Home Blog Page 3159

নগাঁৱৰ তুলসী দেউৰী পঞ্চায়তত একেদিনাই ৯ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ২০ অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে তুলসী দেউৰী গাঁও পঞ্চায়ত কাৰ্যলয় চৌহদৰ সমূহীয়া ভৱন, বুঢ়াগোঁহাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদৰ নৱ নিৰ্মিত পথ, লাচিত যুৱক সংঘৰ পুথিভঁৰাল, ৰাঙলুমুখ গ্ৰাম্য পুথিভঁৰাল, শুকতিপুতা সমূহীয়া ভৱন, গান্ধীজী এম ই স্কুল চৌহদৰ সমূহীয়া ভৱন, পমুঐ দেউৰী বাবুল দাসৰ ঘৰৰ পৰা বৰজানলৈ যোৱা নবনিৰ্মিত পথ, শুকতিপুতা পথৰ পৰা ২নং শুকতিপুতালৈ যোৱা নবনিৰ্মিত পথ আৰু কোচ গাঁও তিনিআলিৰ পৰা মলাৰাম বৰাৰ গৃহলৈ যোৱা নবনিৰ্মিত পথটি।উল্লেখিত আঁচনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে।বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে। আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ কান্ত দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য অনিতা বৰা, ভাৰতীয় জনতা পাৰ্টিৰ পাখিমৰীয়া মন্ডলৰ সভাপতি নৰেন দাস প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি আৰু ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।

চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, এজনক ফাঁচি, ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্য কপাই যোৱা চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচিৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডত ২৫ জন দোষী সাব্যস্ত হৈছিল। আন অভিযুক্ত ২৪ জনক ১ হাজাৰ টকাকৈ জৰিমনা লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডীত কৰে।

সন্ধিয়া ৬ বজাত দেশবাসীক উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে দিব বিশেষ বাৰ্তা

♦ মঙলবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিব প্রধানমন্ত্ৰী মোডীয়ে।

♦ आज शाम 6 बजे राष्ट्र के नाम संदेश दूंगा। आप जरूर जुड़ें। – এইদৰে টুইটাৰযোগে কথা সদৰী কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে্।

♦ অৱশ্যে কি বিষয়ক লৈ দেশবাসীক সেয়া জনোৱা নাই।

অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহনত বোনাছৰ দাবীত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

দৈনন্দিন বাৰ্তা সেৱা, তিনিচুকীয়াঃ কেন্দ্ৰীয় চৰকাৰে ৰে’ল শ্ৰমিক সকলৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বোনাছ আজিও আদায় নিদিয়াত সমগ্ৰ দেশৰ ৰে’ল শ্ৰমিক সকল জাঙুৰ খাই উঠা দেখা গৈছে। অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহন মৰ্মে আজি ৰে’ল শ্ৰমিক সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শ্ৰমিক বিৰুধী নীতিৰ বিৰুদ্ধে এন এফ ৰেলৱে মজদুৰ ইউনিয়নেও বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া লগতে নিউ তিনিচুকীয়া, লিডু্, ডিব্ৰুগড় ৱৰ্কশ্বপ, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিৰ লগতে সমগ্ৰ এনে এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৫২ টা শাখাই প্ৰাপ্য বোনাছ আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰপা‌য়ন কৰে। কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় নেতা তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি ক‌য় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যোৱা ৭০ বছৰত ৰে’ল শ্ৰমিক সকলে লাভ কৰি অহা মৰগীয়া ভাত্তা কৰ্তন কৰাৰ উপৰিও দেশৰ জনতাৰ অজ্ঞাতে ভাৰতীয় ৰেলক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ পূৰ্ণ পৰিকল্পনা কৰিছে লগতে শ্ৰম আইন বিলুপ্তি ঘটাইছে। আম্বানীৰ দৰে বৃহৎ-বৃহৎ কৰ্প’ৰেট খণ্ডক হাজাৰ হাজাৰ কোটী টকা ঋণ মাফ কৰি দিয়াৰ প্ৰসঙ্গত উল্লেখ কৰি কোৰোনা মহামাৰীৰ লকডাউনৰ সময়ত নিজৰ জৱনকো তুচ্ছ কৰি দিনে নিশাই মালগাড়ী, শ্ৰমিক ৰে’ল চলোৱা ৰে’ল শ্ৰমিক সকলৰ বোনাছ আদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে বুলি কয়। তেখেতে লগতে কয় যে চৰকাৰে ৰে’ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য বোনাছ দিয়াত ব্যৰ্থ হয় তেন্তে ৰে’ল অৱৰোধৰ দৰে প্ৰবল আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ তথা এন এফ ৰেলৱে মজদুৰ ইউনিয়ন।

যোগীঘোপাত ভাৰতৰ প্ৰথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱাৰ

♦ যোগীঘোপাত ভাৰতৰ প্রথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা স্থাপন।

♦ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থাপন কৰে আধাৰশিলা।

♦ ৭০০ কৌটি চকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব এই পাৰ্ক খন।

মহানগৰীত আৰক্ষীৰ জালত চাকৰিয়াল চুৰ

দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটীঃ অসমত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ড। সাধাৰনতে একাংশ লোকে কাম-কাজ নকৰি চুৰি কৰ্মত নিয়োজিত হোৱাৰ বিপৰিতে আপুনি জানি আচৰিত হব চৰকাৰী চাকৰিয়ালেও নামি পৰিছে চুৰিকৰ্মত। ঘটনাটো গুৱাহাটীৰ সাতগাঁওত এখন ম’বাইলৰ দোকানৰ চিচি টিভিত ধৰা পৰিছে। ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত পৰিল অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক মঃ আলি আশ্ৰফ

পাকিস্তানত পুনৰ টিকটকৰ ব্যৱহাৰ অনুমতি

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্কঃ পাকিস্তানত পুনৰ আৰম্ভ হ’ল ব্যৱহৃত টিকটকৰ ব্যৱহাৰ। দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অশ্লীলতাৰ বাবে জনপ্ৰিয় এপটো নিষিদ্ধ কৰিছিল পাকিস্তান চৰকাৰে৷ ইয়াৰ পিছতে চীন চৰকাৰে দিয়া চাপৰ বাবেই অৱশেষত দহদিন পিছত পুনৰ টিকটকৰ ব্যৱহাৰ অনুমতি প্ৰদান কৰে পাকিস্তান চৰকাৰে৷ এই ঘটনাৰ পিছত চীন আৰু পাকিস্তানৰ সম্পৰ্কত কেনেদৰে ইয়াৰ প্ৰভাৱ পৰে সেয়া দেশ দুখনৰ লক্ষ্যণীয় হ’ব।

গঠন হ’ল চৰাইদেউ জিলা ছাত্ৰ সন্থা

দৈনন্দিন বাৰ্তা সেৱা, শিৱসাগৰঃ চৰাইদেউক জিলা ঘোষণাৰ পিছতেই কিছুদিন পূৰ্বেই চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সমিতিখন ভংগ কৰা হৈছিল৷ মঙলবাৰে শিৱসাগৰত অনুষ্ঠিত আছুৰ অধিৱেশনৰ বিষয় বাচনি সভাই নতুনকৈ চৰাইদেউ জিলা সমিতিখন গঠন কৰে৷ নৱগঠিত চৰাইদেউ জিলা ছাত্ৰ সন্থাত দিলিপ বড়াক সভাপতি আৰু মৰাণৰ অনুপজ্যোতি ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়৷

চেপনত সংঘটিভ ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত চালক চাহিল ৰহমান

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ডিমৌ সমীপৰ চেপনত সংঘটিভ হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS-04-T-3788 নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰে এটা দ-খাৱৈত বাগৰি পৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিভ হয়৷ দুৰ্ঘটনাত থিতাতে গাড়ীখনৰ চালজন নিহত হয়৷ আনহতে দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় দুজনকৈ আৰোহী৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে চালক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ নিহত ব্যক্তিজন ASEB গড়গাঁৱৰ কৰ্মচাৰী চাহিল ৰহমান বুলি জানিব পৰা গৈছে৷ ইয়াকে লৈ এতিয়া সমগ্ৰ নাজিৰাত শোকৰ ছাঁ পৰিছে।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০১,৪০৭ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৬৯৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০১,৪০৭ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৩,২১০ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৭,৩১৯ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৭৫ জন লোক।