Home Blog Page 3235

জামুগুৰিহাটত শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ, গুৰুজনাৰ অমৰ সৃষ্টি খোল-বাদ্যৰ প্ৰশিক্ষণ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ “ছাত্ৰ-ছাত্ৰীয়ে পুথিগত বিদ্যা আহৰণ কৰাৰ সমান্তৰালকৈ নিজৰ মনটো আধ্যাত্মিকভাৱেও সংপৃক্ত কৰিব পাৰিলে ভৱিষ্যতে প্ৰকৃত মানুহ হ’ব পাৰিব৷”- এই মন্তব্য জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বাপুজি ভৱন নাট্য সমাজৰ সম্পাদক বিকাশ বৰাৰ৷

জামুগুৰিহাটৰ বৰহমপুৰ নামঘৰ প্ৰাংগনত কালি গুৰুজনাৰ অমৰসৃষ্টি খোলবাদ্যৰ পাঠদানৰ উদ্দেশ্যে স্থাপন কৰা শ্ৰুতি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি এইদৰে কয় উদ্বোধক বিকাশ বৰাই৷

বৰহমপুৰ গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা সচিদানন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে শিশুৰপৰা যুৱক যুৱতীসকললৈকে মুকলি কৰা খোল-বাদ্য প্ৰশিক্ষণৰ বিদ্যালয় শ্ৰুতি সংগীত বিদ্যালয়ৰ উত্তৰোত্তৰো কামনা কৰে উপস্থিত লোকসকলে৷

শংকৰী সংগীতৰ যুৱ শিল্পী তথা গুৰুজনাৰ অমৰ সৃষ্টি  বৰগীতৰ স্নাতক জামুগুৰিহাটৰ বৰহমপুৰ গাঁৱৰ প্ৰাঞ্জু বাৰুতীৰ প্ৰচেষ্টাত নতুনকৈ গঢ় লৈ উঠা শ্ৰুতি সংগীত বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে  বিশ্বনাথ চাৰিআলিৰ বাদ্য আৰু নৃত্য বিশাৰদৰ লগতে শংকৰী সংগীতৰ সাধক, যুৱ শিল্পী প্ৰাণজিৎ বৰাক দায়িত্বও অৰ্পন কৰিছে সভাই৷

সমাজসেৱীকা তথা শিক্ষয়ত্ৰী বুলবুলি ডেকা গায়নে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সংগীত বিদ্যালয়খন শুভ উদ্বোধনী অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তিও উপস্থিত আছিল৷

জামুগুৰিহাটত যুৱতী-মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ ৰাজ্যত দিনে নিশাই বৃদ্ধি পাই আহিছে নাৰী নিৰ্য্যাতন, হত্যা, ধৰ্ষন, লুণ্ঠনৰ ঘটনা৷ মহিলা তথা যুৱতী সকলৰ লগত হোৱা এনে অপৰাধমুলক কাৰ্যকলাপক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰম্ভ কৰিছে এক ব্যতিক্ৰমী সমৰকলাৰ প্ৰশিক্ষন।

“সমৰকলাও হ’ব পাৰে আত্মৰক্ষাৰ পথ” শীৰ্ষক লক্ষ্য লৈয়েই চলিছে প্ৰশিক্ষণ৷ জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদৰ জামুগুৰি বহাগী মেলা বাকৰিত প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত  প্ৰায় অৰ্ধশতাধিক মহিলা যুৱতী ব্যস্ত হৈ পৰে সমৰকলা প্ৰশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ বাবে ল’বলগীয়া একোটো একোটা কৌশল আয়ত্ব কৰাত৷

যুৱতী তথা মহিলাসকলৰ সমৰকলা প্ৰশিক্ষনৰ নেতৃত্ব লৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱান্ডো খেলুৱৈ তথা ব্লেকবেল্ট সঞ্জয় গায়ন, হিৰণ্য হাজৰিকা আৰু সন্দীপ দাসে৷ সম্পূৰ্ণ বিনামূলীয়াকৈ মহিলা, যুৱতীক প্ৰতি ৰবিবাবে বিয়লি দি অহা সমৰকলাৰ প্ৰশিক্ষণ স্থলীত আত্মৰক্ষাৰ বাবে যোগদান কৰা যুৱতীসকলৰ ৱাৰ্মআপ, পান্স, ৰাইজিং কিক, ষ্ট্ৰেচিং আদিৰ দৃশ্যই ভৰি পৰে প্ৰশিক্ষণ স্থলীৰ পৰিৱেশ৷

যুৱতীসকলে এইদৰে সমৰকলাৰ জৰিয়তে আত্মৰক্ষাৰ প্ৰচেষ্টা ল’ব পাৰে তেন্তে ৰাজ্যত বৃদ্ধি হোৱা নাৰী নিৰ্যাতন হ্ৰাস হ’ব বুলিও মন্তব্য কৰিছে সচেতন মহলে৷ আনহাতে এক সুন্দৰ চিন্তাধাৰাৰে আৰম্ভ কৰা যুৱক টাইকোৱান্ডো খেলুৱৈ সকলৰ প্ৰচেষ্টাৰ সলাগ লৈছে সচেতন মহলে৷

কিয়নো বৰ্তমান সময়ত নাৰীসকলৰ এক বিপদসংকুল মুহূৰ্তত তিনি যুৱক ক্ৰমে সঞ্জয়, হিৰণ্য আৰু সন্দীপ আগবাঢ়ি আহিছে নাৰী সমাজৰ সুৰক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পৰাকৈ “আত্ম-সুৰক্ষাৰ প্ৰশিক্ষণ” দিয়াৰ দিশটোত, তাকো সম্পূৰ্ণ বিনামূল্যে। অথচ তিনিওজন যুৱকেই কাৰ্যত নিবনুৱা।

তাৰ পাছতো বিনামূলীয়াকৈ যুৱতী-মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিব বিচৰাটোৱে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়ো দাঙি ধৰিছে বুলিও মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে৷ উল্লেখ্য যে জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া সংগঠণ এক্টিভ ৱাৰিৱৰ্ছৰ উদ্যোগত হোৱা তথা প্ৰশিক্ষনৰ নেতৃত্ব লোৱা তিনিওগৰাকী প্ৰশিক্ষকৰ প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়৷

চিআৰপিএফ 136 নং শাখাৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত ফিল্টাৰ বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৪ নৱেম্বৰঃ দেশ সেৱাত ব্ৰত 136 নং শাখাত কৰ্মৰত জোৱান সকলে সমাজ সেৱাৰ কৰ্মতো আগভাগ লোৱা দেখা যায়।

চিআৰপিএফ জোৱান সকলে ছাত্র-ছাত্ৰীসকলৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লালপুলস্থিত চিআৰপিএফৰ 136 নং শাখাৰ উদ্যোগত মঙলবাৰে মহাদেৱ গোহাঁই মধ্য ইংৰাজী বিদ্যালয়, বৰুবাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, লাইলঙপাৰা উচ্চ মাধ্যমিক বিদ্যালয়, ঝাৰগাঁও জাতীয় বিদ্যালয়, ঝাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে দৰিদ্ৰ লোকক বিশুদ্ধ খোৱা পানী সেৱন কৰাৰ বাবে ফিল্টাৰ বিতৰণ কৰে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত চিআৰপিএফৰ সহকাৰী কমাণ্ডেন্ট বিষয়া প্ৰহ্লাদ সিঙে আঁতধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন নৃত্য গীত পৰিবেশন কৰে। অনুষ্ঠানত চিআৰপিএফ 136 নং শাখাৰ কমাণ্ডেন্ট বিষয়া পিচি চৌহান, শচীন কুমাৰ গুপ্তাৰ লগতে প্ৰায় দুই শতাধিক ছাত্র ছাত্ৰী উপস্থিত থাকে।

মুল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত আছুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হুংকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ৪ নৱেম্বৰঃ অত্যাৱশকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা  সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰ মাজ-মজিয়াত অত্যাৱশকীয় খাদ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।

আছুৰ প্ৰতিবাদীসকলে মৰাণ নগৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি মৰাণৰ আকাশ-বতাহ  কপাই তোলাৰ লগতে গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী জুমুঠি দাহ কৰে।

পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসন বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে সৰ্বসাধাৰণ লোকক কেৱল শোষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ আৰু সম্পাদক ভাস্কৰ বৰুৱাই চৰকাৰক কঠোৰ সমালোচনা কৰে।

শীঘ্ৰে যদিহে মুল্য বৃদ্ধি ৰোধ নকৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ প্ৰদান কৰিছে।

মৰিগাঁও জিলা যোগ এচ’ছিয়েছন গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৪ নৱেম্বৰঃ অসম যোগ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা যোগ সন্থাৰ সমিতি আজি গঠন কৰা হয়৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰে৷

যোগ প্ৰশিক্ষক তথা সাংবাদিক মানস নাথে আঁতধৰা সভাখনত উপস্থিত থাকি যোগ সন্থাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে ক্ৰমে অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰা, মৰিগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মনিকা বৰা, নগাঁৱৰ অধিবক্তা গৌতম ভট্টাচাৰ্যই৷

জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কেবাগৰাকী যোগ প্ৰশিক্ষক উপস্থিত থকা উক্ত সভাতে চিকিৎসক ডাঃ মনিকা বৰা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰক সভাপতি আৰু ৰাজীৱ দাসক সম্পাদক হিছাপে হৈ এখন জিলা যোগ এচ’ছিয়েছনৰ সমিতি খন গঠন কৰা হয় ৷

সত্ৰীয়া নৃত্যত প্ৰথম স্থান মাজুলীৰ সমুদ্ৰ হাজৰিকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাজুলী, ৪ নৱেম্বৰঃ মাজুলী জিলাৰ গড়মূৰৰ সমীপৱৰ্তী খোনাচুক গাঁৱৰ সমুদ্ৰ হাজৰিকাই সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড°ভূপেন হাজৰিকা পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাৰ সত্ৰীয়া নৃত্য বিষয়ত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

নৃত্য-বাদ্যত পাকৈত সমুদ্ৰই খোলবাদ্য, সত্ৰীয়া নৃত্য, নাগাৰা বাদন আদি বিষয়ত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ সমুদ্ৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সমীপৱৰ্তী খোনাচুকৰ শিল্পী বিপুল হাজৰিকা আৰু সাৱিত্ৰী হাজৰিকাৰ পুত্ৰ৷ ছাত্ৰ গৰাকীৰ সাফল্যত মাজুলীবাসী ৰাইজে সন্তোষ্টি প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছে৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চি তেল পৰিবাহী পাইপ, আতংকিত ৰাইজ

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত ঘটিল অনুৰূপ ঘটনা। শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চিৰ তেল পৰিবাহী পাইপ।

বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অ’ এন জি চিৰ পাইপ ফুটি নিৰ্গত হয় অহৰহ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ফ’ৰলেন পথৰ কাম কৰি থকা অৱস্থাত সংঘটিত হৈছে এই অঘটন। গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে।

অ’ এন জি চিৰ বলিয়াঘাটস্থিত GGS-1 ত তেল গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল আৰু প্ৰাকৃতিক গেছ৷ লগে-লগে ৰাইজে অ’ এন জি চি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

যদিও এক ঘন্টা পিছতহে নিগম কৰ্তৃপক্ষ উক্ত স্থানত উপস্থিত হোৱা বুলি স্থানীয়ে ৰাইজে জানিব দিয়ে৷ পৰৱৰ্তী সময়ত নিশালৈ পুনৰ পূৰ্বৰ পৰিস্থিতিৰ সূচনা হয় বুলি জানিব পৰা গৈছে।

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা  মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব বিচৰাৰ সময়তে গেলেকী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে।

জানিব পৰা মতে গেলেকী থানাৰ আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ পমখেদি সীমান্ত অঞ্চলটোৰ মৰাণ গাঁৱত এক অভিযান চলাই এখন নতুন মহিন্দ্ৰ পিকআপ ভানত প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে যদিও আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ লাভ কৰি অবৈধ লালীগুড় ব্যৱসায়ীয়ে গাঁওখনত গাড়ী এৰি পলায়ন কৰে।

আৰক্ষীৰ দলটোৱে চালক তথা মালিকৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্যনীয় যে, আৱকাৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক মাহেকীয়া কমিচন আদায় দি গেলেকীৰ আলিয়ে-গলিয়ে অবৈধ মদৰ ঘাটী গঢ়ি তোলাৰ লগতে একাংশ দুষ্ট চক্ৰই লালীগুড়ৰ ব্যাপক অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে।

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

লাকুৱাৰ দিচাং নৈৰ কাষত থকা তথা আহোম যুগৰ পৱিত্ৰ উপাসনাস্থলী ঐতিহাসিক আমলখি দেউশালত পুৱা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সম্পাদক দাদুল বৰুৱা, তীৰ্থ বৰা, স্বপ্নজিৎ বৰগোঁহাই আদিৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ পূজাভাগৰ আয়োজন কৰে।

মলুং নিপেন মহনৰ দ্বাৰা টাই আহোম পৰম্পৰা অনুসৰি আমলখি দেউশালত আয়োজন কৰা বিশেষ পূজাভাগৰ যোগেদি আহোম সকলৰ উপাস্য দেৱতাসকলক আৰাধনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত যথেষ্ট সংখ্যক কংগ্ৰেছ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

আমেৰিকা নিৰ্বাচনৰ ভোটগননা, কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি

দৈনন্দিন বাৰ্তাৰ সেৱা, ৪ নৱেম্বৰঃ কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি! আজি ভাগ্য নিৰ্ণয় হব ড’নাল্ড ট্ৰাম্প আৰু জ’ ৱাইডেনৰ। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জ’ ৱাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখা গৈছে।

আনহাতে এইবাৰ আমেৰিকাৰ নিৰ্বাচনত ভোটদান কৰা দিনৰ পূৰ্বেই মেইল অথবা বেলটৰ জৰিয়তে অভিলেখ সংখ্যক ভোট প্ৰদান কৰে মাৰ্কিন ভোটাৰ সকলে। বেলেটৰ ৯ কোটি ৩০ লাখ আমেৰিকাবাসীয়ে আগতীয়া ভোট প্ৰদান কৰিছে।