Home Blog Page 3154

জামুগুৰিহাটত প্ৰকাণ্ড দতাল হাতীৰ মৃত্যু, খাদ্যত বিষক্ৰীয়াৰ সন্দেহ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীৰ গাড়ীবাটত কালি এটি  প্ৰকাণ্ড দতাল বনৰীয়া হাতী মৃত অৱস্থাত পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহি খলিহামাৰীৰ সমীপত মৃত্যু হোৱা হাতীটো পুৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে। পিছত ঘটনা স্হলীত বনবিভাগৰ লোক উপস্থিত  হৈ  হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।

বনবিভাগৰ লোকে  প্ৰকাণ্ড দতাল হাতীটো খাদ্যত হোৱা বিষ ক্ৰীয়াৰ ফলতেই মৃত্যু হোৱা  বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃত্যু হোৱা হাতীটোৰ বয়স  আনুমানিক ৪৫বছৰ বুলি বনবিভাগে জানিবলৈ দিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটৰ দক্ষিণাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই নিশাৰ ভাগত ওলাই অহা কেইবাটাও হাতী মৃত্যুৰ মুখত পৰিছে।

টিংখাঙৰ বৰবাম গাঁও পঞ্চায়ত সদস্যৰ মৃত্যু

দৈনন্দিন বাৰ্তা  সেৱা, টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ বৰবাম গাঁও পঞ্চায়তৰ সদস্য তথা কেছেৰুগুৰি গাঁৱৰ সৰবৰহী যুৱক প্ৰাঞ্জল গগৈৰ(৪০)শনিবাৰৰ পুৱা প্ৰায় ৪-৩০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উচ্চৰক্ত চাপত গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ বাবে শুক্ৰবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। প্ৰাঞ্জল গগৈ কভিড ১৯-ত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত পত্নী একমাত্ৰ সন্তানসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। অতি অমায়িক স্বভাৱৰ প্ৰাঞ্জল গগৈ পঞ্চায়তখনৰ দুই নং কেছেৰুগুৰি ৱাৰ্ডৰ সদস্যৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। প্ৰাঞ্জল গগৈৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ পানীবিল বগাদাত অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। ভাৰতীয় জনতা পাৰ্টী, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰাঞ্জল গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

কোনো কাৰণত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’বঃ অতুল বৰা

দৈনন্দিন বাৰ্তা সেৱাঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা প্ৰসংগক লৈ বিতৰ্কত  শেহতীয়াকৈ মুখ খুলিছে অতুল বৰাই। অগপৰ সভাপতি গৰাকীয়ে কয় যে, শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ সাংস্কৃতিক সত্ত্বাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷

মন্ত্রী গৰাকীয়ে লগতে কয়, শ্বেৰমান আলীক ভৱিষ্যতে তেনে মন্তব্য নিদিবৰ বাবেও আহ্বান জনায়৷ মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক’বলৈ অজিত ভূঞাৰ দৰে লোকৰ বাবেহে সাহস কৰিছে।

দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

দৈনন্দিন বাৰ্তা সেৱাঃ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন কৰে। কোৰোনা ভাইৰাছৰ প্ৰভাৱৰ পৰা ভাৰতৰ সকলোকে ৰক্ষা কৰি সমৃদ্ধিৰ আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰি নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে শুভকামনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২০৪ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ২৯৬১জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৮৫৭৫২ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ১৭৫১০ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯০৬ জন লোকৰ।

আইটিআৰ দাখিলৰ, অন্তিম সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি

 দৈনন্তিন বাৰ্তা সেৱাঃ শনিবাৰে বিত্ত মন্ত্ৰালয়ে ব্যক্তিগত কৰদাতা সকলৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। ব্যক্তিগত কৰদাতা সকলৰ বাবে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩০নৱেম্বৰৰ পৰিবৰ্তে এক মাহৰ বাবে বৃদ্ধি কৰি ৩১ ডিচেম্বৰলৈ সম্প্ৰসাৰিত কৰিছে।

নাজিৰাত মহাষ্টমীত শংখ-ধ্বনিৰে মুখৰিত চৌদিশ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ আজি মহাষ্টমী৷ ক’ৰনা আতংকৰ মাজতে নাজিৰাবাসীয়ে পালন কৰিছে দুৰ্গা পূজা৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও আয়োজন কৰিছে পূজা৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে নাজিৰাৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তিৰসেৰে৷

মহাষ্টমীৰ দিনা অনুষ্ঠিত হোৱা আন এক আকৰ্ষণীয় পূজা হ’ল ‘কুমাৰী পূজা’। এই পূজাত কুমাৰী কন্যাসকলক পূজা কৰাৰ এক বিশেষ বিধান তথা নিয়ম সমাজত প্ৰচলিত হৈ আহিছে৷

ফুলৰ পাহিত মানুহৰ ভ্ৰুণ অংকন ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত শিৱসাগৰৰ জ্যোতিমালা বাইলুং। নয়নতৰা ফুলৰ পাহিত মানুহৰ ভ্ৰূণ অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ এই গৰাকী ছাত্ৰীয়ে। শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিত ঘৰ জ্যোতিমালা বাইলুঙৰ। প্ৰয়াত অনিল বাইলুং আৰু মিনতি বাইলুঙৰ কন্যা জ্যোতিমালাই নয়নতৰা ফুলৰ এটা পাহিত অংকন কৰিলে মানুহৰ ভ্ৰূণ।

সেই ছবি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পিছতে আহিল সুখবৰ। শিৱসাগৰ ছোৱালী কলেজৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী জ্যোতিমালা সক্ষম হয় এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেকৰ্ড কৰিবলৈ। জ্যোতিমালা বাইলুঙৰ এই সাফল্যত এতিয়া আনন্দিত ছাত্ৰী গৰাকীৰ অভিভাৱক, শিক্ষাগুৰু আৰু বন্ধু-বান্ধবী।

মুকলি হ’ল নগাঁৱৰ ভূঁঞাপট্টি দলং

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ দীৰ্ঘদিনীয়া প্ৰতীক্ষা আৰু বহু জল্পনা-কল্পনাৰ অন্তত অবশেষত নগাঁও চহৰৰ পুলিচ ৰিজাৰ্ভ আৰু ভূঞাপট্টি  সংযোগী কলং নৈৰ ওপৰৰ পকী দলংখন ৰাইজৰ বাবে মুকলি কৰা হয়। উল্লেখ্য  তদানীন্তন অগপ চৰকাৰৰ শাসন কালত ১৯৮৮ চনত উক্ত দলঙৰ আধাৰশিলা স্হাপন কৰা হৈছিল। বিগত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া কাৰ্যকালত দলঙখনৰ দুই মূৰৰ পথ সংযোগ বিছিন্ন হৈ থকাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এই দলংখনে ওলমা দলং হিচাপে পৰিচয় লাভ কৰিছিল।

আনহাতে  বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতা আৰু অসম চৰকাৰৰ লোকনিৰ্মাণ,বিত্ত,স্বাস্থ্য ,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবেই দলংখনৰ দুয়োমূৰৰ সংযোগী পথকে ধৰি দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠে। ৩২ বছৰ পূৰ্বে আধাৰশিলা স্হাপন কৰা পুলিচ ৰিজাৰ্ভ-ভূঞাপট্টি সংযোগী পকী দলংখন  আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দলং খন উদ্ধোধন কৰি মন্ত্ৰী ড:শৰ্মাই কয় যে আজিৰ দিনটো নগাঁও বাসীৰ বাবে এক আনন্দ আৰু প্ৰাপ্তিৰ দিন। সুৰ্দীঘ দিন ধৰি অৰ্ধনমিত হৈ থকা এই দলংখন বিগত কোনো এখন চৰকাৰৰ দিনত নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাছিল। দলং খনৰ আধাৰশিলা স্হাপন কালৰ ডেকাসকল এতিয়া বুঢ়া হ’ল আৰু ন বোৱাৰী সকল শাহু হল।আজি দলং খন ৰাইজৰ বাবে মুকলি কৰি দিব পৰাটো আমাৰ চৰকাৰৰ কাৰ্যকালৰ এক অন্যতম  সফলতা হিচাপে বিবেচিত হব।

আনহাতে দলংখন ৰাইজৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাৰ অৱদানক প্ৰশংসা কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে বিধায়ক ৰূপক শৰ্মাৰ কৰ্মদক্ষতাৰ বাবেই এই দলংখন মুকলি কৰাটো সম্ভৱ হৈছে।ইয়াৰ সিংহভাগ কৃতিত্ব বিধায়ক ৰূপক শৰ্মাৰ। তেওঁৰ প্ৰচেষ্টাতে নগাঁৱত মেডিকেল কলেজকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্ভৱ হৈ উঠিছে।

ৰূপক শৰ্মাৰ দৰে বিধায়ক লাভ কৰাটো গৌৰৱৰ কথা।নগাঁৱৰ অসমৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ় দিয়াৰ বাবে  আগন্তুক সময়ত ৰূপক শৰ্মাক সহায় সহযোগ আগবঢ়াবলৈ ৰাইজক মন্ত্ৰী ড: শৰ্মাই আহ্বান জনায়। আনহাতে কোভিড -১৯ৰ বিৰুদ্ধে অসমৰ ৰাইজে শক্তিশালী ভাবে যুঁজ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে দুৰ্যোগৰ সময়ত ৰাইজে চৰকাৰৰ লগত সহযোগিতা আগবঢ়োৱাটোৱে জাতীয় জীৱনৰ সুন্দৰ দিশক সূচাইছে।

শৰ্মাই লগতে কয় যে যোৱা এমাহ ধৰি অসমত ক’ভিদ নিম্নগামী হৈছে। শাৰদীয় দূৰ্গোৎসৱৰ পিছৰ পৰা ক’ভিদ আৰু নিম্নগামী হ’ব।  ইয়াৰ বাবে ৰাইজে ভালদৰে নিয়ম  নীতি মানিব লাগিব অসমীয়া মানুহৰ মানৱীয় চৰিত্ৰৰ উত্থান বিগত ছটা মাহত আমি প্ৰত্যক্ষ কৰিছো। যোৱা ছমাহৰ পৰিক্ৰমা‌ই মোক বিশ্বাস জন্মাইছে যে অসম এতিয়া নতুন দিগন্তত প্ৰবেশ কৰাৰ বাবে সাজু হৈ আছে।

ইপিনে বৰ্তমানৰ চৰকাৰ খনৰ কাৰ্যকালত সংঘটিত বিভিন্ন উন্নয়ন মূলক কামকাজৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে অসম অতি শীঘ্ৰে ভাৰতৰ এখন শক্তিশালী ৰাজ্যত উপনীত হব। দলং উদ্ধোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই কয় যে আজিৰ দিনটো নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। বিগত ৩২ বছৰে কোনো এখন চৰকাৰে সম্পাদন কৰিব নোৱাৰা ভূঞাপট্টি দলং খন আজি ৰাইজৰ বাবে মুকলি কৰি দিব পৰাটো মোৰ বাবে সৌভাগ্যৰ বিষয়।আজি এই দলং খনৰ কলংকিত অধ্যায়ৰ অৱসান ঘটিল।

দলং খন মুকলি হোৱাৰ লগে লগে নগাঁও চহৰৰ যান-যঁট দূৰ হোৱাৰ উপৰিও যাতায়তৰ ক্ষেত্ৰত ৰাইজ উপকৃত হব।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবেই নগাঁও চহৰৰ বাট, পথ, নলা-নৰ্দমা, দলং, বিজুলী বাতিকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্ভৱ হৈ উঠিছে। আনহাতে বহু প্ৰত্যাহ্বান নেওচি ভূঞাপট্টি দলংখন আজি মুকলি কৰাত সফল হোৱাৰ বাবে বিধায়ক গৰাকীয়ে নগাঁওবাসী ৰাইজৰ সহযোগীতাৰ শলাগ লয়। আজি দলংখনৰ উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ডিম্বেশ্বৰ দাস, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিৱ ৰাজেশ কেম্পাই, লোকনিৰ্মাণ বিভাগৰ সচিৱ বিভূতি শ‌ইকীয়া, লোকনিৰ্মাণ বিভাগৰ পল্লবজ্যোতি শৰ্মা, হিতেন কলিতা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

পূৱা নগাঁও চহৰৰ আমোলাপট্টি স্হিত নগাঁও নাট্য মন্দিৰৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত  মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁও নাট্য মন্দিৰৰ ইতিহাস আৰু ঐতিহ্যক দোহাৰি কয় যে ১২৫ টা বছৰৰ গৌৰৱোজ্জ্বল নগাঁও নাট্য মন্দিৰৰ সাংস্কৃতিক  যাত্ৰাই প্ৰমাণ কৰে যে নাটক আৰু নাট্য আন্দোলন অসমৰ সভ্যতা সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ।আনহাতে অসমৰ সভ্যতা সংস্কৃতি বৰ্তমান সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে নামনি অথবা মধ্য অসমৰ বুকুত থিয় হৈ আমি প্ৰতিটো দিনে অনুভৱ কৰো যে আমাৰ সভ্যতা, সংস্কৃতি ভবিষ্যত কিমান অনিশ্চয়তাৰ মাজত আছে।

  মন্ত্ৰী ড০ শৰ্মাই আৰু  কয় যে পংকিল সমাজ ব্যৱস্থাৰ মাজতো আমি আমাৰ মূল শিপাডালৰ পৰা আতৰি আহিব নেলাগে। যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ সভ্যতা আৰু সংস্কৃতি জীয়াই ৰাখিব লাগিব। আমাৰ জাতিটোৰ সন্মুখত প্ৰত্যাহ্বান আছে। আমাৰ সভ্যতা- সংস্কৃতিলৈ বহু দিশৰ পৰা প্ৰত্যাহ্বান আহিছে। আমাৰ সভ্যতা- সংস্কৃতিক নতুন প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ আমি সংকল্প লব লাগিব।  আমাৰ জাতীয় জীৱনৰ একতা, সভ্যতা, সংস্কৃতি জীয়াই ৰখাৰ প্ৰতি  যদি প্ৰতিজ্ঞাবদ্ধ নহওঁ তেন্তে আমি আমাৰ মানবীয় প্ৰমূল্য সমূহক জীয়াই ৰাখিব নোৱাৰিম।

সেয়ে আমাৰ জাতিটোৰ মাজত একতাৰ প্ৰয়োজন। নগাঁও নাট্য মন্দিৰৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ডিম্বেশ্বৰ দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও নাট্য মন্দিৰৰ সভাপতি যুক্তিনাথ খাউন্ড, শিল্পী কানু বেজবৰুৱা উপস্থিত থাকে। আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও চহৰৰ ধিং পথত  কৃত্ৰিম বানপানী প্ৰতিৰোধৰ বাবে  নগাওঁ-বৰদোৱা পথৰ ধিং গেটৰ  উৰণীয়া সেতুৰ পৰা সোণাই নদীলৈ চি আই দি এফ আঁচনিৰ অধীনত নলা নিৰ্মাণৰ কামৰ  শুভাৰম্ভ কৰে।

আনহাতে নগাঁও চহৰৰ আধুনিকীকৰণ আৰু পোহৰাই তোলাৰ লক্ষ্যৰে  চহৰ খনত  বিভিন্ন স্থানত স্থাপন কৰা  ৩১ হাই-মাষ্ট লাইট  আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আই পি এল’ত আজি কলকতা বনাম দিল্লী, পাঞ্জাৱ বনাম হাইদৰাবাদ, মুম্বাইৰ হাতত পৰাস্ত চেন্নাই

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি কলকতাৰ মুখামুখি হ’ব দিল্লী। চলিত বৰ্ষত কলকতাই ১০ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত শেষত ৪ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ১০ খন খেলৰ ৭ খনত জয়ী হৈ পইন্ট তালিকাৰ ২ নম্বৰত স্থানত অৱস্থান কৰিছে৷

আজিৰ আজি কলকতা বনাম দিল্লী খেলখন আবু ধাবীৰ খেলপথাৰত ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে আজিৰ পাঞ্জাৱ বনাম হাইদৰাবাদ খেলখন ডুবাইৰ ৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত কালি অনুষ্ঠিত চেন্নাই বনাম মুম্বাই,খেল খনত ৰাজস্থানে প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত ১১৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হাইদৰাবাদ জয়লাভ কৰে৷