Home Blog Page 3239

এক নবেম্বৰত কৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস, বাসৱ চন্দ্ৰ কলিতাৰ বৰ্ণিল কৰ্মজীৱনৰ আধাৰত উন্বোচন হব অভ্ৰভেদী

দৈনন্দিন বাৰ্তৰ সেৱা, শুৱালকুছিঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত অহা এক নবেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় ভাবে কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন কৰা হব। দৈনন্দিন বাৰ্তাক গুৱাহাটী জিলা পৰিষদৰ সম্পাদক হেমন্ত লহকৰে জানিব দিয়া অনুসৰি গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেখ্যাগৃহত এক নবেম্বৰত  পুৱা ৯ বজাত পৰিষদৰ পতাকা  উত্তোলন। ৯-১৫ বজাত  ছহীদ বেদীত বন্তি প্ৰজ্বলন ও পুস্পাঞ্জ্যলী। ৯-৩০ বজাত  সৰ্বধৰ্ম প্ৰাৰ্থনা। ১০ বজাত স্মৃতি চাৰণ সভা। দিনৰ ১২ বজাত গুৱাহাটী জিলাৰ প্ৰাক্তন বিষয় ববীয়াৰ সম্বৰ্ধনা অনুষ্ঠান আৰু ১ বজাত গ্ৰন্থ উম্নোচন কৰা হব।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,  মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,  কৃষি মন্ত্ৰী অতুল বৰা,  অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় বিষয়া হিমাংশু শেষৰ দাস,  সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা উপস্থিত থাকিব।

উক্ত সভাতে সুদীৰ্ঘ দিন ধৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্ব বহন  কৰা পৰিষদৰ  কান্দাৰী বাসৱ চন্দ্ৰ কলিতাৰ বৰ্ণিল কৰ্মজীৱনৰ আধাৰত সম্পাদনা কৰা অভিনন্দন গ্ৰন্থ অভ্ৰভেদী শুভ  উম্মোচন কৰা হব। মনোজ লহকৰৰ সম্পাদনাত উম্নোচন হবলগীয়া সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত সম্পাদক প্ৰধান মৃণাল দাসে সদৌতিলৈ উপস্থিতি কামনা কৰিছে।

৩১ অক্টোবৰত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিন, বিজেপি গুৱাহাটী মহানগৰ জিলাৰ একতাৰ দৌৰ কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তা সেৱাঃ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই অহা ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিৱস উদযাপন কৰিব৷ সেই উপলক্ষে শনিবাৰে বিজেপিয়ে একতাৰ দৌৰ কাৰ্যসূচী ৰুপায়ন কৰিব৷ ভাৰতীয় জনতা পাৰ্টীৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, স্বাধীনতাৰ পিছত দেশক একত্ৰিত কৰি ৰখাত পেটেলৰ ভূমিকা আছিল অপৰিসীম৷

সেই সময়ত চৰ্দাৰ বল্লভ ভাই পেটেলে একতাৰ বান্ধোনেৰে ধৰি ৰাখিবলৈ সক্ষম হৈছিল৷ বল্লভ ভাই পেটলৰ অখণ্ড ভাৰত নিৰ্মানত যথেষ্ট অৰিহনা আছে৷ সেয়ে বল্লভ ভাই পেটেলৰ জন্মদিন ‘একতাৰ দিন’ হিচাপে পালন কৰা হয়৷ ইয়াৰ বাবেই বিজেপিয়ে একতাৰ দৌৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিব বুলি সভাপতি মৃগেন শৰণীয়াই জনায়৷

আনহাতে সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকাই জনোৱা অনুসৰি একতাৰ দৌৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী তথা নেডাৰ ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, জিএমডিএৰ উপাধক্ষ্য মুকুতা ডেকা, বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে দল আৰু চৰকাৰৰ বহু কেইগৰাকী নেতাই অংশগ্ৰহন কৰাৰ সম্ভাৱনা আছে।

ডেকাই লগতে বিজেপিৰ প্ৰায় পাঁচ শতাধিক সদস্যই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি অমৰজ্যোতি ডেকাই জানিবলৈ দিয়ে৷

বিশিষ্ট চিত্ৰশিল্পী-চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক গৌৰী বৰ্মনৰ আৰু নাই, মুখ্যমন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ

দৈনন্দিন বাৰ্তা সেৱাঃ বিশিষ্ট চিত্ৰশিল্পী-চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক গৌৰী বৰ্মনৰ আৰু নাই। গুৱাহাটীৰ তৰুণ নগৰস্থিত নিজা বাসগৃহত বৰ্ষীয়ান শিল্পী গৰাকীৰ ৮৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। কেইবাখনো ছবিৰ লগতে তথ্যচিত্ৰৰো পৰিচালক, প্ৰযোজক আছিল প্ৰয়াত বৰ্মন। অপৰাজিতা, জীৱন জেউতি, হৃদয়ৰ প্ৰয়োজনৰ দৰে কেইবাখনো ছবিৰ পৰিচালনাৰ লগতে ৩০ খনতকৈ অধিক তথ্যচিত্ৰ আৰু ভালেসংখ্যক টেলিভিশ্যন ধাৰাবাহিকৰো পৰিচালক আছিল গৌৰী বৰ্মণ।

প্ৰাক্তন মন্ত্ৰী ৰমনি বৰ্মনৰ জ্যেষ্ঠ ভাতৃ গৌৰী বৰ্মন মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকপ্ৰকাশ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰত ‘যশস্বী চলচ্চিত্ৰ নিৰ্মাতা গৌৰী বৰ্মনৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া চলচ্চিত্ৰ, কলা আৰু সংস্কৃতিক চহকী কৰি থৈ গৈছে। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে মই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো’ বুলি প্ৰকাশ কৰে।

আনহাতে গৌৰী বৰ্মনৰ বিয়োগত অসম নাট্য সন্মিলন, গুৱাহাটী আৰ্টিষ্টছ গীল্ড আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰে।

আজি লক্ষী পূজা, ঐশ্বৰ্যৰ আৰাধ্য দেৱীৰ পূজাক লৈ মহানগৰীতো নাই বিগত বৰ্ষসমূহৰ দৰে উছাহ

দৈনন্দিন বাৰ্তা সেৱাঃ আজি লক্ষী পূজা। ক’ৰনা মহামাৰীৰ আতংকৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও লক্ষী পূজাৰআয়োজন কৰিছে। লক্ষ্মী বন্দনা, শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিব লক্ষী মন্দিৰসমূহ।

শুক্ৰবাৰে ধন-সম্পদ, ঐশ্বৰ্য-বিভূতি, সৌভাগ্যদায়িনী দেবী মহালক্ষ্মীৰ পূজা। পঞ্জিকাৰ নিসম অনুসৰি আজি সন্ধিয়া ৫ বাজি ৩০ মিনিটৰ লক্ষ্মী পূৰ্নিমা তিথি আৰম্ভ হোৱাৰ লগতে শনিবাৰে সন্ধিয়া ৭ বজাত অন্ত পৰিব পূৰ্নিমা তিথি।

ঐশ্বৰ্যৰ আৰাধ্য দেৱীৰ পূজাক লৈ মহানগৰীতো নাই বিগত বৰ্ষসমূহৰ দৰে উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা উদযাপন কৰা হ’ব।

অভিশপ্ত ৩০ অক্টোবৰ, ৰক্তাক্ত দিনৰ ১২ টা বছৰ সম্পূৰ্ণ

দৈনন্দিন বাৰ্তা সেৱাঃ আজি অভিশপ্ত ৩০ অক্টোবৰ৷ আজিৰ পৰা ১২ বছৰৰ পূৰ্বে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোতে মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণ ঘটিছিল। গুৱাহাটী মহানগৰীৰ কাছাৰী, পাণবজাৰ, গণেশগুৰিত সংঘটিত বিস্ফোৰণত ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ৰাজপথত পৰি ৰৈছিল তেজৰ চেকুৰা, মৃতদেহ।

উগ্ৰপন্থী সংগঠন এনডিএফবিয়ে সংঘটিত কৰা ৩০ অক্টোবৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল৷ আজিও সেই দিনৰ ভয়ানক স্মৃতি মনত পেলাই দুৰ্বিহ দিন কটাইছে বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে৷ মহানগৰীৰ গণেশগুৰিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন৷

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৯৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১০৫৭ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৩৫৭১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ১১১৩৮ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯২৩ জন লোকৰ।

অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

দৈনন্দিন বাৰ্তা সেৱাঃ পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS) অধীনত অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা অসম চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা ব্যৱস্থা কৰা হৈছে।কৃষকৰ বাবে উপযোগী এনে অভিলাষী আচঁনিৰ অংশ স্বৰূপ আজি নগাঁও সদৰ সমষ্টিটো প্ৰায়  ৫৮ গৰাকী কৃষকক  খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত পাৱাৰটিলাৰ বিতৰণ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত কৃষকসকলক পাৱাৰ টিলা বিতৰণ উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই  কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সপোন ২০২২  চনৰ ভিতৰত প্ৰত্যেক জন কৃষকৰ আয় দুগুণ হ‌ওক আৰু সেই সপোনক সাৰ্থক কৰাৰ উদ্দেশ্যেই অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন কৃষি উপযোগী আচঁনিৰ লগতে পাৱাৰটিলা,টেক্টৰ বিতৰন কৰি আহিছে। পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS)  আচঁনিৰ অধীনত  কৃষকসকলক আজি নিজ হাতে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা বিতৰণ কৰি যথেষ্ট সন্তোষ্টি লাভ কৰিছো। 

আমি আশা কৰিছো এই আচঁনিৰ জৰিয়তে  পাৱাৰটিলাৰ লাভ কৰা কৃষক সকল উপকৃত হব ।আজিৰ পাৱাৰটিলা বিতৰণ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ,সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেছুভাই পেটেলৰ দেহাৱসান

দৈনন্দিন বাৰ্তা সেৱাঃ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেছুভাই পেটেলৰ দেহাৱসান। বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পাছতে তেখেতক স্টার্লিং হস্পাতালত ভৰ্তি কৰা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা তেখেতৰ মৃত্যু হয়।

৬ বাৰকৈ গুজৰাট বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰবীণ ৰাজনীতিবিদ গৰাকীয়ে ১৯৯৫ ৰ পৰা ২০০১লৈকে দুবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আসন সুৱনি কৰিছিল। ২০১২ চনত ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰি গুজৰাট পৰিৱৰ্তন পাৰ্টি নামৰ এটি নতুন ৰাজনৈত্ক দলৰ জন্ম দিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ।

নগাঁৱৰ ডিমৰুগুৰিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি, উত্তেজীত ৰাইজে আঠুকঢ়ালে পৰিচালকক

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ নগাঁৱৰ ডিমৰুগুৰিস্থ মেচাৰ্চ লক্ষ্মী চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোত কালি দিনৰ প্ৰায় ১ বজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবপৰা মতে, সামান্য কথাতে তেল ডিপোৰ কৰ্মচাৰী হীৰকজ্যোতি বৰাক প্ৰহাৰ কৰে ডিপোটোৰ পৰিচালক মদনলাল শৰ্মাই। ইয়াৰ পিছতে ডিপোটোৰ কৰ্মচাৰী সকল পৰিচালক গৰাকীৰ ওপৰত ক্ষুব্ধ হৈ পৰে।

ডিপোটোৰ কৰ্মচাৰী সকলে অনাঅসমীয়া পৰিচালক গৰাকীৰ ব্যৱহাৰত অতীষ্ঠ হৈ বহুসময় ধৰি আঠুকঢ়াই থয় পৰিচালক মদনলাল শৰ্মাক। পিছত নগাঁৱৰ টাউন ইটাচালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মদনলাল শৰ্মা নামৰ পৰিচালক গৰাকীক আটক কৰি থানালৈ লৈ যায়।

তেল ডিপোৰ কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি প্ৰায়ে এইগৰাকী পৰিচালকে অসমীয়া কৰ্মচাৰী সকলক দুৰ্ব্যৱহাৰ কৰি আহিছিল। আনহাতে তেল ডিপোটোৰ মালিক সঞ্জয় আগৰৱালেও তেল ডিপোৰ কৰ্মচাৰী সকলক যথেষ্ট ভাল ব্যৱহাৰ নকৰাৰ অভিযোগ তুলিছে কৰ্মচাৰীসকলে।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী কোৰোনাত আক্ৰান্ত

দৈনন্দিন বাৰ্তা সেৱাঃ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী স্মৃতি ইৰাণী আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

বুধবাৰে কোৰোনা ভাইৰাছত আক্ৰান্তৰ কথা খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰযোগে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনায়।