মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ মুখ্য অস্ত্ৰ হিচাপে দেশত বিগত দুমাহে চলি আছে লকডাউন৷ ৩১ মে’ পৰ্যন্ত দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন৷ মাৰাত্মক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এই পৰ্যন্ত লকডাউনৰ পৰিকল্পনা কিমান সফল হৈছে, মাজে সময়ে এই প্ৰশ্নও উত্থাপন নোহোৱা নহয়৷ শেহতীয়া তথ্য অনুসৰি লকডাউনে দেশত ক’ৰোনাৰ সংক্ৰমণ ব্যাপক হাৰত ৰোধ কৰিবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে এক তথ্যভিত্তিক প্ৰতিবেদনত লকডাউনে দেশত ক’ভিড-১৯ৰ ১৪-২৯ লাখ ঘটনা ৰোধ কৰা লগতে ৩৭০০০-৭৮০০০ লোকৰ প্ৰাণ ৰক্ষা কৰিছে৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ বিশ্লেষণ দাঙি ধৰি নীতি আয়োগ (স্বাস্থ্য)ৰ সদস্য ডাঃ ভি কে পালে কয়-’লকডাউনত আৰোপ কৰা নিষিদ্ধতাই কোৰোনা সংক্ৰমণৰ গতি ৰোধ কৰে ৷ ৩ এপ্ৰিলত প্ৰতিদিনে ২২.৬% ক’ৰোনা সংক্ৰমণ পোহৰলৈ আহিছিল৷ কিন্তু ৪ এপ্ৰিলৰ পাছত এই সংক্ৰমণৰ হাৰ ৫.৫% লৈ হ্ৰাস পায় ৷’ দেশজুৰি ২৫ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছিল৷ যথাসময়ত লকডাউনৰ সিদ্ধান্ত লোৱা বাবে ক’ৰোনাই ভাৰতত গা কৰি উঠিব নোৱাৰিলে বুলিও ডাঃ পালে কয়৷ তদুপৰি লকডাউনৰ সময়ছোৱাত কেন্দ্ৰ তথা বিভিন্ন ৰাজ্য চৰকাৰে স্বাস্থ্য ক্ষেত্ৰৰ উন্নত পৰিকাঠামো গঢ়ি তোলাৰ লগতে স্বাস্থ্য কৰ্মী, স্বাস্থ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগাৰ কৰে৷ উল্লেখ্য, ষ্টেটিছটিকছ, প্লেনিং আৰু প্ৰগ্ৰেম ইমপ্লেটেশ্যন মন্ত্ৰণালয়ৰ সচিব প্ৰবীন শ্ৰীবাস্তৱৰ উপস্থিতিত দেশত লকডাউন অবিহনে হ’ব পৰা পৰিস্থিতিৰ তথ্যসুলভ আৰ্হি দেখুৱাই ভাৰতীয় পাবলিক হেল্থ ফাউণ্ডেচন (পিএইচএফআই) আৰু বষ্টন কনচাল্টিং গ্ৰুপ (বিচিজি)এ৷ পিএইচএফআইৰ মতে, লকডাউনে প্ৰাণ ৰক্ষা কৰিছে ৭৮০০০ৰ৷ আনহাতে বিচিজিৰ আৰ্হি অনুসৰি লকডাউনৰ ফলত ৩৬-৭০ লাখ সংক্ৰমণ ৰোধ হোৱাৰ লগতে ১.২-২.১ লাখ লোকৰ প্ৰাণ ৰক্ষা পৰিছে৷
নলবাৰী বাংনামাৰীত ঈদউল ফিটৰ নামাজ সন্দৰ্ভত সভা : ঘৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান
নলবাৰী
ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে বৰ্তমান দেশজুৰি চলি থকা লকডাউনৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অহা ২৪ অথবা ২৫ মে’ত হ’বলগীয়া ঈদউল ফিটৰৰ সমূহীয়া নামাজ অইন বেলিৰ দৰে এইবেলি বাংনামাৰী ঈদগাহ মৈদানত নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে ঘৰতে থাকি ঈদউল ফিটৰৰ নামাজ পঢ়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ লগতে সকলো ইচলাম ধৰ্মীলোক সকলক সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনোৱা হয়। এই কথা সদৰী কৰে বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি ফাইজুদ্দিন আহমেদ আৰু সম্পাদক ইমদাদৰ ৰহমানে। ইয়াৰ উপৰি চৰকাৰ তথা স্বাস্থ্য বিভাগে ক’ৰোনা ভাইৰাছ সন্দৰ্ভত আগবঢ়োৱা সকলো পৰামৰ্শ আৰু নীতি নিয়ম মানি চলিবলৈ সমূহ ৰাইজক অনুৰোধ জনায়৷
কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ডিৰাক সীমান্ত
মহামাৰী ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি কাকপথাৰ ১নং সৰুডিৰাকৰ ১৫ নং ৰাষ্টীয় ঘাইপথত কাকপথাৰ সন্মিলিত সংগ্ৰামী মঞ্চই হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধ কৰি লকডাউনৰ সকলো নীতি নিৰ্দেশনা প্ৰতি সঁহাৰি জনাই সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ জনায়। পূৱৰ আমাজানখ্যাত উজনি অসমৰ বৰ্ষাৰণ্যসমূহৰ অবাধ ধ্বংসলীলা দেখিশুনি উচুপি উঠিছে ৰাজ্যবাসী। প্ৰকৃতিপ্ৰেমীসকলে ভৱিষ্যতৰ ভয়াৱহতাৰ পূৰ্বাভাষ পাই ক্ষুণ্ণ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম। দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষাৰ ফলত ইয়াত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদকুল, পক্ষীকুল আৰু জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ কঢ়িয়াই আনিব। মানৱ-শৃংখল কায্যসূচীত উপস্থিত থাকি সংগ্ৰামী মঞ্চৰ সম্পাদক উদিপ্ত বড়াই অসমৰ একামাত্ৰ বৰ্ষাৰণ্য তথা হস্তীকেন্দ্ৰ অভয়াৰণ্যখনত কয়লা খনন কৰি আৰু ডিব্ৰু ছৈখোৱাত অইল ইণ্ডিয়াৰ দ্বাৰা খনন কৰি অসমৰ জৈৱ বৈচিত্ৰলৈ ভয়াবহ অন্ধকাৰ নামিবলৈ কোনোপধ্যে দিয়া নহ’ব বুলি কয়। অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক শান্তিৰে থাকিব দিবলৈ ভাৰত তথা অসম চৰকাৰক দাবী জনোৱাৰ লগতে অসমৰ সকলো লোককে আমাৰ সম্পদসমূহ ৰক্ষা কৰাত মাত মাতিবলৈ অনুৰোধ জনায়৷ কাৰ্যসূচীত মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক, কলিতা যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক, তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত থাকে৷Attachments area
লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক
লংকা
যোৱা নিশা লংকাৰ নখুটিৰ ৩নং চাৰ্ঠেগাঁৱৰ পৰা তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে পহৰা দিয়া সময়ত অস্ত্ৰসহ দুই যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছত গাঁওৰক্ষী বাহিনীয়ে যুৱক দুজনক নখুঁটি আৰক্ষীক চমজাই দিয়ে। যুৱক দুজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, কিছু বাৰুদ আৰু দুখন খুকুৰী উদ্ধাৰ কৰে। আটকাধীন যুৱক দুজনৰ নাম ক্ৰমে বিল্লাল উদ্দিন, ঘৰ নখুঁটিৰ ১নং খ্ৰী খ্ৰীত আৰু আনজনৰ নাম জুলফিকৰ আলি ঘৰ মৰিগাঁৱত। আৰক্ষী সূত্ৰে জানিব পৰা মতে যুৱক দুজনে বনাঞ্চলত হালধী উঠাই থকা সময়তে তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে অস্ত্ৰসহ যুৱক দুজনক দেখা পাই নিশাই নখুঁটি আৰক্ষী চকীলৈ লৈ আনে। বৰ্তমানে দুই যুৱকক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক মিকিৰভেটা আৰক্ষীৰ আটক
মৰিগাঁও
ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক সময়তে চৰাইবাহী সমবায় সমিতিৰ অনিয়মৰ অভিযোগত আজি বিয়লি ১ বজাত মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত অহা তদন্তকাৰী আৰক্ষী দল এটাৰ সহযোগত চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিব আটক কৰে। উল্লেখ্য, বিগত কেইটামান বছৰ ধৰি সমবায় সমিতিৰ ৰাজহুৱা বিতৰণৰ নামত অহা কেৰাচিন তেলৰ একাংশ হৰলুকি কৰি ক’লা বজাত বিক্ৰী কৰা আৰু চৰকাৰী নিৰিখতকৈ অধিক দামত গ্ৰাহক ৰাইজক বিক্ৰী কৰি চৰকাৰী নীতি নিয়ম ধোঁৱা চাঙত তুলি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ এনেএক সময়তে অঞ্চলৰ সচেতন মহল আৰু নিৰ্বাচিত সদস্য সদস্যা সকলৰ গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে সমবায় খনৰ সচিব হেমন্ত কুমাৰ নাথক কাৰ্যালয়ৰ পৰা আটক কৰে।
সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে
নাজিৰা
সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰু
সোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ
নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত, গেলেকী সংৰক্ষিত
বনাঞ্চলৰ প্ৰায় ৬৪০০ হেক্টৰ ভূমিৰ প্ৰায় ৪ হাজাৰ হেক্টৰ ভূমি বেদখলেৰে
বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি কৰাৰ বিপৰীতে অসমৰ মানচিত্ৰ সংকুচিত হৈ
আহিছে। শেহতীয়াভাৱে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে
হোৱা নগা শান্তি চুক্তিৰ পাছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ পতিপত্তি
বৃদ্ধি পাবলৈ ধৰিছে।যাৰ বাবে পৰহি শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড
সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিতো
আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ অসমৰ থলুৱা যুৱকে স্হাপন কৰা
ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ
উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম
আৰক্ষী বেটেলিয়েনক খেদি পঠাই।এই কথা শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী
প্ৰশাসনে গোপনে ৰখাৰ চেষ্টা চলাই। ইমানে নহয় ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধত
অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি আগ্ৰাসী নগা বাহিনীয়ে অসমৰ
উক্ত বৃহৎ ৰাজহ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা
অব্যাহত ৰাখিছে। ইয়াৰ এক অংশৰূপেই নগা বাহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি গেট
লগাই উক্ত ভূমি নাগালেণ্ডৰ কৰাৰ প্ৰচেষ্টা চলাই যদিও গেলেকী আৰক্ষীয়ে
নগাই লগোৱা গেট ভাঙি দিয়ে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত মাহত
সীমান্তবৰ্তী গেলেকীৰ শিঙিবিল,লাহন গাঁও, উখটিং, লাদৈগড়, বৰহোলা আদি
অঞ্চলৰ ৰাইজে গেলেকী সংৰক্ষিত বনাঞ্চল সংযোগী শিঙিবিল অঞ্চলৰ প্ৰায় ১
বিঘা ৰাজহ ভূমি দীৰ্ঘদিন ধৰি শ্মশানৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।শিঙিবিল
অসম আৰক্ষী বেটেলিয়ান কেম্পৰ পৰা প্ৰায় আধা কিলমিটাৰ নিলগত থকা এই
শ্মশানৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত বিভাগে প্ৰায় ২ লাখ টকা
অনুমোদন দিয়ে। এই আৱন্টিত ধনেৰে গেলেকী ন-পুখুৰী পঞ্চায়তে উক্ত শ্মাশান
ভূমিত এটি গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। কিন্ত অতি দূৰ্ভাগ্যজনক যে অসমৰ
ৰাজহ ভূমিত নিৰ্মাণ কৰা এই গৃহ ২৬আগষ্টৰ নিশাই আগ্ৰাসী নগা বাহিনীয়ে ভাঙি
লণ্ড-লণ্ড কৰে।পুৱা এই ঘটনাৰ খবৰ পাই অসম আৰক্ষীৰ এটা দল শ্মশানস্হলীত
উপস্হিত হয়। কিন্ত সেই সময়তে নাগালেণ্ডৰ লংলেং জিলাৰ আৰক্ষী অধীক্ষক,
উপায়ুক্ত, নগা ভিলেজ কাউঞ্চিলৰ চেয়াৰমেনসহ বৃহৎ নগাবাহিনী ঘটনাস্হলীত
উপস্হিত হয়। সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত
সীমান্ত দণ্ডাধীশ অৰূপ বীৰকামিয়া,প্ৰথম অসম আৰক্ষী বাহিনীৰ উপ-অধিনায়ক
পুনা গগৈ, ন-পুখুৰী পঞ্চায়তৰ সভাপতি লংকেশ্বৰ হাতীমূৰীয়াসহ অসমৰ প্ৰশাসন
আৰু আৰক্ষী বিষয়া সকলৰ আগত নগাৰ দলটোৱে অসম-নাগালেণ্ডৰ সীমাক লৈ দেশৰ
সৰ্বোচ্চ ন্যায়লয়ত গোচৰ চলি থকাৰ কথা উল্লেখ কৰি অসমৰ এই ৰাজহ ভূমিত
নিৰ্মাণ নচলাবৰ বাবে এক প্ৰকাৰ কঠোৰ নিৰ্দেশ দিয়ে। অসমৰ ৰাজহ ভূমিত
বীৰত্ব প্ৰদৰ্শন কৰি নগাৰ বৃহৎ দলটো নগালেণ্ডলৈ উভতি যায়। অৱশ্যে নগাৰ
দলটোৱে উভতি যোৱাৰ সময়ত এই বিষয়ত উচ্চ পৰ্যায়ত আলোচনা কৰা হব বুলি প্ৰকাশ
কৰে। ইফালে জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল
নেতূত্বাধীন অসমৰ প্ৰশাসনৰ দলটোৱে অসমৰ ৰাজহ ভূমিত গূহ নিৰ্মাণ নচলাবৰ
বাবে নগাৰ হুমকিত শীৰনত হৈ অসমৰ দলটোৱেও উক্ত স্হানৰ পৰা আঁতৰি আহে। অতি
লজ্জাজনক কথাটো হৈছেে আজি ৮ মাহে অসমৰ উক্ত ৰাজহ ভূমিত অসমৰ প্ৰশাসনে
নিৰাপত্তাসহ উক্ত গৃহ নিৰ্মাণ কৰিব নোৱাৰাটো অসমীয়া জাতি তথা শিৱসাগৰ
জিলা বাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক৷ শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে
অসমৰ এই ৰাজহ ভুমিৰ ক্ষেত্ৰত যথোচিত কোনো পদক্ষেপ গ্ৰহণ নকৰাত নগা
বহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চলোৱা
প্ৰচেষ্টাৰ অংশৰূপে এইবাৰৰ এনে তাণ্ডৱ আৰু সন্ত্ৰাস চলায়।নগাৰ এনে
প্ৰচেষ্টাৰ বিপৰীতে স্হানীয় থলুৱা শিক্ষিত নিৱনুৱা যুৱক প্ৰশান্ত গগৈয়ে
উক্ত ভূমি অসমৰ তথা নিজৰ দখলত ৰখাৰ বাবে কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ
চাহ বাগিচা স্হাপনৰ পদক্ষেপ গ্ৰহণ কৰি চাহ পুলি ৰূপন কৰে। প্ৰায় দুবিঘা
ভূমিত গগৈয়ে যোৱা কেইবাদিন ধৰি প্ৰায় দুহেজাৰ চাহ পুলি ৰূপন কৰে। অসমৰ
ভূমি ৰক্ষাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ এনে প্ৰচেষ্টাত জাঙুৰ খাই উঠে
নাগালেণ্ডৰ চৰকাৰ, প্ৰশাসন আৰু য়ংলক বস্তিৰ নগা ভিলেজ কাউঞ্চিল। যাৰ বাবে
নগাই প্ৰথমে আজি কেইদিনমান পূৰ্বে অসমৰ উক্ত ৰাজহ ভূমিত বাঁহেৰে এখন গেট
লগাই দি উক্ত ভূমি পুনৰ নাগালেণ্ডৰ বুলি দাবী সাব্যস্ত কৰাৰ চেষ্টা চলায়৷
সীমান্ত অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা শিঙিবিলস্হিত প্ৰথম আৰক্ষী
বেটেলিয়েন কেম্পৰ সমীপৰ এই অঞ্চলটোত ২১ মে’ত তহল দিবলৈ যোৱা অসম আৰক্ষী
বেটেলিয়েনৰ দলক নগাই উক্ত ভূমি নাগালেণ্ডৰহে বুলি দাবী কৰি অসম আৰক্ষীৰ
দলটোক ইয়াত তহল নিদিবৰ বাবে কৈ খেদি পঠায়৷ অসম আৰক্ষীৰ দলটো পুৱা প্ৰায়
১০ বজাত উক্ত স্হানৰ পৰা নগাৰ ভয়ত পলায়ন কৰাৰ পাছতে নগা আৰক্ষীৰ
নিৰাপত্তাৰে পৰিবেষ্টিত হৈ নগাৰ এটা দলে প্ৰশান্ত গগৈৰ চাহ বাগিচাত
প্ৰৱেশ কৰি নতুনকৈ ৰূপন কৰা প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰে। এই
খবৰ লাভ কৰি গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতূত্বত
এটা আৰক্ষীৰ দল ঘটনাস্হলীলৈ ৰাওনা হয়। কিন্তু অসম আৰক্ষীৰ দল ঘটনাস্হলী
পোৱাৰ পূৰ্বেই নগা আৰক্ষী আৰু চাহ বাগিচা ধ্বংস কৰা নগা দুৰ্বৃত্তৰ
দলটোৱে পলায়ন কৰে। আৰক্ষীৰ দলটোৱে চাহ বাগিচা ধ্বংস কৰা আৰু সীমান্তৰ
অসমৰ ভূমিত সন্ত্ৰাস চলোৱা এজনো নগা দূৰ্বূত্বক কৰায়ত্ত কৰিব নোৱাৰি
আঁতৰি আহে। অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্য ক এৰি দিয়া নহব বুলি
দম্ভালি মৰা, জাতি-মাটি -ভেটীৰ শ্ল’গান আওৰোৱা অসম চৰকাৰ তথা শিৱসাগৰ
জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ এই
বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত৷
পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৭ জনৰ মৃত্যু
কৰাচী
পাকিস্তানত ভয়াৱহ বিমান দুৰ্ঘটনা ৷ প্ৰাণ গ’ল ৯৭ জনৰ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুজন ৷ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনছৰ A320 এয়াৰবাছ বিমানখন কৰাচীৰ জিন্নাহ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ এটা আবাসিক এলেকাত দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত মুঠ ৯৯ গৰাকী যাত্ৰী আছিল ৷ ইয়াৰে ৩১ গৰাকী মহিলা, শিশুৰ সংখ্যা ৯ আৰু ৮ গৰাকী আছিল বিমাখনৰ ক্ৰিউ ৷ শুকুৰবাৰে নিশা সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাতো ৷ আবাসিক এলেকাত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুলোক আহত হোৱাৰ লগতে কেবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ৷ সিন্ধ স্বাস্থ্য মন্ত্ৰী আজৰা পেছুহুয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, লাহোৰৰ পৰা কৰাচী অভিমুখী বিমানখন অৱতৰণৰ কেইমিনিটমান আগেয়ে দুৰ্ঘটনাত পতিত হৈ জিন্নাহ হাউছিং ছ’চাইটিত পৰে ৷ ছাকিল আহমেদ নামৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখনে প্ৰথমে এটা ম’বাইল টাৱাৰত খুন্দা মাৰে আৰু আবাসিক এলেকাটোত সৰি পৰে ৷ মন কৰিবলগীয়া যে, এই আবাসিক এলেকাটোৰ অধিকাংশ বাসিন্দা ১৯৪৭ ৰ বিভাজনৰ সময়ত ভাৰতৰ পৰা যোৱা ৷ মহামাৰী কৰোনা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বৰ লগতে পাকিস্তানতো বৰ্তমান জৰুৰীকালীন অৱস্থা ৷ তাৰ মাজতে এই দুৰ্ঘটনাত আবাসিক এলেকাটোৰ ২৫-৩০ টা বাসগৃহ ধ্বংস হোৱাৰ লগতে ১২ জন অতি গুৰুতৰভাৱে আহত হৈছে ৷ এই তথ্য সিন্ধ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ ইপিনে এই ভয়ংকৰ দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুজনৰ ৷ ইয়াৰে এজন পাকিস্তানৰ বেংক অৱ পঞ্জাবৰ অধ্যক্ষ জাফৰ মাছুদ আৰু আনজন অভিযন্তা মহম্মদ জুবেইৰ ৷ আহত দুয়োজনেই বৰ্তমান সংকটমুক্ত বুলি সিন্ধ স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিবেদনত প্ৰকাশ ৷ আনহাতে এই দুৰ্ঘটনাৰ কাৰণ এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও অৱতৰণৰ সময়ত এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সন্দেহ কৰা হৈছে ৷ ঘটনাৰ তদন্তৰ বাবে চাৰিজনীয়া সদস্যৰ তদন্ত সমিতি ইতিমধ্যে গঠন কৰিছে ৷ এই ঘটনাৰ সমগ্ৰ দৃশ্য এটা চিচিটিভি কেমেৰাত বন্দী হৈছে ৷ দুৰ্ঘটনাৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আন এক তথ্য মতে, শুকুৰবাৰে নিশা ২.৪৫ বজাত সংঘটিত হয় ভয়াৱহ বিমান দুৰ্ঘটনাতো ৷ পাকিস্তানৰ সময় অনুসৰি নিশা ১.০৫ বজাত লাহোৰৰ পৰা উৰা মাৰিছিল বিমানখন ৷ ২.৩৪ বজাত ভূপৃষ্ঠৰ পৰা ২৭৫ ফুট উচ্চতাৰ পৰা বিমানখনে অৱতৰণৰ প্ৰয়াস কৰে ৷ ইয়াৰ পাছত বিমানখনে পুনৰ ৩,১৭৫ ফুট উচ্চতালৈ উৰা মাৰে ৷ ২.৪০ বজাত ৫২৫ ফুট উচ্চতাত থাকোতে বিমানখনৰে সংযোগ বিচ্ছিন্ন হয় বুলি পাক্ ফ্লাইট ৰাডাৰৰ তথ্যত প্ৰকাশ ৷ তদুপৰি দেশখনৰ এভিয়েশ্যন মণিটৰিং ৱেবছাইট liveatc.netৰ ৰেকৰ্ডিঙত বিমানখনৰ পাইলটে দুৰ্ঘটনাৰ প্ৰাকমুহূৰ্তত ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰি দুয়োটা ইঞ্জিন বিকল হোৱাৰ তথ্য দিয়াতো ধৰা পৰে ৷ এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ আত্মাৰ সদগতি কামনা কৰি দুখ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ পৱিত্ৰ ৰমজান মাহৰ ঈদৰ সময়ত এই ঘটনাত প্ৰতিবেশী ৰাষ্ট্ৰখন শোকস্তব্ধ হৈ পৰিছে ৷ উল্লেখ্য, চাৰি বছৰ আগেয়ে পাকিস্তানত ২০১৬ চনৰ ৭ ডিচেম্বৰত PIA ATR-42 এয়াৰক্ৰাফ্টখন চিট্ৰালৰ পৰা ইছলামাবাদ অভিমুখে যাত্ৰা কৰোতে আদবাটতে দুৰ্ঘটনাত পতিত হৈ বিমানখনৰ ৪৮ জন যাত্ৰী আৰু ক্ৰিউ সদস্যসকলৰ মৃত্যু হৈছিল ৷
অসম দৰ্শনৰ জৰিয়তে ধৰ্মীয় পৰ্য্যটন উন্নয়নৰ অভিলাষী আঁচনি । ন-ৰূপেৰে জিলিকিব কলিয়াবৰ, সাজু হৈ উঠিছে কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰী নৃসিংহ দেৱালয় ।
কলিয়াবৰ
ঐতিহ্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত নিৰ্মিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে লভ কৰিছে ন-ৰূপ। ৰাজ্যৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক স্থলসমূহৰ সৌন্দৰ্য্যবৰ্দ্ধনৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ঐতিহাসিক মঠ-মন্দিৰ দৌল-দেৱালয়ৰে পৰিবেষ্টিত কলিয়াবৰ অসমৰ সত্ৰ-সংস্কৃতিৰ অন্যতম প্ৰাণ কেন্দ্ৰ। অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অসম দৰ্শন’ৰ জৰিয়তে অসমৰ পৰ্য্যটনক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াসত কলিয়াবৰেও অৱদান আগবঢ়াবলৈ সাজু হৈছে।অসমৰ বুকুত থকা সত্ৰ, দ’ল-দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহে যুগ যুগ ধৰি মানৱীয় ধ্যান-ধাৰণাৰে সমাজখনক উজ্জীৱিত কৰি আহিছে। এই পৱিত্ৰ ধৰ্মীয় অনুষ্ঠানসমূহে আধ্যাত্মিক চেতনা শক্তিৰে মানুহৰ মাজত ভক্তি ভাৱ জগাই তুলিবলৈ সক্ষম হৈছে।অসমৰ বুকুৰ ঐতিহাসিক ধৰ্মীয় সমলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অসমৰ পৰ্য্যটন ক্ষেত্ৰখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি প্ৰস্তুত কৰিছে। ‘অসম দৰ্শন’ নামৰ আঁচনিখন কাৰ্য্যত ৰূপায়ণত সফল হ’লে অসমত ধৰ্মীয় পৰ্য্যটনক এক অনন্য মাত্ৰা প্ৰদান কৰিব।অসমখনক বিশ্বৰ বুকুত আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এক অভিলাষী আঁচনি অসম দৰ্শন।অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনৰ হিন্দু, ইছলাম, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ ৯১৫ খন তীৰ্থস্থান, দেৱালয়, উপাসনাস্থলী আৰু পৰ্যটনক্ষেত্ৰ সামৰি লোৱা হৈছে।‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৰাজ্যৰ ১০০ বছৰ পুৰণি আধ্যাত্মিক অনুষ্ঠান বোৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আঁচনি অনুসৰি তালিকাভুক্ত প্ৰতিখন ধৰ্মীয় ক্ষেত্ৰলৈ ১০ লাখ টকাৰ অনুদান অসম চৰকাৰে প্ৰদান কৰিছে।আঁচনি খনৰ অধীনত ১৬০ খন বিভিন্ন ধৰ্মাৱলম্বীৰ তীৰ্থক্ষেত্ৰলৈ ২ লাখ টকাৰ ওপৰঞ্চি বাৰ্ষিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে তালিকাভুক্ত তীৰ্থস্থানলৈ প্ৰাৰম্ভিক কিস্তিত ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।সেইদৰে ধৰ্মানুষ্ঠান সমূহৰ লগত সংলগ্ন বাট-পথৰ উন্নয়নৰ বাবে সৰ্বমুঠ ৬১৪.৪৫ কোটি টকা আবণ্টন দিয়া হৈছে। ধৰ্মীয় ক্ষেত্ৰ সমূহৰ যাতায়ত ব্যৱস্থা উন্নীত কৰাৰ বাবে গড়কপ্তানি বিভাগে ৫৮২.৫০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।অসম দৰ্শন আঁচনিত ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক মঠ-মন্দিৰ, দৌল-দেৱাল, সত্ৰসমূহ অন্তৰভূক্ত হোৱাৰ ফলত কলিয়াবৰো অসমৰ ধৰ্মীয় পৰ্য্যটনৰ তালিকাত অন্তৰ্ভূত হৈছে।

কলিয়াবৰত শালস্তম্ভ ৰজাৰ দিনত নিৰ্মিত ভালেমান মঠ-মন্দিৰ আহোমৰ দিনত পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান আহোম আৰু কোচসকলৰ ৰাজত্বকালৰ মঠ-মন্দিৰহে জিলিকি আছে। এই মঠ-মন্দিৰ-দেৱালয়সমূহ শিৱ, দেৱী আৰু বিষ্ণুৰ। শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্ব নৱ-বৈষ্ণৱ আন্দোলনৰ ফলত কলিয়াবৰত ছ-অৰা এখন সত্ৰ স্থাপিত হোৱাৰ লগতে নাসঘৰ স্থাপনৰ জৰিয়তে সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰৰূপে পৰিগণিত হ’ল। কলিয়াবৰত দেৱীৰ মঠ-মন্দিৰ-দেৱালয় প্ৰধানতঃ বিষ্ণু আৰু শিৱৰ দেৱালয়-মন্দিৰেই প্ৰধান।অসম দৰ্শন আঁচনিত অন্তৰ্ভূক্ত হৈছে কলিয়াবৰৰ ঐতিহাসিক ধৰ্মীয় স্থলসমূহৰ ভিতৰত আহোম ৰাজত্ব কালত কলিয়াবৰত নিৰ্মাণ হোৱা অন্যতম বিষ্ণু দেৱালয় জখলাবন্ধা স্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়। কলিয়াবৰৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত বনমালীদেৱৰ তত্বাৱধানত ১৬৮৬ শকত এই দেৱালয় প্ৰতিষ্ঠা কৰা হয়। এই সত্ৰত নৃসিংহ আৰু বাসুদেৱ দুয়োভাগ মুৰ্তি প্ৰতিষ্ঠা কৰা আছে। বাসুদেৱৰ পৰাই এই সত্ৰক দেৱৰ সত্ৰ বুলিও জনা যায় কলিয়াবৰত।ইতিমধ্যে অসম দৰ্শন আঁচনিত স্থান লাভ কৰা শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সৌন্দৰ্য্যবৰ্দ্ধনৰ সম্পূৰ্ণ হৈছে। নিৰ্মাণ সম্পূৰ্ণ হৈছে সুদৃশ্য তোৰণ, ৩৭ নং ৰাষ্ট্ৰীয় পথ সংলগ্ন গড়কাপ্তানী পথ, জিৰণী গৃহ। ন-ৰূপেৰ জিলিকি উঠিছে শ্ৰীশ্ৰীনৃসিংহ দেৱালয়। কলিয়াবৰৰ অন্যতম উপাসনাস্থলী শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ বৰ্তমানৰ এইৰূপে ভক্তবৃন্দ তথা পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ এতিয়া সাজু হৈ উঠিছে। কলিয়াবৰৰ প্ৰতিজনৰ আশা, কৰ’না সঙ্কটৰ এই জটিল সময় দুৰ হ’লেই পুণৰ সমগম হ’ব ভক্ত আৰু পৰ্য্যটকৰ। অসম পৰ্য্যটনৰ উন্নয়নত কলিয়াবৰ এক আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ কলিয়াবৰ মহকুমা প্ৰশাসনে পূৰ্বৰে পৰা চলোৱা প্ৰস্তুতিক এই আঁচনিয়ে গতিশীলতা প্ৰদান কৰিব।

মানসিক ৰোগী পুনৰ সংস্হাপন কেন্দ্ৰৰ স্হায়ী গৃহ নিৰ্মাণৰ বাবে মানৱ দৰদী মহিলাৰ দুই লাখ টকাৰ অনুদান
নাজিৰা
শিৱসাগৰ জিলা তথা উজনি অসমৰ মহিলা মানসিক ৰোগীসকলৰ আশা-ভৰসাৰস্হল নাজিৰা মহিলা মানসিক ৰোগী পুনৰ সংস্হাপন কেন্দ্ৰ “জ্যোতি”গৃহ।নাজিৰা মহকুমাৰ বৰতলাস্হিত হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত উদ্যমী আৰু মানৱদৰদী যুৱক নাছেৰ খানৰ বিশেষ প্ৰচেষ্টাত আৰু স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ সদস্যসকলৰ সহযোগত গঢ় লৈ উঠা এই মহিলা মানসিক ৰোগী পুনৰ সংস্হাপন কেন্দ্ৰৰ পৰা ইতিমধ্যে উজনি অসমৰ প্ৰায় ৪ শতাধিক মহিলা মানসিক ৰোগী সুস্হ হৈ উঠিছে। বৰ্তমানে এই কেন্দ্ৰটোত এসময়ৰ দুৰ্ধৰ্ষ আলফা নেত্ৰী বেবী মৰাণকে আদি কৰি প্ৰায় ২০গৰাকী মহিলা মানসিক ৰোগীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে।কিন্ত ভাড়াঘৰত থকা এই মহিলা মানসিক ৰোগী পুনৰ সস্হাপন কেন্দ্ৰটোৰ বাবে এই পৰ্যন্ত এটা স্হায়ী গৃহ সম্ভৱ হৈ উঠা নাই বা চৰকাৰেও এই ক্ষেত্ৰত কোনো প্ৰদক্ষেপ গ্ৰহন কৰা নাই।শেহতীয়াভাৱে হিউমেন ৱেলফেয়াৰ ছ’চইটিৰ প্ৰতিষ্ঠাপক সঞ্চালক নাচেৰখানৰ বিশেষ উদ্যোগত নাজিৰা মহকুমাত মানসিক ৰোগী পুনৰ সংস্হাপনৰ এটা স্হায়ী গৃহ নিৰ্মাণৰ প্ৰদক্ষেপ গ্ৰহন কৰা হৈছে।ইয়াৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ এক অংশৰূপে অলপতে স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক সঞ্চালেক নাচেৰ খানৰ মাতৃ আলহাজা আঞ্জুমান ৰহমানে স্হায়ী গৃহটি নিৰ্মাণৰ বাবে প্ৰথম পদক্ষেপ হিচাপে দুই লাখ টকাৰ অনুদানৰ এখন চেক অলপতে কেন্দ্ৰটোত অনুষ্ঠিত এক অনুষ্ঠানত হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ সঞ্চালক তথা ৰহমানৰ জ্যেষ্ঠ পুত্ৰ নাচেৰ খানৰ হাতত প্ৰদান কৰে।আঞ্জুম ৰহমানে আগন্তুক সময়তো কেন্দ্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মানৱ দৰদী মহিলাগৰাকীৰ এই অনুদান আৰু সংস্থাটোৰ প্ৰতি থকা সহনাভূতিৰ বাবে সংস্থাটোৰ পৰিচালনা সমিতিয়ে সন্তুষ্টি প্ৰকাশ কৰে।
নাজিৰাত দ্বিতীয় গৰাকী যুৱতীৰ ক’ভিড-১৯ পজিটিভ : আক্ৰান্তৰ গৃহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
নাজিৰা
সমগ্ৰ দেশতে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাৰ দৰে নাজিৰাতো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পোৱাত জনসাধাৰণৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বহিঃৰাজ্যৰ পৰা অহা নাজিৰা মহকুমাৰ গেলেকী ন আলিৰ আব্দুল হাচিমৰ পুত্ৰ আব্দুল চামিম যোৱা ১৮ মে’ত ক’ৰোনাত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলগীয়া হোৱাৰ পাছতেই পুনৰ যোৰহাটত কোৱাৰেণ্টাইনত পুনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে নাজিৰা নগৰৰ কাষৰ ওপৰ নাজিৰা সন্দিকৈ গাঁৱৰ নিবাসী পুলিন দত্তৰ ২২ বছৰীয়া কন্যা নৱ মল্লিকা দত্ত নামৰ যুৱতীগৰাকী। কলকাতাৰ এটা কোম্পানীত চাকৰি কৰা যুৱতীগৰাকী বহিঃৰাজ্যৰ পৰা আহি যোৰহাটত কোৱাৰেণ্টাইনতেই আছিল আৰু তেওঁ ক’ভিড-১৯ত আক্ৰান্ত বুলি ইতিমধ্যে সদৰী কৰিছে কৰ্তৃপক্ষই৷ এওঁকে লৈ বহিঃৰাজ্যৰ পৰা অহা নাজিৰাৰ ক’ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। এই খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ নাজিৰাত বৃদ্ধি পাব ধৰিছে শংকা আৰু উদ্বেগৰ লগতে মৃদু আতংকময় পৰিৱেশ। কাষৰীয়া জনসাধাৰণৰ মাজত এই খবৰ বিয়পি পৰাৰ লগে লগেই নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া যুৱতীগৰাকীৰ গৃহত উপস্থিত হৈ পিতৃ পুলিন দত্ত, মাতৃ আৰু পৰিয়ালৰ আন আনসকলৰ স্বাস্থ্যৰ খবৰ লয় আৰু পৰিয়ালটোক নিৰ্ভয়ৰ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। আনহাতে নাজিৰা মহকুমা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ি সুশীল কুমাৰ দত্তই পৰিয়ালটোৰ গৃহত উপস্থিত হৈ সকলো খবৰ লোৱাৰ উপৰি পৰিয়ালটোক ল’বলগীয়া সাৱধানতাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়৷ পৰিয়ালটোত নাজিৰা, শিৱসাগৰৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসকল উপস্থিত হৈ যুৱতীগৰাকীৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিয়ালটোৱে পাবলগীয়া স্বাস্থ্য সম্পৰ্কীয় সাৱধানতাৰ পৰামৰ্শ আগবঢ়ায়৷ উল্লেখযোগ্য যে নাজিৰা মহকুমা প্ৰশাসনে বহিঃৰাজ্যৰ পৰা অহাসকলৰ বাবে ৭ টি কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰি ৰখাৰ উপৰি ২৯৯ জনক ৰখাৰ যাৱতীয় ব্যৱস্থাৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয়, নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, গেলেকী মহাবিদ্যালয়, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী শ্ৰী গো-শালা প্ৰেক্ষাগৃহ, চকীমুখ টমটমতলাস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত চিকিৎসাৰ সকলো ব্যৱস্থাৰে সাজু কৰি ৰাখিছে বুলি মহকুমা প্ৰশাসনৰ পৰা জনাইছে৷