Home Blog Page 3224

ইটাখোলা থানা স্থাপনৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল

ইটাখোলা ১৩ নবেম্বৰঃ বিশ্বনাথ জিলাৰ নদুৱাৰ অঞ্চলৰ ইটাখোলা কেন্দ্ৰত এখন পূৰ্নাংগ আৰক্ষী চকী স্থাপনৰ কথা ঘোষনা অসাৰ প্ৰতিপন্ন হল বুলি ইটাখোলা অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে। অঞ্চলটোৰ লাখৰো অধিক জনসাধাৰণৰ জীৱণ আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত ইটাখোলাত এখন আৰক্ষী চকী স্থাপনৰ বাবে অঞ্চলটোৰ ৰাইজ তথা আটছা, আছু, যুৱছাত্ৰ পৰিষদ আৰু আছা আদিকে ধৰি বিভিন্ন দল সংগঠনে দীৰ্ঘদিনে দাবী জনায় আহিছে। উল্লেখ্য যে চতিয়া সমষ্টিৰ অন্তৰ্গত অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত তথা অসম অৰুনাচল প্ৰদেশ সীমান্তৱৰ্তীৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰা চিজুছা, বালিজুৰি, জয়সিদ্ধি, মনাই, খেৰবাৰী, ইটাখোলা, নগদা, বালিডোঙা, টেঙাবস্তী আদি শতাধিক গাঁও সামৰি ইটাখোলা কেন্দ্ৰত এখন আৰক্ষী থানা স্থাপনৰ বাবে স্বাধীনোত্তৰ কালৰ পৰাই ৰাইজে দাবী উত্থাপন কৰি আহিছে। প্ৰায় একলাখ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক তথা চাহ জনগোষ্ঠী, বিহাৰী, বেংগলী, বড়ো, কছাৰী, ৰাভা, মিচিং, গোৰ্খা, ইছলাম আৰু ভাষিক অসমীয়া লোকেৰে পৰিপূৰ্ণ বৃহৎৰ অঞ্চলটোত নিতৌ নানা ধৰণৰ কূটাঘাতমূলক কাৰ্য সংগঠিত হোৱাৰ উপৰিও চুৰি-ডকাইতি, হত্যা-হিংসা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য সংগঠিত হৈ আহিছে। অপৰাধীৰ ৰম্যভুমি হিচাপে পৰিচিত বৃহৎৰ অঞ্চলটোৰ জনসাধাৰণৰ জীৱণ আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত ইটাখোলাৰ আৰক্ষী উপ চকীটোও কেৱল ঢাল তৰুৱাল বিহীন নিধিৰাম চৰ্দাৰ হৈ প্ৰায় ২৫ বৰ্গ কিলোমিটাৰ বৃহৎ এলেকাজোৰা অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই আৰক্ষী নিৰিক্ষণ চকীটো পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে বৃহৎৰ নদুৱাৰ অঞ্চলৰ সচেতন নাগৰিক মহলে। প্ৰনিধান যোগ্য যে অঞ্চলটোৰ মূল থানাখন চতিয়াত থকা বাবেই চিজুছা, বালিজুৰি, জয়সিদ্ধিকে ধৰি অৰুনাচল সীমান্তৰ গাঁও সমুহত সংগঠিত যিকোনো অপৰাধমূলক কাৰ্যকলাপৰ ক্ষেত্ৰত চতিয়াৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আৰক্ষীৰ লোকসকল গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা অথবা ঘটনাৰ তদন্ত কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হয়। আনহাতে আৰক্ষীৰ দূৰ্বলতা তথা নিস্ক্ৰীয়তাৰ সুযোগ গ্ৰহণ কৰিয়েই বৃহতৰ ইটাখোলা অঞ্চলটো সম্প্ৰতি অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিনত হোৱাৰ লগতে বিভিন্ন ধৰণৰ চোৰাং সামগ্ৰী আমদানি-ৰপ্তানি কৰাত উপযুক্ত এলেকাত পৰিনত হৈছে। উল্লেখযোগ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনত শেষৰটো কাৰ্যকালত মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটচ একশ্যন কাউঞ্চিলৰ এটি সজাতি দলে সেই সময়ৰ গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুন গগৈক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ যোগে ইটাখোলাত এটি পূৰ্ণাংগ আৰক্ষী থানা স্থাপনৰ দাবী জনোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে ছমাহৰ ভিতৰত ইটাখোলাত থানা স্থাপন কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু পৰৱৰ্তী দিনত চৰকাৰী পক্ষৰ দ্বাৰা স্থান নিৰ্ণয় আৰু প্ৰয়োজনীয় ভূমি আৱন্টন কৰিবলৈকো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰিছিল আৰু পিছত ভূমিও আবণ্টনো হৈছিল যদিও আজি পৰ্যন্ত বৃহৎৰ ইটাখোলা কেন্দ্ৰত আৰক্ষী থানা স্থাপন নহ’ল।

নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ

নগাঁও,১৩ নৱেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু নগাঁও সদৰ মণ্ডল তথা হয়বৰগাঁও মণ্ডলৰ সহযোগত আজি দীপাৱলী উপলক্ষে নগাঁও চহৰত থলুৱা মৃৎ শিল্পী সকলে তৈয়াৰ কৰা মাটিৰ চাকি বিতৰণ কৰা হয়। সংগঠনটোৰ সদস্য সকলে নগাঁও চহৰৰ ঢাকাপট্টি তথা বৰবজাৰত এই মাটিৰ চাকি বিতৰণ কৰে।আত্মনিৰ্ভৰশীল অসম তথা আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্যৰে থলুৱা শিল্পী সকলে নিৰ্মাণ কৰা মাটিৰ চাকি বিতৰণ কৰে বুলি সংগঠনটোৰ সদস্য সকলে কয়। চীনা সামগ্ৰীয়ে বজাৰ চানি ধৰাৰ সময়ত ইয়াক বাধা দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে এই মাটিৰ চাকি বিতৰণ কৰে। অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্য্যনিৰ্বাহক সদস্য নৱাৰুণ বুঢ়াগোঁহাই আৰু টুমন চৰকাৰ প্ৰমুখ্যে যুৱ মন্ডলৰ সদস্য সকল উপস্থিত থাকে।

জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান ধুলা আৰক্ষীৰ : ছয় জুৱাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ

খাৰুপেটিয়া, ১৩ নৱেম্বৰ : দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাত দীৰ্ঘদিন ধৰি চলি থকা জুৱাৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে চলাই অভিযান। জুৱাখেলৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰা আৰু উপ পৰিদৰ্শক ছাব্বিৰ আলী সহ ধূলা আৰক্ষীৰ এটি সজাতি দলে আকস্মিক ভাবে এক অভিযান চলায়। অভিযানত থানা খনৰ অন্তৰ্গত যোগিপাৰা গাঁৱত পূৰ্বৰ পৰাই চলি থকা অবৈধ যোৱা খেলৰ পৰা তিনি হাজাৰ টকা সহ ৬ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজন মজিদ আলী, শ্বাহেদ আলী, নাজিকুল ইছলাম, আনাৰ আলী, ছমিৰ আলী আৰু মেহবোৱ আলম বুলি জানিব পৰা গৈছে। আটকাধিন লোক কেইজনৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত ৪৯৫/২০২০ নম্বৰত 13/14 assam games and betting act 1970 ধাৰাত এক গোচৰ ৰুজু কৰি মঙলদৈ পৰা জেল হাজোতলৈ প্ৰেৰণ কৰে।

গোলাঘাট জিলাৰ ২,০৪,৫৩০ ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম আৰম্ভ

বোকাখাত, ১৩ নৱেম্বৰঃ গোলাঘাট জিলাৰ ২,০৪,৫৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম যোৱা ১২ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১,৬২,৩৬৫ গৰাকী আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪২,১৬৫ গৰাকী ছাত্ৰ ছাত্ৰীক এই অভিযানত সামৰি লোৱা হৈছে। বৰ্তমান জিলাখনত কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে ন-টাকৈ বিশেষ আধাৰকেন্দ্ৰ মুকলি কৰা হৈছে। এই তথ্য জানিবলৈ দিলে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই। আজি গোলাঘাট পশ্চিম শিক্ষাখণ্ড, বোকাখাতৰ সভাকক্ষত আয়োজিত ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ লগতে জিলাখনৰ প্ৰায় ১২ লাখ ৩০ হাজাৰ নাগৰিকৰে ইতিমধ্যে ৪,৮০,৫০০ জনৰ আধাৰ কাৰ্ড প্ৰস্তুত হৈ গৈছে। বৰ্তমানলৈকে ৮৭ টা কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম চলি আছে যদিও পুনৰ ১০৭ টা কেন্দ্ৰত সেই কাম আৰম্ভ কৰি প্ৰস্তুতৰ কাম তৰান্বিত কৰা হ’ব। জিলা আঁচনি বিষয়া মেঘনা বুঢ়াগোহাঁঞিয়ে আঁত ধৰা সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা আৰু জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ তদাৰকী দায়িত্বত থকা চক্ৰ বিষয়া মানসজ্যোতি নাথে শিক্ষক, অভিভাৱক, বিষয়া-কৰ্মচাৰী সকলোৰে সহযোগিতা বিচাৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া লাহজা জুৰাম গোচায়ে শলাগ জ্ঞাপন কৰে।

কাকজানত বৃহৎ প্ৰতিবাদী সমদল : কৃষক-শ্ৰমিক আৰু মহিলা সকলৰ মহাগর্জন সভা

কাকজান,১৩ নৱেম্বৰ : আজি যোৰহাট জিলা কাকজানত মাইক্ৰফাইনেন্স বন্ধ কৰক আৰু আমাৰ ৰক্ষা কৰক নহ’লে আমাক মাৰি পেলাওঁক , “কা” বাতিল কৰক, ভূমি আধ্যাদেশ আইন ২০২০ – বাতিল কৰক, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত প্ৰায় সহস্ৰাধিক মহিলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজানৰ পৰা লাহদৈগড় লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে । প্ৰতিবাদী সমদলত অঞ্চলটোৰ সহস্ৰাধিক মহিলাই অংশ লোৱাৰ পাছত কাকজান কৃষ্টি কেন্দ্ৰত এক মহাগর্জন সভা অনুষ্ঠিত হয় । সদৌ অসম চাহ জনগোষ্ঠীৰ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা লক্ষ্মণ চাওঁৰাই আঁত ধৰা সভাখনিত বীৰ লাচিত সেনা সিদ্ধাৰ্থ বৰুৱা, পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন,মুক্তি নাৰী ঐক্য মঞ্চৰ সম্পাদিকা হীৰণ্য বৰুৱা, চেলেংহাট আঞ্চলিক কৃষক মুক্তিৰ নিভা বৰুৱা, মুক্তি কামী নাৰী ঐক্য মঞ্চৰ উপদেষ্টা জিতু বৰুৱা, সংগ্ৰামী প্ৰগতিশীল নাৰী সন্থা হীৰাৰাণী চেতিয়া প্ৰমুখ্যে সহস্ৰাধিক মহিলা উপস্থিত থকা সভাখনিত বৰ্তমান সময়ত মাইক্ৰফাইনেন্সৰ প্ৰভাৱত অসমত ঘটি থকা আত্মহত্যা দৰে ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰীভাৱে বন্ধ কৰাৰ দাবী জনায় । সভাত অসমৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীক মাইক্ৰফাইনেন্স বিহীত ব্যৱস্থা লবলৈ বক্তা সকলে দাবী জনায় ।

আজিও মুকলি নহ’ল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা : ম্যিথাচাৰত পৰিনত হল মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘোষনা ৷ ধাৰাবাহিক প্ৰতিবাদত উত্তাল মাৰ্ঘেৰিটা

তিনিচুকীয়া, ১৩ নৱেম্বৰঃ নগাঁও আৰু কাচাৰৰ কাগজ কলৰ পিছতেই এতিয়া মৃত্যুঘণ্টা বাজিছে অসমৰ অন্যতম লাভজনক কয়লা উদ্যোগ উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দেশত এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগত বাজিছে মৃত্যু ঘণ্টা৷ এপদ এপদকৈ দেশৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰি দেখোৱাইছে চৰম ম্যিথাচাৰ ৷ পৰিবৰ্তনৰ শ্লগানৰে অসমত শাসনলৈ অহা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনেও উদ্যোগীকৰনৰ ক্ষেত্ৰত একো এটা কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ পৰিবৰ্তে বিজেপি চৰকাৰৰ চলিত ৫ বছৰীয়া কাৰ্যকালত বহুকেইটা লাভজনক উদ্যোগত তলা লগা হে দেখিবলৈ পোৱা গল৷ ইয়াৰ এক অন্যতম উদ্যোগ হল তিনিচুকীয়া জিলা স্থিত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাত এতিয়া বাজিছে মৃত্যুঘণ্টা৷ অসমৰ অৰ্থনীতিৰ অন্যতম প্ৰানকেন্দ্ৰ এই কয়লা ভিত্তীক উদ্যোগটো সৱলীকৰনৰ পৰিবৰ্তে বিগত সময়ত চোৰাং কয়লা ব্যৱসায়তে হাত উজান দিয়া পৰিলক্ষিত হল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱ আৰু স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাৰ চূড়ান্ত অকমন্যতাৰ বাবে আজি ১৩৫ বছৰীয়া উদ্যোগটোত বাজিছে মৃত্যু ঘণ্টা৷ মন কৰবলগীয়া যে, যোৱা ছেপ্তেম্বৰ মাহত মাৰ্ঘেৰিটাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে অক্টোবৰ মাহতেই উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ দুৱাৰ মুকলি হব বুলি সদম্ভে ঘোষনা কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সতে এক আলোচনাত মিলিত হোৱাৰ পিছতেই এইদৰে মাৰ্ঘেৰিটাত এই আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানে সেয়া ফুটুকাৰ ফেনত পৰিনত হৈছে৷ বিভাগীয় এক সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ সন্দৰ্ভত চৰকাৰে এই পৰ্যন্ত যাৱতীয় কোনো কাম কাজ আৰম্ভ কৰা নাই৷ প্ৰথম পৰ্যায়ত টিৰাপ কল ফিল্ড মুকলিৰ কথা আছিল যদিও বন বিভাগৰ তৰফৰ পৰা এতিয়ালৈকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘৰিটাই কোনো ধৰনৰ অনুমোদন লাভ কৰা নাই৷ গতিকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মুকলি হোৱাৰ সন্দৰ্ভত এই মূহূৰ্তলৈকে কোনো সম্ভাৱনা নাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যদি বিষয়টো গুৰুত্ব দিয়ে তেনেহলে হয়তু উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলি হোৱাৰ আশা আছে, অন্যথা বৃত্ৰিছৰ যুগৰ ঐতিহাসিক উদ্যোগটো চিৰদিনৰ বাবে যে বন্ধ হৈ যাব সেয়া খাটাং৷ যদি উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ বন্ধ হয় কেনেহলে এয়া হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা৷ আনফালে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ দাবীত ধাৰাবাহিক আন্দোলনত উত্তাল হৈছে মাৰ্ঘেৰিটা৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত ৰূপায়িত কৰা হয় এক প্ৰতিবাদী সমদল কাৰ্যসূচী৷ পৰিষদৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে বাতে বেনাৰ, ফেষ্টুন লৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কয়লা উদ্যোগ শীঘ্ৰে মুকলি কৰক, ৰামেশ্বৰ তেলীৰ কাম নাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কয়লা উদ্যোগটো যোৱা ৩ জুনৰ পৰা বন্ধ হৈ পৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ পুনৰ মুকলি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। অতিশিঘ্ৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি নকৰিলে যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে, দিহিং পাটকাই বনাঞ্চলৰ প্ৰস্তাবিত চালেকি বনাঞ্চলত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই কয়লাৰ খনন চলাবলৈ যো যা কৰাৰ সময়তে দল- সংগঠন, প্ৰকৃতিপ্ৰেমী অনুষ্ঠান তথা ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হবলগীয়া হৈছিল৷ আবশ্যে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষই ঐতিহাসিক উদ্যোগটো জীয়াই ৰাখিবলৈ হলে কয়লা খননৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে মুক্ত খননৰ যুক্তি দৰ্শাইছিল৷ কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে ৯৮.৫ হেক্টৰ বনভূমিত কয়লাৰ মুক্ত খননৰ বাবে অনুমতি পৰ্যন্ত প্ৰদান কৰিছিল৷ কিন্তু জৈৱ বৈচিত্ৰ জীৱকুল ধ্বংস কৰি বনাঞ্চলত কোনোপধ্যেই কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া নহব বুলি দল সংগঠন, ৰাইজে আকোৰগোজ স্থিতি গ্ৰহন কৰাত বিবুধিত পৰিছিল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষ৷ পৰবৰ্তী সময়ত চৰকাৰেও সলনি কৰিছিল সিদ্ধান্ত৷ ৰাজ্য চৰকাৰে দিহিং পাটকাই বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষনা কৰিছিল৷ ইয়াৰ মাজতে, যোৱা ৩ জুনত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে NEC/GM/2020/34-I নং পত্ৰ যোগে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খনন আৰু যোগান অনিদিষ্ট কাললৈ সাময়িকভাবে স্তগিত কৰাৰ ঘোষনা কৰিছিল৷ ফলত ১৩৫ বছৰীয়া উদ্যোগটোৰ ভবিষ্যত অনিশ্চয়তাৰ দিশলৈ গতি কৰিছিল ৷

ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন

গেলেকী, ১৩নৱেম্বৰঃ ১০৩ নং আমগুৰি সমষ্টিৰ ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত আমগুৰি সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ প্রায় ৩ শতাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত সভাপতিত্ব কৰে প্ৰবক্তা, শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ৰঞ্জিত তামূলীয়ে । সভাত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক পদ্মকান্ত দাস, দেৱজিৎ দত্ত, অংকুৰ শইকীয়া আৰু শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ১৬ জন আহ্বায়কে । ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই আঁতধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা আহ্বায়ক সীমান্ত তামুলীয়ে । সভাত ৫৭ জনীয়া আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতিয়ে অতি কম দিনৰ ভিতৰত প্ৰতিটো পঞ্চায়তত সমিতি, গাঁও সভা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অনাগত দিনত ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, বিজেপি, আৰু অসম গণ পৰিষদ ৰাজনৈতিক দলক আমগুৰি সমষ্টিৰ পৰা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ শেষত শ’লাগৰ শৰাইত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ জিলা আহ্বায়ক মুজিদ আলিয়ে ।

ওদালগুৰি জিলাৰ চিন্তুমনি চক্ৰবৰ্তী আৰু জয়ন্ত ৰাভাৰ মহানুভবতা : কেইবাখনো জৰুৰী নথি পত্ৰ সহ নগদ ধন হেৰাই পাই গতালে হিতাধিকাৰীক

টংলা : বৃহস্পতিবাৰে টংলা ভেৰগাঁও পথৰ হাৰচাপাৰাৰ পুখুৰীৰ সমীপত এটা মানিবেগ ৰাভা ছাত্র সন্থাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক জয়ন্ত ৰাভাই হেৰুৱা পাই টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক তথা ওদালগুৰি জিলা ছাত্র সন্থাৰ নৱ নিযুক্ত সাহিত্য সম্পাদক চিন্তুমনি চক্ৰবৰ্তীক জমা দিয়ে আৰু লগে লগে চিন্তুমনি চক্ৰবৰ্তীয়ে সামাজিক মাধ্যমেত উক্ত মনিবেগত থকা ড্রাইভিং লাইসেন্স সহ এক পোষ্ট দি ৰাইজক জনাই দিয়ে আৰু তাৰ কিছু সময় পাচতেই মনিবেগৰ হিতাধিকাৰীৰ লগত ফোন যোগে কথা পাতি মনিবেগৰ বিষয়ে জনাই। শুক্রবাৰে ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত অবস্থিত ধনৰাজ হোটেলত উক্ত মানিবেগৰ শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসক আমন্ত্রণ জনাই টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়াৰ উপস্থিতিত হেৰাই পোৱা মানিবেগৰ সকলো নথি পত্র সহ নগদ ধন খিনি উভতাই দিয়ে। চিন্তুমনি চক্ৰবৰ্তী আৰু জয়ন্ত ৰাভাৰ এনে পদক্ষেপৰ বাবে শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসৰ লগতে তেওঁৰ বন্ধু ৰুপম জ্যোতি মেধিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

ছয়গাঁৱত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ পদাৰ্পণত উৎফুল্লিত ৰাইজ

ছয়গাঁও, ১২নবেম্বৰ : হিন্দু সমাজক জাগ্ৰত কৰা অতন্দ্ৰ প্ৰহৰী ৰূপী ড: সত্যৰঞ্জন বৰা আজি ছয়গাঁৱত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে হিন্দুত্ববাদী জনসাধাৰণ। প্ৰথমে হিন্দুত্ববাদী নেতা ডঃ বৰাই ঐতিহাসিক চণ্ডিকাদেৱালয়ত উপস্থিত হৈ আইৰ আশীৰ্বাদ লৈ ৰাওনা হয় ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মাকেলি ৰাজহ গাঁৱৰলৈ। গাওঁখনত গৈ ডঃবৰাই ছকুৰী দেওনা চুবলৈ লোৱা স্বাধীনতা সংগ্ৰামী নেত্ৰী বুধেবালা পাঠকৰ ঘৰত উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁক ঠাণ্ডাৰ বাবে কিছু বস্ত্ৰ প্ৰদান কৰে। তাৰ পিছত গাওঁ খনৰ এগৰাকী মুখীয়াল লোকে বৰাক গাওঁখনৰ খোৱা পানী দিশত কিছু নজৰ দিবলৈ আহ্বান জনায়।

ছয়গাঁৱৰ স্বাধীনতা সংগ্ৰামী নেত্ৰী বুধেবালা পাঠকৰ এক আলোক চিত্ৰ

ইয়াৰ পিছতে নেতা গৰাকীয়ে ঐতিহাসিক চান্দ সদাগৰৰ মেৰঘৰত উপস্থিত হৈ মেৰঘৰটোৰ ভগ্নাৱশেষ বোৰৰ সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই হিন্দু সমাজক একত্ৰিত হৈ সংঘবদ্ধ ভাবে কাম কৰি যাবলৈ আহ্বান জনায় আৰু পৰৱৰ্তী সময়ত সকলোকে তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

বিলাসীপাৰাত ‘ছান ছাইন’ৰ উদ্যোগত মাস্ক আৰু গছপুলি বিতৰণ

বিলাসীপাৰাঃ ভাৰত বৰ্ষৰ সমগ্ৰ ৰাজ্যত কৰোণা মহামাৰী বিয়পি পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা SUN SHINE (NGO)ৰ কৰ্ম-কৰ্ত্তা সকলে বগৰীবাৰী ৰাজহ-চক্র বিষয়াৰ উপস্থিতত আজি শালবাড়ীত ৰাইজৰ মাজত মাস্ক আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী হাতত লয়। উল্লেখ্য যে কাৰ্য্যসূচী খনত SUN SHINE (NGO)ৰ সভাপতি শ্ৰীমতী বাছিৰন নেছা, কাৰ্য্যকৰী সদস্য জয়নুদ্দিন শ্বেখ, আকতাৰ হোসেন, বিশ্বনাথ ভাদুৰী, নাৰ্জিনা বেগম, মাছুম শ্বেখ, আতোৱাৰ ৰহমান, শিবানী ভাদুৰী আদিকে ধৰি উপস্থিত থাকি ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কৰে।