Home Blog Page 3192

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ মুঠ ৪৩ লাখ অতিক্ৰম : দেশৰ ৫ ৰাজ্যত সৰ্বাধিক সংক্ৰমণ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪৩ লাখ পাৰ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে জনোৱা মতে পাঁচখন গুৰুতৰভাৱে আক্ৰান্ত ৰাজ্যত ৬০ শতাংশ লোকৰ দেহালৈ এই ভাইৰাছ সংক্ৰমণ হৈছে ৷ লক্ষ্যনীয় যে কেৱল মহাৰাষ্ট্ৰতে যোৱা ২৪ ঘণ্টাত ২০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ দেশৰ ভিতৰত পাঁচখন ৰাজ্যত আছে ৬০ শতাংশ ক’ৰোনাত আক্ৰান্ত ৷ মুঠ ৮৯৭০৬ জন লোক যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৷ মহাৰাষ্ট্ৰত ২০ হাজাৰ লোকৰ উপৰি অন্ধ্ৰপ্ৰদেশত ১০ হাজাৰ লোক আক্ৰান্ত হয় ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে ৷ সৰ্বাধিক আক্ৰান্ত হোৱা দেশৰ ভিতৰত ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ ৷ ভাৰতত সম্প্ৰতি ক’ভিড-১৯ত মুঠতে আক্ৰান্ত হৈছে ৪৩,৭০,১২৮ জন ৷ ইয়াৰে ভিতৰত ৩৩,৯৮,৮৪৪ জন লোক সুস্থ হৈছে ৷ আনহাতে সক্ৰিয়ৰ সংখ্যা হ’ল ৮,৯৭,৩৯৪ জন ৷ দেশত মুঠতে ৭৩,৮৯০জনৰ মৃত্যু হৈছে ৷ যোৱা ২৪ ঘণ্টাত ১১১৫ জন লোকৰ মৃত্যু হয় ৷

কংগনাৰ মণিকর্ণিকা ফিল্মজত বিএমচিৰ বুলডজাৰ : স্থগিতাদেশ বম্বে উচ্চ ন্যায়ালয়ৰ

অনলাইন বাৰ্তা : অভিনেত্ৰী কংগনা ৰানাউটৰ কাৰ্যালয় ভঙাৰ ওপৰত স্থগিতাদেশ দিলে বম্বে উচ্চ ন্যায়ালয়ে ৷ অৰ্থাৎ বুধবাৰে দুপৰীয়াৰ পৰা পালি হিলৰ কংগনাৰ মণিকর্ণিকা ফিল্মজৰ ঘৰ ভঙাৰ কাম আৰম্ভ কৰিছিল বৃহতম মুম্বাই পৌৰ নিগমে ৷ সেই কামৰ বিৰুদ্ধে মুম্বাই পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি আদালতত আবেদন জমা দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে বৃহত্তৰ মুম্বাই পৌৰ নিগম কৰ্তৃপক্ষক তাৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে হোৱা দ্বন্দ্ব ৰাখি আজি মুম্বাইলৈ গৈছিল কংগনা ৷ তাৰ মাজতে দুপৰীয়া তেওঁৰ কাৰ্যালয় ভাঙিবলৈ আৰম্ভ কৰে বৃহত্তৰ মুম্বাই পৌৰ নিগমে (বিএমচি) ৷ তাকে লৈ মুম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অভিনেত্ৰীগৰাকী ৷ ইয়াৰ পাচতে স্থগিতাদেশ দিয়ে আদালতে ৷ উল্লেখ্য যে বেআইনীভাৱে নিৰ্মাণৰ অভিযোগ তুলি কংগনাৰ মণিকর্ণিকা ফিল্মজৰ বাহিৰত জাননী ওলমাই দিছিল বিএমচিয়ে ৷ ২৪ ঘণ্টাৰ ভিতৰত সেই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছিল ৷ বুধবাৰে পুৱা পৰ্যন্ত জাননীৰ উত্তৰ নোপোৱাত বুলডজাৰ লগাই তেওঁৰ কাৰ্যালয় ভাঙিবলৈ আৰম্ভ কৰে বিএমচিয়ে ৷ এই কাৰ্যালৰ বাহিৰত মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী ৷ হিমাচল প্ৰদেশৰ ঘৰৰ পৰা মুম্বাই ৰাওনা হোৱাৰ আগতে আজি তাকে লৈ টুইটাৰত সৰৱ হয় কংগনা ৷ মুম্বাই আৰক্ষীক মোগল সাম্ৰাজ্যৰ প্রতিষ্ঠাতা বাবৰৰ সৈতে তেওঁ তুলনা কৰে ৷ কংগনাই লিখিছিল, “মণিকর্ণিকা ফিল্মজৰ অধীনত প্ৰথমে অযোধ্যা নামৰ এখন ছবি ঘোষণা হয় ৷ মোৰ বাবে ই ইটা-শিলৰ কোনো ঘৰ নহয়, বৰং ৰাম মন্দিৰৰ সমান ৷ আজি তালৈ বাবৰ আহিছে ৷ পুনৰ ইতিহাসৰ পুনৰাবৃত্তি হৈছে ৷ পুনৰ ভঙা হ’ব ৰাম মন্দিৰ ৷ কিন্তু এটা কথা মনত ৰাখক বাৱৰ, মন্দিৰ পুনৰ গঢ়ি উঠিব ৷ জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম ৷” মণিকর্ণিকা ফিল্মজৰ বাহিৰত মোতায়েন কৰা মুম্বইক পাকিস্তানৰ সৈতেও তুলনা কৰে কংগনাই ৷ আনহাতে বিএমচিৰ সূত্ৰই কোৱা মতে, কেৱল কংগনাৰ কাৰ্যালয় ধূলিসাৎ কৰাই নহয়, অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰিব ৷ কংগনাই কয়, কোনো বেআইনী নিৰ্মাণ কৰা নাই ৷ আনহাতে ক’ভিডৰ বাবে ৩০ ছেপ্টেম্বৰ পৰ্যন্ত নিৰ্মাণ ভঙাৰ কাম নিষিদ্ধ কৰিছে চৰকাৰে ৷ বলীউডক উদ্দেশ্য কৰি তেওঁ লিখিছে ফেচিবাদৰ ৰূপ এয়াই ৷

তিনিচুকীয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

তিনিচুকীয়া : তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্ম জয়ন্তি উপলক্ষে তিনিচুকীয়া থানচাৰিআলিস্থিত থকা ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি উদ্যান স্থলিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৯ বজাত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰে ড° ভূপেন হাজৰিকা প্ৰতিমুৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি প্ৰণৱ বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ পৱন সিং ঘাটোৱাৰ। উদ্‌যাপন সমিতিৰ প্ৰাঞ্জল নেওগ আৰু কৃষ্ণকান্ত কাকতিয়ে আঁ‌ত ধৰা সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত সমুহীয়া বন্তি প্ৰজ্বলন, সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুক সম্বৰ্ধনা জনোৱাৰ হয়। অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়া ড° সঞ্জীৱ কুমাৰ ফুকন, জেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, সংগীত শিল্পী, কবি কামিনী কুমাৰ গোঁহাই, অমৃত ৰাজখোৱা, বিশিষ্ট সমাজ সেৱক ধমেন্দ্ৰ বৰুৱা, সঞ্জয় সিং, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কল্যান বৰা, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, সাংবাদিক, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোঁহাই, তিনিচুকীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমন্ত কুমাৰ শইকীয়া, প্ৰাগ নিউজৰ সাংবাদিক বিপ্লৱ চেতিয়া, নাট্যকৰ্মী শ্যাম সুন্দৰ খাউন্দ, মটক সন্মিলনৰ কেন্দ্ৰীয় সহঃ সম্পাদক নৱজ্যোতি গগৈ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি পাপু দত্ত, ক্ৰীড়া সংগঠক, প্ৰাক্তন খেলুৱৈ সৌৰভ বৰুৱা, সাংস্কৃতিক সংগঠক, শিল্পী কেশৱ বৰা, শ্যামল চক্ৰৱতী।

চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে

অনলাইন বাৰ্তা : এইবাৰ চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে ৷ বিশ্বৰ দ্বিতীয় ফুটবলাৰ হিচাপে ৰাষ্ট্ৰীয় দলৰ হৈ এশ গ’ল দি নজিৰ গঢ়িলে ‘চি আৰ ছেভেন’-এ ৷ দেশৰ জাৰ্ছীত ৰোনাল্ডই ১০১ টা গ’ল পাছতে আছে পেলেৰ ৭৭, মেচিৰ ৭০ ৷ মাৰাদোনাৰ গ’লৰ সংখ্যা বহু কম ৷ উল্লেখ্য যে ৰোনাল্ডই এই গ’লেৰে বহু ৰেকৰ্ড ভংগ কৰে ৷ আনহাতে বহু পাছত ৰাখিলে তেওঁৰ চিৰপ্রতিদ্বন্দ্বী সকলক ৷ সকলোবোৰ ঠিকঠাক থকা হ’লে আগৰ মেচতে তেওঁ এশ গ’লৰ মাইল ফলক চুই দিলেহেঁতেন ৷ কিন্তু ক্ৰোয়েছিয়াৰ বিৰুদ্ধে সেই মেচৰ সময়তে সংক্ৰমণৰ বাবে খেলপথাৰত নামিব পৰা নাছিল পৰ্তুগীজ মহানায়কজনে ৷ মন কৰিব লগা যে গেলেৰী বক্সতে তেওঁ পৰ্তুগালৰ জয় দেখিছিল ৷ মঙলবাৰে উয়েফা নেচনছ কাপত ছুইডেনৰ বিৰুদ্ধে নিজৰ ছন্দত নামিছিল ক্রিশ্চিয়ানো ৰোনাল্ডৱে ৷ খেলখনত দুটাকৈ গ’ল কৰে ক্রিশ্চিয়ানো ৰোনাল্ডৱে ৷ ইয়াৰ লগে লগে তেওঁ এশ গ’ল অতিক্ৰম কৰি ফুটবলৰ ইতিহাসত এক নজিৰ গঢ়ে ৷ উল্লেখ্য যে ৰোনাল্ডৰ ওপৰত আছে ইৰানৰ ষ্ট্ৰাইকাৰ আলি দায়ী ৷ এইজন ইৰানৰ ফুটবলাৰে ১০৯ টা গ’ল কৰিছে ৷ খেলখনৰ প্ৰথমাৰ্ধৰ একেবাৰে শেষৰ সময়ত বক্সৰ বাহিৰৰ পৰা দুৰ্দান্ত ফ্ৰী কিকৰ পৰা আহে তেওঁৰ কেৰিয়াৰৰ শততম গ’ল ৷ দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত তেওঁ দ্বিতীয়টো গ’ল কৰে ৷ ব্ৰুনোৰ পাছৰ সহায়ত তেওঁ এই গ’লটো কৰিবলৈ সক্ষম হয় ৷ এই মুহূৰ্তত চি আৰ ছেভেনৰ আন্তৰ্জাতিক গ’লৰ সংখ্যা ১০১ ৷ উল্লেখ্য যে ২০০৪ চনত ইউৰোপৰ গ্ৰীছৰ বিৰুদ্ধে দেশৰ হৈ প্ৰথম গ’ল কৰিছিল ৰোনাল্ডৱে ৷ তাৰ পাছত শততম গ’লটো কৰিবলৈ সময় লাগে ১৬ বছৰ৷ আনহাতে ১৮ বছৰ বয়সতে পৰ্তুগালৰ হৈ অভিষেক ঘটা ৰোনাল্ডৱে ১৭ বছৰৰ কেৰিয়াৰত জিকিছে দুটা আন্তৰ্জাতিক ট্ৰফী ৷ তদুপৰি কৰিছে সাতটাকৈ হেটট্ৰিক ৷ ইপিনে ১০০ টা গ’ল কৰাৰ পাচত ছচিয়েল মিডিয়াত তেওঁ স্পষ্টকৈ জনাই দিছে ইয়াতে থমকি নৰয় ৷ তেওঁ আলি দায়েৰ ৰেকৰ্ড ভাঙিব সেইটো নিশ্চিত ৷

নলবাৰীত মাস্ক পৰিধান নকৰা পথচাৰীক আৰক্ষীয়ে বিহিলে জৰিমনা

নলবাৰী : হঠাতে নলবাৰী থানাত হুৱাদুৱা। শতাধিক দুচকীয়া আৰু চাৰিচকীয়া বাহনৰে ভৰি পৰিল থানাৰ চৌহদ। নলবাৰীত মাস্ক নিপিন্ধিলে ভৰিৱ লাগিৱ জৰিমণা উল্লেখ যে মহামাৰী কৰণা ভাইৰাছে সমগ্ৰ দেশৰ লগতে নলবাৰীতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে দৈনিক প্ৰায় তিনি শতাধিক লোক কৰণা আকান্ত হৈ থকাৰ সময়তো এচাম লোকে কোনো ধৰণৰ মাস্ক পৰিধান নকৰি নলবাৰী চহৰত ঘূৰি ফুৰিছে। তেনে একাংশ লোকক নলবাৰী পুলিচে বিহিলে জৰিমণা। প্ৰতিখন বাহনৰ পৰা ললে ১০০০কৈ জৰিমণা। ইফালে একাংশ মাস্ক নিপিন্ধিও আৰক্ষীৰ লগত বাক বিতণ্ডাত লিপ্ত হয়।

মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন; মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়ক, সাংসদৰ অংশগ্ৰহণ

উজনি-মাজুলীঃ মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি ঐতিহাসিক দৰিয়াপাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি উদযাপন কৰা হয়। এই অনুষ্ঠানত সমষ্টিটোৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ শ্ৰমিক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় কিষাণে বিশিষ্ট অতিথি আৰু লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, টিংখাং আৰু ধেমাজিৰ বিধায়কদ্বয় বিমল বৰা আৰু ডাঃ ৰণোজ পেগুৱে অতিথি হিচাপে এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলিৰে সুধাকণ্ঠগৰাকীলৈ জন্মদিনৰ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে। পঞ্চম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ্যত মাজুলী জিলা প্ৰশাসনে জিলাখনৰ বিশখন গাঁও পঞ্চায়তৰ প্ৰতিখনতে জিলা প্ৰতিষ্ঠাৰে পৰা এতিয়ালৈকে চৰকাৰী বিভাগসমূহে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিশখন খতিয়ান-পুস্তিকাৰ লগতে এখন জিলাস্তৰীয় প্ৰমুখ উন্নয়নমূলক আঁচনিসমূহকলৈ যুগুতোৱা পুস্তিকাও মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ অনুষ্ঠানতে উন্মোচন কৰে। তদুপৰি, জিলাখনত বিভিন্ন বিভাগৰ দ্বাৰা প্ৰায় ৫২.৪০ কোটি টকা ব্যয়েৰে ৰূপায়ণ সম্পূৰ্ণ কৰা ১৪৫খন আঁচনি শুভ উদ্বোধন কৰাৰ লগতে প্ৰায় ৬৭.৯৯ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলৈ লোৱা ১৮৩খন আঁচনিৰ আধাৰশিলাৰ ফলক মুখ্যমন্ত্ৰী গৰাকীয়ে উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক মহকুমা জনকল্যাণ বিভাগ আৰু ৰেচম বিভাগৰ আঁচনিৰ অধীনত পাঁচগৰাকীকৈ হিতাধিকাৰীক আৰ্থিক সাহাৰ্যৰ চেক আনুষ্ঠানিক ভাৱে বিতৰণ কৰে।

জামুগুৰিহাটত আছুৰ বৃহৎ অঘটন : আছুৰ বৃহৎ সংখ্যক সদস্যৰ লগতে ‘কা’ আন্দোলনকাৰী বিজেপিত যোগদান

জামুগুৰিহাট, ৮ ছেপ্টেম্বৰ : ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি তুংগত কৰি ৰক্ষাৰ সময়তে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আছুৰ এক বৃহৎ সংখ্যক সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে। স্থানীয় বাপুজী ভৱণত দিনৰ এক বজাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক পংকজ বৰা, তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কুলদীপ ভৰদ্বাজ,সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিৰাজ হাজৰিকা, কুসুমটোলা শাখা ছাত্ৰ সন্থাৰ সভাপতি হেমাংগ গায়ন, সাধাৰণ সম্পাদক নয়নমণি ভৰলী, ইটাখোলা ছাত্ৰ সন্থাৰ বিহুৰাম বসুমতাৰীকে ধৰি বৃহৎ সংখ্যক আছুৰ সদস্যই বিজেপি দলত যোগদান কৰে। ‘কা’ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা এই সকল আছুৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰাৰ পাছত সদৌ জামুগুৰি ছাত্ৰ সন্থা এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। আছু ত্যাগ কৰি বিজেপি দলত যোগদান কৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক পংকজ বৰাই বৰ্তমান ছাত্ৰ সন্থাৰ মজিয়াত ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা আলোচনা হোৱাৰ বিপৰীতে কোনজন আছুৰ নেতাই কোনোটো সমষ্টিত প্ৰতিদণ্ডিতা কৰিব সেইয়া ছবিশ ঘন্টাই আলোচনাত ব্যস্ত থাকে বুলিও তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই। ‘কা’ আন্দোলন প্ৰকৃততে মন্ত্ৰী বিধায়ক হোৱাৰ আন্দোলন বুলি উল্লেখ কৰি বিজেপিত যোগদান কৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক গৰাকীয়ে অসমীয়া জাতিৰ স্বভিমানী ভাৰতীয় জনতা পাৰ্টিয়েহে ৰক্ষা কৰিব পাৰিব বুলিও মন্তব্য কৰে । উল্লেখ্য যে আজিৰ এই সভাতে কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দল এৰি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে।
জোন বৰা,জামুগুৰিহাট।

‘কা’ বিৰোধী আন্দোলন তীব্ৰ কৰাৰ সংকল্প গ্ৰহণ, ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ

টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ টিংখাঙৰ ৰাজগড়ৰ ৰাজপথ উত্তপ্ত হৈ পৰে। টিংখাঙৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় পাঁচ শতাধিকলোকে ‘কা’ বিৰোধী ঐক্য মঞ্চৰ টিংখাঙৰ পূৰ্ব ঘোষিত কাৰ্যসূচী সফল কৰিবলৈ শ্বহীদ বেদী তিনিআলিত সমবেত হয়। এক প্ৰেছ বিবৃতিত মঞ্চই কয় যে যোৱা নিশাৰে পৰা ৰাজগড় আৰক্ষীয়ে মঞ্চক আজিৰ কাৰ্যসূচী বাতিল কৰিবলৈ ফোন যোগে প্ৰবল হেঁচা প্ৰয়োগ কৰে। আজি পুৱাৰে পৰা ৰাজগড় আৰক্ষীয়ে কাৰ্যসূচী ৰূপায়ণ কৰিলে গোচৰ ৰুজু কৰিব বুলি ভাবুকি প্ৰদান কৰে যদিও ৰাইজে আৰক্ষীৰ বাধা ভাঙি ৰাজগড় শ্বহীদ বেদি তিনিআলিত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শেহতীয়া ভাৱে একাংশ শিল্পী তথা তথাকথিতা জাতীয়তাবাদী নেতাই ‘কা’ আন্দোলনত অংশ গ্ৰহণ কৰি এতিয়া BJPৰ কোলাত আশ্ৰয় লৈছে। মঞ্চই তেওঁলোকৰ এই কাৰ্যক বিশ্বাসঘাতকতা বুলি অভিহিত কৰে আৰু এই বিশ্বাসঘাতকতাৰে বিপৰীতে আজিৰে কাৰ্যসূচীৰ যোগেদি মঞ্চই ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ সংকল্প গ্ৰহণ কৰে। প্ৰতিবাদ কাৰী সকলে ‘কা’ বাতিল কৰক, সকলো ‘কা’ কাৰাবন্দীক মুক্তি দিয়ক, গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া টিংখাং প্ৰশাসন বিমল বড়াই কভিড প্ৰট’কল ভংগ কৰাত নীৰৱ কিয় জবাব দিয়ক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰে। কাৰ্যসূচীৰ অন্তত মঞ্চৰ তৰফৰপৰা স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ‘কা’ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জামুগুৰিহাটত জনতাৰ মাজত ক্ৰমাৎ হ্ৰাস সজাগ সচেতনতা : জনসাধাৰণৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব

জামুগুৰিহাট : ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাৰ বিপৰীতে ক্ৰমাৎ হ্ৰাস পাইছে একাংশ জনতাৰ মাজত সজাগ আৰু সচেতনতা নীতি নিয়ম ৷ আনহাতে আনলক ৪ ত চৰকাৰৰ নীতি নিৰ্দেশনাত যথেষ্ট শিথিলতা প্ৰদান কৰাত একাংশ লোকৰ মাজতো অসচেতনতা অধিক বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷ মহামাৰী ক’ৰোনাৰ সংক্ৰমণৰ পৰা নিজৰ লগতে অন্য লোককো ৰক্ষা কৰিবৰৰ বাবে মুখত মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে চৰকাৰে বাৰে বাৰে আহবান জনোৱাৰ পিছতো সেই আহবানৰ প্ৰতি যেন একাংশ লোকে তিলমানো গুৰুত্ব নিদিয়াহে দেখা পোৱা গৈছে ৷ যাৰ বাবে দিনক দিনে বৃদ্ধি পাই আহিছে ক’ৰনাত আক্ৰান্তৰ সংখ্যা৷জামুগুৰিহাট নগৰতো জনসাধাৰণৰ মাজত এতিয়া যেন পূৰ্ৱৰ সেই সজাগ সচেতনতা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ৷ জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থলত এতিয়া গৰিষ্ঠসংখ্যক লোকৰ মুখত দেখা পোৱা নাযায় মাস্ক৷ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত,দৈনিক বজাৰত অথবা অন্যান্য অফিচ কাছাৰীত নাই কোনো সামাজিক দূৰত্ব ৷ গাঁত গাঁ লগাই ব্যৱসায়িক কেন্দ্ৰস্থলৰ পান-তামোলৰ দোকানেই হঁওক নতুবা গেলামালৰ দোকনতেই হঁওক; দোকানসমুহৰ সন্মুখত পূৰ্ৱে দেখা পোৱা আড্ডা মৰাৰ দৃশ্যও এতিয়া সুলভ হৈ পৰিছে জামুগুৰিহাটৰ কেন্দ্ৰস্থলত৷ যাৰবাবে ৰাজ্যৰ লগতে জামুগুৰিহাটতো নিতৌ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ শোণিতপুৰ জিলাৰ ধলাইবিলস্থিত উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অধিনস্থ জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰ আৰু ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী তথা চিকিৎসকসকলে নিজ নিজ এলেকাসমুহত নিৰবিচ্চিন্নভাৱেভাৱে চলোৱা ৰেপিড এন্টিজেন টেষ্টত বৰ্তমানলৈকে খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অধিনত প্ৰায় তিনিশৰো অধিক লোক ক’ভিড ১৯ত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে ৷ আজিও জামুগুৰিহাটত হোৱা ৰেপিড এন্টিজেন টেষ্টত ১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱা ফলাফল পোৱা গৈছে ৷ ক্ৰমাৎ চৰকাৰী নীতি নিয়ম তথা মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব আদিক যদি এইদৰে জনসাধাৰণে ভেঙুচালি কৰে তেন্তে অনাগত দিনত জামুগুৰিহাটতো ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে ৷ অৱশ্যে এইক্ষেত্ৰত প্ৰশাসন কিছু কঠোৰ হোৱাৰো প্ৰয়োজন আছে বুলি সচেতন লোকে মতপোষণ কৰিছে৷উল্লেখ্য যে জামুগুৰিহাটত দৈনিক ক’ভিড প্ৰট’কলসমুহ নমনা লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে যদিও প্ৰশাসন তথা আৰক্ষীৰ লোকে কিন্তু চকু মুদা কুলিৰ ভাঁও ধৰাৰহে অভিযোগ উল্থাপিত হৈছে ৷ অন্য হাতেদি প্ৰশাসনে কভি’ডৰ কাৰনে লব লগিয়া সাৱধানতাৰ ওপৰত গুৰুত্ব দিয়াত কৈ জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত হেলমেট লাইচেঞ্চ ইঞ্চুৰেঞ্চ পৰিক্ষা কৰি মোটা ধন বিছাৰি ৰাইজক হাৰাশাস্তি কৰা বুলি অভিযোগ পোৱা গৈছে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান

নলবাৰী : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। বাংনাবাৰী শাখা সমিতিৰ উপদেষ্টা তথা আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক জিয়াউল ৰহমানে আঁত ধৰা আৰু বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত কৰা উক্ত সভাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শাখাৰ অন্তৰ্গত ৭ গৰাকী কৃতী শিক্ষাৰ্থী ক্ৰমে আছফী আম্মাচ, আচিফ আখতাৰ, ৰিজুল আলী, ৰিজুল আহমেদ, ৰঞ্জুমা বেগম, পাকিজা বেগম আৰু ইমৰাজুল হ’কক গামোচা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি বিশেষ বক্তৱ্য প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চন্দন কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতা, সাধাৰণ সম্পাদক নিৰোদ দাস, সামাজিক ব্যক্তি ৰফিকউদ্দিন চৌধুৰী আৰু হাতিম আলীয়ে। ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ এই ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে অনাগত সময়ত অহো-পুৰুষাৰ্থ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়ৰ সৎ ব্যৱহাৰ কৰি সৎ কামত জড়িত হৈ গভীৰ অধ্যয়নত ব্ৰতী হৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ আহ্বান জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাত আগভাগ লয় বাংনাবাৰী শাখা সমিতিৰ সভাপতি ইমাদাদুল হ’ক, সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসৰ লগতে সকলো সদস্যই।