নলবাৰী ১৮ নৱেম্বৰ : নলবাৰী বালিলেচাত শ্ৰী শ্ৰী কালি দেৱালয় সন্মুখত উত্তপ্ত পৰিস্থিতি । বনবিভাগৰ গাড়ী আটক কৰিলে ৰাইজে । ঘটনা অনুসৰি বিগত বহু মাহ ধৰি বালিলেছা পথেৰে টেক্টৰ , ডাম্পাৰ আদিয়ে অবৈধ ভাৱে পাগলদিয়া নদীৰ বালি কঢ়িয়াই থকাত পৰিলক্ষিত হৈছে । বিনা চালান বিহীন ভাবে অবৈধ ভাৱে মাটি কঢ়িওৱা এই গাড়ী বিলাকৰ বাবে স্হানীয় ৰাইজে যাতায়তৰ লগতে দিনে দিনে বৃদ্ধি হোৱা ধূলি বাবে বহুত অসুবিধা সন্মুখীন হৈ আছে । বহদিন ধৰি স্থানীয় ৰাইজে নলবাৰী বনবিভাগক লিখিত ভাৱে দৰ্খাস্ত প্ৰদান কৰাৰ পিছত ও আজিলৈ কোনো ব্যৱস্থা নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । এনে সময়তে আজি এখন ট্ৰেক্টৰে অবৈধ ভাৱে বালি কঢ়িয়াই অনি থকাৰ সময়ত স্থানীয় বনবিভাগক খবৰ দিয়ে । কিন্তু বনবিভাগৰ দল এটি ঘটনাস্থলীত উপস্থিত হয় গোপন বুজা বুজিৰে ট্ৰেক্টৰে যাব দিয়া বুলি ব্যাপক অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বনবিভাগৰ গাড়ী খন আটক কৰে । প্ৰায় দুই ঘন্টা ধৰি ৰাইজৰ হাতত আৱদ্ধ হৈ থকাৰ পিছত বনবিভাগৰ লোকে ভৱিষ্যতে অবৈধ ভাৱে বালি কঢ়িওৱা টেক্টৰৰ ওপৰত বিহিত ব্যৱস্থা লোৱা প্ৰতিশ্ৰুতি দিয়াৰ পিছত হে স্থানীয় ৰাইজে বনবিভাগৰ গাড়ী খনক যাব দিয়ে । উল্লেখ্য যে বালিলেচাৰ সমীপৰ নামদোঙাত থকা পালগদিয়া ঘাটত বালি মাফিয়া হামিদ আলীয়ে বহুত দিন ধৰি অবৈধ ভাৱে মাটি কাটি থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।
টংলাত ইউপিপিএলৰ বিশাল জনসভা : জনসমূদ্ৰত পৰিণত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ
টংলা,১৮ নৱেম্বৰ : বি টি চিত এতিয়া নিৰ্বাচনৰ বতাহে আকাশ বতাহ কঁপাই তুলিছে। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বি টি চিৰ পাঁচটা সমষ্টিৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ইউ পি পি এলৰ পৰিৱৰ্তন জনসভাত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে অংশগ্ৰহণ কৰি ৰাইজৰ আগত বক্তব্যত কয় যে দুই মহৰ যুদ্ধত বিৰিণাৰ মৰণ হয় যদিও আমি বিৰিণা নহয়, সেয়েহে আমাৰ মৰণ নাই। ১৭ বছৰে দুখেৰে পাৰ কৰিলোঁ, এতিয়া ভাল দিন আহিছে । আমাৰ সমাজত সকলোৰে ভাষা সংস্কৃতি, ৰীতি-নীতি জীয়াই থাকিব লাগিব । বি টি আৰত এতিয়া পৰিৱৰ্তনৰ ঢৌ উঠিছে। আমি প্ৰতিশোধ লব লাগিব, প্ৰতিশোধ মানে হিংসা নহয় , প্ৰতিশোধ মানে গণতান্ত্ৰিক আন্দোলন । বি টি আৰ চুক্তিত সকলো আছে কিন্তু এটাই নাই সেইটো হল দুৰ্নীতি বুলি কয়। লগতে হাগ্ৰামাই সকলো জনগোষ্ঠীক থগিছে , দুখীয়াৰ টকা খাইছে বুলি অভিযোগ কৰে তেওঁ। লগতে কয় যে বি টি আৰত আমি শান্তি সম্প্ৰতি গঢ়ি বি টি আৰ চুক্তিৰ নীতিৰ আধাৰত সকলোয়ে সমান সুবিধা লাভ কৰিব, মাটি বাৰীৰ অধিকাৰ লাভ কৰিব। সভাত তেওঁ ব্যক্ত কৰি কয় যে ইউ পি পি এল চৰকাৰ আহিলে হাতী আৰু মানুহ সংঘাত ৰোধ কৰাৰ ব্যৱস্থা কৰা হব। লগতে কয় যে বি টি আৰ অঞ্চলত প্ৰত্যিক জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি,ৰীতি নীতি জীয়াই ৰখা দায়িত্ব ইউ পি পি এল চৰকাৰ থাকিব । দুৰ্নীতি কৰা লোকক বিচাৰি আনি আইনগত ভাবে শাস্তি দিয়া হব, ইয়াত বড়ো অনাবড়ো বিভেদ নচলিব, গণতন্ত্ৰ দেশত সকলো সমান, আমি সমাজৰ কাৰণে ৰাজনীতি কৰিছোঁ দুৰ্নীতিৰ কাৰণে নহয়, ইউ পি পি এলে কৰ্ম সংস্কৃতিক আকোঁৱালী লৈ আহিছে, ভাৰত তথা অসম চৰকাৰে আমাক নিৰাপত্তা দিব লাগিব, আমাৰ চৰকাৰ আহিলে বি টি আৰত সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কাৰণে উন্নয়ন পৰিসদ গঠন কৰি দিয়া হব লগতে সাহিত্যৰ ক্ষেত্ৰত অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰে । উক্ত পৰিৱৰ্তন জনসভাত পাঁচটা সমষ্টি ক্ৰমে খালিংদুৱাৰ, মুদৈবাৰী, খৈৰাবাৰী, ভেৰগাওঁ আৰু নোনাই ছেফাফাং সমষ্টিৰ প্ৰায় ২০ হাজাৰতকৈ অধিক ৰাইজে আহি জনসমুদ্ৰত পৰিণত কৰা উক্ত অনুষ্ঠান খনৰ আদৰণি ভাষণৰ প্ৰসংগত ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি ইউ জি ব্ৰহ্মই কয় যে এতিয়া ঘৰে ঘৰে ইউ পি পি এল হৈ গল । আমাৰ মঞ্চত জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন হয় । বি টি আৰ অঞ্চলত এক নতুন পৰিৱৰ্তন হব গৈ আছে । অস্ত্ৰ আন্দোলন সমাধান কৰি শান্তি, আদৰ্শ, প্ৰগতিশীল সমাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ইউ পি পি এল চৰকাৰে । বি টি আৰত আৰু কেতিয়াও আন্দোলনৰ সৃষ্টি নহয় । অসমত অসমীয়া ভাষা জীয়াই থাকিব লাগিব । মই অসমীয়া ভাষাত সাহিত্য সৃষ্টি কৰিব চেষ্টা কৰি আছো। আমাক নিৰাপত্তা লাগে বুলি ব্যক্ত কৰি কয়।
বাঁহৰ বেৰা দি গুৰুজনাৰ সৃষ্টিৰাজীৰ চৰ্চা শ্ৰী শ্ৰী দৌকাচাপৰি সত্ৰত
জামুগুৰিহাট,১৮ নৱেম্বৰ : গুৰুজনাৰ সৃষ্টিৰাজীক প্ৰচাৰ প্ৰসাৰৰ লগতে সেই সৃষ্টিৰাজীসমুহক চৰ্চাৰ দিশত সত্ৰসমুহৰ ভূমিকা অপৰিসীম ৷ যাৰবাবে চৰকাৰেও সত্ৰসমুহৰ উন্নয়ণ তথা সৃষ্টিৰাজীসমুহ চৰ্চাৰ বাবে অনুদান আগবঢ়াই আহিছে ৷ কিন্তু চৰকাৰী এনে সাহাৰ্যৰপৰা যেন বঞ্চিত হৈ আহিছে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ হিচাপে খ্যাত শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰ ৷ ১৭১৭ চনতে স্থাপিত জামুগুৰিহাটৰ দৌকাচাপৰি সত্ৰ খনে বিগত তিনিশ বছৰে গুৰুজনাৰ সৃষ্টিৰাজীসমুহ চৰ্চাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বাৰে বাৰে সত্ৰখন চৰকাৰী অনুদানৰপৰা বঞ্চিত হৈ অহাৰ অভিযোগ উল্থাপন হৈছে ৷ অঞ্চলটোৰ কেবাখনো সত্ৰৰ তুলনাত প্ৰথমখন সত্ৰ হিচাপে স্থাপন হোৱা শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনৰ চৌদিশৰ পৰিৱেশটোৱেই প্ৰকট কৰে যে কিমান কষ্ট ত্যাগ কৰি সত্ৰখন জীয়াই ৰাখিছে বৰ্তমান সত্ৰাধিকাৰৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে ৷ বৃহৎ সত্ৰখনত চৌপাশে বাঁহৰ চোঁচ কাটি বেৰাৰে ঢাকি চৰ্চা অব্যাহত ৰাখিছে বৰ্তমানৰ সত্ৰাধিকাৰৰ দায়িত্বত থকা সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে ৷ অন্যান্য সত্ৰই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰী সাহাৰ্য লাভ কৰাৰ বিপৰীতে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ চৰকাৰী অনুদানসমুহৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হ’ব লগীয়া হোৱাত আক্ষেপো প্ৰকাশ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে ৷ পূৰ্বে প্ৰয়াত শৰৎ গোস্বামীৰ দায়িত্বত পৰিচালিত দৌকাচাপৰি সত্ৰখন গোস্বামীৰ মৃত্যুৰ পাছত চাৰিবছৰ ধৰি পৰিচালনা কৰা ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে উচুপি উচুপি কয় যে প্ৰতিবাৰেই সত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদানৰ তালিকাত নাম সন্মিবিষ্ট হোৱা বুলি খৱৰ পাঁও যদিও শেষত কি কাৰণত বঞ্চিত হঁও আমিবোৰ সেই বিষয় লৈ অজ্ঞ ৷ অৱশ্যে ২০০৯ বৰ্ষত জিলা পৰিষদৰ ফালৰপৰা ৩৫ হাজাৰ আৰু ২০১৬ চনত বিধায়ক পুঁজিৰপৰা ২৫ হাজাৰ টকাৰ এক অনুদান লাভ কৰিছে বুলিও জানিব দি সেয়া বৰ্তমান সময়ত অন্যান্য সত্ৰসমুহে লাভ কৰা চৰকাৰী অনুদানসমুহৰ তুলনাত তেনেই নগন্য বুলিও ব্যক্ত কৰে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰে সত্ৰসমুহৰ সৰ্বাঙ্গিন উন্নয়নৰ বাবে আগবঢ়োৱা অনুদান লাভৰ দিশতো দেৰি কৰে নেকি কোনো লোকে৷ জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ এই শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনে সত্ৰসমুহৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান লাভ কৰিবলৈ সক্ষম হ’বনে ? উল্লেখ্য যে ১৬৬২ চনতে নগাঁৱৰপৰা নাঁওৰে আহি এই সত্ৰই প্ৰথমে ভৰলীপাৰত স্থিতি লৈছিল যদিও ভৰলীৰ পানী, গৰাখহনীয়া আদিৰ বাবেই ১৭১৭ চনত দৌকাচাপৰীত এইখন সত্ৰই স্থিতি লৈছিলহি ৷ প্ৰণিধানযোগ্য যে শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰৰ ভাগৱতভাগ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখাৰ লগতে তেজপুৰ সংগ্ৰহালয়ত এইখন সত্ৰৰে পালকি আৰু সত্ৰাধিকাৰ ঘনশ্যাম দেও, চক্ৰপানী দেও আদিয়ে ব্যৱহাৰ কৰা দোলাখনৰ কিছু অংশ সংৰক্ষণ কৰি ৰখা হৈছে ৷

তামাৰহাটত মৰ্মান্তিক ঘটনা : মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই চিপলৈ আত্মহত্যা কৰিলে দশম শ্ৰেনীত অধ্যয়নৰত কন্যাই
তামাৰহাট, ১৭ নৱেম্বৰ : অন্য পুৰুষৰ লগত মাতৃৰ অবৈধ সম্পৰ্কই কাল হল দশম মান শ্ৰেনীত অধ্যয়নৰত ছাত্ৰী বৰ্ণালী ৰায়ৰ । নিজ মাতৃৰ কুকৰ্ম সহিব নোৱাৰি চিপলৈ আত্মহত্যাৰ দৰে কঠিন পথ বাচি ললে ১৬বছৰীয়া কন্যাই । এনে এক মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ তামাৰহাটত । ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা গাঁওৰ বাসিন্দা সুনীল ৰায় কৰ্মসূত্ৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত থাকে । সুনীল ৰায় ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি একেখন গাঁওৰ বাসিন্দা বজৰুল শ্বেখ নামৰ বিবাহিত ব্যাক্তি জনে সুনীলৰ ঘৈনীয়েক কনিকা ৰায়ক ফুচুলাই অবৈধ প্ৰেমৰ সম্পৰ্ক গড়ি তোলে । লম্পট চৰিত্ৰৰ বজৰুল শ্বেখে কনিকা ৰায়ৰ লগত অবৈধ শাৰীৰিক সম্পৰ্কতো লিপ্ত হয় । মাতৃৰ এনে কু-কৰ্ম নিজ চকুৰে দেখি সুনীল ৰায় আৰু কনিকা ৰায়ৰ প্ৰথমা কন্যা তথা শাতশেওৰা কল্যানকামী হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বৰ্ণালী ৰায়(১৬) অতিষ্টহৈ বজৰুল শ্বেখক তেঁওলোকৰ ঘৰলৈ আহিবলৈ বাৰম্বাৰ মানা কৰিছিল । পিছলৈ কনিকা ৰায় আৰু বজৰুলৰ অবৈধ সম্পৰ্কৰ মাজত হেঙাৰ হৈ পৰা বৰ্ণালীক মাতৃ কনিকা আৰু অবৈধ প্ৰেমিক বজৰুলে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে । কিন্তু তাতে ক্ষান্ত নাথাকি চৰিত্ৰহীনা মাতৃ কনিকা ৰায় আৰু অবৈধ প্ৰেমিক লম্পট বজৰুলে বৰ্ণালীক নানা ধৰণে দাবি-ধমকি দি কু কৰ্ম চলাই থাকিল । নিজ মাতৃৰ উক্ত অনৈতিক কাৰ্য্য সহ্য কৰিব নোৱাৰি দুৰ্ভগীয়া কণ মানি বৰ্ণালী ৰায়ে কালি ঘৰত কোনো নথকাৰ সুযোগতে ঘৰৰ ভিতৰতে চিপলৈ আত্মহত্যা কৰে । স্থানীয় ৰাইজৰ পৰা ঘটনাৰ খবৰ পাই তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ বৰ্ণালীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বৰ্ণালীয়ে সমস্ত ঘটনা লিখি থৈ যোৱা এখন চুইছাইট টোকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দূৰ্ভগীয়া বৰ্ণালীয়ে লিখি থৈ যোৱা চুইছাইট টোকা খন উদ্ধাৰৰ পিছতে সকলো ঘটনা পোহৰলৈ আহে । পিছত আৰক্ষীয়ে তদন্ত ক্ৰমে লম্পট স্বভাৱৰ বজৰুলক আটক কৰি শোধা-পোচাৰ অন্তত আজি ধুবুৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে বৰ্ণালীৰ মৃত দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উক্ত হৃদয় বিদাৰক ঘটনাটোৱে বৃহত্তৰ তামাৰহাট আঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এটি নিষ্পাপ ফুল কুমোলীয়া কিশোৰীৰ জীৱন অকালতে নিশেষ কৰি পেলোৱা বজৰুলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় বিভিন্ন দল-সংগঠনে ।
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁও, ১৭ নৱেম্বৰ : নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ আজি ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।আজি পুৱা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীয়ে পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।ইয়াৰ পিছতেই স্মৃতি তৰ্পন কৰে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ বিমল বৰাই।কোভিড প্ৰটকল মানি দিনৰ ১১ বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক গৰিমাৰ বিষয়ে উল্লেখ কৰি কয় যে বৰ্তমান পৰিবৰ্তিত সময়ত শিক্ষাৰ্থী আৰু শিক্ষক উভয়ে আধুনিক প্ৰযুক্তিক শিক্ষাৰ এটি অবিচ্ছেদ্য অংগ কৰি ললেও পূৰ্বৰ গুৰু ছাত্ৰৰ সমন্ধ পাহৰি যোৱাটো উচিত নহব।আনহাতে এসময়ত অধ্যয়ন কৰা বিদ্যালয়খনৰ ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে ধন্য আৰু গৰ্বিত অনুভৱ কৰা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।মুকলি সভাত পুবেৰুন বৰা স্মৃতি ন্যাস ,কেপ্তেইন থানেশ্বৰ শৰ্মা স্মৃতি ন্যাস ,পূৰ্ণকান্ত ৰাজখোৱা-ঘুনুচা ৰাজখোৱা স্মৃতি ন্যাস,দীপ্তি গোস্বামী স্মৃতি ন্যাস,শইকীয়া স্মৃতি ন্যাসৰ বঁটা সমূহ বিদ্যালয় খনৰ দহগৰাকী মেধাৱী আৰু দৰিদ্ৰ ছাত্ৰক প্ৰদান কৰা হয়।মুকলি সভাত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা, শিক্ষাবিদ সদা বৰা,অধিবক্তা কৃপাসিন্ধু অধিকাৰীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় খনৰ অধ্যক্ষা দীপিকা লস্কৰে।সন্ধিয়া বিদ্যালয় খনৰ চৌহদত ১৫৫ গছি বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে।বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মাই।

নগাঁৱৰ কাছমাৰী পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও , ১৭ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগ আৰু ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ অধীনত ৯ টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে- টকৌবাৰী ভূপেন হাজৰিকা মুকলি মঞ্চৰ ৰভাঘৰ নিৰ্মাণ, উত্তৰ বহুৱাভেটি ভেৰভেৰী অনুসুচিত জাতিৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ, বামুনগাঁও, মহেখুচা, টকৌবাৰী আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ, পুখুৰীপাৰ মূলপথৰ পৰা সমীৰ বৰদলৈ ঘৰলৈ যোৱা চি চি ব্লক পথ নিৰ্মাণ, জলময় গাঁও তিনিআলিৰ পৰা গেদাৰবড়ী পথাৰচুকলৈ চি চি ব্লক পথ নিৰ্মাণ, চিধা মৰিগাঁও ৰোডৰ পৰা ডেকাগাঁৱৰ ৰাজু বৰাৰ বাসগৃহলৈ চি চি ব্লক পথ নিৰ্মাণ, কাছমাৰী বিহু মঞ্চ নিৰ্মাণ, বেজগাঁও কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ, কাছমাৰী পঞ্চায়তৰ কাৰ্যলয়ৰ বাটচ’ৰা আৰু চৌহদৰ দেৱাল নিৰ্মাণ। উল্লেখিত আচঁনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই এই আঁচনি সমূহৰ জৰিয়তে পঞ্চায়তটোৰ জনসাধাৰণ উপকৃত হব বুলি আশা প্ৰকাশ কৰে ।আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভ উদ্ধোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভাপতি মুনমুনি দাস বৰা,তিৱা স্বায়ত্ব পৰিষদৰ উপাধক্ষ্য বিদুৎ বৰদলৈ,কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ, কাছমাৰী পঞ্চায়তৰ সভাপতি পংকজ বৰা প্ৰমুখ্যে পঞ্চায়তটোৰ প্ৰতিনিধি ,দলীয় কাৰ্যকৰ্তা আৰু কেইবাগৰাকীও স্হানীয় গণ্য মান্য ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে ।
নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন ড: কুলধৰ শইকীয়াৰ
নগাঁও,১৭ নৱেম্বৰঃ আজি নগাঁও চহৰৰ কলংপাৰৰ সমীপত থকা মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ সমাধি স্থলীত ছহিদ গৰাকীৰ এটি আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হয় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিশেষ প্ৰচেষ্টাত বিশিষ্ট শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে গ্লাছ ফাইবাৰৰে নিৰ্মাণ কৰি উলিওৱা এই আৱক্ষ মূৰ্ত্তিতো আজি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই । গায়ন-বায়ন , খোল-তালৰ মাংগলিক ধ্বনিৰ মাজত বন্তি প্ৰজ্বলন কৰি , শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্ত্তিতো উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত হোৱা সীমিত পৰিসৰৰ উন্মোচনী সভাত অসম সাহিত্য সভাৰ সভাপতি গৰাকীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আৱক্ষ মূৰ্ত্তি উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষাৰ যুঁজত সাহিত্য সভাৰ লগতে সকলো জাতীয় দল-সংগঠনক সন্মিলিতভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । নিজৰ ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয়,”ছহিদ অনিল বৰাৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰিবলৈ পাই আজি মই সুখ অনুভৱ কৰিছো। ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত ছহিদ গৰাকীৰ আৱক্ষ মূৰ্ত্তিটো প্ৰতিষ্ঠা কৰাত আমি সুখ পাইছো এই কাৰণেই যে সময়ৰ যি বিধ্বংসী ৰূপ,সময়ৰ বিধ্বংসী প্ৰৱাহত আমি তাৰ বহু কথাই পাহৰি যাও। কিন্তু এনেকুৱা কিছুমান কাৰ্যসূচীয়ে সেই স্মৃতি সজীৱ কৰি তোলে। অসম সাহিত্য সভাৰ প্ৰসঙ্গত শইকীয়াই কয়,”অসম সাহিত্য সভাৰ লগত এই খন ৰাজ্যৰ শুভ চিন্তা কৰা প্ৰত্যেক জন ব্যক্তি জড়িত হ’ব পাৰে। তেওঁ লোকৰ বাবে সাহিত্য সভাৰ দুৱাৰ খোলা আছে।”তেওঁ আৰু কয়,”নৱ প্ৰজন্মই সাহিত্য সভা খন আগুৱাই নিব লাগিব। কিয়নো নতুন প্ৰজন্মই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি নাচালে এটা জাতি জীয়াই থাকিব নোৱাৰে। সেয়েহে নৱ প্ৰজন্মক সাহিত্য সভাৰ লগত জড়িত কৰাৰ প্ৰয়াস কৰা হৈছে।” অসমৰ জাতীয় সংগঠন সমূহক জীয়াই ৰাখিব নোৱাৰিলে আমি ভাৰাক্ৰান্ত হ’ম বুলি মন্তব্য কৰি শইকীয়াই আৰু কয়,”জাতীয় সংগঠন সমূহে অসমীয়া ভাষা সংস্কৃতিৰ বাবে সমূহীয়াকৈ সংগ্ৰাম কৰিব লাগিব।” ছহিদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানত ছহিদ অনিল বৰাৰ ভ্ৰাতৃ অপূৰ্ব বৰা,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, গল্পকাৰ শিবানন্দ কাকতি,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰন্টু শৰ্মা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য মৃদুল হাজৰিকা,সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া,আছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন,সাহিত্যিক ৰতিমোহন নাথ,অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সহকাৰী সম্পাদক মৃণাল হাজৰিকা,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে।
“সভ্যতাৰ বিকাশৰ এক অন্যতম মাধ্যম গ্ৰন্থ ” : জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা
জামুগুৰিহাট, ১৭নবেম্বৰ : চতিয়া বিধান সভা সমষ্টিৰ জামুগুৰিহাটৰ গমিৰিপালৰ যুৱ লেখক ঢুণ্ডিৰাজ উপাধ্যায়ৰ নৱতম অসমীয়া প্ৰবন্ধ সংকলন ‘যুগে যুগে প্ৰৱাহিত ধাৰা’ নামৰ গ্ৰন্থখন যোৱা ১৬ নবেম্বৰত গমিৰিপালত আয়োজিত এখনি সভাত উন্মোচন কৰা হয়। নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উন্মোচক হিচাপে উপস্থিত থাকি গ্ৰন্থভাগ উন্মোচন কৰে জামুগুৰিহাটৰ বিশিষ্ট কবি ষড়ানন দেৱনাথে। গ্ৰন্থ উন্মোচন কৰি কবিগৰাকীয়ে কয় যে সভ্যতাৰ বিকাশৰ এক অন্যতম মাধ্যম গ্ৰন্থ। মানৱ সভ্যতা থকালৈকে নিঃসন্দেহে গ্ৰন্থৰ প্ৰণয়ন, প্ৰকাশন, অধ্যয়ন, আঁদৰ আৰু গ্ৰহণযোগ্যতা থাকিবই। নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত শিল্পী পেঞ্চন প্ৰাপক শিল্পী চক্ৰপাণি শৰ্মা, অৱসৰী শিক্ষক পদ্ম শৰ্মা, অৱসৰী শিক্ষয়িত্ৰী বালা কুমাৰী দেৱী, শিক্ষক চুড়মণি সৰকাৰে চমু বক্তব্য ৰাখে। স্থানীয় সাংবাদিক অঞ্জন বাচকোটা, হিৰণ্য শৰ্মা, ভাৰতী দেৱী আদি উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়ায় নাৰদ নিৰলাই আৰু সভাৰ সমস্ত কাৰ্যসূচীৰ আঁত ধৰে লিখক ঢুণ্ডিৰাজ উপাধ্যায়ে।
অসমৰ সৰ্বাংগীন বিকাশ সাধনেহে জাতিৰ উত্তৰণ ঘটাব- লুৰীণজ্যোতি
মদাৰখাত ১৭ নৱেম্বৰ : অসমৰ সৰ্বাংগীন বিকাশ সাধন হ’লেহে অসমীয়া জাতিৰ উত্তৰণ সম্ভৱপৰ হ’ব। বিভিন্ন ভাষা-ভাষী তথা জনগোষ্ঠীৰ ঐক্যৱদ্ধ আৰু আপোচহীন চিন্তাই অসমীয়া জাতিক জগতত চিনাকি কৰাই দিব। অসমৰ প্ৰতিটো ক্ষুদ্ৰ বৰ জাতি-জনগোষ্ঠীৰ সুকীয়া বৈশিষ্ট্যতাই অসমৰ সামাজিক, সাংস্কৃতিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। অসমৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু সংস্কৃতিত কোনো অপশক্তিয়ে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সকলোৱে সদা সচেতন হৈ থাকিব লাগিব। অসমৰ জাগ্ৰত প্ৰহৰী ৰূপে অভিভাৱকৰ ভূমিকাত ৰাইজক অৱতীৰ্ণ হ’বলৈ আহবান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। আজি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ নিৰ্মিত কাৰ্যালয় শ্বহীদ ভৱন শুভ উদ্বোধন কৰি সভাত অংশ লৈ ছহিদসকলৰ ত্যাগক সোঁৱৰি সেই ত্যাগক কেতিয়াও অথলে নাযায় বুলি বক্তব্যত উল্লেখ কৰে। ভাষণ প্ৰসংগত নৱ নিৰ্মিত শ্বহীদ ভৱনৰ মজিয়াত সাহিত্য, সংস্কৃতিৰ নতুন নতুন পৰিৱেশ, চিন্তা আৰু অনুশীলনে জাতিৰ পৰিকাঠামো সুদৃঢ় কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে। জাতিৰ জটিল সন্ধিক্ষণত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই অগ্ৰণী ভূমিকা পালন কৰাৰ পোষকতা কৰে। নীলিম আকাশত অসমৰ জাতীয় জীৱনৰ শংকা, পৰিবৰ্তনশীল সমাজ ব্যৱস্থাক প্ৰগতিশীল কৰি তুলিবলৈ অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনায়। অসমৰ সম্পদৰ যি অধিকাৰ সৰ্বকালৰ বাবে খিলঞ্জীয়াৰ সপক্ষত থকাৰ বাবে যিমানেই বাধা নাহক তাক প্ৰতিহত কৰিবই লাগিব, অসমীয়া সমাজ ব্যৱস্থাক ভাঙি মষিমূৰ কৰাৰ অপশক্তিৰ যি অভিপ্ৰায় তাক সমূলঞ্চে উভালি পেলাব লাগিব বুলি উল্লেখ কৰে। ৰাজনৈতিকভাৱে অসমীয়া জাতিৰ মেৰুদণ্ড থানবান কৰাৰ যি ষড়যন্ত্ৰ তাক ওফৰাই আপোচবিহীন খিলঞ্জীয়া সত্তা এটা প্ৰতিষ্ঠাৰ হকে মত পোষণ কৰে। লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় শুভ উদ্বোধনী সভাত সভাপতিত্ব কৰে লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎ সাগৰ দত্তই। সভাখনৰ আঁত ধৰে দিব্যজ্যোতি দত্ত আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতি প্ৰসাদ দত্তই শ্বহীদ ভৱনৰ পৰাই লাহোৱালৰ ভৱিষ্যতৰ ছবি নিৰ্ধাৰণ হোৱাৰ আশা কৰি কোনোধৰণৰ অপচিন্তাই শ্বহীদ ভৱনৰ মৰ্যদা লাঘৱ নকৰে তাৰ প্ৰতি সচেতন হ’বলৈ মত প্ৰকাশ কৰে। লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা তথা সাংবাদিক যাদৱ গগৈয়েও ভাষণ প্ৰদান কৰি লাহোৱাল জাতি-জনগোষ্ঠীৰ মিলনস্থলী বুলি অভিহিত কৰি ঐক্যৱদ্ধভাৱে লাহোৱালৰ উত্তৰণ হোৱাত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই আগ ভাগ ল’ব বুলি আশা কৰে। সভাত লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা কণৌজ শইকীয়া, প্ৰাক্তন আছু কৰ্মী দিব্যজ্যোতি দত্ত আৰু সুভাষ দত্তই অংশ লয়। স্থানীয় গায়ন বায়নেৰে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক আদৰি আনি মাংগলিক কাৰ্যসূচীৰে কাৰ্যালয় মুকলি কৰা হয়। আনুষ্ঠানিকভাৱে ফিটা কাটি কাৰ্যালয় উদ্বোধন কৰে আছু সাধাৰণ সম্পাদকগৰাকীয়ে। অনুষ্ঠানত বিভিন্ন নেতৃস্থানীয় ব্যক্তিৰ লগতে যথেষ্ট সংখ্যক স্থানীয় ৰাইজে অংশ লয়।
সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান
নলবাৰী ১৭ নৱেম্বৰ : ১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান জাৰ্নালীস্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে আজি জিলা উপায়ুক্তকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷ সাংবাদিকৰ ওপৰত চলা এই ধাৰাবাহিক আক্ৰমণে অশুভ ইংগিত বহন কৰি আাহিছে। সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক এনেবোৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে । এই ক্ষেত্ৰত ইণ্ডিয়া জাৰ্নালিষ্ট এছ’চিয়েচনৰ নলবাৰী জিলা সমিতিয়ে আজি স্মাৰকপত্ৰ যোগে এই ঘটনাৰ নিৰপেক্ষ তদন্ত বিছাৰিছে ৷ আৰু অতিশীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে আৰু সাংবাদিকৰ ভবিষ্যত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই৷










