Home Blog Page 3155

তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনশন, ধৰ্ষণকাৰীক একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবী

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ নাৰী ধৰ্ষণকাৰী একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবীৰে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে হোজাই জিলাৰ শংকৰদেৱ নগৰস্হিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চলিত মাহৰ যোৱা ১৭ তাৰিখৰ পৰা ১৯  লৈকে ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে৷ যোৱা তিনিটা দিনেও ধৰ্মঘটকাৰী সকলক চৰকাৰ ফালৰ পৰা কোনো খবৰ নোলোৱাত ২০ তাৰিখৰ পৰা তেজস্বিনীৰ অসম প্ৰদেশ অধক্ষ্যা নমিতা চাহুয়ে আমৰণ ঘোষণা কৰে। যেতিয়ালৈকে চৰকাৰে উচিত সিদ্ধান্ত নলয় এই অনশন অব্যাহত থাকিব বুলি তেজস্বিনীৰ অধক্ষ্যাই জনায়।

সদস্যা সকলে কৰা ধৰ্ষণকাৰীৰ শাস্তি ফাঁচী আইন বলৱৎ হোৱাতো কাৰ্য্যকৰী কৰাৰ বাবে উচিত পদক্ষেপ হাতত লোবাৰ বাবে সমূহ ৰাইজ, দল সংগঠনক অনুৰোধ কৰি তেজস্বিনী গ্ৰোপে এই নৱৰাত্ৰি পৰ্বত নাৰীশক্তি সুৰক্ষাৰ বাবে লোৱা পদক্ষেপত সকলোৱে সহযোগ আৰু নাৰীশক্তিক যদি সন্মান কৰা সকলোকে আগুৱাই আহিবলৈ  আহ্বান জনাইছে। উল্লেখ্য যে এক সামাজিক ব্যাধিৰ বিৰুদ্ধে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে ৰাজ্য ব্যাপি হস্তাক্ষৰ অভিযান আৰম্ভ কৰি আহিছে, সমিতিয়ে অভিযানৰ যোগেদি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান কৰিব ওলাইছে যে ওঠৰ বছৰৰ কম বয়সৰ নাবালিকাক ধৰ্ষণ কৰা ধৰ্ষণকাৰীক চিধা ফাঁচী দিয়াৰ আইন হ’ব লাগে আৰু আদালতেও কম সময়তে ধৰ্ষণকাৰীক ফাঁচীৰ আদেশ দিব লাগে।

এই উদ্দেশ্যৰে সমিতিৰ উদ্যোগত প্ৰদেশ স্তৰত “ধৰ্ষণকাৰীক ফাঁচী দিয়ক” শীৰ্ষক অভিযান চলি আছে। তেজস্বিনী জন জাগৰণ অসম মহিলা সমিতিৰ প্ৰদেশ অধ্যক্ষা নমিতা চাহুয়ে জনায় অভিযান চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু হোজাই, নগাওঁ, মৰিগাওঁ আৰু শিলচৰৰ বিভিন্ন ঠাইত অব্যাহত আছে অভিযান। এই অভিযান সমিতিৰ স্বেচ্ছাসেবীকা দলে স্বাক্ষৰতা অভিযান অব্যাহত ৰাখিছে। কাৰ্য্যকৰ্ত্তা সকলে চহৰত অহা-যোৱা কৰা লোক সকলক সমিতিৰ মূল উদ্দেশ্য সমূহ দাঙি ধৰাৰ লগতে হস্তাক্ষৰ কৰি অভিযান সফল ৰূপায়ন কৰা লক্ষ্যত সহযোগ কৰাৰ আহ্বান জনোৱা পৰিলক্ষিত হয়।

প্ৰদেশ অধ্যক্ষা নমিতা চাহুৰ তত্বাৱধানত চলা অভিযান হস্তাক্ষৰ অভিযান ভাৰতবৰ্ষত চৰ্চাৰ বিষয় ৰূপে অভিযানৰ আকাৰ হ’ব বুলি আশাবাদী। হস্তাক্ষৰ কমেও ৯ কি. মি. দীঘল কাপোৰত হস্তাক্ষৰ কৰোৱাবলৈ সক্ষম হ’ব আৰু সেই কাপোৰ প্ৰধান মন্ত্ৰীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জনায়। অভিযানত সকলোৰে সহায়-সহযোগীতা কামনা কৰি ৰাজ্যত ধৰ্ষণকাৰীক দোষৰ বাবে উচিত শাস্তি পায় তাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায়।

হোজাইত আধ্যাত্মিকতাক প্ৰাধান্য, ৭১ খন পূজা মণ্ডপত ২৮২ জনৰ কভিড পৰীক্ষা, ৩ জন আক্ৰান্ত মহামাৰী কোৰোনাত

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ বিগত বছৰ সমূহৰ দৰে হোজাইত এইবাৰ নাই পূজা উচাহ, নাই কোনো জাক জমকতা। সপ্তমিৰ পূৱাৰ পৰাই নেৰানেপেৰা বৰষুণ., পূজা স্থলি,বজাৰ সমূহতো জনসাধাৰনৰ সমাগম তেনেই সেৰেঙা। এইবাৰ হোজাই থানা এলেকাৰ ৭১ খন পূজা সমিতিয়ে পুজাৰ আয়োজন কৰিছে, ইয়াৰে ৩৪ খন হোজাই পৌৰ এলেকাৰ। হোজাইৰ এই ৭১ খন পূজাৰ ভিতৰত হোজাইৰ আদৰ্শৰ পূজা সমিতিয়ে দেৱী ভাগৱত অনুযায়ী ওঠৰ হাতৰ পাছফুটীয়া মূৰ্ত্তিৰে পূৰ্বৰ স্থানৰ সলনি যুগল কিশোৰ কেডিয়া ভৱনত এইবাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, এনে মূৰ্তিৰে অসমৰ দুই ঠাইতে পূজা কৰা হয়। হোজাইৰ উপৰিও ডিব্ৰুগড়ত এনে মূৰ্তি নিৰ্মান কৰি পূজা কৰা হয়। হোজাই নতুন বজাৰৰ মণিপুৰী সম্প্ৰদায়ৰ বাঘ বাহন সহ “ইমা পানথৈবী” মন্দিৰৰ দুই হতিয়া দেৱী মূৰ্তি প্ৰতিষ্ঠা কৰিছে। ইফালে হোজাইৰ অধিকাংশ পূজা সমিটিয়ে কভিড পৰীক্ষাৰ বাবে চৰকাৰে বান্ধি দিয়া অধিনিয়ম অমান্য কৰি কভিড পৰীক্ষা কৰাৰ পৰা কৌশলেৰে বিৰত আছে। চৰকাৰী তথ্য অনুযায়ী কালি আৰু আজি হোজাই থানা এলেকাৰ ৭১ খন পূজা সমিতিৰ মাত্ৰ ২৮২ জন বিষয়ববীয়া আৰু পূজাৰীৰ কভিড পৰীক্ষা কৰা হয়। হোজাইৰ এজন আৰু যোগীজানৰ দুজনক কভিড আক্রান্ত বুলি চিনাক্ত কৰা হয়। বছেৰেকীয়া পূজাৰ আনন্দ উৎসৱত হেঙাৰ হোৱাৰ ভয়ত অধিকাংশ পূজা সমিতিয়ে কভিড পৰীক্ষাৰ পৰা কৌশলেৰে বিৰত আছে বুলি প্ৰকাশ। অন্যহাতে গাওঁসমূহতো একেই পৰিবেশ, আধ্যাত্মিকতাক প্ৰাধান্য দি পূজা একাংশ কমিটিসমুহে পূজাৰ বেদিত স্থাপন কৰিছে দেৱী দূৰ্গাৰ মূৰ্তি যদিও ইয়াৰে কোমোৰাকটা সাৰ্ব্বজনীন পূজা সমিতিবোৰকে আদি কৰি একাংশ কিছু পূজাত ঘট প্ৰতিস্থা কৰিছে। হোজাই পৌৰ এলেকাৰ শিৱবাৰীৰ সত্য নাৰায়ণ মন্দিৰ পূজা সমিতিয়ে ঘট প্ৰতিষ্ঠা কৰাৰ বিপৰীতে বাকী ৩৩ খন পূজা সমিতিয়ে প্ৰতিমা প্ৰতিষ্ঠা কৰে। হোজাই পৌৰ এলেকাৰ পূজাৰ মূৰ্তি সমূহ দশমীত বিসৰ্জনৰ বাবে শিৱবাৰী দুৰ্গা বাড়িৰ ৰাজহুৱা পুখুৰী, নতুন বজাৰৰ ৰাজহুৱা পুখুৰী, কালিবাড়ি ৰাজহুৱা পুখুৰী আৰু দুখনৰ বাবে ডিমৰু নৈত পৌৰসভাই ঘাট নিৰ্মান কৰিছে।৯ খন পূজা সমিতিয়ে নিজস্ব পুখুৰীত দেৱী বিসৰ্জন দিব বুলি পৌৰসভাৰ তথ্যত প্ৰকাশ।

অৰুনোদয় একাডেমী টংলাৰ ১৬ তম প্ৰতিষ্ঠা দিৱস, মেধাৱী শিক্ষার্থীক সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলাঃ সু প্ৰশাসনে বিদ্যালয়ৰ মানদণ্ড উন্নত কৰে। বিদ্যালয়ৰ প্ৰশাসনে অনুষ্ঠানখনৰ পৰিচালনাতসদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষানুষ্ঠান খনৰ ভাল ফলাফলৰ অন্তৰালত ভাল প্ৰশাসনে নিৰ্ণায়ক ভূমিকা পালন কৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য অৱসৰ প্ৰাপ্ত জিলা পশু চিকিৎসা বিষয়া ডা নৰম চন্দ্ৰ কছাৰীৰ।

ৰাজ্যখনৰ ভিতৰতে অগ্ৰণী শিক্ষানুষ্ঠান তথা ওদালগুৰি জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ টংলাস্থিত অৰুনোদয় একাডেমী, টংলা ৰ ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এইদৰে কয়। তেওঁ ভাষণ প্ৰসংগত শিক্ষাৰ্থী সকলৰ শীৰ্ষ স্থান দখল কৰাই শেষ প্ৰাপ্তি নহয়। ভাল ফলাফল প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থীৰ মন সদায় সুদৃঢ় আৰু কঠোৰ পৰিশ্ৰমী হব লাগিব।

সৎ সংগ শিক্ষাৰ্থী সকলৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ডা নৰম চন্দ্ৰ কছাৰীয়ে। উল্লেখযোগ্য যে, ২০০৬ চনত বৃহত্তৰ টংলা অঞ্চলৰ বহু কেইগৰাকী শিক্ষিত যুৱকে শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তাৰে প্ৰতিষ্ঠা কৰা অৰুনোদয় একাডেমী, টংলা ৰ সৃষ্টি বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনে চানশ্ৰী নাৰ্জাৰী(এনইইটি), সুৰজ দাস(এনইইটি), ৰতন বড়ো(এনআইটি) আৰু ভাৰ্গব কছাৰী(আইআইটি)ক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ শিক্ষক তপন মহন্ত আৰু তীৰ্থাংকৰ ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানত আৰম্ভণিতে অৰুনোদয় একাডেমীৰ জন্মলগ্নৰ পৰা ১৫ বছৰীয়া ইতিহাস দাঙিধৰে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰতিস্থাপক লক্ষ্মী কান্ত ৰামচিয়াৰীয়ে। কেক কাটি গীত পৰিৱেশন কৰি অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰুনোদয় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ জ্যোতি দাস, অৰুনোদয় একাডেমী টংলাৰ অধ্যক্ষ নেপোলিয়ন দৈমাৰী আৰু সম্বৰ্ধনা লাভ কৰা শিক্ষাৰ্থীসকলে নিজৰ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সভাত ভাষণ প্ৰদান কৰে।

আজি মহা অষ্টমী, পূৰ্বৰ দৰে নাই আনন্দ-উল্লাহ

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনাৰ ভয়াবহতাৰ মাজতে শুক্ৰবাৰে কালৰাত্ৰি ৰূপত পূজিত হ’ল দেৱী দূৰ্গা। সপ্তমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ শক্তিপীঠ, দেৱীপীঠ, দেৱালয় সহমূত ভিন্ন প্ৰকাৰৰ বলি-বিধান সম্পন্ন কৰা হল যদিও মহামাৰীৰ বাবে দেখা নগল ৰাজহুৱা বলি বিধান। বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ কৰ হয়।

পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৮বাজি ১৭ মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমী বিহিত পুজা আৰম্ভ হয়। আনহাতে নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা ১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা সমাপন কৰা হয়। এইবাৰ পূজা উপলক্ষে ৰাইজৰ মাজত নাই বিগত বৰ্ষসমূহৰ দৰে উচাহ-উদ্দীপনা।

আনহাতে কোৰোণাৰ বাবে ম্লাণ পৰা পূজা, সপ্তমীৰ দিনা ঠাই বিশেষে হোৱা বৰষুণেও আকৌ সেমেকাই পেলাইছে। শুক্ৰবাৰে অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। ক’ৰবাত পাতলীয়া, ক’ৰবাত ধাৰাসাৰ। গুৱাহাটী মহানগৰীতো সেই একেই পৰিৱেশ। সপ্তমীৰ দৰে অষ্টমীটো শক্তিপীঠ সমূহত ৰাজহুৱা বলি বিধানৰ পৰিবৰ্তে আয়োজক সমিতি সমূহে পালন কৰিব বলি-বিধানৰ নিয়ম।

শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজক কমিটি সমূহে স্বাস্হ্য বিভাগ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নয়ম মানি চাবোনেৰে হাত ধুই, হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি পূজাত অহা মাৰ ভক্ত সকলক পূজাস্হলীত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাক্স পৰিধান কৰিবলৈ আহ্বান জনাইছে৷

আহি আছে কৰ’ণাৰ ভেকচিন

 

দৈনন্দিন বাৰ্তা সেৱাঃ সমগ্ৰ দেশৰ লগতে অসমতো বিনামূলীয়াকৈ বিতৰণ কৰা হব কৰ’ণাৰ ভেকচিন। শুকুৰবাৰে নগাঁৱত দুৰ্গাপূজা মণ্ডপত উপস্থিত হৈ ভেকচিন বিনামূলীয়াকৈ যোগান ধৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বিগত কিছুদিনৰ পৰা কভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়,  ভেকচিন অসমতো বিনামূলীয়া হ’ব।

ভাৰত চৰকাৰে বিনামূলীয়াকৈ ভেকচিন যোগান ধৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোকে ভেকচিনৰ আওতালৈ অনাটো সহজসাধ্য কাম নহয়। পূৰ্বপ্ৰস্তুতি নাথাকিলে গোটেই প্ৰক্ৰিয়াটোত বিফল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে ভেকচিন অহাৰ পূৰ্বেই চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে।

মহামাৰীৰ পৰিস্থিতিত সকলো লোককে সাৱধানেৰে থাকি নীতি-নিয়মৰ মাজেৰেহে পূজা পালন কৰিলে ৰাজ্যত কৰ’ণাক পৰাজিত কৰিবলৈ সক্ষম হ’ম বুলি কয় মন্ত্ৰীগৰাকীয়ে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ অসুস্থ, ICUত ভৰ্তি

দৈনন্দিন বাৰ্তা সেৱাঃ প্ৰসিদ্ধ অলৰাউণ্ডাৰ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ অসুস্থ। প্ৰকাশ পোৱা বাতৰি অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে বৃহস্পতিবাৰে হঠাত্‍ হৃদ যন্ত্ৰৰ অসুখৰ বাবে প্ৰচণ্ড বুকুৰ বিষ অনুভৱ কৰে লগে লগে নিশা ১ বজাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়। চিকিত্‍সকে জানিবলৈ দিয়া অনুসৰি  বৰ্তমান হাস্পতালৰ আই চি ইউত চিকিত্‍সাধীন কপিল দেৱৰ স্বাস্থ্যৰ উন্নতি হৈছে।

আকৌ এবাৰ, এন.ডি.এ চৰকাৰঃ বিহাৰত নিৰ্বাচনী ৰণদংকা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা সেৱাঃ নিৰ্বাচন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে নিজ-নিজ দলীয় প্ৰাৰ্থীসমূহৰ প্ৰচাৰকলৈ। শুক্ৰবাৰে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে অনুচ্ছেদ ৩৭০ প্ৰসংগ উল্লেখ কৰি যিবোৰ ৰাজনৈতিক দলে শাসনৰ ক্ষমতালৈ আহিলে পুনৰ অনুচ্ছেদ ৩৭০ আনিম বুলি হুংকাৰ দিছে তেওঁলোকৰ বিহাৰৰ ৰাইজক ভোট খোজাৰ নৈতিক অধিকাৰ নাই।

অহা সপ্তাহত অনুষ্ঠিত হব লগা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিহাৰত উপস্থিত হৈ নিজৰ প্ৰথমখন সমাৱেশত ৩৭০ অনুচ্ছেদৰ আধাৰত জম্মু আৰু কাশ্মীৰত বিশেষ ৰাজ্যৰ মৰ্য্যদা কিয় হ্ৰাস কৰা হৈছিল বুলি বিৰোধীক কঠোৰ সমালোচনা কৰে। নীতীশ কুমাৰে নেতৃত্বাধী জনতা দল ইউনাইটেডে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে লগ লাগি পুনৰবাৰ চৰকাৰ গঠণ কৰিব বুলি দাবী কৰে।

বিৰোধী দল আৰ.জে.ডিক সমালোচনা কৰি মোডীয়ে নিতীশ কুমাৰৰ সু-শাসন আৰু কোৰোনাৰ সময়ত লোৱা পদক্ষেপৰ বাবেই বিহাৰৰ ৰাইজে গণতন্ত্ৰৰ উ সৱ পালন কৰিব পাৰিব বুলি উল্লেখ কৰে। বিহাৰত বিধানসভাৰ নিৰ্বাচন ২৮ অক্টোবৰৰ পৰাতিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে ১০ নৱেম্বৰত ভোট গণনা কৰা হ’ব বুলি জনায়। মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ত ৭১ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

আনবাতে দ্বিতীয় পৰ্যায়ত ৩ নৱেম্বৰত ৯৪ খন আসনৰ বাবে আৰু ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ত ৭৮ খন আসনৰ বাবে ভোট গ্ৰহণ কৰা হ’ব। জানিব পৰা মতে ভোটদানৰ সময় এঘণ্টা বৃদ্ধি কৰি সন্ধিয়া ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে আৰু কোৱিড ৰোগীসকলে দিনটোৰ শেষৰটো ঘণ্টাত ভোট দিব পাৰিব। কোৰোনা মহামাৰীৰ বয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নিয়ম কঠোৰ ভাৱে পালন কৰিবলৈ নিৰ্দেস দিছে।

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৭ লাখ হেণ্ড চেনিটাইজাৰ পইণ্ট, ৪৬ লাখ মাস্ক, ৬ লাখ পি পি ই কিট, ৬ লাখ ৭০ হাজাৰ ফেচশ্বিল্ড আৰু ২৩ লাখ যোৰ হেণ্ডগ্লোভচৰ ব্যৱস্থা কৰা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে। লালু প্ৰসাদ প্ৰসাদ যাদৱৰ লগতে বিপক্ষ দল সমূহেও ব্যপক নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। কি হব বিৰোধীৰ নতুন ৰণকৌশল, এইবাৰ বিহাৰৰ ভোটাৰ কাৰ লগত, কোনো মাৰিব শেষ হাহিঁ তাৰ বাবে আপুনি ৰব লাগিব ১০ নবেম্বৰলৈ।

প্ৰশাসনৰ নীতি-নিয়মত কিছু সাল-সলনি, ১০.৩০ বজালৈকে খোলা থাকিব হোটেল-ৰেষ্টুৰেন্ট

দৈনন্দিন বাৰ্তা সেৱাঃ শাৰদীয় দুৰ্গাপূজাৰ সময়ত প্ৰশাসনে সলনি কৰিছে আগৰ নিৰ্দেশনাত উল্লেখ কৰা কিছুমান নীতি-নিয়ম। নতুন নিৰ্দেশনা অনুসৰি নিশা ৯ বজাৰ পৰিবৰ্তে নিশা ১০.৩০ বজালৈকে খুলিব পাৰিব হোটেল-ৰেষ্টুৰেন্ট। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

কেৱল আনুষ্ঠানিকতাহে ৰক্ষা, জামুগুৰিহাট পূজা কমিতিৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ পূৰ্ৱৰ দৰে এইবেলি জামুগুৰিহাটৰ পূজাত নাই কোনো উচাহ উদ্দিপনা৷ পূজাৰ ভিন্নৰঙী বেলুন-পেপা-পূজাৰ বন্দুক আদি বিক্ৰী কৰা অস্থায়ী দোকানৰ নাই কোনো সমাহাৰ৷ ষষ্ঠীৰ দিনটোত জামুগুৰিহাটৰ পূজা সমিতিসমুহৰ কেৱল তিনিখন কমিতিয়েহে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰতিমা স্থাপন কৰা দেখা পোৱা গ’ল৷

প্ৰতিমা স্থাপনৰ সময়তো আধ্যাত্মিকতাক প্ৰাধান্য দি পূজা কমিটিসমুহে পূজাৰ বেদিত স্থাপন কৰিছে দেৱী দূৰ্গাৰ মূৰ্তি৷ পূৰ্ৱৰ দৰে প্ৰতিমা স্থাপনৰ সময়ত দেখা পোৱা নগ’ল পূজাৰ অন্যতম আকৰ্ষণ কেবাটাও ঢাক বাদ্যৰ সংমিশ্ৰণৰ শব্দ৷ জামুগুৰিহাটৰ অন্যতম দূৰ্গা পূজা কমিটি জামুগুৰি সাৰ্বজনীন দূৰ্গা পূজা কমিতিয়েও আনুষ্ঠানিকভাৱে ষষ্ঠীৰ দিনটোত সৰু প্ৰতিমা স্থাপন কৰাৰ বিপৰীতে দৈনিক বজাৰ পুজা সমিতিয়েও একেদৰেই প্ৰতিমা স্থাপন কৰি সপ্তমীৰ আজিৰ দিনটোত আধ্যাত্মিকতাক গুৰুত্ব দি পূজা আৰম্ভ কৰা দেখা পোৱা গৈছে৷

অৱশ্যে পূজা সমিতিসমুহে চৰকাৰী নীতি নিয়ম সম্পূৰ্ণৰূপে পালন কৰি পূজা আৰম্ভ কৰিছে৷ ইয়াৰোপৰি প্ৰগতিশীল ব্ৰাহ্মণ সমাজৰ সাৰ্বজনীন দূৰ্গা পূজাভাগ এইবেলি প্ৰতিমা নোহোৱাকৈ ঘটত স্থাপন কৰি সম্পূৰ্ণ বৈদিক নিয়মৰে আয়োজন কৰিছে৷আনহাতে জন্মলগ্নৰে পৰা বাহ্যিকতাৰ বিপৰীতে আধ্যাত্মিকতাক মুলধন হিচাপে লৈ আগবঢ়া তথা ৰূপালী আৰু সোণালী জয়ন্তী বৰ্ষ গৰকী ৬৯ ত্বম বৰ্ষত পদাৰ্পণ কৰা জামুগুৰি মংঙ্গলময়ী পূজা কমিটিয়ে ক’ভিড ১৯ ৰ ভয়াবহতা প্ৰতি গুৰুত্ব প্ৰদান কৰি কেৱল বিল্ব বৃক্ষৰ তলত ধূপ দ্বীপ নৈৱদ্য প্ৰদান কৰিয়েই ৬৯ ত্বম বৰ্ষৰ কাৰ্য্যসুচীৰ যৱনিকা পেলাই৷

অৱশ্যে ষষ্ঠীৰ দিনটোত দেৱীৰ প্ৰতিমা স্থাপন কৰা মণ্ডপত আজিও সপ্তমীৰ দিনটোত পূজা আৰম্ভ হৈছে যদিও পূজাথলীত ভক্তৰ ভিৰ পূৰ্ৱৰদৰে দেখা পোৱা নাই৷ ঠিক একেদৰে পূজা বুলি ক’লেই বেলুন,পেপা,প্লাষ্টিকৰ বন্দুক আদি ক্ৰয় কৰি আনন্দোল্লাস কৰাৰ সমান্তৰালকৈ পূজাৰ সময়ত সুস্বাদু জেলেপীৰ গুৰুত্বও কম নাছিল যদিও এইবেলি জামুগুৰিহাটৰ মিঠাইৰ দোকানসমুহত জেলেপী বিচৰা গ্ৰাহকৰ নাই কোনো ভিৰ৷

পূৰ্ৱে মিঠাইৰ দোকানসমুহত দেখা পোৱা ৰং বিৰঙি মিঠাই তথা জেলেপী বিক্ৰী কৰাৰ এক অঘোষিত প্ৰতিযোগীতাৰ ছবিখন এইবেলি সম্পূৰ্ণ বিপৰীত দেখা পোৱা গৈছে৷ মিঠাইৰ দোকানসমুহত আজিৰ দিনটোতো গ্ৰাহকৰ কোনো ভিৰ দেখা পৰিলক্ষিত হোৱা নাই৷

ক’ভিডৰ ভয়াবহতা আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবেই এইবেলি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো পূজাত নাই উচাহ উদ্দিপনা,নাই জনসমাগম৷ অৱশ্যে প্ৰতিমাৰ বেদিত পূজাৰ সময়ত দেৱীৰ চৰণত সেৱা লৈ উপস্থিত ভক্তপ্ৰাণ লোকসকলে পৃথিৱীলৈ সুখ শান্তি সমৃদ্ধি ঘুৰাই অনাৰ বাবেও প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে৷

আই পি এল’ত আজি চেন্নাই বনাম মুম্বাই, হাইদৰাবাদৰ হাতত পৰাস্ত ৰাজস্থান

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব মুম্বাই। চলিত বৰ্ষত চেন্নাই চুপাৰ কিংছে ১০ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত শেষত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ৯ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ আজি চেন্নাই বনাম মুম্বাই খেলখন শাৰজাহৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত কালি অনুষ্ঠিত হাইদৰাবাদ বনাম ৰাজস্থান, খেল খনত ৰাজস্থানে প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত ১৫৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হাইদৰাবাদ জয়লাভ কৰে৷