Home Blog Page 3153

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪৩৮৬ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২১৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪৩৮৬ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ২৮৩২ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৮৮৫৮৪ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান চিকিৎসাধীন হৈ আছে ১৪৮৯১ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯০৮ জন লোকৰ।

তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনসন ভংগ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ সম্পূৰ্ণ ৯ দিনৰ অন্তত ভংগ তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনশন। তেজস্বিনীৰ অধক্ষ্যা নমিতা চাহুয়ে নাৰী ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি ফাঁচী দিয়া আইন বলৱৎ হোৱাৰ দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দৃষ্টিগোচৰ কৰিবলৈ চলিত মাহৰ ১৭ তাৰিখৰ পৰা ২৫ অক্টোবৰ লৈকে হোজাই জিলাৰ সদৰ শংকৰ দেৱ নগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন বহিছিল।

হোজাই বিধায়ক শিলাদিত্যৰ আশ্বাসৰ অন্তত সম্প্ৰতি ভংগ কৰে অনশন, হোজাই বিধায়ক অনশন স্থলিত উপস্থিত হৈ দুঃসাহসিক মহিলা গৰাকীক যৎপৰোনাষ্টি চেষ্টা চলোৱাৰ আশ্বাস দিয়াৰ লগতে তেখেতৰ সকলো দাবী সমূহ বিধানসভাৰ সদনত উত্থাপন কৰাৰ লগতে লোকসভাৰ অধক্ষ্যৰ দৃষ্টিগোৰ কৰাৰ আস্বাস দিয়ে।

বিধায়কৰ গৰাকীয়ে মন্তব্য আগবঢ়াই কয় যে দূৰ্গা পূজাত মা দূৰ্গা অসুৰক বধ কৰে কিন্তু আজিৰ দিনৰ অসুৰক বধ কৰিবলৈ হলে কঠোৰ আইনৰ ব্যৱস্থা লাগে। বিধায়ক গৰাকীয়ে দুঃসাহসিক মহিলা গৰাকীৰ এনে কাৰ্য্যক ধন্যবাদ জনোৱাৰ ওপৰিও পুৰ্ণ সমৰ্থন আগঢ়ায়। বিধায়কৰ অনুৰোধ মৰ্মে দুৰ্গাপূজাৰ নৱমী দিনা অধক্ষ্যা নমিতা চাহুয়ে বিধায়কৰ হাতেৰে অ.আৰ.এচ খাই ভঙ্গ কৰে অনশন।

উল্লেখ্য যে নাৰী ধৰ্ষণকাৰী একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবীৰে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে প্ৰধান মন্ত্ৰীলৈ পঠোৱাৰ উদ্দেশ্যে চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই ৯ কি. মি যোৰা কাপোৰত হস্তাক্ষৰ অভিযান অব্যাহত ৰাখিছে। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে হোজাই জিলাৰ শংকৰদেৱ নগৰস্হিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চলিত মাহৰ যোৱা ১৭ তাৰিখৰ পৰা ১৯ লৈকে ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছিল আৰু চৰকাৰ ফালৰ পৰা কোনো সহাৰি নোপোৱাত ২০ তাৰিখৰ পৰা তেজস্বিনীৰ অসম প্ৰদেশ অধক্ষ্যা নমিতা চাহুয়ে জল আৰু অন্ন ত্যাগ কৰি অব্যাহত ৰাখিছিল আমৰন অনসন।

প্ৰত্যকজন নাৰীৰ নিশ্চিত ভাৱে সুৰক্ষিত ৰখাৰ দাবীৰে নাৰী নিৰ্যাতন কাৰীৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে অতিশীঘ্ৰে অন্ধ্ৰপ্ৰদেশৰ দৰে “দিষা আইন” প্ৰণয়ন কৰাৰ দাবীৰ লগতে চৰকাৰে যদি কথোৰ আইন বলবৎ নকৰে তেন্তে পূণৰ কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰে সমিতিৰ অধ্যক্ষা নমিতা চাহুৱে। পূজাৰ সময়ত দুঃসাহসিক মহিলা গৰাকীয়ে কৰা এনে প্ৰচেষ্টাক হোজাই বিধায়কৰ লগতে অনান্য সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ মৃত্যুত শোক

দৈনন্দিন বাৰ্তা সেৱা, হোজাইঃ অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি, প্ৰাক্তন অধ্যাপক ড০ কাৰাম ইবুঙহন সিংহ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যৰ খবৰ পাই হোজাই নতুন বজাৰৰ গীতামন্দিৰ স্থিত নিজ বাসবভনত আত্মীয়স্বজন তথা অসংখ্য গুণমুদ্ধই ভিৰ কৰে, পিছত তেখেতৰ নশ্বৰদেহ অন্তিম দৰ্শনৰ বাবে মণিপুৰী সাহিত্য পৰিষদৰ জিলা কাৰ্য্যালয় লৈ অনা হয়।

প্ৰয়াত সভাপতি গৰাকীৰ নশ্বৰ দেহত পৰিষদৰ কেন্দ্ৰীয়, জিলা নেতৃত্ব তথা অনান্য গুণমুদ্ধ সকলে পুষ্পাঞ্জলি দি অন্তিম দিবায় জনায়। প্ৰয়াত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিধ গৰাকীৰ বিদেহী আত্মাৰ সদগতি কানমনা কৰি তথা শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি অসম মণিপুৰী সাহিত্য পৰিষদৰ হোজাই জিলা কমিটিৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়।

তেখেতৰ মৃত্যুত মণিপুৰী সমাজৰ অপুৰনীয় ক্ষতি বুলি বিভিন্ন জনে অভিহিত কৰে। ড০ কাৰাম ইবুঙহন সিংহ অধ্যাপকৰ লগতে মণিপুৰী সাহিত্য পৰিষদৰ ওপৰিও নগাওঁ জিলা মণিপুৰী ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপ-সভাপতিৰ লগতে অনান্য সামাজিক কাম সমূহৰ লগত জৰিত আছিল।

মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। হোজাই প্রেছ ক্লাবৰ সভাপতি তথা “হোজাই দৰ্পন” সাপ্তাহিক কাকতৰ মূখ্য সম্পাদক সঞ্জিত সৰকাৰেও প্ৰয়াত শিক্ষাবিধ ড০ কে আই সিংহৰ বিদেহী আত্মাৰ সাদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

বিলাসীপাৰাত এইবাৰ অনুষ্টপীয়াকৈ দেৱী-দূৰ্গাৰ বিসৰ্জন

দৈনন্দিন বাৰ্তা সেৱা, বিলাসীপাৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো এইবাৰ অনুষ্টপীয়াকৈ দেৱী -দূৰ্গা বিসৰ্জন। কোৰোনা মহামাৰী সংক্রামনৰ ভয়াবহতাৰ বাবে আজি বিজয়া দৰ্শমীৰ দিনাখনতো, হিন্দু ধৰ্মলন্বী লোক সকলৰ মাজত নাই আগৰ দৰে উল্লাস-উদ্দীপনা।

বিগত বছৰ সমূহৰ তুলনাত বিলাসীপাৰা বানিয়া পাৰা ঘাটত ৰেড ক্রচ চচাইটিৰ সহযোগত এইবাৰ অনুষ্টপীয়াকৈ দেৱী-দূৰ্গাক বিসৰ্জন দিয়া হয়।

দেৱী-দূৰ্গাৰ বিসৰ্জনৰ সময়ত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহী, মহকুমাধিপতি মৃদুল যাধৱ, মহকুমা আৰক্ষী প্ৰশাসন, বিলাসীপাৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়া বৰ্গৰ লগতে হিন্দু ধৰ্মলন্বী ৰাইজ উপস্থিত থাকে।

বিধায়ক শ্বেৰমান আলিৰ মিঞা মিউজিয়ামৰ প্ৰস্তাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ আজি জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তৱ্য কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই৷

বিধায়ক গৰাকীৰ কয় মোৰ নাম তালিকাত আছে যদিও মই কোনো মিটিংত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞাঁ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই৷ মই উপস্থিত নথকাকৈয়ে মোৰ নামটো একাংশ সংৱাদ ক্ষেত্ৰত প্ৰকাশ কৰি থকাটোত মই আশ্চৰ্য্য প্ৰকাশ কৰিছো৷ মই থকা কোনো সভাত মিঞাঁ সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিলোহেতেঁন৷

বিধায়ক গৰাকীয়ে লগতে কয় শ্বেৰমান আলিহঁতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হব পৰা কোনো কাৰ্য্য আমি অসমত হবলৈ নিদিওঁ৷ অসমৰ সকলো দল সংগঠন এনে কাৰ্য্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ অজিত ভূঞাঁৰ দৰে এজন সাংসদে বদৰুউদ্দিনৰ দৰে মানুহক মূখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰিছো৷

আজি জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তৱ্য কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই৷ বিধায়ক গৰাকীৰ কয় মোৰ নাম তালিকাত আছে যদিও মই কোনো মিটিংত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞাঁ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই৷

মই উপস্থিত নথকাকৈয়ে মোৰ নামটো একাংশ সংৱাদ ক্ষেত্ৰত প্ৰকাশ কৰি থকাটোত মই আশ্চৰ্য্য প্ৰকাশ কৰিছো৷ মই থকা কোনো সভাত মিঞাঁ সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিলোহেতেঁন৷ বিধায়ক গৰাকীয়ে লগতে কয় শ্বেৰমান আলিহঁতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হব পৰা কোনো কাৰ্য্য আমি অসমত হবলৈ নিদিওঁ৷

অসমৰ সকলো দল সংগঠন এনে কাৰ্য্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ অজিত ভূঞাঁৰ দৰে এজন সাংসদে বদৰুউদ্দিনৰ দৰে মানুহক মূখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰিছো৷ 

কয়লা কেলেংকাৰীত অভিযুক্ত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক ৩ বছৰৰ কাৰাদণ্ড

দৈনন্দিন বাৰ্তা সেৱাঃ ১৯৯৯ চনত ঝাৰখণ্ডত কয়লা কেলেংকাৰীত অভিযোগত আজি প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক তিনি বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয়। দিলীপ ৰয়ৰ বাহিৰেও চিবিআইৰ বিশেষ আদালতে অন্য দুজন লোকক তিনিবছৰৰ বাবে কাৰাদণ্ড দিয়ে।

বিশেষ ন্যায়াধীশ ভাৰত পৰাশৰে দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে প্ৰত্যেকৰে ১০ লাখ টকাৰ জৰিমনা ঘোষণা কৰে। ১৯৯৯ চনত ঝাৰখণ্ডৰ গিৰিডিহস্থিত ব্ৰহ্মডিহা কয়লা ব্লকৰ চিটিএলৰ স’তে সম্পৰ্কিত ঘটনাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ নাম সাঙুৰ খাইছিল।

ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ-সভাপতি পদত লক্ষ্য কোঁৱৰ

দৈনন্দিন বাৰ্তা সেৱাঃ অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ-সভাপতি হিচাপে নির্বাচিত হৈছে৷ যোৱা ২০ অক্টোবৰত দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ সভাত লক্ষ্য কোঁৱৰে উপ-সভাপতি পদৰ বাবে নির্বাচনত অংশগ্রহণ কৰি মনোনয়ন পত্র দাখিল কৰিছিল৷ লক্ষ্য কোঁৱৰ উপ-সভাপতি হিাচপে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷

লক্ষ্য কোঁৱৰ ফেডাৰেশ্যনৰ পাঁচগৰাকী উপ-সভাপতিৰ ভিতৰত অন্যতম সদস্য হ’ব৷ উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত ফেডাৰেশ্যনত এনে শীর্ষ পদ লাভ কৰা একমাত্র ব্যক্তি হিচাপে পৰিগণিত হৈছে লক্ষ্য কোঁৱৰ৷ লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ লগতে অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক উপদেষ্টা সমিতিৰ সদস্য সচিব হিচাপে কার্যনির্বাহ কৰি আছে৷

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ আক্ৰান্ত হৈছে কোৰোনাত

দৈনন্দিন বাৰ্তা সেৱাঃ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। সোমবাৰে স্বাস্থ্য ৰৰীক্ষাৰ পিছতেই তেওঁৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। অজিত পৱাৰক বৰ্তমান মুম্বাইৰ এখন হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়াকৈ নিজৰ টুইটাৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৰোনা টেষ্ট কৰাবলৈ আহ্বান জনায় তেওঁৰ স্বাস্থ্য বৰ্তমান যথেষ্ট উন্নত বুলি উল্লেখ কৰিছে।

পিয়াজে নহয়, এইবাৰ পিয়াজৰ মূল্যই কন্দোৱাব আপোনাক

দৈনন্দিন বাৰ্তা সেৱাঃ দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰী মূল্য বৃদ্ধিয়ে দেশৰ জনগনক জুৰুলা কৰাৰ সময়তে পুনৰ মূল্য বৃদ্ধি হল বহু কেইবিধ অত্যাবশ্যকীয় সামগ্ৰীৰ। কোনো সামগ্ৰীৰ দাম তেতিয়াই বৃদ্ধি পাই, যেতিয়া সেই সামগ্ৰী বিধৰ উত্‍পাদন কমি যায়। পিঁয়াজৰ লগতো অনুৰূপ ঘটনাই সংঘটিত হৈছে। আমাৰ দেশত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয় মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰৰ নাচিক, আহমদনগৰ, পুণে, ধুলে. শোলপুৰত সৰ্বাধিক পিঁয়াজৰ খেতি হয়। মহাৰাষ্ট্ৰৰ পিছত কৰ্ণাটক, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধপ্ৰদেশত পিঁয়াজৰ খেতি প্ৰচুৰ পৰিমানে কৰা হয়। চলিত বৰ্ষত হোৱা তীব্ৰ বৃষ্টিপাতৰ ফলত লাখ-লাখ একৰ ফচল নষ্ট পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰৰ যি ঠাইত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয়, সেই ঠাইতো অধিক পৰিমাণে এইবাৰ বৰষুণ হৈছে। যদিও কোৰোনা মহামাৰীৰ ফলত হোৱা ল’কডাউনৰ বাবে হোটেল, ধাবা আদি বন্ধ আছিল।

ইয়াৰ বাবে পিঁয়াজৰ মূল্য স্থিতাৱস্থাত আছিল। এতিয়া লাহে-লাহে হোটেলসমূহ খোলাৰ পিছত সমগ্ৰ দেশতে পিঁয়াজৰ দাম আচৰিত বৃদ্ধি হৈছে। বৰ্তমান ৭০-৮০ টকা বিক্ৰী হোৱা পিঁয়াজৰ মূল্য বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতি কেজিত ১২০ৰ পৰা ১৫০ টকা পৰ্যন্ত বাঢ়িব পাৰে। পিঁয়াজৰ উত্‍পাদন কৰা ৰাজ্যত বানপানী আৰু বৰষুণৰ বাবে ফচল সমূহ নষ্ট হৈ গৈছে।

মাস্কৰ নিপিন্ধিলে নাপাব চৰকাৰী সুবিধা

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দেশে কোৰোনাৰ বিৰুদ্ধে যুজিঁবলৈ বিভিন্ন পন্থা অৱলম্বন কৰা দেখা গৈছে। শেহতীয়াকৈ বাংলাদেশ চৰকাৰে গ্ৰহন কৰিছে এক সুন্দৰ প্ৰদক্ষেপ। বাংলাদেশ চৰকাৰে আৰম্ভ কৰিছে ন মাস্ক-ন চাৰ্ভিছ নীতি।

যদিহে কোনো লোকে চৰকাৰ কোনো ধৰণৰ সেৱা গ্ৰহণ কৰিব বিচাৰে তেন্তে মাস্ক পৰিধান কৰিবই লাগিব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বহা কেবিনেটে বাংলাদেশত ন মাস্ক-ন চাৰ্ভিছ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে লগতে কোনো লোককে মাস্ক নিপিন্ধাকৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলিও সিদ্ধান্ত লয়।