নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী সকলক উৎসাহিত কৰা উদ্দেশ্যেৰে আয়োজিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটত প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীক বিধায়ক গৰাকীয়ে সম্বৰ্ধনা জনায়।এই উপলক্ষে চহৰখনৰ কিৰনবালা গোস্বামী হাইস্কুল, ৰন্তকান্ত বৰকাকতী হাইস্কুল, নগাঁও বেঙ্গলী ছোৱালী বিদ্যালয় আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত কৃতকাৰ্যতা লাভ কৰা পৌৰমহলাৰ ছাত্র-ছাত্ৰী সকলক মানপত্ৰ, গামোচা,কিতাপৰ টোপোলা, কলমৰ লগতে মাক্সেৰে সম্বৰ্ধনা জনোৱা হয়। সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু পৌৰমহলাৰ প্ৰাক্তন পৌৰ আয়ুক্ত সকল উপস্থিত থাকে।
১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা
উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জন্মভূমিত অহা ১৫ আগষ্টত পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ চোৰাংচোৱা এজেন্সীৰ সূত্ৰত এই কথা প্ৰকাশ৷ চোৰাংচোৱা এজেন্সী ‘ৰ’ই প্ৰকাশ কৰা মতে আক্ৰমণৰ বাবে আইএছআইয়ে লস্কৰ আৰু জৈশ সন্ত্ৰাসবাদীক আফগানিস্থানত প্ৰশিক্ষণ দিছে৷ অযোধ্যাত আক্ৰমণৰ বাবে পাকিস্তানী এজেন্সীয়ে তিনিটাৰ পৰা পাঁচটা সন্ত্ৰাসবাদী গোট প্ৰেৰণ কৰিবললৈ পৰিকল্পনা কৰিছে৷ ভাৰতীয় চোৰাংচোৱাই প্ৰকাশ কৰে যে পাকিস্তানৰ সন্ত্ৰাসবাদী গোটে পৃথক আক্ৰমণ চলাবলৈ চাব আৰু এনেদৰে ভাৰতৰ অভ্যন্তৰীণ আক্ৰমণ কৰিব৷ এই সন্ত্ৰাসবাদীৰ বাবে ভিভিআইপি প্ৰধান লক্ষ্য৷ ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ দিল্লী, অযোধ্যা আৰু কাশ্মীৰত তালাচী চলোৱা হৈছে৷
ন’ বলৰ সিদ্ধান্ত দিয়াৰ নিয়ম সলনি আইচিচিৰ
দৈনন্দিন বাৰ্তা ডেস্ক : বিভিন্ন মেগা টুৰ্নামেণ্টত আম্পায়াৰৰ ভুলৰ বাবে খেলৰ গতি সলনি হয় ৷ এনেবোৰ কথা লক্ষ্য কৰি আছে আইচিচিয়ে ৷ এইবাৰ আইচিচিয়ে ন’ বলৰ ক্ষেত্ৰত নিয়ম সলনি কৰিব ৷ এদিনীয়া ক্ৰিকেটত ঘটিব এই অভিনৱ ঘটনা ৷ এতিয়া ন’ বল কল কৰাৰ সিদ্ধান্ত ফিল্ড আম্পায়াৰৰ হাতত নাথাকিব ৷ আনুষ্ঠানিকভাৱে টিভি আম্পায়াৰে এইবাৰ ন’ বলৰ কথা ক’ব পাৰিব ৷ অহা বৃহস্পতিবাৰে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত হ’ব লগা এদিনীয়া ক্ৰিকেট ছিৰিজত আৰম্ভ হ’ব এই নতুন নিয়ম৷ অৰ্থাৎ আইচিচি ছুপাৰ লীগত হ’ব এই নিয়ম ৷ ফলত থাৰ্ড আম্পায়াৰৰ কাম বাঢ়িব ৷ ইপিনে পাতল হৈ পৰিব ফিল্ডত থকা আম্পাৰৰ কাম ৷
অনলাইন পৰীক্ষাৰ সময়সূচীয়ে বিপাঙত পেলাইছে অভিভাৱকক, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষক সময়সূচী সালসলনি কৰাৰ আহ্বান
নগাঁও : ক’ৰোণাৰ বাবে অনলাইন সেৱাৰ জৰিয়তে পাঠদান চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে শেহতীয়াভাৱে অহা আগষ্ট মাহৰ পৰা ছয়মহীয়া পৰীক্ষা সমূহ অনলাইন যোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু অনলাইন পৰীক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ঘোষণা কৰা সময় সূচীয়ে বিপাঙত পেলাইছে অভিভাৱক সকলক। পূৰ্বতে বিদ্যালয় সমূহে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা সময়তে বৰ্তমানৰ অনলাইন পৰীক্ষাও অনুষ্ঠিত কৰিব বিচৰা কাৰ্যত চিন্তিত কৰি তুলিছে অভিভাৱক সকলক। কাৰণ স্মাৰ্টফোনৰ জৰিয়তে সন্তানক পৰীক্ষাত অৱতীৰ্ণ কৰোৱাত অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱক সকলক। সাধাৰণতে বৃত্তিগত কাৰণত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হোৱা সময়তে সন্তানৰ অনলাইন পৰীক্ষাৰ সময়সূচী ঘোষণা হোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছে অধিকাংশ অভিভাৱক। কাৰণ নিজৰ নিত্যপ্ৰয়োজনত ব্যৱহৃত স্মাৰ্ট ফোন সন্তানৰ বাবে এৰি থৈ যাব লগা হলে যথেষ্ট অসুবিধাৰ সন্মুখীন হব অভিভাৱক সকল। সেয়ে অধিকাংশ অভিভাৱকেই অনলাইন পৰীক্ষাৰ সময়সূচী সলনিৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে, বৰ্তমানৰ সময়সূচী অনুসৰি পুৱা ১০বজাৰ পৰা ১২বজালৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। কিন্তু অভিভাৱক সকলে ইয়াৰ পৰিৱৰ্তে পুৱা ৭বজাৰ পৰা ৯বজালৈ অথবা বিয়লি ৪বজাৰ পৰা ৬বজালৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে।
বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত যোৱা লকডাউনৰ সময় চোৱাত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে হাতীগাওঁ স্থিত মাদাৰ বৃদ্ধা আশ্ৰমৰ ১৩গৰাকী বৃদ্ধাক জীৱনৰ অন্তিম সময়ছোৱাত সম্পূৰ্ণ ব্যয় বহন কৰি তীৰ্থ যাত্ৰালৈ প্ৰেৰণ কৰাৰ দৰে মহৎ কাম কৰি আহিছে । লগতে ২০১৭চনৰ পৰা ট্ৰাষ্ট-এ প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দুগৰাকীকৈ দৰিদ্ৰ মেধাবী শিক্ষার্থীক স্নাতক পৰ্যন্ত অধ্যয়নৰ ব্যয় বহন কৰি আহিছে । সমাজৰ দুখীয়া-দৰিদ্ৰৰ কাষত সদায় থিয় দিয়া বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট-এ এইবাৰো বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবড়ি অঞ্চলত প্ৰায় ১৬০ ঘৰৰো অধিক দুৰ্গত পৰিয়ালক খাদ্য বস্তু আৰু মাস্ক প্ৰদান কৰে । খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে । বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হয় কয় যে বলিয়া বানত চন্দ্ৰপুৰ-হাজংবড়ি অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰলয়ংকাৰী বানে যি ক্ষয় ক্ষতি কৰিলে, তাৰপৰা বানাক্ৰান্ত পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবেই ট্ৰাষ্টৰ জৰিয়তে এনেদৰে সামৰ্থ অনুযায়ী খাদ্য বস্তু সমূহ প্ৰদান কৰা হয় । আনহাতে কৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি নীতি-নিৰ্দেশনা জাৰি কৰিছে তাক মানি চলিবলৈকো আহ্বান জনায় বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে। বিশেষকৈ মুখমণ্ডলত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে হাজংবড়ি অঞ্চলৰ গাঁও বুঢ়া দেৱজিত ৰংপি, গাঁও কল্যান সমিতিৰ সভাপতি বলোৰাম হাজৰিকা , গাঁও সুৰক্ষা বাহিনীৰ নায়ক ৰাজেন আবং আৰু বিদ্যা ভাৰতীৰ প্ৰকল্প প্ৰমুখ ভূষণ গোস্বামী ।
‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল
তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া সম্পূৰ্ণ সাৱধানতা তথা সামাজিক দূৰত্বৰ নীতি পালন কৰি উক্ত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাই৷ কাৰ্যসূচীটোত সহযোগিতা আগবঢ়ায় অসম সাহিত্য সভা, কা বিৰোধী যৌথ মঞ্চৰ বিষয়ববীয়া, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে৷ এই কাৰ্যসূচীৰ জৰিয়তে আছুৱে স্পষ্টকৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে যে ছাত্ৰ সন্থাই কেতিয়াও ‘কা’ মনা নাছিলে আৰু ভৱিষ্যতেও নামানে৷ লাগিলে পৰিস্থিতি যিয়েই নহওঁক কিয় আছুৱে এই আইন বাতিলৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে।
ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিবলৈ বেছি ক্ষণ নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৭,৭০৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৪ লাখ ৮৩ হাজাৰ ১৫৬ জন৷ যোৱা ২৪ ঘণ্টাত দেশত মুঠ সংক্ৰমণৰ হাৰ হ’ল ৯.০৩ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ৬৫৪ জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ৩৩,৪২৫ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,৮৮৩ জনৰ মৃত্যু হৈছে৷ দিল্লীত ৩৮৬৩, তামিলনাডুত ৩৫৭১, গুজৰাটত ২৩৫৮ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷
২১ৰ নিৰ্বাচন আৰু অখিল গগৈ…
✍ মদন মোহন পাগবন্ধা
২০১৬ চনৰ শেষ শৰাইঘাট ৰণত যুঁজ কৰি বিজেপিৰ মিত্ৰজোঁটৰ এখন চৰকাৰ ৰাইজে পাতিলে জনগণে কি পালে কি নাপালে আপোনালোকে দেখিলে। এতিয়া ২১ ৰ নিৰ্বাচন সমাগত অসমত বলিছে চৰকাৰ বিৰোধী বিক্ষিপ্ত বতাহ। আমাৰ দৃষ্টিত বিৰোধী বতাহ আৰু সেই বিৰোধী বতাহ বেলতলৈ যোৱাটো এক বেলেগ কথা। এনে সময়তে আহি পৰিছে অখিল গগৈৰ প্ৰসংগ। ইতিমধ্যে এক তৃতীয় মৰ্চাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া কথা হৈছে অসমৰ যি চৰকাৰ তাৰ বিৰোধী সমূহ শক্তি একেলগে মাৰ বান্ধি থিয় হ’ব পাৰিবনে? যদিহে বিৰোধী শক্তি সমূহ বিভাজিত হৈ চৰকাৰ সলনিৰ অলীক স্বপ্ন দেখিছে তেওঁ তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ বিৰোধীৰ ভোট বিভাজন হৈ বর্তমানৰ চৰকাৰে কোৱাৰ দৰে ১০০ আসন প্ৰাপ্তিৰ বাট মোকোলাই দিয়া হ’ব। এতিয়া আহো অখিল গগৈ প্ৰসংগলৈ। আমি যি দেখিছোঁ এই সময়ত সকলোৰে চকুৰ আগত বিকল্প এখন মুখ ভাঁহি আহিছে সেইখন হ’ল অখিল গগৈ। অখিল গগৈ এতিয়া অকল নিম্ন মধ্যবিত্তৰ এক প্ৰতিবাদী সত্তা হৈ থকা নাই। অখিল এতিয়া অসমৰ সকলো জনতাৰ এক গ্রহণযোগ্য নেতা হিচাপে প্ৰতিপন্ন হৈছে। এই সময়ছোৱাত এটা কথা মন কৰিছোঁ অসমৰ প্ৰতিটো জাতীয় দল-সংগঠনে অখিল গগৈৰ পক্ষত থিয় দিছে। এই কথাই তেওঁৰ গ্রহণযোগ্যতাক প্ৰতিপন্ন কৰিছে। এতিয়া অখিল গগৈৰ কিন্তু কিছু দায়িত্ব আছে আমি আগতেই কৈছো যে প্ৰতিবাদ কৰা আৰু প্ৰতিবাদী ৰাইজক সংগঠিত কৰি এখন চৰকাৰ সলনি কৰা কিন্তু জটিল কাম। এই ক্ষেত্ৰত অসমৰ চুকে কোণে ৰাইজক সংগঠিত কৰিব লাগিব। চৰকাৰে এই সময়ত অখিল গগৈক মুকলি কৰি দিলেও এইয়া কিন্তু হ’ব সাময়িক। যদি কিবা কাৰণত আকৌ আন্দোলনে ব্যাপক বা বিক্ষিপ্ত ৰূপ লয় তেন্তে তেওঁক আকৌ কাৰাগাৰলৈ নিক্ষেপ কৰিলেও একো আচৰিত হ’ব লগা নাই। গতিকে এই সময়ছোৱাত অসমৰ প্ৰতিটো বিৰোধী শক্তিক একত্ৰিত কৰি গগৈ এক শক্তিশালী ভেটি নিৰ্মাণ কৰিবই লাগিব। কাৰণ নিৰ্বাচনত ভোটৰ অংক হ’ব য’ত থাকিব জাতি ধৰ্ম আঞ্চলিক সমস্যা আদি। এটা কথা ঠিক অসমৰ ৰাইজৰ কিন্তু অঞ্চলিকতাবাদক বৰ সহজে বিশ্বাস নকৰিব। কাৰণ অসম গণ পৰিষদে ৰাইজক কি দিলে সকলোৱে দেখিলে। গতিকে এই বিশ্বাসো কিন্তু গগৈয়ে অসমৰ ৰাইজক দিব লাগিব। মুঠৰ ওপৰত চৰকাৰ বিৰোধী আঞ্চলিকতাবাদী শক্তি, জনগোষ্ঠীয় আঞ্চলিকতাবাদী শক্তি, সমূহ বিৰোধী ঐক্য আৰু অসমৰ সৰ্বস্তৰৰ জনগণক একত্ৰিত কৰি এক বিশ্বাস জন্মাই সংগঠিত কৰাৰ দায়িত্বও কিন্তু অখিল গগৈৰে।
লাকুৱাত আলফাৰ ২৯তম শ্বহীদ দিৱস পালন
গেলেকী : শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ চলা-ফুৰা, কাম-কাজ কৰাৰ সন্দেহজনক স্থিতিসমূহ কেতিয়াও নুই কৰিব নোৱাৰি। শেহতীয়াকৈ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ২৯ তম শ্বহীদ দিৱস পালন কৰাৰ খবৰ পোৱা গৈছে। ২৭ জুলাই দিনা উক্ত শ্বহীদ দিৱস পালন কৰে আলোচনাপন্থী আলফাৰ সংগ্ৰামী লোকসকলে। সম্প্ৰতি অসমৰ মুক্তিকামী জনসাধাৰণৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই লাকুৱাস্থিত আলোচনাপন্থী আলফাৰ মুখ্য কাৰ্যালয় নৱ নিৰ্মাণ কেন্দ্ৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় আলফাৰ শ্বহীদ দিৱস। উল্লেখ্য যে আলোচনা পন্থী আলফাৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সংগঠনটোৰ পতাকা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি জ্ঞাপন কৰি শ্বহীদ সকলক স্মৰণ কৰা হয়। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ৰাজখোৱাই কয় যে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে দেশৰ অৰ্থনীতি ভাঙি থানবান হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত দেশৰ দৰিদ্ৰ জনসাধাৰণে যথেষ্ট অসুবিধাৰ মাজেদি দিন অতিবাহিত কৰিব লগা হ’ব। সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিহাৰ কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মূলসুঁতিলৈ উভতি অহা আলোচনাপন্থী আলফা সদস্য সকলেও একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে দেশৰ জনসাধাৰণে অতিবাহিত কৰি থকা এই জটিল সময়ত আলফা শ্বহীদ সকলক স্মৰণ কৰি সভাপতি ৰাজখোৱাই সকলোকে ধৈৰ্য্য সহ আগবাঢ়িবলৈ আহ্বান জনায়। য’ত কেইবাগৰাকীও শীৰ্ষ আলোচনাপন্থী আলফা নেতাই অংশগ্ৰহণ কৰে।
মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ : মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিনসহ ২০ জাই সজিব গুলী
ওৰাং : বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙ্গলবাৰে পুৱতি নিশা পুনৰ মাজবাটত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি৷ ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বিদুৎ দাস বড়ো, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিজান৷ এই অভিজানত সহযোগ কৰে মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰছাদ আৰু ৰৌতা আৰক্ষী থানাৰ আৰক্ষী বিষয়া হেমন্ত বৰুৱাই৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে নিশা চলাইছিল এই অভিযান। অভিযান চলাই ওদালগুৰি আৰক্ষীয়ে পাগলা নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিন আৰু ২০ জাই সজিব গুলী৷ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ বি টি চি পৰিষদীয় নিৰ্বাচন ৰক্তাক্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে। বড়ো ভূমিত উগ্ৰপন্থী সংগঠনে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰৰ হাতত জমা দিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। কিন্তু লক্ষণীয়ভাৱে সঘনাই বড়ো ভূমিত অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ হৈছে। এয়া কোনো উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ নে? প্ৰকৃততে উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত জমা দিয়া নাছিল মাৰণাস্ত্ৰসমূহ। এই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ মুখে মুখে৷












