Home Blog Page 3158

দলগাওৰ দিব্যাঙ্গ এজনী কণ্ঠ শিল্পী, পঢ়া কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে গীতৰ চৰ্চা

দৈনন্দিন বাৰ্তা সেৱা, দৰংঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নেতাজী নগৰৰ এগৰাকী দিব্যাঙ্গ কণ্ঠ শিল্পী শিল্পী সাহা। দুয়োটাই চকু অন্ধ শিল্পী গৰাকীৰ  কণ্ঠত  মন পৰশা গীত। এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহন কৰা পিতৃহীন শিল্পী সাহাই সৰুৰে পৰাই কৰি আহিছে সংগীতৰ চৰ্চা। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সাহাই অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আৰ্থিক ভাৱে দুৰ্বল দিব্যাংগ শিল্পীগৰাকীয়ে আজিলৈ পোৱা নাই কোনো চৰকাৰী সা-সুবিধা। সংগীত চৰ্চাৰে জীৱন অতিবাহিত কৰা সাহই ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে গান গোৱাৰ সপোন মনত পুহি ৰাখিছে।

ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী, গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাৰ ইংগিত

দৈনন্দিন বাৰ্তা সেৱাঃ অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ। মঙলবাৰে এই কথা সদৰী কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে। ভাৰত-চীনৰ মাজত চলি থকা বিবাদৰ লগতে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিৰ এই ভ্ৰমণকালত।

ভাৰতৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ‘ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত বহুত প্ৰতিভাশালী লোক আছে আৰু তেওঁলোকে হিমালয়ত প্ৰতিদিনে চীনৰ আক্ৰমক স্থিতিৰ সৈতে মোকাবিলা কৰে’ বুলি উল্লেক কৰে। ভাৰত-চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ দুই মন্ত্ৰীৰ আগমনে আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

দেশৰ লগতে অসমতো পালন কৰা হয় আৰক্ষী স্মৃতি দিৱস

দৈনন্দিন বাৰ্তা সেৱাঃ বুধবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে আৰক্ষী স্মৃতি দিৱস। দেশৰ হকে নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি আত্মবলিদান দিয়া আৰক্ষী বিভাগৰ বীৰ জোৱান সকলক শ্ৰদ্ধাৰে সোৱঁৰিলে প্ৰতিজন ভাৰতীয়ই। আজি দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বীৰ আৰক্ষী জোৱানসকলক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

অসমত কেন্দ্ৰীয়ভাৱে কাহিলীপাৰাস্থিত চতুৰ্থ আৰক্ষী বেটলিয়নত পালন কৰা হয় আৰক্ষী স্মৃতি দিৱস। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ উপস্থিত থাকে।

টকা নহলে নাপায় আধাৰ কাৰ্ড! ধন সংগ্ৰহত নামিল পঞ্চায়তৰ ৱাৰ্ড সদস্য, নীৰৱ চৰকাৰ-প্ৰশাসন

দৈনন্দিন বাৰ্তা সেৱা, দৰংঃ চৰকাৰৰ শূণ্য সহনশীলতাৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উন্মচিত হৈছে দৰঙত দলগাঁৱত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক। দৰঙৰ বিভিন্ন পঞ্চায়ত এলেকাত জিলা প্ৰশাসনে এজেঞ্চিৰ জড়িয়তে আধাৰ কেন্দ্ৰ স্থাপন কৰিছে যদিও সংশ্লিষ্ট আধাৰ কেন্দ্ৰ সমূহে আধাৰ কাৰ্ড বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

টকা নহলে নাপায় আধাৰ কাৰ্ড! লকডাউনত জুৰুলা কৰা জনতাৰ ওপৰত ৰামটাঙোন আধাৰ এজেঞ্চিৰ। কল্যান গাওঁ পঞ্চায়তত প্ৰায় ৮০০ খন অতিৰিক্ত PMAY গৃহৰ বাবে আধাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও সহজ সৰল লোকৰ পৰা গাইপতি ৩০০-৫০০ টকাকৈ সংগ্ৰহ কৰাৰ গুৰতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত ৱাৰ্ড সদস্য সকলে ধন সংগ্ৰহ কৰা বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

বৃহস্পতিবাৰৰ পৰা পুনৰ ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন!

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ১৪ দিনৰ বাবে লকডাউনৰ সিদ্ধান্ত লোৱা হৈছে। পিছে এয়া অসমৰ ঘটনা নহয়, মণিপুৰ চৰকাৰে গ্ৰহন কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে মণিপুৰতো দিনক দিনে বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজাৰ পৰা মণিপুৰত কাৰ্যকৰী হ’ব লকডাউন। এই লকডাউনৰ সময়ছোৱাত বজাৰ, দোকান পোহাৰ বন্ধ থকাৰ লগতে চৰকাৰী, বেচৰকাৰী সকলো প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ বিপৰিতে চিকিত্সালয় লগতে জৰুৰীসেৱা সমূহ খোলা থাকিব।

আই পি এল’ত আজি কলকতা বনাম বেঙ্গালুৰ, পাঞ্জাৱৰ হাতত পৰাস্ত দিল্লী, দুটা শতকীয় ইনিংছেৰে ধাৱানৰ অভিলেখ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি কলকতাৰ মুখামুখি হ’ব বেঙ্গালুৰ। চলিত বৰ্ষত কলকতাইল ৯ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে বেঙ্গালুৰে ৯ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ কলকতা বনাম বেঙ্গালুৰ খেলখন আবু ধাবীৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত মঙ্গলবাৰে অনুষ্ঠিত পাঞ্জাৱ বনাম দিল্লী খেল খনত দিল্লীয়ে প্ৰথমে বেটিং কৰি পাঞ্জাৱৰ সন্মুখত ১৬৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হৈ ৫ উইকেটত পাঞ্জাৱে জয়লাভ কৰে৷ উল্লেখনীয় যে, পৰাজয়ৰ মুখ দেখিলেও আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত ক্ৰমাগত দুটা শতকীয় ইনিংছেৰে শিখৰ ধাৱানৰ অভিলেখ সৃষ্টি কৰে।

দেশক ভাষণ নহয় সঠিক সমাধানৰহে প্ৰয়োজন, প্ৰধানমন্ত্ৰী মোডীৰ ভাষণক কটাক্ষ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ

দৈনন্দিন বাৰ্তা সেৱাঃ দেশৰ পৰা ক’ৰ’না আঁতৰি যোৱা নাই বুলি দেশবাসীক সম্বোধি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণক লৈ বিৰোধী শিবিৰ আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰধান মন্ত্ৰীৰ ভাষণ দেশবাসীক নালাগে, কেৱল সঠিক সমাধানৰহে প্ৰয়োজন বুলি মন্তব্য কৰে।

কংগ্ৰেছ মুখপাত্ৰ ৰণদীপ সুৰজেৱালা আৰু পৱন খেড়াই কয়, ‘কৃপা কৰি দেশবাসীক জনাওক যে মহামাৰী কেনেদৰে নিয়ন্ত্ৰণ হ’ব আৰু অৰ্থনীতি কিদৰে পুনৰুদ্ধাৰ হ’ব?

তেওঁলোকৰ ওচৰত ইয়াৰ কিবা সমাধান আছে নে ইয়াৰ বাবে ভগৱানক দোষ দিব’। ‘ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়ত আমাৰ নেতা অন্তৰ্ধান হয়। তেওঁলোকে কেৱল টিভিত উপদেশ দিবলৈ আহে’। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মঙলবাৰে ক’ৰ’না প্ৰতিৰোধৰ স্বাৰ্থত ক’ভিড প্ৰটক’ল মানি চলিবলৈ দেশবাসীক তেখেতৰ ভাষণৰ জৰিয়তে আহ্বান জনাইছিল।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০২,০৭৩ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্যত পুনৰ ৬৬৬ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০২,০৭৩ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৪,৪১১ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৮,৭৭৫ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮৪ জন লোক।

আজি পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

দৈনন্দিন বাৰ্তা সেৱাঃ আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১১ বজাত কঁহৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰি কাঠপাৰালৈকে উদ্যান দৰ্শন কৰিব৷ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকিব গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ। হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত বহু লোক কৰ্মহীন হৈ পৰিছিল। আশা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ বাবে মুকলি কৰাৰ ফলত কিছু লোকে পুনৰ সংস্থাপন পাবলৈ সক্ষম হব।

ডবকা ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথ শালবাগানত চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি এজনৰ মৃত্যু

ডবকা, ২০অক্টোবৰ : আজি বিয়লিৰ ভাগত হোজাইৰ অকাশীগংগা পহৰা চকীৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শালবাগনত সংঘটিত এক দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয় । নিহত লোকজন কাৰ্বিআংলং জিলাৰ হাউৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথে (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । ঘটনাৰ বিবৰণী মতে, নিহত লোক জনে ব্যৱসায়ীক কামত নগাঁওৰ পৰা নিজ গৃহলৈ নিজৰ AS-01-AM-0666 নম্বৰৰ বাহনেৰে গৈ থকা সময়ত শালবাগানৰ আমতলাত পথৰ কাষত থকা এজোপা গছত তীব্ৰ বেগত আহি খুন্দা মৰাৰ ফলত লোকজনে থিতাতে নিহত হয় । ঘটনাৰ খবৰ পাই অকাশীগংগা পহৰা চকীৰ বিষয়া নীলকমল সিংহই ততাতৈয়াকৈ লোকজনক বাহন খনৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোক জনক মৃত্য বুলি ঘোষণা কৰে । আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণাৰ দিহা কৰিছে ।