Breaking

অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহনত বোনাছৰ দাবীত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

0 96

দৈনন্দিন বাৰ্তা সেৱা, তিনিচুকীয়াঃ কেন্দ্ৰীয় চৰকাৰে ৰে’ল শ্ৰমিক সকলৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বোনাছ আজিও আদায় নিদিয়াত সমগ্ৰ দেশৰ ৰে’ল শ্ৰমিক সকল জাঙুৰ খাই উঠা দেখা গৈছে। অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আৱাহন মৰ্মে আজি ৰে’ল শ্ৰমিক সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শ্ৰমিক বিৰুধী নীতিৰ বিৰুদ্ধে এন এফ ৰেলৱে মজদুৰ ইউনিয়নেও বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া লগতে নিউ তিনিচুকীয়া, লিডু্, ডিব্ৰুগড় ৱৰ্কশ্বপ, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিৰ লগতে সমগ্ৰ এনে এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৫২ টা শাখাই প্ৰাপ্য বোনাছ আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰপা‌য়ন কৰে। কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় নেতা তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি ক‌য় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যোৱা ৭০ বছৰত ৰে’ল শ্ৰমিক সকলে লাভ কৰি অহা মৰগীয়া ভাত্তা কৰ্তন কৰাৰ উপৰিও দেশৰ জনতাৰ অজ্ঞাতে ভাৰতীয় ৰেলক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ পূৰ্ণ পৰিকল্পনা কৰিছে লগতে শ্ৰম আইন বিলুপ্তি ঘটাইছে। আম্বানীৰ দৰে বৃহৎ-বৃহৎ কৰ্প’ৰেট খণ্ডক হাজাৰ হাজাৰ কোটী টকা ঋণ মাফ কৰি দিয়াৰ প্ৰসঙ্গত উল্লেখ কৰি কোৰোনা মহামাৰীৰ লকডাউনৰ সময়ত নিজৰ জৱনকো তুচ্ছ কৰি দিনে নিশাই মালগাড়ী, শ্ৰমিক ৰে’ল চলোৱা ৰে’ল শ্ৰমিক সকলৰ বোনাছ আদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে বুলি কয়। তেখেতে লগতে কয় যে চৰকাৰে ৰে’ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য বোনাছ দিয়াত ব্যৰ্থ হয় তেন্তে ৰে’ল অৱৰোধৰ দৰে প্ৰবল আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ তথা এন এফ ৰেলৱে মজদুৰ ইউনিয়ন।

Leave A Reply