Home Blog Page 3231

দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰৰ : সাংসদৰ ভূমিকাত ক্ষুণ্ণ সমষ্টিবাসী

নাজিৰা

 ক’ৰ’ণা ভাইৰাছ তথা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ দৈনিক উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা এক অৱস্হাৰ সৃষ্টি হৈছে। চৰকাৰ তথা বিভিন্ন সামাজিক সংগঠন আৰু একাংশ মানৱদৰদী লোকে এই পৰিয়ালবোৰক কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সকলো পৰিয়ালৰ বাবে সেয়া পৰ্যাপ্ত নহয় বা বহু পৰিয়াল এনে সাহায্যৰ পৰা বঞ্চিত হৈ আছে। ইফালে এনে এক সময়তে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হয়। যাৰ বাবে ইছলাম ধৰ্মাৱলম্বী বহু দৰিদ্ৰ পৰিয়ালে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। এনে সময়তে ইছলাম ধৰ্মাৱলম্বী এই দৰিদ্ৰ পৰিয়ালসনূহৰ ভিতৰৰ পৰা কেইটামান দৰিদ্ৰ পৰিয়ালক কিছু ৰোজাৰ খাদ্য সামগ্ৰী যোগান ধৰি পৰিয়ালকেইটাক সহায় কৰিবলৈ আগবাঢ়ি আহিল নাজিৰা মহকুমাৰ বিশিষ্ট সমাজকৰ্মী তথা শিমলুগুৰিৰ বাসিন্দা ডাঃ প্ৰবীন কুমাৰ কোঁৱৰ৷ সমাজকৰ্মীজনে এই পৰিয়ালকেইটিৰ মাজত দাইল, আলু, পিঁয়াজ, খেজুৰ, বুট, আপেল, চেৱৈ আৰু এটুকুৰা ডেটল  চাবোন প্ৰদান কৰে। উল্লেখ্য যে নাজিৰাৰ সাংবাদিক নেকীব আহমেদৰ অনুৰোধ মৰ্মে বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰে ৰমজানৰ পূৰ্বে কেইবাটাও দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিছিল।নাজিৰাৰ ৰাইজে সমাজকৰ্মীজনৰ এনে মহানুভৱতাক শলাগ লোৱাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালসনূহৰ এনে সংকটকালৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈয়ে নিৰাপদ দূৰত্বত অৱস্হান কৰাৰ অভিযোগ উঠিছে। 

মহানগৰীত ক’ৰ’ণাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

ডিজিটেল ডেস্ক

মহানগৰীত ক’ৰ’ণাত ভাইৰাছত আক্ৰান্তহৈ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে৷ কিশোৰীগৰাকীৰ নাম দীপিকা বাছফৰ। উল্লেখ্য যে দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী৷ মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে আছিল দীপিকা। বিৰুবাৰীত ঘৰ যদিও, আইতাকৰ সৈতে থকা দীপিকা জ্বৰ আৰু ক’ৰ’ণাজনিত উপসৰ্গই দেখা দিয়াত তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল। ১৩ বছৰীয়া দীপিকা বৃহস্পতিবাৰে দুপৰীয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ দেহত কোভিড-১৯ৰ উপসৰ্গই দেখা দিয়াৰ বাবে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত দীপিকা কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰ পাছতেই বি বৰুৱা কেন্সাৰ হাস্পতালৰ আবাসিক কলনীত বাস কৰা দীপিকাৰ আইতাক মালতী বাছফৰ আৰু তেওঁৰ পৰিয়ালৰ আন ব্যক্তিসকলক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে। উল্লেখ্য যে এই পৰ্যন্তলৈ ৰাজ্যত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ দ্বিতীয়গৰাকীৰ মৃত্যু হয় গুৱাহাটীত।

হোজাইত মাস্ক পৰিধান নকৰাৰ অপৰাধত ৩৫ জনক জৰিমনা

লংকা

লকডাউনৰ ফলত অসমত আবদ্ধ হৈ পৰা লোকসকলক আন্তঃৰাজ্যিক যাতায়াতৰ অনুমতি পত্ৰ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে। আন্তঃৰাজ্যিক যাতায়াতৰ বাবে যিসকলে ব্যাক্তিগত বাহন বা ভাড়া লোৱা বাহনৰে ইচ্ছুক তেওঁলোকে বাহনৰ নথিপত্ৰৰ লগতে নিজৰ লাগতিয়াল তথ্য সমূহৰ সৈতে ৭ তাৰিখৰ পৰা হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ হেল্প ডেস্কত সোঁশৰীৰে উপস্থিত হ’বলৈ জিলা প্ৰশাসনে এক প্ৰেছ বিজ্বপ্তিযোগে অনুৰোধ জনাইছে। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত যোৱা ২৮ এপ্ৰিলৰ পৰা ৫ মে’ তাৰিখলৈকে হোজাই জিলাৰ পৰা মুঠ ৬৫৩ গৰাকী ব্যক্তি অন্য জিলালৈ গৈছে আৰু ২৩৪৩ গৰাকী ব্যক্তি অন্য জিলাৰ পৰা হোজাই জিলালৈ আহিছে। আনহাতে ৬ মে’লৈকে লকডাউনৰ সময়ত আইন শৃঙ্খলা ভংগৰ অপৰাধত হোজাই আৰক্ষী প্ৰশাসনে ৫৮ জন ব্যাক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে দুচকীয়া বাহন ৬৮২ খন, তিনিচকীয়া বাহন ৯ খন, চাৰিচকীয়া বাহন ৮২ খন আৰু বাইচাইকেল ৫৮ খন জব্দ কৰে। ইয়াৰ উপৰি ২১ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।  এতিয়ালৈকে প্ৰশাসনে ৮,১৩,৭০০ টকা জৰিমনা আদায় কৰিছে। আনহাতে হোজাই জিলাত  মাক্স পৰিধান নকৰাৰ বাবে ৩৫ জন লোকক ১২৫০  টকা জৰিমনা কৰাৰ লগতে ধঁপাত  জাতীয় সামগ্রী বিক্ৰী কৰাৰ অপৰাধত ৪ জন ব্যাক্তিক ১০৯০ টকা জৰিমনা বিহিছে।

‘Mindora’- মানসিক সমস্যাৰ এক ডিজিটেল প্লেটফৰ্ম

‘Mindora’- মানসিক সমস্যাৰ এক ডিজিটেল প্লেটফৰ্ম

কংকণজ্যোতি ভূঞা

প্ৰতিটো সৰু-ডাঙৰ কথা খুলি ক’বলৈ সাহস লাগে আৰু সেই সাহসক দৃঢ় কৰিবলৈ লাগে এগৰাকী শ্ৰোতা। যাৰ আগত বিনাদ্বিধাই সকলো কথা ক’ব পাৰি, যিয়ে প্ৰতিটো কথা বুজিবলৈ অথবা চালি জৰি চাবলৈ চেষ্টা কৰে। “ডিপ্ৰেশ্যন” বেমাৰ নহয়, দুৰ্বলতাও নহয় আৰু মুকলিকৈ আলোচনা কৰিব নোৱাৰা কোনো অস্পৃশ্য বিষয়ো নহয়। “ডিপ্ৰেশ্যন”ত ভোগা মানুহবোৰ অকলশৰীয়া, ভিৰৰ মাজতো নিসংগ তেওঁলোক, কাৰোবাৰ ভুল ধাৰণা চিকাৰ অথবা চিকাৰ কাৰোবাৰ গুৰুত্বহীনতাৰ। তদুপৰি আজিকালিৰ মানুহৰ সময় ক’ত? কোনে শুণে কাৰ কথা? নিজৰ বাবেই দেখোন সময়ৰ নাটনি।     তেনে এক প্ৰেক্ষাপটত নলবাৰীৰ সমাজহিতৈষী শিক্ষিত যুৱক চিন্ময় কাশ্যপ আৰু গুৱাহাটীৰ জয়ন্ত শালৈয়ে অসমবাসীৰ বাবে লৈ আহিছে ‘Mindora’  নামেৰে এটি সামাজিক সংস্থা।” য’ত আপোনাৰ- মোৰ প্ৰতিটো মানসিক সমস্যা যেনে ষ্ট্ৰেছ, ডিপ্ৰেশ্যন,  এনেস্কিতিৰ বিষয়ে আলোচনা কৰিব পাৰিব আৰু ইয়াৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজক প্ৰস্তুত কৰিব পাৰিব। জনসাধাৰণৰ মাজত অধিক সজাগতা বৃদ্ধি কৰা, কাৰোবাক নিজকে শেষ কৰি দিয়াৰ পৰা ৰক্ষা কৰা, কাৰোবাক এদিনৰ বাবে শ্লিপিং টেবলেট খোৱাৰ পৰা আঁতৰাই ৰখাৰ বাবে আজীৱন প্ৰতিজ্ঞাবদ্ধ Mindoraই ইয়াৰ বাবে ৰাইজৰ পৰা Mindora ৰ সঁহাৰি ২ স্তৰীয়ভাৱে আশা কৰিছেঃ

১/ বুকিং (তেওঁলোকৰ social media ৰ লিংকত ইয়াৰ বাবে নিৰ্দিষ্ট ফৰ্ম পাব)

২/ Psychologist ৰ সৈতে বাৰ্তালাপ ফোন বা মেছেজৰ দ্বাৰা আৰু যদিহে আপোনাৰ সমস্যা গুৰুতৰ তেন্তে সংস্থাৰ ফালৰ পৰা এজন Psychyatrist ৰোগীগৰাকীৰ ঘৰলৈ পঠোৱা হ’ব medical consultation ৰ বাবে। 

   সংস্থাৰ প্ৰতি আমাৰ সঁহাৰি সংস্থাৰ অভিজ্ঞ সদস্যৰ দ্বাৰা কৰা হ’ব। কোনো ৰ’বট, কম্পিউটাৰ কিম্বা স্বয়ংক্ৰিয় মেচিনৰ দ্বাৰা নহয়। সংস্থাটোৱে বিশ্বাস কৰে যে মানুহৰ মানসিক সমস্যাৰ বিষয়ে মানুহে ভালদৰে বুজিব পাৰিব কোনো ৰ’বটে নহয়। স্মৰ্তব্য যে বৰ্তমান সংস্থাটোত ১৮ গৰাকী নিৰ্দিষ্ট বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ সদস্যই কাম কৰি আছে।      বৰ্তমান বিশ্বব্যাপী বিভীষিকাৰ সৃষ্টি কৰা মহামাৰী ক’ভিড-১৯ ৰ সময়ত আমি অৰ্থনৈতিক, আৰ্থিক,  বেপাৰ-বাণিজ্য, চাকৰি সকলোতে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে সেয়েহে এই সকলোবোৰ সমস্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি আমাক মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। এনে সময়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই অহা ১৫ মে’লৈ সংস্থাটোৱে  সমগ্ৰ দেশতে সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াব বুলি সিদ্ধান্ত লৈছে। জানিব পৰা মতে, বৰ্তমান তেওঁলোকৰ বুকিং প্ৰক্ৰিয়া চলি আছে আৰু ভাৰতৰ বিভিন্ন চহৰৰ পৰি এতিয়ালৈকে অতি কমেও ৭৩ টি বুকিং সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। Mindoraই ৰাইজক এনেকুৱা এখন ডিজিটেল প্লেটফৰ্ম দিব বিচাৰিছে য’ত আপোনালোকে নিজকে মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখিব পাৰে। তদুপৰি আমি বহুতো ব্যক্তিগত অনুষ্ঠান, চৰকাৰী অনুষ্ঠানত বিভিন্ন seminar, stress management workshop  আদিৰ ব্যৱস্থা কৰা হৈছে লগতে আৰু এনেকুৱা প্ৰচেষ্টা বহুতো অনুষ্ঠানৰ সৈতে যৌথভাৱে চলায় নিয়াৰ বাবে সংকল্পবদ্ধ হৈছে। সংস্থাৰ যোগাযোগ ঠিকনাঃ Facebook- https://www.facebook.com/mindoraindia/, Instagram- https://www.instagram.com/mindoraindia/, Twitter- https://twitter.com/mindoraindia.                                 ভ্ৰাম্যভাষঃ ৮৬৩৮২-৩৫৪৮১ 

জামুগুৰিহাটত শিল্পীৰ ক’ৰ’ণা সজাগতাৰ ওপৰত ব্যতিক্ৰমী পদক্ষেপ : ক’ৰ’ণাক লৈ কল্প কাহিনীৰে ভাওনা

জামুগুৰিহাটত শিল্পীৰ ক'ৰ’ণা সজাগতাৰ ওপৰত ব্যতিক্ৰমী পদক্ষেপ

জামুগুৰিহাট

তলাবন্ধৰ  মাজতে নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেদি জনসাধাৰণৰ মাজত ক’ৰ’ণা ভাইৰাছৰ সজাগতা আনিবৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ এচাম শিল্পী৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইজনমান শিল্পীয়ে স্বৰ্গৰ এক কল্প কাহিনীৰে ক’ৰ’ণা সংক্ৰমণৰ পৰা ৰোধ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে হাস্যমধুৰ এখন চুটি ছবি নিৰ্মাণ কৰিছে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ক’ৰ’ণাক দানৱৰ চৰিত্ৰ ৰূপত দেখুওৱা হৈছে৷ দানৱৰূপী ক’ৰ’ণাক লৈ স্বৰ্গত ক’ৰ’ণাসুৰ নামেৰে প্ৰস্তুত কৰা ভিডিঅ’টোত দেৱ সমাজৰ মাজত ইয়াক লৈ হোৱা চৰ্চা আৰু আতংকৰ দৃশ্য পৰিৱেশন কৰা হৈছে৷ মৰ্ত্তৰ জনগনে ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে কি কি উপায় ল’ব লাগিব ভিডিঅ’টোত তাৰো দৃশ্যায়ন ঘটিছে৷ ভগৱান শিৱই যিখন গংগাক শিৰত লৈ ফুৰে সেই গংগাৰ পানী অপবিত্ৰ কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ মৰ্ত্তৰ জনগণক আহ্বান জনাইছে৷ পাৰিপাশ্বিকৰ্তা, প্ৰকৃতি ধংস, মানুহে নিজকে দেৱতা বুলি ভাৱিবলৈ লোৱা কথা বিলাকো শিৱৰ মুখেদি ভিডিঅ’টোত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে৷ শৈলেন বৰকটকীৰ কাহিনী, চিত্ৰ নাট্য আৰু পৰিকল্পনাৰে  প্ৰস্তুত কৰা ভিডিঅ’টোৰ পৰিচালনা মানস বৰাৰ৷ ইতিমধ্যে ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে৷

যোৰহাটত সাংবাদিকক কৰা দুৰ্ব্যৱহাৰ : আপকুৰ গৰিহণা

টীয়ক

যোৰহাটৰ  সাংবাদিক দিব্যজ্যোতি বৰাক মঙলবাৰে এজন ছেক্টৰ মেজিষ্টেটৰ নেতৃত্বত এটা আৰক্ষী দলে ৰাজপথতে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক আপকুৰ যোৰহাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে। সাংবাদিকৰ ওপৰত এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি ব্যক্ত কৰে আপকুৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিলীপ ভূঞাই। আপকুৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা প্ৰশাসনক ঘটনাৰ শীঘ্ৰে তদন্ত কৰি দোষী ছেক্টৰ মেজিষ্টেটগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। আনহাতে এই ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি কৰ্তব্যত উপস্থিত থাকে।

বৰপথাৰত জব্দ কেইবা লক্ষাধিক অবৈধ অৰুণাচলী সুৰা

ধনশিৰি

অসম চৰকাৰক কোটি কোটি টকাৰ ৰাজহ চুৰি কৰি  অবৈধভাৱে চলাই অৰুণাচলী সুৰা ব্যৱসায়ী চক্ৰটো যোৱা কিছু মাহ ধৰি স্তব্ধ হৈ পৰিছিল যদিও  উজনি অসমত পুনৰ সক্ৰিয় হৈ পৰিছে৷ বহু বছৰ ধৰি অবৈধ অৰুণাচলী সুৰা ব্যৱসায় চক্ৰটোৱে কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথেদি চলাই আছিল যদিও দল-সংগঠন তথা কিছু আৰক্ষী বিষয়াৰ সতৰ্কতাৰ বাবে এই ৰাষ্ট্ৰীয় ঘাই পথটোৱে নিবলৈ পৰা নাছিল৷ এই ব্যৱসায়ী চক্ৰটোৱে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি যোৱা কিছু মাহৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ হৈ চূঙাজান হৈ নগালেণ্ডলৈ প্ৰেৰণ কৰি  এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল৷ যোৱা কিছু মাহৰ পূৰ্বে চূঙাজানত ৰাইজে তিনিখন কৈ অবৈধ  অৰুণাচলী সুৰা ৰাইজে জব্দ কৰি চূঙাজান আৰক্ষীক গটাই দিয়াৰ পিছত এই সুৰা ব্যৱসায়ীসকলে এই ব্যৱসায়টো কিছু সাম কটাইছিল যদিও পুনৰ সক্ৰিয় হৈ লকডাউনৰ আৰক্ষীৰ চকুত ধুলি দি এই অবৈধ সুৰাৰ ব্যৱসায় কৰিবলৈ উঠিপৰি লগা পৰিলক্ষিত হৈছে ৷ যোৱা ৭ মে’ৰ পুৱতি নিশা মেৰাপানীৰ পৰা গেলাবিল হৈ নগালেণ্ডলৈ গৈ থকা অৱস্হাত বৰপথাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপথাৰৰ গেলাবিলত এ এছ ১২ ই ৭৪৭১ নম্বৰৰ এখন ট্ৰাকত  অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি অনা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷  বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছে অৰুণাচলী সুৰাৰ এই ট্ৰাকখনত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল কেইবালাখ টকাৰ অবৈধ অৰুণাচলী সুৰা৷ ব্যৱসায়ী চক্ৰটোৱে ট্ৰাকখনৰ বডীত নিৰ্মাণ কৰা হৈছিল গোপন চেম্বাৰ আৰু এই গোপন চেম্বাৰতে প্ৰায় ৭০ কাৰ্টন সুৰা কঢ়িয়াই আনিছিল৷ পুৱতি নিশা গোলাঘাট জিলাৰ মেৰাপানী হৈ ধনশিৰি মহকুমাত প্ৰৱেশ কৰিছিল সুৰাভৰ্তি ট্ৰাকখন৷ লকডাউনৰ মাজতো অবৈধ সুৰা সৰবৰাহৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ধনশিৰি মহকুমাত৷ এই সুৰা সৰবৰাহত মেৰাপানীৰ জনৈক দাস উপাধিৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ উঠি আহিছে যদিও গোলাঘাট জিলা আৰক্ষীয়ে আজিলৈকে এই অবৈধ সুৰা ব্যৱসায়ী চক্ৰটো উৎসাত কৰিবলৈ সমক্ষ হোৱা নাই৷ উল্লেখ্য যে এই অবৈধ সুৰা ব্যৱসায়ৰ বাবে যোৱা বৰ্ষত বোকাজান সিং উপাধিৰ এজন সুৰা ব্যৱসায়ী আৰু এই অবৈধ সুৰাৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ যোৱা   আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসহ বহুকেইজনে দূৰ্বিত্তৰ হাতত প্ৰাণ হেৰুৱা ঘটনাটো সুৰাৰ ব্যৱসায়ী চক্ৰটো জড়িত আছে বুলি সন্দেহ কৰা হৈছে৷ ধনশিৰি মহকুমাত এই সুৰা ব্যৱসায়ী চক্ৰটোৱে কেনেকৈ আৰক্ষীৰ চকুত ধুলি দি পুনৰ অবাধে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ই এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে ধনশিৰি মহকুমা একাধিক সমাজ সংস্কাৰক, ৰাজনৈতিক দলৰ নেতা, পালি নেতাই কিছু দল-সংগঠন, আৰক্ষীক মেনেজ কৰি এই ব্যৱসায় চলাইছিল বুলি সচেতন ৰাইজে অভিযোগ কৰিছে৷ লগতে এই অবৈধ ব্যৱসায়টো বন্ধ কৰিবলৈ  ধনশিৰি মহকুমাৰ জাতীয় দল সংগঠনকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে স্হানীয় সচেতন ৰাইজে৷

নগৰবেৰাৰ জামলাইত পথ দুৰ্ঘটনাত আৰক্ষী জোৱান নিহত

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাইত পথ দুৰ্ঘটনাত আৰক্ষী জোৱান নিহত

বকো

 কামৰূপ জিলা বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  জামলাইত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে এএছ-২৫ এ চি ৬৬৭০ নম্বৰৰ এখন মালবাহী মহিন্দ্ৰ মেস্কিম গাড়ীয়ে নগৰবেৰা বজাৰত ৰাজমোহন পাঠক নামৰ হোমগাৰ্ড এজন খুন্দিয়াই  আহত কৰে৷ ইয়াৰ পিছত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ নগৰবেৰা আৰক্ষী থানাৰ কৰ্তব্যৰত কনিষ্টবল মনছেৰ আলী (৪৫) য়ে বাইকেৰে পিছে পিছে খেদি গৈ থকা অৱস্থাত জামলাইৰ পকী দলঙৰ ওচৰত মহিন্দ্ৰ মেস্কিম গাড়ীখনে বাইক এখনক খুন্দিয়াই পলায়ন কৰে। ফলত গুৰুতৰভাৱে আহত আৰক্ষী জোৱান মনছেৰ আলীৰ লগতে পৱিত্ৰ কলিতা নামৰ আন এজন যুৱকো আহত হয়। আহত মনছেৰ আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও  ইতিমধ্য আৰক্ষী কনিষ্টবলজনৰ মৃত্যু হয়। নগৰবেৰা আৰক্ষীয়ে ইতিমধ্য কনিষ্টবলজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাবে জি এমচি এইছলৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে। 

জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু : দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন

জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু

গুৱাহাটী

অসমৰ এজন জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ বুধবাৰে নিশা ১০ বজাত মৃত্যু হয়৷ যোৱা চাৰি দশক ধৰি গুৱাহাটীত সাংবাদিকতা কৰা জ্যেষ্ঠ সাংবাদিকজন প্ৰায় ডেৰ মাহ ধৰি চিকিৎসালয়তে আছিল৷ মৃত্যুৰ পূৰ্বে দুদিন ধৰি সাংবাদিকজনক আইচিইউত ৰখা হৈছিল৷ বিগত বৰ্ষত সাংবাদিক পেঞ্চন লাভ কৰা পদ্মেশ্বৰ চিত্ৰকৰে ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ এজন নিৰ্ভিক সাংবাদিক হিচাপে ৰাজ্যখনত বিশেষ স্থান লাভ কৰা সাংবাদিক চিত্ৰকৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷ সংবাদিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বৃহস্পতিবাৰে ‘দৈনন্দিন বাৰ্তা’ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰে৷ ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞিৰ লগতে কাকতখনৰ সাংবাদিক আৰু কৰ্মচাৰীসকলে পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যুত শোক প্ৰকাশ কৰি বন্তি প্ৰজ্বলন কৰে৷

মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি গকুল ভৰালীৰ দেহাৱসান

নাজিৰা

 গুৱাহাটীৰ খানাপাৰাত অৱস্থিত হেল্প চিটি চিকিৎসালয়ত বৃহস্পতিবাৰে দিনৰ ৩.৩০ বজাত দেহাৱসান হয় মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্বৰ প্ৰতিষ্ঠাপক আৰু  নৱনিৰ্বাচিত সভাপতি গকুল ভৰালীৰ। গুৱাহাটী ফটাশিল আমবাৰীৰ বাসিন্দা আছিল গকুল ভৰালী। মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্বৰ প্ৰতিষ্ঠাপক আৰু নৱ নিৰ্বাচিত সভাপতি গকুল ভৰালীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলা সমিতিয়েও।মহাপুৰুষীয়া সমাজ জিলা সমিতিয়েও গকুল ভৰালীৰ মৃত্যুত শোক প্ৰকাশ কৰি নাজিৰাৰ হাঁ‌হচৰা লাটুম গাঁৱত অৱস্থিত মহাপুৰুষীয়া সমাজৰ নামঘৰত বৃহস্পতিবাৰে পুৱাই নামঘৰৰ বিষয়ববীয়াই মহাপুৰুষীয়া সমাজৰ ধৰ্মধ্বজা অৰ্ধনমিত কৰে।তেওঁৰ মৃত্যু মহাপুৰুষীয়া সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি হৈ ৰ’ল বুলি মন্তব্য কৰে মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলা সমিতিয়ে।