দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ১৪ দিনৰ বাবে লকডাউনৰ সিদ্ধান্ত লোৱা হৈছে। পিছে এয়া অসমৰ ঘটনা নহয়, মণিপুৰ চৰকাৰে গ্ৰহন কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে মণিপুৰতো দিনক দিনে বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজাৰ পৰা মণিপুৰত কাৰ্যকৰী হ’ব লকডাউন। এই লকডাউনৰ সময়ছোৱাত বজাৰ, দোকান পোহাৰ বন্ধ থকাৰ লগতে চৰকাৰী, বেচৰকাৰী সকলো প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ বিপৰিতে চিকিত্সালয় লগতে জৰুৰীসেৱা সমূহ খোলা থাকিব।
আই পি এল’ত আজি কলকতা বনাম বেঙ্গালুৰ, পাঞ্জাৱৰ হাতত পৰাস্ত দিল্লী, দুটা শতকীয় ইনিংছেৰে ধাৱানৰ অভিলেখ
দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি কলকতাৰ মুখামুখি হ’ব বেঙ্গালুৰ। চলিত বৰ্ষত কলকতাইল ৯ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে বেঙ্গালুৰে ৯ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ কলকতা বনাম বেঙ্গালুৰ খেলখন আবু ধাবীৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷
আনহাতে আইপিএলত মঙ্গলবাৰে অনুষ্ঠিত পাঞ্জাৱ বনাম দিল্লী খেল খনত দিল্লীয়ে প্ৰথমে বেটিং কৰি পাঞ্জাৱৰ সন্মুখত ১৬৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হৈ ৫ উইকেটত পাঞ্জাৱে জয়লাভ কৰে৷ উল্লেখনীয় যে, পৰাজয়ৰ মুখ দেখিলেও আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত ক্ৰমাগত দুটা শতকীয় ইনিংছেৰে শিখৰ ধাৱানৰ অভিলেখ সৃষ্টি কৰে।
দেশক ভাষণ নহয় সঠিক সমাধানৰহে প্ৰয়োজন, প্ৰধানমন্ত্ৰী মোডীৰ ভাষণক কটাক্ষ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ
দৈনন্দিন বাৰ্তা সেৱাঃ দেশৰ পৰা ক’ৰ’না আঁতৰি যোৱা নাই বুলি দেশবাসীক সম্বোধি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণক লৈ বিৰোধী শিবিৰ আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰধান মন্ত্ৰীৰ ভাষণ দেশবাসীক নালাগে, কেৱল সঠিক সমাধানৰহে প্ৰয়োজন বুলি মন্তব্য কৰে।
কংগ্ৰেছ মুখপাত্ৰ ৰণদীপ সুৰজেৱালা আৰু পৱন খেড়াই কয়, ‘কৃপা কৰি দেশবাসীক জনাওক যে মহামাৰী কেনেদৰে নিয়ন্ত্ৰণ হ’ব আৰু অৰ্থনীতি কিদৰে পুনৰুদ্ধাৰ হ’ব?
তেওঁলোকৰ ওচৰত ইয়াৰ কিবা সমাধান আছে নে ইয়াৰ বাবে ভগৱানক দোষ দিব’। ‘ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়ত আমাৰ নেতা অন্তৰ্ধান হয়। তেওঁলোকে কেৱল টিভিত উপদেশ দিবলৈ আহে’। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মঙলবাৰে ক’ৰ’না প্ৰতিৰোধৰ স্বাৰ্থত ক’ভিড প্ৰটক’ল মানি চলিবলৈ দেশবাসীক তেখেতৰ ভাষণৰ জৰিয়তে আহ্বান জনাইছিল।
অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০২,০৭৩ জনলৈ বৃদ্ধি
দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্যত পুনৰ ৬৬৬ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০২,০৭৩ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৪,৪১১ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৮,৭৭৫ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮৪ জন লোক।
আজি পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
দৈনন্দিন বাৰ্তা সেৱাঃ আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১১ বজাত কঁহৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰি কাঠপাৰালৈকে উদ্যান দৰ্শন কৰিব৷ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকিব গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ। হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত বহু লোক কৰ্মহীন হৈ পৰিছিল। আশা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ বাবে মুকলি কৰাৰ ফলত কিছু লোকে পুনৰ সংস্থাপন পাবলৈ সক্ষম হব।
ডবকা ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথ শালবাগানত চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি এজনৰ মৃত্যু
ডবকা, ২০অক্টোবৰ : আজি বিয়লিৰ ভাগত হোজাইৰ অকাশীগংগা পহৰা চকীৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শালবাগনত সংঘটিত এক দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয় । নিহত লোকজন কাৰ্বিআংলং জিলাৰ হাউৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথে (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । ঘটনাৰ বিবৰণী মতে, নিহত লোক জনে ব্যৱসায়ীক কামত নগাঁওৰ পৰা নিজ গৃহলৈ নিজৰ AS-01-AM-0666 নম্বৰৰ বাহনেৰে গৈ থকা সময়ত শালবাগানৰ আমতলাত পথৰ কাষত থকা এজোপা গছত তীব্ৰ বেগত আহি খুন্দা মৰাৰ ফলত লোকজনে থিতাতে নিহত হয় । ঘটনাৰ খবৰ পাই অকাশীগংগা পহৰা চকীৰ বিষয়া নীলকমল সিংহই ততাতৈয়াকৈ লোকজনক বাহন খনৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোক জনক মৃত্য বুলি ঘোষণা কৰে । আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণাৰ দিহা কৰিছে ।
নগাঁৱৰ তুলসী দেউৰী পঞ্চায়তত একেদিনাই ৯ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ২০ অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে তুলসী দেউৰী গাঁও পঞ্চায়ত কাৰ্যলয় চৌহদৰ সমূহীয়া ভৱন, বুঢ়াগোঁহাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদৰ নৱ নিৰ্মিত পথ, লাচিত যুৱক সংঘৰ পুথিভঁৰাল, ৰাঙলুমুখ গ্ৰাম্য পুথিভঁৰাল, শুকতিপুতা সমূহীয়া ভৱন, গান্ধীজী এম ই স্কুল চৌহদৰ সমূহীয়া ভৱন, পমুঐ দেউৰী বাবুল দাসৰ ঘৰৰ পৰা বৰজানলৈ যোৱা নবনিৰ্মিত পথ, শুকতিপুতা পথৰ পৰা ২নং শুকতিপুতালৈ যোৱা নবনিৰ্মিত পথ আৰু কোচ গাঁও তিনিআলিৰ পৰা মলাৰাম বৰাৰ গৃহলৈ যোৱা নবনিৰ্মিত পথটি।উল্লেখিত আঁচনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে।বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে। আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ কান্ত দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য অনিতা বৰা, ভাৰতীয় জনতা পাৰ্টিৰ পাখিমৰীয়া মন্ডলৰ সভাপতি নৰেন দাস প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি আৰু ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।

চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, এজনক ফাঁচি, ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ
দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্য কপাই যোৱা চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচিৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডত ২৫ জন দোষী সাব্যস্ত হৈছিল। আন অভিযুক্ত ২৪ জনক ১ হাজাৰ টকাকৈ জৰিমনা লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডীত কৰে।
সন্ধিয়া ৬ বজাত দেশবাসীক উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে দিব বিশেষ বাৰ্তা
♦ মঙলবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিব প্রধানমন্ত্ৰী মোডীয়ে।
♦ आज शाम 6 बजे राष्ट्र के नाम संदेश दूंगा। आप जरूर जुड़ें। – এইদৰে টুইটাৰযোগে কথা সদৰী কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে্।
♦ অৱশ্যে কি বিষয়ক লৈ দেশবাসীক সেয়া জনোৱা নাই।
অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহনত বোনাছৰ দাবীত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
দৈনন্দিন বাৰ্তা সেৱা, তিনিচুকীয়াঃ কেন্দ্ৰীয় চৰকাৰে ৰে’ল শ্ৰমিক সকলৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বোনাছ আজিও আদায় নিদিয়াত সমগ্ৰ দেশৰ ৰে’ল শ্ৰমিক সকল জাঙুৰ খাই উঠা দেখা গৈছে। অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহন মৰ্মে আজি ৰে’ল শ্ৰমিক সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শ্ৰমিক বিৰুধী নীতিৰ বিৰুদ্ধে এন এফ ৰেলৱে মজদুৰ ইউনিয়নেও বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া লগতে নিউ তিনিচুকীয়া, লিডু্, ডিব্ৰুগড় ৱৰ্কশ্বপ, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিৰ লগতে সমগ্ৰ এনে এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৫২ টা শাখাই প্ৰাপ্য বোনাছ আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰপায়ন কৰে। কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় নেতা তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যোৱা ৭০ বছৰত ৰে’ল শ্ৰমিক সকলে লাভ কৰি অহা মৰগীয়া ভাত্তা কৰ্তন কৰাৰ উপৰিও দেশৰ জনতাৰ অজ্ঞাতে ভাৰতীয় ৰেলক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ পূৰ্ণ পৰিকল্পনা কৰিছে লগতে শ্ৰম আইন বিলুপ্তি ঘটাইছে। আম্বানীৰ দৰে বৃহৎ-বৃহৎ কৰ্প’ৰেট খণ্ডক হাজাৰ হাজাৰ কোটী টকা ঋণ মাফ কৰি দিয়াৰ প্ৰসঙ্গত উল্লেখ কৰি কোৰোনা মহামাৰীৰ লকডাউনৰ সময়ত নিজৰ জৱনকো তুচ্ছ কৰি দিনে নিশাই মালগাড়ী, শ্ৰমিক ৰে’ল চলোৱা ৰে’ল শ্ৰমিক সকলৰ বোনাছ আদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে বুলি কয়। তেখেতে লগতে কয় যে চৰকাৰে ৰে’ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য বোনাছ দিয়াত ব্যৰ্থ হয় তেন্তে ৰে’ল অৱৰোধৰ দৰে প্ৰবল আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ তথা এন এফ ৰেলৱে মজদুৰ ইউনিয়ন।











