নামখলা : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাৰ নিবাসী পিতা কৰ্পুৰ ডেকা আৰু মাতৃ ভাৰতী ডেকাৰ জেষ্ঠ পুত্ৰ বসুন্ধৰ ডেকাক শিল্পী পেন্সনাৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰাত পশ্চিম মঙলদৈৰ লোকসকল উৎফুল্লিত ৷ পশ্চিম মঙলদৈত শংকৰী সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক বা সমাজ সংগঠক হিচাবেই হওঁক গোটেই অঞ্চলত তেওঁৰ এক সুকীয়া নাম আছে ৷ যুৱ সমাজক প্ৰাধান্য দি একগোট কৰি বৰগীত, নাট, অংকীয়া ভাওনাৰ জৰিয়তে অসমৰ কলা সংস্কৃতিবোৰ বিশ্ব দৰবাৰত প্ৰচাৰ প্ৰসাৰৰ বাবে যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত তেওঁ আৰু তেওঁৰ দলে অসম তথা অসমৰ বাহিৰত গৈ কৰা শংকৰী কৃষ্টি সংস্কৃতিৰ বিষয়ে প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে ৷ দৰঙত প্ৰথমবাৰৰ বাবে একমাত্ৰ শংকৰী সংস্কৃতিৰ ক্ষেত্ৰত বসুন্ধৰ ডেকাই শিল্পী পেন্সন পোৱা ব্যক্তি ৷ শিল্পী পেন্সনৰ বাবে পবিত্ৰ প্ৰাণ বড়া, প্ৰফুল্ল হাজৰিকা, পুলিন হাজৰিকা আৰু প্ৰদীপ চন্দ্ৰ ডেকাৰ নাম লৈ যথেষ্ট অৰিহণা থকা বুলি উল্লেখ কৰে ৷ আনহাতে শিল্পী বসুন্ধৰ ডেকা উত্তৰ পূৱ ভাৰতৰ সৰ্ব বৃহৎ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বৰ্তমান কাৰ্যকালত উপপদাধিকাৰৰ দৰে পদ অলংকৃত কৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷
ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান
নলবাৰী : ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত উপ সভাপতি বাঁহজানী ছাত্ৰ সন্থাৰ বিকাশ কৈৱৰ্ত, সাংবাদিক কমল ডেকা, হিন্দু সুৰক্ষা মঞ্চৰ প্ৰচাৰ সম্পাদক কংকন তালুকদাৰসহ নলবাৰী জিলাৰ বহুকেইজন পুৰুষ-মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ দ্বাৰা আয়োজিত এই যোগদান কাৰ্যসূচীত নলবাৰী জিলাৰ অগপ, কংগ্ৰেছ দলকে বিভিন্ন দল সংগঠনৰ ব্যক্তি সকলে কালি যোগদান কৰে। এই কাৰ্যসূচীত অসম পৰ্যটক বিভাগৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক অশোক শৰ্মা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ফনিন্দ্ৰ কুমাৰ শৰ্মাসহ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নগাঁৱৰ ৰণথলীৰ অসমীয়া গহণাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও : ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজত চলিব লগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ থলুৱা শিল্প উদ্যোগবিধ চৰম সংকটৰ সন্মুখীন হৈছে। কেঁচা সোণেৰে অসমীয়া গহণা প্ৰস্তুত কৰি সমগ্ৰ ৰাজ্যতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ নিকটবৰ্তি ৰণথলী অঞ্চলৰ স্বৰ্ণশিল্পী সকল লকডাউনৰ ফলত কৰ্ম বিমুখ হৈ পৰে। বিশেষকৈ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ বাবে এইবাৰ ব’হাগ মাহত বিয়া সবাহ কিম্বা ৰঙালী বিহু উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা নগ’ল। ফলত ৰণথলীৰ কেঁচা সোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহণাৰ বিক্ৰী প্ৰায় বন্ধ হৈ পৰে। থলুৱা কুটিৰ উদ্যোগ সমূহৰ কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ আচঁনি হাতত লৈছে। উক্ত আচঁনিৰ অংশ স্বৰূপে কালি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ দেওধৰ পঞ্চায়তত মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত আৰু নগাঁও জিলা উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ লগতে ৰণথলি স্বৰ্ণ শিল্প উদ্যোগ সমবায় সমিতি লিমিটেডৰৰ সৌজন্যত অঞ্চলটোৰ দুই শতাধিক স্বৰ্ণ শিল্পীক অসমীয়া গহণা নিৰ্মাণত ব্যৱহৃত সোণ-ৰূপৰ কেঁচা সামগ্ৰী বিতৰণ কৰা হয়। স্বৰ্ণ শিল্পী সকলক কেচাঁ সামগ্ৰী বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই শৰ্মাই কয় যে অসমীয়া গহণা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ৰণথলিৰ অসমীয়া গহণাৰ থলুৱা উদ্যোগবিধক আমি ধ্বংস হ’বলৈ এৰি দিৱ নোৱাৰো। ক’ৰোনাভাইৰাছ সংক্ৰমণৰ আশংকাত দেশজুৰি বলবৎ কৰা লকডাউনৰ সময়চোৱাত অসমীয়া গহণা প্ৰস্তুত কৰা এই শিল্প উদ্যোগ বিধ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হ’বলগাত পৰে। সেয়ে এনেধৰণৰ শিল্পৰ লগত জড়িত লোকসকলৰ সংকট মোচনৰ বাবে চৰকাৰে এক আচঁনি হাতত লৈছে। “মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ” আঁচনিৰ জৰিয়তে এই কুটিৰ শিল্প উদ্যোগ বিধৰ লগত জড়িত সকলক কেঁচা সামগ্ৰী যোগানৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা হৈছে। আমি আশা কৰিছোঁ যে ৰণথলিৰ স্বৰ্ণ শিল্পৰ লগত জড়িতসকলে স্বাবলম্বী হোৱাৰ লগতে স্বৰ্ণ শিল্প উদ্যোগ বাণিজ্যৰে নগাঁৱৰ লগতে সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব। কেঁচা সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, নগাঁও জিলা উদ্যোগ-বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক অৰূপ ভঁড়ালী আৰু বিষয়া জামাদুল চৌধুৰীও উপস্থিত থাকে।
টিংখাঙত অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱাৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তিৰ
টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱা, দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী কাৰাবন্দীৰ অতিশীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় শ্বহীদ বেদীৰ সমীপত কালি কৃষক মুক্তি, চাহ শ্ৰমিক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু টিখাঙৰ কা বিৰোধী মঞ্চৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অখিল গগৈ, হেমন্ত কোৱঁৰ, শশী শেনছোৱাকে প্ৰমুখ্যে কৰি কা বিৰোধী সকলো কাৰাবন্দীক মুক্তি দিয়ক, বিজেপি চৰকাৰ হুচিয়াৰ, বিমল বৰা মূৰ্দাবাদ, টিংখাং পুলিচ প্ৰশাসন হুচিয়াৰ, কা আমি নামানো আদি বিভিন্ন শ্লগানেৰে ৰাজগড়ৰ আকাশ বতাহ কপাই তোলে। কালিৰ কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তিৰ নিতুল বৰুৱা, প্ৰমোদ দিহিংগীয়া, পদমেশ্বৰ কোচঁ, ছাত্ৰ মুক্তিৰ মনোজ কোচঁ, নবুল ভৰালী, ৰঞ্জিত ৰানা, শৈলেন গগৈ, চাহ শ্ৰমিক মুক্তিৰ দীপক মাঝি, নাৰী মুক্তিৰ বাসন্তী গগৈ, শ্ৰমিক নেতা বলদেৱ তেলী, কা বিৰোধী মঞ্চৰ সভাপতি যাদৱ গগৈ, চি পি এম এলৰ বিতোপন বকলীয়াল, বলীন্দ্ৰ শইকীয়া, লেঙেৰী আঞ্চলিকৰ ছাত্র মুক্তিৰ বিশ্বজিৎ লাহন, প্ৰাক্তন বিধায়ক অনুপ ফুকন, সমাজ কৰ্মী দূৰ্গাৱতী সোনাৰকে প্ৰমুখ্যে কৰি বহু বিষয়ববীয়া তথা ৰাইজে অংশ গ্ৰহণ কৰে।
CMIEৰ প্ৰতিবেদনত ভয়ানক তথ্য, এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ ভাৰতীয় কৰ্মহীন
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কৰোণা ভাইৰাছৰ আৰু লকডাউনৰ ফলত ভাৰতত বৰ্তমান তীব্ৰ আৰ্থিক সংকটে দেখা দিছে।বহিঃৰাজ্যত কৰ্মৰত লাখ লাখ যুৱক-যুৱতী কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বগৃহলৈ উভতি অহাৰ পিছত ভাৰতত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ভাৰতৰ চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি চমুকৈ চিএমআইইৰ তথ্য অনুসৰি জুলাই মাহত ৫০ লাখ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাৰ লগতে বিগত বৰ্ষৰ তুলনাত চলিত বছৰত ১ কোটি ৯০ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে। চিএমআইইৰ এই তথ্যত এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক সময়ত ভাৰতত অধিক ভয়াবহ আৰ্থিক সংকটে দেখা দিব। চিএমআইইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত ইয়াৰ প্ৰভাৱ সৰ্বাধিক সংস্থাপনৰ ওপৰতে পৰিছে। আৰ্থিক দুৰাৱস্থাৰ পৰিপ্ৰেক্ষিতত কেৱল জুলাই মাহতে ৫০ লাখ লোক সংস্থাপনহীন হোৱাৰ লগতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজৰ সংস্থাপন হেৰুৱাই এতিয়া ঘৰতে বহিবলগা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষৰ সংস্থাপনৰ শতকৰাৰ তুলনাত চলিত বছৰ ১ কোটি ৯০ লাখ সংস্থাপন হ্ৰাস পাইছে। অসংগঠিত ক্ষেত্ৰসমূহত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিছু সংস্থাপন লাভ হ’লেও সংগঠিত ক্ষেত্ৰসমূহত সংস্থাপনৰ সম্ভাৱনা এতিয়াও বহু নিম্নগামী হৈ আছে।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা
এনচিইআৰটিৰ সমীক্ষাত প্ৰকাশ : দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন, লেপটপ নাই
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই বিশ্বজুৰি শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় ৷ এই মহামাৰীৰ বাবে ৭০ শতাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু নানা বিষয়ত প্ৰশিক্ষণ লোৱা যুৱসকল বাধাগ্ৰস্ত হৈছে বুলি আগতেই তথ্য দিছিল আন্তৰ্জাতিক শ্ৰম সংস্থা (আইএলঅ’)ই ৷ এইবাৰ এনচিইআৰটি অৰ্থাৎ নেচনেল কাউন্সিল অব এডুকেছনেল ৰিচাৰ্চ এণ্ড ট্ৰেনিঙৰ এক সমীক্ষাত জনোৱা হৈছে, অনলাইন ক্লাছৰ বাবে দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন বা লেপটপ নাই ৷ যিসকলে অনলাইন ক্লাছ কৰিছে, তেওঁলোকৰ বেছিভাগ অনলাইন ক্লাছলৈ সুখী নহয় ৷ অংক আৰু বিজ্ঞান বিষয়বোৰ অনলাইনত শিকিবলৈ বহু অসুবিধাৰ সন্মুখীন হয় শিক্ষাৰ্থী ৷ দেশজুৰি চিবিএছইৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আদিত মুঠ ১৮১৮৮ জন শিক্ষাৰ্থীৰ ওপৰত এনচিইআৰটিয়ে এটা সমীক্ষা চলায় ৷ প্ৰকাশিত সমীক্ষাত দেখা গৈছে যে ৩৩ শতাংশ শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ কঠিন আৰু ক্লান্তিকৰ ৷ সমীক্ষাটোৰ মতে অনলাইন ক্লাছ কৰিব পৰা ৮৪ শতাংশ শিক্ষাৰ্থীয়ে স্মাৰ্টফোনত নিৰ্ভৰ কৰে৷ মাত্ৰ ১৭ শতাংশ শিক্ষাৰ্থীয়ে লেপটপ ব্যৱহাৰ কৰিব পাৰে ৷ আনহাতে টিভি আৰু ৰেডিয়ৰ যোগে অলপ সংখ্যক শিক্ষাৰ্থীয়ে দূৰশিক্ষা পাইছে ৷ প্ৰায় ৩৫ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক, প্রধান শিক্ষক আৰু অভিভাবক ল’ডশ্বেডিঙৰ বাবে অনলাইন যোগাযোগ অন্তৰায় হিচাপে চিহ্নিত হয় ৷ অনলাইন ক্লাছত অংক আৰু বিজ্ঞানৰ দৰে বিষয়বোৰ বুজাত অসুবিধা ৷
নগাঁৱৰ ছাত্ৰীৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস
নগাওঁ : নগাঁৱৰ পহুকটাৰ ছাত্ৰী তিতিক্ষা মধুকল্য যোগাসনৰ জৰিয়তে Cholan book of world record (UN)ৰ তৰফৰ পৰা বিশ্ব অভিলেখ গঢ়িবলৈ বাচনিত উত্তীৰ্ণ হৈছে। আজি পুৱা ১০ বজাৰ পৰা নগাঁৱৰ শংকৰ মিচনৰ সভাকক্ষত তিনি ঘণ্টা বত্ৰিশ মিনিট যোগাসন কৰি বিশ্ব অভিলেখ গঢ়ি তোলে। পূৰ্বে যোগ গৰ্ভাশন দুই ঘণ্টা সময় লৈকে আছিল যদিও আজি তিতিক্ষাই অনলাইনৰ জৰিয়তে এই অভিলেখ তিনি ঘণ্টা বত্ৰিশ মিনিটলৈকে বৃদ্ধি কৰে। Cholan book of world record (UN)ৰ বিভিন্ন দেশৰ ৰেফাৰী সকলৰ লগত এক অনলাইন প্ৰদর্শনিত তিতিক্ষা মধুকল্যই অংশ গ্ৰহণ কৰে। আজি পলাক্ষী গোস্বামীৰ এটি বৰগীতৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অসমৰ কৰ্মকৰ্তা প্ৰীতি ৰেখা বৰুৱাই। অনুষ্ঠানত অসম যোগ স্পৰ্টছ ডেভেলপমেণ্ট এছ’চিয়েছনৰ সভাপতি ডঃ ধৰ্মেশ্বৰ গোস্বামীয়ে। অনুষ্ঠানটোত চিকিৎসক, ডাঃ পংকজ জ্যোতি বৰুৱা, সাংবাদিক কনক হাজৰিকা, Cholan book of world record (UN) অসমৰ সভাপতি হৰেশ্বৰ শইকীয়া, যোগ প্ৰশিক্ষক মৃদুল চেতিয়া, দীপক বৰুৱা, ৰিমা দেৱী, ৰতন কুমাৰ শইকীয়াৰ লগতে যোগ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অসমৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মাৰ প্ৰচেষ্টাত নগাঁৱৰ জ্ঞানম যোগ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী তিতিক্ষা মধুকল্য Cholan book of world record (UN)ৰ বাবে মনোনীত হৈছে। উল্লেখ্য যে তিতিক্ষা তেলিয়া পহুকটাৰ প্ৰণৱ কুমাৰ গোস্বামী আৰু ৰিজু গোস্বামীৰ একমাত্ৰ কন্যা। অনলাইনৰ জৰিয়তে Cholan book of world record (UN) তৰফৰ পৰা এই বিশ্ব অভিলেখৰ ফলাফল অহা শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।

পাকিস্তানক মুছলিম বিশ্বৰ নেতা সজাবলৈ চেষ্টা চীনৰ : ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধ কৰাৰ ভাবুকি ইমাৰন খান প্ৰশাসনৰ
দৈনন্দিন বাৰ্তা ডেস্ক : মুছলিমৰ ওপৰত নিৰ্মম অত্যাচাৰৰ কাহিনী প্ৰচাৰ হোৱাৰ পাচত বিশ্বৰ বেছিভাগ মুছলিম দেশে চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ কিন্তু এই বিষয়ে কোনো প্ৰতিবাদ কৰা নাই পাকিস্তানে ৷ বৰং এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পৰিষ্কাৰ কৰি জনায় যে প্ৰিয় বন্ধু চীনৰ বিৰুদ্ধে কোনো মন্তব্য নকৰে ইছলামাবাদে ৷ তাৰেই পুৰস্কাৰ হিচাপে এইবাৰ পাকিস্তানক মুছলিম বিশ্বৰ দেশবোৰৰ নেতা সজাবলৈ বিচাৰিছে জিনপিং প্ৰশাসনে ৷ সম্প্ৰতি আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে, চীনে বিচাৰিছে পৃথিৱীৰ একমাত্ৰ পৰমাণু শক্তিৰ মুছলিম ৰাষ্ট্ৰ হিচাপে পাকিস্তানেই হওক ইছলামিক দেশবোৰৰ প্ৰধান ৷ এইখন দেশৰ নিৰ্দেশতে পৰিচালিত হওক মুছলিম বিশ্ব ৷ এনে ধৰণৰ বিভিন্ন পদক্ষেপ লৈছে চীনে ৷ এই উদ্দেশ্য চৰিতাৰ্থ কৰিবৰ বাবে পুৰণা সম্পৰ্ক ৰক্ষা কৰি মুছলিম বিশ্বৰ বিভিন্ন দেশলৈ অনুদান দিছে ৷ আনকি নানা প্ৰকল্পত মূলধন বিনিয়োগ কৰিছে ৷ এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে ইৰানত ৪০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে বেইজিঙে ৷ তেহৰাণৰ সৈতে ২৫ বছৰৰ চুক্তি কৰিছে জিনপিং প্ৰশাসনে৷ একেদৰে মাৰ্কিন বিৰোধী মুছলিম দিশবোৰৰ সৈতে সম্পৰ্ক বঢ়াইছে ৷ যাতে পাকিস্তানক নেতা সজাই নিজৰ ইচ্ছানুসৰি মুছলিম বিশ্বক পৰিচালনা কৰাত কোনো অসুবিধা নহয় তাৰ বাবে চীনে উদ্যোগ লৈছে ৷ ইপিনে ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু হৈছে পাকিস্তান ৷ পাকিস্তানে পাৰমানৱিক যুদ্ধ কৰিব বুলি ভাৰতক সতৰ্ক কৰি দাবী কৰি কয় যে এই অস্ত্ৰবোৰ মুছলিমৰ জীৱন ৰক্ষা কৰা আৰু কেৱল মাত্ৰ ভাৰতৰ অঞ্চলবোৰ লক্ষ্য কৰি লোৱা ৷ পাকিস্তানৰ মন্ত্ৰী শ্বেইখ ৰছিদে এক সাক্ষাৎকাৰত এই কথা কয়৷ মন্ত্ৰীজনে কয় যে পাকিস্তানে হিচাপ কৰি সৰু আৰু সুনিৰ্দিষ্ট অস্ত্ৰ প্ৰয়োগ কৰিব ৷ তেওঁ লগতে কয় যে তেওঁলোকৰ অস্ত্ৰবোৰ কেৱলমাত্ৰ অঞ্চলবোৰ লক্ষ্য কৰিবৰ কাৰণে অসমৰ সীমাৰ মাজতো পৰিব ৷ উল্লেখ্য যে পাকিস্তানে পাৰমানৱিক যুদ্ধ কৰাৰ এয়াই প্ৰথম ভাবুকি নহয় ৷ ২০১৯ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ লগত কেইবাবাৰো পাৰমানৱিক যুদ্ধ কৰিব বুলি ভাবুকি দিছিল ৷
ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ : ৩৬-৪০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা
দৈনন্দিন বাৰ্তা ডেস্ক : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে বৃহস্পতিবাৰে নতুন দিল্লীত মিলিত হৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰে ৷ সভাৰ পাচত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ৰুৰকিৰ চিবিআৰআই আৰু মাদ্ৰাজ আইআইটিৰ অভিযন্তাৰ লগতে লাৰছেন এণ্ড ট’উব্ৰ’ৱে মন্দিৰ স্থাপন কৰা ঠাইৰ পৰা মাটি সংগ্ৰহ কৰি পৰীক্ষা কৰিছে ৷ ৰাম মন্দিৰ ট্ৰাষ্টে আশা প্ৰকাশ কৰে যে ৩৬-৪০ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মতে অযোধ্যাৰ ৰাম মন্দিৰটো পৌৰাণিক আৰু পৰম্পৰাগত প্ৰথাৰে নিৰ্মাণ কৰা হ’ব ৷ ট্ৰাষ্টৰ পৰা জনোৱা মতে ভূমিকম্প, ধুমুহা আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাই থাকিব পৰাকৈ মন্দিৰটো নিৰ্মাণ কৰা হ’ব আৰু এই ঐতিহাসিক মন্দিৰটোত কোনো লোহা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা নহ’ব ৷ মন্দিৰ নিৰ্মাণত তামৰ প্লেট প্ৰতিচপৰা ইটাৰ মাজত ব্যৱহাৰ কৰা হ’ব ৷ এই প্লেটবোৰ ১৮ ইঞ্চি দীঘল, ৩০ মিলিমিটাৰ বহল আৰু ৩ মিলিমিটাৰ গভীৰতাৰ ৷ নিৰ্মাণ কাৰ্যত ১০ হাজাৰ প্লেটৰ প্ৰয়োজন হ’ব ৷ শ্ৰী ৰাম ভক্তক তামৰ প্লেট দান কৰিবলৈ ট্ৰাষ্টে আহ্বান জনাইছে ৷
ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ক’ৰোনা পৰীক্ষাৰ পাচত তেওঁ আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে টুইট কৰি এই সংবাদ দিয়ে ৷ তেওঁ কয়, চিকিৎসকৰ পৰামৰ্শ মতে মই চিকিৎসালয়ত ভৰ্ত্তি হৈছো ৷ যোৱা কেইটামান দিনত যিসকল মোৰ ওচৰলৈ আহিছিল তেওঁলোকক মই অনুৰোধ কৰো যে তেওঁলোকে পৰীক্ষা কৰি নিজকে আইচলেট কৰি ৰাখক ৷ তেওঁ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়ত থকাৰ কথাও জনায় ৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৮ লাখ চুলেগৈ ৷ যোৱা দিনটোত ৬৯৬৫২ জন লোক ক’ৰোনাত আক্ৰান্ত হয় ৷ আনহাতে দেশত মুঠ ৫৩৮৬৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত ৯৭৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ ভাৰতত মুঠতে ২৮৩৬৯২৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তাৰে ২০৯৬৬৬৫ জন লোক ইতিমধ্যে আৰোগ্য হৈছে ৷ বুধবাৰৰ দিনটোত ৯১৮৪৭০ জন লোকক পৰীক্ষা কৰা হয় ৷













