Home Blog Page 3231

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজা মদনগোপাল নায়ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ তেওঁ ৰাজ্যখনৰ উত্তৰাঞ্চলৰ কালাবুৰাগিৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ৷ প্ৰাক্তন মন্ত্ৰীজন যোৱা সোমবাৰে ক’ৰোনাত আক্ৰান্ত হোৱাত ইএছআই হাস্পতালত ভৰ্ত্তি কৰায়৷ তাৰ পাছত ২৩ জুলাইত তেওঁক নিজৰ ঠাই য়াদিগিৰ জিলাৰ সুৰপুৰলৈ লৈ যোৱা হয়৷ উল্লেখ্য যে কালাবুৰাগি এলেকাটো ৰাজ্যখনৰ উত্তৰাঞ্চলৰ আৰু বেংগালুৰুৰ পৰা ৬৩০ কিলোমিটাৰ নিলগত৷ তেওঁ ১৯৯২-৯৪ চনত বীৰাপ্পা মৈলী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ এজন মন্ত্ৰী আছিল৷ তেওঁ নিউমোনিয়া আৰু হৃদৰোগত আক্ৰান্ত হয়৷ উল্লেখ্য যে তেওঁ হ’ল ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাজ্যখনৰ প্ৰথম ৰাজনীতিবিদ৷

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত কেলচিয়াম আৰু ফচফেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যি হাড়, দাঁত আৰু পেশী সুস্থ কৰি ৰাখে৷ কম প্লাজমা ভিটামিন ডি স্তৰৰ প্ৰকৃত তথ্য ব্যৱহাৰ কৰি ক’ৰোনা ভাইৰাছ ৰোগৰ সংক্ৰমণ আৰু চিকিৎসালয়ত ভৰ্ত্তিৰ সম্ভাৱনাক লৈ মূল্যায়ন কৰি চাইছিল বুলি গৱেষকসকলে জনায়৷ ফেবিছ নামৰ জাৰ্নেলখনত প্ৰকাশিত বৰ্তমান গৱেষণা মতে গৱেষক দলটোৱে ৭৮০৭ জন লোকৰ তথ্য পৰীক্ষা কৰিছে যাৰ সম্প্ৰতি ক’ভিড-১৯ পৰীক্ষাৰ লগতে ভিটামিন ডি ৰক্ত পৰীক্ষা  কৰিছে৷ অনুসন্ধানত দেখা গৈছে যে ৰক্তত কম পৰিমাণে ভিটামিন ডি থাকিলে ক’ভিড-১৯ সংক্ৰমণৰ সম্ভাৱনাৰ সৈতে স্বতন্ত্ৰভাৱে জড়িত হিচাপে চিহ্নিত হয়৷ অধ্যয়নটোৰ মতে ৭৮০৭ জন লোকৰ ভিতৰত ৭৮২ (১০.১ শতাংশ)  জন ক’ভিড-১৯ পজিটিভ আৰু ৭০২৫ (৮৯.৯ শতাংশ) নিগেটিভ আছিল৷ গৱেষকসকলে দেখিবলৈ পায় যে ক’ভিড-১৯ৰ ক্ষেত্ৰত পৰীক্ষাত পজিটিভতকৈ নিগেটিভৰ মাজত গড় প্লাজমা ভিটামিন ডি স্তৰ উল্লেখযোগ্যভাৱে কম আছিল৷ গৱেষণাৰ সময়ত দেখা গৈছিল যে ক’ভিড-১৯ পজিটিভসকল যুৱক আৰু সৰহভাগেই পুৰুষ৷ বিশ্লেষণত দেখা গৈছে যে ৫০ বছৰৰ বেছি বয়সৰ সকল ক’ৰোনাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ সম্ভাৱনা থাকে ৷

ৰক্ষকেই হব পাৰে ভক্ষক ! এন-৯৫ মাস্কৰ পিছত অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ নকৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ প্ৰথমে এন-৯৫ মাস্ক প্ৰয়োজনীতাৰ কথা সকলোৱে কৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰই এক নিৰ্দেশনা জাৰি কৰি কৈছিল যে- এন-৯৫ মাস্কে এজন ব্যক্তি কোৰোনা সংক্ৰমণৰ পৰা বচাব নোৱাৰে, গতিকে পৰাপক্ষত এন-৯৫ মাস্কবিধ ব্যৱহাৰ কৰাটো সকলোৱে এৰিব লাগে। স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে নতুন নিৰ্দেশনা, অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ নকৰিব। অন্যথা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে। ছেনিটাইজাৰ ব্যৱহাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ সতৰ্কবাণী। স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি হেণ্ড ছেনিটাইজাৰ অতিমাত্ৰা ব্যৱহাৰ কৰিলে ক্ষতিকাৰক হ’ব পাৰে। ছেনিটাইজাৰৰ অত্যাধিক ব্যৱহাৰে ছালক সুস্থ ৰখা ভাল বেক্টেৰিয়াবোৰক মাৰি পেলায়। যাৰ ফলত পাছত সমস্যা হ’ব পাৰে। উল্লেখ কৰিব পাৰি যে, ছেনিটাইজাৰৰ পৰিৱৰ্তে চাবোন আৰু পানীৰ ব্যৱহাৰ কৰিব লাগে।

জ্যোতিস্মান শৰ্মা

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি  বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী  সকলক উৎসাহিত কৰা উদ্দেশ্যেৰে আয়োজিত  গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটত প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীক বিধায়ক গৰাকীয়ে সম্বৰ্ধনা জনায়।এই উপলক্ষে চহৰখনৰ   কিৰনবালা গোস্বামী হাইস্কুল, ৰন্তকান্ত বৰকাকতী  হাইস্কুল, নগাঁও বেঙ্গলী ছোৱালী বিদ্যালয়  আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত কৃতকাৰ্যতা লাভ কৰা পৌৰমহলাৰ ছাত্র-ছাত্ৰী সকলক মানপত্ৰ, গামোচা,কিতাপৰ টোপোলা, কলমৰ লগতে মাক্সেৰে সম্বৰ্ধনা জনোৱা হয়। সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে   বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু  পৌৰমহলাৰ প্ৰাক্তন পৌৰ আয়ুক্ত সকল উপস্থিত থাকে।

১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জন্মভূমিত অহা ১৫ আগষ্টত পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ চোৰাংচোৱা এজেন্সীৰ সূত্ৰত এই কথা প্ৰকাশ৷ চোৰাংচোৱা এজেন্সী ‘ৰ’ই প্ৰকাশ কৰা মতে আক্ৰমণৰ বাবে আইএছআইয়ে লস্কৰ আৰু জৈশ সন্ত্ৰাসবাদীক আফগানিস্থানত প্ৰশিক্ষণ দিছে৷ অযোধ্যাত আক্ৰমণৰ বাবে পাকিস্তানী এজেন্সীয়ে তিনিটাৰ পৰা পাঁচটা সন্ত্ৰাসবাদী গোট প্ৰেৰণ কৰিবললৈ পৰিকল্পনা কৰিছে৷ ভাৰতীয় চোৰাংচোৱাই প্ৰকাশ কৰে যে পাকিস্তানৰ সন্ত্ৰাসবাদী গোটে পৃথক আক্ৰমণ চলাবলৈ চাব আৰু এনেদৰে ভাৰতৰ অভ্যন্তৰীণ আক্ৰমণ কৰিব৷ এই সন্ত্ৰাসবাদীৰ বাবে ভিভিআইপি প্ৰধান লক্ষ্য৷ ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ দিল্লী, অযোধ্যা আৰু কাশ্মীৰত তালাচী চলোৱা হৈছে৷

ন’ বলৰ সিদ্ধান্ত দিয়াৰ নিয়ম সলনি আইচিচিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিভিন্ন মেগা টুৰ্নামেণ্টত আম্পায়াৰৰ ভুলৰ বাবে খেলৰ গতি সলনি হয় ৷ এনেবোৰ কথা লক্ষ্য কৰি আছে আইচিচিয়ে ৷ এইবাৰ আইচিচিয়ে ন’ বলৰ ক্ষেত্ৰত নিয়ম সলনি কৰিব ৷ এদিনীয়া ক্ৰিকেটত ঘটিব এই অভিনৱ ঘটনা ৷ এতিয়া ন’ বল কল কৰাৰ সিদ্ধান্ত ফিল্ড আম্পায়াৰৰ হাতত নাথাকিব ৷ আনুষ্ঠানিকভাৱে টিভি আম্পায়াৰে এইবাৰ ন’ বলৰ কথা ক’ব পাৰিব ৷ অহা বৃহস্পতিবাৰে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত হ’ব লগা এদিনীয়া ক্ৰিকেট ছিৰিজত আৰম্ভ হ’ব এই নতুন নিয়ম৷ অৰ্থাৎ আইচিচি ছুপাৰ লীগত হ’ব এই নিয়ম ৷ ফলত থাৰ্ড আম্পায়াৰৰ কাম বাঢ়িব ৷ ইপিনে পাতল হৈ পৰিব ফিল্ডত থকা আম্পাৰৰ কাম ৷

অনলাইন পৰীক্ষাৰ সময়সূচীয়ে বিপাঙত পেলাইছে অভিভাৱকক, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষক সময়সূচী সালসলনি কৰাৰ আহ্বান

নগাঁও : ক’ৰোণাৰ বাবে অনলাইন সেৱাৰ জৰিয়তে পাঠদান চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে শেহতীয়াভাৱে অহা আগষ্ট মাহৰ পৰা ছয়মহীয়া পৰীক্ষা সমূহ অনলাইন যোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু অনলাইন পৰীক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ঘোষণা কৰা সময় সূচীয়ে বিপাঙত পেলাইছে অভিভাৱক সকলক। পূৰ্বতে বিদ্যালয় সমূহে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা সময়তে বৰ্তমানৰ অনলাইন পৰীক্ষাও অনুষ্ঠিত কৰিব বিচৰা কাৰ্যত চিন্তিত কৰি তুলিছে অভিভাৱক সকলক। কাৰণ স্মাৰ্টফোনৰ জৰিয়তে সন্তানক পৰীক্ষাত অৱতীৰ্ণ কৰোৱাত অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱক সকলক। সাধাৰণতে বৃত্তিগত কাৰণত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হোৱা সময়তে সন্তানৰ অনলাইন পৰীক্ষাৰ সময়সূচী ঘোষণা হোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছে অধিকাংশ অভিভাৱক। কাৰণ নিজৰ নিত্যপ্ৰয়োজনত ব্যৱহৃত স্মাৰ্ট ফোন সন্তানৰ বাবে এৰি থৈ যাব লগা হলে যথেষ্ট অসুবিধাৰ সন্মুখীন হব অভিভাৱক সকল। সেয়ে অধিকাংশ অভিভাৱকেই অনলাইন পৰীক্ষাৰ সময়সূচী সলনিৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে, বৰ্তমানৰ সময়সূচী অনুসৰি পুৱা ১০বজাৰ পৰা ১২বজালৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। কিন্তু অভিভাৱক সকলে ইয়াৰ পৰিৱৰ্তে পুৱা ৭বজাৰ পৰা ৯বজালৈ অথবা বিয়লি ৪বজাৰ পৰা ৬বজালৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে।

বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত যোৱা লকডাউনৰ সময় চোৱাত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে হাতীগাওঁ স্থিত মাদাৰ বৃদ্ধা আশ্ৰমৰ ১৩গৰাকী বৃদ্ধাক জীৱনৰ অন্তিম সময়ছোৱাত সম্পূৰ্ণ ব্যয় বহন কৰি তীৰ্থ যাত্ৰালৈ প্ৰেৰণ কৰাৰ দৰে মহৎ কাম কৰি আহিছে । লগতে ২০১৭চনৰ পৰা ট্ৰাষ্ট-এ প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দুগৰাকীকৈ দৰিদ্ৰ মেধাবী শিক্ষার্থীক স্নাতক পৰ্যন্ত অধ্যয়নৰ ব্যয় বহন কৰি আহিছে । সমাজৰ দুখীয়া-দৰিদ্ৰৰ কাষত সদায় থিয় দিয়া বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট-এ এইবাৰো বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবড়ি অঞ্চলত প্ৰায় ১৬০ ঘৰৰো অধিক দুৰ্গত পৰিয়ালক খাদ্য বস্তু আৰু মাস্ক প্ৰদান কৰে । খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে । বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হয় কয় যে বলিয়া বানত চন্দ্ৰপুৰ-হাজংবড়ি অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰলয়ংকাৰী বানে যি ক্ষয় ক্ষতি কৰিলে, তাৰপৰা বানাক্ৰান্ত পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবেই ট্ৰাষ্টৰ জৰিয়তে এনেদৰে সামৰ্থ অনুযায়ী খাদ্য বস্তু সমূহ প্ৰদান কৰা হয় । আনহাতে কৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি নীতি-নিৰ্দেশনা জাৰি কৰিছে তাক মানি চলিবলৈকো আহ্বান জনায় বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে। বিশেষকৈ মুখমণ্ডলত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে হাজংবড়ি অঞ্চলৰ গাঁও বুঢ়া দেৱজিত ৰংপি, গাঁও কল্যান সমিতিৰ সভাপতি বলোৰাম হাজৰিকা , গাঁও সুৰক্ষা বাহিনীৰ নায়ক ৰাজেন আবং আৰু বিদ্যা ভাৰতীৰ প্ৰকল্প প্ৰমুখ ভূষণ গোস্বামী ।

‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল

তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া সম্পূৰ্ণ সাৱধানতা তথা সামাজিক দূৰত্বৰ নীতি পালন কৰি উক্ত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাই৷ কাৰ্যসূচীটোত সহযোগিতা আগবঢ়ায় অসম সাহিত্য সভা, কা বিৰোধী যৌথ মঞ্চৰ বিষয়ববীয়া, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে৷ এই কাৰ্যসূচীৰ জৰিয়তে আছুৱে স্পষ্টকৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে যে ছাত্ৰ সন্থাই কেতিয়াও ‘কা’ মনা নাছিলে আৰু ভৱিষ্যতেও নামানে৷ লাগিলে পৰিস্থিতি যিয়েই নহওঁক কিয় আছুৱে এই আইন বাতিলৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিবলৈ বেছি ক্ষণ নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৭,৭০৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৪ লাখ ৮৩ হাজাৰ ১৫৬ জন৷ যোৱা ২৪ ঘণ্টাত দেশত মুঠ সংক্ৰমণৰ হাৰ হ’ল ৯.০৩ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে  যোৱা ২৪ ঘণ্টাত ৬৫৪ জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ৩৩,৪২৫ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,৮৮৩ জনৰ মৃত্যু হৈছে৷ দিল্লীত ৩৮৬৩, তামিলনাডুত ৩৫৭১, গুজৰাটত ২৩৫৮ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷