দৈনন্দিন বাৰ্তা ডেস্ক : ইতিহাস হ’ল কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়৷ এতিয়া এই মন্ত্ৰালয়ৰ নাম হ’ল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়৷ বুধবাৰে এই প্ৰস্তাৱৰ সেউজ সংকেত দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ ইয়াৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰো সেউজ সংকেত দিয়ে মন্ত্ৰীসভাই৷ উল্লেখ্য যে নতুন শিক্ষানীতিৰ খচৰা প্ৰস্তুতৰ বাবে ইছৰোৰ প্ৰাক্তন প্ৰধান কে কস্তুৰিৰংগনৰ নেতৃত্বত বিশেষজ্ঞক লৈ এখন সমিতি গঠন কৰিছে কেন্দ্ৰই৷ সেই সমিতিয়ে নাম পৰিৱৰ্তনৰ বাবে কয়৷ সেই অনুসৰি শিক্ষানীতিৰ প্ৰস্তাৱৰ লগতে নাম সলনি কৰে মানৱসম্পদ মন্ত্ৰালয়ৰ৷ বুধবাৰে এই প্ৰস্তাৱত অনুমোদন দিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সংবাদ মেলত কয় যে ই অতি গুৰুত্বপূৰ্ণ৷ কাৰণ যোৱা ৩৪ বছৰে শিক্ষানীতিত কোনো পৰিৱৰ্তন হোৱা নাই৷ আশা কৰো, দেশবাসী আৰু বিশ্বৰ শিক্ষাবিদে এই শিক্ষানীতিৰ প্ৰশংসা কৰিব৷ দেশত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহু নিয়ন্ত্ৰক প্ৰতিষ্ঠান আছে৷ এইবোৰ এটা ছাটিৰ তললৈ অনাৰ বাবে এখন নতুন আয়োগ বা পৰিষদ গঠন কৰা হ’ব নতুন শিক্ষানীতিত৷ মহাবিদ্যালয়বোৰক অধিক স্বায়ত্তশাসন দিয়া হ’ব নতুন শিক্ষানীতিত৷ তথ্যপ্ৰযুক্তিত জোৰ দিয়া হ’ব ৷
ৰাফেল ভাৰতৰ মাটিত অৱতৰণৰ পাছতে সংস্কৃতত শ্লোক প্ৰধানমন্ত্ৰীৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ মাটিত পাঁচখন ৰাফেল যুদ্ধবিমান স্পৰ্শ কৰাৰ সময়তে ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তেওঁলোকে টুইটাৰত ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা কয়৷ লগতে পাকিস্তান আৰু চীনক সতৰ্ক কৰে৷ ভাৰতৰ মাটিত ৰাফেল স্পৰ্শ কৰাৰ কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা সংস্কৃত শ্লোক টুইট কৰে৷ লগতে ৰাফেল যুদ্ধবিমান অৱতৰণৰ ভিডিঅ’ দিয়ে৷ সেই সংস্কৃত শ্লোকৰ অৰ্থ হ’ল ‘ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাহিৰে ডাঙৰ পুন্য নাই’৷ ৰাষ্ট্ৰীয় নিৰাপত্তা দৃঢ় কৰাৰ বাদে ডাঙৰ উপাসনা একো নাই৷ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাদে ডাঙৰ কাম আন একো হ’ব নোৱাৰে৷ টুইটাৰত গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাফেল গেম প্ৰত্যাহ্বান বুলি উল্লেখ কৰে৷ তেওঁ কয়, বিশ্বমানৰ এই অস্ত্ৰই ভাৰতক বিশ্বৰ দৰবাৰত অধিক শক্তিশালী কৰিব ৷
পাঁচবছৰীয়া শিশু কন্যাক অমানুষিক নিৰ্যাতন পিতৃৰ
ডবকা : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱত সতীয়া পিতৃয়ে পাঁচ বছৰীয়া কন্যা শিশুক অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শৰীৰৰ প্ৰতিটো অংগত লাঠিৰে গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ চিন স্পষ্ট হৈ আছে শিশুটিৰ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ। ভিডিঅ ভাইৰেল হোৱাৰ পিছতেই খলকনিৰ সৃষ্টি কৰিছে ডবকাত। ডবকাৰ সূতাৰগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। সতীয়া পিতৃ ছাইফ উদ্দিনে শিশুটিৰ ওপৰত এই অমানুষিক নিৰ্যাতন চলাই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে। স্থানীয়ে লোকে শিশুটোক উদ্ধাৰ কৰাৰ পিছতেই ঘটনাটো পোহৰলৈ আহিছে। উল্লেখ্য যে, চাৰিখনকৈ বিবাহ কৰি লম্পট ছাইফ উদ্দিনৰ এই নাৰকীয় কাণ্ড সংঘটিত কৰিছে। বর্তমানৰ ৪ নং পত্নীৰ ওপৰতো শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ছাইফ উদ্দিনৰ বিৰুদ্ধে। পুৰ্বৰ তিনি পত্নীয়ে চাইফুদ্দিনক এৰি যোৱাৰ পিছত চতুৰ্থ গৰাকী পত্নীক বিয়া পাতি সঘনাই পত্নী আৰু শিশুটোৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলৰ লগতে পত্নীয়ে। ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে যদিও লম্পটটোক আটক কৰিবলৈ সক্ষম হোৱা নাই।

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজা : ৰাজনৈতিক, ধৰ্মীয়ভাৱে ৰাম মন্দিৰ আন্দোলনত জড়িতক নিমন্ত্ৰণ
দৈনন্দিন বাৰ্তা ডেস্ক : অযোধ্যাত অহা ৫ আগষ্টত ৰাম মন্দিৰৰ ‘ভূমি পূজা’ আয়োজন কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভূমি পূজাত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানৰ বাবে দেশৰ ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা নাই৷ মাত্ৰ নিয়ম অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ প্ৰাপ্ত সূত্ৰৰ মতে এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰধ মোহন ভগৱট, কৃষ্ণ গোপাল, ইন্দ্ৰেশ কুমাৰ, যোগগুৰু বাবা ৰামদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিং, প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰুলী মনোহৰ যোশী আৰু উমা ভাৰতী, সাধবি ৰীতামভাৰা, জগতগুৰু ৰামভদ্ৰচাৰ্য, জয়ভান সিং পোৱাইয়া, বিনয় কাটিয়াৰ, ৰাধে ৰাধে বাবা ইনদোৰী, যোগ পুৰুষ পৰমানন্দজী উপস্থিত থাকিব৷ উল্লেখ্য যে ৰাম মন্দিৰ আন্দোলনত জড়িত থকা মাত্ৰ ২০০ লোকক এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আৰু ক’ভিড-১৯ৰ নীতি নিৰ্দশনা অনুসৰি উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে৷ ক’ৰোনা ভাইৰাছৰ উপৰি নিৰাপত্তাজনিত কাৰণত ভক্তসকল বঞ্চিত হ’ব লগা হৈছে ৫ আগষ্টৰ এই ঐতিহাসিক দিনটোত৷ এই তালিকাখন প্ৰস্তুত কৰাত ৰাম মন্দিৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ বিশ্ব হিন্দু পৰিষদ, শ্ৰী ৰাম মন্দিৰ তীৰ্থ ট্ৰাষ্ট আৰু শীৰ্ষ প্ৰশাসন যন্ত্ৰই প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ ইয়াৰ লগতে সূত্ৰটোৱে জনায় যে এদিন বা দুদিনৰ ভিতৰত সকলো ভ্ৰমণকাৰীক টেলিফোন বা চিঠিৰ জৰিয়তে জনোৱা হ’ব৷ আনহাতে অতিথি তালিকা নিৰ্দ্ধাৰণত জড়িত সকলক বুজা যায় যে তেওঁলোকৰ বেছিভাগ ধৰ্মীয় নেতাৰ চাপৰ সন্মুখীন হৈছে৷ ইপিনে বহু কেইজন ব্যক্তি আছে যি ৰাজনৈতিক আৰু ধৰ্মীয়ভাৱে ৰাম মন্দিৰ আন্দোলনত অংশ লৈছিল, তেওঁলোকৰ কোনো মৃত্যু হৈছে৷ যিসকল জীৱিত আছে তেওঁলোকক আমন্ত্ৰণ জনোৱাৰ চেষ্টা কৰা হৈছে৷ এনে আমন্ত্ৰিত হ’ব পৰা গুৰুত্বপূৰ্ণ ব্যক্তিসকল হ’ল লাল কৃষ্ণ আডৱানী, মুৰুলি মনোহৰ যোশী, উমা ভাৰতী, বিনয় কটিয়াৰ, সাধবি ৰীতামভাৰা, কল্যাণ সিং আৰু জয়ভান সিং পোৱাইয়া৷ সেই দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অযোধ্যা ভ্ৰমণ কৰা সম্ভাৱনা আছে৷ তদুপৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ১৫ জন সদস্য ৫ আগষ্টৰ অনুষ্ঠানত উপস্থিত থাকিব৷ অন্তভূক্ত হোৱা ট্ৰাষ্টৰ সদস্যসকল হ’ল মহেন্দ্ৰ নৃত্য গোপাল দাস, স্বামী গোবিন্দ দেৱ গিৰি, চম্পত ৰায়, নৃপেন্দ্ৰ মিশ্ৰ, কে পৰছৰণ, স্বামী বসুদেৱান্দ সৰস্বতী, স্বামী বিশ্ব প্ৰসন্ন তীৰ্থজী মহাৰাজ, যোগ পুৰুষ পৰমানন্দ গিৰি, বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ, অনিল মিশ্ৰ, কামেশ্বৰ চৌপাল, মহন্ত দিপেন্দ্ৰ দাসজী, গৃহ মন্ত্ৰালয়ৰ পৰা জ্ঞানেশ কুমাৰ, উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা অভীশ আৱাষ্টি, অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ ঝা৷ উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদে বছৰৰ পাছত বছৰ ধৰি ৰাম মন্দিৰ আন্দোলনৰ মূল ভূমিকা পালন কৰি আহিছে৷ সেয়ে অশোক সিংঘল, বিষ্ণু হৰি ডালমিয়া, আচাৰ্য গিৰিৰাজ কিশোৰৰ দৰে ব্যক্তি ইতিমধ্যে ইহলোকত নাই৷ আনহাতে বিশ্ব হিন্দু পৰিষদৰ বৰ্তমানৰ নেতা কাৰ্যবাহী সভাপতি অলক কুমাৰ, আন্তৰ্জাতিক সভাপতি সদাশিৱ কোকজা, মুখ্য পেট্ৰন দীনেশ চন্দ্ৰ, বজৰং দলৰ প্ৰাক্তন সভাপতি প্ৰকাশ শৰ্মা, সাধাৰণ সম্পাদক মিলিন্দ পৰন্দে অহা ৫ আগষ্টত অযোধ্যাৰ অনুষ্ঠানত উপস্থিত থাকিব৷ ৰাম মন্দিৰ নিৰ্মাণ আৰএছএছৰ স্বপ্ন আছিল৷ অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱতসহ ২-৩জন বিষয়ববীয়া এই ঐতিহাসিক অনুষ্ঠানত অংশ ল’ব৷ এই লোকসকলৰ উপৰি বিশ্ব হিন্দু পৰিষদৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ৪০-৫০ জন সদস্যক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷ সেই লোকসকলৰ ভিতৰত আছে ৰাম বিলাস বেদান্তী, জীতেন্দ্ৰ নন্দ সৰস্বতী৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই অনুষ্ঠানত অংশ ল’ব৷ তেওঁৰ লগতে দুজন উপ মন্ত্ৰী কেশৱ প্ৰসাদ মায়ূৰীয়া আৰু দীনেশ শৰ্মা উপস্থিত থাকিব৷ উল্লেখ্য যে ৰাম মন্দিৰৰ বাবে আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি অলক কুমাৰে জনায় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেক এই ভূমি পূজালৈ নিমন্ত্ৰণ কৰা নাই ৷ কংগ্ৰেছৰ অন্তবৰ্ত্তীকালীন সভাপতি ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজালৈ নিমন্ত্ৰণ কৰা হৈছে ৷
নাজিৰাত পুনৰ ৬ ব্যক্তি ক’ভিড-১৯ত আক্রান্ত
গেলেকা : নাজিৰা মহকুমা অন্তৰ্গত গড়গাওঁ মহাবিদ্যালয়ত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত সংগ্ৰহিত ২৮ জুলাই তাৰিখে অহা স্বাবৰ ফলাফলত নিম্ন উল্লেখিত ব্যক্তি সকলৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ উপৰি ডিমৌত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত স্বাব দিয়া তথা নাজিৰাৰ হোটেল ভিলাত পৃথকীকৰণ হৈ থকা আন এগৰাকীৰ দেহটো ক’ভিড-১৯ ধৰা পৰিছে। নাজিৰা মহকুমা প্ৰশাসনে তৎকালে আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত ব্যক্তিসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কোনো-কোনো এলেকা কনটেইনমেণ্ট জ’ন হিচাবে চিনাক্ত কৰি ঘোষণা কৰাৰ ব্যৱস্থা কৰা লগতে ৰাইজক সাৱধানতা তথা সংযম ৰক্ষা কৰিবৰ বাবে প্ৰশাসনে অনুৰোধ জনাইছে।
নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে
নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত নিৰ্মাণ কৰিছে এটি সুন্দৰ মুৰ্ত্তি। নগাঁও চহৰৰ নিকটৱৰ্তী শেণছোৱাৰ দেৱকান্ত কলিতা নামৰ ব্যক্তিগৰাকীৰ শিল্পকলাই এতিয়া আকৰ্ষিত কৰিছে সকলোকে। স্কুলীয়া জীৱনতে নিজে সৰস্বতীৰ মুৰ্ত্তি সাঁজি পূজা অনুষ্ঠিত কৰা দেৱকান্ত কলিতাই এগৰাকী পেইণ্টাৰ হিচাপে নৱম অসম আৰক্ষী বাহিনীত যোগদান কৰিছিল যদিও তেঁও পিছলৈ সশস্ত্ৰ জোৱান হিচাপেহে আৰক্ষীত সেৱা আগবঢ়াই। কিন্তু ব্যস্ততাৰ মাজতো কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বহু শিল্পকলাই। দেৱকান্ত কলিতাই কৰ্মজীৱনত তেঁওৰ সৃষ্টিৰাজিৰ বাবেই সৰ্বভাৰতীয় পৰ্য্যায়ত আৰক্ষী বিভাগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত দুবাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈকো সক্ষম হৈছিল। ২০১৩বৰ্ষত আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা দেৱকান্ত কলিতাই হৃদৰোগত আক্ৰান্ত হৈ বাইপাছ চাৰ্জাৰী কৰিব লগা হয়। কিন্তু তাৰ পিছতো তেঁও থমকি ৰোৱা নাই। শাৰিৰীক অসুস্থতাৰ মাজতো দেৱকান্ত কলিতাই ঘৰতে বাঁহ, কাঠ আৰু চিমেন্টৰে সৃষ্টি কৰিলে বহু সুন্দৰ শিল্পকলাৰ। সুন্দৰ অইল পেইণ্টিঙৰ বাবেও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হোৱা দেৱকান্ত কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বহু সুন্দৰ পেইণ্টিং। ইয়াৰ মাজতে দেৱকান্ত কলিতাই বৃহত্তৰ হাতীচোং, বেবেজীয়া, হয়বৰগাঁও আদি অঞ্চলৰ ৰাইজক নিজ হাতৰে সঁজা বহু দেব-দেৱীৰ মুৰ্ত্তি বিনামূলীয়াকৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মাজত সমাদৃত হৈছে। বৰ্তমানেও শাওন মাহ উপলক্ষে ভগৱান শিৱৰ মুৰ্ত্তি তেঁও বিনামূলীয়াকৈ ৰাইজক প্ৰদান কৰাৰ মানসৰে নিৰ্মাণ কৰাত ব্যস্ত। দেৱকান্ত কলিতাৰ নিখুত শিল্পকলা প্ৰত্যক্ষ কৰা প্ৰতিজন ব্যক্তিয়ে বৰ্তমান তেঁওৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। কিন্তু আক্ষেপৰ বিষয় এইগৰাকী মহান শিল্পীক স্বীকৃতি দিবলৈ বৰ্তমানলৈকে আগবাঢ়ি অহা নাই চৰকাৰ অথবা দল-সংগঠন। সেয়ে এইগৰাকী শিল্পীক শীঘ্ৰেই উচিত সন্মান দিয়াৰ বাবে অসমৰ শিল্পী সমাজক আহ্বান জনাইছে বৃহত্তৰ হাতীচোং তথা বেবেজীয়া অঞ্চলৰ ৰাইজে।
সোণতলীৰ মালিবাৰীত বিদ্যুত স্পৃষ্ট হৈ এজন নিহত, দুজন গুৰুতৰভাৱে আহত
সোণতলী : দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত তথা সোণতলী এলেকাধীন মালিবাৰী জাৰপাৰা গাঁৱত কালি সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে দুগৰাকী যুৱক আহত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মালিবাৰী জাৰপাৰা গাঁৱৰ আলিম উদ্দিনৰ লগত মালিবাৰী সত্ৰৰ শ্বহিদুল হক আৰু ১নং মালিবাৰী গাঁৱৰ নুৰুল ইছলামে মঙলবাৰে সন্ধিয়া যন্ত্ৰচালিত নাৱত মাইক বান্ধি বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ জাননি দি আছিল। জাননি দি থকা অৱস্থাত হঠাৎ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাৰ মাইকৰ লগত স্পৰ্শ হোৱাত দুৰ্ঘটনাটো সংগঠিত হয় বুলি জানিব পৰা যায়। পাছত স্থানীয় ৰাইজে আলিম উদ্দিনৰ সৈতে আহত দ্বয় শ্বহিদুল হক আৰু নুৰুল ইছলামক উদ্ধাৰ কৰি বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে চিকিৎসকে আলিম উদ্দিনক পৰীক্ষা-নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। আনহাতে আহত দ্বয়ৰ শাৰিৰীক অৱস্থা অধিক অৱনিত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এম ছি এইচ লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, নিহত আলিম উদ্দিনৰ লগতে গুৰুতৰ ভাবে আহত নুৰুল ইছলামো বকো বিদ্যুত উপ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আছিল। নিহত আলিম উদ্দিন তিনি সন্তানৰ পিতৃ থকাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলি জানিব পৰা যায়। তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে শোকত ভাগি পৰিছে ৷
নগাঁও বন বিভাগৰ বালি ভৰ্তি ট্ৰাক জব্দ
ননৈ : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা অভিযান চলাই তিনিখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, এএছ ০৯ এচি ২২৫৮, এএছ ০৯ এচি ১৪৯০, এএছ ০২ চিচি ২২৯০ নম্বৰৰ ট্ৰাক কেইখনে অবৈধভাৱে দীৰ্ঘদিনধৰি বালি সৰবৰাহ কৰি থকাৰ কথা জানিব পাৰি আজি পুৱাৰ ভাগত এক অভিযান চলাই নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত এই তিনিখনকৈ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷
ঢুলীয়াপাৰৰ ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে ১০ লাখ টকা ধনদাবী, মহিলা গ্ৰেপ্তাৰ
গেলেকী : শিৱসাগৰ জিলা তথা ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান)। নাজিৰা মহকুমা সমীপৰ জয়সাগৰস্থিত ঢুলীয়াপাৰৰ বাসিন্দা হাজৰিকা জিলা ও অসমবাসী ৰাইজৰ বাবে আছে সমাজসেৱাৰ এক উল্লেখনীয় অৱদান। জিতু এণ্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰী ৰফিকুল হাজৰিকাৰ পত্নী চাবিহা চাহিনৰ ২০১৪ বৰ্ষত মৃত্যু হৈছিল। চাহিন আছিল, এগৰাকী অভিনেত্ৰী। ঠিক তাৰ পাছৰে পৰা এটি সন্তানৰ মাতৃ স্মৃতিৰেখা চেতিয়া নামৰ স্বামীহাৰা এগৰাকী বিধৱা মহিলা জিতু এণ্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰ ৰফিকুল হাজৰিকাৰ সৈতে পৰিচিত হয়। উদ্দেশ্য হানি ট্ৰেপিং, টাৰ্গেট পুঁজিপতি ব্যৱসায়ী। সম্প্ৰতি ৰহস্যময়ী মহিলা গৰাকীয়ে ব্লে’কমেলিং কৰি বিভিন্ন সময়ত তেখেতৰ পৰা ল’ৰা স্কুল খৰছকে আদি কৰি দৈনন্দিন জীৱন অতিবাহিত কৰিবৰ বাবে মুনাফা সংগ্ৰহ কৰি ঘনিষ্টতা ৰক্ষা কৰি আহিছিল। কিন্তু সময়ে যেন লাহে-লাহে ক্ৰমাৎ নিজৰ গতিপথ সলনি কৰিব ধৰিলে। বিগত এপ্ৰিল মাহত উক্ত বিধৱা মহিলা গৰাকীয়ে ৰহস্যজনকভাৱে হাজৰিকাৰ বিৰুদ্ধে নানা ধৰণৰ মনে সঁজা অভিযোগ তুলি সংবাদ-মাধ্যমৰ শিৰোনাম দখল কৰাৰ বিপৰীতে ছ’চিয়েল মিডিয়াত তোলপাৰ সৃষ্টি কৰি আনন্দত মতলিয়া হৈ পৰে। এই অভিযোগ ভুক্তভূগীৰ। লগতে কৌতুকসনা মহিলা গৰাকীয়ে বাবুজানৰ বিৰুদ্ধে আৰক্ষী থানাত তৰে এক গোচৰ। কোটিপতি ব্যৱসায়ী ৰফিকুল হাজৰিকা উক্ত গোচৰত জামিনত মুকলি হয়। অভিযোগ অনুসৰি শাৰীৰিক, মানসিক ভাৱে হেঁচাত আছিল মহিলা গৰাকী। কিন্তু অৱশেষত ওলাই পৰিল জোলুঙাৰ মেকুৰী। ভাইৰেল হৈ পৰিল সেই সময়ত অভিযুক্ত মহিলা গৰাকীৰ কৰা ভালে কেইটা টিক টক ভিডিঅ’ আৰু ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে দহ লাখ টকা ধনদাবী কৰাৰ সকলো তথ্য ফাদিল। ভুক্তভুগীৰ অভিযোগ তেখেতৰ ব্যৱসায় সম্বন্ধীয় জৰুৰী বহু গোপনীয় তথ্য, যাৱতীয় নথি-পত্ৰ বাহিৰৰ কোনো অজ্ঞাত লোকক অভিযুক্ত মহিলা গৰাকীয়ে ফাদিল কৰি আহিছিল। যাৰ বাবে সংবাদ-মাধ্যমৰ আগত নিজৰ কু-কৰ্ম আঁৰত ৰাখিবৰ বাবে হাজৰিকাৰ বিৰুদ্ধে নাৰী সৰৱৰাহ, অ’ এন জি চি বিষয়াক নাৰী যোগান ধৰা বুৰি অভিযুক্তই সংবাদ-মাধ্যমৰ আগত দাবী কৰি অহা বুলি গুৰুত্বৰ অভিযোগ উঠিছে। অৱশেষত ৰফিকুল হাজৰিকা নামৰ লোকজনে অভিযুক্ত মহিলা গৰাকীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এখনি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি গোচৰ নং ৮৬৯/২০২০ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৮৪, ৩৮৮ আই পি চিৰ ধাৰা অনুযায়ী তদন্ত আৰম্ভ কৰে। সামান্তৰালভাৱে অভিযুক্ত মহিলা গৰাকীক আজি পুৱাই সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰামতে এটা চক্ৰই উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰি অভিযুক্ত মহিলা গৰাকীক থানাৰ পৰা জামিনত মুকলাই অনাৰ অ-প্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।
ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮,৫১৩
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিলে ৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৮,৫১৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৫ লাখ ৩১ হাজাৰ ৬৬৯ জন ৷ যোৱা ২৪ ঘণ্টাত দেশত মুঠ সংক্ৰমণৰ হাৰ হ’ল ১১.৮৭ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ৭৬৮ জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ৩৪,১৯৩ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৪,১৬৫ জনৰ মৃত্যু হৈছে৷ দিল্লীত ৩৮৮১, তামিলনাডুত ৩৬৫৯, গুজৰাটত ২৩৭২ জন লোক ক’ৰোনাত মৃত্যু হৈছে ৷












