দৈনন্দিন বাৰ্তা ডেস্ক : পৰিয়ালৰ লোকসকল সমবেত হোৱাটো ক’ভিড-১৯ সংক্ৰমণৰ এটা প্ৰধান উৎস ৷ যোৱা সপ্তাহত এই ৰোগৰ বৃদ্ধি পোৱাত অধিক ত্বৰান্বিত হৈছিল ৷ এই কথা কয় ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰী অলিভিয়াৰ ভেৰানে ৷ প্ৰত্যেকে যদি তেওঁলোকৰ সামাজিক যোগাযোগৰ পৰিমাণ কমাই কৰে, তেন্তে এই ভাইৰাছ কমকৈ বিয়পাত সহায় কৰিব ৷ এক সংবাদ মেলত তেওঁ এনেদৰে কয় ৷ ক’ভিড-১৯ৰ বাবে পৰীক্ষা কৰা ১০০ জনৰ ভিতৰত ৫ জনৰ আহিছে ইতিবাচক ৷ গ্ৰীষ্মৰ আৰম্ভণিতে ১০০ৰ মাজত এজন আছিল বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ ফ্ৰান্সৰ লিৱন আৰু নাইচ মহানগৰত ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণত অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, ভাইৰাছ ‘ৰেড অঞ্চল’ হিচাপে বিবেচিত আন তিনি অঞ্চল যোগ কৰা হৈছে য’ত ইতিমধ্যে অতিৰিক্ত ব্যৱস্থা লোৱা হৈছে ৷ মন্ত্ৰী অলিভিয়াৰ ভেৰানে এই ব্যৱস্থাবোৰ কি হ’ব সেয়া উল্লেখ নকৰিলে ৷ ফ্ৰান্সত এই মাহত ভাইৰাছজনিত ৰোগ পুনৰ আৰম্ভ হৈছে ৷ এই বছৰৰ আৰম্ভণি দিশে ৰেকৰ্ড সংখ্যক বৃদ্ধি পাইছিল ৷ ফ্ৰান্সৰ নাগৰিকৰ উদ্দেশ্যি ভেৰানে কয়, আমি এনে পৰিস্থিতিত আছো, বিশেষকৈ মই যি অঞ্চলবোৰ উল্লেখ কৰিছো, তিত মই কেৱল আপোনালোকে নিজেই দুগুণ কৰাৰ বাবে কৰিছে বুলি ক’ব পাৰি ৷ বিশেষকৈ আপোনলোকে প্ৰতিদিনে যিমান লোক লগ পাই তাৰ সংখ্যা কমাব লাগিব ৷
ঠিকাদাৰৰ গাফিলতিৰ বাবেই নগাঁৱত যুৱকৰ মৃত্যু : উত্তপ্ত পৰিস্থিতি
নগাঁও,১৮ ছেপ্টেম্বৰ: মৰণফান্দত পৰিণত হৈছে নগাঁও চহৰৰ এখন নিৰ্মীয়মান দলং ৷ ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই কালি নিশা এগৰাকী যুৱকে মৃত্যুক সাৱটিবলগীয়া ঘটনা সংঘটিত হল নগাঁৱত । উল্লেখ্য, নগাঁও চহৰৰ মাজমজিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপতে নতুনকৈ আন এখন দলংৰ নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু দলং নিৰ্মানৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱ কোনো সতৰ্কতামূলক ব’ৰ্ড কিম্বা বেৰিকেড নলগোৱাকৈয়ে দলং নিৰ্মাণৰ বাবে খন্দা গাত উন্মুক্তভাৱে ৰাখি থৈছে। যাৰ ফলতেই কালি নিশা সংঘটিত হয় এক অঘটন ৷ দলং নিৰ্মাণৰ বাবে খান্দি থোৱা গাতটোত পৰি মৃত্যুক সাৱটি লবলগীয়া হয় ছমাদাৰ পট্ৰিৰ ৰণি সৰকাৰ নামৰ যুৱকজনে ৷ কোনো ধৰণৰ সাংকেতিক ব’ৰ্ড বা বেৰিকেড নলগোৱাৰ ফলত যোৱা নিশা ছামাদাৰ পট্টিৰ ৰণি সৰকাৰ নামৰ যুৱকজন বাইকসহ উন্মুক্ত গাতত পৰি মৃত্যুক সাৱটি লবলগীয়া হয় ৷ আজি পুৱাৰ ভাগতহে স্থানীয় লোকে বাইকসহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ ৷ ইপিনে যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় ৰাইজ। আনকি স্থানীয় ৰাইজে দলং নিৰ্মানকাৰী প্ৰতিষ্ঠান খনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ তাৰ পাচতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ লগতে অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
কাগজ কল বচাওক, শ্ৰমিক বচাওক-এ.আই.চি.চি.টি.ইউ
তিনিচুকীয়া : কাগজ কল বচাওক, শ্ৰমিক বচাওক মূল দাবীৰ ভিত্তিত ৰাজ্যিক কাৰ্যসূচীৰ অংশ হিচাপে এ.আই.চি.চি.টি.ইউ আৰু নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) ই যৌথভাৱে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত দাবী দিৱস পালনৰ অৰ্থে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পিছত তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় বুলি এ.আই.চি.চি.টি.ইউৰ ৰাজ্যিক সম্পাদক সুভাষ সেন আৰু আইছাৰ জিলা সম্পাদক সূৰয মাহালিয়ে জানিবলৈ দিয়ে। স্মাৰকপত্ৰৰ মূল দাবীসমূহ হৈছে কেৰালা চৰকাৰৰ দৰে অসম চৰকাৰেও ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ থকা কাছাৰ পেপাৰ কল আৰু ২০১৭ৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা নগাঁও কাগজ কল দুটাক ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ কাৰণে উদ্যোগ লওক, শ্ৰমিক কৰ্মচাৰীৰ ৪৫ মাহৰ দৰমহা মোকলাই দিয়ক, বন্ধ কাগজ কল খোলা হ’ব বুলি বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰক, ৰাজ্য চৰকাৰে ২১ ছেপ্তেম্বৰৰ আগত কাগজ কল দুটা পুনৰুজ্বীৱিতকৰণৰ নিৰ্দ্দিষ্ট প্ৰস্তাৱ এনচিএলটি লৈ প্ৰেৰণ কৰক, সংস্থাপন বন্ধ নহয় ন ন সংস্থাপন ক্ষেত্ৰ সৃষ্টি কৰক, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্যহতে ঘোষণা কৰা ১২ হাজাৰ কোটি টকা পেকেজৰ পৰা কেৱল ১২শ কোটি টকা কাগজ কল দুটাক উৎপাদনক্ষম কৰাৰ কাৰণে ব্যয় কৰক, আৰু সদ্দিচ্ছা প্ৰকাশ কৰক ইত্যাদি। আজিৰ কাৰ্যসূচীত নেতৃত্ব দিয়াসকলৰ ভিতৰত প্ৰগতিশীল নাৰী সন্থাৰ জিলা সম্পাদিকা তথা ৰাজ্য সমিতিৰ সদস্যা শিখা দাস, আইছাৰ জিলা সভাপতি বিশাল কল, মনোজ হাজৰিকা, সুখু মাহালি আৰু ব্ৰীজ প্ৰধান আদি। যৌথ বিবৃতিটোত উল্লেখ কৰা হয় যে মিল দুটা বন্ধ হৈ পৰাৰ ফলত প্ৰায় ৪৪০০ জন শ্ৰমিক কৰ্মচাৰীৰ জীৱনে অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। তদুপৰি পৰোক্ষভাৱে শ শ ঠিকাদাৰ, হাজাৰ হাজাৰ বাঁহ খেতিয়ক আৰু বাঁহ সৰবৰহকাৰী আৰু আন আন সামগ্ৰীৰ যোগান ধৰোতা সৰ্বমুঠ প্ৰায় দুই লাখ মানুহৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিছে। জাগীৰোড আৰু পাঁচগ্ৰামৰ টাউনশ্বিপ দুখনো লাহে লাহে ধ্বংসস্তূপত পৰিণত হোৱাৰ পথত। আটাইতকৈ মৰ্মান্তিক বিষয় হৈছে ৪৫ মাহ ধৰি দৰমহা নোপোৱাৰ ফলত এজন বিষয়া সহ ৩ জনে আত্মহত্যা কৰিছে আৰু চিকিৎসা তথা খাদ্যৰ অভাৱত আৰু ৬৮ জন সহ সৰ্বমুঠ ৭১ জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক উদ্যোগ মন্ত্ৰীয়ে এবাৰ বিধানসভাত কাগজ কল দুটাৰ কাৰণে ১৯০০ কোটি টকা মোকলাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া সত্বেও সকলো ফুটুকাৰ ফেন হ’ল। অতি ক্ষীণ হ’লেও আশাৰ কথা যে নেচনেল কোম্পানী ল ট্ৰাইবুনেলে মিল দুটাৰ ভৱিষ্যৎ নিৰূপণৰ বাবে চূড়ান্ত ৰায় দিয়াৰ তাৰিখ ২১ ছেপ্তেম্বৰলৈকে পিছুৱাই দিছে আৰু ৰাজ্য চৰকাৰে এক মাহৰ সময় বিচাৰিছে। ৰাজ্য চৰকাৰে মিল দুটাক পুনৰুজ্জীৱিত কৰণেৰে যুৱক যুৱতীৰ কৰ্ম সংস্থানৰ দুৱাৰ মুকলি কৰিব বুলি শ্ৰমিক কৰ্মচাৰী, ৰাইজ আৰু নিবনুৱা যুৱক-যুৱতীয়ে আশাৰে বাট চাই আছে বুলিও বিবৃতিটোত আশাবাদ ব্যক্ত কৰা হৈছে।
টিংখাঙৰ জ্যেষ্ঠ শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ জিলা কৃতী শিক্ষকৰ সন্মান
টিংখাং : ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নাওজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ শিক্ষা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে আগবঢ়াইছে কৃতী শিক্ষকৰ বঁটা। শিক্ষা জগতলৈ প্ৰশংসনীয় অৱদান আৰু উল্লেখনীয় সেৱাৰ স্বীকৃতি সৰূপে আদৰ্শ শিক্ষক বিদুৰ প্ৰসাদ শৰ্মাক কৃতী শিক্ষকৰ সন্মান প্ৰদান কৰি যোৱা ৫ ছেপ্টেম্বৰ ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শৰ্মাক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। ডিব্ৰুগড় জিলা কেন্দ্ৰীয় শিক্ষক দিৱসৰ উপলক্ষে অনুষ্ঠিত উক্ত অনুষ্ঠানতে জিলাখনৰ বহুকেইগৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। টিংখাঙৰ শুকানী গাঁৱত জন্মগ্ৰহণ কৰা বিদুৰ প্ৰসাদ শৰ্মাৰ পিতৃৰ নাম দুৰ্গা প্ৰসাদ শৰ্মা আৰু মাতৃৰ নাম ৰেনুকা দেৱী।শৰ্মাই ১৯৯২ চনত প্ৰথম টিংখাঙৰ শ্ৰীশ্ৰীমাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৯৫ চনৰ জানুৱাৰীত নাওজান মজলীয়া বিদ্যালয়লৈ বদলি হয় আৰু ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেখেতে শিক্ষকতাৰ লগতে বিভিন্ন কাকত আলোচনীত লেখা মেলা কৰাৰ উপৰি স্হানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত। তেখেতে বৰ্তমান তিলৈ নগৰ সাৰ্বজনীন শিবালয় পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপে সুদীৰ্ঘ ১০ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে তিলৈনগৰ দুৰ্গা মন্দিৰ পৰিচালনা সমিতি, ভানু অধ্যয়ন চক্ৰ, সাহিত্য সভা, ক্ৰীড়া প্ৰকল্প, বিজ্ঞান শিক্ষক সন্হা, স্থানীয় বিভিন্ন জনগোষ্ঠীৰ অনুষ্ঠান, শিশু সমাৰোহ, বিহু সন্মিলন আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত।
অখিল গগৈৰ মুক্তি কেতিয়া ?
✍ আকাশ হাজৰিকা
আজিৰ দিনত সকলো দেশপ্ৰেমিক অসমীয়াৰ মনত এটাই প্ৰশ্ন যে অখিল গগৈৰ মুক্তি কেতিয়া ? মুক্তিৰ দিনটোলৈ সকলোৰে উৎকণ্ঠা। কিন্তু চৰকাৰ এই বিষয়ত যেন চকু মুদা কুলিৰ ভাৱত। এটাৰ পাছত আনটো গোচৰ জাপি দি অখিলৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ আৰু কিমান দিনলৈ চলিব ? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা অসমৰ ইতিহাসৰ এজন সৰ্বকালৰ গুৰুত্বপূৰ্ণ সংগ্ৰামী নেতা অখিল গগৈ কাৰাৰুদ্ধ হোৱাৰ ৯ মাহ অতিক্ৰম কৰিলে। যোৱা ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা তেওঁ কাৰাবন্দী হৈ আছে। আমাৰ জাতীয় জীৱনত বিদেশী আৰু বহিৰাগতৰ দপদপনি আমি কেতিয়াও নিবিচাৰোঁ। সেয়ে অসমত এনে কোনো দেশপ্ৰেমিক অসমীয়া নাই যিয়ে ‘কা’ বিৰোধিতাৰে এবাৰলৈ হ’লেও নিজা ধৰণে প্ৰতিবাদ কৰা নাই। তেন্তে কেৱল জননেতা অখিল গগৈৰ ওপৰতে এই শাস্তি কিয় বিহা হ’ল? তেওঁক ইমান দিনে জেলত বন্দী কৰি থোৱাৰ কাৰণটো কি? ‘কা’ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাই তেওঁৰ অপৰাধ আছিল নেকি? অসমত আমি আজিলৈকে এনেকুৱা এজন জননেতা পোৱা নাই যিয়ে অখিল গগৈৰ দৰে অসমীয়া জাতি আৰু অসমৰ জনগণৰ সকলো বিপদৰ সময়তে ৰাইজৰ হৈ জনগণৰ শত্ৰুৰ বিৰুদ্ধে ঠিয় দিছে। অখিল গগৈ এপিএছচিৰ দুৰ্নীতি, নদীবান্ধৰ দৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে মাত মাতি আহিছে। তেওঁ জেলৰ বাহিৰত থাকোতে যেতিয়া চৰকাৰে ট’লগেট স্থাপন কৰি ৰাইজৰ পৰা লুন্ঠন কৰিবলৈ আগবাঢ়িছিল তেতিয়া তেওঁৰ প্ৰতিবাদী কণ্ঠত চৰকাৰে হাৰ মনা কথাটো প্ৰতিজন অসমীয়াৰ আজিও মনত আছে। তেওঁ আজি এটাৰ পাছত আনটো বেমাৰত আক্ৰান্ত হৈ তিল তিলকৈ বন্দীত্বৰ দিন কটাইছে। কেইদিনমান পূৰ্বে অখিল গগৈ জেলৰ পৰাই অসমৰ সকলো জাতীয় দল-সংগঠনক আহ্বান কৰি এটাই ঐক্যবদ্ধ শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ প্ৰস্তাৱ দিছে যাতে সামাজিক ক্ষতি সাধন কৰা তথা অসমীয়া ৰাইজৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব নোৱৰা চৰকাৰখনক নিৰ্বাচনত সহজতে প্ৰতিহত কৰিব পাৰি। তেনে স্থলত শাসনাধিষ্ঠ চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই নিৰ্বাচন পৰ্যন্ত অখিল গগৈক বন্দী কৰি ৰখাৰ কু-অভিসন্ধি ৰচনা কৰিছে নেকি? পাৰিলে অভি-নীল, সনাতন ডেকাহঁতৰ দৰে নিৰীহৰ হত্যাকাৰীক তৎকালীনভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক। ইফালে শাসকীয় দলৰে উচতনিমূলক মন্তব্য দিয়া মৃণাল শইকীয়া, সত্যৰঞ্জন বৰাহঁতৰ দৰে এটাৰ পাছত আনটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কেইজনৰ ওপৰত বিহিত ব্যৱস্থা নলয় কিয় চৰকাৰে? নে চৰকাৰী পক্ষৰ লোকৰ বাবে আইনখন বেলেগ নেকি? চৰকাৰে এনেকৈ এজন নিৰ্দোষীক দোষী সজাবলৈ চেষ্টা কৰি সহজতে নিৰ্বাচনত জয়ী হ’ম বুলি ভাবিছে নেকি? এনে অৱস্থাত সকলো খিলঞ্জীয়া অসমীয়াই অখিল গগৈৰ মুক্তিৰ বাবে মাত মতাটো অতি গুৰুত্বপূৰ্ণ আৰু লগতে অখিল গগৈক আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আমি সকলোৱে যিমান পাৰো সিমান আৰ্থিক সহায় আগবঢ়োৱা উচিত যাতে অহা নিৰ্বাচনত আমি এই জাতিদ্ৰোহী শাসনাধিষ্ঠ চৰকাৰখনক সহজে ওফৰাই পেলাব পাৰোঁ।
হোজাইত বন্য হস্তিৰ আক্ৰমনত এজন নিহত
হোজাই, ১৭ চেপ্তেম্বৰঃ হোজাইত বন্য হস্তিৰ আক্ৰমনত নিহত হয় এজন স্থানীয়ৰ। হোজাই শালবাগানত হাতীৰ আক্ৰমত নিহত হয় ৰ্কুকুট বস্তি বন গাওঁৰ বিনু ৰ্কুকুট (৫০) নামৰ লোকজন। অঞ্চলটোত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা উলাই অহা হাতীৰ উপদ্ৰপে বিনষ্ট কৰি আহিছে ধাননী পথাৰ। স্থানীয় লোকে দিয়া মন্তব্য অনুসৰি পথাৰৰ ধান খেতি পহৰা দিয়াৰ উদ্দেশে যাওঁতে বনাঞ্চলৰ মাজত সংঘটিত হয় এই ঘটনা। পুৱা বন বিভাগ আৰু আৰক্ষীৰ দলে ঘটনা স্থলীত উপস্থিত হৈ বনাঞ্চলৰ পৰা নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত খেতিত প্ৰৱেশ কৰি অনিষ্ট কৰা কাৰ্য্যত নিদ্ৰা হৰণ কৰি আহিছে স্থানীয়ৰ, অন্যহাতে বন্য হস্তিৰ আক্ৰমনত নিহত হোৱাত আতঙ্কত ভুগিছে স্থানীয় লোক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে নগাঁৱত ৰক্তদান শিবিৰ ৷ ৰক্তদান শিবিৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ হোৱা ৰক্তদান শিবিৰ নগাঁও জিলাটো ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও ,হোজাই, কলিয়াবৰ আৰু কাৰ্বি আংলং জিলাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা নগাঁও ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা হয়। উক্ত ৰক্তদান শিবিৰ শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ এই ৰক্তদান শিবিৰত প্ৰায় পয়সত্তৰ জন ব্যক্তিয়ে স্বইচ্ছাই ৰক্ত দান কৰে ৷ শিবিৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও,হোজাই,কলিয়াবৰ,কাৰ্বি আংলং জিলাৰ সদস্য সকল উপস্থিত থাকে ৷
৮৬১.৯০ কোটি টকা খৰচেৰে সংসদৰ নতুন ভৱন নিৰ্মাণ কৰিব টাটাই
দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ নতুন ভৱন নিৰ্মাণ কৰিব টাটাই ৷ খৰচ হ’ব ৮৬১.৯০ কোটি টকা ৷ প্রতিদ্বন্দ্বী কোম্পানী লাৰ্চেন এণ্ড টুব্ৰোয়ে এই ভৱন নিৰ্মাণ কৰিবলৈ বিচাৰিছিল ৮৬৫ কোটি টকা ৷ সেই কোম্পানীটোক পাছ পেলাই প্ৰায় ৮৬১.৯০ কোটি টকাত নতুন সংসদ ভৱন নিৰ্মাণ কৰি দিব টাটাই ৷ উল্লেখ্য যে ক্ষমতালৈ অহাৰ পৰাই সংসদ ভৱন নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছিল মোডী চৰকাৰে ৷ কাৰণ পুৰণা এই ভৱনটো ব্ৰিটিছ আমোলাৰ ৷ ভৱনটো পুৰণা হৈছে ৷ সাংসদৰ সংখ্যা বাঢ়িলে বহাৰ সমস্যা হয় ৷ সেয়ে নতুন ভৱন নিৰ্মাণৰ চিন্তা কৰে চৰকাৰে ৷ উল্লেখ্য যে নতুন ভৱন নিৰ্মাণ কৰিবলৈ সময় লাগিব ২১ মাহ ৷ ভৱনটো নিৰ্মাণ কৰা হ’ব বৰ্তমান সংসদ ভৱনৰ কাষত ৷ ইয়াৰ বাবে কেন্দ্ৰীয় গড়কাপ্টানী বিভাগে খৰচ ধৰিছে ৯৪০ কোটি টকা ৷ জানিব পৰা মতে ভৱনটো দেখাত হ’ব ত্ৰিভুজাকৃতিৰ ৷ পুৰণা ভৱনটো মেৰামতি কৰি আন কামত ব্যৱহাৰ কৰা হ’ব ৷
মানালিৰ পৰা লেহলৈ ৪ ঘণ্টা সময় কমিল : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ
দৈনন্দিন বাৰ্তা ডেস্ক : ১০ হাজাৰ ফুট ওপৰেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ কৰা হ’ল ৷ মানালিৰ পৰা লেহলৈ পাবলৈ ৰাস্তাৰ ওপৰেৰে নিৰ্মাণ কৰা হয় এই ৯.০২ কিলোমিটাৰ সুৰংগ ৷ উল্লেখ্য যে নিৰ্মাণ আৰম্ভৰ সময়ত কোৱা হৈছিল যে এই সুৰংগ নিৰ্মাণৰ শেষ হ’বলৈ ছবছৰ লাগিব ৷ কিন্তু কাম শেষ হ’ল ১০ বছৰত ৷ যিকোনো ঋতুতেই এই সুৰংগৰে যাত্ৰা কৰিব পৰা যাব ৷ উল্লেখ্য যে বহু বিশেষত্বৰে ভৰা এই সুৰংগ ৷ এই সুৰংগটো নিৰ্মাণৰ ফলত মানালিৰ পৰা লেহ যাবলৈ আগতকৈ চাৰি ঘণ্টা কম সময় লাগিব ৷ ৰাস্তাৰ মুঠ দৈৰ্ঘ্যৰ ৪৬ কিলোমিটাৰ কম হ’ল ৷ সুৰংগত জুই লাগিলে যাতে কোনো বিপদত নপৰে তাৰ বাবে ভিতৰত অগ্নিনির্বাপক যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে এই ৰাস্তাটো ১০.৫ মিটাৰ বহল ৷ ৰাস্তাৰ দুয়োপাৰে আছে এক মিটাৰৰ খোজ কঢ়া অংশ ৷ আনহাতে প্ৰতি ৬০ মিটাৰৰ অন্তৰত চিচিটিভি লগোৱা হৈছে ৷ আপদকালীন পৰিস্থিতিত সুৰংগৰ পৰা বাহিৰ হ’বলৈ পথ আছে প্ৰতি ৫০০ মিটাৰৰ অন্তৰত ৷
চীনক সতৰ্ক কৰি দিলে নৰ্থান কমাণ্ডে : পূৱ লাডাখত যুদ্ধলৈ প্ৰস্তুত ভাৰতীয় সেনা
দৈনন্দিন বাৰ্তা ডেস্ক : ৰীতিমতে যুদ্ধৰ বাৰ্তা দি চীনক সতৰ্ক কৰি দিলে ভাৰতে ৷ শীতৰ লাডাখত পূৰ্ণোদ্যমে যুদ্ধৰ ৱাবে প্ৰস্তুত ভাৰতীয় সেনা ৷ বুধবাৰে সেনাৰ তৰফৰ পৰা এনেদৰে হুংকাৰ দিয়া হৈছে ৷ চীনে যদি যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰে, তেন্তে প্ৰশিক্ষিত, দক্ষ, মানসিকভাৱে দৃঢ় ভাৰতীয় সেনাৰ মুখামুখি হ’ব, লাডাখৰ সংঘাতকলৈ এই বাৰ্তা দিলে ভাৰতীয় সেনাই ৷ উল্লেখ্য যে সম্প্ৰতি চীন চৰকাৰৰ মুখপাত্ৰ গ্ল’বেল টাইমছৰ এক বাতৰিত উল্লেখ কৰা হয় যে ভাৰতৰ বাহিনী সেইভাৱে দক্ষ নহয়, শীতকালত যুদ্ধ হ’লে নোৱাৰে ৷ তাৰ বিপৰীতে প্ৰত্যুত্তৰ দিলে সেনাৰ নৰ্থান কমাণ্ডে ৷ নৰ্থান কমাণ্ডৰ মুখপত্ৰই কয়, এনে উপেক্ষা কৰাই ভাল ৷ ভাৰতীয় সেনা পূৰ্ণোদ্যমে যুদ্ধৰ বাবে সক্ষম ৷ তেওঁ লগতে কয়, ভাৰত শান্তি প্ৰিয় দেশ আৰু চুবুৰীয়া দেশৰ সৈতে সুসম্পর্ক ৰখাত আগ্রহী। কূটনৈতিক আলোচনাৰ মাধ্যমত সমস্যা সমাধান বিচাৰে ভাৰতে ৷ পূৱ লাডাখত চীনৰ সৈতে সীমান্ত বিবাদ মীমাংসাত যি আলাপ আলোচনা হৈছে এয়া দীৰ্ঘ অচলাৱস্থাৰ বাবে ৷ নৰ্থান কমাণ্ডৰ মুখপাত্ৰই কয়, সাধাৰণ তাপমাত্ৰা বিয়োগ ৩০-৪০ ডিগ্ৰী চেলচিয়াচ নামি যায় ৷ ঠাণ্ডা হৈ পৰা অধিক বিপজ্জনক হৈ পৰে সেনা বাহিনীৰ কাৰণে ৷ বৰফত পথ বন্ধ হৈ যায় ৷ কিন্তু এইবোৰৰ সত্ত্বেও ভাৰতীয় সেনাই শীতত যুদ্ধ কৰাৰ অভিজ্ঞতা আছে আৰু তাৰ বাবে মানসিকভাৱে প্ৰস্তুত ৷ তেওঁ কয়, চিয়াচীনৰ দৰে সকলোতকৈ দুর্গম এলেকাত কাম কৰাৰ দক্ষতা আছে সেনাৰ ৷










