Home Blog Page 3204

এনচিইআৰটিৰ সমীক্ষাত প্ৰকাশ : দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন, লেপটপ নাই

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই বিশ্বজুৰি শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় ৷ এই মহামাৰীৰ বাবে ৭০ শতাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু নানা বিষয়ত প্ৰশিক্ষণ লোৱা যুৱসকল বাধাগ্ৰস্ত হৈছে বুলি আগতেই তথ্য দিছিল আন্তৰ্জাতিক শ্ৰম সংস্থা (আইএলঅ’)ই ৷ এইবাৰ এনচিইআৰটি অৰ্থাৎ নেচনেল কাউন্সিল অব এডুকেছনেল ৰিচাৰ্চ এণ্ড ট্ৰেনিঙৰ এক সমীক্ষাত জনোৱা হৈছে, অনলাইন ক্লাছৰ বাবে দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন বা লেপটপ নাই ৷ যিসকলে অনলাইন ক্লাছ কৰিছে, তেওঁলোকৰ বেছিভাগ অনলাইন ক্লাছলৈ সুখী নহয় ৷ অংক আৰু বিজ্ঞান বিষয়বোৰ অনলাইনত শিকিবলৈ বহু অসুবিধাৰ সন্মুখীন হয় শিক্ষাৰ্থী ৷ দেশজুৰি চিবিএছইৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আদিত মুঠ ১৮১৮৮ জন শিক্ষাৰ্থীৰ ওপৰত এনচিইআৰটিয়ে এটা সমীক্ষা চলায় ৷ প্ৰকাশিত সমীক্ষাত দেখা গৈছে যে ৩৩ শতাংশ শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ কঠিন আৰু ক্লান্তিকৰ ৷ সমীক্ষাটোৰ মতে অনলাইন ক্লাছ কৰিব পৰা ৮৪ শতাংশ শিক্ষাৰ্থীয়ে স্মাৰ্টফোনত নিৰ্ভৰ কৰে৷ মাত্ৰ ১৭ শতাংশ শিক্ষাৰ্থীয়ে লেপটপ ব্যৱহাৰ কৰিব পাৰে ৷ আনহাতে টিভি আৰু ৰেডিয়ৰ যোগে অলপ সংখ্যক শিক্ষাৰ্থীয়ে দূৰশিক্ষা পাইছে ৷ প্ৰায় ৩৫ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক, প্রধান শিক্ষক আৰু অভিভাবক ল’ডশ্বেডিঙৰ বাবে অনলাইন যোগাযোগ অন্তৰায় হিচাপে চিহ্নিত হয় ৷ অনলাইন ক্লাছত অংক আৰু বিজ্ঞানৰ দৰে বিষয়বোৰ বুজাত অসুবিধা ৷

নগাঁৱৰ ছাত্ৰীৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

নগাওঁ : নগাঁৱৰ পহুকটাৰ ছাত্ৰী তিতিক্ষা মধুকল্য যোগাসনৰ জৰিয়তে Cholan book of world record (UN)ৰ তৰফৰ পৰা বিশ্ব অভিলেখ গঢ়িবলৈ বাচনিত উত্তীৰ্ণ হৈছে। আজি পুৱা ১০ বজাৰ পৰা নগাঁৱৰ শংকৰ মিচনৰ সভাকক্ষত তিনি ঘণ্টা বত্ৰিশ মিনিট যোগাসন কৰি বিশ্ব অভিলেখ গঢ়ি তোলে। পূৰ্বে যোগ গৰ্ভাশন দুই ঘণ্টা সময় লৈকে আছিল যদিও আজি তিতিক্ষাই অনলাইনৰ জৰিয়তে এই অভিলেখ তিনি ঘণ্টা বত্ৰিশ মিনিটলৈকে বৃদ্ধি কৰে। Cholan book of world record (UN)ৰ বিভিন্ন দেশৰ ৰেফাৰী সকলৰ লগত এক অনলাইন প্ৰদর্শনিত তিতিক্ষা মধুকল্যই অংশ গ্ৰহণ কৰে। আজি পলাক্ষী গোস্বামীৰ এটি বৰগীতৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অসমৰ কৰ্মকৰ্তা প্ৰীতি ৰেখা বৰুৱাই। অনুষ্ঠানত অসম যোগ স্পৰ্টছ ডেভেলপমেণ্ট এছ’চিয়েছনৰ সভাপতি ডঃ ধৰ্মেশ্বৰ গোস্বামীয়ে। অনুষ্ঠানটোত চিকিৎসক, ডাঃ পংকজ জ্যোতি বৰুৱা, সাংবাদিক কনক হাজৰিকা, Cholan book of world record (UN) অসমৰ সভাপতি হৰেশ্বৰ শইকীয়া, যোগ প্ৰশিক্ষক মৃদুল চেতিয়া, দীপক বৰুৱা, ৰিমা দেৱী, ৰতন কুমাৰ শইকীয়াৰ লগতে যোগ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অসমৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মাৰ প্ৰচেষ্টাত নগাঁৱৰ জ্ঞানম যোগ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী তিতিক্ষা মধুকল্য Cholan book of world record (UN)ৰ বাবে মনোনীত হৈছে। উল্লেখ্য যে তিতিক্ষা তেলিয়া পহুকটাৰ প্ৰণৱ কুমাৰ গোস্বামী আৰু ৰিজু গোস্বামীৰ একমাত্ৰ কন্যা। অনলাইনৰ জৰিয়তে Cholan book of world record (UN) তৰফৰ পৰা এই বিশ্ব অভিলেখৰ ফলাফল অহা শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।

পাকিস্তানক মুছলিম বিশ্বৰ নেতা সজাবলৈ চেষ্টা চীনৰ : ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধ কৰাৰ ভাবুকি ইমাৰন খান প্ৰশাসনৰ

দৈনন্দিন বাৰ্তা ডেস্ক : মুছলিমৰ ওপৰত নিৰ্মম অত্যাচাৰৰ কাহিনী প্ৰচাৰ হোৱাৰ পাচত বিশ্বৰ বেছিভাগ মুছলিম দেশে চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ কিন্তু এই বিষয়ে কোনো প্ৰতিবাদ কৰা নাই পাকিস্তানে ৷ বৰং এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পৰিষ্কাৰ কৰি জনায় যে প্ৰিয় বন্ধু চীনৰ বিৰুদ্ধে কোনো মন্তব্য নকৰে ইছলামাবাদে ৷ তাৰেই পুৰস্কাৰ হিচাপে এইবাৰ পাকিস্তানক মুছলিম বিশ্বৰ দেশবোৰৰ নেতা সজাবলৈ বিচাৰিছে জিনপিং প্ৰশাসনে ৷ সম্প্ৰতি আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে, চীনে বিচাৰিছে পৃথিৱীৰ একমাত্ৰ পৰমাণু শক্তিৰ মুছলিম ৰাষ্ট্ৰ হিচাপে পাকিস্তানেই হওক ইছলামিক দেশবোৰৰ প্ৰধান ৷ এইখন দেশৰ নিৰ্দেশতে পৰিচালিত হওক মুছলিম বিশ্ব ৷ এনে ধৰণৰ বিভিন্ন পদক্ষেপ লৈছে চীনে ৷ এই উদ্দেশ্য চৰিতাৰ্থ কৰিবৰ বাবে পুৰণা সম্পৰ্ক ৰক্ষা কৰি মুছলিম বিশ্বৰ বিভিন্ন দেশলৈ অনুদান দিছে ৷ আনকি নানা প্ৰকল্পত মূলধন বিনিয়োগ কৰিছে ৷ এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে ইৰানত ৪০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে বেইজিঙে ৷ তেহৰাণৰ সৈতে ২৫ বছৰৰ চুক্তি কৰিছে জিনপিং প্ৰশাসনে৷ একেদৰে মাৰ্কিন বিৰোধী মুছলিম দিশবোৰৰ সৈতে সম্পৰ্ক বঢ়াইছে ৷ যাতে পাকিস্তানক নেতা সজাই নিজৰ ইচ্ছানুসৰি মুছলিম বিশ্বক পৰিচালনা কৰাত কোনো অসুবিধা নহয় তাৰ বাবে চীনে উদ্যোগ লৈছে ৷ ইপিনে ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু হৈছে পাকিস্তান ৷ পাকিস্তানে পাৰমানৱিক যুদ্ধ কৰিব বুলি ভাৰতক সতৰ্ক কৰি দাবী কৰি কয় যে এই অস্ত্ৰবোৰ মুছলিমৰ জীৱন ৰক্ষা কৰা আৰু কেৱল মাত্ৰ ভাৰতৰ অঞ্চলবোৰ লক্ষ্য কৰি লোৱা ৷ পাকিস্তানৰ মন্ত্ৰী শ্বেইখ ৰছিদে এক সাক্ষাৎকাৰত এই কথা কয়৷ মন্ত্ৰীজনে কয় যে পাকিস্তানে হিচাপ কৰি সৰু আৰু সুনিৰ্দিষ্ট অস্ত্ৰ প্ৰয়োগ কৰিব ৷ তেওঁ লগতে কয় যে তেওঁলোকৰ অস্ত্ৰবোৰ কেৱলমাত্ৰ অঞ্চলবোৰ লক্ষ্য কৰিবৰ কাৰণে অসমৰ সীমাৰ মাজতো পৰিব ৷ উল্লেখ্য যে পাকিস্তানে পাৰমানৱিক যুদ্ধ কৰাৰ এয়াই প্ৰথম ভাবুকি নহয় ৷ ২০১৯ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ লগত কেইবাবাৰো পাৰমানৱিক যুদ্ধ কৰিব বুলি ভাবুকি দিছিল ৷

ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ : ৩৬-৪০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা

দৈনন্দিন বাৰ্তা ডেস্ক : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে বৃহস্পতিবাৰে নতুন দিল্লীত মিলিত হৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰে ৷ সভাৰ পাচত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ৰুৰকিৰ চিবিআৰআই আৰু মাদ্ৰাজ আইআইটিৰ অভিযন্তাৰ লগতে লাৰছেন এণ্ড ট’উব্ৰ’ৱে মন্দিৰ স্থাপন কৰা ঠাইৰ পৰা মাটি সংগ্ৰহ কৰি পৰীক্ষা কৰিছে ৷ ৰাম মন্দিৰ ট্ৰাষ্টে আশা প্ৰকাশ কৰে যে ৩৬-৪০ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মতে অযোধ্যাৰ ৰাম মন্দিৰটো পৌৰাণিক আৰু পৰম্পৰাগত প্ৰথাৰে নিৰ্মাণ কৰা হ’ব ৷ ট্ৰাষ্টৰ পৰা জনোৱা মতে ভূমিকম্প, ধুমুহা আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাই থাকিব পৰাকৈ মন্দিৰটো নিৰ্মাণ কৰা হ’ব আৰু এই ঐতিহাসিক মন্দিৰটোত কোনো লোহা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা নহ’ব ৷ মন্দিৰ নিৰ্মাণত তামৰ প্লেট প্ৰতিচপৰা ইটাৰ মাজত ব্যৱহাৰ কৰা হ’ব ৷ এই প্লেটবোৰ ১৮ ইঞ্চি দীঘল, ৩০ মিলিমিটাৰ বহল আৰু ৩ মিলিমিটাৰ গভীৰতাৰ ৷ নিৰ্মাণ কাৰ্যত ১০ হাজাৰ প্লেটৰ প্ৰয়োজন হ’ব ৷ শ্ৰী ৰাম ভক্তক তামৰ প্লেট দান কৰিবলৈ ট্ৰাষ্টে আহ্বান জনাইছে ৷

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ক’ৰোনা পৰীক্ষাৰ পাচত তেওঁ আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে টুইট কৰি এই সংবাদ দিয়ে ৷ তেওঁ কয়, চিকিৎসকৰ পৰামৰ্শ মতে মই চিকিৎসালয়ত ভৰ্ত্তি হৈছো ৷ যোৱা কেইটামান দিনত যিসকল মোৰ ওচৰলৈ আহিছিল তেওঁলোকক মই অনুৰোধ কৰো যে তেওঁলোকে পৰীক্ষা কৰি নিজকে আইচলেট কৰি ৰাখক ৷ তেওঁ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়ত থকাৰ কথাও জনায় ৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৮ লাখ চুলেগৈ ৷ যোৱা দিনটোত ৬৯৬৫২ জন লোক ক’ৰোনাত আক্ৰান্ত হয় ৷ আনহাতে দেশত মুঠ ৫৩৮৬৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত ৯৭৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ ভাৰতত মুঠতে ২৮৩৬৯২৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তাৰে ২০৯৬৬৬৫ জন লোক ইতিমধ্যে আৰোগ্য হৈছে ৷ বুধবাৰৰ দিনটোত ৯১৮৪৭০ জন লোকক পৰীক্ষা কৰা হয় ৷ 

দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ইন্দোৰ : অসমৰ ভিতৰত পৰিষ্কাৰ নগৰ শিলচৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ঘোষণা কৰা হৈছে ৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পঞ্চম বাৰ্ষিক সমীক্ষাত প্ৰকাশ পাইছে তথ্য ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথাঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহ আৰু নগৰোন্নয়ন দপ্তৰে আয়োজন কৰা ‘স্বচ্ছ মহোত্‍‌সৱ’ নামৰ ভাৰ্চুৱেলঅনুষ্ঠানৰ যোগে স্বচ্ছতাত ঠাল কাম কৰা ১২৯ খন চহৰক তেওঁ পুৰস্কৃত কৰে ৷ সকলোতকৈ পৰিষ্কাৰ ৰাজ্য ছত্তীশগড় ৷ এশৰো বেছি চহৰযুক্ত ৰাজ্য হিচাপে দ্বিতীয়বাৰ পুৰস্কৃত হৈছে ছত্তীশগড় ৷ এশৰো কম চহৰৰ ৰাজ্য হিচাপে নিৰ্বাচিত হৈছে ঝাৰখণ্ড ৷ দেশৰ ভিতৰত পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত হৈছে ইন্দোৰ ৷ ইয়াৰ পাচতে ছুৰাট দ্বিতীয় আৰু নভি মুম্বাইয়ে তৃতীয় স্থান লাভ কৰিছে ৷ আনহাতে মহাৰাষ্ট্ৰৰ কাৰাদ এক লাখ তলৰ জনসংখ্যা বিভাগত প্ৰথম হৈছে ৷ তাৰ পাচত স্থান পাইছে ছছৱাদে ৷ এই বিভাগত তৃতীয় স্থান পায় লোনাভালাই ৷ এক লাখৰ ওপৰৰ জনসংখ্যাৰ চহৰৰ ভিতৰত স্বচ্ছতাত সকলোতকৈ বেছি নাগৰিকৰ অংশগ্ৰহণৰ বিভাগত নিৰ্বাচিত হৈছে উত্তৰ প্ৰদেশৰ শ্বাহজাহনপুৰ ৷ এই বিভাগত এক লাখৰ কম জনসংখ্যাৰ চহৰবোৰৰ মাজত শীৰ্ষত আছে উত্তৰাখণ্ডৰ নন্দপ্ৰয়াগ ৷ ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰত প্ৰথম কৰ্ণাটকৰ মাইছুৰ ৷ আনহাতে ১০ৰ পৰা ৪০ লাখৰ জনসংখ্যাৰ ভিতৰত সকলোতকৈ স্বচ্ছ বিজয়ৱাড়া ৷ ৪০ লাখৰ ওপৰ জনসংখ্যাৰ চহৰৰ ভিতৰত স্বচ্ছ আহমেদাবাদ ৷ বৃহৎ চহৰবোৰৰ ভিতৰত স্বচ্ছতাৰ সন্মান পায় ৰাজস্থানৰ যোধপুৰে ৷ ইপিনে সকলোতকৈ কেণ্টনমেণ্ট ব’ৰ্ডৰ পুৰস্কাৰ লাভ কৰিছে পাঞ্জাৱৰ জলন্ধৰে ৷ গংগা তীৰৱৰ্তী চহৰৰ পুৰস্কাৰ লাভ কৰিছে বাৰাণসীয়ে ৷ ইপিনে অসমৰ শিলচৰ নগৰে দেশৰ স্বচ্ছ নগৰৰ ভিতৰত ৩৪০ ৰেংক লাভ কৰিছে ৷ যোৱা বছৰ শিলচৰ নগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত চাৰিখন নগৰৰ ভিতৰত চতুৰ্থ আছিল ৷ ইপিনে শিলচৰৰ ৩৪০ ৰেংকৰ বিপৰীতে ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ৰেংক হ’ল ৩৫৩ ৷ আনহাতে ৰাষ্ট্ৰীয় ৰেংকত গুৱাহাটী ৩৫৬ স্থানত আৰু নগাঁও ৩৫৮ স্থান ৷ ফলত ৰাজ্যৰ ভিতৰত শিলচৰৰ পাচতে বাকী চহৰ কেইখনে স্থান লাভ কৰিছে ৷ অসমৰ এই চহৰ কেইখন ১-১০ লাখ জনসংখ্যা শাখাত অন্তভূক্ত ৷ ইয়াৰ লগতে ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শাখাত কৰিমগঞ্জ নগৰে ৰাজ্যিক ৰেংকত নৱম স্থান পাইছে ৷ ২৫ হাজাৰৰ পৰা ৫৯ হাজাৰৰ জনসংখ্যাত ১ নং ৰেংক পাইছে হাইলাকান্দিয়ে ৷ ২৫ হাজাৰ জনসংখ্যাত ১ নং ৰেংক পাইছে লখিমপুৰে ৷

৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালাল

দৈনন্দিন বাৰ্তা ডেস্ক : অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালালৰ লগতে ১৯ গৰাকী যুৱ বিজ্ঞানীয়ে ৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত হৈছে ৷ এই এনক্লেভ ৰাছিয়াত অহা ২১-২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে ব্ৰিকছ যুৱ বিজ্ঞানী ফ’ৰামৰ ধাৰণাটো দ্বিতীয় ব্ৰিকছ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন (এছটিআই) পৰিষদৰ সভাত গৃহিত হৈছিল ৷ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা তীব্ৰ কৰা, বিশেষকৈ সামাজিক প্ৰত্যাহ্বান মোকাবিলাত তৰুণ বৈজ্ঞানিক প্ৰতিভাৰ সদ্ব্যৱহাৰ কৰা, ব্ৰিকছ তৰুণ বিজ্ঞানীসকলৰ বাবে এটা নেটৱৰ্কিং প্লেটফৰ্ম প্ৰস্তুত কৰাই হ’ল এই সন্মিলনৰ লক্ষ্য ৷ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ গৱেষক পণ্ডিত আৰ্পিতা দালালক এই ক্ষেত্ৰত দেশজুৰি আন চাৰিগৰাকী পণ্ডিতৰ সৈতে নিৰ্বাচন কৰা হৈছে ৷ যদিও ইয়াৰ বাবে ১৯ খন আসন আছিল ৷ মোৰ প্ৰতিযোগিতাত ১৯ খনৰ ভিতৰত ৫ খন আছিল, ৬ খন আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে, ৬ খন পদাৰ্থ বিজ্ঞানৰ বাবে, দুটা নতুনত্ব পুৰস্কাৰ প্ৰতিযোগিতাৰ বাবে আৰু বাকীখন বাস্তশাস্ত্ৰৰ বাবে সংৰক্ষিত আছিল ৷ আৰ্পিতা দালালে বাৰাক বুলেটিনত এই কথা কয় ৷ নিৰ্বাচিত হোৱাৰ বিষয়ে সন্তুষ্টি প্ৰকাশ কৰি অৰ্পিতা দালালে কয় যে তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ চৰকাৰৰ বিজ্ঞপ্তি চাইছিল ৷ মই বাস্তশাস্ত্ৰত এমএছচি আৰু পিএইচডি কৰিছো ৷ সেয়ে মই ইয়াৰ বাবে আবেদন কৰাৰ কথা ভাবিছিলো ৷ মই ২০১৬ চনত ইংলেণ্ডত ছমাহৰ বাবে পিএইচডি প্লেচমেণ্ট প্ৰগ্ৰেমৰ অধীনত কুইন্স বিশ্ববিদ্যালয়ত পিএইচডি এক্সচেঞ্জ প্ৰগ্ৰেমত আছিলো ৷ মই নিৰ্বাচিত হোৱাৰ বাবে বহু আশাবাদী আছিলো বুলি আৰ্পিতাই কয় ৷ অংশগ্ৰহণকাৰীসকলৰ আন্তৰ্জাতিক বিমান ভ্ৰমণ আৰু থকাৰ ব্যয় ভাৰত আৰু স্বাগতিক দেশে যৌথভাৱে বহন কৰিব ৷ বৰ্তমানে ক’ভিড মহামাৰীৰ বাবে এই কাৰ্যসূচী সংক্ষিপ্ত কৰা হৈছে আৰু ভাৰ্চুৱেল কৰা হ’ব ৷

কেৱল আনুষ্ঠানিক নিয়ম পালন কৰিলে কোঁচগাঁৱৰ ৰাইজে ৷ জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত উৎসাহহীনভাবে উদযাপন ২২৫ বছৰীয়া পৰম্পৰা

জামুগুৰিহাট : গৌৰৱোজ্জ্বল দ্বি-শতবৰ্ষ অতিক্ৰম কৰা জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত যেন এইবেলি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ৷ পূৰ্ৱৰ সেই উৎসাহ উদ্দীপনাৰ পৰিৱৰ্তে এইবাৰ দেখা পোৱা গৈছে গাঁওবাসীৰ সেমেকা দুচকু ৷ বিগত দীৰ্ঘ ইতিহাসত, ২২৫ বছৰীয়া গৌৰৱোজ্জ্বল কালীয়দমন নাটৰ ভাওনা মহোৎসৱ এইবেলি মহামাৰী সদৃশ ক’ৰনাৰ বাবেই বাতিল কৰিবলগীয়া হোৱাত গাঁওবাসী দুখিত তথা মৰ্মাহত হৈ পৰিছে৷ গুৰুজনাৰ তিৰোভাৱ তিথিৰ বিশেষ দিনটোত প্ৰতিবছৰেই নিৰবিচ্চিন্নভাৱে গাঁওবাসীয়ে যথেষ্ট উৎসাহ উদ্দীপনাৰে উদযাপন কৰি আহিছিল তিথিভাগৰ লগতে নিশালৈ কালীয়দমন নাটৰ ভাঁওনা ৷ য’ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ কালীয়দমন ক্ষেত্ৰত সমবেত হৈ শৰাই শলিতা আগবঢ়াই আৰু মনোবাঞ্চা পূৰণৰ অৰ্থে ভগৱানৰ ওচৰত আশীষ বিচাৰি সেৱা গ্ৰহণ কৰি আহিছিল ৷ গাঁওবাসীয়েও দূৰণীবতিয়া ভকত বৈঞ্চৱসকলৰ লগতে কালীয়দমন ক্ষেত্ৰলৈ অহা প্ৰতিগৰাকী ভকত বৈঞ্চৱক বিগত বৰ্ষসমুহত ভকতিৰ অমিয়া পান কৰাবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাছিল ৷ কিন্তু এইবেলি সম্পূৰ্ণ বিপৰীত এক ছবি দেখা পাবলগীয়া হোৱাত গাঁওবাসীৰ মাজত বিৰাজ কৰিছে এক বুজাব নোৱাৰা দুখৰ অনুভৱ ৷ যদিওবা অনুষ্টুপীয়াকৈ গাঁওবাসীয়ে গুৰুজনাৰ তিৰোভাৱ তিথিভাগ সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে পালন কৰিছে তথাপিও নিশাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কালীয়দমন ভাঁওনা মহোৎসৱভাগ বাতিল কৰিবলগীয়া হোৱা বিষয়টিয়ে যথেষ্ট মনোকষ্ট দিছে গাঁওবাসীক ৷ অৱশ্যে মহামাৰী ক’ৰণাৰ এই সংকটৰ পৰা বিশ্ববাসীক পৰিত্ৰাণ দিবৰ বাবে ভগৱন্তৰ ওচৰত সেৱা লৈ আশীৰ্বাদ বিচাৰিলে গাঁওবাসীয়ে ৷ উল্লেখ্য যে ১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত জামুগুৰিহাটৰ কোঁচগাঁৱৰ গঞা ৰাইজে নিৰবিচিন্নভাবে অনুষ্ঠিত কৰি অহা মহোৎসৱ ভাগ বিগত দীৰ্ঘ ইতিহাসত মহামাৰীৰ বাবে বাতিল কৰিবলগীয়া হোৱাৰ কথা এয়ে প্ৰথম ৷

অৰুণোদয় আঁচনি ৰূপায়নক লৈ কামৰূপ মহানগৰ জিলাৰ গুৰুত্বপুৰ্ণ বৈঠক ৷ প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ’ব : সিদ্ধাৰ্থ ভট্টাচাৰ্য

গুৱাহাটী : ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ঘোষণা কৰাৰ পিছতে কামৰূপ মহানগৰ জিলাই আঁচনিখন সঠিকভাৱে ৰূপায়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত অলপতে কামৰূপ মহানগৰ জিলাৰ কাৰ্য্যালয়ত এক গুৰুত্বপুৰ্ন বৈঠক অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ জনহিত অৰুণোদয় আঁচনিখন সঠিকভাৱে ৰূপায়ন কৰাৰ বাবেই এই সভাখন অনুষ্ঠিত কৰা হৈছিল ৷ কামৰূপ মহানগৰ জিল্লা উপায়ুক্ত বিশ্বজিত পেগু, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উপস্থিতত বৈঠক অনুষ্ঠিত হয় ৷ উল্লেখ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ লোকে এই আঁচনিখন লাভ কৰে তাৰ বাবেই বিভিন্ন দিশ চালিজাৰি চাই বৃস্তিতভাৱে আলোচনা কৰা হৈছে ৷ এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৈঠকত উপস্থিত থাকি কয় যে ৰাজ্য চৰাকাৰৰ অৰুণোদয় আঁচনি এখন উল্লেখযোগ্য আঁচনি ৷ এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীয়ে মাহেকত ধন লাভ কৰিব ৷ সেয়ে আঁচনিখন ৰূপায়নত সাৱধানতা অৱলম্বনৰ প্ৰয়োজন ৷ কিয়নো এই আঁচনিৰ পৰা এজনো প্ৰকৃত হিতাধিকাৰী বাদ নপৰে তাৰ বাবেই আমি সতৰ্কতাৰে কাম কৰাৰ প্ৰয়োজন ৷ এই ক্ষেত্ৰত ভুৱা হিতাধিকাৰী নাম অন্তৰ্ভুক্ত নহয় সেয়া দৃষ্টি ৰাখিব লাগিব ৷ সেইবাবেই কামৰূপ মহানগৰ জিলাৰ কৰ্মচাৰীসকলক এটি টীম হিচাপে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ভট্টাচাৰ্যই ৷ অৰুণোদয় আঁচনিৰ বৈঠকত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ লগতে ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

পাৰ্বতিপ্ৰসাদ বৰুৱা গীতৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তা ডেস্ক : পাৰ্বতি সোঁৱৰণৰ উদ্যোগত আৰু সুৰ সংগম সংগীত মহাবিদ্যালয় সাংস্কৃতিকাৰ সৌজন্যত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা দেৱৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তাৰ ফলাফলসমূহ ১৯ আগষ্টত অৰ্থাৎ গীতিকবিগৰাকীৰ ওপজা দিনত ঘোষণা কৰা হয় এই ফলাফল। ১৩০ গৰাকী প্ৰতিযোগীৰে অনুস্থিত হোৱা ফলাফলৰ ভিতৰত প্ৰথম স্থান পাইছে ভাস্কৰ জ্যোতি শিৱম, দ্বিতীয় স্থান পাইছে কুঁৱলী ভূষনা চৌধুৰী আৰু তৃতীয় স্থান পাইছে ঝলক দামানীয়ে। ইয়াৰ বাহিৰেও বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে কৃষ্ণা মণি ৰাভা, উদ্দীপনা গোস্বামী আৰু দিষ্ণু শ্ৰেয়া চৌধুৰী আৰু প্ৰজ্ঞা কোঁৱৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ গীতসমূহ আজিৰে পৰা প্ৰতি সন্ধিয়া পাঁচ বজাৰ পৰা পাঁচ গৰাকীকৈ প্ৰতিযোগীৰ গীত “Music vivant -voilin Tutorial youtube channel/face book page ত চাব পাৰিব। প্ৰয়োজনত ৯৪৩৫১১৫৮০০ নম্বৰত যোগাযোগ কৰিব পাৰে।