ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৬৯৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০১,৪০৭ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৩,২১০ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৭,৩১৯ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৭৫ জন লোক।
আই পি এল’ত আজি পঞ্জাৱ বনাম দিল্লী, ৰাজস্থানৰ হাতত পৰাস্ত চেন্নাই
দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি পঞ্জাৱৰ মুখামুখি হ’ব দিল্লী৷ চলিত বৰ্ষত পঞ্জাৱে ৯ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ৯ খন খেলৰ ৭ খনত জয়ী হৈ পইন্ট তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰিছে৷ আজিৰ ৰাজস্থান বনাম বেঙ্গালুৰ খেলখন ডুবাইৰ ৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে আইপিএলত সোমবাৰে অনুষ্ঠিত চেন্নাই বনাম ৰাজস্থান খেলত চেন্নাইয়ে প্ৰথমে বেটিং কৰি ৰাজস্থানৰ সন্মুখত ১২৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৰাজস্থানে ১৫ টা বল বাকী থকোতেই লক্ষ্যত উপনীত হৈ জয়লাভ কৰে৷
সাৱধান! আহি আছে কা, মাত্ৰ তিনিমাহৰ প্ৰয়োজন
♦️ শীঘ্ৰেই বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন।
♦️ গৃহ মন্ত্ৰালয়ে আগষ্ট মাহত সংসদৰ স্থায়ী কমিটিক জনোৱা মতে আৰু তিনিমাহ প্ৰয়োজন হ’ব।
♦️ কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিৱেশেৰ বাবে কিছু পলম হ’ল।
♦️ বিজেপি দল ‘কা’ ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
♦️ সোমবাৰে পশ্চিমবঙ্গৰ চিলিগুৰিত দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে বিজেপিৰ সভাপতি জে পি নড্ডাই।
গহপুৰত ঘৰচীয়া হাতীৰ উপদ্ৰৱত দোকানসহ তিনিটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন : অৱশেষত ট্ৰেংকুলাইজ কৰি বশ কৰিলে বন বিভাগে
ডুবিয়া, ১৯ অক্টোবৰঃ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খাটৰবাৰীত যোৱা নিশা এটা ঘৰচীয়া হাতীয়ে উপদ্ৰৱ চলাই এলেকাটোৰ ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। এক প্ৰকাৰ উন্মাদ হৈ পৰা হাতীটো আজি বিয়লি বন বিভাগে ট্ৰেংকুলাইজ কৰি বশ কৰিব লগা হয়। জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ পৰা অৰুনাচল প্ৰদেশলৈ আনি থকা হাতীটো কালি বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাটৰবাৰীত জিৰণিৰ বাবে মাউতে বান্ধিবলৈ লওতেই অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে হাতীটোৱে। উন্মাদৰ দৰে আচৰণ কৰা হাতীটোৱে মাউতক খুন্দিয়াই পেলাই এলেকটোত উপদ্ৰৱ চলাবলৈ ধৰে। মাউতে অশেষ চেষ্টা কৰিও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা হাতীটোৱে নিশাৰ ভাগত এলেকাটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। হাতীটোৱে উপদ্ৰৱ চলাই এলেকাটোৰ অনন্ত বৰা আৰু বাবু বৰাৰ বাসগৃহৰ লগতে মুন বৰাৰ দোকানগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে। তদুপৰি নিত্যানন্দ গোস্বামীৰ চৌহদৰ পকী দেৱাল ভাঙি পেলায়। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটো বশ কৰাৰ চেষ্টা কৰে যদিও বিফল হয়। অৱশেষত কাজিৰঙাৰ পৰা অহা ডব্লিউ ডব্লিউ এফ আৰু পশু চিকিৎসকৰ দলে আজি বিয়লি ট্ৰেংকুলাইজ কৰি হাতীটো বশ কৰিব লগা হয়। ভাটি খোলা অৱস্থাৰ বাবেই ঘৰচীয়া হাতীটো এনেদৰে উন্মাদ প্ৰায় হৈ পৰে বুলি অনুমান কৰা হৈছে। অন্যহাতেদি হাতীটোৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক হাতীটোৰ মালিক পক্ষই উপযুক্ত ক্ষতি পূৰণ আদায় দিয়াৰ দাবী জনাইছে স্হানীয় ৰাইজে।
পুনৰ খাকী পোছাকত কালিমা এজন আৰক্ষী বিষয়াই
দৈনন্দিন বাৰ্তা সেৱাঃ SI কেলেংকাৰীৰ উত্তেজনা মাৰ নাযাওতে পুনৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াই৷ উত্কোচলৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল ASI পংকজ বৰা৷৷ বৰ্তমান জেৰা অৱ্যাহত মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া পংকজ বৰাক৷ ৰক্ষকে ভক্ষকৰ ৰূপত এনেদৰে অৱৰ্তীন হোৱাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
.
ফিডিঙ ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ, বানাক্ৰান্তক খাদ্য সামগ্ৰীৰ লগতে চেনটেৰী নেপকিন মাক্স বিতৰণ
দৈনন্দিন বাৰ্তা সেৱা, নগাওঁঃ নগাওঁ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ফিডিঙ ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাৰ সহযোগত সমাজৰ দৰিদ্র লোকৰ মাজত খাদ্য আৰু খাদ্য সামগ্রী বিতৰণ কৰি আহিছে৷ ফিডিঙ ইণ্ডিয়াৰ নগাওঁ জিলা শাখাই কালি বটদ্ৰৱা সমষ্টিৰ বৰভেটিত প্ৰায় ডেৰশতাধিক বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্রীৰ লগতে নেপকিন আৰু মাস্ক বিতৰণ কৰে৷
কালি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অনুষ্ঠানত ফিডিঙ ইণ্ডিয়াৰ নগাঁও জিলা শাখাৰ প্ৰিয়াংশী প্ৰিয়া বৰা, মহৰ্ষি বিশাল, বিদিশা শইকীয়া, জুবেৰ ইছলাম, চাদিক হুছেইন, জোনাব আহমেদ, দিপীকা আদি উপস্থিত থাকে। বিগত চাৰি মাহ ধৰি সংস্থাটোৱে বিয়া সবাহত ৰাহি হোৱা খাদ্য সংগ্ৰহ কৰি দৰিদ্ৰ অঘৰী লোকৰ মাজত বিতৰণ কৰি আহিছে। নগাওঁৰ এই সকল মানৱ দৰদী ছাত্ৰ ছাত্ৰীৰ এনে মহানুভৱতাক ৰাইজে ভূয়সী প্ৰশংসা কৰে৷
চৰকাৰী চাকৰীয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, বিধায়ক পদ্ম হাজৰিকা
দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাটঃ চৰকাৰৰ ঘৰৰ কেইটামান চাকৰীয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে৷ কৃষি কৰ্মৰ জৰিয়তহে নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিব৷ ৰাজ্যৰ গাখীৰ, মাছ, মাংসৰ বজাৰখন আমি প্ৰথমে দখল কৰাৰ পৰিকল্পনা লৈছো। অসমত প্ৰয়োজনীয় সকলো মাছ, মাংস গাখীৰ আমাৰ ৰাজ্যতে উপাদনৰ লক্ষ্য লব লাগিব৷ দেওবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত অনুষ্ঠিত বিজেপিৰ বিশ্বনাথ জিলাৰ মহিলা মৰ্চ্চাৰ এক সভাত এনেদৰে মন্তব্য আগবঢ়াই বিধায়ক পদ্ম হাজৰিকাই৷
বিশ্বনাথ জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী লীণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, প্ৰাক্তন সভাপতি পৰেশ বৰকাকতী, পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায় অবসৰী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ, ডা° ৰঞ্জন গগৈ উপস্থিত থাকে৷ সভাত সভানেত্ৰী লীণা শইকীয়াই আগন্তুক ২০২১ নিৰ্ব্বাচনত বিশ্বনাথ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি বিজেপিয়ে দখল কৰাৰ লগতে অসমত পুনৰ বিজেপি দলৰ চৰকাৰ হব বুলি মন্তৱ্য কৰে৷
ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত কুমচাং বনাঞ্চলত বৃক্ষৰোপণ
দৈনন্দিন বাৰ্তা সেৱা, ডিৰাকঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আজি কুমচাং বনাঞ্চলত এক বৃক্ষৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰে। মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ সকলে হাতে হাতে একোটাকৈ গছ পুলি লৈ বিদ্যালয়খনৰ নাতিদূৰত থকা কুমচাং বনাঞ্চলত বিভিন্ন ফলমূলৰ লগতে বিভিন্ন ধৰনৰ গছ পুলি ৰোপণ কৰে। চিৰসেউজ বনাঞ্চলসমূহৰ গছ-গছনিসমূহ কাটি পৰিৱেশ বিনষ্ট কৰি অহা পৰিলক্ষিত হোৱাৰ সময়তে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যক আগত ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিমল মৰাণে সাংবাদিকৰ অৱগত কৰে। মৰাণে অনাগত দিনত স্থানীয় ৰাইজক বনাঞ্চলখন ৰক্ষাৰ হকে বৃক্ষ ৰোপণকে আদি কৰি বিভিন্ন কায্যসূচী গ্ৰহণ কৰি বনাঞ্চলখন সেউজীয়া কৰি তোলে।
ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৫ লাখৰ ঘৰ
ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ৫৫,৭২২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ধৰা পৰাৰ লগতে ৫৭৯ জন লোকৰ মৃত্যু হৈছে। দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৫,৫০,২৭৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰিতে মৃত্যু হৈছে ১,১৪,৬১০ জনৰ৷
সাংবাদিকতা এৰি ৰাজনীতিলৈ এইবাৰ খগেন কলিতা
দৈনন্দিন বাৰ্তা সেৱাঃ সাংবাদিকতা এৰি এইবাৰ ৰাজনীতিত ভৰি দিলে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই। কিছুদিন পূৰ্বে সাংবাদিকতা ত্যাগ কৰা খগেন কলিতাই আজি ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি ভালে সংখ্যক জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিত আনু্ষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।











