Breaking

ঘিলামৰা-ধেমাজি সীমান্তৰ বৰমুঠৰিয়নী গাৱঁত খটিয়া হৰিণ উদ্ধাৰ

0 2,102

ঢকুৱাখনাৰ মহকুমাৰ ঘিলামৰাত আজি পুৱা এটা হৰিণ উদ্ধাৰ হয়। ঘিলামৰা-ধেমাজি সীমান্তত ধেমাজি থানাৰ অন্তৰ্গত ঘুগুহা পঞ্চায়তৰ মণিপুৰী আইথানৰ সমীপত বৰমুঠৰিয়নী গাৱঁত পুৱা ৮ মান বজাত গাওঁখনৰ কেইজনমান সচেতন লোকে  পুৱা শুই উঠি বাহিৰলৈ আহোতেই পথত মুক্ত ভাৱে বিচৰণ কৰি থকা অৱস্থাত হৰিণটো প্ৰতক্ষ্য কৰে ৷ সচেতন লোককেইজনে হৰিণটো খেদি আনি গাৱঁৰ এঘৰ ব্যক্তি ঘৰত হৰিণটো বন্দী কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হৰিণটো ৷ ঢকুৱাখনা উপ বন খণ্ডৰ বিষয়া চন্দ্ৰ কান্ত দাস আৰু ঘিলামৰাৰ সেই গাঁৱৰে সচেতন ব্যক্তি প্ৰিয় কুমাৰ চাংমাই, জয়জুতি চাংমাই, সঞ্জয় গগৈ, বলবিন্দ চাংমাই, ভৰত চাংমাই, মানসজ্যোতি চাংমাই, ভাগ্যবান গগৈ, প্ৰবিন গগৈ আৰু মিন্টু চাংমাইৰ এই  লোক কেইজনৰ সহযোগত হৰিণটো উদ্ধাৰ কৰি ঢকুৱাখনা বন বিভাগৰ কাৰ্যলয়লৈ আনে ৷ আঘাতপ্ৰাপ্ত হৰিণটো বৰ্তমান ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত স্বাস্থ্য পৰিক্ষা কৰোৱাৰ পাছত সম্পূৰ্ণ বিপদ মুক্ত বুলি পশু চিকিৎসক ডা° বিজয় কুমাৰ দত্তই জানিবলৈ দিয়ে ৷ ইফালে ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এই ঘটনাৰ খৱৰ লয় মেগামিক্স প্ৰকৃতি সংঘৰ কাৰ্য্যবাহী সদস্য দিগেন্দ্ৰ নাথ হাজৰিকাই

Leave A Reply