Breaking

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি বুঢ়ীদিহিঙত

0 2,193

অসমত বসবাস কৰা এক অন্যতম নৃ-গোষ্ঠীয় মটক জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখনি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা কঠালগুৰিৰ ৫ নং ডিব্ৰুজানস্থিত ডিব্ৰুপৰীয়া উপ ক্ৰীড়া সন্থাৰ  খেলপথাৰত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ অতিথ্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে । আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ১৯৩৯ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক সন্মিলন, ১৯৪০ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ত্ৰিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ আৰু ২০০৫  চনত জন্ম লাভ কৰা সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় ষষ্ট দ্বি- বাৰ্ষিক অধিৱেশনখনি ৫ নং ডিব্ৰুজানৰ উক্ত খেলপথাৰ “সৌমাৰ সমম্বয় ক্ষেত্ৰ”ত যৌথ ভাৱে অনুষ্ঠিত কৰাৰ উদেশ্যে বৈকুণ্ঠ সোনোৱালক সভাপতি কিৰণ দুৱৰাক কাৰ্যকৰী সভাপতি আৰু দেৱজিত বৰুৱাক মুখ্য সম্পাদক ৰূপে লৈ মূল অভ্যৰ্থনা সমিতি গঠন কৰাৰ উপৰিও বিভাগীয় ৩০ খন উপ সমিতি গঠনেৰে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬, ২৭  আৰু ২৮ তাৰিখে দিন ধাৰ্য কৰি বিস্তৃতভাৱে আয়োজনৰ সিদ্ধান্ত লোৱা মটক  জনগোষ্ঠীৰ তিনি সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগীতা, সু-দিহা পৰামৰ্শ একান্তই কামনা কৰিছে অভ্যৰ্থনা সমিতি, তিনি সংগঠন কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা আৰু কমলদ্বীপ বৰুৱাই । 

Leave A Reply