Home Blog Page 3239

কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। ৭৮ টা গৰু সহ ১৩ খন বাহন জব্দ। সৰবৰাহৰ লগত জড়িতৰ সন্দেহত ৩০ জন লোক আটক‌

কলিয়াবৰ : ৰাজ‍্যত এতিয়া সক্ৰিয় অবৈধ গৰুৰ বেহা। কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। আটক কৰা হৈছে ৩০ জন লোক। অসমৰ বিভিন্ন স্থানৰ পৰা অবৈধভাবে সৰবৰাহ কৰা ১৩ খন বাহন জব্দ। বুধবাৰে পুৱা উলুৱনী আৰক্ষী চকীৰ এক তালাচীত ৭৮ গৰু সহ ১৩ খন বাহন জব্দ কৰে। ইয়াৰে ৬৯ টা মতা, ৭ জনী মাইকী আৰু ২টা পোৱালি। ইতিমধ‍্যে, ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা সন্বিবিষ্ট কৰি উলুৱনী আৰক্ষী চকীত ৫০/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু হোৱা ধাৰাকেইটা হ’ল – ৫৫/২০২০, ১২০/বি/৩৭৯/৪১১/২৮৯/১৮৬, ভাৰতীয় দণ্ডবিধি আৰ/ডব্লিউ ১১ (১)(এ), (ডি), (চি), যান-বাহন প্ৰতিৰোধী আইনৰ ধাৰা ১৯২। উলুৱনী আৰক্ষী চকীত মহিন্দ্ৰ জীতো – এ. এচ. ০২চি চি ৩৭২২, মহিন্দ্ৰ বলেৰ’ পিক-আপ – এ. এচ. ০২ চি চি ৪৯২৫, এ. এচ. ১২ বি চি ৫৫৪০, এ. এচ. ১২ এ. চি. ৯২৪৮, এ. এচ. ১২ এ. চি. ৩৯৫৭, এ. এচ. ১২ এ. চি. ৯২৪৮, টাটা এ. চ. ১২ বি. চি. ৫৪২৪, টাটা যোদ্ধা – এ. চ. ১২ বি. চি. ৬৭৭৯ নম্বৰৰ সাতখন গৰু ভৰ্তি বাহন সহ ব‍্যৱসায়ত জড়িতৰ সন্দেহত ৩০ জন লোক আকশটক হৈ আছে। আন ছখন বাহন আমবাগান আৰক্ষী চকীত আছে বুলি জানিব পৰা গৈছে। ৰাজ‍্যত অবৈধ আৰু চোৰাং গৰুৰ বেহাই বাতৰি শিৰোনাম দখল কৰাৰ সময়তে অবৈধভাবে বৃহৎ সংখ‍্যক গৰু জব্দই চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। নিশা হ’লেই ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় শ শ গৰু। উজনিৰ পৰা নামনি দৈনিক অবৈধভাৱে সৰবৰাহ হৈছে শ-শ গৰু। ৰাজ্যত অব্যাহত গৰুৰ অবৈধ সৰবৰাহৰ অভিযোগ সোমবাৰে পুৱতি নিশা কলিয়াবৰত জব্দ হোৱা ১৩ খনকৈ গৰু ভৰ্তি বাহনে প্ৰমাণ কৰিলে সেই কথা।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান ইডিৰ

দৈনন্দিনবাৰ্তাডেস্ক:

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান চলালে এনফৰ্চমেণ্ট ডিৰেক্টৰে ৷ সাৰ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ বাবে জেৰাৰ সন্মুখীন হ’ব অগ্ৰসেন গেহলট৷ তেওঁৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে৷ ইডি (এনফৰ্চমেণ্ট ডিৰেক্টৰ)ৰ সূত্ৰত জানিব পৰা মতে ইতিমধ্যে সাৰ কেলেংকাৰীৰ বাবে অগ্ৰসেন গেহলটক সাত কোটি টকা গ্ৰাহকক দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ উল্লেখ্য যে ৰাজস্থানৰ প্ৰায় ১৩ ঠাইত ইডিয়ে অভিযান চলাইছে ৷ তদুপৰি দুটা বাংলোৰ লগতে গুজৰাটৰ চাৰি আৰু দিল্লীৰ এঠাইত তালাচী চলোৱা হৈছে৷ ২০০৭-২০০৯ চনত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰ থকা সময়ত ৰাজসাহায্যৰ ৰাসায়নিক সাৰ বিদেশলৈ ৰপ্তানি কৰে অগ্ৰসেনৰ প্ৰতিষ্ঠানে ৷ গ্ৰাহৰক অভিযোগৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰে ৷ অগ্ৰসেনৰ বিৰুদ্ধে ধন আত্মসাত প্ৰতিৰোধ আইনত গোচৰ ৰুজু কৰিছে ইডিয়ে ৷ ২০১৭ চনৰ নৱেম্বৰ মাহত অগ্ৰসেন গেহলটৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল বিজেপিয়ে৷ অভিযোগত প্ৰকাশ যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থকা সময়ত ৰাজসাহায্য প্ৰাপ্ত ৰাসায়নিক সাৰ বিদেশলৈ ৰপ্তানি কৰিছে অগ্ৰসেনৰ প্ৰতিষ্ঠানে ৷ এই সাৰ বিদেশলৈ ৰপ্তানি কৰা আইন বিৰুদ্ধ ৷

ওৰাং আৰু মাজবাটত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ গৰাকী লোকক আটক

ওৰাং : ওৰাং আৰু  মাজবাটত পৃথকে পৃথকে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পৃথকে পৃথকে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। মাজবাটৰ আদৰ্শ বাহাদুৰ গাঁৱৰ পৰা ৫৫ কিলোগ্ৰাম গাঞ্জাসহ ইলিয়া দৈমাৰী নামৰ এজন লোকক আটক কৰে মাজবাট আৰক্ষীয়ে। ইফালে বুধবাৰে দিনৰ ভাগত ওৰাঙতে গাঞ্জাসহ এজন লোকক আটক ওৰাং আৰক্ষীয়ে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ওৰাং আৰক্ষীয়ে জব্দ কৰে ৩০ কিলোগ্ৰাম গাঞ্জা। অভিযান কালত ৬ পেকেট গাঞ্জা সহ আতক কৰে ৰুবুংচা বড়ো নামৰ এজন লোকক। AS 01 DN 5657 নম্বৰৰ এখন বিলাসী বিলেনু বাহনৰ পৰা জব্দ কৰে গাঞ্জাখিনি। ওৰাং আৰক্ষীয়ে আটক কৰা লোকজন ওদালগুৰিৰ ১ নম্বৰ সাপকাতিৰ বুলি জানিব পৰা গৈছে। গাঞ্জাসহ দুজন লোকক আটক কৰা ঘটনাৰ সন্দৰ্ভত ওৰাং আৰু মাজবাট আৰক্ষীয়ে ৰজু কৰিছে গোচৰ।  ইফালে মাজবাট আৰক্ষীয়ে ইলিয়া দৈমাৰীৰ লগত গাঞ্জা সৰবৰাহত জড়িত থকাৰ সন্দেহত মাজবাটৰ নাও হৰুৱা গাঁৱৰ বিলিয়ন দৈমাৰী নামৰ আন এজন লোককো আটক কৰিছে।

অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে খোদ অগপ কৰ্মীয়ে

নগাঁও : অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ অগপ কৰ্মীয়ে। উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অগপ কৰ্মী-সমৰ্থকৰ সহায়ত বটদ্ৰৱা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা বিজয়ী হৈছিল। শেহতীয়াকৈ সমষ্টিটোৰ অগপ শিৱিৰ বিসম্বাদত আক্ৰান্ত হোৱাৰ ফলত কংগ্ৰেছ আৰু বিজেপি শিৱিৰ লাভান্বিত হোৱাৰ সম্ভাৱনা প্ৰকটহৈ পৰিছে। অগপৰ একাংশ নেতা-কৰ্মীয়ে বটদ্ৰৱা সমষ্টিৰ অগপ নেত্ৰী তথা সমষ্টি সমিতিৰ সভানেত্ৰীৰ বিৰুদ্ধে মুকলিভাবেই ক্ষোভ উজাৰিছে। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামগুৰি-কুজীডাঁহ আঞ্চলিক সমিতিৰ সভাপতি নবীন চন্দ্ৰ মেধিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত সমষ্টি সমিতিৰ সভানেত্ৰী মামনি বৰাৰ একনায়কত্ববাদত তেওঁলোক অতীষ্ঠ হৈ পৰা বুলি উল্লেখ কৰিছে। ইতিমধ্যে এই সম্পৰ্কত জামগুৰি-কুজীডাঁহ আঞ্চলিক সমিতিৰ সভাপতিজনে অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি-সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ থকা মতে বটদ্ৰৱা সমষ্টি সমিতিৰ সভানেত্ৰী গৰাকীয়ে নিজৰ ময়মতালি-খামখেয়ালি স্বভাৱৰে একনায়কত্ব দেখুৱাৰ বাবেই অগপৰ বহু কৰ্মীয়ে দল ত্যাগ কৰিছে নাইবা বহু সংখ্যক কৰ্মী নিস্ক্ৰীয়হৈ ঘৰত বহি আছে। অন্যহাতেদি বটদ্ৰৱা সমষ্টি সমিতিয়ে যোৱা ১২ জুলাইত জামগুৰি-কুজীডাঁহ-নমাটি আঞ্চলিক সমিতিখন জিলা সমিতিৰ অজ্ঞাতে আৰু জিলা সমিতিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ভংগ কৰি দিয়ে আৰু আহ্বায়ক সমিতি গঠন কৰি দিয়ে। এই কাৰ্যত আঞ্চলিক সমিতিয়ে আশ্চৰ্য প্ৰকাশ কৰি জিলা সমিতিক দাবী জনায়। অন্যথা আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য সকলৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ আঞ্চলিক সমিতিৰ সদস্যসকলে পদবীৰ পৰা পদত্যাগ কৰি ভৱিষ্যতেও কোনো ধৰণৰ পদবীত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জামগুৰি-কুজীডাঁহ-নমাটি আঞ্চলিক সমিতিখনৰ ভাৰপ্ৰাপ্ত সভাপতি নবীন চন্দ্ৰ মেধিয়ে জিলা সভাপতি-সম্পাদকলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ আছে। তাৎপৰ্যপূৰ্ণ যে অগপৰ বটদ্ৰৱা সমষ্টি সমিতিৰ বৰ্তমানৰ সভানেত্ৰী মামনি বৰাই ২০০৫ চন আৰু ২০১১ চনত বটদ্ৰবা বিধানসভা সমষ্টিৰ পৰা অগপৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজিত হৈছিল। ২০১৬ চনত সমষ্টিটোত অগপ-বিজেপিয়ে যৌথভাবে প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজয়ী হৈছিল বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা। পুনৰ ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অগপনেত্ৰী মামনি বৰাই অগপৰ দলীয় টিকতত প্ৰতিদ্বন্দিতা কৰাৰ সপোন দেখি কুচকাৱাজ আৰম্ভ কৰিছে। মামনি বৰাৰ অনুগত সকলৰ মতে বটদ্ৰৱা বিধান সভা সমষ্টিত বৰ্তমান বিধায়িকা আঙুৰলতা ডেকাৰ স্থিতি শক্তিশালী নহয়। সমষ্টিটোৰ পৰা বিজেপি দলৰ টিকটত আঙুৰলতা ডেকাই প্ৰতিদ্বন্দিতা কৰিলে বিজয়ী হোৱাৰ সম্ভাৱনা কম বুলিও অগপ শিৱিৰে কব বিচাৰে। সেয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতাৰ সূত্ৰে সমষ্টিটোৰ পৰা অগপ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দিতা কৰিব বুলি আশা কৰিছে তেওঁলোকে। সেইবাবেই বটদ্ৰৱা সমষ্টিৰ পৰা বহু কেইজনে অগপ দলৰহৈ প্ৰাৰ্থিত্ব বিচাৰিব। সেয়ে অগপৰ ভিতৰ চ’ৰাত আৰম্ভ হৈছে বিসম্বাদ।ঐতিহ্য মণ্ডিত বটদ্ৰৱা সমষ্টিৰ অগপৰ ভিতৰ চ’ৰাত আৰম্ভ হোৱা বিসম্বাদৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব কংগ্ৰেছ আৰু বিজেপি শিবিৰে।যোৱা চাৰিটা বছৰত বটদ্ৰৱা সমষ্টিটো বিজেপি বিধায়িকা আঙুৰলতাৰ দখলত থকাৰ পৰিপ্ৰেক্ষিতত বহু অগপ কৰ্মী বিজেপিলৈ ঢাপলি মেলিছিল। হতাশাগ্ৰস্ত আন একাংশ অগপ কৰ্মী কংগ্ৰেছলৈ ঢাপলি মেলিছিল। এনেক্ষেত্ৰত অগপ শিবিৰত পুনৰ বিসম্বাদ হোৱাত কংগ্ৰেছ-বিজেপিয়েই লাভান্বিত হ’ব।

এইবাৰ বেংক বেচৰকাৰীকৰণৰ পদক্ষেপ কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰে’ল, কয়লা, খনি, টেলিকম, প্ৰতিৰক্ষা, বিমান পৰিবহণ, বীমা, পেট্ৰ’লিয়াম আৰু কৃষিপণ্য বেচৰকাৰীকৰণ আৰু বিদেশী বিনিয়োগৰ দুৱাৰ খুলি দিয়াৰ প্ৰক্ৰিয়া কিছু দিনৰ আগতেই আৰম্ভ কৰিছিল নৰেন্দ্ৰ মোডী চৰকাৰে৷ এইবাৰ চৰকাৰৰ চকু দেশৰ বেংকবোৰৰ ওপৰত ৷ প্ৰাপ্ত তথ্য মতে বৰ্তমান যিকেইটা ৰাষ্ট্ৰীয়কৃত বেংক আছে তাৰ বেছিভাগেই বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত তুলি দিয়াৰ কথা ভাৱিছে কেন্দ্ৰীয় চৰকাৰে ৷ শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰীসভাত ইয়াক লৈ চূড়ান্ত সিদ্ধান্ত হ’ব পাৰে ৷ দিশত এতিয়া মুঠ ১২টা ৰাষ্ট্ৰীয়কৃত বেংক আছে ৷ তাক কমাই ৫টা কৰাৰ লক্ষ্য ৷ ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ বেছিভাগৰে অংশ বেচৰকাৰী খণ্ডত বিক্ৰী কৰা হৈছে ৷ তালিকাত আছে এতিয়া ৬টা বেংক ৷ সেইকেইটা হ’ল বেংক অব ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া, ইণ্ডিয়ান অ’ভাৰচিজ বেংক, ইউকো বেংক, বেংক অব মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱ এণ্ড ছিন্ধ বেংক ৷ তদুপৰি আন এটা বেংক থাকিব পাৰে ৷ কেইবাজনো আমোলা আৰু শীৰ্ষ বেংক বিষয়াক চৰকাৰী প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত কৰা হৈছে বুলি সংবাদ সংস্থাক খৱৰটো জনাইছে ৷ কোৱা হৈছে, ইতিমধ্যে নীতিগত সিদ্ধান্ত লৈছে মোডী চৰকাৰে ৷ চৰকাৰী আমোলাৰ বক্তব্য, বেংকিং ক্ষেত্ৰৰ পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লৈছে চৰকাৰে ৷ উল্লেখ্য যে যোৱা ২০১৭ চনত দেশত ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা আছিল ২৭ ৷ সংযুক্তিকৰণৰ জৰিয়তে কমাই আনি ১২টা কৰা হ’ল ৷ বিশেষজ্ঞসকলৰ মতে যিদৰে বেচৰকাৰী খণ্ডৰ হাতত বেংক তুলি দিয়া হৈছে তাৰ পৰা ভৱিষ্যতে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী মানুহৰ দুৰ্দশা অধিক বৃদ্ধি পাব৷ প্ৰাপ্ত তথ্য মতে ইয়াৰ আগতে ৰিজাৰ্ভ বেংকক কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিছিল যে দেশত সৰ্বোচ্চ ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ সেৱাই যথেষ্ট ৷ চৰকাৰে তাকে লৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷

বিহাৰত বজ্ৰপাতত ১০গৰাকী লোকৰ মৃত্যু, পৰিয়ালক ৪ লাখ টকাকৈ দিব চৰকাৰে

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিহাৰত বজ্ৰপাত পৰি যোৱা মঙলবাৰে ১০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বজ্ৰপাতত বাংকা জিলাত চাৰিগৰাকী, নালন্দাত তিনিগৰাকী, জমুইত দুগৰাকী আৰু নাবাদাত এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। বজ্ৰপাতত ১০গৰাকী লোকৰ মৃত্যুৰ ঘটনাৰ পাছতে বুধবাৰে পুৱাই বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মৃতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চাৰিলাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

ক’ৰোনাত আক্ৰান্ত হৈ এটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক :এটা পৰিয়ালৰ ছজনকৈ লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ ১৬ দিনৰ ভিতৰত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঝাৰখণ্ডত ৷ ঝাৰখণ্ডৰ ধানবাদৰ কাট্ৰাছত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ উল্লেখ্য যে এটা পষেকৰ আগতে পৰিয়ালটোৰ বয়স্ক ৮৮ বছৰীয়া মহিলাগৰাকী এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়৷ এই ঘটনাৰ পাছতে ধানবাদত জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰে ৷ সেয়ে জনসাধাৰণক অপ্ৰয়োজনীয়ভাৱে ঘুৰি ফুৰাটো বন্ধ কৰিবলৈ কৈছে৷ আনহাতে পশ্চিম বংগৰ সীমান্ত এলেকা ধানবাদৰ সৈতে লাগি আছে৷ এই সীমান্ত এলেকা সম্পূৰ্ণভাৱে চীল কৰা হৈছে ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত প্ৰথমে মাক আক্ৰান্ত হয়৷ ইয়াৰ পাছতে চাৰিটা ল’ৰা আক্ৰান্ত হয়৷ ইয়াৰ লগে লগে এজন এজনকৈ পৰিয়ালৰ সদস্যসকল মৃত্যুৰ মুখত পৰে ৷ মাতৃ আৰু একেটা পৰিয়ালৰ পাঁচটা সন্তানৰ মৃত্যুৰ পাছত প্ৰশাসনে কাট্ৰাজ এলেকা চীল কৰি দিয়ে ৷ পৰিয়ালটোক এক ভাট্টা দিবৰ বাবে জনসাধাৰণে ৰাজ্য চৰকাৰক দাবী কৰিছে৷ উল্লেখ্য যে এই মাৰাত্মক ভাইৰাছত শেহতীয়াকৈ মৃত্যু হয় বয়সীয়াল মহিলাগৰাকীৰ ৷ তেওঁ ৰাঁচীৰ আৰআইএমএছত মৃত্যু হয় ৷ পৰিয়ালটোৰ এজন এজনকৈ ছজন লোক ক’ৰোনাত মৃত্যু হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ জনসাধাৰণে ৷ 

২০২৩ চনৰ ভিতৰত উত্তৰ পূৱৰ সকলো ৰাজ্যৰ ৰাজধানীৰ সৈতে ৰে’ল সংযোগ ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক :

২০২৩ চনৰ ভিতৰত উত্তৰ পূৱৰ সকলো ৰাজ্যৰ ৰাজধানীৰ সৈতে ৰে’ল সংযোগ ব্যৱস্থা কৰা হ’ব ৷ ৰে’লৱে ব’ৰ্ডৰ সভাপতি বিনোদ কুমাৰ যাদৱে এক ভাৰ্চুৱেল মিডিয়া কনফাৰেন্সত এই কথা কয় ৷ আমি উত্তৰ পূৱৰ ৰাজ্যবোৰৰ ৰাজধানীৰ সৈতে সংযোগ কৰিব পৰাকৈ প্ৰকল্প হাতত লৈছো ৷ আজিৰ দিনটোত ছিকিমক বাদ দি সকলো উত্তৰ পূৱৰ ৰাজ্যবোৰ ৰে’ল নেটৱৰ্কত সংযোগ কৰা হ’ব ৷ আমি উত্তৰ পূৱৰ সকলো ৰাজধানীৰ লগত সংযোগ স্থাপনৰ বাবে কাম কৰিছো৷ অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ সৈতে ইতিমধ্যে সংযোগ কৰা হৈছে ৷ মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ ৰাজধানীৰ সৈতে সংযোগৰ বাবে কামৰ অগ্ৰগতি হৈ আছে ৷ মণিপুৰৰ লগত অহা ২০২২ চনৰ মাৰ্চ, মিজোৰামৰ লগত ২০২৩ চনৰ মাৰ্চ, মেঘালয়ৰ লগত ২০২২ চনৰ মাৰ্চ, নাগালেণ্ডৰ লগত ২০২৩ চনৰ চনৰ মাৰ্চ আৰু ছিকিমৰ লগত ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সংযোগ কৰা হ’ব বুলি সভাপতিজনে জনায়৷ ইয়াৰ লগতে তেওঁ যোৱা ৫ বছৰত ভাৰতীয় ৰে’লৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে ৷  ইয়াৰ লগতে তেওঁ যোৱা ৫ বছৰত ভাৰতীয় ৰে’লৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে যোৱা ৫ বছৰত বহু কাম ভাৰতীয় ৰে’লৱেই উত্তৰ পূৱত কাম কৰিছে ৷ অহা তিনি বছৰত অধিক কাম কৰিব বুলি তেওঁ জনায় ৷

নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

নগাঁও : নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টো কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰে নগাঁও জিলা প্ৰশাসনৰ। উল্লেখযোগ্য যে, কাৰ্যলটোত কম্পিউটাৰ বিভাগত কৰ্মৰত আশীষ চাহা নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত সোমবাৰে ধৰা পৰিছে ক’ভিড ১৯ ৰ উপস্থিতি। ইয়াৰ পূৰ্বেও দেওবাৰে গোপাল থাপা নামৰ কাৰ্যালয়টোৰ আন এজন চালকজনৰ দেহতো ধৰা পৰিছিল ক’ভিড ১৯ৰ পজিটিভ। সম্প্ৰতি কভিড ১৯ ত আক্ৰান্ত দুয়োকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে। এই দুয়োজন কৰ্মচাৰীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল বুলি বিভাগীয় সূতে জানিব পৰা গৈছে। ইয়াৰ পাছতে নগাঁও জিলা প্ৰশাসনে কায্যালয়টো ৪/৫ দিনৰ বাবে কংটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে কাৰ্যালয়টো সম্পূৰ্ণ ৰূপে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে। এতিয়াৰ পৰা কাৰ্যালয়টোৰ কাম-কাজ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ (DRD) কাৰ্যালয়ৰ সভাকক্ষৰ পৰা চলিব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে, জিলাখনৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত একেলগে ৪৮ জন কয়দীৰ দেহত ধৰা পৰিল ক’ভিদ ১৯ পজিটিভ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ক’ভিদ ১৯ ৰ গণসংক্ৰমণ আশংকা কৰা হৈছে। কাৰাগাৰটোত পূৰ্বেও কভিড-১৯ ত আক্ৰান্ত হৈছিল আন ৭ জন লোক। সকলো ক’ভিড পজিটিভ কয়দীক একেলগে কাৰাগাৰত ৰখাৰ ফলতে কাৰাগাৰৰ ভিতৰ চৰাত হৈছিল গণসংক্ৰমণ। কেইদিনমানৰ পূৰ্বে কাৰাগাৰটোৰ চিকিৎসক পি এন বৰা কভিড-১৯ ত আক্ৰান্ত হৈছিল। কাৰাগাৰটোত বৰ্তমানলৈকে মুঠ ৫৫ জন কয়দী আক্ৰান্ত ক’ভিদ ১৯ ত। ইয়াৰ পিছতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে কাৰাগাৰটোৰ ভিতৰে বাহিৰে ৷

পৰিৱেশ সংৰক্ষণ আৰু আমাৰ কৰ্তব্য

দৈনন্দিন বাৰ্তা ডেস্ক :

মানুহ জীৱশ্ৰেষ্ঠ। ভাল-বেয়া, উচিত-অনুচিত ইত্যাদি বিচাৰ কৰিব পৰা ক্ষমতা ভগৱানে মানুহক দিছে। কিন্তু বৰ্তমান জীৱশ্ৰেষ্ঠ মানুহেই প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা আৰম্ভ কৰিছে। নিজৰ প্ৰয়োজনীয় সম্পদখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ উপৰিও ধ্বংস কৰি গৈছে এটাৰ পাছত আনটো সম্পদ। পৰিৱেশ সংৰক্ষণ বৰ্তমান কেৱল এটা শ্লোগানহে মাথো। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপন কৰি ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰি, নিউজ চেনেলত বহি পৰিৱেশ সংৰক্ষণৰ ডাঙৰ ডাঙৰ ভাষণতেই বৰ্তমান পৰিৱেশ সংৰক্ষণ সীমাবদ্ধ। কিন্তু বাস্তৱত দেখিবলৈ পাওঁ যে চাৰিওফালে কেৱল বন ধ্বংস, অবৈধ বালি খনন, অবৈধ কয়লা ব্যৱসায়, পাহাৰ খনন ইত্যাদি। ইয়াত চৰকাৰ প্ৰশাসন বা বন বিভাগ সকলো মৌন। এনেদৰে হ’লে প্ৰকৃতি আৰু কিমান দিনলৈ বাচি থাকিব? প্ৰকৃতিৰ ওপৰত মানুহৰ এই অত্যাচাৰ কেতিয়া অন্ত পৰিব? মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলাফলটো হাতে হাতে পায়ে আছে তথাপিও প্ৰকৃতিৰ ওপৰত ধ্বংস যজ্ঞ চলিয়ে আছে। মানুহে বাসস্থান সাজিবলৈ বনাঞ্চল ধ্বংস কৰিছে, গছ-গছনি কাটিছে। যাৰ ফলত বন্য জীৱ-জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে। এজাক বৰষুণ অহাৰ লগে লগে কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, সঘনায় ভূমিস্খলন হয়। কৃষিভূমিসমূহ নষ্ট কৰি উদ্যোগ স্থাপন কৰাৰ ফলত এই উদ্যোগসমূহৰ পৰা ওলোৱা লেতেৰা ধোৱা আৱৰ্জনা ইত্যাদিয়ে আমাৰ চাৰিওফালৰ পৰিৱেশটো প্ৰদূষিত কৰে। এনেদৰে চলি থাকিলে এদিন পৃথিৱীত অক্সিজেনৰ পৰিমাণো কমি যাব। যাৰ ফলত মানৱ জাতি, জীৱ-জন্তু জীয়াই থকাতো অসম্ভৱ হৈ পৰিব। গতিকে সময় থাকোতেই আমি আমাৰ পৰিৱেশ বচোৱা উচিত।