টিংখাং : অখিল গগৈ, বলদেব তেলীসহ সকলো “কা” বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত চিপিআই (এম এল)ৰ অসম ৰাজ্যিক সমিতিয়ে আহ্বান জনোৱা আজি ৰাজ্যজোৰা প্ৰতিবাদৰ অংশ হিচাপে ডিব্ৰুগড়ৰ ৰাজগড়ত দলৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজগড়ৰ শ্বহীদ বেদী তিনিআলিত উপস্থিত দলৰ সমৰ্থকসকলে অখিল গগৈক মুক্তি দিয়ক, বলদেব তেলীক মুক্তি দিয়ক, বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সকলো এক হওঁক আদি শ্ল’গানেৰে শ্বহীদবেদী তিনিআলি উত্তাল কৰি তোলে। আনহাতে দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপনৰ মুক্তিৰ দাবী জনাই দলৰ ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা অনশনত বহে। কাইলৈ দিনৰ ১২ বজাত এই অনশন কাৰ্যসূচীৰ সামৰিক পৰিব। দলৰ বয়োজেষ্ঠ কৰ্মী মাগডালী মুড়াই শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনায় শুভাৰম্ভ কৰা অনশন কাৰ্যসূচীত “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সভাপতি যাদব গগৈ উপস্থিত থাকে। কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলে কয় যে বিজেপি চৰকাৰে “কা” বিৰোধী নেতা সকলৰ প্ৰতি চৰম আক্ৰোসমূলকভাৱে ভুৱা গোচৰ জাপি দি জেলত ৰাখিছে। দলে অখিল গগৈ, বলদেব তেলীৰ লগতে সকলো কা বিৰোধী বন্দীক মুক্তি দিবলৈ দাবী জনায়। লগতে দলে বিজেপিৰ বিৰুদ্ধে সকলো শক্তিক এক হ’বলৈ আহবান জনায়।
হিন্দু ক্ৰান্তি দলৰ সংবাদ মেলৰ আয়োজন।
নলবাৰী : সমগ্ৰ অসমতে ভাৰতীয় সংস্কৃতিক এক দুষ্ট চক্ৰই বিলুপ্ত ঘটোৱাৰ প্ৰয়াস কৰাৰ সময়তে নিজৰ আসনৰ সুৰক্ষিত ৰখাৰ উদ্যেশ্যে ধৃতৰাষ্ট্ৰৰ দৰে নেদেখা ভাও জুৰি আছে সৰ্বানন্দ নেতৃত্বধীন অসম চৰকাৰে। এই কথা সদৰি কৰে আজি নলবাৰীত অনুষ্ঠিত কৰা সংবাদ মেলত হিন্দু ক্ৰান্তি দল অসমে। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলাৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে যোৱা কিছুদিন পুৰ্বে গো মাতা হত্যা বন্ধ কৰা, ডিটেইনচন কেম্পত বন্দী হৈ থকা হিন্দুক মুক্তি আৰু অসমৰ সাংস্কৃতিক বিভাগক কুলসিত কৰা বেগজান নামক ধাৰাবাহিকখন বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী মহোদয়লৈ শান্তিপুৰ্নভাৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে স্মাৰক পত্ৰৰ কোনো বাস্তৱত ফলপ্ৰসু নহ’ল। সংযোজক গৰাকীয়ে মন্তব্য কৰে যে অতিকৈ গুৰুত্বপূৰ্ণ কথাতো হ’ল যিখন চৰকাৰক অসমৰ ৰাইজে অতি সততা আৰু নিষ্ঠাৰে ৰাজপাতত বহুৱাইছিল সেইখন চৰকাৰে আকৌ অসমীয়া ৰাইজৰ আবেগ অনুভুতিক সম্পূৰ্ণভাৱে মোহাৰী নিজৰ আসনৰ সুৰক্ষাৰ চিন্তাতহে মগ্ন হৈ থাকিল। নিৰ্বিকাৰ অসম চৰকাৰ।লগতে সংযোজক গৰাকীয়ে কয় যে এসময়ত ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষকতাৰে পৰিচিত বৰ্তমান অসম চৰকাৰৰ বিধায়ক নাৰয়ণ ডেকাৰ সমষ্টিত দৈনন্দিন চলি আছে গো মাংস বিক্ৰী কেন্দ্ৰ। ভাৰতভূমিত ভাৰতীয় লোক কেতিয়াও বিদেশী হ’ব নোৱাৰে তথাপিও হিন্দুসকলক ডিটেইনচন কেম্পত এতিয়ালৈকৈ আবদ্ধ কৰি ৰখা হ’ল। অসমত আৰবীয় সংস্কৃতিৰে নিৰ্মাণ কৰা দূৰদৰ্শনৰ ধাৰাবাহিক বেগম জান বন্ধ নহ’ল। তথাপিও সৰ্বানন্দ নেতৃত্বধীন চৰকাৰ নিৰবতা অবলম্বন কৰা দেখা গল। কথা হ’ল ভাৰতীয় সংস্কৃতিৰ মুলতঃ নাৰী ধৰ্ষণকাৰী আৰু গো মাতা হত্যা ওপৰত আইন প্ৰণয়ন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাৰত মাতাৰ সু-সন্তান যোগী আদিত্য নাথ জীয়ে কিন্তু এক দেশ, এক সংবিধান, এক পতকা হোৱো স্বত্বেও অসম চৰকাৰে কিয় নোৱাৰে। মুঠতে ক’ব পাৰি যে বৰ্তমান চৰকাৰখনে নিজৰ ৰাজ আসন সুৰক্ষাৰ স্বাৰ্থত ভোটকেন্দ্ৰীক ৰাজনীতিত মতলীয়া হৈ আছে হয়তো যাৰ কাৰণে ষ্পষ্টবাদী ভাৰতীয় ভূমিপুত্ৰ মান্যবৰ শিলাদিত্য ডাঙৰীয়াও দলৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈছিল। সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা অসম চৰকাৰে যদি ভাৰতীয় সংস্কৃতিক নিশেষ কৰিব বিচৰা লোকক দৃষ্টান্ত মূলক শাস্তি প্ৰদান নকৰে, ডিটেইনচন কেম্পত আৱদ্ধ কৰি ৰখা হিন্দুক মুক্তি আৰু বেগজান নামক ধাৰাবাহিক বন্ধ নকৰে তেন্তে আমি আমাৰ নিজৰ লক্ষ্যত উপনিত হ’বলৈ বাধ্য হ’ম। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ উপদেষ্টা দীপক হালৈ, যুটীয়া সম্পাদক অপূৰ্ব কলিতা, সাংগঠনিক বিদ্যুৎ কুমাৰ দাস আৰু পূৱ নলবাৰী আঞ্চলিকৰ সভাপতি সিমান্ত মেধী উপস্থিত আছিল।
তিনিচুকীয়াৰ জেষ্ঠ চিকিৎসক পি কে ৰ্শমাৰ কৰোনাত মৃত্যু ।
তিনিচুকীয়া : তিনিচুকীয়াৰ মেডিচিন বিভাগৰ জেষ্ঠ চিকিৎসক ডঃ পি কে ৰ্শমা আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ নিবাসী চিকিৎসক গৰাকীয়ে দুদিন পূৰ্বে জ্বৰ আৰু কাঁহত ভুগি স্বাৱ টেষ্ট কৰিছিল। কৰোনা পজিটিভ হোৱাত চিকিৎসকগৰাকীৰ স্বাস্থ্য অবনতি ঘটাত কালি এ এম চি এইচলৈ প্ৰেৰণ কৰে। আন কেইবাটাও ৰোগত আক্ৰান্ত থকা চিকিৎসকগৰাকীয়ে তিনিচুকীয়াৰ ৰঙাগড়া পথত ব্যক্তিগত ফাৰ্মাচীত ৰোগীক চোৱা চিতা কৰি আছিল। ফাৰ্মাচীখনতে কোনো ৰোগীৰ চিকিৎসা কৰাৰ পিচতেই কৰোনা সংক্ৰমণ হোৱা বুলি তিনিচুকীয়াবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে। জেষ্ঠ চিকিৎসক গৰাকীৰ কৰোনাত মৃত্যু হোৱাৰ পিছতে তিনিচুকীয়াৰ ৰাইজ আতংকিত হৈ পৰিছে।
মংগোলীয়াত বুবোনিক প্লেগত মৃত্যু কিশোৰ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
এটি কিশোৰ বুবোনিক প্লেগত মৃত্যু হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে পশ্চিম মংগোলীয়াৰ গভি-আলটাই ৰাজ্যৰ ১৫ বছৰীয়া কিশোৰটিৰ যোৱা দেওবাৰে গা বেয়া লাগে৷ টুগৰুক জিলাৰ চিকিৎসালয়লৈ অনাৰ পথত কিশোৰটিৰ মৃত্যু হয় ৷ স্বাস্থ্য বিভাগৰ সন্দেহ কিশোৰটি ব্লেক ডেথে মৃত্যুৰ মুখত পেলায় ৷ আনহাতে বুবোনিক প্লেগ সন্দেহজনক প্ৰাদুৰ্ভাৱৰ বিষয়ে ইংলেণ্ডে চীনৰ মংগোলীয়া ভ্ৰমণৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে ৷ বিদেশ আৰু কমনৱেলথ কাৰ্যালয়ে শেহতীয়া পৰামৰ্শ দিছে মংগোলীয়া স্বায়ত্ত্বশাসিত অঞ্চলত সকলো অপৰিহাৰ্য আন্তৰ্জাতিক ভ্ৰমণৰ বিৰুদ্ধে ৷ সন্দেহজনক বুবোনিক প্লেগৰ বিষয়ে এই মাহৰ আৰম্ভণিতে উত্তৰ পশ্চিম বেইজিঙৰ এখন চিকিৎসালয় বায়াননুৰৰ ঘটনাৰ পাছত এই সতৰ্কতা জাৰি কৰিছে ৷ ইংলেণ্ডৰ বিষয়াই কয় যে এই অঞ্চলৰ গ্ৰামীণ অঞ্চলৰ ভ্ৰমণকাৰীয়ে মুৰমোট খোৱা এৰা উচিত ৷ এইটো বিশ্বাসযোগ্য যে ই অতি সংক্ৰামক আৰু প্ৰায় মাৰাত্মক ৰোগৰ উৎস ৷ মংগোলীয়াত মুৰমোট চিকাৰ কৰা অবৈধ হ’লেও তাৰ মাংস কেতবোৰ গ্ৰামীণ অঞ্চলৰ এটা স্বাদযুক্ত খাদ্য ৷ বিদেশ আৰু কমনৱেলথ কাৰ্যালয়ৰ পৰা এই কথা জনাইছে ৷ কোনো লোক বুবোনিক প্লেগত ভুগিছে বুলি বিশ্বাস কৰিলে তৎক্ষণাত কাষৰ চিকিৎসালয়ত ৰিপৰ্ট কৰিব লাগে বুলি জনাইছে ৷ উল্লেখ্য যে বুবোনিক প্লেগক মধ্য যুগত ব্লেক ডেথ বুলি জনা গৈছিল ৷
গান্ধীমণ্ডপৰ জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক ৷ পাহাৰৰ মাটিৰে ভৰি পৰিছে নলা, কুম্ভকৰ্ণৰ নিদ্ৰাত গুৱাহাটী পৌৰনিগম-গড়কাপ্তানি বিভাগ ৷
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত গান্ধী মণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্হাই পথচাৰীক দুৰ্ভোগ ভোগাইছে ৷ জানিব পৰা মতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি থকা গান্ধীমণ্ডপৰ পথচোৱাত কেইবা ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে পথচোৱাত থকা নলাসমূহ পাহাৰৰ মাটিৰে ভৰি পৰিছে ৷ বিগত কেইদিনমান বৰষুণ দিয়াৰ ফলত পাহাৰৰ মাটি খহি আহি নলাসমূহ পুতি পেলাইছে ৷ যাৰ বাবেই এজাক বৰষুণ দিলে পথচোৱাৰে নদী সদৃশ ঢাৰ বয় ৷ সেইবাবেই পথচোৱাৰ যথেষ্ট পৰিমাণৰ গাঁতৰ সৃষ্টি হৈছে ৷ এই ক্ষেত্ৰত পথচাৰী অহা যোৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ ইপিনে চলিত সপ্তাহত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ যাৰ ফলত পথচোৱাত শিল মাটিৰ দমৰে ভৰি আছে ৷ ইয়াৰ বাবেই গাড়ী মটৰ অহা-যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ স্হানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা একাংশ লোকৰ অভিযোগ পথচোৱাৰে গাড়ী মটৰৰ লগতে খোজকাঢ়ি যাব নোৱৰা অৱস্থা হৈছে ৷ তৎস্বত্বেও গড়কাপ্তানি বিভাগৰ লগতে গুৱাহাটী পৌৰনিগম কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন বুলি একাংশ পথচাৰীয়ে অৱগত কৰে৷ স্থানীয় ৰাইজে উক্ত পথচোৱাৰ পুননিৰ্মাণৰ লগতে নলাসমূহ পৰিস্কাৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷
বৰুৱাহোলা উন্নয়নৰ দাবীত মটক যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ।
তিনিচুকীয়া : তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ বৰুৱাহোলাৰ উন্নয়নৰ বাবে আঞ্চলিক মটক যুৱ ছাত্র সম্মিলনে নিম্নলিখিত সমস্যাসমূহ পূৰণ কৰিবলৈ দাবী জনাই উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৰুৱাহোলাত এটা পুথিভঁৰালৰ বাবে পুঁজিৰ আৱণ্টণ প্ৰদান কৰা, এটা অতিথিশালাৰ বাৰে পুজিঁ আৱণ্টন দিয়া, গাঁৱৰ প্ৰধান ৰাস্তা সমূহত অভিলাশী ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা, নিবনুৱা সকলৰ বাবে বিশেৰ আঁচনি প্ৰদান কৰা, গাঁৱৰ মহিলা সকলৰ স্বাৱলম্বিতাৰ বাবে তাঁতশালৰ ব্যৱস্থা কৰা, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্রত অগ্ৰাধিকাৰ দিয়া বৰুৱাহোলা হাইস্কুল তিনিআলি আৰু বালিজান তিনিআলিত একোটাকৈ বাটচ’ৰাৰ বাবে পুঁজিৰ আবণ্টন দিয়া, কৃষিৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা, গাঁৱৰ কেঁচাপথসমূহ অতিশীঘ্ৰে পকীকৰণৰ ব্যৱস্বা গ্ৰহণ কৰা, গাৱঁত skill Development ৰ কেন্দ্র স্থানৰ ব্যৱস্থা কৰা আৰু কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনাই সভাপতি তনুশ্যাম চেতিয়া আৰু সম্পাদক পল্লব চেতিয়া স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কৰে।
এইচ.এম এন্টাৰটেইনমেন্টৰ চুটি ছবি ‘পথ-উপপথ’।
✍ ভিকি শৰ্মা
বিশ্ব ব্যাপি ক’ৰোনাৰ ত্ৰাসৰ কৱলত পৰি অসমৰ শিল্পীসকল ঘৰতেই আৱদ্ধ হৈ আছে কিন্তু তেওঁলোকৰ শিল্প চৰ্চাৰ ধাৰা অটুট ৰাখিছে বিভিন্ন কৰ্মৰাজিৰে। ঠিক এইদৰে ভ্ৰাম্যমাণ মঞ্চ জগতৰ। জনপ্ৰিয় অভিনেতা তথা এমেচাৰ জগতৰ অক্লান্ত সেনানি হিৰন্ময় বৰুৱাই প্ৰযোজনা কৰি উলিয়াইছে এইচ.এম এন্টাৰটেইমেন্টৰ বেনাৰত এখনি সৰ্বাংগ সুন্দৰ মননশীল চুটি ছবি ‘পথ-উপপথ’। ইতিমধ্যে ছবিখনে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহত আৰু মুক্তিৰ কম দিনৰ ভিতৰতে যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকৰ পৰা। মুন হাজৰিকাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিয়মান ছবিখন দৃশ্যগ্ৰহণ কৰিছে হিৰন্ময় বৰুৱা আৰু তাপস হাজৰিকাই। শিল্পী এগৰাকীৰ জীৱন পৰিক্ৰমা এক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে ছবিখনৰ মাধ্যমেৰে। কুলদ্বীপ বৰুৱাৰ সম্পাদনাৰে সম্পাদিত পথ-উপপথত সংগীত প্ৰদান কৰিছে মানস হাজৰিকাই। অভিনয়ৰ দিশটো অলংকৃত কৰিছে অভিনেতা জিউ অনিৰ্ব্বান দত্ত, দিব্যজ্যোতি নাৰায়ন দেৱ আৰু অভিনেত্ৰী ভিয়েনা বৰা আৰু ধনদা কাকতিয়ে। পথ-উপপথৰ জনপ্ৰিয়তাৰ আঁত ধৰি এইচ.এম এন্টাৰটেইনমেন্টে পৰৱৰ্তী পৰ্য্যায়ত অসমৰ দৰ্শক ৰাইজলৈ মুকলি কৰি দিব এখনি বিগ বাজেটৰ ৰহস্যঘন ৱেব চিৰিজ দ্যা কনচিকুৱেন্স। দুয়োখন ছবিকে দৰ্শকে মৰমেৰে আকোৱালী ল’ব বুলি বিশ্বাসী নিৰ্মাতাসকল।
উজনি মাজুলীৰ গেজেৰাত শোকাৱহ ঘটনা।
উজনি-মাজুলী : উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজ গেজেৰা গাঁৱত মঙ্গলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণী অনুসৰি মাজ গেজেৰা গাঁৱৰ সমীপবৰ্তী লেপং গাঁৱৰ উৎপল দলেৰ পুত্ৰ পাপু দলে (১৭) ক পানীয়ে উটুৱাই নিয়ে। জানিব পৰা মতে পাপু দলে নামৰ কিশোৰ জনে এজন সমনীয়াৰ সৈতে গেজেৰা গাঁৱৰ দক্ষিণ দিশত থকা ব্ৰহ্মপুত্ৰৰ এটা উপ-সুঁতিত মাছ ধৰিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনাৰ। ঘটনাস্হলিত আৰক্ষী আৰু SDRF উপস্থিত হৈ ৰাতি ১২ বজালৈকে অনুসন্ধান কৰে যদিও প্ৰতিকূল বতৰৰ বাবে অভিযান স্থগিত ৰাখিব লগাত পৰে। আজি পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰি আগবেলা ১০.৩০ বজাত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ধুবুৰীত বান পৰিস্থিতি বুজ ল’লে প্রমিলাৰাণী ব্ৰহ্মই।
ধুবুৰী : ধুবুৰীত কালি বান পৰিস্থিতিৰ বুজ ল’লে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰাত ধুবুৰীৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কালি জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক সকলকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কালিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে স্থানীয় বিধায়ক সকল। মন্ত্ৰী ব্ৰহ্মই বানপীড়িত অঞ্চল ভ্ৰমণ কৰি জিলাখনত জলবন্দী হৈ ঘৰত ককবকাই থকা পৰিয়ালবোৰৰ বুজ লয়। পানী আৰু বাঢ়িলে তেনে পৰিয়ালবোৰ নিশ্চিতভাৱে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। ৰাইজৰ এনে সংকটৰ সময়ত স্থানীয় বিধায়ক সকলক নিজৰ সমষ্টিত থাকি বানপীড়িতক সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়। লগতে জিলা প্ৰশাসনক সদায় সজাগ থাকিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বানপীড়িতক সাহায্য প্ৰদানৰ ক্ষেত্ৰতো জিলাখনত পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ লগতে পশু খাদ্য মজুত ৰখাৰ বাবে জিলা উপাযুক্তক নিৰ্দেশ দিয়ে।ইতিমধ্যে বানপানীত তিনিজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাক স্মৰণ।
উজনি-মাজুলী : এখুদ ককাইদেউ খ্যাত ককাদেউতাৰ হাড়ৰ স্ৰষ্টা নৱকান্ত বৰুৱাৰ ১৯ সংখ্যক মৃত্যু দিৱসটি মঙ্গলবাৰে ‘সুৰ-শব্দ-কথা’ৰে পালন কৰা হয়। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত এখনি ভ্ৰাম্যভাষিক সাহিত্য সন্মিলনত অসম সাহিত্য সভাৰ ১৯৯০ চনৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি নৱকান্ত বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে| পদ্মভূষণ উপাধিৰে বিভূষিত আৰু অসম প্ৰকাশন পৰিষদ বঁটাৰে সন্মানিত মহীৰূহগৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগন আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। ব্যতিক্ৰমী অনুষ্ঠানটিত মাজুলী জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, কবি গাৰ্গী ভূঞা, অংকুৰিতা ফুকন, সংগীতা বৰা, মধ্য মাজুলী শাখা সাহিত্য সভাৰ উপসভাপতি তথা কবি পাপু বৰা প্ৰমুখ্যে কেইবাজনো সাহিত্যসেৱকে কথা-কবিতাৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক নমস্য সাহিত্য কাণ্ডাৰীগৰাকীক অনন্য ৰূপত সোঁৱৰণ কৰে।









