে শিক্ষা সংসদে।

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ’ব। আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ জিলাৰ আক্ৰাছুৰ উদ্যোগত আৰু সেৰফাংগুৰী-ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ সহযোগত বৃহস্পতিবাৰে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰিছে।

ইয়াৰোপৰি ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ ওচৰত আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনাই ইতিমধ্যে সেই বিশেষ সম্প্ৰদায়ে চলে-বলে, কৌশলে কমতাপুৰৰ ভূমিতে কোচ ৰাজবংশীক সংখ্যালঘুত পৰিণত কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি মন্ত্ৰী তেখেতে এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলি কয়।

আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ দি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ অবিহনে আক্ৰাছু কেতিয়াও ক্ষান্ত নহয়। ১৪ গৰাকী শ্বহীদৰ একাংশ নিকটাত্মীয়ক সম্বৰ্ধনা জ্ঞাপন কৰি শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি জীৱেশ ৰায়ে আক্ৰাছুৱে নিজ লক্ষ্যৰ পৰা এক ইঞ্চিও বিচলিত নহয় বুলি মন্তব্য কৰে।

সমস্যাৰে ভৰপুৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জীৱেশ ৰায়ে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ মঞ্চত উপবিষ্ট থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে। আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজ ভাষণত কয় যে, সমস্যাৰে ভৰপুৰ জনগোষ্ঠীৰ সমস্যা সমাধানাৰ্থে সকলোৱে নিজৰ সংগ্ৰাম আগবঢ়াই নিছে আৰু জনগোষ্ঠীৰ সংগ্ৰামৰ প্ৰতি এবছুৰ সমৰ্থন আছে।

উল্লেখ্য যে, কাৰ্যসূচী অনুসৰি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, নৱনিৰ্মিত শ্বহীদবেদী শুভ উদ্বোধন কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে।