Home Blog Page 3157

আজি নৱনিৰ্মিত গনেশগুৰি উৰনীয়া সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দৈনন্দিন বাৰ্তা সেৱাঃ মহাষষ্ঠীৰ দিনাই মহানগৰবাসীলৈ সুখবৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানিক ভাবে মুকলি কৰিলে নৱ নিৰ্মিত গনেগুৰি উৰণীয়া সেতু খন। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণৰ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দুৰ্যোগ প্ৰশমন আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহন। নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ। এই উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় কৰি নিৰ্মান কৰে।

আজি গনেশগুৰিৰ উৰনীয়া সেতু মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যবাসীলৈ শাৰদীয দুৰ্গা পূজাৰ শুভকামনা জনায় সকলোকে কোৰোনাৰৰ প্ৰটকল মানি চলা আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৯ খন কৈ ফুট অভাৰ ব্ৰীজ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ এখন এখনকৈ মুকলি কৰা হ’ব জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে মন্ত্ৰী শৰ্মাই নৱেন্বৰৰ ভিতৰত ১১৯ খন চাহ বাগিছাৰ হাইস্কুলৰ কাম আৰম্ভ কৰা হ’ব।

হোজাইত ভাৰত সেৱাশ্রম সংঘৰ বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তা, হোজাইঃ দূৰ্গা পূজাৰ সময়ত হোজাইত ভাৰত সেৱাশ্রম সংঘই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে ভাৰত সেৱাশ্রম সংঘৰ উদ্যোগত হোজাইত বস্ত্ৰ বিতৰন কৰে। সংঘৰ উদ্যোগত হোজাই নবকল্প পাঠশালাৰ সমীপত প্ৰায় ৫০ জন দৰিদ্ৰ লোকক বস্ত্ৰ বিতৰন কৰা হয়। সংঘৰ পৰবৰ্ত্তী কাৰ্য্যসূচীত হোজাইৰ বিষ্ণুপল্লী, বেলতলা আৰু কৃষ্ণনগৰ স্পৰ্টিং ক্লাবতো দিয়া হ’ব বুলি জনায়। বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰত সেৱাশ্রম সংঘ হোজাইৰ অধ্যক্ষ তথা হোজাইৰ ক্ৰীয়া সন্থাৰ সম্পাদক কমল দত্ত, সামাজিক কাৰ্য্যকৰ্ত্তা স্বপন হাজৰা, শিক্ষক নিৰঞ্জন ঘোষ, প্ৰাক্তন শিক্ষকদয় গৌৰাঙ্গ দেবনাথ, অৰুন কুমাৰ সাহাৰ লগতে সংগ দিয়ে সামাজিক কাৰ্য্যকৰ্ত্তা স্বপন চৰকাৰ আৰু সুনিল হাজৰা। পূজাৰ বতৰত আৰ্থিক ভাৱে দূৰ্বল শ্রেনীৰ একাংশ লোকে নতুন বস্ত্ৰ পাই সন্তোষ প্ৰকাশ কৰে। ভাৰত সেৱাশ্রম সংঘৰ উদ্যোগত সামাজিক কাৰ্য্যকৰ্ত্তা সকলে হোজাইত চলোৱা বস্ত্ৰ বিতৰণ কাৰ্য্যকসূচীক হোজাইৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

নমাজ পৰি থাকোতেই ডবকা সমবায় সমিতিৰ সম্পাদক নজিৰ উদ্দিন লস্কৰৰ মৃত্যু

 দৈনন্দিন বাৰ্তা সেৱা, ডবকাঃ হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আলহাজ উদ্দিন লস্কৰে কালি দিনৰ প্ৰায় ডেৰ বজাত ৫৩ বছৰ বয়সত আকস্মিক মৃত্যুক সাৱটি লয়৷ খবৰ অনুসৰি লস্কৰে জুহৰৰ নামাজ আদায় কৰিবলৈ ওচৰৰ মছজিদলৈ গৈছিল৷ মছজিদত গৈ নামাজ আদায় কৰি থাকোতে হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেখেতক ডবকা চিকিৎসালয়ত লৈ যোৱা হয় যদিও তেখেতে শেষ নিশ্বাস ত্যাগ কৰে৷ চিকিৎসকে সন্দেহ কৰা মতে হৃদ যন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ তেখেতৰ মৃত্যু হৈছে।

প্ৰয়াত নজিৰ উদ্দিন লস্কৰ ডবকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত থকাৰ লগতে ডবকা সমবায় সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ তেখেত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি আছিল৷ অতি অমায়িক স্বভাৱৰ সৰবৰহী ব্যক্তি হিচাপে পৰিচিত নজিৰ উদ্দিন লস্কৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী জীয়ৰী আৰু এজন পুত্ৰৰ লগতে অগণন আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে অগণন গুণমুগ্ধৰ সোঁত বয় বাসগৃহত৷

আজি পুৱা ৯ বজাত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থানত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত ডবকা-নীলবাগানৰ বিভিন্ন ব্যক্তি, দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷ আনহাতে ডবকা চাংমাজিৰ মিকিৰ ঘাট বালিকা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সিৰাজ উদ্দিন আহমেদো এদিন পুৰ্বে মৃত্যুক আকোৱালি লোৱাত শোকাস্তাব্দ হৈ পৰে ডবকা।

তেলেংগানাত বানৰ সংহাৰ অব্যাহত, অভিনেতা প্ৰভাসে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

দৈনন্দিন বাৰ্তা সেৱাঃ তেলেংগনাৰ বান পৰিস্থিতিয়ে ভয়াবহ ধাৰণ কৰাৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহিছে দক্ষিণ ভাৰতীয় অভিনেতা বাহুৱলী খ্যাত প্ৰভাস। প্ৰভাসে তেলেংগনাৰ মুখ্যমন্ত্ৰী সহায় নিধিলৈ আগবঢ়াইছে ১ কোটি ৫০ লাখ টকা। উল্লেখযোগ্য যে প্ৰভাসে কোভিড পৰিস্থিতিটো কেন্দ্ৰ তথা ৰাজ্যিক সহায় পুঁজিলৈ অনুদান আগবঢ়াইছিল ।

দক্ষিণ কামৰুপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ পালন

দৈনন্দিন বাৰ্তা সেৱা, কামৰূপঃ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধিনত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ উদযাপন কৰে৷ মিৰ্জা স্হিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুধবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মহানগৰীৰ টিবি হাস্পতালৰ জেষ্ঠ্য চৰ্মৰোগ বিশেষজ্ঞ ডা° কনক তালুকদাৰে উপস্থিত থাকি ভাষন প্ৰদান কৰি কয় যে কভিড ১৯ মানুহে সহজ ভাবে লোৱা উচিত নহয়৷

কিয়নো যিটো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আজিলৈকে ভেকচিন ওলোৱা নাই৷ ভেকচিন উপলব্ধ নোহোৱালৈকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় সাবধানতা আৰু সজাগতা৷ ইয়াৰ বাবেই প্ৰত্যেক ব্যক্তিয়ে সামজিক দুৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰা অতি জৰুজী বুলি ডা° তালুকদাৰে উল্লেখ কৰে৷ তেওঁ লগতে বিজানু পৰা নিজকে বচাই চলিবলৈ প্ৰতিগৰাকী নাগৰিকক ছেনিটাইজাৰ বা চাবোনৰে হাত ধুবলৈ আহ্বান জনায়।

গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত সমল ব্যক্তি হিচাপে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ হলে আমি নিজে পৰিস্কাৰ -পৰিচন্নতা হ’ব লাগিব ৷ বিশেষকৈ মানুহৰ হাতেৰে বিজানু শৰীৰৰ অন্য অংগলৈ বিয়পি পৰে৷ সেয়া হাত পৰিস্কাৰ কৰি ৰখা অতিকৈ আৱস্যক বুলি ডা° অধিকাৰীয়ে কয়৷ তেওঁ লগতে কয় যে কৰোনা ভাইৰাছৰ পৰা আমি এতিয়াও পৰিত্ৰাণ পোৱা নাই৷

যেতিয়ালৈকে মেডিচিন উপলব্ধ নহয় সেই সময়লৈকে কঠিনতাৰে সাবধনতা অবলম্বন কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে৷ তেওঁ বিজানু প্ৰতিৰোধ সন্দৰ্ভত বহলাই বাখ্যা কৰে। ইপিনে পগ্ৰেম অফিচাৰ তথা অধ্যাপিকা ড°মিতালী কাঠকটীয়াই অনুষ্ঠানত আতধৰে৷ উল্লেখ্য যে অনুষ্ঠানত মহাবিদ্যালয় খনৰ শিক্ষক- শিক্ষাৰ্থী  লগতে প্ৰায় শতাধিক ব্যক্তি উপস্থিত থাকে ৷

মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পীয়ে, পদুলীত নাই পূজাৰ ব্যস্ততা

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ দূৰ্গা পূজাৰ সময়ত ব্যস্ততাৰ অন্ত নপৰা মৃৎ শিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷ বিগত বৰ্ষ সমূহৰ দৰে নাই এইবাৰৰ ষষ্ঠীৰ উ সাহ। বিগত বৰ্ষসমূহত ট্ৰাক-টেম্পোৰে মাৰ প্ৰতিমা নিবলৈ অহা ভক্তপ্ৰান ৰাইজেৰে বিৰদি বাট নোপোৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰৰ কোঁছগাৱৰ বাট-পথ আজি নিৰৱ নিস্তব্ধ৷

প্ৰতি বৰছে অবিভক্ত শোণিতপুৰ জিলাৰ ২০ ৰ পৰা ২৫ খন পূজামণ্ডপৰ সৌস্তৱ বৃদ্ধি কৰা ৰাজেন বৰকটকীৰ হাতৰ পৰশত প্ৰান পাই উঠা দেৱী দূৰ্গাৰ প্ৰতিমা বিচাৰি এইবেলি অহা নাই অধিকাংশ পূজাকমিটি৷ ইয়াৰ মাজতেই নিয়ম মাফিক ভাবেই ক্ষুদ্ৰ আকাৰৰ তিনিভাগ মূৰ্তি নিৰ্মানৰেই সন্তুষ্টি লভিব লগীয়া হৈছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটিয়ে৷

উল্লেখযোগ্য যে, জামুগুৰিহাটৰ প্ৰবীন ৰূপকাৰ-মৃৎশিল্পী তথা চিলাবন্ধা মৌজাৰ মৌজাদাৰ প্ৰয়াত শ্যামচৰন বৰকটকীৰ কনিষ্ঠ পুত্ৰ ৰাজেন বৰকটকীয়ে পিতৃৰ আদৰ্শ অনুকৰণ কৰিয়েই ১৫ বছৰ বয়সৰপৰাই নিৰ্মাণ কৰি আহিছে দূৰ্গা-সৰস্বতী-লক্ষ্মী-গণেশ-কাৰ্তিক আদি বিভিন্ন পূজাৰ আৰাধ্য দেৱ দেৱীৰ প্ৰতিমা৷ সু-নিপুন খনিকৰ ৰাজেন বৰকটকীৰ হাতৰ পৰশৰ মূৰ্তিলৈ আশাৰে বাঁট চাই ৰয় পূজা কমিটি সমুহেও৷

অতি আতকধুনীয়া, সৌন্দৰ্যময় আৰু জীৱন্ত ৰূপ প্ৰদানত সিদ্ধহস্ত ৰাজেন বৰকটকীৰ আছে অন্য এক প্ৰতিভাও৷ এগৰাকী ভাঁওনা-নাটক-থিয়েটাৰৰ সুদক্ষ ৰূপকাৰ এইগৰাকী শিল্পীয়ে মুখাশিল্পী হিচাপেও জিলাখনত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেখেতে নিৰ্মান কৰা গড়ুৰ, জটায়ু,হৰিণ, নৰসিংহ আদি মুখাৰ লগতে কেবাভাগিও নাট ক্ৰমে যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা, কাম্যবনত যুধিষ্ঠিৰ, পৰিক্ষিতৰ ব্ৰহ্মসাপ জন্মেজয় সৰ্পযজ্ঞ, উৰুভংগ দূৰ্য্যোধন, অজ্ঞাতবাসত পাণ্ডৱ, মহিৰাৱন বধ আদি নাট ৰচনা কৰি গুৰুজনাৰসৃষ্ট ভাঁওনা সংস্কৃতিলৈ এক অনবদ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে।

এতিয়া শিল্পী পৰিয়ালটি পানীত হাঁহ নচৰা অৱস্থাসদৃশ৷ চাৰিওপিনে অন্ধকাৰময় পৰিৱেশত দিকবিদিক হেৰুৱাইছে পৰিয়ালটিয়ে৷ আজি এমাহ ধৰি পদুলিলৈ চাই চাই নিৰাশ হৈ পৰিছে পৰিয়ালটো৷ শিল্পীগৰাকীয়ে আঁৰকাপোৰত উচুপিচে অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাবি৷আজি ষষ্ঠীৰ দিনাও ব্যস্ততাহীন হৈ পৰিছে সুনিপুন খনিকৰগৰাকী৷ কলিতে মৰহিছে ভৱিষ্যতৰ সপোন৷ না চৰকাৰ না গুণমুগ্ধ না সমাজ সচেতন ব্যক্তিয়ে এইসকল শিল্পীৰ অকণমান সঁহাৰীৰ বাবে হাত আগবঢ়াইছে৷

এনে অৱস্থাত শিল্পীগৰাকীৰ লগতে পৰিয়ালটোৰ ভৱিষ্যত দিনসমুহ কেনেদৰে পাৰ হ’ব সেয়া সময়েহে ক’ব যদিও অনাগত সময়ত চৰকাৰৰ সু-দৃষ্টিয়েহে হয়তো এনে দূৰ্দশাগ্ৰস্ত শিল্পীসকলৰ সমস্যা দুৰ কৰিবলৈ সক্ষম হ’ব৷

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃৰাজ্যত পুনৰ ৭০১ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৬,০৭৫ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৫,৮০৭ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮৯ জন লোক।

আজি মহাষষ্ঠী, মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী

আজি মহাষষ্ঠী, পূজা চাবলৈ মানিব লাগিব এই সমূহ নিয়মঃ

  • আৰম্ভ হ’ল দুৰ্গা পূজা। আজি মহাষষ্ঠী।
  • কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে আনুষ্ঠানিকভাৱে দুৰ্গা পূজা।
  • কোভিড প্ৰট’ক’ল মানিহে ভক্তসকলে মাৰ দৰ্শন কৰিব পাৰিব পূজা মণ্ডপত।
  • উঠিব নোৱাৰিব দুচকীয়া বাহনত দুজন পুৰুষ যাত্ৰী।
  • ৰাতি ৯ বজাতে বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেন্ট।

সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ এজন নিকম্মা সন্তানঃ ৰিপুন বৰা

দৈনন্দিন বাৰ্তা সেৱা, নলবাৰীঃ আজি নলবাৰীত কংগ্ৰেছৰ যোগদান  কাৰ্যসূচীত ভাষণ প্ৰদান  কৰি ৰিপুণ বৰাই কয় যে দেশৰ সম্পত্তি বিক্ৰী  কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডী দেশৰ এজন  নিকম্মা  সন্তান। বিজেপি চৰকাৰে আগফালে এশ টকা দি পিছফালেৰে এক হাজাৰ টকা পকেট মাৰে  বুলিও  ৰিপুণ বৰাই কটাক্ষ কৰে। আনহাতে  কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰতে ৯০ হাজাৰ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা  কৰি প্ৰতি পৰিয়ালত এজনকৈ চাকৰি দিয়া হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। আশা কৰ্মী দুগুন বৃদ্ধি কৰা হব, মধ্যান্হ  ভোজনৰ  ৰান্ধনীৰ  চাকৰি নিয়মীয়া  কৰা হব, কা আন্দোলন সম্পৰ্কে  যিবোৰ গোচৰ ৰুজু কৰা  হৈছে গোচৰ কংগ্ৰেছ  চৰকাৰ আহিলে মাহতে প্ৰত্যাহাৰ কৰা হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। একেদৰে এচ আই  কেলেঙ্কাৰী  সম্পৰ্কে  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় অসম আৰক্ষীৰ  ওপৰত বিস্বাস  নাই। চোৰক কেলেঙ্কাৰীৰ তদন্ত কৰিব দিয়া  বুলিও কটাক্ষ  কৰে। 

উল্লেখযোগ্য যে  আজি  নলবাৰীত অনুস্থিত  বৃহৎ যোগদান কাৰ্যসূচীত  নলবাৰী  অগপৰ উপ সভাপতি  তথা নলবাৰীৰ  বাৰ কাউন্সিলৰ  সভাপতি  তাইজ উদ্দিন আহমেদে কংগ্ৰেছত  যোগদান কৰে । একেদৰে নলবাৰীত  অগপ – বিজেপি – হিন্দু জাগৰণ মঞ্চ ত্যাগ কৰি চাৰিশ লোকে যোগদান কৰিলে  কংগ্ৰেছত । ইপিনে প্ৰাক্তন  মুখ্যমন্ত্ৰী  তথা জ্যেষ্ঠ  কংগ্ৰেছ  নেতা ভুমিধৰ বৰ্মনে বিজেপিক সমালোচনা কৰি  কয় যে  পুঁজিবাদ আৰু  হিন্দুত্ববাদৰ  শ্লোগানেৰে দেশ অস্থিৰ কৰিছে বিজেপিয়ে।

মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ বাবে ৩৩ শতাংশ বৃদ্ধি পাইছে পথ দুৰ্ঘটনতা মৃত্যুৰ সংখ্যা

দৈনন্দিন বাৰ্তা সেৱাঃ সাধাৰনতে চিটবেল্ট ব্যৱহাৰ নকৰা বা হেলমেট নিপিন্ধাৰ ফলত ৰাজপথ মটৰ দুৰ্ঘটনাত মৃত্যু হোৱা দেখা যায়। কিন্তু আজিৰ প্ৰতিবেদনত জনাম অন্য এটি বিষয়, আপুনি জানি আচৰিত হব যে ভাৰতত মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ ফলত মৃত্যু সৰহসংখ্যক লোকৰ। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। প্ৰকাশিত তথ্য অনুসৰি ২০১৯ বৰ্ষত ডেৰ লাখোৰো অধিক মানুহৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ইয়াৰ ভিতৰত হেলমেট নিপিন্ধাৰ ফলত ৩০ শতাংশ আৰু চিটবেল নিপিন্ধাৰ ফলত ১৬ শতাংশ মানুহৰ মৃত্যু হোৱাৰ পৰিবৰ্তে ৩৩ শতাংশ বৃদ্ধি হৈছে মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ বাবে।