দৈনন্দিন বাৰ্তা সেৱাঃ সাংবাদিকতা এৰি এইবাৰ ৰাজনীতিত ভৰি দিলে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই। কিছুদিন পূৰ্বে সাংবাদিকতা ত্যাগ কৰা খগেন কলিতাই আজি ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি ভালে সংখ্যক জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিত আনু্ষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
অসম ডাউন টাউন বিশ্ববিদ্যালয়ত সপ্তম সমাৱৰ্তন দিৱস উদযাপন
দৈনন্দিন বাৰ্তা সেৱাঃ সোমবাৰে অসম ডাউন টাউন ইউনিভাচিটিৰ সপ্তম সমাবর্তন দিবস উদযাপন৷ কোৰোনাৰ আতংকৰ মাজতো প্ৰতি বছৰ দৰে এইবাৰো সপ্তম সমাবৰ্তম দিৱস পালন কৰি বিশ্ববিদ্যালৰ অফিচিয়েল ইউটিউব মাধ্যমেৰে প্ৰকাশ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপাচাৰ্য ড০ এন. এন. দত্ত, ড০ অমৰজ্যোতি চৌধুৰী আৰু ড০ নন্দিতা চৌধিৰী উপস্থিত থকাৰ লগতে শৈক্ষিক পৃথিৱী, উদ্যোগ আৰু বিশ্ববিদ্যালয়ৰ সন্মানীয় ট্ৰাষ্টী সদস্যসকলৰ অন্যান্য সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে৷
বিশ্ববিদ্যালয়ৰ সংগীতৰ লহৰৰ সৈতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এই শৈক্ষিক অনুষ্ঠানৰ আৰম্ভ কৰা হয়। চলিত বৰ্ষৰ ৬৪৭ জন স্নাতক আৰু ২০৯ স্নাতোকোত্তৰৰ লগতে ৪ গৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়৷ প্ৰতি বছৰে স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থী সকলক উত্সাহ জনোৱাৰ উদ্দেশ্যেৰ টাউন বিশ্ববিদ্যালয়ৰ সপ্তম সমাবর্তন উদযাপন কৰি আহিছে৷
মুখ্যমন্ত্ৰীৰ প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা তথা অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ বিয়োগ, ৰাজ্যত শোকৰ ছাঁ
দৈনন্দিন বাৰ্তা সেৱাঃ সোমবাৰে মাজনিশা মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱে গুৱাহাটীৰ এপ’ল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্তীৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ৷ নেডফিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালকৰ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯১বছৰ৷ দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ, হৃদৰোগ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল অৰ্থনীতিবিদ গৰাকী৷ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ পদক্ষেপ লোৱাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷
ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব সমুজ্জল ভট্টাচাৰ্যই
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দেওবাৰে খোদ এই কথা সাংবাদিকৰ আগত সদৰী কৰে। উল্লেখ কৰিব পাৰি যে বহু দিন ধৰি অসুস্থ হৈ থকাৰ বাবে ঘৰতে চিকিত্সাধীন হৈ আছিল আছুৰ জ্যেষ্ঠ নেতাগৰাকী।
অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০০,৭০৯ জনলৈ বৃদ্ধি
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৩১৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০০,৭০৯ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭১,৬৮০ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৮,১৫৮ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৬৯ জন লোক।
হোজাইত সাহিত্য সভাৰ সাহিত্য পাঠ, গ্ৰন্থ উন্মোচনী অনুষ্ঠান
হোজাইঃ দীৰ্ঘ দিন বিৰতিৰ পিছত আজি হোজাই জাতীয় বিদ্যালয়ৰ প্ৰঙ্গনত হোজাই জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী আৰু নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে হোজাইৰ স্পন্দন ডান্স একাডেমীৰ ছাত্ৰী ভাস্বতী গোস্বামী, প্ৰত্যাশি কাশ্যপ, নৱলীনা নাথ আৰু দেৱদত্তা ঘোষৰ দুৰ্গা বন্দনা শীৰ্ষক এটি নৃত্য পৰিবেশন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠানত সাহিত্যক পেঞ্চনাৰ ড০ সাৰদানন্দ দেৱগোস্বামীৰ উপন্যাস ‘উত্তল সৰত্নি’ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই উন্মোচন কৰে। বিৰাজ কুমাৰ বৰাৰ কাব্য সংকলন ‘জীৱন নদীৰ পালতৰা নাওঁ’ উন্মোচন কৰে অনুপ কুমাৰ বৰঠাকুৰ আৰু ‘জীৱনৰ জোনাক বিচাৰি’ নামৰ গল্প সংকলন খন উন্মোচন কৰে সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই। নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠানত বিভাষ দাস আৰু পদ্মকান্ত বৰাই গল্প, ডাঃ চামছুল হকে কঠিকা, কল্পনা দেৱী গোস্বামী, এম জামাল উদ্দীন, নিবেদিতা শৰ্মা, চন্দনা ডেকা, শশী প্ৰভা শইকীয়া, আৰাধনা শৰ্মা,অমল কলিতা, অনুপ কুমাৰ বৰঠাকুৰ, অনুপ কুমাৰ বৰঠাকুৰ আৰু সাগৰিকা মহন্তই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে অনাতাঁৰ শিল্পী পদ্মিনী ডাউলাগাপুৱে গীত পৰিবেশন কৰে৷ সাহিত্যক ডঃ সাৰদানন্দ দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানত সমীক্ষক হিচাপে উপস্থিত থাকে সাহিত্যক পদ্ম কান্ত নাথ।
হাইদৰাবাদত ধাৰাসাৰ বৃষ্টিপাত, বানপানীত নিহত প্ৰায় ৫০ জন
ডিজিটেল ডেস্কঃ ক’ৰবাত যদি বানপানী আন ক’ৰবাত আকৌ ভূমিকম্পৰ জোকাৰণী৷ চলিত বৰ্ষত বিপদে লগ নেৰা হৈছে জীৱ-কুলৰ৷ কৰোনা ভাইৰাছৰ আতংকৰ মাজতে হাইদৰাবাদত হোৱা তীব্ৰ বৰষুণৰ বাবে সৃষ্টি হোৱা বানপানীত প্ৰায় ৫০ জন ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ৰাজ্যৰ ৬০০০ কোটি টকাৰ লোকচান হৈছে৷ তেলেঙ্গানাৰ ৰাজধানী হাইদৰাবাদত হোৱা তীব্ৰ বৰষুণৰ বাবে চহৰত বানপানীৰ সৃষ্টি হয়। বানপানীৰ চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকো ক্ষতিগ্ৰস্ত হৈছে৷প্ৰতীকি ফটো
নবেম্বৰত প্ৰকাশ হ’ব মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ হোৱাৰ জাননী
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ বাবে জাননী অহা মাহত প্ৰকাশ কৰা হব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছা সমূহ উচ্চ মাধ্যমিকলৈ পৰিৱৰ্তন কৰা হব৷ আনহাতে সকলো শিক্ষানুষ্ঠানৰ দৰেই নামভৰ্তি হব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই বৰ্তমান সময়ত যি সকল ছাত্ৰ-ছাত্ৰীয়ে মাদ্ৰাছাত চূড়ান্ত বৰ্ষত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলে পূৰ্বৰ ব্যৱস্থাৰে উত্তীৰ্ণ হব পাৰিব। সংস্কৃত টোল সমূহ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃতি বিশ্ববিদ্যালয়ৰ অধীনলৈ নি টোলসমূহ ভাৰতীয় সংস্কৃতি, সভ্যতা আৰু ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ কৰি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হব ।
ৰাইজৰ দলৰ খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা
ডিজিটেল ডেস্কঃ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানকে ধৰি কেবাটাও লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি শনিবাৰে আঞ্চলিক ৰাজনৈতিক দল “ৰাইজৰ দলে” দলীয় খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা কৰে| সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাষ্কো ডি শইকীয়াই সংবিধানৰ বিশেষ বৈশিষ্ঠ আৰু আন দিশ তথা বিষয়বস্তুসমূহ প্ৰকাশ কৰে| সংবিধানৰ খনৰ প্ৰস্তাৱনা- “ভাৰতৰ সংবিধানৰ সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ আদৰ্শক সাৰোগত কৰি এক ঐক্যবদ্ধ শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়িবলৈ, অসমবাসীৰ জাতীয় আশা-আকাংক্ষাক সাকাৰ কৰিবলৈ তথা এখন উন্নত অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰি আমি আমাৰ এই সংবিধান গ্ৰহণ কৰিছো। বিভিন্ন জাতি, জনগোষ্ঠীৰ, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰি প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু অসমীয়া জাতিৰ সামুহিক জাতীয় সপোনক বাস্তৱ ৰূপ দিবলৈ এই দল গঠন কৰা হৈছে। ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ। সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা-ভাষীৰ সম-মৰ্যাদা, সম-অধিকাৰ, সম-বিকাশৰ প্ৰতিশ্ৰুতিৰে আমি এই দল গঠন কৰিছো।” মুখ্য আহ্বায়ক গৰাকীয়ে জনোৱা অনুসৰি ‘ৰাইজৰ দল’ৰ প্ৰতীক অসমৰ ৰাইজৰ পৰামৰ্শ আৰু মতামতৰ ভিত্তিত নিশ্চিত কৰা হ’ব। সংবিধানখনত ২২ টা অনুচ্ছেদ আছে।
ক্ৰীড়া পেঞ্চনাৰ দুৰ্গা বৰাৰ মৃত্যুত কমাৰবন্ধাত শোকৰ ছাঁ
কমাৰবন্ধাঃ অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ গোলাঘাট কমাৰবন্ধাৰ দুৰ্গা বৰাৰ দেহাবসান৷ দুৰ্গা বৰাদেৱে ছাত্রাৱস্থাত হাইজাম্পত অসমক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত ভেটাৰ্ণ ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক পৰ্যায়তো তেখেতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ কেৱল হাইজাম্পে নহয় হাইজাম্পৰ লগতে ভলীবল, শ্বতপুত থ্ৰৌ, ডিচকাচ থ্ৰৌ, জেভলিন থ্ৰৌ আদি খেলসূহতো পাৰদৰ্শী আছিল প্ৰয়াত বৰা৷ দুৰ্গা বৰাই মৃত্যুৰ সময়লৈকে কমাৰবন্ধা ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আছিল। ১৫ অক্টোবৰত মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭০ বছৰ৷ প্ৰয়াত বৰাৰ মৃত্যুত কমাৰবন্ধা ক্ৰীড়া সন্থা, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কমাৰবন্ধা আঞ্চলিক সমিতি, জয়হিন্দ পুথিভঁৰাল আৰু ক্লাব, কমাৰবন্ধা ব্যৱসায়ী সন্থা, কমাৰবন্ধা আঞ্চলিক চুতীয়া ছাত্র সন্থা, চানি ক্লাব আৰু পুথিভঁৰাল, কমাৰবন্ধা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে৷











