Home Blog Page 3185

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷

সংবাদমেল খনত সোনেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান, সমুদ্ৰজিৎ গোঁহাই, প্ৰণৱ দলে, আৰু ধ্ৰুৱজ্যোতি সাহাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বিশিষ্ট সমাজকৰ্মীকেইগৰাকীৰ অভিযোগ “কনডেনচেট ব্যৱহাৰৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোক লুকুৱাই অইলে অবৈধভাৱে চলোৱা খননৰ বাবেই ভয়াবহ বাঘজান কাণ্ড সংঘটিত হৈছিল ।

উল্লেখ্য যে বাঘজান কাণ্ড সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অইল ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিছিল বোকাখাতৰ সোণেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান আৰু সমুদ্ৰজিৎ গোঁহায়ে ৷

দোষী অইলৰ বিষয়াক হাতকেৰীয়া লগাই ৰাইজৰ আদালতত বিচাৰৰ বাবে হাজিৰ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক সংবাদমেলৰ যোগেদি আহ্বান জনায়৷ অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ বিস্ফোৰণ আৰু তাৰ ফলস্বৰূপে ৮ জুনত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলত (ইষ্টাৰ্ণ জন বেঞ্চ) ২৭ জুনত এক গোচৰ ৰুজু কৰে।

সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে ইতিমধ্যে ন্যায়ালয়ে প্ৰকাশ কৰিছে যে বাঘজানৰ খাদ কোনো সাধাৰণ গেছ খাদ নহয়, বৰঞ্চ ই গেছ কনডেনচেট খাদ। কৰ্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আগতেই বিশেষভাৱে ইয়াৰ যত্ন আৰু সাৱধানতা লোৱাটো নিশ্চিত কৰিব লাগিছিল।

এতিয়াও শেষ হোৱা নাই হোটেল ৰাজনীতি : এইবাৰ হোটেল তাজত হাগ্ৰামা সৈতে হিমন্তৰ বৈঠক

বিটিচিৰ আচল কিংমেকাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা নে হাগ্ৰামা মহিলাৰী ? কালি নিশা হোটেল তাজত গোপন বৈঠকত মিলিত হল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচিত চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰাৰ পিছতো হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হবলৈ বাধ্য হল হিমন্ত বিশ্ব শৰ্মা ।

আনহাতে, ন্যায়ালয়ৰ ফালৰ পৰা প্ৰমোদ বড়োৰ পৰিষদলৈ আহিছে প্ৰত্যাহ্বান। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ নৱ নিৰ্বাচিত পৰিষদক কাম-কাজত স্থিতাৱস্থা ঘোষণা কৰিছিল । এই হোটেল ৰাজনীতিৰ ইয়ো এক মুখ্য কাৰন বুলি ধাৰনা কৰা হৈছে ।

এই গোপন বৈঠকৰ প্ৰকৃত উদ্দেশ্য কি সময়েতহে জানিব পৰা হব ।

চিআইডিয়ে দাখিল কৰিলে SI নিযুক্তি কেলেংকাৰীৰ ৩৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ ৷ SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে। বিশেষ আদালতত চাৰ্জশ্বিট দাখিল চিআইডিৰ। তিনিমাহ সম্পূৰ্ণ হোৱাৰ দুদিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে।

১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ। চাৰ্জশ্বিটত আছে ৩৫ গৰাকী সাক্ষীৰ CrPCৰ 164 জবানবন্দী, ৫ জন অভিযুক্তৰ CrPCৰ 164 জবানবন্দী৷ লগত আছে ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন৷ চাৰ্জশ্বিটৰ লগত ৪০০০ পৃষ্ঠাৰ নথি সংলগ্ন কৰি দিয়া হৈছে।

নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল, ঘৰৰ ভিতৰত মাক-দেউতাকক হত্যা কৰি আছিল প্ৰেমিকে

ইণ্ডোৰৰ ৰুক্মিণী নগৰত বাসকৰা এছএএফ’ত চালক জ্যোতি প্ৰসাদ শৰ্মা আৰু তেখেতৰ পত্নী নীলমক তেওঁলোকৰ নিজৰেই নাৱালিক কন্যা আৰু তেওঁৰ প্ৰেমিকে পৰিকল্পিত ভাৱে হত্যা কৰে ।

অভিযুক্ত নাৱালিক কন্যাৰ বয়স ১৭ বছৰ আৰু তেওঁ একাদশ শ্ৰেনীত পঢ়ি আছে । তেওঁৰ প্ৰেমিক গৰাকীৰ নাম ধনঞ্জয় য়াদৱ । যোৱা বৃহস্পতিবাৰে মাজ নিশা আৰক্ষীয়ে দুয়োকে শুধা পোচা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।

হত্যাৰ ঘটনাটো সংঘটিত কৰা হৈছিল পুৱা প্ৰায় ৫ বজাত । হত্যাৰ বাবে চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল । যি সময়ত নিজৰ পিতৃ আৰু মাতৃক ভিতৰত প্ৰেমিকে হত্যা কৰি আছিল সেই সময়ত নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল ।

হত্যা কাণ্ডৰ সময়ত ঘৰৰ ভিতৰৰ পৰা চিঞৰ শুনি ওচৰ চুবুৰীয়া সাৰ পাই আৰু যুৱতী গৰাকীক কিহৰ চিঞৰ বাখৰ হৈ থকা বুলি শোধাত যুৱতী গৰাকীয়ে দেউতাকে সুৰা পান কৰি আহি মাকৰ লগত কাইজীয়া কৰি আছে বুলি জানিবলৈ দিয়ে । তাৰ পিছত চুবুৰীয়া নিজৰ নিজৰ ঘৰলৈ উভতি যায় ।

ৰাতিপুৱা ৮ বজাত দুয়োৰে মৃতদেহ চাদৰৰে মেৰিয়াই থোৱা অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হয় । প্ৰেমিক ধনঞ্জয়ৰ পিতৃ সেই অঞ্চলৰ পূৰ্বৰ উপ চৰপঞ্চ আছিল বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ মতে, সম্পূৰ্ণ হত্যা কাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল । হত্যা কাণ্ডৰ আগত ঘৰৰ চিচিটিভি কেমেৰা বন্ধ কৰি লোৱা হৈছিল । হত্যাৰ পিছৰে পৰা কন্যা গৰাকীৰ ম’বাইল বন্ধ হৈ আছে ।

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইত কম্বল বিতৰণ কাৰ্য্যসূচী

হোজাই, ১৮ ডিচেম্বৰ: শুক্ৰবাৰে হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলে বিতৰণ কৰিলে কম্বল, হোজাইৰ দেশবন্ধু বিদ্যাপীঠৰ স্বৰ্ণজয়ন্তী ভবনত আজমল ফাউণ্ডেচনৰ উদ্যোগত শীতৰ কাপোৰ বিতৰণ কাৰ্য্যসূচী সুভাৰম্ভ কৰা হয় ৷ প্ৰচণ্ড শীতৰ সময়ত দৰিদ্ৰ লোকসকলক সামান্য সকাহ দিয়াৰ উদ্দেশে ইউ কেৰ ইছা ফাউণ্ডেচন (ISSA Foundation, UK) দ্বাৰা দান প্ৰাপ্ত আৰু মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে গ্ৰহণ কৰিছে এই কাৰ্যসুচী ৷ উপস্থিত সাংবাদিক সকলৰ আগত বদৰুদ্দিন আজমলে মন্তব্য আগবঢ়াই কয় যে ফাউণ্ডেচনৰ উদ্যোগত প্ৰত্যেক বছৰৰ শীতৰ বতৰত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰাজ্যৰ প্ৰায় এক লাখ লোকক কম্বল বিতৰণ কৰা হয় আৰু এই বেলি হোজাইৰ অমুছলমান অঞ্চলৰ প্ৰায় ৫০০ গৰাকী দৰিদ্ৰ লোক সকলক একোখনকৈ উন্নত মানদণ্ডৰ কম্বল বিতৰণ কৰাৰ ওপৰিও প্ৰকৃত হিতাধীকাৰী সকল যদি ৰৈ গৈছে তেওঁলোককো পৰবৰ্ত্তী  সময়ত দিয়া যাব বুলি জনায়। বিতৰণী অনুষ্ঠানত সাংসদ বদৰুদ্দিন আজমলে নিজৰ ভাষণত কয় যে আজমল ফাউণ্ডেশ্বন, মৰ্কজুল মা-আৰিফ আৰু হাম হস্পিটেলে বিগত প্ৰায় ২৫ বছৰৰ পৰা জনসেৱাৰ বাবে কাম কৰি আছে আৰু কৰি যাব। তাৰ বাবে সকলোৰে সাহায় সহযোগীতা আৰু আৰ্শীবাদ বিচাৰে। আনহাতে ৰাজনৈতিক ভাৱে আক্ৰমন কৰা সকলৰ প্ৰতি মনযোগ নিদি নিজৰ কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে ৰাষ্টাত গলে বহুতে ভুকিব বুলিও তাৎপৰ্য্য মন্তব্য আগবঢ়ায়। কম্বল বিতৰণী অনুষ্ঠানত আজমলৰ উপৰিও উপস্থিত থাকে হোজাইৰ বিশিষ্ট সমাজ সেৱক কমল দত্ত, প্ৰমোদ ৰঞ্জন দাস, হোজাই সাহিত্য সভাৰ উপ সভাপতি পদ্মকান্ত নাথ, আজমল ফাউণ্ডেশ্বনৰ কৰ্নেল (প্ৰাক্তন) সমিৰ কাঞ্জিলাল, মৌলানা অজিৰ উদ্দিন আদি অনান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আজমল ফাউণ্ডেচনৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে ৷

নগাঁৱৰ নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ২০২১ বৰ্ষৰ ১৩, ১৪, ১৫, ১৬ আৰু ১৭ জানুৱাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত এই ভোগালী বিহু উৎসৱ উদযাপনৰ বাবে নগাঁৱৰ বিশিষ্ট নাগৰিক ৰঞ্জিত কুমাৰ তামুলি ফুকনক সভাপতি, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰা, ৰঞ্জিত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই ভোগালী বিহু উৎসৱত সকলোৰে সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

চাবুৱাত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা সম্পন্ন

 মদাৰখাত, ১৮ ডিচেম্বৰ: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতিৰ বিৰোধিতাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে সমগ্ৰ জিলাখনতে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ইয়াৰে অংশ হিচাপে চাবুৱাৰ হৰগুণৰায় ভেৰুদন প্ৰাথমিক বিদ্যালয়ত জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত সজাগতা সভাখন সম্পন্ন হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে উপস্থিত ৰাইজক এন পি এছ কৰ্মচাৰী সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ বাহাল ৰখাৰ স্বাৰ্থতে সদৌ অসমভিত্তিক সাংগঠনিক ঐক্যৱদ্ধ হোৱাৰ গুৰুত্ব আৰোপ কৰে। পেন্সন ব্যৱস্থাটো ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব পৰাৰ সক্ষমতা থকাৰ কথা উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ স’তে সহযোগিতাৰে এক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহনে নতুন পেন্সন নীতিৰ ভৱিষ্যত আৰু ভয়াবহতাৰ বিষয়ে তথ্যভিত্তিক আলোচনা আগবঢ়ায়। তেখেতে নতুন পেন্সন নীতিৰ আওতাত পৰা কৰ্মচাৰীৰ অৱসৰৰ পাছতহে বহু কথা পোহৰলৈ অহাৰ কথা ব্যক্ত কৰে। চাবুৱাস্থিত ডায়েটৰ নীলমণি টেৰণে প্ৰথম অৱস্থাত নতুন পেন্সন নীতি খুওব সুন্দৰ বুলি ভাবিছিল যদিও কিছু বছৰৰ পাছত কথাখিনি স্পষ্ট হোৱাতহে ইয়াৰ ভয়াবহতাৰ কথা কয়। জিলা সমিতিৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে নতুন পেন্সন নীতিৰ অধীনত অৱসৰ গ্ৰহণ কৰা এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্যৰ সন্দৰ্ভত এজন কৰ্মচাৰীয়ে কিমান পৰিমাণৰ মাহিলী পেন্সন পাব তাৰ তুলনামূলক বিস্তৃত বিশ্লেষণ আগবঢ়ায়। চাবুৱা ডি ডি আৰ মহাবিদ্যালয় প্ৰবক্তা পুৰন্দৰ গোঁহাইয়ে এন পি এছৰ সামগ্ৰিক প্ৰতিচ্ছবিখন সভাত ব্যাখ্যা আগবঢ়াই পুৰণি পেন্সনৰ বাহালৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। সভাতেই নন্দৰাম তাঁতীক সভাপতি, অমৰজ্যোতি দিহিঙীয়াক উপ সভাপতি, অংকুৰ দত্তক সম্পাদক, প্ৰশান্ত কোঁৱৰক  সহকাৰী সম্পাদক হিচাপে লৈ চাবুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ বঢ়মপুৰ হাজৰিকা চুক অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি বঢ়মপুৰৰ হাজৰিকা চুক অঞ্চলৰ  হাজৰিকা উপাধিৰ এজন  লোক  অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ  আৰু কিছু মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে উপ বন সংপালক ৰাজেন্দ্ৰ শ‌ইকীয়াৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰক : উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান । হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷ জালুকবাৰীত নিৰ্মাণ হোৱা স্থায়ী হজ ভৱন শীঘ্ৰেই মুকলি কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে ৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সভাপতি ইছলামৰ মুখ্যমন্ত্ৰী সোনোৱাললৈ এই আহ্বান ৷

তৃণমূল কংগ্ৰেছ ত্যাগ আৰু বিজেপি যোগদানৰ লাভালাভ : লাভ কৰিব Z শ্ৰেণীৰ সুৰক্ষা আৰু বুলেট প্রুফ গাড়ী

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতেই সুবেণ্ডু অধিকাৰীক কেন্দ্ৰৰ পৰা Zশ্ৰেণীৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সৈতে আলোচনাৰ পিছত সুবেণ্ডু অধিকাৰীক বেংগলত Z শ্ৰেনীৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ বুলেট প্রুফ গাড়ীও লাভ কৰিব । বেংগলৰ বাহিৰত, তেওঁলোকে Y+ নিৰাপত্তা প্ৰাপ্ত কৰিব।

মমতাৰ ঘনিষ্ঠ হিচাপে পৰিচিত সুবেণ্ডু অধিকাৰীয়ে বুধবাৰে বিধায়িনী আৰু শুক্ৰবাৰে দলটোৰ পৰা পদত্যাগ কৰে। তেওঁ পূৱ মিদিনাৰ নণ্ডীগ্ৰাম আসনৰ পৰা এজন বিধায়ক আছিল। কিছু সময়ৰ বাবে দলৰ নেতৃত্বৰ পৰা দূৰত্ব ৰাখি আছিল বিধায়ক জনে। সুবেণ্ডুৰ পদত্যাগ দলটোৰ লগতে মমতা বেনাৰজীৰ বাবেও মোক্ষম আঘাট । ১৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে বংগ ভ্ৰমণ কৰিব । ইতিমধ্যে, সুবেণ্ডুয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতে বিজেপি দলত যোগদান কৰিব পাৰে বুলি ধাৰনা কৰা হৈছে ।