Home Blog Page 3234

দৰঙাজুলি পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা

দৈনন্দিন বাৰ্তাৰ সেৱা,তামুলপুৰ, ৬ নৱেম্বৰঃ কোৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে বিজেপি, বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত আছে। এইক্ষেত্ৰত ইউপিপিএল দলৰ তৎপৰতাও চকুত লগা ধৰণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো ৰাজনৈতিক দলে বিটিচি দখল কৰাৰ বাবে বিভিন্ন ৰণ কৌশল অব্যাহত ৰাখিছে।

ইয়াৰ এক অংশ হিচাপে বিটিচিৰ অন্যতম ৰাজনৈতিক দল ইউপিপিএল দলে বিগত ২১ অক্টোবৰৰ পৰা পৰিৱৰ্তন পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰি পৰিষদীয় সমষ্টি সমূহৰ গাঁৱে-ভূঞে সোমাই ভোটাৰ ৰাইজৰ সমস্যা সমূহৰ বুজ লোৱাৰ লগতে  ভোটাৰ সকলক ৰাজনৈতিক ভাৱে সচেতন কৰাৰ প্ৰয়াস কৰিছে। পৰিৱৰ্তন পদযাত্ৰা কাৰ্যসূচীৰ বৃহস্পতিবাৰে সফল পৰিসমাপ্তি ঘটে।

বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিতো  ইউপিপিএল দলৰ ১১ দিনীয়া পৰিৱৰ্তন পদযাত্ৰাৰ বৃহস্পতিবাৰে সফল পৰিসমাপ্তি ঘটে। যোৱা ২১ অক্টোবত  কুমাৰীকাটাৰ পানীটেঙ্কীত চকৰ পৰা  ইউপিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰাৰ আৰম্ভণি হৈছিল।

বিগত ১১ দিনত প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰী তথা দলীয় সমৰ্থকসকলে ২২০ কিলোমিটাৰ খোজ কঢ়া বুলি সদৰী কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে ৩ নং ভিচিডিচিৰ দোহা-আঙাৰকাটা গাঁৱত ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকীক আদৰণি জনোৱাৰ সময়ছোৱাত জনসমুদ্ৰ হৈ পৰা পৰিলক্ষিত হয়। জনসমুদ্ৰ দেখি ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীক যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হয়।

সমষ্টিবাসীক ফনীন্দ্ৰ নাৰ্জাৰীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দৰঙ্গাজুলি পৰিষদীয় সমষ্টিত তেওঁক বিপুল ভোটত জয়লাভ কৰাই আগন্তুক ইউপিপিএল চৰকাৰৰ অংশীদাৰ হবলৈ আটাইলৈ আহ্বান জনায়। সামৰণিৰ দিনা পৰিৱৰ্তন পদযাত্ৰাত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে  কেন্দ্ৰীয় কেইবাগৰাকীয় নেতাৰ লগতে তামুলপুৰ জিলা ইউপিপিএল আৰু দৰঙ্গাজুলি ব্লক ইউপিপিএলৰ বহুসংখ্যক বিষয়ববীয়াই।

বদৰুদ্দিন আজমলৰ উপস্থিতিত একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৬ নৱেম্বৰঃ ৰাজ্যত ৰাজহুৱাকৈ দিয়া হ’ল পাকিস্তান জিন্দাবাদ ধ্বনি।  শিলচৰ বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিলচৰ বিমান বন্দৰত  এআইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়তে একাংশ সমৰ্থকে মুকলিকৈ দিয়ে পাকিস্তান জিন্দাবাদ ধ্বনি।

উল্লেখযোগ্য যে, বিমানবন্দৰত আৰক্ষীৰ লোক উপস্থিত থকাৰ মাজতে বহুবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল। আনহাতে ঘটনাটোকলৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মনকৰিবলগীয়া ক্ষমতালৈ আহিলে মাদ্ৰাছা মুকলি কৰা হ’ব বুলি হুংকাৰ দিছিল বদৰুদ্দিন আজমলে। ইয়াৰোপৰি আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰা আদি ঘটনাই ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছিল।

বিটিচিৰ মালাগুৰীত বিপিএফ দলৰ পদযাত্ৰা সমদল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁৱ, ৬ নৱেম্বৰঃ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী কুচকোৱাজ। সমান্তৰাকৈ ককালত টংগালি বান্দি নামিছে বিপিএফ দল। বিপিএফ দলৰ লক্ষ্য  উন্নয়ন কৰা, শান্তি ঐক্যতা সম অধিকাৰ সম বিকাশ বিপিএফ দলৰ মূল লক্ষ্য, আজি  বিপিএফ দলে ১৭ বছৰৰ উন্নয়নৰ তথ্য ৰাইজৰ আগত  দাঙি ধৰি এই প্ৰতিবাদী পদযাত্ৰা সমদল।

সম অধিকাৰ, সমউন্নয়ন, সমবিকাশ, আমাক লাগে শান্তি, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ জিন্দাবাদ, ৰেওঁৰেওৱা নাৰ্জাহাৰী জিন্দাবাদ আদি ধ্বনিৰে যমদুৱাৰ সমষ্টিৰ মালাগুৰীৰ পৰা পানোৱাৰী গাওঁত পদযাত্ৰা কাৰ্য্যসূচীলৈ  পৰিভ্ৰমন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি মালাগুৰীত এখন সভা অনুষ্ঠিত কৰে।  পদযাত্ৰা সমদলত প্ৰায় হেজাৰো অধিক পুৰুষ-মহিলাই ওলাই আহি বিভিন্ন ধ্বনি দি আকাশ বতাহ কপাই  তোলে৷

মালাগুৰী প্ৰাইমাৰী বিপিএফ সমিতিৰ উদ্দোগত  অনুষ্ঠিত পদযাত্ৰা সমদল কাৰ্যসূচীত ৪নং যমদুৱাৰ সমষ্টিৰ মনোনীত  প্ৰাৰ্থী ৰেওঁৰেওৱা নাৰ্জাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত বিপিএফে যথেষ্ট উন্নয়ন কৰিছে। এইবেলিও ৰাইজ আমাক বিপুল সঁহাৰি দিছে । গতিকে যমদুৱাৰ সমষ্টিত মোৰ জয় নিশ্চিত তাত কোনো সন্দেহ নাই বুলি কয় দৃঢ়তাৰে ৰেওঁৰেওৱা নাৰ্জাহাৰীয়েৱ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ হ’ব এয়া ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে।

অসমত যোৱা এমাহত ১.৮ শতাংশলৈ বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ অসমত ক্ৰমাত ভয়াবহ ৰূপ ধাৰন কৰিছে নিবনুৱা সমস্যাই। শেহতীয়াকৈ দেশৰ অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

ছেপ্তেম্বৰ মাহত নিবনুৱাৰ সংখ্যা ৬.৬৭ শতাংশলৈ বৃদ্ধিৰ বিপৰিতে অক্টোবৰ মাহত ৬.৯৮ শতাংশ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। দেশত লকডাউন ঘোষণা কৰাৰ পাছতেই দেশৰ অৰ্থনীতিত বহু পৰিমাণে নেতিবাচক প্ৰভাৱ পেলাইছিল।

মনকৰিবলগীয়া চহৰ অঞ্চলসমূহৰ বিপৰীতে গ্ৰাম্য অঞ্চলসমূহত ১.০৪ শতাংশ নিবনুৱাৰ সংখ্যাৰ হ্ৰাস হৈছে। আনহাতে যদিও নিবনুৱাৰ হাৰ অন্য ৰাজ্যসমূহতকৈ কম। ৰাজ্যত যোৱা মাহত ১.৮ শতাংশলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

আইপিএল-২০২০ত অভিলেখ গঢ়ি বেগুণীয়া টুপী হস্তগত কৰিলে যশপ্ৰীত বুমৰাহে

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ বিগত কিছুদিন ধৰি আইপিএলৰ বেগুণীয়া টুপীৰ দৌৰত দিল্লী কেপিটেলছৰ কাগিছো ৰাৱাডাৰ সৈতে যুঁজ চলি আহিছিল মুম্বাই ইণ্ডিয়ানছৰ যশপ্ৰীত বুমৰাহৰ। আইপিএল-২০২০ৰ প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীৰ বিৰুদ্ধে খেলপথাৰত নামে বুমৰাহ। বুমৰাহে তেওঁৰ নিৰ্দিষ্ট ৪ অভাৰত ১৪ ৰাণৰ বিনিময়ত ৪টা উইকেট লৈ লাভ কৰে পাৰ্পল কেপ।

দিল্লীৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰে যশপ্ৰীত বুমৰাহে মেন অফ দ্য মেচ হোৱাই নহয় লগতে কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হৈছে। যশপ্ৰীত বুমৰাহে নিজৰ টী-২০ কেৰিয়াৰত ১৪ ৰাণত ৪ টা উইকেট লাভ কৰি শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ দৃষ্টান্ত গঢ়িছে। আইপিএল-২০২০ৰ প্লে-অফ মেচত মুম্বাই ইণ্ডিয়ানছৰ কোনো বলাৰৰ এইটোৱে বৰ্তমানলৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন।

আনহাতে আইপিএলত এতিয়ালৈকে দুখন মেচত ৪টা কৈ উইকেট দখল কৰাৰ কৃতিত্বও বুমৰাহে লাভ কৰিছে। আইপিএলৰ এটা সংস্কৰণত কোনো ভাৰতীয় বলাৰে ২৭ টা উইকেট লাভ কৰাৰ অভিলেখো গঢ়িলে বুমৰাহে। এইক্ষেত্ৰত বুমৰাহে আন এগৰাকী ভাৰতীয় বলাৰ ভুৱনেশ্বৰ কুমাৰক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আইপিএল-২০১৭ত ভুৱনেশ্বৰ কুমাৰে ২৬ টা উইকেট দখল কৰিছিল।

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৬ নৱেম্বৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন আঁচনি, ৰাষ্ট্ৰীয় পশুধন অভিযান (এন.এল.এম) অসমৰ অধীনত গোভাৰ পুৰণি গাঁৱলীয়া গাঁও ৰঙ্গমঞ্চত অঞ্চলটোৰ ৪৪ গৰাকী কৃষকৰ মাজত প্ৰযুক্তিগত ভাৱে কম ব্যয়ৰ কুকুৰাৰ ৪০ টাকৈ পোৱালি বিতৰণ কৰে।

কৃষক সকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কুকুৰাৰ পোৱালি বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথিৰূপে  সহকাৰী আয়ুক্ত মৈত্ৰী মৰাণ, মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী  ড° ৰিজুস্মিতা শৰ্মা ডেকা, জিলা পশুপালন ও পশুচিকিৎসা বিভাগৰ বিষয়া ডা: অনিল কুমাৰ ডেকা, ডা: সুভাষ কলিতা আৰু পৰাগ মণি ডেকা উপস্থিত থাকে।

বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, বিলাসীপাৰা, ৫ নৱেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিত বিগত ৭৪ বছৰৰ তুলনাত যোৱা ৫ বছৰত যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম হোৱা দেখা গৈছে।

মনকৰিবলগীয়া কথা যে বিধায়ক অশোক কুমাৰ সিংহীয়ে তত্বাৱধানত বিলাসীপাৰাত ৫০ লাখ টকাৰ   Sports Mini  Stadium কামৰ আধাৰশিলা উন্মোচন কৰে।

উল্লেখ্য যে, উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অনন্তলাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা কোকিলা সৰকাৰে গীত পৰিবেশন কৰে।

নগাঁৱৰ কঠীয়াতলী চিঙৰাপট্টিত হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ কৰিলে সুহৃদ মুছলমান লোকে

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ “মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে “ড: ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা  পুনৰ বাৰ সঁচা অৰ্থত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে। এফালে হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি আৰু আনফালে হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ সুহৃদ মুছলমান সমাজৰ।

ঘটনাৰ স্থান নগাওঁ জিলাৰ কঠীয়াতলী চিঙৰাপট্টি৷ বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা ৰাজেশ কুমাৰ প্ৰসাদ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ দুই এজনৰ বাহিৰে ওলাই নাহিল হিন্দু সমাজ, যাৰ বাবে মানৱতাৰ উকৃষ্ট নিৰ্দশন ডাঙি ধৰি কালি মৃত্যু হোৱা  লোকজনৰ মৃতদেহ শ্মশানত হিন্দু পৰম্পৰাৰে সৎকাৰ কৰিলে মুছলমান সমাজে।

জানিব পৰা মতে কেউ কিছু নথকা ৰোগাক্ৰান্ত ৰাজেশক কেবামাহ ধৰি মুছলমান সমাজে চিকিৎসাৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আহিছিল। উল্লেখ্য যে, যি সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত একাংশ লোকে বিভাজনৰ ৰাজনীতি কৰি আহিছিল সেই সময়তে শংকৰ-আজানৰ দেশত হিন্দু মুছলমানৰ মাজত মহামিলনৰ এক সাক্ষী হৈ ৰ’ল কঠীয়াতলীৰ চিঙৰাপট্টিত।

নগাওঁ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটা ৰাজেশৰ মৃতদেহ  কালি নিশা সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰে শ্মশানত সৎকাৰ কৰিলে মুছলমান সমাজে।

নগাঁৱত ড০ ভূপেন হাজৰিকাক সোঁৱৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ৰ-বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত  সুধাকন্ঠ গৰাকীক সোঁৱৰিলে বিভিন্ন দল সং‌গঠনৰ।

মহান শিল্পী গৰাকীৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলা সমিতিয়ে আজি ভূপেন্দ্ৰ সংগীতৰ প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শ্বহীদ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত নগাঁও জিলাৰ বিভিন্ন স্থানৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিৰ মুকলি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী গুণকান্ত শ‌ইকীয়া, বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম জাগৰণ প্ৰমুখ ব্ৰজ জ্যোতি শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি,বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক সম্পাদক ৰাকেশ দাস, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক ৰৌপশ্ৰী গগৈ প্ৰমুখ্যে পৰিষদৰ সদস্য সকল উপস্থিত থাকে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ জিলা সংযোজক মৃত্যুজ্ঞয় কুমাৰ মাহাতোয়ে আঁত ধৰা  ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত প্ৰথম স্হান লাভ কৰে নগাঁও জিলাৰ কঠীয়াতলীৰ জ্যোতিময় শ‌ইকীয়াই।

বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ বৃহস্পতিবাৰে ওডালগুৰি জিলাৰ ভেৰগাৱস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুস্থিত হয়৷ লুহাং খুংগুৰ দৈমাৰীৰ সভাপতিত্বত অনুস্থিত সভাখনত মহকুমাটোৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ প্ৰায় শতাধিক চৰকাৰী কৰ্মচাৰী উপস্থিত থাকে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নবীন কলিতাই৷ উক্ত সভাত তিলক ৰামচিয়াৰীক সভাপতি, ভানু বসুমতাৰী, শ্যামল নাৰ্জাৰীক উপ-সভাপতি, জিতু মজুমদাৰক সাধাৰণ সম্পাদক, গৌতম দৈমাৰী, সাধুৰাম বড়োক যুটীয়া সম্পাদক আৰু অলংবাৰ বসুমতাৰীক কোষাধ্যক্ষ হিচাপে লৈ বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ৪১ জনীয়া ভেৰগাৱ জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷

সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰী, উপদেষ্টা গৌতম বড়োইও উপস্থিত থাকি বক্তব্য আগবঢ়ায়।