দৈনন্দিন বাৰ্তা সেৱাঃ আজি অভিশপ্ত ৩০ অক্টোবৰ৷ আজিৰ পৰা ১২ বছৰৰ পূৰ্বে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোতে মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণ ঘটিছিল। গুৱাহাটী মহানগৰীৰ কাছাৰী, পাণবজাৰ, গণেশগুৰিত সংঘটিত বিস্ফোৰণত ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ৰাজপথত পৰি ৰৈছিল তেজৰ চেকুৰা, মৃতদেহ।
উগ্ৰপন্থী সংগঠন এনডিএফবিয়ে সংঘটিত কৰা ৩০ অক্টোবৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল৷ আজিও সেই দিনৰ ভয়ানক স্মৃতি মনত পেলাই দুৰ্বিহ দিন কটাইছে বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে৷ মহানগৰীৰ গণেশগুৰিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন৷
দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৯৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১০৫৭ জন লোক।
ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৩৫৭১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ১১১৩৮ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯২৩ জন লোকৰ।
খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত কৃষকসকলক পাৱাৰ টিলা বিতৰণ উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সপোন ২০২২ চনৰ ভিতৰত প্ৰত্যেক জন কৃষকৰ আয় দুগুণ হওক আৰু সেই সপোনক সাৰ্থক কৰাৰ উদ্দেশ্যেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন কৃষি উপযোগী আচঁনিৰ লগতে পাৱাৰটিলা,টেক্টৰ বিতৰন কৰি আহিছে। পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS) আচঁনিৰ অধীনত কৃষকসকলক আজি নিজ হাতে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা বিতৰণ কৰি যথেষ্ট সন্তোষ্টি লাভ কৰিছো।
আমি আশা কৰিছো এই আচঁনিৰ জৰিয়তে পাৱাৰটিলাৰ লাভ কৰা কৃষক সকল উপকৃত হব ।আজিৰ পাৱাৰটিলা বিতৰণ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ,সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।