Home Blog Page 3156

আজি ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা সেৱাঃ বতৰ বিজ্ঞান কেন্দ্ৰই২৩ অক্টোবৰৰ পৰা ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰিছে। বঙ্গোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামতো ২৪ অক্টোবৰলৈ হ’ব প্ৰচুৰ বৰষুণ।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০৩,২৮২ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্যত পুনৰ ৭০১ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০৩,২৮২ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৭,৬৫৯ জনলৈ পাইছে বৃদ্ধি।

আনহাতে চিকিত্সাধীন হৈ আছে ২৪,৭,২৪ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৯৬ জন লোক।

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন‌, কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

দৈনন্দিন বাৰ্তা সেৱা, নামখলাৰঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক দেওমৰনৈ অধিৱেশন‌ আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান দেওমৰনৈ বি.এড. মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়াই আঁতধৰা অনুষ্ঠানত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপুৰ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই।

অনুষ্ঠানত উপস্থিত থাকে দেওমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ-অধিক্ষক কমলাকান্ত শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰনাথ শৰ্মা, ‌ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শশাংক কুমাৰ হাজৰিকা, দৰং ওডালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, জয়দেৱ ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীকে আদি কৰি জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

শিৱসাগৰ ঐতিহাসিক দেবী-দৌলত দুৰ্গা পূজাত উছাহহীন পৰিৱেশ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমী বিহিত পূজা। শিৱসাগৰৰ ঐতিহাসিক দেবী-দৌলত অইন বৰ্ষ সমূহৰ দৰে এইবেলিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা। শিৱসাগৰৰ দেবী-দৌলৰ আছে ২৮৬ বছৰীয়া এক ইতিহাস।

১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দৌল ক্ৰমে শিৱদৌল, দেবী-দৌল আৰু বিষ্ণুদৌল। তেতিয়াৰে পৰাই শিৱদৌল আৰু দেবী-দৌলত দৈনিক পূজা-অৰ্চনা অব্যাহত আছে।

মহামাৰীৰ ভয়াবহতাৰে বাবে এইবাৰ দেবী-দৌলত ভক্তৰ বাবে বন্ধ থাকিব বলি-বিধান। ভক্তৰ মংগলৰ বাবে কেৱল আয়োজক সমিতিয়ে সপ্তমী, অষ্টমী আৰু নৱমীত পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰিব বলি। আনহাতে ভক্তসকলে বলিৰ বাবে হাঁহ, পাৰ, ছাগলী আদি উছৰ্গা কৰিব পাৰিব।

দেৱীৰ বাবে উছৰ্গা কৰা সামগ্ৰী ইচ্ছা কৰিলে ভক্তসকলে ঘৰলৈ লৈ যাব পাৰিব অথবা এৰি যাব পাৰিব দৌল চৌহদত। দেশ-বিদেশৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ লানি নিচিগা সোতৰ বিপৰিতে এইবাৰ দেবী-দৌলত দেখা গৈছে অন্য এক পৰিৱেশ।

আজি মহাসপ্তমী, কালৰাত্ৰি ৰূপত পূজিত হ’ব মা দূৰ্গা

দৈনন্দিন বাৰ্তা সেৱাঃ আজি মহাসপ্তমী পূজা। কোৰোনাৰ ভয়াবহতাৰ মাজতে কালৰাত্ৰি ৰূপত পূজিত হ’ব মা দূৰ্গা। বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ,স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ হ’ব। পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৮বাজি ১৭ মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমী বিহিত পুজা আৰম্ভ হয়।

আনহাতে নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা ১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা আৰম্ভ হ’ব। সপ্তমী উপলক্ষে ৰাজ্যৰ লগতে দ্শৰ শক্তিপীঠ, দেৱীপীঠ, দেৱালয় সহমূত ভিন্ন প্ৰকাৰৰ বলি-বিধান সম্পন্ন হ’ব যদিও মহামাৰীৰ বাবে বন্ধ কৰা হৈছে ৰাজহুৱা বলি বিধান।

কাঠৰ দুৰ্গা প্ৰতিমাৰে শাৰদীয় দুৰ্গোৎৱৰ বাবে সাজু নৱম অসম আৰক্ষী বাহিনী, হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি হিন্দু-মুছলিমৰ যৌথ প্ৰচেষ্টাত নগাঁও জিলাৰ বঢ়মপুৰত প্ৰাণ পাই উঠিছে কাঠৰ দুৰ্গা প্ৰতিমা। ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে সাজি উলিয়াইছে কাঠৰ মা দূর্গাৰ প্ৰতিমাৰ  লগতে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ সুন্দৰ প্ৰতিমূৰ্তি।

নৱম অসম আৰক্ষী বাহিনীৰ পংকজ মহন্ত আৰু তেওঁৰ সহযোগী মনি আহমেদৰ প্ৰায় ১১ মাহৰ নেৰানেপেৰা প্ৰচেষ্টাত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিত কেৱল চেচু আৰু মহা নীম গছৰ কাঠ ব্যৱহাৰ কৰা হৈছে। প্ৰতিমূৰ্তি নিৰ্মানৰ সময়ত দুই ধৰ্মৰ মাজত সমন্বয় গঢ়ি তুলিছে এক মহামিলনৰ সেতু। সৈনিক জীৱনৰ এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুই শিল্পীৰ মহান প্ৰয়াসত সৃষ্টি হোৱা মাৰ প্ৰতিমা সচাঁ অৰ্থত প্ৰাণ পাই উঠিব যদিহে মানুহে প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি মানৱ ধৰ্মৰ জয়গান গায় এয়াই শিল্পীৰ আহ্বান, সময়ৰ আহ্বান।

উল্লেখ্য কৰিব পাৰি যে কাঠৰ দুৰ্গা প্ৰতিমাতে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো সম্পূৰ্ণ কভিদ প্ৰটকল মানি আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। ইতিমধ্যে  সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নৱম আৰক্ষী বাহিনীয়ে ।

ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধৰ দাবীত আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ প্ৰতিবাদী কাৰ্য্যসূচী

দৈনন্দিন দবাৰ্ত সেৱা, ডিব্ৰুগড়ঃ সমগ্ৰ অসমৰ লগতে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নৰ ডিব্ৰুগড় শাখাই এছঃবিঃদি প্ৰতিবাদ জনায় এক প্ৰতিলিপি দাহ কাৰ্য্যসূচী  ৰূপায়ন কৰে। বিদুৎ খণ্ড ব্যক্তিগতকৰন বন্ধ  কৰক, অসম চৰকাৰ হুচিয়াৰ,  ৰাজহুৱা  খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰক আদি বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰি আনাগত দিনত ৰাজ্য চৰকাৰে  ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

আগন্তক  দিনত  সমস্যা সামাধান নহলে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নে ইয়াতকৈ তীব্ৰ অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে। কাৰ্য্যসূচীত উপস্তিত থাকে কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি লিলা চাংমাই, উপ-সভাপতি সুখেন গগৈ, ডিব্ৰুগড় শাখাৰ সভাপতি থানুৰাম ফুকন, সম্পাদক বিপ্লৱ গোঁহাই, চাপ্লাই শাখাৰ সম্পাদক বিপুল কোৱৰ লগতে বহু সংখ্যাক কৰ্মচাৰি উপস্থিত থাকি পতিবাদ সাব্যস্থ কৰা দেখা যায়।

নাজিৰাতো ক’ৰনাৰ ভয়াবহতাৰ মাজতে আৰম্ভ হ’ল দুৰ্গা পূজা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ২২অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো অনুষ্টুপীয়া ভাৱে শাৰদীয় পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা। ক’ৰনাৰ ভয়াবহতাৰ বাবে পূজা কমিটি, পুৰোহিতৰ লগতে ভক্ত সকলেও পালন কৰিব লাগিব স্বাস্থ্যবিভাগৰ কঠোৰ নিৰ্দেশনা। আজি ষষ্ঠী পূজা। বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ ‘কাত্যায়নী’ ৰূপত আৰম্ভ হয় যথা বিহিত পূজা-আৰাধনা।

সন্ধিয়া হ’ব দেবীৰ আমন্ত্ৰন-অধিবাস। আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ’ব ঘট আৰু দেবী প্ৰতিমা। এইবাৰ ‘দোলাত’ আগমণ ঘটিব দেবী দুৰ্গাৰ। ক’ৰনাৰ বাবে নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ লগতে নামতি, গেলেকী আৰু শিমলুগুৰিত অনুষ্টুপীয়াকৈ উদযাপন হৈছে শাৰদীয় দুৰ্গোৎসৱ। পূৰ্বৰ দৰে পূজাৰ বতৰত এইবাৰ বজাৰত নাই ভিৰ। ৰাতি পূজাৰ আমেজো নাপাব এইবাৰ নাজিৰাবাসীয়ে। দুচকীয়া বাহনত পূজা চাব নোৱাৰৰ লগতে নিশা ৯ বজাতেই বন্ধ কৰিব লাগিব হোটেল, ৰেষ্টুৰেণ্টসমূহ ।

আই পি এল’ত আজি ৰাজস্থান বনাম হাইদৰাবাদ, বাংগালুৰুৰ হাতত পৰাস্ত কলকাতা, মাত্ৰ ৮ ৰানত ৩ উইকেট দখলেৰে চিৰাজৰ অভিলেখ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি ৰাজস্থানৰ মুখামুখি হ’ব হাইদৰাবাদ। চলিত বৰ্ষত ৰাজস্থানে ১০ খন খেলৰ ৪ খনত জয়ী হৈ পইন্ট তালিকাত ৬ নম্বৰত থকাৰ বিপৰীতে হাইদৰাবাদৰে ৯ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাৰ ৭ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ ৰাজস্থান বনাম হাইদৰাবাদ খেলখন দুবাইৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত বুধবাৰে অনুষ্ঠিত বাংগালুৰ বনাম কলকাতা, খেল খনত কলকাতাই প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত মাত্ৰ ৮৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত বাংগালুৰ জয়লাভ কৰে৷ উল্লেখনীয় যে, মাত্ৰ ৮ ৰানত ৩ উইকেট দখলেৰে চিৰাজৰ অভিলেখম সৃষ্টি কৰে।

বিলাসীপাৰাত চাউলৰ চোৰাং বেহা, ৩৫ কুইন্টল চোৰাং চাউল জব্দ আৰক্ষীৰ

দৈনন্দিন বাৰ্তা সেৱাঃ ধুবুৰী বিলাসীপাৰাত চাউলৰ চোৰাং ৰমৰমীয়া বেহা। আলগা গাওঁৰ মাজ-মজিয়াঁত আজি ৰাতিপুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নৈৰ সুঁতিত ইঞ্জিন চালিত নাওঁ ভৰ্ত্তি চোৰাং বগা চাউল জব্দ কৰে শালকোচাৰ আৰক্ষীয়ে। ইঞ্জিন চালিত নাওঁ খনত প্ৰায় ৩৫ কুইন্টল চোৰাং চাউল আছিল  উল্লেখ্য যে চোৰাং বগা চাউল খিনি আৰক্ষীয়ে জব্দ কৰাৰ প্ৰাক মূহুৰ্ত্বত ইঞ্জিন চালিত নাওঁৰ স্বত্বাধিকাৰী দ্বয়ে পলায়ণ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। 

মনকৰিবলগীয়া যে জব্দ কৰা চোৰাং চাউল খিনি অৱশেত শালকোচা উপ- আৰক্ষী চকীৰ  আৰক্ষীয়ে, বিলাসীপাৰা আৰক্ষীৰ হাতত চমজাই দিয়ে। এতিয়া বিলাসীপাৰাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ হাতত লয় সেৱা সময়ত লক্ষণীয় হব।