Home Blog Page 3206

পানেৰীত ওদালগুৰি জিলা যোগী সম্মিলনীৰ সংবাদমেল

টংলা :  অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অনুমোদন প্ৰাপ্ত ওদালগুৰি জিলা যোগী সন্মিলনীয়ে ২১ আগষ্টত সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি তেওঁলোকে লোৱা প্ৰস্তাৱ সমূহ সংবাদমেলত প্ৰকাশ কৰে। যোৱা ৭/৭/২০ তাৰিখৰ ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰস্তাৱ অনুসৰি ওদালগুৰি জিলা যোগী সন্মিলনীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ হেতুকে ভংগ কৰা হয়। তাৰ পাছতো অসাংবিধানিক ভাবে সভাপতি, সম্পাদকে বিভিন্ন কাৰ্য্যকলাপত লিপ্ত থকাৰ উপৰিও শেহতীয়াভাৱে বৰপেটা ৰোডত অনুষ্ঠিত বি টি চি নাথ যোগী ছাত্র সন্থাৰ বিশেষ সাধাৰণ সভাত বিটিচি নাথ যোগী ছাত্র সন্থা পুনৰ গঠন কৰি নাথ যোগী ছাত্র সন্থাৰ অৰাজনৈতিক চৰিত্ৰৰ মৰ্যাদা হানি কৰাৰ লগতে নাথ যোগী সম্প্ৰদায়ৰ ঐতিহ্য কলংকিত কৰা কাৰ্য্যক তীব্র গৰিহণা দিয়ে ওদালগুৰি জিলা যোগী সন্মিলনীয়ে। লগতে বৰ্তমানৰ ওদালগুৰি জিলা নাথ যোগী ছাত্র সন্থাৰ সভাপতি ফুকন চন্দ্র নাথ আৰু সম্পাদক যতীন নাথৰ বিৰুদ্ধে অসম প্ৰাদেশীক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাক তাৎক্ষণিক ব্যবস্থা গ্রহণৰ দাবী জনোৱাৰ লগতে ফুকন নাথ আৰু যতীন নাথক ওদালগুৰি জিলা যোগী সন্মিলনীৰ পৰা একেই সভাতে প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়ে। অসম প্ৰাদেশীক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ মৰ্যাদা হানি কৰা কোনো কাৰ্য্যত যদি এই দুজন নেতা জড়িত থাকে তেনেহ’লে ওদালগুৰি জিলা যোগী সন্মিলনীৰ ফালৰ পৰা আইনী ব্যবস্থা গ্রহণ কৰা হব বুলিও সংবাদমেলত প্ৰকাশ কৰে ওদালগুৰি জিলা যোগী সন্মিলনীৰ সম্পাদক দন্দিৰাম নাথ আৰু ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰতিস্থাপক সম্পাদক বৰ্তমানৰ উপদেষ্টা পুষ্পৰাম নাথে।

পাকিস্তানৰ ৰেল মন্ত্ৰীৰ অদ্ভুত মন্তব্যৰ পিছতেই জ্বলিছে অসম । ডবকাত পাক প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ আমছু’ৰ

ডবকা : পাকিস্তানৰ হাতত হেনো এনে অস্ত্ৰ আছে যিয়ে নিমিষতে ধ্বংস কৰি পেলাব পাৰিব ভাৰতীয় হিন্দুসকলক। কিন্তু এই আক্ৰমণৰ পৰা বাছি যাব ভাৰতত বাস কৰা মুছলমানসকল, পাকিস্তানৰ মন্ত্ৰীৰ অদ্ভুত দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতীয় মুছলমানসকলৰ লগতে দল-সংগঠনে। হোজাই জিলাৰ ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয়  ঘাইপথত কালি হোজাই জিলা আমছু’ৰ উদ্বোগত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰতিমূৰ্তি দাহ কৰি  পাকিস্তান বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন টোৱে। ৰাজুহুৱাকৈ ভাৰতবৰ্ষ উৰুৱাই দিয়াৰ ভাবুকি দিয়া পাকিস্তানৰ ৰে’লমন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে দেশখনৰ ‘ছামা টিভি’ সৈতে হোৱা সাক্ষাত্‍কাৰত কেইছিল  যে,  ‘একেবাৰে অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ পাকিস্তানৰ হাতত এনে অস্ত্ৰ আছে, যাৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ দেশ ধ্বংস কৰিব পৰা যাব। এক স্মাৰ্ট পাৰমাণিৱক বোমা নিৰ্মাণ কৰা হৈছে দেশখনত। আৰু এইবাৰ আক্ৰমণ হ’লে ভাৰতবৰ্ষক একেবাৰে শেষ কৰি পেলাব পৰা সামৰ্থ আছে বুলিও কৈছিল পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ জৰিয়তে খবৰ বিয়পি পৰাৰ লগে লগে  এইদৰে জ্বলি উঠিছে অসম। কালিৰ প্ৰতিবাদত আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোৱাৰ হুছেইন (বকুল), সহকাৰী সম্পাদক গিয়াছ উদ্দিন তাপাদাৰৰ লগতে হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ আৰু লুৎফুৰ ৰহমানে নেতৃত্ব বহন কৰে।

অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্যায়ৰ এজন কবি : প্ৰদীপ খাটনিয়াৰ ৷ পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী : ‘সাহিত্যত পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগৰ ধাৰাটো বহু পুৰণি ৷ বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যিকৰ লগতে আমাৰ শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিতো এই প্ৰয়োগ উপস্থিত ৷ অজিত বৰুৱাও শংকৰ-মাধৱৰ সেই ধাৰাৰে অনুগামী ৷’ ১৯ আগষ্টৰ বিয়লি পাঁচ বজাৰ পৰা অনলাইনযোগে অনুষ্ঠিত পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰদীপ খাটনিয়াৰে ৷ অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ যুটীয়া উদ্যোগত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক, অজিত বৰুৱাৰ ৯৪ সংখ্যক জন্ম দিৱসৰে সংগতি ৰাখি আয়োজিত ‘অজিত বৰুৱা আৰু পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগ’ শীৰ্ষক এই বিশেষ বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্য্যায়ৰ এজন কবি ৷ তেওঁৰ সাত-আঠটামান কবিতা বিশ্বৰ যিকোনো ভাষাৰ সাহিত্যৰ শ্ৰেষ্ঠ কবিতাসমূহৰ সম পৰ্য্যায়ৰ ৷’ ঝুম এপৰ মাধ্যমত আৰু সমান্তৰালভাৱে ফে’চবুক লাইভযোগে সম্পন্ন এই আভাসী বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘উপমা, ৰূপক, চিত্ৰকল্প হ’ল কাব্যৰ আত্মা ৷ জীৱন আৰু জগতৰ বিচিত্ৰ ৰূপ দৰ্শন কৰি পোৱা ইন্দ্ৰিয়ানুভূতিয়েই কাব্যভাষাৰ প্ৰকাশিকা শক্তিৰ একমাত্ৰ সমল নহয় ৷ এইবোৰৰ উপৰি অজিত বৰুৱাই তেওঁৰ কাব্যৰ উপমাসমূহ আহৰণ কৰিছিল প্ৰধানকৈ অধ্যয়নৰ পৰা৷ অজিত বৰুৱাৰ কাব্যত দাৰ্শনিক চিন্তাৰ উপাদানসমূহো মন কৰিবলগীয়া ৷ কবিয়ে মানি চলা নূ্নতমবাদ (Minimalism) তেওঁৰ সৃষ্টিৰ এক স্বকীয় বৈশিষ্ট্য৷ আধুনিক মনৰ দ্বিধাগ্ৰস্ততা, ‘Either-or’-ৰ দ্বিধা, জীৱন-মৃত্যুৰ দ্বন্দ্ব, বিশ্বজাগতিকৰ বিশালতাৰ সৈতে ক্ষুদ্ৰত্বৰ সংযোগ, Suggestiveness আৰু নামবাচক বিশেষ্যৰ প্ৰয়োগ, ইন্দ্ৰিয়জ সীমাৱদ্ধতা অতিক্ৰমণৰ প্ৰয়াস, মৃত্যুৰ সৈতে সম্পৰ্কিত গভীৰ দাৰ্শনিকবোধৰ প্ৰকাশ আদি অজিত বৰুৱাৰ কাব্যৰ অন্যতম বৈশিষ্ট্য ৷’ অজিত বৰুৱাৰ কবিতাৰ আংগিক নিৰ্মাণতো অধ্যয়নৰ বৰঙণিয়েই সৰ্বাধিক আছিল বুলি উল্লেখ কৰি খাটনিয়াৰে কয়– ‘অজিত বৰুৱাই কবিতাক এক নিৰ্মিত বস্তুৰূপেই উপস্থাপন কৰিছিল ৷ তেওঁ আত্মপ্ৰীতিৰ কাৰণে কবিতা লিখিলেও ই আত্মকেন্দ্ৰিকতা নাছিল, সহৃদয় পাঠকৰ তৃপ্তিলৈও সন্মান আছিল সেয়া ৷ অভিধান অধ্যয়নৰ পৰা প্ৰেৰণা লাভ কৰা অজিত বৰুৱাই আক্ষৰিক অনুবাদৰ আদৰ্শ গ্ৰহণ কৰিছিল ৷ তেনেই আপঁইতা অনুবাদ হ’লেও মূলৰ ওচৰ চাপিব পৰা ক্ষমতাতহে অনুবাদকৰ্মৰ সফলতা আছিল বুলি অজিৎ বৰুৱাই বিশ্বাস কৰিছিল ৷’’ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণেৰে আটাইকে আদৰণি জনায় তথা বক্তৃতানুষ্ঠানটি সঞ্চালনা কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰে৷ অজিত বৰুৱা অনুৰাগী সমাজৰ উপ সভাপতি, কবি ৰাজীৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অজিত বৰুৱাৰ বিষয়ে চমু চিত্তাকৰ্ষক বক্তব্য আগবঢ়ায় কবি, অনুৰাগী সমাজৰ সভাপতি অনুভৱ তুলসীয়ে ৷ সভাত অজিত বৰুৱাৰ নিৰ্বাচিত কবিতাৰ আবৃত্তি আগবঢ়ায় আবৃত্তিকাৰ অৱনী বৰা, ইন্দ্ৰজিৎ দাস আৰু কাকলি বৰাই৷ শেষত শলাগৰ শৰাই আগবঢ়ায় সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ডঃ দীপজ্যোতি ডেকাই ৷

নগাঁৱৰ দক্ষিণপাটত কৃষি ঋণ সজাগতা- ঋণ পৰিশোধ সভা সম্পন্ন : একেদিনাই ১২ লক্ষাধিক টকা পৰিশোধ। “নিৱনুৱা যুৱক-যুৱতীক কৃষি ঋণৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আহ্বান বেংক বিষয়াৰ”

নগাঁও : ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ অধীনত থকা দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ উদ্যোগত কালি দক্ষিণপাট চাৰিআলিস্থ কেন্দ্ৰটোৰ কাৰ্যালয়তে এখন কৃষি ঋণ সজাগতা আৰু কৃষি ঋণ পৰিশোধ সভা অনুষ্ঠিত হয়। গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক ভাস্কৰ জ্যোতি শ‌ইকীয়াই আঁত ধৰা সভাখনত খুটিকটীয়া বেংক শাখাৰ উপ পৰিচালক বিনোদ দে’ আৰু কৃষি সম্প্ৰসাৰণ বিষয়া অৰ্পণ ফুকনে কৃষি ঋণ কেনেকৈ ল’ব পাৰি আৰু কেনেকৈ এই ঋণ পৰিশোধ কৰিব পাৰি; তাৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়াই। লগতে বিষয়াদ্বয়ে অৰ্থৰ অভাৱত কৃষি কৰ্ম কৰিব নোৱাৰা নিৱনুৱা যুৱক-যুৱতী সকলক কৃষি ঋণ লৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায়। সভাখনত কেবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। কালিৰ সভাতে ইতিপূৰ্বে কৃষি ঋণ লোৱা একাংশ গ্ৰাহকে ১২ লক্ষাধিক টকাৰ কৃষি ঋণ পৰিশোধ কৰে। ইপিনে, সভাত অংশগ্ৰহণ কৰা বিষয়াদ্বয়ে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ অধীনত আৰ্থিক সাহাৰ্য লাভ কৰা জিলাখনৰ ৩০ সহস্ৰাধিক লোকে খুটিকটীয়া বেংক শাখাটোৰ পৰা কৃষি ঋণ লাভৰ বাবে আবেদন কৰিছে। ইয়াৰ ভিতৰত বেংক শাখাটোৱে প্ৰথম পৰ্যায়ত ১৭ সহস্ৰাধিক কৃষকক কৃষি ঋণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

কিশোৰীয়ে ফুল ছিঙাই অপৰাধ : ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন

দৈনন্দিন বাৰ্তা ডেস্ক : ওড়িশ্যাৰ ধেনকানাল জিলাৰ কণ্টিঅ’ কাটেনি গাঁৱৰ ৪০ টা দলিত পৰিয়ালক যোৱা দুসপ্তাহৰ আগতে এটা উচ্চবৰ্ণৰ পৰিয়ালৰ বাৰীৰ পৰা সম্প্ৰদায়টোৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীয়ে ফুল ছিঙাৰ বাবে সামাজিকভাৱে বৰ্জন কৰিছে ৷ এটা পৰিয়ালে সেই আপত্তি পঞ্জীয়ন কৰাৰ পাচত বিষয়টোত দুয়োটা সম্প্ৰদায়ৰ মাজত দ্বন্দ্ব বাঢ়ি যায় আৰু অৱশেষত ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰে৷ স্থানীয় বাসিন্দাসকলে এই কথা জনাইছে ৷ কিশোৰীগৰাকীৰ পিতৃ নিৰঞ্জন নায়কে কয়, বিষয়টো অবিলম্বে সমাধানৰ বাবে আমি তাৎক্ষণিকভাৱে ক্ষমা বিচাৰিছিলো ৷ কিন্তু ঘটনাৰ পাচত কেইবাখনো সভা আহ্বান কৰা হৈছিল আৰু তাৰ পাচত আমাক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত লয় ৷ আমাৰ সৈতে কোনোও কথা কোৱাৰ অনুমতি নাই ৷ আমাৰ গাঁৱৰ কাকোৱে সামাজিক অনুষ্ঠানত অংশ ল’বলৈ নিদিয়ে ৷ উল্লেখ্য যে গাঁওখনত ৮০০ টা পৰিয়াল আছে৷ তাৰ ভিতৰত ৪০ টা অনুসূচিত জাতি নায়ৰ সম্প্ৰদায়ৰ পৰিয়াল আছে ৷ ইতিমধ্যে এই সম্প্ৰদায়ৰ লোকসকলে জিলা প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু ১৭ আগষ্টত আৰক্ষীক অৱগত কৰা হৈছে ৷ আমাক স্থানীয় পিডিএছ পৰিৱেশক আৰু দোকানৰ মালিকে সামগ্ৰী বিক্ৰী কৰা বন্ধ কৰিছে ৷ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ ৫ কিলোমিটাৰ দূৰলৈ খোজকাঢ়ি যাব লাগে ৷ গাঁওবাসীয়ে আমাৰ লগত কথা পতা বন্ধ কৰিছে ৷ জ্যোতি নায়ক নামৰ এক গাঁৱৰ লোকে এইদৰে কয় ৷ উল্লেখ্য যে গাঁওখনৰ বহু লোক অৰ্দ্ধ শিক্ষিত আৰু শিক্ষিত ৷ তেওঁলোকে গাঁৱৰ পথাৰত কাম কৰে ৷ এনেদৰে লোকজনে কয় ৷ লগতে অভিযোগত প্ৰকাশ যে এই লোকসকলক সতৰ্ক কৰি দিছে বিবাহ বা অন্ত্যোষ্টিক্ৰিয়াৰ সমদলত গাঁৱৰ পথত যাব নোৱাৰিব ৷ তদুপৰি শিশুক স্থানীয় চৰকাৰী বিদ্যালয়ত অধ্যয়নৰ বাবে পঠাব নোৱাৰিব ৷ আনহাতে সেই সম্প্ৰদায়ৰ শিক্ষকক নিজে বদলি হৈ যাবলৈ কৈছে ৷ এই কথা স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷ ইপিনে গাঁওখনৰ উন্নয়ন সমিতিৰ সম্পাদকে এই কথাৰ সত্যতা স্বীকাৰ কৰিছে ৷ অৱশ্যে অভিযোগবোৰ ভিত্তিহীন বুলি কয়৷ এই স্মাৰকপত্ৰৰ পাচত দুখনকৈ শান্তি সভা অনুষ্ঠিত হয় ৷ কিন্তু বিষয়টোৰ সমাধান নোলাল ৷

নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশিকা জাৰি : প্ৰাৰ্থীয়ে অনলাইনত জমা দিব পাৰিব মনোনয়ন পত্ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশিকা ৷ ভোটদাতাৰ বাবে গ্ল’ৱছ বাধ্যতামূলক কৰা হৈছে ৷ ইভিএমৰ বোটামত হেঁচা দিয়াৰ আগতে গ্ল’ৱছ পিন্ধিব লাগিব ৷ ঘৰে ঘৰে গৈ ৰাজনৈতিক দলবোৰে প্ৰচাৰ চলাব পাৰিব ৷ কিন্তু তাত পাঁচজনৰ বেছি উপস্থিত থাকিব নোৱাৰিব৷ জনসভাৰ ক্ষেত্ৰত নৰম হ’ল নিৰ্বাচন আয়োগ ৷ ৰ’ড শ্ব বা জনসভা কৰিব পাৰিব কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিয়া ক’ৰোনা বিধি মানিব লাগিব ৷ ক’ৰোনা পৰিস্থিতিত সুষ্ঠভাৱে ভোট দিবৰ বাবে ১২ পৃষ্ঠাৰ নিৰ্দেশিকা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে ৷ ইয়াত কোৱা হৈছে, এইবাৰ অনলাইনত মনোনয়ন পত্ৰ জমা দিব পাৰিব প্ৰাৰ্থীয়ে ৷ ইয়াৰ লগতে আমানতো জমা দিব পাৰিব ৷ যদি ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন জমা দিয়ে তেন্তে প্ৰাৰ্থীৰ লগত দুজনৰ বেছি লোক যাব নোৱাৰিব ৷ দুখনতকৈ বেছি গাড়ী যাব নোৱাৰিব ৷ বুথত উপস্থিত থকা কৰ্মীয়ে গ্ল’ৱছ, মাস্ক, ক্ষেত্ৰ বিশেষে পিপিই পৰিধান বাধ্যতামূলক কৰা হৈছে ৷ ভোটাৰৰ বাবেও ই প্ৰযোজ্য ৷ বুথ ছেনিটাইজাৰ কৰাৰ ব্যৱস্থা থাকিব ৷ বুথত সোমোৱাৰ প্ৰতিজন ভোটদান কৰোতাক জ্বৰ মাপ কৰিব লাগিব৷ একেলগে এটা বুথত ১০০০ৰ বেছি ভোটাৰ থাকিব নোৱাৰে ৷ ইভিএম যন্ত্ৰ, কণ্ট্ৰল ইউনিট ছেনিটাইজ কৰি গণনাৰ বাবে যাব লাগিব ৷ প্ৰচাৰ, ভোটদান আৰু গণনাৰ সময়ত বুথ, বিধানসভা কেন্দ্ৰ, গণনা কেন্দ্ৰত ক’ৰোনা বিধি পালন কৰা হৈছে নে নাই সেয়া ন’ডেল বিষয়াই চাব ৷ আয়োগে লগতে জনায় যে এইবাৰ নিৰ্বাচনত জড়িত সকলক অনলাইন যোগে প্ৰশিক্ষণ দিয়া হ’ব ৷ কোনো নিৰ্বাচনৰ কৰ্মী বা গণনা কৰ্মী ক’ৰোনাৰ উপসৰ্গ দেখা দিলে তেওঁৰ ঠাইত সেই কামৰ কৰিব ৰিটাৰ্ণিং বিষয়াই ৷ উল্লেখ্য যে অক্টোবৰ-নৱেম্বৰ মাহত বিহাৰ বিধানসভাৰ নিৰ্বাচন ৷ এইখন ৰাজ্যত এক লাখ ১৫ হাজাৰ জন ক’ৰোনাত আক্ৰান্ত ৷ ক’ৰোনাত মৃত্যু হৈছে ৫৭০ জন ৷ এই পৰিস্থিতিত নিৰ্বাচন আয়োজন কৰাক লৈ বিৰোধী দলবোৰে প্ৰশ্ন কৰিছে ৷

দুৰৱৰ্ত্তী পুৰস্কাৰ : বিভিন্ন ছাই কেন্দ্ৰত উপস্থিত থাকি অংশ ল’ব ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ক্ৰীড়াবিদে

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত সামাজিক দূৰত্ব অতিৰিক্ত মাইল হ’ব পাৰে ৷ ২৯ আগষ্টত অনুষ্ঠানৰ সময়ত তেওঁলোকৰ নামবোৰ ঘোষণা কৰা হ’ব ৷ বঁটা প্ৰাপকে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ অভ্যন্তৰত ৰঙা দলিচাত প্ৰথাগত খোজ দিবলৈ নাপায় ৷ ইয়াৰ পৰিৱৰ্তে নিৰ্বাচিত ৭৬ জন ছাই কেন্দ্ৰত থাকিব ৷ তাৰ পৰাই দুৰদৰ্শনৰ কেমেৰা ক্ৰুৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে তেওঁলোক যুক্ত হ’ব ৷ ভাৰতৰ বাৰ্ষিক ক্ৰীড়া কেলেণ্ডাৰৰ অন্যতম প্ৰধান বিষয়, পুৰস্কাৰ অনুষ্ঠানৰ পলক আৰু পানছ প্ৰশিক্ষণ কেন্দ্ৰবোৰত অস্থায়ী ব্যৱস্থাপনাৰ দ্বাৰা প্ৰতিষ্ঠপন কৰা হ’ব, য’ত বিজয়ীসকল ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে একত্ৰিত হ’ব ৷ মহামাৰী আৰু জনসমাগমৰ লগতে সামাজিক দূৰত্বৰ নিৰ্দেশনাবোৰৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে এই অনুষ্ঠানটো দূৰৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৷ সাধাৰণতে অনুষ্ঠানটোত ৪০০-৫০০ লোক উপস্থিত থাকে৷ এই অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় ৷ ক’ভিড-১৯ সংক্ৰমণৰ বাবে এতিয়া সেয়া সুৰক্ষিত নহয় ৷ সেয়ে অনুষ্ঠানটো দূৰৱৰ্ত্তীভাৱে আয়োজন কৰা হ’ব বুলি মন্ত্ৰালয়ে জনাইছে ৷ এইবছৰ পাঁচটা খেলৰত্ন আৰু ২৯টা অৰ্জুন পুৰস্কাৰসহ ৭৬ ক্ৰীড়াবিদ আৰু সংস্থাক পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে নামবোৰ অনুমোদন কৰি দুই এদিনতে তেওঁলোকৰ নামবোৰ অফিচিয়েল কৰাৰ সম্ভাৱনা আছে ৷

৯ দিন হাবিত থাকিল মেঘালয়ৰ এটা পৰিয়াল

দৈনন্দিন বাৰ্তা ডেস্ক : মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ অন্তৰ্গত মনাদ গাঁৱৰ এটা পৰিয়ালৰ সাতজনক স্থানীয় কৰ্তৃপক্ষই গাঁৱত থকাৰ অনুমতি প্ৰত্যাখ্যান কৰাত হাবিত ৯ দিন কটাব লগা হয়৷ অভিযোগ মতে গাঁও কৰ্তৃপক্ষই ৭ আগষ্টত ক’ভিড আক্ৰান্ত মহানগৰ শ্বিলঙৰ পৰা পৰিয়ালৰ এজন সদস্য ঘুৰি অহাৰ খবৰে পৰিয়ালকেইটাক আঁতৰ হ’বলৈ কৈছিল৷ পৰিয়ালৰ সদস্যক খাচী ছাত্ৰ সন্থাৰ ছান শ্বনং এলেকা গোটৰ সাধাৰণ সম্পাদক মানছালজুন কে হৰিৰ নেতৃত্বত লগ কৰাত কথাটো পোহৰলৈ আহে৷ খাচী ছাত্ৰ সন্থাৰ মতে পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে তেওঁলোকৰ ১৫ বছৰীয়া কন্যা এগৰাকী শ্বিলঙৰ পৰা গাঁৱলৈ আহে৷ তেওঁ ঘৰতে কোৱাৰেণ্টাইন আছিল বুলি কয়৷ কিন্তু পাচত গাঁৱৰ সচিবজন তেওঁলোকৰ ঘৰলৈ যায় আৰু অস্থায়ীভাৱে ঘৰ এৰিলৈ আৰু কাষৰ হাবিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ ইপিনে গাঁৱৰ কৰ্তৃপক্ষই তেওঁক কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব পৰা ব্যৱস্থা কৰাত সহায় কৰা নাছিল৷ ইয়াৰ পাচতে এটি পাঁচ মহীয়া সন্তানসহ পৰিয়ালটো ৯ দিন হাবিত বাস কৰে৷ এইদৰে খাচী ছাত্ৰ সন্থাৰ হৰিয়ে কয়৷ ছাত্ৰ সন্থাই জনোৱা মতে ৯ দিন হাবিত থকাত ১৫ বছৰীয়া কন্যাগৰাকীৰ স্বাস্থ্য ভাল নহ’ল৷ হৰিয়ে লগতে কয় যে তেওঁলোক হাবিত আইচলেচন অৱস্থাত থকাৰ সময়ত আৰু হাবিৰ পৰা ঘুৰি অহাৰ পাচত গাঁৱৰ কৰ্তৃপক্ষ বা ক’ভিড-১৯ মেনেজমেণ্ট সমিতিৰ কোনো লোকে খবৰ লোৱা নাছিল৷ ছাত্ৰ সন্থাই অভিযোগ কৰে যে মনাদ গাঁও কৰ্তৃপক্ষ আৰু ক’ভিড-১৯ মেনেজমেণ্ট সমিতিয়ে পৰিয়ালটোক অত্যাচাৰ কৰাৰ লগতে মানৱাধিকাৰ ভংগ কৰিছে৷ খাচী ছাত্ৰ সন্থাই জিলা প্ৰশাসনক বিষয়টোত পৰ্যৱেক্ষণ কৰিবলৈ আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ আনহাতে প্ৰয়োজন হ’লে ছাত্ৰ সন্থাই মেঘালয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি জনাইছে৷

১৮ মাহত ৮ সন্তান জন্ম বিহাৰৰ ৬৫ বছৰীয়া মহিলাৰ‌

দৈনন্দিন বাৰ্তা ডেস্ক : এটা বা দুটা নহয়, আঠটি সন্তান জন্ম দিছে এগৰাকী মহিলাই ৷ তাতকৈ আচৰিত কথা হ’ল মাত্ৰ ১৮ মাহৰ ভিতৰত এই সন্তানকেইটা জন্ম দিয়ে ৷ এই কথা স্বয়ং ৬৫ বছৰীয়া মহিলাগৰাকীয়ে জনোৱা নাই ৷ ইয়াৰ বিপৰীতে চৰকাৰী নথি চাইহে মহিলাগৰাকীক আবিষ্কাৰ কৰা হৈছে ৷ তাকে লৈ আলোড়নৰ সৃষ্টি হৈছে বিহাৰত ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা পোহৰলৈ আহিছে ৷ দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাগৰাকীৰ বাবে নেচনেল মেটাৰনিটি বেনিফিট প্ৰকল্প আৰম্ভ হৈছে ৷ তাৰ আওতাত সন্তান প্ৰসৱৰ আগতে আৰু পাচত কেইটামান মাহ ১৪০০ টকাকৈ দিয়া হয়৷ আশা কৰ্মীয়ে পায় ৬০০ টকাকৈ৷ যোৱা দুবছৰে বিহাৰৰ এই প্ৰকল্পৰ আওতাত যিসকলে টকা পাইছে সম্প্ৰতি তেওঁলোকৰ এক তালিকা যুগুত কৰা হৈছে৷ তাতে দেখা যায় মুজফফৰপুৰ জিলাৰ মুছাহৰী৷ব্লকৰ ছোটি কোঠিয়া গাঁৱৰ বাসিন্দা লীলা দেৱী নাম আছে৷ হিচাপ কৰি দেখা গ’ল ১৮ মাহত তেওঁ ৮ সন্তান জন্ম দিছে বুলি তাত উল্লেখ আছে৷ তাৰ বাবদ তেওঁ টকা নিছে বুলি জানিব পৰা গৈছে৷ এই তালিকা লৈ যোগাযোগ কৰা হয় লীলা দেৱীক৷ তেতিয়া তেওঁ জনায় যে ২১ বছৰৰ আগতে তেওঁ শেষবাৰ এক পুত্ৰ সন্তান জন্ম দিছিল৷ স্বামী পেশাত কৃষক৷ সম্প্ৰতি বেংক একাউণ্ট লেনডেনৰ হিচাপ চাই দেখিবলৈ পায় যে এসপ্তাহৰ আগতে তেওঁৰ একাউণ্টত টকা জমা হৈছে৷ কিন্তু তেওঁৰ নাম কৈ সেই টকা লৈ যোৱা হৈছে৷ মুছাহৰীৰ যি ষ্টেট বেংকৰ শাখাত একাউণ্ট আছে, তাৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চেণ্টাৰত বিষয়টো যোগাযোগ কৰে লীলা দেৱীয়ে৷ কিন্তু তাত তেওঁক কোৱা হয়, পানী ঘোলা কৰিব নালাগে৷ তেওঁৰ নামত যিমান টকা লোৱা হৈছে সেয়া ঘুৰাই দিয়াৰ আশ্বাস দিয়ে৷ এই লৈ মুছাহৰীৰ এই বেংকৰ মেনেজাৰ চন্দ্ৰশেখৰ সিঙৰ লগত যোগাযোগ কৰাত তেওঁ এই বিষয়ে একো নাজানে বুলি দাবী কৰে৷ তেওঁৰ যুক্তি, ফিংগাৰ প্ৰিণ্ট প্ৰযুক্তি আৰু আধাৰ আইডেণ্টিটি প্ৰক্ৰিয়াৰ মাজেৰে সকলো লেনডেন হয়৷ তাৰ পাচত চিএছপি অপাৰেটৰে কি দৰে এই ঘটনা নাজানিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰে৷ বিষয়টো পোহৰলৈ অহাত সুশীল কুমাৰ নামৰ এই চিএছপি অপাৰেটৰৰে নিজক লুকুৱাবলৈ চেষ্টা কৰে৷ বিষয়টোৰ সন্দৰ্ভত মুজফফৰপুৰ জিলা প্ৰশাসনক যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল৷ কিন্তু ফোন নধৰিলে৷ তদুপৰি মেছেজৰ উত্তৰো নিদিলে৷ এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুজফফৰপুৰৰ মুখ্য স্বাস্থ্য বিষয়া শৈলেন্দ্ৰপ্ৰসাদ সিঙে৷ তেওঁ কয়, জিলা প্ৰশাসনক বিষয়টো কোৱা হৈছে৷ তেওঁ এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে৷ বিষয়টোক লৈ তেওঁক তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছে৷ ঋতুকালীন সময় বন্ধৰ পাচত কোনো মহিলাৰ পক্ষে সন্তান জন্ম দিয়া সম্ভৱ নহয় বুলি একমত চিকিৎসক৷ কেৱল লীলা দেৱীয়ে নহয় ৬৬ বছৰীয়া শান্তি দেৱী, ৫৯ বছৰীয়া ছাবিনা খাতুনসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাই এই অভিযোগ কৰিছে৷ এই ঘটনাৰ আঁৰত বৃহৎ দুৰ্নীতিৰ চক্ৰ জড়িত আছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে ৷

প্ৰধানমন্ত্ৰীলৈ চিঠি কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নৰ : তিৰুবনন্তপুৰম বিমানবন্দৰৰ বিষয়ে পুনৰ্বিবেচনা কৰাৰ আহ্বান

দৈনন্দিন বাৰ্তা ডেস্ক : চৰকাৰী-বেচৰকাৰী অংশদাৰিত্ব (পিপিপি)ৰ জৰিয়তে তিৰুবনন্তপুৰম বিমানবন্দৰ লীজত দিয়াত কেন্দ্ৰৰ অনুমোদনৰ পাচত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন চিঠি লিখি উদ্বেগ প্ৰকাশ কৰিছে আৰু প্ৰধানমন্ত্ৰীক সিদ্ধান্তটো পুনৰ্বিবেচনা কৰিবলৈ আহ্বান কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সৰ্বদলীয় বৈঠকৰ মতামত জনোৱা চিঠিখন কেৰালাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰফাইলৰ যোগে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত শ্বেয়াৰ কৰা হৈছিল ৷ টুইটাৰত কোৱা হয়, বৈঠকৰ অপ্ৰতিৰোধ্য দৃষ্টিভংগীটো হ’ল ত্ৰিভানড্ৰম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালন ৰাজ্য চৰকাৰৰ সৈতে ন্যস্ত কৰা প্ৰয়োজন ৷ চিঠিত মুখ্যমন্ত্ৰীয়ে কয় যে ২০ আগষ্ট, বৃহস্পতিবাৰে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ সকলো দলৰ নেতাসকলৰ এখন সভা আহ্বান কৰা হৈছিল আৰু নেতাসকলৰ মাজত অপ্ৰতিৰোধ্য দৃষ্টিভংগী আছিল যে তিৰুবনন্তপুৰম আন্তৰ্জাতিক বিমানবন্দৰটোক অনন্য স্থান দিয়া হৈছে ৰাজ্যৰ ইতিহাসত ৷ ইয়াৰ পৰিচালনা আৰু পৰিচালন ৰাজ্য চৰকাৰৰ হাতত ন্যস্ত কৰা প্ৰয়োজন ৷ বিজয়নে কয়, বিমানবন্দৰৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্ত সম্পৰ্কে তেওঁৰ চৰকাৰে উদ্বেগ প্ৰকাশ কৰি ১৯ আগষ্টত প্ৰধানমন্ত্ৰীলৈ আন এখন চিঠি লিখিছিল ৷ তেওঁ কয়, বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালনৰ এক বিশেষ উদ্দেশ্য বাহন (এছপিভি) যাতে ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বাৰম্বাৰ অনুৰোধ অগ্ৰাহ্য কৰিছিল ৷ এই বৈঠকত উত্থাপন কৰা হৈছিল যে ৰাজ্যই আন্তৰিকভাৱে যিদৰে সহায় কৰাৰ বিবেচনা কৰে ত্ৰিভানড্ৰম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগৰ দাবী উপেক্ষা কৰা উচিত নাছিল বুলি চিঠিত কোৱা হয়৷ চিঠিত লগতে কয় যে বিডৰ অংশ লোৱা এছপিভিৰ যোগে ৰাজ্য চৰকাৰ সৰ্বোচ্চ দৰদাতাৰ প্ৰস্তাৱৰ সৈতে ধৰিবলৈ ইচ্ছুক ৷ এই পৰিস্থিতিত নেতাসকলৰ অনুভৱ হয় যে ৰাষ্ট্ৰৰ দাবী উপেক্ষা কৰাৰ কোনো যুক্তি নাই বুলি চিঠিত উল্লেখ কৰে ৷ বিজয়নে ইংগিত দিয়ে যে ২০১৮ চনৰ ১১ আগষ্টত এটা প্ৰস্তাৱ ৰাজ্য বিধানসভাত অনুমোদন কৰা হৈছিল আৰু কেন্দ্ৰক বিমানবন্দৰ বেচৰকাৰী নকৰিবলৈ এটা সন্মিলিত অনুৰোধ জনোৱা হৈছিল ৷ উল্লেখ্য যে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই তিৰুবনন্তপুৰম আৰু আন দুটা বিমানবন্দৰ পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ (পিপিপি)ৰ যোগে আদানি এণ্টাৰপ্ৰাইজ লিমিটেডক ৫০ বছৰৰ বাবে৷ লীজত দিয়াৰ প্ৰস্তাৱক অনুমোদন দিছিল ৷ আনহাতে কেন্দ্ৰীয় বেচৰকাৰী বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে কয় যে কেৰালা চৰকাৰৰ স্বচ্ছভাৱে পৰিচালিত তিৰুবনন্তপুৰম বিমানবন্দৰৰ বিড প্ৰক্ৰিয়াত যোগ্যতা অৰ্জন কৰিব পৰা নাই ৷ পুৰীয়ে কয়, বিডিং প্ৰক্ৰিয়াৰ আগতে কেন্দ্ৰ আৰু কেৰালা চৰকাৰ একমত হৈছিল যে কেএছআইডিচিৰ বিড যদি বিজয়ী বিডৰ ১০ শতাংশৰ ভিতৰত আহে তেনে এটা বিমানবন্দৰ দিয়া হ’ব ৷ যিহেতু আদানিৰ বিড আৰু কেএছআইডিচিৰ বিডৰ মাজত পাৰ্থক্য আছিল ১৯.৬৪ শতাংশ, আগৰ বিজয়ী হিচাপে যোগ্যতা অৰ্জন কৰিছিল ৷