Breaking

লাইকা- দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ সদিচ্ছা নাই চৰকাৰৰ ; ৫ নবেম্বৰত গণসমাবেশ

0 1,237

তিনিচুকীয়া ২ ডিচেম্বৰ : লাইকা-দধিয়াবাসীক পুনৰসংস্থাপন দিয়াৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে লাইকা-দধিয়াবাসীক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণতো চৰকাৰখনৰ কোনো সদিচ্ছা নাই । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টাকাম মিচিং পৰিণ কেবাং, মিচিং মিমেক কেবাং আৰু টাকাম মিচিং মিমেক কেবাঙে । আজি তিনিচুকীয়া প্ৰেছ ক্লাবত আহ্বান জনোৱা এক সংবাদমেলত খিলঞ্জীয়া মিচিং জনজাতিৰ এই কেইটা সংগঠনৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতিয়ে সোণোৱাল চৰকাৰক চোকা সমালোচনা কৰি লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ নামত চৰকাৰখনে কেৱল প্ৰতাৰণা কৰি আহিছে বুলি ক্ষোভ উজাৰে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ আৰু লাইকা দধিয়াবাসীক পুনৰসংস্থাপনৰ ওপৰত আহ্বান জনোৱা এই যৌথ সংবাদমেলত টি এম পি কেৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ পাংগিঙে কয় যে বিগত ১৯৯৯ চনৰ পৰা ২১ বছৰ ধৰি লাইকা-দধিয়াবাসীয়ে পুনৰ সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰাৰ সমান্তৰালকৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি অাহিছে যদিও কোনো এখন চৰকাৰে লাইকা-দধিয়াবাসীৰ মৰ্মবেদনা উপলব্ধি নকৰিলে । ফলত প্ৰতিটো বানত সৰ্বশ্ৰান্ত হৈ এক দুৰ্বিসহ জীৱন-যাপন কৰিবলৈ বাধ্য হৈ আহিছে লাইকা-দধিয়াবাসী । পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰা সোণোৱাল চৰকাৰৰ ওপৰত আস্থা ৰাখি বুকুত বহু আশা বান্ধি তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাষ চাপিছিল আৰু সেইমৰ্মেই মুখ্যমন্ত্ৰীজনাই অচিৰেই লাইকা-দধিয়াবাসীক পুনৰসংস্থাপন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কথামতেই চৰকাৰখনে প্ৰথমখন বাজেট অধিৱেশনতেই লাইকা-দধিয়াবাসীক পুনৰসংস্থাপনৰ বিপৰীতে ১০ কোটি টকাৰ আবন্টনৰ কথা ঘোষণা কৰিছিল । পিচে সেই ঘোষণা ঘোষণাতেই ৰ’ল । পুনৰসংস্থাপন কৰা নহ’ল লাইকা-দধিয়াবাসীক । ইয়াৰ পিছতো চৰকাৰখনৰ লগতে বন বিভাগে বিভিন্ন ঠাইত পুন:সংস্থাপনৰ বিবেচনা কৰি সদৌ শেষত ডিগবৈ বন সংমণ্ডলৰ আপাৰ দিহিং বনাঞ্চলৰ ঔগুৰিত ৪৭০ হেক্টৰ পতিত ভূমিত লাইকা-দধিয়াবাসীক সংস্থাপিত কৰাৰ লক্ষ্যেৰে পৰিয়ালৰ জৰীপ কাৰ্যও সমাপন কৰিছিল যদিও শেহতীয়াকৈ যোৱা দুদিনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে লাইকা-দধিয়াত উপস্থিত হৈ ঔগুৰিত সংস্থাপিত কৰিলে সাত হেজাৰ গছ কাটিব লাগিব বুলি উল্লেখ কৰি একপ্ৰৰকাৰে ঔগুৰিত লাইকা-দধিয়াবাসীৰ সংস্থাপন সম্ভৱ নহ’ব বুলিয়েই ইংগিত দিয়ে । চৰকাৰ তথা বন বিভাগৰ এনে দুমুখীয়া নীতিৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লাইকা-দধিয়াবাসীৰ লগতে মিচিং জনগোষ্ঠীৰ কেউটা সংগঠন । চলিত মাহৰ ভিতৰতে লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিবলৈ সজোৰ দাবী তুলিছে সংগঠনকেইটাই । অন্যথাই অচিৰেই মুখ্যমন্ত্ৰীৰ বিন্ধাকটাস্থিত বাসগৃহত লাইকা-দধিয়াবাসীয়ে টালি-টোপোলা লৈ অৱস্থান কৰিব বুলি হুংকাৰ দিয়ে । লগতে অতিশীঘ্ৰে তিনিদিন ধৰি জিলা উপায়ুক্তৰ কাৰ্যলয় ঘেৰাও অাৰু তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সদৰি কৰে । তদুপৰি সমাগত সাধাৰণ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগতে শাসকীয় দলৰ কাকোৱেই লাইকা-দধিয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে । ইমানতো যদি চৰকাৰৰ গা-নল’ৰে তেন্তে লাইকা-দধিয়াবাসীয়ে তিনিচুকীয়া জিলাৰ যিকোনো বনাঞ্চলত নিজাববীয়াকৈ বসতি স্থাপন কৰিব । এইক্ষেত্ৰত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ বাবে চৰকাৰেই প্ৰত্যক্ষভাৱে জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে । অহা ৫ ডিচেম্বৰত দধিয়াত আহ্বান জনোৱা গণ-সমাৱেশত এই আন্দোলন কাৰ্যসূচীৰ দিন নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে । উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে তাকে নকৰি চৰকাৰীপক্ষই লাইকা-দধিয়াবাসীক বেদখলকাৰী, বনাঞ্চল ধ্বংসকাৰী বুলি অপবাদ জাপি আহিছে । কিন্তু সুদীৰ্ঘ দিন ধৰি তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ কৃপাত ডিব্ৰু ছৈখোৱাৰ অভ্যন্তৰত অবৈধ কাঠফলা মিল চলি আছে । সেইদৰে অৰুণাচলৰ পৰা চোৰাং গৰু, কাঠ আদিৰ বেহা বিনা বাধাই ডিব্ৰু-ছৈখোৱাৰ মাজেৰে অব্যাহত আছে বুলি সংবাদমেলত সংগঠনকেইটাই প্ৰকাশ কৰে । সংবাদমেলত টি এম পি কেৰ উপ-সভাপতি তথা লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতিৰ মুখ্য আহ্বায়ক মিন্টুৰাজ মৰাঙৰ লগতে অনুপ পায়েং, প্ৰসন্ন নৰহ, বাণীকান্ত দলে, মতিলাল টায়ে , অৰুণ পাংগিং, কুমুদ পেগু, অজয় দলে আদি সংগঠন কেইটাৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply