নলবাৰী : বিগত ১৫ বছৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল “হু ইজ বদৰুদ্দিন” কিন্তু এতিয়া বদৰুদ্দিন আজমল তৰুণ গগৈৰ বন্ধু হল। কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আন বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়ায়ে নহয় অসমৰ সকলো ৰাইজৰ পৰা সঁহাৰি পাব, আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত স্বয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই মন্তব্য কৰে । আনহাতে আছুৰ ৰাজনৈতিক দল গঠন হলে বিজেপি দলৰ ক্ষতি হব পাৰে নেকি বুলি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰোতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ব্যক্ত কৰে ভাৰত হৈছে এখন স্বাধীন দেশ আৰু ইয়াত সকলোৰে দল গঠনৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু এইবেলি ৰাইজ বিজেপিৰ সপক্ষে আছে । তদুপৰি এই সভা অংশ গ্ৰহণ ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আছুয়ে খিলঞ্জীয়া সকলৰ ৰক্ষাৰ স্বাৰ্থত যি কথা কৈ আছে সেই কথা অনুসৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাম বিজেপি চৰকাৰেহে কৰি আছে । জয়ন্ত মল্ল বৰুৱাই কয় যে, তথাপিও ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনাইছো । যেতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ আছুই নামিব তেতিয়া কাৰ কিমান জনপ্ৰিয়তা গম পোৱা যাব । আজিৰ এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ, বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ সহ প্ৰমুখ্যে বিজেপি দলৰ বহুত নেতৃত্ববৃন্দৰ লগতে কৰ্মী সকল উপস্থিত থাকে ।
ভাৰ্চুৱেল আদালতৰ পক্ষে মত সংসদীয় পেনেলৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰ্চুৱেল আদালতৰ পক্ষে মত দিলে সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিয়ে ৷ অনলাইন বিচাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সস্তীয়া আৰু দ্ৰুততৰ বুলি লক্ষ্য কৰিছে কমিটিয়ে ৷ ক’ৰোনা মহামাৰী নিয়ন্ত্ৰণ হ’লেও এই প্ৰক্ৰিয়া চলি যোৱাৰ পক্ষে মত দিছে কমিটিয়ে ৷ সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিৰ প্ৰধান ৰাজ্যসভাৰ সাংসদ ভূপেন্দ্ৰ যাদৱৰ মতে সময়ৰ সৈতে সলনি হ’ব, প্ৰযুক্তি এতিয়া গেম চেঞ্জাৰ হিচাপে ধৰা দিছে ৷ কমিটিয়ে ইতিমধ্যে অন্তবর্তী ৰিপৰ্ট ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ হাতত জমা দিছে ৷ উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা মানুহৰ ন্যায় বিচাৰ পোৱাত সুবিধা হ’ব ৷ অনলাইন কৰ্ট নাগৰিকৰ বন্ধু আৰু দুৰ্বল সাক্ষীৰ সাক্ষ্য প্ৰদানৰ সুৰক্ষা নিশ্চিত কৰিব ৷ লগতে কোৱা হৈছে, আগন্তুক দিনত প্ৰযুক্তি গেম চেঞ্জাৰ হ’ব ৷ আইনী দক্ষতা আৰু জ্ঞানৰ সৈতে পৰবর্তী সময় আইনজীৱীসকলৰ প্ৰযুক্তিও সুদক্ষ হ’ব ৷ সময়ৰ দাবী মানি অনলাইন আদালতৰ প্ৰয়োজন ৷ অনলাইন আদালতৰ পৰিকাঠামোগত সীমাবদ্ধতা লৈ প্ৰশ্ন কৰিছিল বাৰ কাউন্সিলে ৷ কাউন্সিলৰ দাবী, ৫০ শতাংশ আইনজীৱীৰ লেপটপ নাই ৷ প্ৰযুক্তিত পাৰদৰ্শী নহ’লে এই ব্যৱস্থাত সফল হোৱা অসম্ভৱ ৷
২০২২ চনৰ ভিতৰত দেশত নতুন শিক্ষা নীতি : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : এক নতুন যুগৰ বীজ ৰোপন কৰিব নতুন শিক্ষা নীতিয়ে। একবিংশ শতাব্দীত ভাৰতক নতুন দিশ দেখুৱাব ৷ কেন্দ্ৰৰ প্ৰস্তাৱিত নতুন শিক্ষা নীতিক লৈ এনেদৰে মত প্ৰকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে মোডীয়ে এনইপি ২০২০, স্কুল এডুকেছন কনক্লেভত যোগদান কৰে ৷ তাতেই নতুন কেন্দ্ৰীয় শিক্ষা নীতি লৈ মত প্ৰকাশ কৰে প্রধানমন্ত্রীয়ে ৷ মোডীয়ে কয় মাৰ্কশ্বিট কেতিয়াও কোনো ছাত্ৰৰ শিক্ষাৰ পূৰ্ণাংগ মূল্যায়ন হ’ব নোৱাৰে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাৰ্কশ্বিট সৰ্বস্ব শিক্ষা ব্যৱস্থাৰ সলনি ঘটাই সাৰ্বিক শিক্ষাত জোৰ দিয়া হৈছে ৷ কেৱল শ্ৰেণী কোঠাত আবদ্ধ থাকি শিক্ষা নহয় ৷ শিক্ষাক শ্ৰেণী কোঠাৰ দেৱালৰ বাহিৰলৈ আনিবলৈ তেওঁ আহ্বান জনায় ৷ কেৱল পুথিগত বিদ্যা নহয়, শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ কথা কয় প্রধানমন্ত্রীয়ে৷ মোডীয়ে কয়, নতুন শিক্ষা নীতিত পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰতিটো শিশুক মাতৃভাষাত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ লগতে মোডীয়ে জনাই যে ২০২২ চনৰ ভিতৰত দেশৰ সকলোতে নতুন এই শিক্ষা নীতি প্ৰৱৰ্তন কৰা হ’ব ৷ এই নতুন শিক্ষা নীতিৰ সাৰ্থক ৰূপায়নত সকলোৱে একেলগে কাম কৰিব লাগিব ৷
অভিলেখ : ভাৰতত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ ৯৬,৫৫১
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শুকুৰবাৰে অভিলেখ সংখ্যক ৯৬,৫৫১ জন লোক নতুনকৈ ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ ১২০৯ জন লোকৰ মৃত্যু হয় ৷ উল্লেখ্য যে দেশত ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ সংখ্যাই ৪৫ লাখ অতিক্ৰম কৰিলে ৷ ভাৰতত মুঠ ৪৫,৬২,৪১৫ জন লোক ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ৯,৪৩,৪৮০ জন সক্ৰিয় ৷ তদুপৰি ৩৫,৪২,৬৬৪ জন লোক আৰোগ্য হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ৷ আনহাতে দেশত মৃত্যুৰ মুঠ সংখ্যা হ’ল ৭৬,২৭১ জন ৷ মন কৰিব লগা যে ভাৰতত এদিনত সৰ্বাধিক ক’ভিড-১৯ত আক্ৰান্ত হৈছে যিটো আমেৰিকাতকৈ বেছি ৷ ইপিনে ১৫ এপ্ৰিলত সৰ্বাধিক ২৪৯৪ জন লোকৰ মৃত্যু হয় ৷ দেশৰ ভিতৰত সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এইখন ৰাজ্যত ২ লাখ ৫৩ হাজাৰ ১০০ জনৰ সক্ৰিয় ৷ আনহাতে ৰাজ্যখনত ৬ লাখ ৮৬ হাজাৰ ৪৬২ জন সুস্থ হৈছে আৰু ২৭,৭৮৭ জনৰ মৃত্যু হৈছে ৷ ইয়াৰ পাচতে অন্ধ্ৰপ্ৰদেশত ৯৭,২৭১ জনৰ সক্ৰিয় ৷ ৰাজ্যখনত ৪,২৫,৬০৭ জন ৰোগী আৰোগ্য হৈছে আৰু ৪৬৩৪ জনৰ মৃত্যু হৈছে ৷ দিল্লীত ২৩,৭৭৩ জনৰ সক্ৰিয় ৷ এইখন ৰাজ্যত এক লাখ ৭২ হাজাৰ ৭৬৩ জন আৰোগ্য হৈছে ৷ ৰাজ্যখনত ৪৬৩৮ জনৰ মৃত্যু হৈছে ৷ ইপিনে ইণ্ডিয়ান কাউন্সিল অব মেডিকিল ৰিচাৰ্চে জনোৱা মতে দেশত ১০ ছেপ্টেম্বৰলৈকে ১১,৬৩,৬৪২ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ দেশত ৫,৪০,৯৭,৯৭৫ টা মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৷
শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কামৰ শুভ উদ্ধোধন
উজনি মাজুলীঃ উজনি মাজুলীৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনু্ষ্ঠানত বন্তী প্ৰজ্বলন কৰে সত্ৰখনৰ ডেকা সত্ৰীয়া কমল চন্দ্ৰ মহন্তই। সত্ৰখনৰ লগতে অঞ্চলৰ অন্যতম সাংস্কৃতিক কৰ্মী নৱজ্যোতি মহন্তই আঁত ধৰা অনুষ্ঠানটোত শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা উপস্থিত থাকি অসম দৰ্শন আঁচনিৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ ধাৰক আৰু বাহক স্বৰূপ সত্ৰ সমূহৰ উন্নয়নৰ বাবে এই আঁচনি ৰূপায়ন কৰা বুলি মন্তব্য প্ৰদান কৰে । প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে মিত্ৰদেৱ মহন্ত, জগত মহন্ত, বিপুল মহন্ত, নাৰায়ণ বৰুৱা, নোমল বৰুৱা, হিৰেন মহন্ত, বুপৰাম বৰা, প্ৰবীণ মহন্ত, দুলাল বৰা, গণেশ মহন্ত, ডিম্বেশ্বৰ বৰুৱা, অতুলচন্দ্ৰ বৰা, প্ৰদীপ শইকীয়া, কেশৱ ৰাজখোৱা, হৰেন বৰা, জিতেন মহন্ত, বিশ্ব বৰা, ভাস্কৰ মহন্ত, অংকুৰ মহন্ত, সত্ৰৰ ডেকা সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ লগতে সত্ৰ আৰু সমূহ ৰাইজ, আই মাতৃ সকল, সাংবাদিক প্ৰাঞ্জল খাউণ্ড, সনজিৎ কুমাৰ অভয়পুৰীয়া। সত্ৰখনিলৈ আগবঢ়োৱা অনুদানৰ বাবে প্ৰেক্ষাগৃহ শুভাৰম্ভনি অনুষ্ঠানত থকা সকলো ৰাইজে অসম চৰকাৰলৈ ধন্যবাদ জনায়।
মাৰ্কশ্বিট শিক্ষাৰ্থীৰ প্ৰেছাৰ শ্বিট, অভিভাৱকৰ ‘প্ৰেষ্টিজ শ্বিট’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দৈনন্দিন বাৰ্তা ডেস্ক : কোন পৰীক্ষাত কিমান নম্বৰ পালে তাক লৈ এগৰাকী শিক্ষাৰ্থীৰ মান নিৰ্ণয় কৰা সম্ভৱ? উত্তৰ লৈ যথেষ্ট মতবিৰোধ হৈছে ৷ শুকুৰবাৰে পুৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰসংগত এনেদৰে প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মাৰ্কশ্বিটে এজন পঢ়ুৱৈৰ ওপৰত অকাৰণ মানসিক চাপ তৈয়াৰ কৰে বুলি মোডীয়ে দাবী কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এটা পৰীক্ষা, মাৰ্কশ্বিট কোনো শিক্ষাৰ্থীৰ সাৰ্বিক মূল্যায়ন কৰিব পাৰে অথবা তাৰ মানসিক বিকাশ সম্পৰ্কে কিছু জানিব পাৰেনে? বৰ্তমান মাৰ্কশ্বিটে ছাত্র-ছাত্রীৰ ওপৰত অযথা চাপ তৈয়াৰ কৰিছে ৷ আনহাতে পৰিয়ালৰ ওচৰত মাৰ্কশ্বিট কেৱল মাত্ৰ ‘প্ৰেষ্টিজ শ্বিট’ ৷ যেন শিক্ষাৰ্থীৰ মাৰ্কশ্বিটৰ ওপৰতেই অভিভাৱকৰ মান সন্মান নিৰ্ভৰ কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল লক্ষ্য শিক্ষাৰ্থীক অযথা চাপৰ পৰা মুক্তি দিয়া ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, সকলো সলনি হৈ গৈছে ৷ শিক্ষানীতিও সলনিৰ প্ৰয়োজন ৷ কাৰণ ২১ শতিকা শিক্ষা, জ্ঞান আৰু অভিনবত্বৰ ৷ কেৱল গধুৰ স্কুল বেগ আৰু নম্বৰৰ বোজা নহয় এইবাৰ আচল শিক্ষা সমৃদ্ধ হ’ব আগন্তুক ভৱিষ্যৎ ৷ নতুন শিক্ষা নীতিৰ ফলত শিক্ষকসকলৰ মান উন্নয়ন হ’ব৷ তদুপৰি মাতৃভাষাত পঢ়াশুনা কৰিব পাৰিব ৷ তাৰ ফলত তেওঁলোক অতি সহজে নতুন বস্তু শিকিব পাৰিব৷ ইয়াৰ উপৰি পাঠ্যক্ৰমৰ বোজা কমিলে শিকাৰ আনন্দ বাঢ়িব ৷
নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সৈতে মন্ত্ৰী যোগেন মোহনৰ আলোচনা : চলিত মাহত সমস্যা সমাধানৰ আশ্বাস
গেলেকী : নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ লগতে ৰাজ্যৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ দীর্ঘ-দীনিয়া সমস্যা সমাধান সন্দৰ্ভত ১০ ছেপ্তেম্বৰৰ দিনা সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ নেতৃত্বই অসম চৰকাৰৰ ভালে কেইটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্রী যোগেন মোহনৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাত মন্ত্রী গৰাকীয়ে চলিত মাহৰ ভিতৰত তেওঁ লোকৰ দীৰ্ঘ-দিনীয়া সমস্যাৰ বিষয়ে চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি স্থায়ী সমাধানৰ আশ্বাস প্রদান কৰে। মন্ত্রী গৰাকীৰ আশ্বাসত সন্তুষ্ট শিক্ষক সমাজ। যাৰ বাবে অতি সোনকালে বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনৰ পূর্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে সন্থাই দাবী জনাইছে। শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই, উপদেষ্টা বুদ্ধেশ্বৰ গড়, নৃপেন গগৈ, হিতেশ্বৰ গগৈ, অতুল বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাজনো সদস্য উপস্থিত থকা বুলি সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিয়ে। বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। যদিও বৰ্তমানলৈকে সমাধান হোৱা দেখা নাই। যাৰ ফলত ৰাজ্যখনৰ শিক্ষক পৰিয়াল সমূহৰ এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে। বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণৰ সোণালী সপোন দেখুৱাইছিল। যদিও বৰ্তমানলৈকে সমাধান কৰাৰ পৰিৱর্তে কেৱল মাত্ৰ আশ্বাস প্রদান কৰি অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে তীব্র ভাষাৰে সমালোচনা কৰিছে। চৰকাৰী চাকৰি থকাৰ সু-বাদত চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়ে ঢুকি নোপোৱা শিক্ষক সমাজে কেৱল মাত্ৰ আশ্বাস খাই জীৱাই থাকিব নোৱাৰে বুলি মত পোষণ কৰিছে শিক্ষক সন্থাৰ উপদেষ্টা বুদ্ধেশ্বৰ গড়ে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধানৰ বাবে বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা যৌথ সংগ্রামী মঞ্চই বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছে। চলিত ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধানৰ বাবে ইতিমধ্যে যৌথ সংগ্রামী মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাক স্মাৰক পত্র প্রেৰণ কৰিছে। ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধান নহলে যৌথ সংগ্রামী মঞ্চই অক্টোবৰ মাহৰ পৰা ধাৰাবাহিক ভাৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে। ৰাজ্যৰ শিক্ষামন্ত্রী তথা শিক্ষা বিভাগৰ মুৰব্বী বিষয়াই দীর্ঘ-দীনিয়া সমস্যাটো কেতিয়া আৰু কেনে ধৰণে সমাধান কৰিব এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পৰা নাই। তাৰ বিপৰীতে বেতন বঞ্চিত কেইগৰাকীমান শিক্ষকে ভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত সতীর্থ শিক্ষক সকলৰ মাজত বিভ্ৰান্তি আৰু অপ-প্ৰচাৰ চলাই অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই একেমুখে ধিক্কাৰ জনাইছে। বহু আশাৰে দীৰ্ঘদিন ধৰি বাট চাই থকা সতীর্থ শিক্ষক সকলক বিভ্রান্ত নকৰি চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত উপযুক্ত তথ্য আছে যদি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ প্ৰকাশ কৰিবৰ বাবে সন্থাই আহ্বান জনাইছে। ৰাজ্যখনৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধি আছে। যদিও অতি কম সংখ্যক শিক্ষকৰহে সমস্যা সমাধান হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই সন্দৰ্ভত বিত্তমন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই কেইবাবাৰো উল্লেখ কৰিছে। চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এক বিশেষ আলোচনা কৰিবৰ বাবে অহা ইংৰাজী ১০ তাৰিখে পুৱা ১০ বজাত শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হ’ব। উক্ত সভাত বেতন বঞ্চিত শিক্ষকসকলক উপস্থিত থাকিবৰ বাবে সন্থাই আহ্বান জনাইছে।
বিবাহ অনুষ্ঠানৰ কথা কৈ ভুৱা পৰিচয়ৰে টেন্ট হাউচৰ পৰা দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী
ডবকা : লকডাউনৰ বাবে জুৰুলা হৈ পৰিছে ব্যাৱসায়ীসকল। বাদ পৰা নাই প্ৰৱঞ্চক সকলো। সকলোকে চুই গৈছে মহামাৰী কৰোনাই। লকডাউননে জুৰুলা কৰা প্ৰৱঞ্চকে লুটি পুটি খোৱা নতুন কৌশল আৰম্ভ কৰিছে। এইবাৰ দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে টেন্ট হাউচক। ভুৱা পৰিচয়েৰে শুভ বিবাহৰ অনুষ্ঠান আছে বুলি কৈ ডবকা আইনুল টেন্ট হাউচৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী লুটি লৈ যোৱা ঘটনাই ব্যাৱসায়ীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা মধাৰতলিৰ হুছেইন আহমেদ বুলি পৰিচয় দি ইনভেটাৰ চেট, লাইট, চকী, টেবুল আদি ভাড়া হিচাপে লৈ গৈ অন্তৰ্ধান হৈ পৰিছে প্ৰৱঞ্চকজন। বিগত ১০ দিনৰ পৰা টেন্ট হাউচৰ স্বত্তাধিকাৰী আইনুলে প্ৰৱঞ্চক জনক বিচাৰি হাহাকাৰ কৰিছে। প্ৰৱঞ্চক জনে 9383208759 নম্বৰৰ মোবাইল নম্বৰ দি যায় যদিও মোবাইল ৰিছিভ কৰিও কথা নাপাতে প্ৰবঞ্চকজনে। আইনুলে ডবকা আৰক্ষী থানাত ঘটনা সংক্ৰান্তত গোচৰ তৰিছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে। লকডাউনৰ সময়ত জুৰুলা হৈ পৰা টেন্ট হাউচৰ মালিক সকলে নাজল নাথল অৱস্হা হৈ পৰিছে যদিও এইদৰে প্ৰবঞ্চনাৰ বলি হৈ হাহাকাৰ কৰিছে আইনুলে। শীঘ্ৰে আৰক্ষীয়ে মোবাইল নম্বৰৰ জৰিয়তে প্ৰৱঞ্চক জনক চিনাক্ত কৰিবলৈ দাবী তুলিছে ডবকাৰ ব্যৱসায়ী সকলে।
ডবকা NRL পেট্ৰল পাম্পত গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ
ডবকা : ডবকাৰ ষ্টেটফেডত থকা NRL পেট্ৰল পাম্পত তেল কম দিয়াক লৈ ট্ৰাক চালক আৰু কৰ্মচাৰীৰ মাজত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NRL পেট্ৰল পাম্পত চাৰিখনকৈ ট্ৰাকত তেল ভৰাবলৈ আহিছিল চালক কেইজন। চালক কেইজনে ৪০,০০০ হেজাৰ টকাৰ তেল ক্ৰয় কৰে যদিও খেলিমেলি থকাৰ প্ৰতক্ষ্য কৰে। কিন্তু পেট্ৰল পাম্পত থকা কৰ্মচাৰীয়ে ট্ৰাক কেইখনত তেল দিয়া বুলি মিটাৰত দেখা গৈছে যদিও প্ৰকৃততে তেল পোৱা নাই ট্ৰাক চালক কেইজনে। এজন ট্ৰাক চালকে কৰ্মচাৰীৰ পৰা পাইপডাল টানি নিয়াত মিটাৰত তেল গৈ থকা দেখুৱাইছে যদিও পাইপেৰে অহা নাই তেল। এই ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পত নিশা চালক আৰু কৰ্মচাৰীৰ মাজত সৃষ্ট হৈ তীব্ৰ উত্তেজনাৰ। অৱশেষত ডবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালক কেইজনক সম্পূৰ্ণ তেল দিয়াৰ ব্যৱস্থা কৰি দিয়ে। পূৰ্বেও এনেবোৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আছে পেট্ৰল পাম্পটোৰ বিৰুদ্ধে।
মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
উজনি মাজুলী : মাজুলী চিকিৎসালয় সমূহত বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে মাজুলী ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গড়মূৰস্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়খনক সম্পূৰ্ণ জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে শিশু চিকিৎসা বিশেষজ্ঞ, প্ৰসূতি চিকিৎসা বিশেষজ্ঞকে ধৰি সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিবৰ বাবে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ৰ সন্মুখত মাজুলী যুৱ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত মাজুলীৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগু উপস্থিত থাকি কয় যে, আমি সাধৰণ এগৰাকী বিধায়ক হৈ থাকোতেই বৰ্তমান সময়ত থকা মাজুলীৰ সকলো চিকিৎসালয়ৰ আন্ত:গাঠনি পৰা আৰম্ভ কৰি বৰ্তমানে যিমান চিকিৎসক আছে তাতোতকৈ বেছি চিকিৎসক নিযুক্তি দি মাজুলীৰ ৰাইজৰ বাবে সুবিধা কৰি দিছিলোঁ। কিন্তু আচৰিতজনক কথাটো হ’ল বৰ্তমানৰ বিধায়কগৰাকী অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছটো মাজুলী জিলা হোৱাৰ পাছটো কিয় সম্পূৰ্ণকৈ জিলা পৰ্যায়ৰ চিকিৎসালয় হিচাপে আৰু বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিৱ পৰা নাই সেয়াহে অতি ৰহস্যজনক কথা। যিহেতু মুখ্যমন্ত্ৰী হিচাপে তেখেতেই অসমৰ মূল ব্যক্তি গতিকে ইয়াৰ পাছতো কিয় চিকিৎসালয়খনৰ বাবে কাম কৰা নাই সেয়াহে দুৰ্ভাগ্যজনক।










