Home Blog Page 3208

জখলবন্ধা আৰক্ষীৰ সফল অভিযান। চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ‍্যত এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা

কলিয়াবৰ : জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে এই অভিযানকালত ড্ৰাগছৰ লগতে অনান‍্য সামগ্ৰীও জব্দ কৰে। গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ দুজনক চামগুৰিৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনক কুঠৰীৰ হাৰমতীৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চাৰি ড্ৰাগছ সৰবৰাহকাৰী হ’ল ক্ৰমে – ধিঙৰ ইছব আলি, কুঠৰীৰ আলি হুছেইন, চামগুৰিৰ মফিদুল ইছলাম আৰু আমিৰ হামজা নামৰ। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজনৰ পৰা নগদ ৫,৭২০ টকা, ৪১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, তিনিটা ম’বাইল ফোন আৰু দুখন মটৰ চাইকেল জব্দ কৰে। ইয়াৰে এখন বাজাজ পালচাৰ (AS 02V 5668) আৰু আনখন বাজাজ প্লেটিনাম (AS 03U 6936) বুলি জানিব পৰা গৈছে।

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত আইচিচিৰ নিয়ম ভাঙিলে ক্ৰিকেটাৰে : থু লগাই পলিচ কৰা বল ছেনিটাইজ কৰিলে আম্পায়াৰে

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেটত মাৰাত্মক ভাইৰাছটোৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰু ক্ৰিকেটাৰসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে বহু নিয়ম প্ৰৱৰ্তন কৰিছে ৷ যাৰ মাজত অন্যতম হ’ল বল পলিচ কৰোতে থু বা লেলাউটি ব্যৱহাৰ কৰা নহ’ব ৷ অৰ্থাৎ থু বা লেলাউটি ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে আইচিচিয়ে ৷ উল্লেখ্য যে ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা টেষ্ট ছিৰিজৰ যোগেৰে ক’ৰোনাৰ পাছত খেল আৰম্ভ হৈছে ৷ ইয়াৰে ছাউডাম্পটনত হোৱা প্ৰথম টেষ্টত কোনেও ভুলটো কৰা নাছিল ৷ কিন্তু মানচেষ্টাৰত হোৱা দ্বিতীয় টেষ্টত নিয়ম ভাঙিলে ইংলেণ্ডৰ এজন ক্ৰিকেটাৰে ৷ নিয়ম ভঙা ইংলেণ্ডৰ ক্ৰিকেটাৰজন হ’ল ডম ছিবলি ৷ মানচেষ্টাৰত হোৱা দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা ফিল্ডিং কৰাৰ সময়ত বলত থু লগালে ছিবলিয়ে ৷ লগে লগে দুয়োটা দিশত থকা আম্পায়াৰদ্বয়ৰ দৃষ্টি আকৰ্ষণ হয় ৷ আনহাতে নিজৰ দোষ স্বীকাৰ কৰে ছিবলিয়ে ৷ ইয়াৰ পাছত আম্পায়াৰে বলটো ছেনিটাইজ কৰি পুনৰ খেল আৰম্ভ কৰিবলৈ দিয়ে ৷ ইয়াৰ পৰা খেলত একো সমস্যাৰ সৃষ্টি নহ’ল ৷ 

লকডাউনৰ ফলত বেছি ক্ষতিগ্ৰস্ত মধ্যবিত্তৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

দৰিদ্ৰ বা উচ্চবিত্ত নহয়, লকডাউনৰ ফলত বেছি ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত ৷ এই কথা প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ মণিটৰিং দ্য ইণ্ডিয়ান ইক’নমি (চিএমআইই)য়ে৷ দেশত নিবনুৱাৰ হাৰ, আয় বৈষম্য আৰু অৰ্থনীতিৰ ওপৰত লকডাউনৰ প্ৰভাৱক লৈ তথ্য সংগ্ৰহ, সমীক্ষা আৰু গৱেষণা কৰে মুম্বাইৰ এই প্ৰতিষ্ঠানে৷ প্ৰতিষ্ঠানটোৰ দাবী, লকডাউনৰ বাবে কাম হেৰুৱাইছে বা দৰমহা কমোৱাৰ কাৰণে ৩০ শতাংশৰ বেছি আয় কমিছে এই শ্ৰেণীৰ ৷ তথ্যসহ চিএমআইই-এ জনায় যি সকল পৰিয়ালৰ বাৰ্ষিক আয় ৫ লাখ, তেওঁলোকৰ অধিকাংশৰ আয় বাঢ়িছিল যোৱা বছৰত৷ কিন্তু এই বছৰ মাত্ৰ ১৫ শতাংশ আয় বৃদ্ধিৰ খবৰ দিছে৷ যি পৰিয়ালৰ বাৰ্ষিক আয় ১০ লাখৰ বেছি তেওঁলোকৰ এটা বৃহৎ অংশৰ আয় অস্বাভাৱিকভাৱে তললৈ নামিছে ৷ বাৰ্ষিক ১৫ লাখৰ বেছি আয়ৰ পৰিয়ালবোৰৰ খুউব সামান্য অংশৰ আয় বৃদ্ধি ঘটিলেও একেবাৰে বঢ়া নাই সেই সকল পৰিয়ালৰ, যাৰ আয় বাৰ্ষিক ১৮-২০ লাখ ৷ যোৱা বছৰ এই সময়ত ৬০ শতাংশৰ বেছি পৰিয়ালৰ (বাৰ্ষিক আয় ১০ লাখৰ বেছি) আয় বৃদ্ধিৰ খবৰ দিয়া হৈছিল ৷ আনহাতে বাৰ্ষিক ২৪ লাখ টকাৰ বেছি আয় যিবোৰ পৰিয়ালৰ, সেইসকলৰ আয় বাঢ়িছে এই লকডাউনত ৷ যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় ২৪-৩৬ লাখ তেওঁলোকৰ এক তৃতীয়াংশ আয় বাঢ়িছে ৷ বাৰ্ষিক ৩৬ লাখৰ বেছি আয়ৰ পৰিয়ালৰ আধাৰ আয় বৃদ্ধি ঘটিছে এই সময়ত৷ প্ৰতিবেদনত চিএমআইই-এ এই কথা জনাইছে৷ প্ৰতিটো আয় গোটৰ গড় হিচাপে ৩৩ শতাংশ পৰিয়ালৰ আয় বৃদ্ধি ঘটিছে যোৱা বছৰৰ প্ৰথম তিনি মাহত৷ ইয়াত এই বছৰ ৬.৭ শতাংশ পৰিয়ালৰ পৰা আয় বৃদ্ধিৰ খবৰ পোৱা গৈছে ৷

দেশৰ যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনিৰ সিদ্ধান্ত কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনি কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ ছাৰ্ভিচ অব ৰ’ড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে (এমঅ’আৰটিএইচ)ৰ তৰফৰ পৰা যোৱা ১৬ জুলাইত ইয়াকে লৈ জাননী জাৰি কৰিছে৷ এই নতুন নম্বৰ প্লেটৰ ক্ষেত্ৰত কেতবোৰ ৰং সালসলনি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মুঠতে আঠটা ৰঙৰ হ’ব বিভিন্ন গাড়ীৰ নম্বৰ প্লেট ৷ সেই অনুসৰি ব্যক্তিগত যানবাহনৰ নম্বৰ প্লেটখন বগা হ’ব আৰু আখৰ ক’লা হ’ব ৷ বাণিজ্যিক যানবাহনৰ নম্বৰ প্লেট, যেনে টেক্সি, বাছ আৰু ট্ৰাকৰ নম্বৰ প্লেট হালধীয়া আৰু আখৰ ক’লা হ’ব৷ আনহাতে ভাৰাতীয়া যানবাহনৰ নম্বৰ প্লেট ক’লা আৰু আখৰ হালধীয়া হ’ব৷  দূতাবাস বা কনছুলেটৰ যানবাহনৰ নম্বৰ প্লেট পাতল নীলা আৰু  আখৰ বগা হ’ব৷ আনহাতে বেটেৰীত চলা যানবাহন, ইলেক্ট্ৰিক যানবাহনৰ নম্বৰ প্লেট সেউজীয়া আৰু আলফা নম্বৰ হালধীয়া হ’ব ৷ যিবোৰ যানবাহনৰ পঞ্জীয়ন অস্থায়ী সেইবোৰৰ নম্বৰ প্লেট হালধীয়া আৰু আলফা নম্বৰ ৰঙা হ’ব ৷ ডিলাৰৰ যানবাহনৰ নম্বৰ প্লেট ৰঙা আৰু আলফা নম্বৰ বগা হ’ব৷ নম্বৰ প্লেটৰ আঠটা প্ৰকাৰ  অতি বিশেষ আৰু একচেটিয়া৷ আনহাতে ৰঙা নম্বৰ প্লেটত সোণৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক থাকিব ৷ এই নম্বৰ প্লেট ভাৰতৰ ৰাষ্ট্ৰপতি বা ফেডাৰেল ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপালে ব্যৱহাৰ কৰিব পাৰিব ৷

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত

কলিয়াবৰ :
ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো। অৱশ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। পুৱাৰে পৰা গঁড়টোৱে উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ আশা কৰা ধৰণে।ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবিত এতিয়াও অৱস্থান লৈ থকা গঁড়টোক কৰ্তৃপক্ষই ঘাঁহৰ লগতে ঔষধ যোগান ধৰি আছে। লগতে বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটোৰ পৰামৰ্শ মতে ৰোগীয়া চকুত নিয়মিত ঔষধ দি আছে বন কৰ্মীয়ে। বিশিষ্ট পশু চিকিৎসক গৰাকীয়ে গঁড়টো বয়ষ্ক আৰু চকুৰ দৃষ্টি দোষ থকাৰ বাহিৰে আন কোনো বেমাৰত আকান্ত নহয় বুলি জনাইছিল।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই জনোৱা মতে, যোৱা ১৪ জুলাইতে ৰাষ্ট্ৰীয় উদ‍্যানখনৰ পৰা ওলাই অহা গঁড়টো পুণৰ উদ‍্যানৰ সীমাত আছে। যিহেতু, বন‍্য জীৱই প্ৰকৃতিৰ লগত যুঁজ দিয়েই জীয়াই থাকিব লাগে, সেয়ে এই গঁড়টোও ব‍্যতিক্ৰম নহয়। কৰ্তৃপক্ষৰ দ্বাৰা পৰিচৰ্য‍্যা আৰু চিকিৎসা সেৱা সঠিক ভাবেই চলাই নিয়া হৈছে। বানৰ  জলস্তৰ কমিলেই দুই-এদিনতে সুস্থ হৈ ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্ভাগলৈ গতি কৰিব বুলি বিষয়া গৰাকীয়ে আশা প্ৰকাশ কৰে।

নগাঁৱত পিষ্টলসহ দুধৰ্ষ ডকাইট গ্ৰেপ্তাৰ।

নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীত যোৱা নিশা প্ৰায় ৯.৩০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই পিষ্টল সহ দুজন দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হ’ল- চিলঙনী অঞ্চলৰ  কুদ্দুছ আলী(২১ ) আৰু আমিনুল হক(৩২ )। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পমখেদি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগাঁও চহৰৰ ধিং গেটৰ সমীপৰ চিলঙনীত নিশা  অভিযান চলাই এই  দুধৰ্ষ ডকাইত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযান কালত ধৃত ডকাইত দুজনৰ পৰ  এটা ৭.৬৫ পিষ্টল, ১৬জাই সজীৱ গুলী, মবাইল ফোন, ডকাইটৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ ০২ জেদ ১৭১১ নম্বৰৰ  গ্লেমাৰ মটৰ চাইকেল খনৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ডকাইতৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰে নিশা চলাচল কৰা বাহনত ডকাইটি কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ।নিশা ডকাইতৰ দলটোৱে আৰক্ষীৰ অভিযানকাৰী দলটোৰ মুখামুখি হোৱাৰ পিছতে বাইকেৰে  পলায়ণ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ দলটোৱে  কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে জিলাখনত সন্ধ্যা ৭বজাৰ পুৱা ৭ বজালৈকে বলবৎ থকা সান্ধ্য আইনৰ সুযোগ গ্ৰহন কৰি বৰ্তমান দুধৰ্ষ ডকাইটৰ দলে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইটি কৰাৰ পৰিকল্পনাৰ খবৰ নগাঁও আৰক্ষীয়ে ইতিপূৰ্বেই লাভ কৰিছিল। ইয়াৰ পাছৰে পৰা নগাঁও আৰক্ষী সষ্টম হৈ আছিল আৰু অৱশেষত ডকাইটৰ দলটোক গ্ৰেপ্তাৰ কৰি সফলতা লাভ কৰিছে । সম্প্ৰতি নগাঁও আৰক্ষীয়ে ডকাইট দুটাৰ বিৰুদ্ধে ১৭৪১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ SOGৰ নটিচ প্ৰেৰণ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সৃষ্টি হৈছে। ANI ত প্ৰকাশিত বাতৰি মতে ৰাজস্থানত  মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ মাজতে কংগ্ৰেছে এটা অডিঅ ক্লিপ জাৰি কৰি দাবী কৰিছিল যে গেহলট চৰকাৰক ভাঙিবলৈ এটা গভীৰ ষড়যন্ত্র ৰচনা কৰা হৈছিল আৰু দাবী উত্থাপন কৰা হৈছিল যে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ শুনা পোৱা গৈছিল। ঘটনাৰটোৰ সন্দৰ্ভত  ৰাজস্থান Special Operation Group য়ে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ নটিচ জাৰি কৰিছে। দিল্লীত থকা মন্ত্ৰীজনৰ ঘৰলৈ এই নটিচ প্ৰেৰণ কৰি Special Operation Group সয়ে সোধা পোছা কৰিবলৈ সময় বিচাৰিছে। উল্লেখ্য যে  কংগ্ৰেছে এই অডিঅ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰ মাত স্পষ্টকৈ থকাৰ অভিযোগ তুলি মন্ত্ৰীজনৰ পদত্যাগৰ দাবী কৰিছিল। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটৰে এই অভিযোগ খণ্ডণ কৰি কয় যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ বাবে প্ৰস্তুত হৈ আছে কিন্তু একেসময়তে একাংশ কংগ্ৰেছীয়ে দাবী কৰিছে যে গজেন্দ্ৰ সিং সেখাৱাটে নিজৰ ভইচ চেম্পল দিবলৈ এতিয়াও মান্তি হোৱা নাই।

বানে গৰকা বৰছলাত তীব্ৰ খাদ্য সংকটত ভুগিছে পশুকুল

দৈনন্দিন বাৰ্তা ডেস্ক :

বানে গৰকা শোণিতপুৰৰ বৰছলাত এতিয়া গৰু, ম’হৰ নাজল-নাথল অৱস্থা৷ পশু খাদ্যৰ তীব্ৰ সংকট৷ পানী মেটেকা খুৱাই ৰাখিছে গৰু, ম’হক৷ খাদ্যৰ অভাৱত পশুধনৰ দূৰৱস্থা দেখি পশুধন পালক সকল চিন্তিত৷ পোৱা নাই চৰকাৰী পশু খাদ্য৷ কানসাৰ নাই বিয়াগোম বিভাগটোৰ৷ শোণিতপুৰৰ বৰছলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ আছে৷ বান বিধ্বস্ত বৰছলাত বিগত এসপ্তাহৰ পিছত পানী কমিলেও এতিয়াও আঁতৰা নাই বিপদ৷ ব্ৰহ্মপুত্ৰৰ বানে গৰকা অঞ্চলটোত এতিয়াও বিস্তৃৰ্ণ অঞ্চল প্লাৱিত হৈ থকাত গৰু, ম’হ আদিক বিগত এসপ্তাহ ধৰি দলং আৰু ওখ ঠাইত ৰাখিছে যদিও পশু খাদ্যৰ তীব্ৰ সংকট হোৱাত পশু পালক সকলৰ মাজত হাহাকাক সৃষ্টি হৈছে৷ কিয়নো অঞ্চলটো জলমগ্ন হৈ থকাত ঘাঁহ, বন আদি সমূলি বিনষ্ট হৈছে। গৰু, ম’হৰ খাদ্যৰ অভাৱত হোৱাত পানী মেটেকা আদি খুৱাই কোনো মতে জীৱটো জীয়াই ৰাখিছে গৰু ম’হৰ৷ আনহাতে খাদ্যৰ অভাৱত এতিয়ালৈকে ইয়াত দুটা গৰুৰ মৃত্যু হৈছে৷ অভিযোগ অনুসৰি কেইদিনমান পূৰ্বে ৬/৭টা ম’হ গৰু বাবদ কেৱল মাত্ৰ ৩ কেজি কৈ পশু খাদ্য দিয়েই দ্বায়িত্ব সামৰিলে বিভাগটোৱে৷ এজন পশুপালকে ৬/৭টা গৰু, ম’হক তিনি কেজি পশু খাদ্য কেনেকৈ খুৱাব৷ এয়া যে বিভাগটোৱে পশুপালক সকল উপহাস কৰিছে এই ঘটনাই স্পষ্ট কৰিছে ৷

যুৱ শক্তিয়ে ৰাজনীতি কৰক (ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক)

প্ৰাঞ্জল প্ৰতীম ডেকা

সময়ে-সময়ে চৰ্চিত হয় এটা প্ৰশ্ন-“যুৱশক্তিয়ে ৰাজনীতি কৰা উচিত নে অনুচিত?” উত্তৰত একাংশই ক’ব খোজে-যুৱচামে ৰাজনীতি কৰা অনুচিত, ৰাজনীতি শিকাহে উচিত। কিন্তু, সেই একেখিনি যুৱ-ছাত্ৰক আন্দোলন কৰা অনুচিত বুলি কোনেও নকয়। এতিয়া কথা হ’ল- “ৰাজনীতিনো কি?” কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল-এটা শিশুৱে জন্মৰ পিছৰে পৰাই ৰাজনীতি কৰিবলৈ শিকে। শিশুটোৰ যেতিয়া ভোক লাগে,  তেতিয়া সি কান্দে। অৰ্থাৎ শিশুটোৱে কান্দোনেৰে তাৰ ভোক নিবাৰণৰ অধিকাৰ সাব্যস্ত কৰে। সেয়া হৈছে শিশুটোৰ বাবে ৰাজনীতি। তেনেস্থলত ক’ব পাৰি যে-নিজৰ দাবী বা অধিকাৰ সাব্যস্ত কৰাটো এক প্ৰকাৰৰ ৰাজনীতি। গতিকে ছাত্ৰই যদি আন্দোলন কৰিব পাৰে, ছাত্ৰই যদি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব পাৰে, ছাত্ৰই যদি প্ৰতিবাদ কৰিবলৈ গৈ পুলিচৰ কোবো খাব পাৰে ! তেন্তে ছাত্ৰই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বা প্ৰাপ্যৰ বাবে ৰাজনীতি কৰিব নোৱাৰাৰ কাৰণ ক’ত?  ছাত্ৰ সমাজৰ উদ্যম আছে, অফুৰন্ত সাহস আছে। তদুপৰি আজিৰ ছাত্ৰ বা যুৱশক্তি ৰাজনৈতিক ভাৱেও যথেষ্ট সচেতন, সক্ৰিয় আৰু জ্ঞানপুষ্ট। আজিৰ ছাত্ৰ তথা যুৱচামে কেৱল ৰাজনীতি শিকিলেই নহ’ব, ৰাজনীতি কৰিবও লাগিব। সমাজত ডাক্তৰ-ইঞ্জিনিয়াৰ বা নাপিতৰ যিমান প্ৰয়োজন, সমান্তৰালভাৱে দক্ষ ৰাজনৈতিক নেতাৰো প্ৰয়োজন। যি প্ৰয়োজন পূৰাব লাগিব আজিৰ ছাত্ৰ-যুৱ প্ৰজন্মই। একেখন আঞ্জাই আমুওৱাৰ দৰে ৰাজনীতিটো পুৰণিবোৰে আমুৱাইছে। ৰাজনীতিত এতিয়া নতুন মুখৰ প্ৰয়োজন, যি নতুন মুখ আহিব লাগিব উদ্যমভৰা যুৱ সমাজৰ পৰা। আজিৰ ছাত্ৰ-যুৱশক্তিয়ে ৰাজপথ এৰি সংসদৰ মজিয়াত বলিষ্ঠ কণ্ঠেৰে দপদপাব লাগিব, দাবীবোৰ-প্ৰাপ্য অধিকাৰবোৰ সজোৰে উত্থাপন কৰিব লাগিব। তেতিয়াহে অসমৰ ৰাজনীতিত নতুন বা বলিব, নতুন দিগন্তৰ সূচনা হ’ব। শেষত আকৌ কওঁ-ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক, যুৱশক্তিয়ে ৰাজনীতি কৰক।

টংলাত কৃষক মুক্তি আক্ৰাছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মানৱ শৃঙ্খল কাৰ্য্যসূচী অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে বিনাস্বৰ্তে মুক্তিৰ দাবী

টংলা : আজি ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজ মজিয়াত অবস্থিত  টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত  অসমৰ কেবাটাও  জাতীয় সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত কাৰাবন্দী হৈ থকা জননেতা অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে আৰু বিনাস্বৰ্তে মুক্তিৰ দাবীত মানব শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ণ কৰে। কাৰ্য্যসূচীত অংশগ্রহণ কৰে ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটচা, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থা, এবিএমচু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আছাৰ ওদালগুৰি জিলা সমিতিৰ বিভিন্ন  বিষয়ববীয়াৰ লগতে সদস্য সকলে। মানৱ শৃঙ্খল কাৰ্য্যসূচীত অংশগ্রহণ কৰি ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক পংকজ অসমিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আজি আমি কৰনা মহামাৰী পৰিপ্ৰেক্ষিতত যি সাবধানতা অৱলম্বন কৰিব লাগে তাৰ সকলো নিয়ম বৰ্তাই ৰাখি সামাজিক দূৰত্ব মানি ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটচা, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থা, এবিএমচু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আছাৰ ওদালগুৰি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগতে সদস্য সকলে টংলাবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী মানৱ শৃঙ্খল গঢ়ি তুলিছো, অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে বিনাস্বৰ্তে মুক্তি দিয়ক নহলে আমি ইয়াৰ পিছত তীব্র গণতান্ত্রিক আন্দোলন গড়ি তুলিম আৰু আমি ইয়াৰ পৰাই কব বিচাৰিছো বিজেপি,  আৰএছএছ আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে গণতান্ত্রিক আন্দোলনক সন্মান কৰিবলৈ শিকক অন্যথা পৰিস্থিতি ভয়ংকৰ হ’ব। উল্লেখ্য যে মানৱ শৃঙ্খল কাৰ্য্যসূচীত অংশগ্রহণ কৰি ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে যিহেতু বিশ্ব ত্ৰাসস মহামাৰী কভিড-১৯ পৰিপ্ৰেক্ষিতত সকলো ত্ৰাহিমান হৈ আছে তেনে সময়ত জননেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক কাৰণ ইয়াত এটা মানৱতাৰ কথা আছে যিহেতু মহামাৰী কভিড-১৯ৰ মাজতো অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আছে বা কৰিবলগীয়া হৈছে তেনে ক্ষেত্ৰত আমিও আক্ৰাছুৰ ফালৰ পৰা দাৱী জনাইছো অতিশীঘ্রেই জননেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক।