দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ চেষ্টাৰে শুকুৰবাৰে সৰ্বভাৰতীয় সংগঠনটো বৃহৎ সালসলনি কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে ৷ এইবাৰ দলৰ সাধাৰণ সম্পাদকৰ পদত বৃদ্ধতন্ত্ৰৰ ভাৰ কমোৱা হৈছে ৷ গুলাম নবী আজাদ, মল্লিকাৰ্জুন খাৰ্গে, অম্বিকা ছোনী, মতিলাল ভোৰা, লুইজিনো ফালেৰিৱৰ দৰে বৰ্ষীয়ান নেতাসকলক আঁতৰ কৰি নবীনক ঠাই দিছে কংগ্ৰেছ সভানেত্ৰীয়ে ৷ আনহাতে সংগঠন শক্তিশালী কৰিবলৈ বিভিন্ন ৰাজ্যৰ দায়িত্বত নতুন এআইচিচিৰ সাধাৰণ সম্পাদক নিয়োগ কৰিছে ছোনীয়া গান্ধীয়ে ৷ তদুপৰি দল পৰিচালনাৰ কামত তেওঁক সহায় কৰিবলৈ ছজনীয়া সদস্যৰ এক বিশেষ কমিটি গঠন কৰা হৈছে ৷ উল্লেখ্য যে নেতৃত্ব পুনৰ গঠন আৰু পূৰ্ণ পৰ্যায়ৰ নতুন সভাপতিৰ দাবী জনাই কংগ্ৰেছৰ ২৩জন নেতাই ছোনীয়া গান্ধীলৈ চিঠি লিখিছিল ৷ ইয়াকে লৈ কংগ্ৰেছত তোলপাৰ লাগিছিল৷ সংগঠনৰ সালসলনি কৰি পত্ৰ প্ৰেৰকক বাৰ্তা দিলে কংগ্ৰেছৰ সভানেত্ৰীয়ে৷ এআইচিচিৰ নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৰণদীপ সিং সুৰজেৱালা, জীতেন্দ্ৰ সিং আৰু অজয় মাকেনক৷ দল পৰিচালনাৰ ছজনীয়া কমিটিত আহমেদ পেটেল, এ কে এণ্টনী, অম্বিকা ছোনীৰ দৰে ছোনীয়া গান্ধীৰ পুৰণা আস্থাভাজনৰ লগতে দিয়া হৈছে ৰাহুল গান্ধীৰ দুই আস্থাভাজনক ৷ তেওঁলোক হ’ল কে চি বেণুগোপাল আৰু ৰণদীপ সিং সুৰজেৱালা ৷ নতুন সভাপতি নিৰ্বাচন পৰ্যন্ত এই কমিটিয়ে ছোনীয়া গান্ধীক সহায় কৰিব ৷ আগন্তুক দিনত সাংগঠনিক নিৰ্বাচন আৰু সদস্য ভৰ্ত্তি অভিযানৰ ইংগিত দি মধুসুদন মিস্ত্ৰিৰ নেতৃত্বত দলৰ নতুন কেন্দ্ৰীয় নিৰ্বাচনৰ কৰ্তৃপক্ষ গঠন কৰিছে ছোনীয়া গান্ধীয়ে ৷ এই ক্ষেত্ৰত ৰাহুল গান্ধীৰ চীল মোহৰ আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ উপৰি এই কমিটিত আছে ৰাজেশ মিশ্ৰ, কৃষ্ণ গৌডা, এছ জ্যোতিমানি, অৰবিন্দ সিং লাভলি ৷ উল্লেখ্য যে ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰকৰ অন্যতম আছিল লাভলি ৷ আনহাতে আজাদক হাৰিয়ানাৰ দায়িত্বৰ পৰা আঁতৰ কৰিলেও এআইচিচিত ৰখা হৈছে ৷ স্পেচিয়েল ইনভাইটি কৰি ঠাই দিয়া হৈছে পি চিদাম্বৰমক ৷ লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰীক ৱৰ্কিং কমিটিত স্থায়ী ইনভাইটি পদ দিয়া হৈছে ৷ লগতে জয়ৰাম ৰমেশ, দ্বিগিজয় সিং, ছলমন খুৰশ্বিদ, প্ৰমোদ তিৱাৰীক ঠাই দিয়া হৈছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পহনকুমাৰ বনচলক সংগঠনৰ দায়িত্ব দিয়া হৈছে ৷ উল্লেখ্য যে অ’ত দিনে গৌৰৱ গগৈ আছিল পশ্চিম বংগৰ দায়িত্ব ত৷ এইবাৰ বিক্ষুব্ধসকলৰ মাজৰ তৰুণ নেতা জিতিন প্ৰসাদক পশ্চিম বংগ আৰু আন্দামান নিকোবৰৰ দায়িত্ব দিয়া হৈছে ৷ গৌৰৱ গগৈৰ লগতে অনুগৰহ নাৰায়ণ সিং (উত্তৰাখণ্ড), আশা কুমাৰী (পাঞ্জাৱ), আৰ চি খুণ্টিয়া (তেলেংগানা)ক ৰাজ্যিক দায়িত্বৰ পৰা আঁতৰ কৰা হৈছে ৷ উল্লেখ্য যে গৌৰৱ গগৈক শেহতীয়াকৈ কংগ্ৰেছৰ লোকসভাৰ উপ নেতা হিচাপে নিৰ্বাচন কৰা হৈছিল ৷ আনহাতে যুৱ নেতা দীনেশ গুণ্ডু ৰাওক তামিলনাডু, পুডুচেৰি আৰু গোৱাৰ দায়িত্ব দিয়া হৈছে ৷ এইচ কে পাটিলক কৰ্ণাটক, ৰাজীৱ শুক্লাক হিমাচল প্ৰদেশৰ নতুন দায়িত্ব দিয়া হৈছে ৷ দিল্লীৰ যুৱ নেতা দেবেন্দ্ৰ যাদৱক উত্তৰাখণ্ডৰ দায়িত্ব দিয়া হয় ৷ আন নতুন দায়িত্ব পোৱা সকল হ’ল বিবেক বানচলক হাৰিয়ানা, মণীশ চত্ৰথক অৰুণাচল প্ৰদেশ আৰু মেঘালয়, ভক্ত চৰণ দাসক মিজোৰাম আৰু মণিপুৰ, কুলজিৎ সিং নাগৰাক ছিকিম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ দায়িত্ব দিয়া হয় ৷
সোণতলীৰ বগুৰিগুৰি দলঙেৰে বিপদসংকুল যাত্ৰা : উন্নয়নত পিঠি দিছে বিধায়িকা নন্দিতা দাস
সোণতলী : দক্ষিণ বকো সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ বগুৰিগুৰি-বটিয়ামাৰী পথৰ বিপদসংকুল ভয়ংকৰ জৰাজীৰ্ণ কাঠৰ দলঙেৰে অঞ্চলবাসীয়ে যাতায়াত অব্যাহত ৰাখিছে ৷ উক্ত গুৰুত্বপূৰ্ণ পথটিৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ ৰাইজে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখি আহিছে ৷ বিগত প্ৰায় ৬ মাহ ধৰি দলংখনেৰে ৰাইজৰ চলাচলৰ বাবে অনুপযোগী হৈ পৰাত গভীৰ সমস্যাৰ সন্মুখীন হোৱাত মৰনক হৰণ দি এইদৰে অব্যাহত ৰাখিছে যাত্ৰা ৷ যিকোনো সময়ত দলংখন ভাগি পৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কিয়নো এইখন দলঙেৰে বহু কণ-কণ ছাত্ৰী পাৰাপাৰ অব্যাহত ৰাখে ৷ সম্প্ৰতি দলংখন মেৰামতিৰ অভাৱত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ স্থানীয় ৰাইজে ৰাজহুৱা ধনেৰে প্ৰতিবছৰেই দলংখন নিৰ্মাণ কৰে যদিও এইবেলি কভিড ১৯ ৰ ভয়াৱহতা আৰু লকডাউনে ৰাইজক জৰুলা কৰাৰ বাবেই গাঠিৰ ধন খৰচ কৰিব পৰা নাই গাঁওবাসীয়ে৷ সেয়ে স্থানীয় ৰাইজে চৰকাৰৰ সহায় বিচাৰিছে ৷ ইফালে স্থানীয় বিধায়িকা নন্দিতা দাসে সমষ্টি উন্নয়ন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ পিঠি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উক্ত পথটোত এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে বিজেপি চৰকাৰখনৰ ওচৰত দাবী জনাইছে ৷
দুখীয়া ছাত্ৰ-ছাত্ৰীসহ বিশেষভাৱে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য প্ৰদান সমাজকৰ্মী দিলীপ দাসৰ
নলবাৰী : আজি নলবাৰীস্থিত ‘ভাগ্যশ্ৰী টাটা মটৰ্চ ‘এ অষ্টম বৰ্ষত ভৰি দিলে। এই উপলক্ষে ভাগ্যশ্ৰী টাটা মটৰছৰ স্বত্বধিকাৰী তথা সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ পিতৃ প্ৰয়াত যমুনা দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি হয়। এই অনুষ্ঠানৰ লগত সংগতি নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা দুখীয়া ছাত্ৰ-ছাত্ৰীক সমাজকৰ্মী দিলীপ দাসে চাইকেল বিতৰণ কৰে। তদুপৰি নলবাৰী জিলাখনৰ বিভিন্ন অঞ্চলৰ বিশেষভাবে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য আগবঢ়াই এই এই ভাগ্যশ্ৰী মটৰ্চৰ স্বত্বাধিকাৰীজনে। দিলীপ দাসে কৰা এনে মানৱীয় কামৰ বাবে নলবাৰী জিলাৰ সচেতন মহলে দিলীপ কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰাৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীসহ বিশেষভাৱে সক্ষম লোক কেইগৰাকীয়ে সমাজকৰ্মী দিলীপ দাসক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য নলবাৰীৰ গণেশ মন্দিৰ চ’কৰ সমীপত এগৰাকী থলুৱা হিচাপে দিলীপ কুমাৰ দাসে লক ডাউনৰ সময়চোৱাৰ পৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত সময়ে সময়ে দৰিদ্ৰ ৰাইজক সহায় কৰি সামাজিক দিশত অৱদান আগবঢ়াই আহিছে।
জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত
নলবাৰী : আজি নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপৰ চিলাৰায় ভৱনত জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এইবেলি জাহ্নৱী মিনি থিয়েটাৰে দ্বিতীয় বৰ্ষত ভৰি দিলে। কেইজনমান থলুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জাহ্নৱী মিনি থিয়েটাৰে এইবেলি ৰাইজৰ সন্মুখত দুখন নাটক পৰিবেশন কৰিব। নাটক দুখন ক্ৰমে, প্ৰতুল ভূঞা দ্বাৰা ৰচিত ফুটপাথৰ ছোৱালী আৰু জয়ন্ত বৰুৱাৰ দ্বাৰা ৰচিত মহাপাপী দেউতা। জাহ্নৱী মিনি থিয়েটাৰৰ উদ্যোক্তা সকলে এইবেলি এই দুখন নাটকেৰে ৰাইজৰ মন মুহিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। আজিৰ এই শুভ মহুৰত অনুষ্ঠানত ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক সুবোধ মজুমদাৰ, বিশিষ্ট অভিনেতা তথা যুৱ নেতা দিলীপ দাস, বিশিষ্ট সমাজ কৰ্মী মনোজ কুমাৰ শৰ্মা, জুৰি বৰগোসাই, অসম হাইস্কুল শিক্ষক সংস্থা নলবাৰী জিলা সমিতিৰ সম্পাদক উমেশ দাস সহ প্ৰমুখ্যে জাহ্নৱী মিনি থিয়েটাৰৰ বহু কাৰ্মকৰ্তা সকল উপস্থিত থাকে।
নিখোঁজ ৫ অৰুণাচলৰ যুৱকক ঘূৰাই পঠালে চীনে
দৈনন্দিন বাৰ্তা ডেস্ক : অৰুণাচলৰ পৰা নিখোঁজ হোৱা পাঁচজন যুৱকক ভাৰতৰ হাতত তুলি দিলে চীনৰ পিপুলছ লিবাৰেচন আৰ্মিয়ে ৷ শনিবাৰে এই কথা সেনাৰ সূত্ৰত প্ৰকাশ৷ ২ ছেপ্টেম্বৰত এই পাঁচজন যুৱক উচ্চ সুৱনশিৰি জিলাৰ হাবিৰ পৰা নিখোঁজ হৈছিল ৷ ইন্দো-তিব্বত সীমান্তৰক্ষী বাহিনীৰ সামগ্ৰী বহন কৰাৰ লগতে যুৱককেইজন চিকাৰী ৷ জানিব পৰা মতে সেইদিনা এটা সেনাৰ ঘাঁটিত সামগ্ৰী দিয়াৰ পাচত এই হাবিলৈ গৈছিল পাঁচজন যুৱক ৷ স্থানীয় লোকৰ মতে ভেষজ বা চিকাৰৰ বাবে এই যুৱককেইজন প্ৰায়ে তালৈ যায় ৷ এই যুৱককেইজন সেই কাৰণে তালৈ গৈছিল ৷ ভুল কৰি এলএচি পাৰ হৈ চীনৰ ভূখণ্ডত তেওঁলোক সোমাই পৰে ৷ স্থানীয় লোকে দাবী কৰে যে চীনৰ সেনাই তেওঁলোকক অপহৰণ কৰিছে ৷ তাৰ পাচত চীনৰ সৈতে ভাৰতৰ হটলাইন মেছেজৰ উত্তৰ দিয়া হৈছিল ৷ জনাইছিল যে নিখোঁজ পাঁচজন যুৱক চীনৰ হাতত আছে ৷ শনিবাৰে পুৱা ৯.৩০ বজাত হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হয় চীনৰ ভূখণ্ডত ৷ তাৰ পাচত এঘণ্টা লাগে সীমা পাৰ হৈ দেশৰ মাটিত ভৰি দিবলৈ ৷ পাঁচজন যুৱকসহ সেনাৰ দল অৰুণাচলৰ কিবিথু সীমান্ত চকীত নিৰ্বিঘ্নে অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰত জনাইছিল যে চীনা পিএলএয়ে ভাৰতীয় সেনাক জনাইছে অৰুণাচলৰ পাঁচজন যুৱকৰ আমাক ঘূৰাই দিব ৷
মথুৰাপুৰৰ কাকতীবাৰীত পিষ্টলসহ দুই যুৱক আটক : শিলৰ ডাম্পাৰত বহিঃৰাজ্যৰ পৰা অস্ত্ৰ সৰৱৰাহ
গেলেকী : শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহে দীৰ্ঘদিনে আইন বিৰুদ্ধী কাৰ্যকলাপ অব্যাহত ৰাখিছে। দিনে-নিশাই অস্ত্ৰশস্ত্ৰ সৰৱৰাহকে ধৰি ধনদাবী, নিচাযুক্ত দ্ৰব্য প্ৰচলনে স্থানীয় অঞ্চলসমূহত আইন শৃংখলতা ভংগ কৰি আহিছে। অপৰাধীৰ চাল চলন নতুবা বিদ্ৰোহীক প্ৰতিহত কৰাত ব্যৰ্থ নাজিৰা, সোণাৰি আৰক্ষী প্ৰশাসন। নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰৰ কাকতীবাৰী থানা অন্তর্গত কাকতীবাৰী ট্ৰলী আলি অঞ্চলৰ পৰা ৯ ছেপ্তেম্বৰৰ সন্ধিয়া অস্ত্রসহ দুজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছে আটক কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে গোপন সূত্রে শিল কঢ়িওৱা ডাম্পাৰত অস্ত্র সহ দুজন যুৱক আহি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত কাকতীবাৰী থানা আৰক্ষীৰ দল আৰু বানফেৰাত শিবিৰ পাতি থকা আছাম ৰাইফলছৰ এটা দলে কাকতীবাৰী ট্ৰলী আলিত অভিযান চলায় ৷ কাকতীবাৰী টিমনৰ পথেৰে সন্ধিয়া প্রায় ৭.৪০ বজাত ৰাজগড়ৰ পৰা কাকতীবাৰী অভিমুখে আহি থকা তিনিখন ডাম্পাৰত তালাচী চলোৱাৰ সময়তে এটা পইণ্ট ২.২ ৰাইফলসহ দুজন যুৱকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে আটক কৰা যুৱক দুজন হৈছে কাকতীবাৰী থানা অন্তর্গত টিমন হাতীবন্ধা গাঁও নিৱাসী প্রদীপ বৰাৰ পুত্র জানমণি ওৰফে জোন ওৰফে অজিত ওৰফে ধনীৰাম বৰা (২৪) আৰু তিনিচুকীয়া জিলা পেঙেৰী থানা অন্তর্গত স্বর্গীয় অজিত মৰাণৰ পুত্র কামাখ্যা মৰাণ (২৬)ক আটক কৰি আৰক্ষীৰ দলে কাকতীবাৰী থানালৈ লৈ আহে ৷ ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী প্রশাসনৰ উচ্চ-পদস্থ আৰক্ষী আৰু আছাম ৰাইফলছৰ বিষয়াৰ দল কাকতীবাৰী থানাত উক্ত দিনা নিশাই উপস্থিত হৈ ধৃত যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে ৷

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত জিলা কাৰ্যনিৰ্বাহক সভা
নলবাৰী : বিগত ১৫ বছৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল “হু ইজ বদৰুদ্দিন” কিন্তু এতিয়া বদৰুদ্দিন আজমল তৰুণ গগৈৰ বন্ধু হল। কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আন বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়ায়ে নহয় অসমৰ সকলো ৰাইজৰ পৰা সঁহাৰি পাব, আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত স্বয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই মন্তব্য কৰে । আনহাতে আছুৰ ৰাজনৈতিক দল গঠন হলে বিজেপি দলৰ ক্ষতি হব পাৰে নেকি বুলি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰোতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ব্যক্ত কৰে ভাৰত হৈছে এখন স্বাধীন দেশ আৰু ইয়াত সকলোৰে দল গঠনৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু এইবেলি ৰাইজ বিজেপিৰ সপক্ষে আছে । তদুপৰি এই সভা অংশ গ্ৰহণ ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আছুয়ে খিলঞ্জীয়া সকলৰ ৰক্ষাৰ স্বাৰ্থত যি কথা কৈ আছে সেই কথা অনুসৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাম বিজেপি চৰকাৰেহে কৰি আছে । জয়ন্ত মল্ল বৰুৱাই কয় যে, তথাপিও ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনাইছো । যেতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ আছুই নামিব তেতিয়া কাৰ কিমান জনপ্ৰিয়তা গম পোৱা যাব । আজিৰ এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ, বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ সহ প্ৰমুখ্যে বিজেপি দলৰ বহুত নেতৃত্ববৃন্দৰ লগতে কৰ্মী সকল উপস্থিত থাকে ।
ভাৰ্চুৱেল আদালতৰ পক্ষে মত সংসদীয় পেনেলৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰ্চুৱেল আদালতৰ পক্ষে মত দিলে সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিয়ে ৷ অনলাইন বিচাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সস্তীয়া আৰু দ্ৰুততৰ বুলি লক্ষ্য কৰিছে কমিটিয়ে ৷ ক’ৰোনা মহামাৰী নিয়ন্ত্ৰণ হ’লেও এই প্ৰক্ৰিয়া চলি যোৱাৰ পক্ষে মত দিছে কমিটিয়ে ৷ সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিৰ প্ৰধান ৰাজ্যসভাৰ সাংসদ ভূপেন্দ্ৰ যাদৱৰ মতে সময়ৰ সৈতে সলনি হ’ব, প্ৰযুক্তি এতিয়া গেম চেঞ্জাৰ হিচাপে ধৰা দিছে ৷ কমিটিয়ে ইতিমধ্যে অন্তবর্তী ৰিপৰ্ট ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ হাতত জমা দিছে ৷ উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা মানুহৰ ন্যায় বিচাৰ পোৱাত সুবিধা হ’ব ৷ অনলাইন কৰ্ট নাগৰিকৰ বন্ধু আৰু দুৰ্বল সাক্ষীৰ সাক্ষ্য প্ৰদানৰ সুৰক্ষা নিশ্চিত কৰিব ৷ লগতে কোৱা হৈছে, আগন্তুক দিনত প্ৰযুক্তি গেম চেঞ্জাৰ হ’ব ৷ আইনী দক্ষতা আৰু জ্ঞানৰ সৈতে পৰবর্তী সময় আইনজীৱীসকলৰ প্ৰযুক্তিও সুদক্ষ হ’ব ৷ সময়ৰ দাবী মানি অনলাইন আদালতৰ প্ৰয়োজন ৷ অনলাইন আদালতৰ পৰিকাঠামোগত সীমাবদ্ধতা লৈ প্ৰশ্ন কৰিছিল বাৰ কাউন্সিলে ৷ কাউন্সিলৰ দাবী, ৫০ শতাংশ আইনজীৱীৰ লেপটপ নাই ৷ প্ৰযুক্তিত পাৰদৰ্শী নহ’লে এই ব্যৱস্থাত সফল হোৱা অসম্ভৱ ৷
২০২২ চনৰ ভিতৰত দেশত নতুন শিক্ষা নীতি : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : এক নতুন যুগৰ বীজ ৰোপন কৰিব নতুন শিক্ষা নীতিয়ে। একবিংশ শতাব্দীত ভাৰতক নতুন দিশ দেখুৱাব ৷ কেন্দ্ৰৰ প্ৰস্তাৱিত নতুন শিক্ষা নীতিক লৈ এনেদৰে মত প্ৰকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে মোডীয়ে এনইপি ২০২০, স্কুল এডুকেছন কনক্লেভত যোগদান কৰে ৷ তাতেই নতুন কেন্দ্ৰীয় শিক্ষা নীতি লৈ মত প্ৰকাশ কৰে প্রধানমন্ত্রীয়ে ৷ মোডীয়ে কয় মাৰ্কশ্বিট কেতিয়াও কোনো ছাত্ৰৰ শিক্ষাৰ পূৰ্ণাংগ মূল্যায়ন হ’ব নোৱাৰে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাৰ্কশ্বিট সৰ্বস্ব শিক্ষা ব্যৱস্থাৰ সলনি ঘটাই সাৰ্বিক শিক্ষাত জোৰ দিয়া হৈছে ৷ কেৱল শ্ৰেণী কোঠাত আবদ্ধ থাকি শিক্ষা নহয় ৷ শিক্ষাক শ্ৰেণী কোঠাৰ দেৱালৰ বাহিৰলৈ আনিবলৈ তেওঁ আহ্বান জনায় ৷ কেৱল পুথিগত বিদ্যা নহয়, শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ কথা কয় প্রধানমন্ত্রীয়ে৷ মোডীয়ে কয়, নতুন শিক্ষা নীতিত পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰতিটো শিশুক মাতৃভাষাত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ লগতে মোডীয়ে জনাই যে ২০২২ চনৰ ভিতৰত দেশৰ সকলোতে নতুন এই শিক্ষা নীতি প্ৰৱৰ্তন কৰা হ’ব ৷ এই নতুন শিক্ষা নীতিৰ সাৰ্থক ৰূপায়নত সকলোৱে একেলগে কাম কৰিব লাগিব ৷
অভিলেখ : ভাৰতত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ ৯৬,৫৫১
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শুকুৰবাৰে অভিলেখ সংখ্যক ৯৬,৫৫১ জন লোক নতুনকৈ ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ ১২০৯ জন লোকৰ মৃত্যু হয় ৷ উল্লেখ্য যে দেশত ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ সংখ্যাই ৪৫ লাখ অতিক্ৰম কৰিলে ৷ ভাৰতত মুঠ ৪৫,৬২,৪১৫ জন লোক ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ৯,৪৩,৪৮০ জন সক্ৰিয় ৷ তদুপৰি ৩৫,৪২,৬৬৪ জন লোক আৰোগ্য হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ৷ আনহাতে দেশত মৃত্যুৰ মুঠ সংখ্যা হ’ল ৭৬,২৭১ জন ৷ মন কৰিব লগা যে ভাৰতত এদিনত সৰ্বাধিক ক’ভিড-১৯ত আক্ৰান্ত হৈছে যিটো আমেৰিকাতকৈ বেছি ৷ ইপিনে ১৫ এপ্ৰিলত সৰ্বাধিক ২৪৯৪ জন লোকৰ মৃত্যু হয় ৷ দেশৰ ভিতৰত সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এইখন ৰাজ্যত ২ লাখ ৫৩ হাজাৰ ১০০ জনৰ সক্ৰিয় ৷ আনহাতে ৰাজ্যখনত ৬ লাখ ৮৬ হাজাৰ ৪৬২ জন সুস্থ হৈছে আৰু ২৭,৭৮৭ জনৰ মৃত্যু হৈছে ৷ ইয়াৰ পাচতে অন্ধ্ৰপ্ৰদেশত ৯৭,২৭১ জনৰ সক্ৰিয় ৷ ৰাজ্যখনত ৪,২৫,৬০৭ জন ৰোগী আৰোগ্য হৈছে আৰু ৪৬৩৪ জনৰ মৃত্যু হৈছে ৷ দিল্লীত ২৩,৭৭৩ জনৰ সক্ৰিয় ৷ এইখন ৰাজ্যত এক লাখ ৭২ হাজাৰ ৭৬৩ জন আৰোগ্য হৈছে ৷ ৰাজ্যখনত ৪৬৩৮ জনৰ মৃত্যু হৈছে ৷ ইপিনে ইণ্ডিয়ান কাউন্সিল অব মেডিকিল ৰিচাৰ্চে জনোৱা মতে দেশত ১০ ছেপ্টেম্বৰলৈকে ১১,৬৩,৬৪২ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ দেশত ৫,৪০,৯৭,৯৭৫ টা মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৷











