দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৪ নৱেম্বৰঃ অসম যোগ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা যোগ সন্থাৰ সমিতি আজি গঠন কৰা হয়৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰে৷
যোগ প্ৰশিক্ষক তথা সাংবাদিক মানস নাথে আঁতধৰা সভাখনত উপস্থিত থাকি যোগ সন্থাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে ক্ৰমে অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰা, মৰিগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মনিকা বৰা, নগাঁৱৰ অধিবক্তা গৌতম ভট্টাচাৰ্যই৷
জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কেবাগৰাকী যোগ প্ৰশিক্ষক উপস্থিত থকা উক্ত সভাতে চিকিৎসক ডাঃ মনিকা বৰা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰক সভাপতি আৰু ৰাজীৱ দাসক সম্পাদক হিছাপে হৈ এখন জিলা যোগ এচ’ছিয়েছনৰ সমিতি খন গঠন কৰা হয় ৷
দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
লাকুৱাৰ দিচাং নৈৰ কাষত থকা তথা আহোম যুগৰ পৱিত্ৰ উপাসনাস্থলী ঐতিহাসিক আমলখি দেউশালত পুৱা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সম্পাদক দাদুল বৰুৱা, তীৰ্থ বৰা, স্বপ্নজিৎ বৰগোঁহাই আদিৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ পূজাভাগৰ আয়োজন কৰে।
মলুং নিপেন মহনৰ দ্বাৰা টাই আহোম পৰম্পৰা অনুসৰি আমলখি দেউশালত আয়োজন কৰা বিশেষ পূজাভাগৰ যোগেদি আহোম সকলৰ উপাস্য দেৱতাসকলক আৰাধনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত যথেষ্ট সংখ্যক কংগ্ৰেছ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।