Anuprabha Devi: অসম সাহিত্য সভাৰ হিতৈষী সভ্য শিক্ষক অনুপ্ৰভা দেৱীলৈ স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা
অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলীৰ প্ৰথমটো সুহৃদ পৰিয়ালৰ অন্যতম হিতৈষী সভ্য, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা তথা শিক্ষক অনুপ্ৰভা দেৱীলৈ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি নলিনীবালা দেৱীৰ স্মৃতিত স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে।(Anuprabha Devi)
ইফালে, এই বতৰা পাই উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা, পুৰণিবাৰী সমন্বয় শাখা সাহিত্য সভা, বৰিটিকা প্ৰাথমিক বিদ্যালয় প্ৰমুখ্যে বহু সংখ্যক ব্যক্তি-সংগঠনে বঁটা প্ৰাপক দেৱীক শুভেচ্ছা-অভিনন্দন জ্ঞাপন কৰিছে।।
কিছুমান ৰাশিৰ বাবে এই সময়ে আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতা বৃদ্ধিৰ ইংগিত দিছে, আনহাতে কিছুমানে ধৈৰ্য্য আৰু সংযমৰ সৈতে কাম কৰিব লাগিব। মেষ ৰাশিৰ পৰা মীন ৰাশিৰ লোকৰ বাবে আজিৰ ৰাশিফল জানো আহক।(Horoscope)জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ১০ এপ্ৰিল দিনটো গুৰুত্বপূৰ্ণ হ’ব।
মেষ ৰাশি আজি আপোনালোকৰ বাবে এক উৎসাহজনক দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে সম্পৰ্কবোৰ মধুৰ কৰি তুলিব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব। পুৰণি বন্ধু এজনেও যোগাযোগ কৰিব পাৰে। আজি আত্মবিশ্বাসেৰে ভৰা দিন হ’ব। সামাজিক সন্মান বাঢ়িব।
বৃষ ৰাশি
আজি আপুনি ধৈৰ্য্য আৰু সংযমেৰে কাম কৰিব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ’ব পাৰে। কেৰিয়াৰ সলনি হোৱাৰ সম্ভাৱনা আছে যদিও সিদ্ধান্ত বুদ্ধিমানৰূপে ল’ব। কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে, শান্তিপূৰ্ণভাৱে বিষয়বোৰ সমাধান কৰক। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। যান-বাহন বা ইলেক্ট্ৰনিক সামগ্ৰীৰ সমস্যা হব পাৰে। সন্ধিয়া শান্তি অনুভৱ কৰিব।
মিথুন ৰাশি
আজি আপোনাৰ বাবে এক উপকাৰী দিন হ’ব। সামাজিক আৰু অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী হৈ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। পাবলগীয়া ধনখিনি উদ্ধাৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অনুকূল, কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে। আপুনি হয়তো কিছু ভাল খবৰ পাব। ভ্ৰমণ কৰিলে আপুনি লাভৱান হ’ব। বন্ধু-বান্ধৱীৰ সৈতে ভাল সময় কটাব।
Youth Award Honors:যুৱ সাহিত্যিক পাপৰি বৰ্মনলৈ ৰাষ্ট্ৰীয় বটাঁ
দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৯ এপ্ৰিল: পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান(Youth Award Honors)।