Breaking

যাত্ৰীবাহী বাছত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় গৰাকী : অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

0 2,027

জীৱন্তে অগ্নিদগ্ধ হৈ ৬ গৰাকীকৈ বাছ যাত্ৰী মৃত্যু হোৱাৰ লগতে অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত হৈছে।

এই লোমহৰ্ষক দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থান জালৰে জিলাত।

আৰক্ষীয়ে প্ৰকাশ কৰা খবৰ অনুসৰি শনিবাৰে ৰাজস্থানৰ জালৰে জিলাৰ মাহেশপুৰা গাঁৱত বিদ্যুৎ পৰিৱাহী তাঁৰত চলন্ত বাছখন স্পৰ্শ ঘটাত সমগ্ৰ বাছখনত অগ্নিগাণ্ডৰ সূত্ৰপাত ঘটে।

“শনিবাৰে নিশা চালকে বাট হেৰুৱাই ভুলক্ৰমে মাহেশপুৰাৰ গাঁৱত প্ৰৱেশ কৰে আৰু ওলমি থকা বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ ঘটি বাছখন অগ্নিদগ্ধ হয়।” জিলাখনৰ উপ আৰক্ষী অধীক্ষক হিম্মৎ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

বেৰ্মাৰৰ নক’ডাৰ পৰা আজমিৰ বেৱাৰলৈ গৈ থকা ব্যক্তিগত মালিকাধীন বাছখনত ৪০ গৰাকী যাত্ৰী আছিল।

বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ছয় গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। আনহাতে অগ্নিদগ্ধ হৈ আহত হৈছে ৩০ জনকৈ যাত্ৰী। বাছখনৰ চালক আৰু কণ্ডাডাক্টৰো অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।

“দুৰ্ঘটনাটোত মুঠ ছয় গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। অন্য ছয়গৰাকী যাত্ৰীক অতি সংকটজনক অৱস্থাত যোধপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী আহত যাত্ৰীসকলক জালৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰে একাংশ চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে।” জিলা উপ আৰক্ষী অধীক্ষকে কয়।

মৃত পাঁচগৰাকী যাত্ৰীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। পৰিচয় উদ্ধাৰ হোৱা মৃত পাঁচগৰাকী যাত্ৰী হৈছে ক্ৰমে চুৰ্মী দেৱী, সোনাল জৈন, চাৰ দেৱী, ৰাজেন্দ্ৰ জৈন আৰু ধৰ্মচান্দ জৈন।

এই ভয়াৱহ অগ্নিকাণ্ডটোৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেইলটে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply