আনফালে যোৱা ৬ নবেম্বৰ তাৰিখে কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যি তুলুঙা মন্তব্য কৰিছে তেখেতক ক’লা পতাকা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্রৰ ফালৰ পৰা দেখুৱা হৈছিল, যিজনে অসম ধংশ কৰিব পৰা “কা” আইন খন বলবৎ কৰাৰ ক্ষেত্ৰত আগভাগ ললে সেই ক্ষোভ আমি পাহৰা নাই। প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা, শিক্ষা সম্পাদক চিন্টুমনি চক্ৰবৰ্তীৰ লগতে বিভিন্ন বিষয়ববীয়া সদস্য সকলে।
আনহাতে কৰ’নাৰ লকডাউন পৰিস্থিতিৰ গইনা লৈ নগাই অসম নগালেণ্ডৰ সীমাৰ গেলেকী শিঙিবিলত সাজি উলিওৱা ঘৰ, বুৰুজসহ চাৰিবেৰা, নঙলা আদি শিৱসাগৰ জিলা প্ৰাশাসনে নাজিৰা মহকুমা প্ৰশাসনৰ লগত মিলিত হৈ সুযোগ বুজি যোৱা ১০ জুনত পুৱতী নিশাতে উচ্ছেদ কৰা ঘটনা সংঘটিত হয়। ইয়াৰ আগে আগে ৮ জুনত সীমান্তৰ সেই বিশেষ স্থানত অসম আৰক্ষী উপস্থিত হৈছিল আৰু বেৰা, ঘৰ দুৱাৰ উচ্ছেদ কৰি আহিছিল।
৫ নৱেম্বৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৫১ ৰানৰ ইনিংছ খেলি সূৰ্য্য কুমাৰ যাদৱে এই অভিলেখ ঘটাই। আনহাতে উক্ত ইনিংছৰ জৰিয়তে যাদৱে আন্তঃৰাষ্ট্ৰীয় খেলত অংশ নোলোৱাকৈ ২০০০ আই পি এল ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।
উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত দলত সকলোৱে সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ কৰিব বুলি আশা কৰিছিল যদিও পৰৱৰ্তী সময়ত দল নিৰ্বাচক সমিতিয়ে সূৰ্য্যকুমাৰ যাদৱক ভাৰতীয় দলত স্থান লাভ নকৰিলে।
সূৰ্য্য কুমাৰ যাদৱে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান লাভ নকৰাৰ পাছতে বহুকেইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে দল নিৰ্বাচক সমিতিক সমালোচনা কৰা দেখা গৈছে।