দৈনন্দিন বাৰ্তাৰ ডেস্ক :
সমগ্ৰ বিশ্বতে ক’ৰোনা সংক্ৰমণ এক কোটি অতিক্ৰম কৰিলে ৷ শনিবাৰে এই সংখ্যা অতিক্ৰম কৰে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ৫ লাখ স্পৰ্শ কৰিলে ৷ ইপিনে ইউৰোপীয় ইউনিয়নে শীঘ্ৰে ‘নিৰাপদ দেশৰ’ তালিকা প্রকাশ কৰিব ৷ সকলো দেশৰ বাসিন্দাক ইউৰোপত প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ সম্ভৱত অহা সপ্তাহৰ পৰাই এই কাৰ্য আৰম্ভ হ’ব ৷ এই তালিকাত আমেৰিকাৰ নাম যে নাথাকে সেয়া এক প্ৰকাৰ নিশ্চিত৷ ব্ৰাজিল, ভাৰত বা ৰাছিয়াৰ নামো এই তালিকাত নাথাকে বুলি জানিব পৰা গৈছে ৷ আনহাতে ভাৰতত একেদিনাই ২০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত এদিনত আক্ৰান্ত হোৱাৰ তালিকাত পূৰ্বৰ অভিলেখ ভংগ কৰে৷ ইয়াৰ মাজতে তিনি লাখ আক্ৰান্তই ক’ৰোনাক জয় কৰিছে৷ দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ১৯৯৬০ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৮৮৫৯ জন হ’ল ৷ ইয়াৰ মাজতে ৩০৯৭১৩ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে ৷ এতিয়া দেশত ২০৩০৫১ জন চিকিৎসাধীন ৷ সংক্ৰমণৰ নিৰিখত ভাৰত এতিয়াও বিশ্বৰ চতুৰ্থ স্থানত আছে ৷ আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪১০ জন লোক৷ ফলত মুঠ মৃত্যুৰ সংখ্যা ১৬০৯৫জন হ’ল ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ২৩১০৯৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ এই পৰ্যন্ত দেশত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা কৰা হয়৷ আনহাতে দেওবাৰৰ তথ্য মতে সমগ্ৰ বিশ্বত এক কোটিৰো অধিৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তদুপৰি সমগ্ৰ বিশ্বত ৫৬৫৮৬৯ জন লোক ক’ৰোনাত মৃত্যু হৈছে ৷ উল্লেখ্য যে ৩ এপ্ৰিলৰ ভিতৰত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ১০৪০৫৬৭ জন ৷ ইয়াৰ ৪৮ দিনৰ পাছত ৫১০২০২৩ হয় ৷ কিন্তু এক কোটি হ’বলৈ সময় লাগিল ৩৮ দিন৷ দেওবাৰে দিনৰ ৩.৩০ বজাত সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১০০০১৫২৭ হয়গৈ ৷
সমগ্ৰ বিশ্বতে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১ কোটি অতিক্ৰম : ভাৰতত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা ।
প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ ‘মন কি বাত’ অনুষ্ঠান : ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে চকুত চকু থৈ কথা ক’বও পাৰে ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে চকুত চকু থৈ কথা ক’বও পাৰে৷ চীনৰ লগত ভাৰত যে প্ৰয়োজনত কঠোৰ মনোভাৱ ল’বলৈ দ্বিগ্বা নকৰে, মাহৰ শেষৰ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত দেশবাসীক সেই বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে৷ দেওবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত ‘মন কি বাত’ অনুষ্ঠানত দেশবাসীক বাৰ্তা দিয়াৰ লগতে নাম প্ৰকাশ নকৰাকৈ লক্ষ্য কৰি লয় চীনক৷ ক’ৰোনা, আমফাম, পতংগৰ উপদ্ৰৱৰ লগতে লাডাখ প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, লাডাখত ভাৰতীয় ভূখণ্ডৰ দিশে যি নজৰ দিব, তেওঁক সমুচিত উত্তৰ দিয়া হ’ব ৷ নাম উচ্চাৰণ নকৰি চীনা পণ্য বৰ্জনৰ প্ৰসংগত ছচিয়েল মিডিয়া যোগে পোৱা অসমৰ এজন নাগৰিকৰ মন্তব্যৰ বিষয়ে মোডীয়ে কয়, পূৱ লাডাখৰ ঘটনাৰ পাছত তেওঁ কেৱল মাত্ৰ দেশীয় পণ্য কিনাৰ সিদ্ধান্ত লৈছে৷ গালৱান উপত্যকাত চীনা আক্ৰমণকাৰীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰতিৰোধ প্ৰসংগত মোডীয়ে কয়, আমাৰ বীৰ সেনাই দেখুৱাই দিছে তেওঁলোকে কোনো অৱস্থাতে ভাৰতমাতাৰ গৌৰৱত আঁচোৰ পৰিবলৈ নিদিয়ে ৷ শ্বহীদ জোৱানৰ আত্মবলিদানক স্মৰণ কৰি প্ৰত্যেক ভাৰতীয়ক দেশৰক্ষাৰ শপত ল’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰসংগত তেওঁ বক্তব্যত চীনা আক্ৰমণত শ্বহীদ সেনাৰ পৰিয়ালৰ কথাও কয়৷ তেওঁ কয়, আপোনালোকে দেখিছে শ্বহীদ সেনাৰ পিতৃ-মাতৃয়ে কৈছে, তেওঁলোকৰ আন সন্তানেও সেনাবাহিনীত যোগ দিব ৷ বিহাৰৰ শ্বহীদ জোৱান কুন্দন কুমাৰৰ পিতৃয়ে কৈছে, তেওঁ তেওঁৰ নাতিক দেশৰক্ষাৰ কামত পঠিয়াব ৷
দৰঙত এগৰাকী মহিলাক দীৰ্ঘদিন ধৰি ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷
দৰং : দৰঙত এগৰাকী মহিলাক ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২নং মাজৰচুবা গাঁওৰ ইমৰাণ হুছেইন নামৰ যুৱকজনে ওচৰৰে এগৰাকী মহিলাক দীৰ্ঘদিনৰ পৰা অশ্লীল ফটো ভাইৰেল কৰাৰ ব্লেকমেইলিং কৰাত মহিলা গৰাকীয়ে অশ্লীল ফটো ভাইৰেল নকৰিবলৈ যুৱক জনক দিবলৈ বাধ্য হৈছিল সোনৰ চেইন ৷ সিমানতো যুৱকজনে ক্ষান্ত নাথাকি সময়ে সময়ে মহিলা গৰাকীৰ স্বামীক ফোন যোগে দিছিল মৃত্যুৰ ভাবুকি ৷ উপায়হীন মহিলা গৰাকীয়ে অৱশেষত ছিপাঝাৰ আৰক্ষী থানাত ইমৰাণ হুছেইন নামৰ যুৱকজনৰ বিৰুদ্ধে বুধবাৰে দাখিল কৰিলে এজাহাৰ ৷ মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ থানাৰ আৰক্ষী বিষয়া চন্দ্ৰ কান্ত কলিতাই যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ সমান্তৰালভাৱে গাঁওৰ গাঁওবুঢ়াৰ উপস্থিতিত গাঁওত দুয়ো পক্ষৰ মাজত আলোচনাত মিলিত হৈ যুৱকজনক ভুল স্বীকাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰিও গোচৰীয়া পক্ষক গোচৰ উঠাই লৱলৈয়ো পৰামৰ্শ দিয়ে ৷ তেনে সময়তে যুৱকজনে উক্ত সীদ্ধান্তৰ খৱৰ পাই আত্মহননৰ চেষ্টা চলাই ৷ বৰ্তমান যুৱকজন চিকিৎসাধীন ৷ যুৱকজনৰ আত্মহননৰ অপচেষ্টাৰ পিছতে শুক্ৰবাৰে যুৱকজনৰ মাতৃয়ে অভিযুক্ত যুৱকজনক ফোন কৰি মানসিক নিৰ্যাতন কৰাৰ অভিযোগ তুলি ছিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকক দাখিল কৰিলে এজাহাৰ ৷ মাতৃৰ এজাহাৰৰ ভিত্তিত দৰঙৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা যুৱকজনৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ যুৱকজনৰ মাতৃয়ে ছিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া কিমান সত্য ? নে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা আৰক্ষী বিষয়াজনক তদন্তত বাধা দিবলৈ এয়া এক ষড়যন্ত্ৰ ? নে মহিলা গৰাকীক ব্লেকমেইলিং কৰি হীনমান্যতাত ভুগি আত্মহননৰ অপচেষ্টা চলাইছিল যুৱকজনে ? সকলো তথ্য পোহৰলৈ আহিব উচ্চ পৰ্যায়ৰ আৰক্ষীৰ তদন্তত ৷

ভয়াবহ বান ; পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাব, খাদ্য সংকতত বানাক্ৰান্ত ।
তিনিচুকীয়া : এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে বিগত চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য। সমান্তৰাল ভাৱে তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে।মূষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে জিলা খনৰ বহু ন ন অঞ্চল। আনফালে পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাৱ আৰু খাদ্যৰ সংকটে দেখা দিছে বান পীড়িত সকলৰ মাজত। এই বিভীষিকাময় পৰিস্থিতিত যোৱা তিনিদিন ধৰি বান পীড়িতৰ কাষত থিয় হৈ মহানুভৱতাৰ নিদৰ্শন ডাঙি ধৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। যোৱা তিনিদিনে জিলা খনৰ প্ৰতিটো প্ৰান্তলৈ গৈ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে যথেষ্ট পৰিমাণে সাহায্যও আগবঢ়াই আহিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। বিগত দিনৰ দৰে আজিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সঁজাতি দলে জিলাখনৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত গুইজান হাইস্কুল, গুইজান হিন্দী হাইস্কুল আশ্ৰয় শিবিৰ, নতুন ৰঙাগড়া, গটং, ধেলাখাট আশ্ৰয় শিবিৰ, ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীবাট, গৰিয়াটিং, পুৰণি মতাপুং, বেবেজীয়া, হাতীজান আৰু বৰগাঁও পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় আৰু অত্যাৱশ্যকীয় সামগ্ৰী, মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্ৰী আদি যোগান ধৰে। ইফালে লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে। উক্ত অঞ্চলৰ সকলো লোকক ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰাৰ লগতে নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰি যাৱতীয় সকলো সাহাৰ্য্য প্ৰদান কৰিবলৈ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে চৰকাৰক দাবী জনাই। বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ব খ্যাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জীৱ-জন্তুৰ বানপানী কবলৰ পৰা ৰক্ষাৰ বাবে পৰ্যাপ্ত সংখ্যক উখ আশ্ৰয় স্থল নিৰ্মান কৰিবলৈও চৰকাৰক দাবী জনাই। উল্লেখযোগ্য যে বৰ্তমান জিলাখনৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পায়ে আছে। সেয়েহে অধিক লোক বানৰ কৱলত পৰাৰ আশংকা বৃদ্ধি পাইছে। গতিকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ধাৰ অভিযান খৰটকীয়া কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।
চাপৰি অঞ্চল আৰু নদীপৰীয়া এলেকাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ উপায়ুক্ত বিক্ৰম কৈৰীৰ।

উজনি-মাজুলী : মাজুলী জিলাৰ নামনি অংশত মঠাউৰিৰ বাহিৰ ফালে অৱস্থিত এলেকাসমূহত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতি আজি পৰ্যবেক্ষণ কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ আৰু জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত নৰেণ দাসৰ সৈতে উপায়ুক্ত কৈৰীয়ে শণিবাৰে আগবেলাই কমলাবাৰীঘাটৰ পৰা এখন ফেৰীৰে জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তত থকা চাপৰি অঞ্চলসমূহৰ লগতে নদীপৰীয়া এলেকাৰ বান-পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত শ্ৰীকৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীনাথ আৰু অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীদাসেভকত চাপৰি, ফাগুৱা চাপৰি আদি অঞ্চলৰ জলমগ্ন পৰিবেশ-পৰিস্থিতি নিৰীক্ষণ কৰি কৰতিপাৰ এলেকাৰ চাপৰি তথা মঠাউৰিৰ বহিঃ অংশৰ অৱস্থা পৰিদৰ্শন কৰে। ইয়াৰ পাছতে ফেৰীৰেই মিছামৰাৰ পৰিস্থিতিও পৰ্যবেক্ষণ কৰাৰ লগতে সাৰুৱা চাপৰিত ফেৰী ৰখাই বানত আৱদ্ধ হৈ পৰা চাপৰিবাসীৰ সৈতে মত বিনিময় কৰে উপায়ুক্ত শ্ৰীকৈৰীয়ে। জিলা প্ৰশাসনৰ তিনিওগৰাকী শীৰ্ষ বিষয়াই পুণৰ ফেৰীৰে সোৱণশিৰি জলৰাশিত প্ৰৱেশ কৰি নামনি মাজুলীৰ ধূনাগুৰি হৈ লুহিত নদীৰে উজাই চেলেক পৰ্যন্ত বান পৰিস্থিতি নিৰীক্ষণ কৰে। বিয়লি পৰ্যন্ত প্ৰায় ৪.৪৫ মিনিট জুৰি ফেৰীৰে সমগ্ৰ নামনি মাজুলীৰ মঠাউৰীৰ বাহিৰত বানৰ গ্ৰাসত পৰা নদীপৰীয়া আৰু চাপৰি এলেকাই সামৰা অঞ্চলসমূহৰ পৰিস্থিতিৰ চৰজমীন বুজ লৈ উপায়ুক্ত আৰু আন দুগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই চেলেকৰ পৰা স্থলপথেৰে জিলা সদৰলৈ ঘূৰি আহে।

দৰঙৰ শাকতোলা নৈৰ বাঢ়নী পানীয়ে ছিগিলে মথাউৰি।
ছিপাঝাৰ : পুনৰ ৰুষ্ট হৈ পৰিছে দৰঙৰ শাকতোলা নৈ। প্ৰতি বছৰৰ দৰে এইবাৰো ছিঙিলে বাঢ়নী পানীয়ে শাকতোলা নৈৰ মথাউৰি। মূষলধাৰ বৰষুণৰ ফলত নদী খনৰ পশ্চিম দিশৰ মথাউৰি ছিঙি ক্ষতিগ্ৰস্ত হয় মঙলদৈৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱ, ডাহি, জনৰামচৌকাৰ লগতে ওচৰ চুবুৰীয়া কেইবাখনো গাওঁ। ফলত বিঘ্নিত হৈ পৰে যাতায়ত যোগাযোগ ব্যৱস্থা, লগতে পানীত হাঁহ নচৰা অৱস্থা হয় দৰিদ্ৰ কৃষক সকলৰ। আকৌ আন ফালে চানি ধৰিছে মহামাৰী কৰ’ণাই সমগ্ৰ ৰাজ্য খন। সঁচাই প্ৰকৃতি দেৱীও বাৰু ৰুষ্ট হৈ পৰিছে নেকি সমগ্ৰ মানৱ জাতিৰ ওপৰত ! দুখীয়া কৃষক সকলৰ উপৰিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৎস্যজীৱি গাঁৱবাসীৰ ।গঞা ৰাইজৰ পশুধনৰো জলমগ্ন পৰিৱেশত খাদ্য যোগান ধৰাত দুখ দূৰ্গতিৰ সীমা নোহোৱা হৈ পৰিছে। উল্লেখযোগ্য যে, মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাস দেৱে জলসম্পদৰ বিষয়াক লগত লৈ মথাউৰী চৰজমিন তদন্ত কৰে, লগতে মথাউৰী আৰু পথসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।।
সপোন ভগা এজাক কিশোৰীয়ে নতুনকৈ গঢ়িলে জীৱনৰ বাট : বিদ্যালয় আধাতে এৰা ৫ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ : বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ সফলতা ।
পাকাবেতবাৰী : বৰপেটাত জিলিকি উঠিছে সপোন ভগা এজাক কিশোৰী৷ আধাতে পঢ়া-শুনা বাদ দি লোকৰ ঘৰত কাম-বন কৰিবলৈ বাধ্য হোৱা দুখীয়া পৰিয়ালৰ তেনে বহু কিশোৰীয়ে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ জৰিয়তে নতুনকৈ জীৱনটো গঢ় দিবলৈ যত্ন কৰিছে ৷ সমাজৰ দুখীয়া পৰিয়ালৰ বহু কন্যা শিশু বা কিশোৰীয়ে আৰ্থিক দূৰৱস্থাৰ বাবে আধাতে পঢ়া-শুনা সামৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আধাতে বিদ্যালয় সামৰা এই কিশোৰীসকলক সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰি ভগা সপোন নতুনকৈ জোৰা লগোৱাৰ প্ৰয়াস চলাই আহিছে শিক্ষা বিভাগে ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা এই বিদ্যালয়সমুহৰ ভিতৰত বৰপেটা জিলাৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত থকা ৫ খনকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা, মন্দিয়া আৰু পাকাবেতবাৰীৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়কেইখনৰ পৰা এইবেলি ৫২ গৰাকী ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এই ৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৭ গৰাকী ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ যিসকল কিশোৰীয়ে এদিন দাৰিদ্ৰ বা পৰিয়ালৰ সমস্যাৰ বাবে আধাতে বিদ্যালয় এৰিবলৈ বাধ্য হৈ পৰিছিল সেই কিশোৰীসকলৰ মাজৰেই ৫ গৰাকী ছাত্ৰীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আনকি প্ৰথম বিভাগত উতীৰ্ণ হবলৈ সক্ষম হৈছে ৷ আনহাতে ইয়াৰে ভিতৰত ১৫ গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু ১৮ গৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ দৰিদ্ৰ পৰিয়াল সমূহলৈ আশা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ আনহাতে এই ফলাফলৰ জৰিয়তে চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ জৰিয়তে বিদ্যালয় আধাতে এৰা ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনা আৰু সকলোৰে বাবে শিক্ষা আঁচনিখনকে সফল কৰি তুলিছে আৰু সমাজলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে, বৰপেটা জিলাত থকা ৫ খনকৈ কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা আৰু পাকাবেতবাৰী বিদ্যালয় চাৰিখনৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ হয় ৷ ইয়াৰ ফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ফলাফল অনুসৰি বৰপেটা জিলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈকো সক্ষম হৈছে ৷ ইপিনে আধাতে বিদ্যালয় সামৰি পুনৰ শিক্ষা বিভাগৰ তৎপৰতাত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত পঢ়া শুনা কৰি সাফল্যৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীসকলক শিক্ষা বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ আজি বৰপেটাৰ কস্তুৰবা গান্ধী বিদ্যালয় চৌহদত আয়োজিত এখন সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা সভাখনত শিক্ষা বিভাগৰ দায়িত্বত থকা বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু জিলা আচনি বিষয়া ৰঞ্জন দাসে অংশগ্ৰহন কৰি ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷ আনহাতে ছাত্ৰীসকলক শিক্ষা বিভাগৰ পৰা কিছু শিকন সামগ্ৰীও প্ৰদান কৰা হয়৷
ধূলাত অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতি । নগদ ধন নিয়াত ব্যৰ্থ ডকাইতৰ দল ।
দলগাও : দৰঙৰ ধূলাস্হিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত সংঘটিত হয় এক ডকাইতি কান্ড । ঘটনা সম্পৰ্কে জানিব পৰা মতে ডকাইতৰ দলে শুক্ৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতেই ধূলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি দুটাকৈ আলমাৰী আৰু ষ্ট্ৰং ৰুমৰ তলা ভাঙে আৰু বিভিন্ন নথিপত্ৰ ও অন্যান্য সা-সামগ্ৰী থানবান কৰি অভিযান চলায় যদিও দলটোৱে নগদ ধন নিবলৈ ব্যৰ্থ হয় । ঘটনাৰ খবৰ পাই দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিমা বৰুৱাৰ লগতে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতি ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীৰ অনুসন্ধানত উক্ত শাখাটোত কোনো ধৰণৰ এলাৰ্ম আৰু চি চি কেমেৰাৰ ব্যৱস্থা নথকাৰ তথ্য পোহৰলৈ আহে ।
ক’ৰোনা মুক্ত হওক পৃথিৱী কামনাৰে “ক’ৰোনা পূজা”।
দৈনন্দিন বাৰ্তা ডেস্ক :
সাম্প্রতিক বিশ্বত্রাস কৰা নামটো হ’ল ন’ভেল ক’ৰোনা ভাইৰাছ ৷ এই বীজাণুৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে৷ বিশ্বৰ বিভিন্ন ঠাইত গৱেষণাগাৰত বীজাণুৰ বিৰুদ্ধে অস্ত্ৰ- ঔষধ, প্ৰতিষেধক, সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন বাধা আৰোপ চলি আছে৷ এই সকলো কাম চলিছে বিজ্ঞান সন্মতভাৱে৷ ক’ৰোনা মুক্তিৰ বাবে ধর্মীয় ৰীতিনীতি কমকৈ পালিত হোৱা নাই৷ ইতিমধ্যে ক’ৰোনা ৰোধৰ বাবে যজ্ঞ-পূজা আদি চলিছে৷ কিছু লোকে বিশ্বাস কৰে যে “ক’ৰোনা দেৱী”ক সন্তুষ্ট কৰিলে সংক্ৰমণৰ পৰা শীঘ্ৰে মুক্তি পাব পাৰি৷ সেই বিশ্বাসত শনিবাৰে বিপত্তাৰিণী পূজা কৰা হয়৷ এই পূজা আয়োজন কৰে পশ্চিম বংগৰ বনগাঁৱৰ বাসিন্দাসকলে৷ উলহমালহেৰে সম্পন্ন হয় পূজা৷ ক’ৰোনা ভাইৰাছৰ নামত প্ৰস্তুত কৰা হয় নীলা-হালধীয়া “ক’ৰোনা দেৱী”ৰ মূৰ্ত্তি৷ সেই মূৰ্ত্তিত মালা আদি দিয়া হয়৷ মন্ত্ৰ পাঠ কৰি পূজা কৰে পুৰোহিতে৷ পূজা দিলে এলেকাটোৰ লোকসকলে৷ কিছু লোক পূজাৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকে৷ হাতজোৰ কৰি প্ৰাৰ্থনা কৰিলে ক’ৰোনা মুক্ত হওক পৃথিৱী ৷
অস্তিত্ব ওলাল অষ্টম মহাদেশৰ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক : অৱশেষত অষ্টম মহাদেশৰ অস্তিত্ব ওলাল৷ এখন মানচিত্ৰৰ নক্সা তৈয়াৰ কৰিছে নিউজীলেণ্ডৰ এদল গৱেষকে ৷ এই মানচিত্ৰই দেখুৱাইছে বহু বছৰৰ আগেয়ে সমুদ্ৰৰ তলিলৈ যায় এই মহাদেশৰ আকাৰ৷ মহাদেশখনৰ নাম ৰখা হৈ জিলাণ্ডিয়া ৷ অষ্টম মহাদেশখনক লৈ ১৯৯৫ চনৰ পৰা গৱেষণা চলি আছিল৷ গৱেষণা কৰিছিল নিউজীলেণ্ডৰ গৱেষণা প্ৰতিষ্ঠান জিএনএছ ছায়েন্সে৷ ২০১৭ চনত গৱেষণা সম্পূৰ্ণ হয় ৷ এতিয়া মানচিত্ৰ প্ৰকাশ কৰি গৱেষকসকলে জনায় যে জিলাণ্ডিয়াৰ সঠিক অৱস্থান জানিবলৈ টেকট’নিক আৰু বেথিমেট্ৰিক নক্সা প্ৰস্তুত কৰা হৈছে ৷ মহাদেশখনৰ আয়তন অনুমানিক ৫০ লাখ বৰ্গ কিলোমিটাৰ ৷ বহু বছৰৰ আগেয়ে প্ৰশান্ত মহাসাগৰৰ তললৈ গৈছিল জিলাণ্ডিয়া৷ গৱেষণাত এই কথা প্ৰকাশ ৷ বিজ্ঞানীসকলৰ ধাৰণা ৩৮০০ ফুট গভীৰতালৈ গৈছে এই মহাদেশ ৷













