দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ স্বাস্থ্য বিভাগে কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবেই সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এচাম অসচেতন নাগৰিকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই ৷ আজি গুৱাহাটী মহানগৰীৰ লাচিত নগৰস্হিত আধাৰ কেন্দ্ৰত কোনো কভিড প্ৰটোকল নামানি সামজিক দূৰত্বৰ প্ৰতি অকণো গুৰুত্ব প্ৰদান নকৰি এনেদৰে লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গ’ল ৷ পুৱতি নিশাৰ পৰা ৰাজ্যৰ ছয়গাঁও, বকো, গোৱালপাৰা, মিৰ্জা, ৰহা, দিছপুৰ, জাগীৰোডকে ধৰি অন্যান্য স্হানৰ পৰা আধাৰ কাৰ্ড এখন পোৱাৰ আশাত লাচিত নগৰ আধাৰ কেন্দ্ৰৰ ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ তৎস্বত্বেও কামৰূপ মহানগৰ জিলা প্ৰশাসন-আৰক্ষীৰ কোনো ব্যক্তি উপস্থিতি দেখিবলৈ পোৱা নাই৷ আধাৰ কেন্দ্ৰটোৰ গেটৰ ভিতৰত পৰা এগৰাকী কৰ্মচাৰীয়ে প্ৰতি গৰাকীয়ে ব্যক্তিৰ কাগজ-পত্ৰ সংগ্ৰহ কৰে ৷ সেই সময়চোৱাত সকলোৱে নিজৰ কাগজ জমা দিয়াৰ বাবেই হেতা ওপৰা লগায় ৷ যাৰ বাবে কভিড প্ৰটোকল বুলিবলৈ একো নাথাকে ৷ তেনেস্থলত মহানগৰ আৰক্ষী-প্ৰশাসনে কোনো ধৰণৰ প্ৰদান নকাৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে ৷ এই ক্ষেত্ৰত এচাম স্হানীয় সচেতন নাগৰিকে কয় যে ৰাজ্য চৰকাৰে এফালে সামজিক দূৰত্ব বজাই ৰাখিবলৈ ঢাক-ঢোল বজাই আছে ৷ আনফালে আধাৰ কাৰ্ড পোৱাৰ আশাত সকলো স্বাস্থ্য বিভাগৰ নীতি নিয়ম জলাঞ্জলি দিছে সেয়া প্ৰশাসনে দেখিবলৈ পোৱা নাই নে ? না দেখিও চকুমুদা কুলিৰ ভাও জুৰিছে ৷ চৰকাৰৰ কোনো ধৰণৰ পলিচি নাই ৷ সেয়ে প্ৰতিখন জিলাত উপযুক্ত পৰিমানে আধাৰ কেন্দ্ৰ স্হাপন কৰিব পৰা নাই ৷ সেইবাবেই আজি কৰোনা মহামাৰীৰ সময়তো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি একাংশ সচেতন নাগৰিকে ক্ষোভ উজাৰে ৷ শীঘ্ৰেই ৰাজ্যৰ প্ৰতিখন জিলাত উপযুক্তভাৱে আধাৰ কেন্দ্ৰ স্হাপন কৰিবলৈ একাংশ উপস্থিত ৰাইজে চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷
কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদ ১০ অক্টোবৰত অসম বন্ধৰ আহ্বান
তামুলপুৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা ১০ অক্টোবৰত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে। কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক প্ৰদীপ ডেকাই আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনোৱা মতে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৭৫ লাখ। এই জনগোষ্ঠীটোৱে বিগত চাৰিটা দশক ধৰি জনগোষ্ঠীটোৰ দুখ-দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ কথা অসমৰ প্ৰতিখন চৰকাৰকে অৱগত কৰি আহিছে। কিন্ত আজিলৈকে কোনো এখন চৰকাৰে অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সমস্যাৰাজিক অনুধাৱন নকৰিলে। ফলত জনগোষ্ঠীটোৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰ’ল। যদিহে অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়াহ’লে আগন্তক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ লগতে আগন্তুক অসম বিধান সভা নিৰ্বাচন বৰ্জন কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটো বাধ্য হ’ব বুলি প্ৰেছ বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিয়ে। ইপিনে অহা ১০ অক্টোবৰৰ ১২ ঘণ্টীয়া অসম বন্ধ সফল ৰূপায়ন কৰাৰ বাবে সৰ্বস্তৰৰ ৰাইজক আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে।
ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ; চাৰি চকীয়া বাহনসহ এজনক আটক
তামুলপুৰ : তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বুধবাৰে নিশা নাগ্ৰীজুলি আৰক্ষী আৰু গুৱাবাৰী এছএছবিয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এ এছ-১২ কে-২৮৭৮ নম্বৰৰ এখন চাৰিচকীয়া বাহনসহ কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী অঞ্চলত এখন গাড়ীৰে বৃহৎ পৰিমাণৰ গাজা লৈ অহাৰ খবৰ লাভ কৰিছিল। সেই খবৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে গুৱাবাৰীৰ এছএছবিৰ সৈতে গুৱাবাৰীৰ এক ভিতৰুৱা অঞ্চলত অভিযান চলাই গোবিন্দ বচনেট নামৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত থকা বাহন খনৰ পৰা প্ৰায় ৯ কিলো ৫০০ গ্ৰাম গাজাসহ চাৰি চকীয়া বাহনখন জব্দ কৰে আৰু কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কৃষ্ণ বসুমতাৰীৰ ঘৰ ওদালগুৰি জিলাৰ কুৰুৱাবাহীত। বৰ্তমান আটকাধীন যুৱকজনক নাগ্ৰীজুলি আৰক্ষী চকীত আৰক্ষীয়ে জেৰা চলাই আছে। গাঞ্জা ব্যৱসায়ৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কৃষ্ণ বসুমতাৰীৰ জেৰাৰ অন্তত আৰু অধিক লোক আৰক্ষীৰ হাতত আটক হোৱাৰ সম্ভাৱনা আছে।
খেলপথাৰৰ বাবে হাহাকাৰ টীয়কৰ এজাক উৎসাহী প্ৰজন্মৰ
কাকজান : যোৰহাট জিলা টীয়কৰ কাকজান খেলপথাৰৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতাৰ অভিযোগ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা আঁজুৰি অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা থকা এই খেলপথাৰখনক লৈ এলাগী কৰাৰ অভিযোগ তুলি সচেতন ৰাইজে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ২০০৭ চনত কাকজান ক্ৰীড়া সন্থা আৰু কাকজান ফুটবল কচিং চেন্টাৰৰ উদ্যোগত উক্ত খেলপথাৰখনত ফুটবলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ৷ ৰাইজৰ অভিযোগ, আন্তঃগাঁথনি বিহীন খেলপথাৰখনত বোকা, গাঁত, ঘাঁহনিৰ মাজত অনুশীলন কৰি ইতিমধ্যে বহু খেলুৱৈয়ে জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সমগ্ৰ টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তথাপি খেলপথাৰখন উন্নীতকৰণৰ ক্ষেত্ৰত আজিও চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত ন’হল ৷ উল্লেখ্য যে ২০০৭ চনৰ পৰাই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই নিয়াত কাকজান খেলপথাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ইতিমধ্যে এই খেলপথাৰখনে বহুকেইগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিছে ৷ খেল’ ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত এই ক্ৰীড়া সন্থাৰ প্ৰশিক্ষাৰ্থীয়ে সফলতা আনিবলৈ সক্ষম হোৱাৰ লগতে, এই সন্থাৰে অন্যতম পাৰ্গত মহিলা খেলুৱৈ অঞ্জনা শইকীয়াই ইতিমধ্যে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গ’ল ৰক্ষক হিচাপে খেলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ তৎসত্বেও ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে থকা খেলপথাৰখনে আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল ৷ প্ৰশিক্ষকে জানিবলৈ দিয়া মতে খেলপথাৰখনৰ পুতৌজনক অৱস্থাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত থকাৰ মাজত আঘাতপ্ৰাপ্ত হৈ বহু সময়ত খেলুৱৈসকলে খেলত অংশ ল’ব নোৱাৰাৰ বহুত উদাহৰণ আছে ৷ সচেতন ৰাইজৰ অভিযোগ, যি সময়ত চৰকাৰে ক্ৰীড়া জগতৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে উদাত্ত ভাষণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰি আহিছে তেনে সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত খেলপথাৰখনৰ দূৰৱস্থাই আচলতে চৰকাৰৰ ফোপোলা স্বৰূপটোকহে উদঙাই দিছে ৷ ইমানখিনি অসুবিধাৰ মাজতো হাৰ নামানি অনুশীলনত ব্ৰতী খেলুৱৈসকলে যাতে ক্ৰীড়াক জীৱনৰ পেচা হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এতিয়া সচেতন ৰাইজে আহ্বান জনাইছে ৷
আইপিএল ২০২০
টছত জয়ী : কলকাতা নাইট ৰাইডাৰ্ছ
কলকাতা নাইট ৰাইডাৰ্ছ: ১৬৭ (ত্রিপাঠি ৮১, ব্র্যাভো ৩/৩৭)
চেন্নাই ছুপাৰ কিংছ: ১৫৭/৫ (ৱাটছন-৫০, ৰাইডু-৩০)
ফলাফল: ১০ ৰানত কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) জয়ী
নগাঁও আৰক্ষীৰ জালত ধিংত সংঘটিত হত্যাকাণ্ড ঘটনাৰ মূল অভিযুক্ত ; পিস্টল সহ দুই জাই সজীৱ গুলী উদ্ধাৰ
নগাঁও,৭অক্টোবৰ : নগাঁও আৰক্ষীয়ে অভিযান চলাই আজি আটক কৰিবলৈ সক্ষম হয় ধিংত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক। বিগত ২৫ চেপ্টেম্বৰত ধিঙৰ ডুমুডুমীয়া লাঙিয়াৰ নবী হুছেইন নামৰ এজন লোকক দিন দুপৰতে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল দুই দুৰ্বৃত্তই। নিজৰ কিশোৰী কন্যাক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই নবী হুছেইনক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰব আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ তৎপৰতাত নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকাণ্ডৰ মূল অভিযুক্ত আনাৰুল ইছলামক। আজি নগাঁৱৰ ধূপগুৰিৰ পৰা আৰক্ষীয়ে আটক কৰে মূল অভিযুক্ত আনাৰুলক। ধৃত আনাৰুলৰ পৰা আৰক্ষীয়ে এটা কাৰখানাত নিৰ্মিত পিষ্টলৰ লগতে ৭.৬৫ এম এম পিষ্টলৰ দুই জাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয়।
নগাঁৱৰ কাছমাৰীত উন্নয়ন মূলক আঁচনি উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ৭ অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী অঞ্চলত আজি তিনিটাকৈ উন্নয়ন মূলক আচঁনিৰ কামৰ শুভ উদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই । বিধায়ক শৰ্মাই আজি পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত অতিৰিক্ত কোঠা আৰু সমূহীয়া ভৱনৰ লগতে কাছমাৰী মজলীয়া বিদ্যালয়ৰ চাৰিসীমা বেৰৰ উদ্ধোধন কৰে। ইয়াৰ উপৰি বিধায়ক গৰাকীয়ে কাছমাৰী ক্ষুদ্র স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চৰ বাবে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা তিনিটা আৱাসগৃহও মুকলি কৰি দিয়ে । আজি মুকলি কৰা এই আৱাসগৃহ তিনিটাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত নাৰ্চসকলৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰে বুলি বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে আজি উদ্ধোধন কৰা উন্নয়নমূলক আচঁনি সমূহৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ উপকৃত হব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে । উদ্ধোধনী অনুষ্ঠানত কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈৰ লগতে ভালে কেইগৰাকী পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে ।
হালোৱাটিং, বৰছিলা দৈনিক হাট-বজাৰৰ দুৰৱস্থা : জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি

গেলেকী : জনস্থাস্থ্যৰ প্ৰতি চৰম ভাবুকি বৰছিলা দৈনিক বজাৰৰ। নাজিৰা মহকুমা সীমান্তৱৰ্তী আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ এখন দৈনিক বজাৰ বৰছিলা হাট-বজাৰ। অসম-নগালেণ্ড সীমান্তৱতী অঞ্চল বৰছিলাস্থিত এই বজাৰখন প্ৰায় কুৰিখন ৰাজহ গাঁও আৰু কেইবাখনো চাহ বাগিচাৰ ৰাইজৰ একমাত্ৰ ব্যৱসায় স্থল। জনসংখ্যা বৃদ্ধিৰ অনুপাতে এই বজাৰখনৰো ক্ৰেতা-বিক্ৰেতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ সেই অনুপাতে বৃদ্ধি পোৱা নাই বজাৰখনৰ উন্নয়ন৷ বজাৰ গৃহৰ অভাৱত বেপাৰী সকলে মুকলি আকাশৰ তলতে বস্তু বিক্ৰী কৰে। যাৰ ফলত তেওঁলোকৰ সময়ে-সময়ে বেয়া বতৰৰ কাৰনে সামগ্ৰী তথা লোকচানৰ সন্মুখীন হোৱাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। বজাৰখনত নাই এটা প্ৰেসাৱঘৰ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বৰষুণৰ বতৰত বজাৰৰ ভিতৰত একাঠু বোকা হয়৷ চৰকাৰে এই বজাৰখনৰ পৰা এটা মোটা অংকৰ ধন ৰাজহ হিচাপে লয়। যদিও বজাৰখনৰ উন্নয়নৰ কাৰণে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে স্থানীয় ৰাইজে বৰছিলা দৈনিক বজাৰৰ কৰ্দযৰূপ আঁতৰাই উন্নয়নৰ কাৰণে অসম চৰকাৰক পদক্ষেপ লোৱাৰ ৰাইজে দাবী তোলিছে।
কভিড’ত টিংখাঙৰ অৱসৰপ্ৰাপ্ত আৰক্ষী হাবিলদাৰ প্ৰফুল্ল বৰা মৃত্যুত গভীৰ শোক

টিংখাং: মৰামাৰী কৰণা ভাইৰাছৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ টিংখাং লাটুমণিৰ নিবাসী প্ৰফুল্ল বৰাই (৬৫) কভিড-১৯ আক্ৰান্ত হৈ আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। পূৰ্বৰ পৰাই উচ্চ ৰক্তচাপ জনিত আৰু বহুমূত্ৰ ৰোগত ভুগি থকা অৱসৰপ্ৰাপ্ত হাবিলদাৰ গৰাকীয়ে শেহতীয়াকৈ জ্বৰ,কাহ আৰু পানীলগা অসুখত ভুগি আছিল। কিছুদিন ধৰি ঘৰতে চিকিৎসা গ্ৰহণ কৰিছিল যদিও ক্ৰমে স্বাস্থ্য অৱনতি হোৱাত কালি ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল যদিও আজি দিনৰ প্ৰায় ১.৪৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী পুত্ৰ, এগৰাকী কন্যা, তিনি ভ্ৰাতৃ, ভগ্নী, নাতি-নাতিনীসহ: অনেক আত্মীয় স্বজনক এৰি থৈ যায়। তেখেতৰ মৃত্যুত স্থানীয় বিধায়ক বিমল বৰা, অসম প্ৰেট্ৰকেমিকেলৰ অধ্যক্ষ বিপুল চন্দ্ৰ ডেকা প্ৰমুখ্যে বিভিন্ন লোকে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
১৩ গৰাকী প্ৰকৃতি প্ৰেমিক জামুগুৰিহাটত সম্বৰ্দ্ধনা
জামুগুৰিহাট : ৬৬তম বনপ্ৰাণী সুৰক্ষা দিৱস উপলক্ষ্যে আজি জামুগুৰিহাটৰ কুসুমটোলাত থকা বনবিভাগৰ পশ্চিম বনাঞ্চলিক কাৰ্য্যালয়ত বনবিভাগৰ তৰফৰ পৰা ১৩ গৰাকী প্ৰকৃতি প্ৰেমিক সম্বৰ্দ্ধনা জনোৱা হয়। জামুগুৰি, চতিয়াৰ দক্ষিণ প্ৰান্তত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা বিভিন্ন সময়ত জনাঞ্চললৈ ওলাই অহা বন্য জীৱ-জন্তু সমূহক সুৰক্ষা প্ৰদান কৰি বনবিভাগৰ সহযোগত পুনৰ বনাঞ্চললৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা চয়দুৰ ৰহমান, মিন্টু নাথ,আব্দুল মানাছ,ৰফিকুল ইছলামকে ধৰি মুঠ ১৩গৰাকী প্ৰকৃতিপ্ৰেমীক সম্বৰ্দ্ধনা জনোৱা হয়।সভাত বন সংপালক দেৱজিৎ শইকীয়া, উপ বন সংপালক ৰাফেল দাসকে ধৰি বনবিভাগৰ বিষয়া সকল উপস্থিত আছিল।









