Home Blog Page 3232

হোজাইৰ নীলবাগানত সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

হোজাই : অসমৰ বান আৰু গৰা খহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত সাহাৰ্য্য আৰু ক্ষতিপূৰণৰ দাবী তুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দ্দেশ মৰ্মে আজি হোজাই জিলা আমছুৱে নীলবাগানত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ আমছুৰ হোজাই জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্য্যসূচী ৰপায়ন কৰে৷ আমছু কৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সমগ্ৰ নীলবাগানৰ পৰিবেশ উত্তাল কৰি তুলে৷ প্ৰায় আধা ঘন্টাজুৰি প্ৰতিবাদ কৰাৰ অন্তত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বানাক্ৰান্ত আৰু গৰাসহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী সন্মিলীত স্মাৰক পত্ৰ প্ৰদান কৰে।

আইন কেতিয়াবা সকলোৰে বাবে সমান হ’বগৈনে ?

পুলিন শইকীয়া

‘আইন সকলোৰে বাবে সমান’ বুলি যদিও কোৱা হয়, প্ৰকৃতপক্ষে এই কথা সত্য হয় জানো? অৱশ্যে ন্যায়ালয়ৰ মজিয়াত কথাষাৰ সত্য যদিও কোনো কোনো গোচৰৰ ক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰে ন্যায়ালয়ক প্ৰভাৱিত কৰাৰো অভিযোগ নথকা নহয়৷ আইনৰ ৰক্ষক আৰক্ষীৰ দ্বাৰা সততে আইন ভংগ কৰাৰ দেধাৰ উদাহৰণ আছে৷ এইসকল আৰক্ষীৰ নব্বৈ শতাংশৰ ওপৰতে কোনো বিহীত ব্যৱস্থা লোৱা নহয়৷ আৰক্ষীৰ দ্বাৰা বহু নিৰীহ লোকে বহু হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে৷ উচিত বিচাৰৰ বাবে তেওঁলোকে দিনৰ পাছত দিন বাট চাইছে৷ ন্যায় তেওঁলোকৰ বাবে সুদূৰপৰাহত৷ বহু সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত বা অন্য লোকৰ দ্বাৰা নিৰ্যাতিত লোকে ন্যায় লাভৰ ক্ষেত্ৰত আৰক্ষীয়ে বাধা হৈ থিয় দিয়ে৷ হয়তু সেইসময়ত তেওঁলোকে নিজৰ মূৰৰ ওপৰত লৈ ফুৰা কথাষাৰ পাহৰি যায়৷ জনহিত জনসেৱাৰ্থে৷  আমাৰ ৰাজ্যৰ একাংশ মন্ত্ৰী বিধায়ক, পত্নী-পুত্ৰ, সাংগোপাংগো, ঢেমাধৰাই চৰকাৰৰ নীতি-নিয়মক সদায় বুঢ়াআঙুলি দেখাই আহিছে৷ এইসকলৰ ওপৰত মাত মাতিবলৈ কাৰো শক্তি নাই৷ কেতিয়াবা কিবা কাৰণত আৰক্ষী বা অন্যলোকে ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িলেও যাদুকৰি ফোনৰ শব্দত থমকি ৰয়৷ সাধাৰণ জনতাৰ বাবে আইন বেলেগ আৰু তেওঁলোকৰ বাবে যেন আইন বেলেগ৷ বিশ্বত্ৰাস মহামাৰী কৰ’না কালতে কথাটো স্পষ্ট হোৱা যেন লাগিল৷ এতিয়া কথা হ’ল এনে ধৰণৰ বৈষম্যসমূহ দূৰ কৰি প্ৰতিজন দোষী ব্যক্তিৰ প্ৰতি একে দৃষ্টি প্ৰদান কৰি শাস্তি প্ৰদান কৰাৰ সাহস চৰকাৰৰ হ’বনে?’ আইন সকলোৰে বাবে সমান’  বুলি ৰাইজ পতিয়ন যোৱাৰ বাতাবৰণ এটা কেতিয়াবা গঢ়ি উঠিবনে? নে গণতন্ত্ৰত এয়া সম্ভৱ নহয় ?

সোণতলীত ডকাইতি কাণ্ডঃ ব্যৱসায়ীক ডেগাৰেৰে হানি ধন লুটি নিয়াৰ চেষ্টা

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে দুটাকৈ চাঞ্চল্যক ঘটনা সংঘটিত হয়৷ তাৰে এটা হ’ল লোমহৰ্ষক হত্যাকাণ্ড আনটো হ’ল ডকাইতি কাণ্ড৷ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই সোণতলীৰ পল্লীমঙ্গলত সংঘটিত হয় আন এক ডকাইতি কাণ্ডৰ ঘটনা৷ জানিব পৰা মাতে, সোণতলী আৰক্ষী চকীৰ এলেকাধীন বৰ আৰিকাটি গাঁওনিবাসী ৰবিউল হুছেইনে সোণতলী বজাৰত থকা তেওঁৰ দোকানৰ পৰা নগধ ৩০ হাজাৰ টকা লগত লৈ ঘৰলৈ ওভতাৰ পথত পল্লীমঙ্গল চাৰিআলি চকত একেখন গাঁৱৰে বছিৰ উদ্দিন নামৰ ডকাইত জনে ৰবিউল হুছেইনক পিছফালৰ পৰা ডেগাৰ আক্ৰমণ কৰে৷ ডেগাৰেৰে আক্ৰমণ কৰাৰ পাছত ৰবিউলৰ লগত থকা নগধ ৩০ হাজাৰ টকা লুটি নিয়াৰ চেষ্টা চলায়৷ ব্যৱসায়ী ৰবিউল হুছেইনে চিঞৰি উঠাত স্থানীয় ৰাইজে আগবাঢ়ি আহি ডকাইত বছিৰ উদ্দিনক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰবিউল হুছেইনক ৰাইজে চিকিৎসাৰ বাবে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ ৰবিউল হুছেইন বৰ্তমান সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে৷ আনহাতে ডকাইতৰূপী বছিৰ উদ্দিনক  আজি  স্থানীয় ৰাইজে ধৰি বান্ধি সোণতলী আৰক্ষীক গটাই দিয়ে৷ উল্লেখ্য যে, ব্যৱসায়ী ৰবিউলক আক্ৰমণ কৰা বছিৰ উদ্দিন নামৰ যুৱকজন মানসিকভাৱে বিকাগ্ৰস্থ বুলি ৰাইজে জানিবলৈ দিয়ে৷

অসমত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ বানপানীৰ, মৃত্যু হোৱা লোকৰ সংখ্যা ১২০ গৰাকীলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰে সদৰি কৰা মতে এতিয়ালৈকে অসমত বানপানীৰ ফলত ১২০ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে অসমৰ ২৩ খন জিলাৰ মুঠ ২৪,৭৬,৪৩১ গৰাকী লোক বৰ্তমান বানপানীৰ কৱলত। বানপানীৰ ফলত কাজিৰঙাৰ ১৪ টা গড়ৰ মৃত্যু হৈছে।

যুৱতীক অশ্লীল মেচেজ দি শলঠেকত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি : ব্যাপক প্ৰতিক্ৰিয়া

তিনিচুকীয়া : এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দি আৰক্ষীৰ শৰণাপন্ন হ’বলগা হৈছে শাসকীয় বিজেপি দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা। নেতাগৰাকী হ’ল বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি। কাকপথাৰ থানাৰ অন্তৰ্গত কুমচাং চাহ বাগিচাৰ ৬ নং লাইনৰ বাসিন্দা মানকিয়ে শনিবাৰে নিশা বাগিচাখনৰে ১৮ নং লাইনৰ এগৰাকী শিক্ষিত যুৱতীক মোবাইলত অশ্লীল প্ৰস্তাৱ দিয়াত কালি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাকপথাৰ থানাত বিষয়টোক লৈ এজাহাৰ দাখিল কৰাৰ লগতে লাইনৰ একাংশই মানকিক আটক কৰাৰ দাবীত কাকপথাৰ থানা ঘেৰাও কৰে। পৰিস্থিতি বিষম দেখি মানকিয়ে কাকপথাৰ থানাৰ পৰিৱৰ্তে ডুমডুমা থানাত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়। কাকপথাৰ থানাই লাভ কৰা এজাহাৰৰ ভিত্তিত মানকিৰ বিৰুদ্ধে ২৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে যদিও গোচৰৰ ধাৰা জামিনযোগ্য হোৱাত মানকিক ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে। অৰ্ধশতক বয়সৰ দেওনা পাৰ কৰা শাসকীয় দলৰ ৰাজ্যিক বিষয়-ববীয়াগৰাকীয়ে কুৰি বছৰীয়া যুৱতীগৰাকীলৈ দিয়া অল্লীল প্ৰস্তাৱক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ষমতাৰ ৰাগীয়ে মূৰত ধৰা নেতাগৰাকীৰ এনে কৰ্মকাণ্ডই চাহ জনগোষ্ঠীটোক লজ্জানত কৰা বুলি চৰ্চা চলিছে। সম্প্ৰতি নেতাগৰাকীয়ে যুৱতীগৰাকীলৈ প্ৰেৰণ কৰা অশ্লীল প্ৰস্তাৱৰ কথোপকথন বিভিন্নজনৰ মোবাইলে মোবাইলে উপলব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

উজনি-মাজুলী : বছৰৰ তৃতীয়টো বানে তাণ্ডৱ অব্যাহত ৰাখিছে মাজুলীত। মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ততোধিক গাঁও। বিশেষকৈ জিলাখনৰ চেঙেলীবাৰী, মেৰুৱাবাৰী, কলিতাপাৰ, ঠাকুৰসুঁতি, পকাজৰা, নতুন কমলাবাৰী, বৰগুৰি, জেংৰাই চাপৰি আদি বিস্তৃত অঞ্চলসমূহ বছৰটোৰ আধাখিনি সময়েই জলমগ্ন হৈ আহিছে বছৰ বছৰ ধৰি। কোনো উন্নয়নেই যেন চুব পৰা নাই মাজুলীৰ মুখ্যস্থল গড়মূৰৰ গাতে লাগি থকা এই অঞ্চল তথা গাঁওসমূহত। খেতি-পথাৰ, ঘৰ-ভেটি সকলো বানত ডুব যোৱাত জীয়াতু ভুগিছে সৰ্বসাধাৰণে। পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা চৰকাৰখনে বাৰু শুনিবনে এইসকল দুৰ্ভগীয়াৰ আৰ্তনাদ। সম্ভৱ হ’বনে প্ৰকৃত উন্নয়ন আৰু বৈজ্ঞানিক সুৰক্ষা ব্যৱস্থা।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ, মৰিয়নি কংগ্ৰেছ নেতাৰ দুষ্কাৰ্য

হাঁহচৰা :  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি মতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা নকছাৰী দেৱেৰাপাৰ গাঁৱৰ বাসিন্দা ইমতাজ আলি নামৰ লোকজনৰ বিৰুদ্ধে নিজৰ গৃহ নিৰ্মাণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰি ব্যৱহাৰ কৰা বুলি স্থানীয় পাপু জামাল হাজৰিকা নামৰ লোকজনে আৰক্ষীক এজাহাৰ প্ৰদানৰ পিছত মৰিয়নী ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত দেবেৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰষেশ্বৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইমতাজ আলি নামৰ লোকজনৰ গৃহত অভিযান চলাই ঘৰৰ পিছফালে লুকুৱাই থোৱা অৱস্থাত ১২ ডাল পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে বহু সংখ্যক পাইপ লোকজনে নিৰ্মিয়মান গৃহটোত ব্যৱহাৰ কৰা লগতে চিমেন্টে প্লাচটাৰ কৰি ঢাকি দিয়ে বুলি জানিব পৰা গৈছে।  লোকজনে নৱ নিৰ্মিত গৃহটোৰ খুটা সমূহ নিৰ্মাণত পানীৰ পাইপসমুহ ব্যৱহাৰ কৰিছিল। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিত ব্যৱহাৰ কৰিবলৈ মজুত ৰখা বৃহৎ সংখক পানীৰ পাইপ দীৰ্ঘদিনৰ পৰা অন্তৰ্ধান হৈ থকা পাছতো বিভাগৰ ফালৰ পৰা আৰক্ষীক অৱগত নকৰাত বিভাগটোৰ বিষয়া কৰ্মচাৰী এই চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ  কৰি বীৰ লাচিত সেনাৰ নকছাৰী আঞ্চলিক সমিতিয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। ইতিমধ্যে সংগঠনটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্ত্ৰা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দেবেৰাপাৰ থানাত এখন এজাহাৰ দাখিল কৰি তদন্তৰ দাবী কৰিছে।

মাজবাটত বিধ্বংশী অগ্নি কাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

ওৰাং : নিশা মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হয় বিধ্বংশী  অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকৰ সন্দেহ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ। মাজবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ  কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।

লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক : বিৰাজ কুমাৰ চৌধুৰী

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ আইনী প্ৰক্ৰিয়াত ওত:প্ৰোতভাৱে জড়িত অধিবক্তা সকলৰ ৮০ শতাংশ অধিবক্তাই আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে৷ কিয়নো যোৱা মাৰ্চ মাহৰ পৰা জুলাই মাহ পৰ্যন্ত ন্যায়ালয়ৰ কাম-কাজ সঠিকভাৱে চলা নাই ৷ কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে প্ৰযোজ্য কৰা লকডাউনৰ বাবেই আইনী কাম-কাজ অস্হিৰ হৈ পৰিছে৷ সেইবাবেই অধিবক্তাসকলৰ লগতে তৰণি, দলিল বিক্ৰেতা, কম্পিউটাৰ টাইপিষ্টসকলৰ আৰ্থিক দিশত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ এই ক্ষেত্ৰত চৰকাৰে অধিবক্তা সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ বাবেই দাবী উত্থাপন কৰে গুৱাহাটী উকিল সংস্হাই ৷ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গুৱাহাটী উকীল সন্হাৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে সংবাদ মাধ্যমলৈ ৷ সভাপতি বিৰাজ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰবীন কলিতাই কয়, লকডাউনৰ ফলত ৮০ শতাংশ অধিবক্তা ভীষণ আৰ্থিক সংকটত পৰিছে৷ দৈনিক ভিত্তিত উপাৰ্জন কৰি নিজৰ ঘৰ সংসাৰ চলোৱা অধিবক্তা সকলৰ আজি পানীত হাঁহ নচৰা হৈছে৷ নিয়মীতভাৱে আদালতৰ কাম-কাজ আজি সম্পূৰ্ণ স্তব্ধ৷ সেই মৰ্মেই সন্হাৰ তৰফৰ পৰা আদালতৰ কামকাজ নিয়মীয়া কৰা লগতে সকলো গোচৰ প্ৰক্ৰিয়া আদালতত চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক স্মাৰকপত্ৰ প্ৰদান কৰা  হৈছিল৷ সেয়ে স্পেচিয়েল কজ লিষ্টৰ জৰিয়তে আংশিকভাবে আদালতৰ কামকাজ আৰম্ভ হৈছিল৷ ২৯ জুনৰ পৰা বলৱৎ হোৱা তলাবন্ধৰ ফলত অত্যন্ত জৰুৰী গোচৰৰ বাদে সকলো গোচৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে৷ সেয়ে ৮০ শতাংশ অধিবক্তা আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ন্যায়ালয়ৰ কাৰ্যালয়ৰ চৌহদত জীৱন নিৰ্বাহ কৰা কম্পিউটাৰ টাইপিষ্ট, তৰণী, দলীল বিক্ৰেতা সকলৰো অৱস্থা একেই সেইবাবেই সন্হাৰ তৰফৰ পৰা চৰকাৰক আৰ্থিক সাহৰ্য্য প্ৰদান কৰাৰ বাবেই দাবী জনাই৷ লগতে সূত বিহীন ঋণ,  স্বাস্থ্য বীমা,  জীৱন বীমা প্ৰদান কৰিব লাগে বুলি বিবৃতিত প্ৰকাশ৷ অন্যথা আৰ্থিকভাৱে জুৰুলা অধিবক্তাসকলে অন্য পথ ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে উকীল সন্হাৰ তৰফৰ পৰা ৷

বিষাক্ত উদ্ভিদ খাই মাজুলীত ৪০টা গৰুৰ মৃত্যু

মাজুলী : অসমৰ বানাক্ৰান্ত মাজুলী জিলাত বিষাক্ত উদ্ভিদ খাই এসপ্তাহত মুঠ ৪০ টা গোধনৰ মৃত্যু হৈছে৷ মাজুলী জিলাৰ পশুপালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে জনোৱা মতে কেইবাজনো কৃষকৰ গৰুৱে ‘লানটানা কামাৰা’ যাক স্থানীয়ভাৱে ‘গু ফুল’ বুলি জনা যায়, খাইছিল৷ ইয়াৰে কিছুমান গৰু গৃহস্থৰ ঘৰত, আন কিছুমান পথ আৰু হাবিত মৃত্যু হয়৷ পশুপালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে লগতে কয় যে আহতগুৰি গাঁও পঞ্চায়তৰ অধীনত বালিত হোৱা গছবোৰ খাই প্ৰায় দুবছৰ বয়সৰ মুঠ ৪০ টা গৰুৰ মৃত্যু হৈছে৷ ইয়াৰ লগতে তেওঁ কয় যে কিছুমান গৰু প্ৰতি বছৰে হোৱা বানত মৃত্যু হয়৷ এইবাৰ গৰুৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ এই সন্দৰ্ভত মুদৈসহ ৫জনীয়া এটা দলে অনুসন্ধান অব্যাহত ৰাখিছে৷ এই বিষাক্ত উদ্ভিদ খোৱাৰ পাছত৷গৰুবোৰৰ আইচটাৰিক (জণ্ডিছৰ দৰে আক্ৰান্ত) হৈ উঠে৷ মাৰাত্মক ডায়েৰীয়া হয় আৰু পাতল ক’লা মল ত্যাগ কৰে৷ গৰুবোৰ মৃত্যু হোৱাৰ এসপ্তাহৰ আগেয়ে লক্ষণবোৰে দেখা দিয়ে বুলি পশু চিকিৎসকে জনাইছে৷