Home Blog Page 3240

কেতিয়া ৰজাঘৰীয়া সকলে মন কৰিব ?

চন্দন কুমাৰ নাথ

প্রতিবছৰে অসমৰ বানপানীয়ে লাখ লাখ লোকৰ সুখৰ সংসাৰ ভাঙি পেলোৱাৰ লগতে শ শ লোক মৃত্যুৰ মুখত পৰে। এইবাৰৰ পৰিস্থিতি অইন বছৰতকৈ দুগুণ ভয়ানক কিয়নো অসমৰ জ্বলন্ত সমস্যা বানপানীৰ লগতে ক’ভিড-১৯ মহামাৰীয়েও ৰাজ্যত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রদর্শিত তথা প্রকাশ নোহোৱাৰ কথা নতুন নহয় আগৰে পৰাই অসমৰ বানপানীৰ সমস্যা দিল্লী কিম্বা ৰাষ্ট্রীয় প্রেক্ষাপট কমকৈ উত্থাপিত হয়। কেতিয়াবা টিভি চেনেলৰ বাতৰিত কেৱল দেখা পাও যে কেন্দ্রৰ পৰা অসমৰ বানপানীৰ বিষয়ে টেলিফোনিক বার্তালাপ হৈছে সেয়া কিমান দূৰ সত্য নাজানো। অসমৰ বাদে ভাৰতৰ অন্য ৰাজ্যৰ বানপানীৰ ক্ষেত্রত যিমানখিনি দিল্লী তথা কেন্দ্রৰ পৰা গুৰুত্ব আৰোপ কৰে, সেইবোৰ ৰাজ্যৰ তুলনাত অসমৰ বানপানী কোনো প্রকাৰেই কম নহয়। এতিয়া আহো আমাৰ আপোন চৰকাৰৰ প্রসংগলৈ, জাতি মাটি, ভেটিৰ চৰকাৰখনে যেন নিজৰ আপোন মাটিৰ মানুহকেই পাহৰিলে। এইটো ঠিক যে ক’ৰণাতংকৰ ফলত অসম চৰকাৰে কিছুমান সমস্যা সমাধান কৰিবলৈ ব্যর্থ হৈছে কিন্তু জ্বলন্ত সমস্যা বানপানীৰ হকে কিবা এটা পদক্ষেপ গ্রহণ কৰাটো দৰকাৰ। কিয়নো আমি জন্মকালৰে পৰা অসমত বানপানীৰ সন্ত্রাস তথা সংহাৰী ৰূপ দেখি আহিছো আৰু আমাতকৈ  আগৰে পৰাই তেওঁলোকে নিজৰ দৃষ্টিৰে দেখি আহিছে তাত কোনো সন্দেহ নাই। কিন্তু তাৰ পিছতো কিয় কোনো গুৰুত্ব নাই সেইটোহে ভাবি পোৱা নাই। প্রতিবছৰে অসম চৰকাৰে বানপানীৰ বাবে CM Relief Fund যোগে কোটি কোটি টকাৰ সাহায্য পোৱাৰ পিছতো কিয় কোনো সমস্যা সমাধানৰ সূত্রপাত ঘটা নাই। বৰপেটা জিলাৰ অন্তৰ্গত বহু ঠাই এতিয়া বানপানীৰ কৱলত। হাউলীৰ পৰা বৰপেটা টাউনলৈ যোৱা পথৰ চাৰিওফালে কেৱল সংহাৰী বানৰ তাণ্ডব, বানপানীয়ে ঘৰ-দুৱাৰ ডুবাই পেলোৱা সাধাৰণ জনতাৰ একমাত্র আশ্রয় কেন্দ্র হৈছে গাড়ী অহা যোৱা কৰা মুখ্য পথটো,  তাতেই সমান্তৰালভাৱে পোহনীয়া জীৱ-জন্তু ৰখা হৈছে। কিমান ভয়াৱহ তথা দুখৰ হ’ব পাৰে এই দৃশ্য এতিয়া আপোনালোকেই বিচাৰ কৰি চাওঁক, কিন্তু প্রতি বছৰে হোৱা এই দুর্দশা ৰজাঘৰীয়া সকলৰ মাজত এতিয়াও গৈ নোপোৱাত আমি মর্মাহত।  এইটো সত্য যে বানপানী হৈছে এটা প্রাকৃতিক দুর্যোগ আৰু ই প্রতিবছৰে আহিবয়েই, কিন্তু এই দুর্যোগ অহাৰ আগতেই কিয় আমাৰ চৰকাৰখনে সাজু নহয়?  ইতিমধ্যে বানপানীৰ সমস্যাৰ সন্মুখীন হোৱা আমাৰ খেতিয়কসকলে মূৰে-কঁপালে হাত দিছে আৰু বহুতেই নিজৰ কষ্টৰ খেতিৰ ধ্বংসাত্মক ৰূপ দেখি আত্মহত্যা কৰাৰ খৱৰো আমি পাই আহিছো। কিন্তু সকলোবোৰ দেখাৰ পিছতো কিয় নিমাত ৰজাঘৰীয়া সকলে? যিহেতু বানপানী এতিয়া আমাৰ বাবে আশীর্বাদ হৈ থকা নাই, সেয়েহে ইয়াৰ এক দীর্ঘম্যাদি  সমাধানৰ প্রয়োজন হৈ পৰিছে। ইতিমধ্যে ভাৰতৰ বাহিৰৰ বহু কেইখন দেশেই বানপানীৰ সমস্যাৰ সমাধান উলিওৱাটো পৰিলক্ষিত হৈছে। আমাৰ চৰকাৰখনেওঁ ইয়াৰ সমাধানৰ বাবে ব্রহ্মপুত্রৰ চৰিত্ৰ অধ্যয়ন কৰিব লাগিব। কেৱল অইন ৰাজ্য লগত ফেৰ মাৰিবলৈ অমুক-তমুক আঁচনি প্রস্তুত কৰিলেই নহ’ব, ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ নিমিত্তে কামো কৰিব লাগিব। সেয়েহে কথাৰে নহয়, কামেৰে চৰকাৰখনে নিজৰ সফলতাৰ পৰিচয় দিলে অসমবাসী হিচাপে নঠৈ আনন্দিত হ’ম।

মাৰ্ঘেৰিটাৰ কেটেটং গাঁও পঞ্চায়তৰ বিধ্বস্ত পথত ভূই ৰুই স্থানীয় ৰাইজ, যুৱ ছাত্ৰৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত কেটেটং পঞ্চায়তৰ বাট-পথৰ অবস্থা একেবাৰে সংকটজনক। পৰিতাপৰ বিষয় যে কংগ্ৰেছৰ দীৰ্ঘ দিনীয়া শাসন কালৰ পৰা পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো কেটেটং পঞ্চায়তাধীন গাঁওবাসী ৰাইজে আজি পৰ্যন্ত পৰিবৰ্তনৰ মুখ দেখি নোপোৱাৰ লগতে চৰকাৰি বিভিন্ন ধৰনৰ আচনিৰ পৰা বঞ্চিত হৈ আছে। স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাও পঞ্চায়তটোৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব দিয়া নাই। বাৰিষাত বিধ্বস্ত ৰূপ লোৱা কেটেটং পঞ্চায়েতৰ সাত নং ৱাৰ্ডৰ কুঁহিয়াৰবাৰী মুখ্য পথছোৱা উন্নয়নৰ অভাৱত বোকা পানিৰে উপচি পৰি পথাৰৰ ৰূপ ধাৰন কৰিছে। কুঁহিয়াৰবাৰী ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত বিধ্বস্ত পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদী সকলে স্থানীয় বিধায়ক হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতীবাদ সাব্যস্ত কৰে।

বিজেপিৰ এগৰাকী সক্ৰিয় নেতা, মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী তেণ্ডনৰ দেহাৱসান

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী তেণ্ডনৰ দেহাৱসান। মঙলবাৰে পুৱা ৫.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যপাল গৰাকীয়ে। লক্ষ্ণৌৰ মেডাতা হস্পাতালত চিকিতসাধীন হৈ আছিল ৰাজ্যপাল লালজী তেণ্ডন। ৮৫ বছৰীয়া ৰাজ্যপাল গৰাকীৰ কিছুদিনৰে পৰা হস্পাতালখনতে ভৰ্তি হৈ আছিল। শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ  হোৱাৰ বাবে যোৱা ১৪জুলাইত লালজী তেণ্ডনক ভৰ্তি কৰা হৈছিল ভেন্টিলেশ্যনত।উল্লেখ্য যে, লালজী তেণ্ডন ইয়াৰ পূৰ্বেও বিহাৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিবাহ কৰিছিল।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিভিন্ন উন্নয়ন মূলক আচঁনিৰ কামৰ শুভাৰম্ভ

ননৈ : সাম্প্ৰতিক সময়ত বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংহাৰৰ মাজত উন্নয়নৰ গতি যাতে স্থবিৰ হৈ নপৰে সেই উদ্দ্যেশ্য আগত লৈয়ে কালি শেনছোৱা গাঁও পঞ্চায়তৰ ১৯ টাকৈ উন্নয়ন মূলক আঁচনি সমূহৰ কামৰ শুভাৰম্ভণি কৰা হয়। চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ অধীনত পঞ্চায়টোৰ ৯ টাকৈ পথৰ লগতে ৫ টাকৈ  পানীযোগান আঁচনি, ৰাজহুৱা ভৱন, নামঘৰকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ কামৰ শুভাৰম্ভণি কৰে বিধায়ক ৰূপক শৰ্মাই। উন্নয়নমূলক আচঁনিসমূহৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়কজনৰ লগত উপস্থিত থাকে কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, শেনছোৱা গাঁও পঞ্চায়তৰ সভাপতি ৰাজীৱ বৰা, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোৱৰ, শেনছোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য নৱজ্যোতি বৰকাকতী প্ৰমুখ্যে পঞ্চায়তৰ সমূহ বিষয়ববীয়াৰ লগতে বিজেপি দলৰ কেইবাজনো কাৰ্য্যকৰ্তা। কালি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনিসমূহৰ জৰিয়তে অঞ্চলবাসী ৰাইজ বহু পৰিমাণে উপকৃত হ’ব বুলি সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই জানিব দিয়ে ৷

আমাক শ্মশান নহয় বিশ্ববিদ্যালয় লাগে…

মদন মোহন পাগবন্ধা

শেহতীয়াকৈ কিছুমান অনাহক বিতৰ্কই অসমীয়া জাতিৰ মন মগজুত দোলা দি গৈছে। এনে সংকট কালত অসমীয়া জাতিৰ পুৰোধা ব্যক্তিসকলক চৰকাৰী বা বেচৰকাৰী বিভিন্ন পক্ষই পদঘাত কৰিছে। ঠিক তেনেকুৱা এক অবিবেচক কাণ্ড হ’ল ডঃ বাণীকান্ত কাকতিৰ নামত এখন শ্মশানৰ নামাকৰণ। বৰ্তমানৰ চৰকাৰখনে পিছত বিতৰ্কৰ অৱসান ঘটাই নাম ফলকখন আঁতৰাই পেলাইছে বুলি জানিব পৰা গৈছে। এতিয়া সকলো যেন সুখী। লগতে এটা চক্ৰই ছ’চিয়েল মিডিয়াত ইয়াৰ প্ৰস্তাৱ ২০১৫ চনত তদানীন্তন তৰুণ গগৈ চৰকাৰে এই প্ৰস্তাৱ লৈছিল বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। তাৰ এক নিমন্ত্ৰণী পত্ৰও ফেচবুকত উপলদ্ধ হৈছে। ঠিকেই আছে দুদিন মান বতাহ গৰম হ’ব তাৰ পিছত সকলো চেঁচা পৰিব নিশ্চয়। এই ক্ষেত্ৰত কাকতি দেৱক পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে অসমীয়া জাতিয়ে পন লোৱাৰ সময় নিশ্চয় সমাগত কাৰণ তেখেতেই প্ৰথম অসমীয়া যি প্ৰমাণ কৰিছিল যে অসমীয়া এক স্বতন্ত্ৰ ভাষা। অসমীয়া জাতি দূৰদৰ্শী বাবেই হয়তো দুখীয়া বাণীকান্তক সেই সময়ৰ যোৰহাটৰ ৰাইজে অসমৰ দ্বিতীয় আনন্দৰাম গঢ়িবৰ  নিমিত্তে  ‘বাণীকান্ত ফাণ্ড’ নাম দি এটি পূঁজি গঠন কৰি বাণীকান্তক অৰ্থ সাহায্যৰে অনুপ্ৰাণিত কৰি তেখেতৰ শিক্ষা জীৱন সুচল কৰি দিছিল। আমি মনত ৰখা ভাল যে কাকতিদেৱেই পোন প্ৰথমে অসমীয়া ভাষাৰ উৎপত্তি আৰু গঠনৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আলোচনা কৰি অসমীয়া ভাষাক এক স্বতন্ত্ৰ ভাষা হিচাপে বিশ্বৰ আগত দাঙি দৰে। তাৰোপৰি তেঁৱেই পোন প্ৰথমে অসমীয়া সাহিত্যত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমালোচনা সাহিত্যৰ পাতনি মেলে। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ‘Assamese: Its Formation and Development’ নামৰ গৱেষণাত্মক গ্ৰন্থ প্ৰণয়ন কৰে আৰু এইখনৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য কথাটো হ’ল অসমীয়া ভাষাৰ ওপৰত লিখা প্ৰথম ভাষাতত্ত্ব বিষয়ক গৱেষণামূলক পুথি এইখনেই আছিল। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দেখুৱায় যে অসমীয়া ভাষা এটি স্বতন্ত্ৰ ভাষা আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ এক নিজস্ব ইতিহাস আছে। কিতাপখন অসমীয়া ভাষাৰ মাইলৰ খুঁটি। গতিকে অনুধাৱন কৰক তেওঁক সন্মান কৰিব নজনা সকলে। তেওঁ অকল ভাষাৰ ক্ষেত্ৰত পৰিধি সীমাবদ্ধ নাছিল তেখেতে ‘পুৰণি অসমীয়া সাহিত্য’ নামৰ ছিৰিজ এটা মাহেকীয়া ‘চেতনা’ নামৰ এক পত্রিকাত প্ৰকাশ কৰিছিল তাত তেওঁ গুৰুজনাৰ অৱদানৰ বহু দিশ আলোকপাত কৰিছিল। তাৰ ভিতৰত একেশ্বৰবাদৰ যোগেৰে ভাৰতীয় সভ্যতাৰ আধাৰৰূপে প্রতিষ্ঠিত সনাতন সত্যৰ প্রতি সামাজিক চৈতন্যৰ পুনঃ পুনৰীক্ষণ তথা উদ্বোধন, বাহ্যিক প্রক্রিয়াৰে ভৰা আৰু কিছু ক্ষেত্রত অনাৱশ্যকীয় বুলি ভবা আড়ম্বৰপূর্ণ অনুষ্ঠানৰ ঠাইত বিশুদ্ধ অন্তৰৰ ভক্তিভাৱেৰে ভগৱন্তৰ ওচৰত আত্মসমর্পণ আৰু সামাজিক শ্রেণী বিভেদ উলংঘা কৰি পিছপৰা সম্প্রদায় বা আন জাতি-ধর্মৰ আনে অস্পৃশ্য বুলি ভৱা মানুহকো ভক্তি আৰু সাধনাৰ ক্ষেত্রত সাম্যবাদী নীতিৰে গ্রহণ কৰাৰ সমান অধিকাৰ প্রদানৰ কথা বিশ্লেষণ কৰি জগত গুৰু শ্রীমন্ত শংকৰদেৱক মহাপুৰুষৰ স্থানত বহুৱালে৷ কাকতিদেৱে গুৰুজনাৰ সাম্যবাদৰ ধাৰণাটো সৱলভাৱে প্ৰতিষ্ঠা কৰি গৈছে সময়ৰ দৃষ্টিৰে। প্রকৃততে ড০ কাকতিদেৱৰ দেশপ্রেমমূলক এনে কৰ্মৰ তুলনা আমি কেতিয়াও কৰিব নোৱাৰিম। গতিকে আহক আমাৰ দাবী হওঁক তেখেতৰ নামেৰে আমাক শ্মশান নালাগে আমাক লাগে অসমীয়া ভাষা চৰ্চাৰ এক বিশেষ উচ্চ মানৰ বিশ্ববিদ্যালয়।

বেলুনৰ ভিতৰৰ বায়ু …

◆ ৰাজীৱ কমল শইকীয়া

আমাৰ নিশাহে কেৱল উদ্ভিদকে উশাহ নিদিয়ে। ই ৰং-বিৰংগী বেলুনবোৰকো নুফুটালৈকে জীৱন দিয়ে। জড়ৰ জীৱন। এৰা। ওপৰে-ওপৰে চালে-হাঁহি উঠা কথা। ভালকৈ ভাবিলে হয়তো হাঁহি নুঠিব। অনুপ্ৰাণমূলক কথাও দেখা যাব। যদিও বেলুন জড়, তথাপিও যেতিয়াই ইয়াক ফুলাই লোৱা যায়, তেতিয়াৰ পৰাই ই যেন প্ৰাণবন্ত হৈ থাকে নুফুটা পৰ্যন্ত। স্বয়ং-চালিত নহ’লেও, আপুনি নিশাহেৰে জীৱন দিয়াৰ পিছত, যেন নুফুটালৈকে জী থাকে স্থিতিস্থাপক আয়তনেৰে সমৃদ্ধ বেলুন। শিশুৰ পৰা বৃদ্ধ-বৃদ্ধা লোকললৈকে আদৰৰ বেলুন। শিশুৱে যদি ইয়াৰ লগত খেলে, ৰং ৰহইচ কৰে, বয়সস্থ সকলে ইয়াক বিভিন্ন মাংগলিক উপলক্ষত ব্যৱহাৰ কৰি অনাবিল আলোড়ন আনন্দ লভে। হয়, বিভিন্ন বৰণৰ বেলুনবোৰেৰে সজোৱা পৰিবেশটো নান্দনিক হৈ উঠে, উদযাপনৰ আগৰ, চিনাকি জেগা এডোখৰকে অতীৱ সুন্দৰ ৰূপ দান কৰি, পিছত অচিনাকী হেন কৰি তোলে বেলুনে। বেলুন বিভিন্ন উপলক্ষত লাগে সেয়া অন্য প্ৰসংগ। মূল কথা হ’ল- কিয় জানো এনে লাগে যেন ভিতৰত বায়ু থকালৈকে বেলুনৰ জীৱন থাকে। সেয়ে ফুলাওঁতে সাৱধান হোৱা ভাল, যাতে আমাৰ অসাৱধানতাৰ বাবে কোনো বেলুন ভালকৈ ফুলিবলৈ নাপাওঁতেই নুফুটে। আজিকালি অৱশ্যে গেছ দিও বেলুনক উল্লেখিত জীৱন দিয়া দেখা যায়। মুঠতে মনত ৰখা অতি প্ৰয়োজন যে- গেছেই হওঁক বা নিশাহেৰেই হওঁক, ফুলাওঁতে সচেতন হ’লে বেলুনে দীৰ্ঘ জীৱন লাভ কৰিব। লগতে পৰৱৰ্তী সময়ৰ মৰম-আপডালো, বিশেষভাৱে প্ৰয়োজন। গতিকে সচেতনতাই আচল কথা। জীৱন বাটৰ বিভিন্ন কেঁকুৰি, উপপথৰ গতিৰোধকত প্ৰয়োজনুসাৰে বেলুনে দেখুউৱা এই কথাক ব্যৱহাৰিক ৰূপত প্ৰয়োগ কৰি আমি গৈ থাকিব পাৰোঁ নিচিন্ত মনে, যদিহে ইচ্ছা কৰোঁ। 

সোণতলীত বানত উটি অহা এগৰাকী অসহায় মহিলাক সহায়ৰ হাত এজন যুৱকৰ

সোণতলী : এফালে কোৰোণাৰ আতংক আনফালে ৰাজ্যত বানৰ কৱলত লাখ লাখ জনতা৷ ৰাজ্যৰ দ্বিতীয়টো বান পৰিস্থিত কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ বাঢ়নি পানীয়ে নৈ আৰু ইয়াৰ উপনৈ সমূহ উফন্দি উছিছে৷ লকডাউনে দুখীয়াৰ অৱস্থা জুৰুলা কৰাৰ বিপৰিতে প্ৰৱল বানপানীয়ে নৈপৰীয়া ৰাইজৰ অৱস্থা অধিক জুৰুলা কৰি পেলাইছে৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ সোণতলীত বিগত কেবাবছৰ ধৰি চলি থকা লুইতৰ খহনীয়াই হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে৷ প্ৰলয়ংকাৰী বানে অনেক পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে৷ উল্লেখ্য যে, ইতিমধ্য হৈ যোৱা বানপানীয়ে সোণতলীৰ এলেকাধীন পানীখাইতী গাঁৱৰ এগৰাকী অসহায় মহিলাৰ সপোনৰ ঘৰখন উটাই লৈ যোৱাত মহিলাগৰাকীয়ে তিনিজনী কন্যা সন্তান লৈ পানীখাইতী গড়কাপ্তানী পথত আশ্ৰয় লৈছে৷ ৰ’দে-বৰষুণে, ভোকে-লঘুণে নিদ্ৰা-অনিদ্ৰায় জীৱন অতিবাহিত কৰিছে৷ স্বামীৰ মৃত্যুৰ পিছত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা  মহিলাগৰাকীৰ খবৰ পাই স্থানীয় স্বেচ্ছাসেৱী সংগঠন ‘চৰ-চাপৰি যুৱ ঐক্য মঞ্চ’ৰ বিষয়-ববীয়াই মহিলা গৰাকীৰ এসপ্তাহৰ বাবে খাদ্য-সামগ্ৰী যোগান ধৰাৰ উপৰিও সামাজিক মাধ্যম ফেচবুকত মহিলাগৰাকীক সহায় কৰিবলৈ অনুৰোধ জনায়৷ ফেচবুকত ভাইৰেল হৈ পৰা মহিলাৰ দুৰ্দশাৰ খবৰ পাই সোণতলীৰ এজন সচেতন যুৱক তথা মাহতলী গাঁও পঞ্চায়ত সমন্বয়ক মশ্বিৰুল হকে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে৷ মশ্বিৰুল হকে ব্যক্তিগতভাৱে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে৷ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সহযোগিতাত মশ্বিৰুল হকে মহিলাগৰাকীক প্ৰায় দহ দিন চলিব পৰাকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে৷ ইপিনে সামাজিক মাধ্যমৰ জড়িয়তে চৰকাৰক খহনীয়া সমস্যা সমাধান কৰাৰ উপৰিওঁ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ লগতে গৰাখহনীয়াত গৃহহীন হোৱা লোকক পুনৰ সংস্থাপনৰ দিবলৈ আহ্বান জনায় ৷

হজ যাত্ৰাত মাত্ৰ ১০০০ জনক অনুমতি ছৌদি প্ৰশাসনৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা সংক্রমণ বৃদ্ধিৰ মাজতে সীমিত ৰূপত হজৰ আয়োজন কৰিছে ছৌদি আৰবে৷ ছৌদি প্ৰশাসনৰ তৰফৰ পৰা এক বিবৃতিত ঘোষণা কৰিছে যে এইবাৰ বিভিন্ন দেশৰ পৰা অংশ ল’বৰ বাবে মাত্ৰ এহেজাৰজনকহে অনুমতি দিয়া হৈছে৷ ইয়াৰ লগতে এই কথাও জনায় যে বৰ্তমানে যিসকল ছৌদি আৰবত আছে তেওঁলোকৰ মাজৰ পৰাই এহেজাৰজনক অনুমতি দিয়া হ’ব৷ ৩১ জুলাইৰ পৰা আৰম্ভ হ’বলগা হজ যাত্ৰা প্ৰসংগত ছৌদি হজ সংক্ৰান্তীয় মন্ত্ৰী মহম্মদ বেনটেনে জনায় যে তীৰ্থযাত্ৰীৰ সংখ্যা এহেজাৰৰজনতকৈ এজন বা দুজন কম বেছি-হ’ব পাৰে৷ ছৌদি আৰবৰ পৰা এই সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পাছত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মুছলমান সম্প্ৰদায় লোকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কোনোৱে এই সিদ্ধান্তত দোষ পাইছে যদিও বেছিভাগে স্বাগতম জনাইছে৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজত ছৌদে প্ৰশাসনে এনেদৰে আয়োজন কৰাত বহু লোকে অভিনন্দন জনাইছে৷ ছৌদিৰ স্বাস্থ্য মন্ত্ৰী তৌফিক আল ৰাবিয়া আৰই জনাই যে ৬৫ বছৰৰ তলৰ মানুহ যাৰ কোনো ক্ৰনিক ৰোগ নাই তেওঁলোকেহে হজ পালনৰ অনুমতি পাব৷

ৰে’লক ব্যক্তিগতকৰণৰ নীতি প্ৰত্যাহাৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ এআইচিচিটিইউৰ

তিনিচুকীয়া :  এন এফ ৰে’লৱে এমপ্লইজ ইউনিয়নৰ তিনিচুকীয়া বিভাগীয় কমিটীৰ সম্পাদক যথাক্ৰমে  ডিএম নেওগ আৰু এআইচিচিটিইউৰ অন্যতম সৰ্বভাৰতীয় তথা অসম ৰাজ্যিক সমিতিৰ সম্পাদক সুভাষ সেনে এক প্ৰেছ বিবৃতিযোগে আজি তিনিচুকীয়া বিভাগৰ ডিআৰএমৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ৰে’ল ব্যক্তিগতকৰণৰ নীতি প্ৰত্যাহাৰৰ দাবী জনায়। বিবৃতিটোত উল্লেখ কৰা হৈছে যে মোদী শাসনৰ আৰম্ভণিতেই গণতান্ত্ৰিক শক্তি আৰু শ্ৰমিক শ্ৰেণীৰ ওপৰত ধাৰাবাহিক আক্ৰমণে কৰোণা কালত অধিক ভয়ংকৰ ৰূপত নামি আহিছে আৰু দেশৰ তথাকথিত স্বনিৰ্ভিৰতাৰ শ্ল’গানেৰে দেশবাসীক আভুৱা ভাৰি স্বনিৰ্ভৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰূপ ৰাজহুৱা খণ্ডৰ কয়লা, তেল, নৱৰত্ন কোম্পানীসমূহকে বিক্ৰী কৰিছে। এতিয়া ১৮৫৩ চনত মুম্বাইৰ পৰা থানেলৈকে ২১ মাইল ৰে’ল লাইন প্ৰতিষ্ঠাৰ জৰিয়তে সৃষ্টি হোৱা ঐতিহ্য আৰু গৌৰৱক পদদলিত কৰি, দেশৰ স্বনিৰ্ভৰতাক দেশী-বিদেশী কৰ্পোৰেট খণ্ড বিশেষকৈ গুজৰাটী বণিক গোষ্ঠী আম্বানি, আদানী, মোদী আদিৰ হাতত ঐহিত্যপূৰ্ণ ভাৰতীয় ৰে’লক বিক্ৰী কৰি, ভাৰতীয় ৰেলক এতিয়া টাটা ৰে’ল, মোদী ৰে’ল, আম্বানি-আদানী ৰে’ল হিচাপে চালু কৰা হ’ব। ৰে’লৰ যাত্ৰী-মালভাৰা বৃদ্ধি হ’ব, মূল্যবৃদ্ধিয়ে অভাৱনীয় ৰূপ ল’ব, ৰে’ল হ’কাৰৰ জীৱন দুৰ্বিসহ হৈ পৰিব। ভাৰতীয় অৰ্থনীতিৰ জীৱন-ৰেখা ৰে’ল বিভাগে উত্তৰ-দক্ষিণ, পূব-পশ্চিমক একেডাল সূতাৰে বান্ধি ৰাখি জাতীয় ঐক্য-সংহতিক শক্তিশালী কৰি আহিছে। ব্যক্তিগতকৰণৰ ফলত ৰে’লৰ শ্ৰমিক ছাঁটাই হ’ব, নিয়োগৰ বৃহত্তম ক্ষেত্ৰ ৰে’লৰ দুৱাৰ নিবনুৱাৰ বাবে ৰুদ্ধ হৈ পৰিব। গৰীৱ মানুহৰ ৰে’ল এতিয়া কৰ্পোৰেট ৰে’ললৈ পৰিণত হ’ব। মোদীয়ে কেৱল ৰে’লৰ ঐতিহ্যক ধ্বংস কৰিছে তেনে নহয়, সাম্প্ৰদায়িক বিষপাষ্প বিয়পাই, চীন-ভাৰত সীমা বিবাদক লৈ দ্বিচাৰিতা কৰি আসৈ মতা, অসমৰ বান-খহনীয়া ৰোধ কৰি অসমৰ জনজীৱনৰ এই স্থায়ী সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা নকৰা, ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ-হত্যা আদি সমস্যাক জীয়াই ৰাখি দেশৰ গৌৰৱোজ্জ্বল অতীতক ধ্বংস কৰি হিটলাৰী ফেচিবাদী শাসন প্ৰতিষ্ঠা কৰি গৈছে। আজি ৰাজহুৱা খণ্ডৰ শ্ৰমিকসহ ৰে’ল শ্ৰমিক আৰু সাধাৰণ ৰাইজ মোদী শাসনৰ অৱসান ঘটাইহে কেৱল ৰাজহুৱা খণ্ডক ৰে’ল বিভাগক ৰক্ষা কৰাৰ বিষয়ে অধিক সচেতন হৈ উঠিছে। 

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথত ব্যাপক দুৰ্নীতি :: পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ কাম আধাতে সামৰণি মেচাৰ্ছ বিনয় ভাৰদ্বাজৰ

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্বৰ ৫২ নং (বৰ্তমান ১৫ নং) ৰাষ্ট্রীয় ঘাইপথ ঘাইপথৰ পৰা ১ নং সৰু ডিৰাক লৈ প্ৰকল্প পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ আধাৰত ৩২৪.৫৫ লাখ টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা ৪.৫ কিলোমিটাৰ দৈঘ্যৰ পথটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য মতে, ২০১৮ বৰ্ষৰ ৮ আগষ্টত পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল। ৰহস্যজনকভাৱে পথটো নিৰ্মাণৰ যিখন ফলক আছে তাত কিন্তু পথটো নিৰ্মাণৰ অন্তিম তাৰিখ ২০১৯ বৰ্ষৰ ৭ আগষ্ট বুলি উল্লেখ আছে। ইফালে পথটোৰ বিশদ বিৱৰণত মাটিৰ পৰিমাণ, গ্ৰেনুলাৰ চাব চেছৰ পৰিমাণ, মেটেল তৰপ বা ডব্লিউ বি এমৰ পৰিমাণ, বিটমেন প্ৰলেপৰ পৰিমাণ, প্ৰাইমাৰ কোটৰ পৰিমাণ, টেক কোট ইমলাছৰ পৰিমাণ, প্ৰিমিক্স কাৰ্পেটৰ আদিৰ পৰিমাণ আজি পৰ্য্যন্ত উল্লেখ নকৰি গাৱঁৰ সহজ-সৰল মানুহক ৰামঠগণ দিছে মেচাৰ্ছ বিনয় ভাৰদ্বাজে। অন্যহাতে পথটোত শ্লেব কালভাৰ্ট নিৰ্মাণ কৰিব লগা স্থানৰ সমীপত অৰ্থাৎ হাঁহখাটি নদীৰ লগত সংযোগ হোৱা লাংফাই জানটোতে শ্ৰমিকসকলৰ বাবে শৌচালয় নিৰ্মাণ কৰি দিছে। সাধাৰণ এজাক বৰষুণৰ বাঢ়নী পানীয়ে শৌচালয়ত ত্যাগ কৰা মলমূত্ৰ সকলো উটুৱাই লৈ যাব। ফলত উক্ত জানটোৰ লগতে হাঁহখাটি নদীৰ পানী খাই জীৱ-জন্তুৰ লগতে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ’ব পাৰে। স্মৰ্তব্য যে, উক্ত জান আৰু নদীত দৈনিক শ শ লোকে মাছ ধৰি খায়। ফলত বিভিন্নজনৰ অচিন বেমাৰ যে, নহ’ব তাক নুই কৰিব নোৱাৰি। বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এতিয়া উক্ত পথটো নিৰ্মাণ কৰাৰ লগতে মেচাৰ্ছ বিনয় ভাৰদ্বাজৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।