Home Blog Page 3280

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজনি মাজুলী বিদ্যালয়ৰ সাফল্য ।

উজনি-মাজুলী : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফলত উজনি মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহতো দেখা গ’ল সন্তুোষজনক ফলাফল৷ ইয়াৰে ভিতৰত উজনি মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ১০৫ গৰাকীৰ ভিতৰত ১০২ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ইয়াৰে দুগৰাকীয়ে ষ্টাৰ, ১১ গৰাকীয়ে প্ৰথম, ৪৭ গৰাকীয়ে দ্বিতীয় আৰু ৪২ গৰাকীয়ে তৃতীয় স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয়খনত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ আনহাতে ৰতনপুৰ মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ২৫ গৰাকী অৱত্তীৰ্ণ হৈ এগৰাকীয়ে প্ৰথম, তিনি গৰাকীয়ে দ্বিতীয় আৰু ৯ গৰাকীয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে সোণোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদালয়ৰ পৰা ৩৯ গৰাকী অৱতীৰ্ণ হৈ ৩৩ গৰাকী উত্তীৰ্ণ হয়৷ ইয়াৰে ২ গৰাকীয়ে দ্বিতীয় আৰু ৩১ গৰাকীয়ে তৃতীয়, জেংৰাইমুখ মহাবিদ্যালয়ৰ পৰা দুগৰাকীয়ে প্ৰথম, ৭ গৰাকীয়ে দ্বিতীয়, ১২০ গৰাকীয়ে তৃতীয়, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ (বিজ্ঞান শাখা) পৰা ২ গৰাকীয়ে প্ৰথম, ২৬ গৰাকীয়ে দ্বিতীয়, ১৪ গৰাকীয়ে তৃতীয়, মাজৰ দেউৰী উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ এগৰাকীয়ে প্ৰথম, ১২ গৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰে৷ উল্লেখ্য যে, পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এশ শতাংশ উত্তীৰ্ণৰে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনে চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷ বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱত্তীৰ্ণ হৈ লাটুমণি শইকীয়াই প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে ছয় গৰাকীয়ে দ্বিতীয় আৰু পাঁচগৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰে৷ ইয়াৰোপৰি উজনি মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ফলাফল দিনক দিনে নিম্নগামী হোৱাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷ অঞ্চলটোৰ অন্য বিদ্যালয়-মহাবিদ্যালয়ৰ তুলনাত মহাবিদ্যালয়খনৰ ফলাফল সন্তোষজনক নহয়৷ মহাবিদ্যালয়খনৰ পৰা কেৱল এগৰাকীয়ে প্ৰথম, দুই গৰাকীয়ে দ্বিতীয় আৰু ২১ গৰাকীয়ে তৃতীয় স্থান পাবলৈ সক্ষম হৈছে৷ এইবাৰ উচ্চতৰ মাধ্যমিকত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ সুনাম কঢ়িয়াই অনা সকলো ছাত্ৰ-ছাত্ৰীকে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থা, আছু, মাজুলী জিলা সাংবাদিক সন্থা, উজনি মাজুলী শাখা সাহিত্য সভা, মাজুলী-ডায়েৰী পৰিয়ালে শুভেচ্ছা প্ৰদান কৰাৰ লগতে উজ্বল ভৱিষ্যৎ কামনা কৰিছে ৷

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ ২৮ ছাত্ৰ ছাত্ৰীৰ শীৰ্ষ স্হান । নিজৰেই ৰেকৰ্ড ভংগ কৰি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় পুনৰ শীৰ্ষস্থানত ।

নগাঁও : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা , বানিজ্য আৰু বিজ্ঞান শাখাত আজি ঘোষিত ফলফলত অবিভক্ত নগাঁও জিলাৰ মুঠ ২৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষ স্হান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতী ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত ২৫ গৰাকী নগাঁও চহৰৰ ৬ খন শিক্ষানুষ্ঠান আৰু তিনি গৰাকী  নগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত হোজাই জিলাৰ ।নগাঁও চহৰৰ ৰামানুজন জুনিঅ’ৰ কলেজৰ  কলা আৰু বিজ্ঞান শাখাত ১৯ গৰাকী , কনচেপ্ত জুনিঅ’ৰ কলেজৰ কলা আৰু বিজ্ঞান শাখাত  ২ গৰাকী , কলংপাৰ বিদ্যাপীঠৰ কলা শাখাত এগৰাকী , ৰেণেঁচা জুনিঅ’ৰ কলেজৰ পৰা কলা শাখাত এগৰাকী , মাধৱদেৱ জুনিঅ’ৰ কলেজৰ কলা শাখাত এজন ,ভাৰতী বিদ্যাপীঠৰ বানিজ্য শাখাত এজন ছাত্ৰই প্ৰথম দহজনৰ ভিতৰত স্হান লাভ কৰিছে । ইফালে ,কলা শাখাত হোজাই আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী চাইমাই দ্বিতীয় স্হান , হোজাইৰ মৰিয়ম আজমল ৱ’মেন কলেজ অৱ চাইন্স এণ্ড টেকন’লজিৰ ছাত্ৰী আচিফা নাজনীন লস্কৰে বিজ্ঞান শাখাত নৱম স্হান লাভ কৰিছে । হোজাইৰ শংকৰদেৱ জুনিঅ’ৰ কলেজৰ ছাত্ৰী সুৰভি দেৱে বানিজ্য শাখাত চতুৰ্থ স্হান লাভ কৰিছে ।

 ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৰামানুজনৰ ১৯ গৰাকীৰ শীৰ্ষ স্হান ।

          ২০০৫ চনত নগাঁৱত  প্ৰতিষ্ঠা হোৱা ৰামানুজন জুনিঅ’ৰ কলেজৰ  ১৯ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ শীৰ্ষ স্হান দখলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ২০০৮ চনত জুনিঅ’ৰ কলেজখনৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম গৰাকী ছাত্ৰীয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত তৃতীয় স্হান লাভ কৰে । তেতিয়াৰ পৰা সাফল্যৰ ধাৰাবাহিকা অটুত ৰখা শিক্ষানুষ্ঠান খনৰ চলিত বৰ্ষলৈকে মুঠ ৬৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটাৰ ভিতৰত স্হান লাভ কৰি  নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।আজি  ঘোষিত ফলাফলত পূৰ্বৰ সকলো ৰেকৰ্ড ভ‌ংগ কৰি সৰ্বমুঠ ১৯ গৰাকী ছাত্র-ছাত্ৰীয়ে স্হান লাভ কৰিব সক্ষম হয়।  কলা শাখাত মহাবিদ্যালয় খনৰ শ্ৰদ্ধা বৰগোঁহায়ে প্ৰথম  , প্ৰিয়াক্ষী বৰাই তৃতীয়  , জুলি বৈশ্যই চতুৰ্থ , কাবেৰী কোঁচে পঞ্চম , উদিতা ঈশানী কাকতীয়ে সপ্তম , শতাব্দী পূজাৰীয়ে সপ্তম আৰু নম্ৰতা বৰুৱা স্হান লাভ কৰিছে । বিজ্ঞান শাখাত ৰামানুজনৰ সাগৰ গোৱালাই চতুৰ্থ , আশীষ কুমাৰ গাৰ্গে পঞ্চম , ব্ৰেনজিৎ হাজৰিকাই ষষ্ঠ , অম্লান জ্যোতি পেগু আৰু শ্বৱনম গুঞ্জন বৰাই সপ্তম , মনিৰুল ইচলাম , চিন্ময় নাথ , অমিশা সিং, হিমাঞ্জলি বুঢ়াগোঁহাই অষ্টম ; উৎপলৰাজ কেম্প্ৰাই নৱম , ইফটিকাৰ আহমেদ , অংকিতা শইকীয়াই  দশম স্হান লাভ কৰিছে ।আনফালে নগাঁও চহৰৰ কনচেপ্ত জুনিঅ’ৰ কলেজৰ ছাত্ৰী নেইমা ফিৰদৌজ বৰভূঞাই বিজ্ঞান শাখাত দ্বিতীয় আৰু পলী বৰাই কলা শাখাত তৃতীয় স্হান লাভ কৰিছে । মাধৱদেৱ জুনিঅ’ৰ কলেজৰ ছাত্ৰী তাহিৰা জামানে কলা শাখাত চতুৰ্থ , কলংপাৰ বিদ্যাপীঠৰ ছাত্ৰী হৰ্ষিতা বৰঠাকুৰে কলা শাখাত ষষ্ঠ  , ৰেণেঁচা জুনিঅ’ৰ কলেজৰ ছাত্ৰী প্ৰিয়াংশী গোস্বামীয়ে কলা শাখাৰ সপ্তম , ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰিয়ালে বানিজ্য শাখাত  ষষ্ঠস্হান লাভ কৰিছে ।নগাঁও চহৰৰ ছয়খন বিদ্যালয়ৰ ২৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যৰ প্ৰথম দহটা স্হান লাভ কৰাত উচাহৰ ঢল বৈছে কলংপৰীয়া চহৰখনত ।

বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াইছে দুই কীৰ্তিমানে ; গ্ৰন্থ অধ্যয়নে মানসিক শক্তি বঢ়ায়, সঁচা বন্ধুত্বই আগুৱাই যোৱাত সহায় কৰে ।

ডুবিয়া : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে ক্ৰমে ব্ৰেনজিত হাজৰিকা আৰু অম্লানজ্যোতি পেগুৱে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুই কীৰ্তিমানে বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হৈছিল। স্মতৰ্ব্য যে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী অধ্যাপক হোৱাৰ সপোন পুহি ৰখা ব্ৰেনজিতে নিজৰ ওপৰত গভীৰ আত্মবিশ্বাস থাকিলেহে পৰীক্ষাত সফল লাভ কৰিব পাৰি বুলি উল্লেখ কৰে। দৈনিক ৭-৮ ঘণ্টাকৈ অধ্যয়ন কৰি অহা ব্ৰেনজিতে সঁচা বন্ধুত্বই শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে আগুৱাই যোৱাত সহায় কৰে বুলিও উল্লেখ কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত নগাঁওস্থিত ৰামাণুজন জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হোৱা ছাত্ৰ ব্ৰেনজিত হাজৰিকাই ৯৫.৪ শতাংশ নম্বৰ লাভেৰে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ব্ৰেনজিতে ইংৰাজীত ৮৫, উচ্চ গণিতত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৯, ৰসায়ণ বিজ্ঞানত ৯৬, গণিতত ৯৯ আৰু পৰিসংখ্যা বিজ্ঞানত ৮৫ নম্বৰ লাভেৰে মুঠ ৪৭৭ নম্বৰ লাভ কৰিছে। উল্লেখ্য যে ব্ৰেনজিতে হাৱাজানস্থিত অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ পৰা ৯৮.৩৩ শতাংশ নম্বৰ লাভেৰে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰিছিল। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯০ নম্বৰ লাভ কৰিছিল।কলাবাৰী গাগলগাঁও নিৱাসী তথা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰফুল্ল হাজৰিকা আৰু ৰুনু হাজৰিকাৰ একমাত্ৰ পুত্ৰ ব্ৰেনজিতৰ এনে সাফল্যত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ সময়তো সামাজিক দূৰত্ব বৰ্তাই ৰাখি স্থানীয় ৰাইজে গহপুৰৰ কলাবাৰীত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি কীৰ্তিমান ব্ৰেনজিতক উৎসাহিত কৰি তুলিছে। পাঠ্যক্ৰমৰ লগত সমান্তৰালকৈ গ্ৰন্থ অধ্যয়ন কৰি ভালপোৱা ব্ৰেনজিতে সমাজৰ উন্নয়নৰ স্বাৰ্থত এগৰাকী আই এছ বিষয়া হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও অৱগত কৰে। ইফালে ৯৫.২ শতাংশ নম্বৰ লাভেৰে ৰাজ্যখনৰ ভিতৰতে সপ্তম স্থান লাভ কৰি গহপুুুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে লোহিতমুখৰ অম্লানজ্যোতি পেগুৱে। লোহিতমুখ নতুন ধন্দিৰ নিবাসী তথা টেট শিক্ষক ৰামায়ণ পেগু আৰু অৰুণজ্যোতি পেগুৰ সুযোগ্য সন্তান অম্লানে নগাঁওস্থিত ৰামাণুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজীত ৮৫, উচ্চ ইংৰাজীত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৯, ৰসায়ণ বিজ্ঞানত ৯৬, গণিতত ৯৯ আৰু পৰিসংখ্যা বিজ্ঞানত ৮৫ নম্বৰ লাভ কৰে। এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰখা অম্লানে পাঠ্যক্ৰমৰ লগত সমান্তৰালকৈ গ্ৰন্থ অধ্যয়নো কৰি আহিছে। বিশেষকৈ চেতন ভগত, এ পি জে আব্দুল কালাম, হোমেন বৰগোহাঞিৰ বহুকেইখন গ্ৰন্থ অধ্যয়ন কৰি আহিছে বুলিও জানিবলৈ দিয়ে। তেওঁ কৰাৰ প্ৰসংগত গ্ৰন্থ অধ্যয়নে মানসিক শক্তি বঢ়াই বুলিও উল্লেখ কৰে। আজিলৈকে হাতত ম’বাইল নোলোৱাকৈয়ে মাথোঁ পাঠ্যক্ৰম আৰু বাহিৰা গ্ৰন্থ অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত ফুটবল আৰু ডবা খেলি সময় অতিবাহিত কৰি আহিছে। ফলাফল ঘোষিত হোৱাৰ পাছতে কীৰ্তিমানৰ ঘৰত মিচিং ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ অম্লানজ্যোতিক অভিনন্দন জনায়। উল্লেখ্য যে বান, গৰাখহনীয়া, বন্যহস্তী যাতায়াত আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গহপুৰৰ দক্ষিনাঞ্চলত বসবাস কৰা ভূমিপুত্ৰ মিছিং জনগোষ্ঠীৰ প্ৰথম গৰাকী কীৰ্তিমান ছাত্ৰ হিচাপে উজলি উঠিছে। তেওঁৰ এই ফলাফলে গহপুৰৰ লগতে বিশ্বনাথত বসবাস কৰা মিচিং জনগোষ্ঠীয় লোকসকললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গহপুৰৰ মিচিং জনগোষ্ঠীৰ প্ৰথমগৰাকী স্থান প্ৰাপ্ত ছাত্ৰ হিচাপে অম্লানজ্যোতিয়ে যি গৌৰৱ কঢ়িয়াই আনিলে তাত লৈ উল্লাখিত মিচিং ৰাইজে ঢোলে দগৰে আনন্দ প্ৰকাশ কৰে। 

নাজিৰাত উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্তোষজনক, চাৰিখনৰ ১০০ শতাংশ উত্তীৰ্ণ।

নাজিৰা : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল নাজিৰাত যথেষ্ট উৎসাহজনক৷ নাজিৰাৰ সমীপৰ তিনিগৰাকী ছাত্ৰীয়ে নগাঁৱৰ ৰামানুজন কলেজৰ পৰা অবতীৰ্ণ হৈ স্হান লাভ কৰাৰ বিপৰীতে চাৰিখন শিক্ষানুষ্ঠানৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শিমলুগুৰিৰ চ্যুকাফা একাডেমিৰ কলা শাখাত ৩১ গৰাকী প্ৰথম, ৪৪ গৰাকী দ্বিতীয়, ৩৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২ জনে ডিষ্টিংচন আৰু ৬ জনে ষ্টাৰ নম্বৰ ৯৮% উত্তীৰ্ণ হয়৷ বিজ্ঞান শাখাত ২ জনে, ৬ জনে দ্বিতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ কাজিৰঙা একাডেমিৰ কলা শাখাত ২২ জন প্ৰথম, ৩৭ জন দ্বিতীয়, ১১ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়, ইয়াৰে এজনে ডিষ্টিংচন আৰু ৪ জনে ষ্টাৰ নম্বৰ লাভ কৰে৷ বিজ্ঞান শাখাত ১২ জন প্ৰথম, ১১ জন দ্বিতীয়, ৩ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ স্বৰাজ একাডেমিৰ কলা শাখাত ২৫ জন প্ৰথম, ৩০ জন দ্বিতীয় আৰু ৮ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়, ইয়াৰে ৭ জনে ষ্টাৰ লাভ কৰে৷ বিজ্ঞান শাখাত এজন প্ৰথম আৰু ১০ জনে দ্বিতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ নাজিৰা উচচতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ বিজ্ঞান শাখাত এজনে ষ্টাৰসহ ৫ জন প্ৰথম, ১২ জন দ্বিতীয় আৰু ২ জনে তৃতীয় বিভাগত ৯০ শতাংশ, কলা শাখাত ৪ জন প্ৰথম, ৩৯ জন দ্বিতীয় আৰু ৫৯ জনে তৃতীয় বিভাগত ৯৬% উত্তীৰ্ণ হয়৷ বাণিজ্য শাখাত ২ জন প্ৰথম, ৯ জন দ্বিতীয় আৰু ৪ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷ গড়গাওঁ এমজিএম জুনিয়ৰ কলেজৰ এজন ডিষ্টিংচন, ৪ জন ষ্টাৰ সহ ১৭ জন প্ৰথম, ১৮ জন দ্বিতীয় আৰু ১৭ জনে তৃতীয় বিভাগত ৯৭% উত্তীৰ্ণ হয়৷ ধিতাইপুখুৰী উত্তৰন জুনিয়ৰ কলেজৰ এজনে ডিষ্টিংচন, ৩ জন ষ্টাৰমাৰ্ক সহ ১৪ জন প্ৰথম, ১৮ জন দ্বিতীয় আৰু ১৮ জনে তৃতীয় বিভাগত এশ শতাংশ উত্তীৰ্ণ হয়৷

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি , বানজনিত যিকোনো পৰিস্থিতিৰ বাবে সাজু মাজুলী জিলা প্ৰশাসন ।

উজনি-মাজুলী : ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিকভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা প্ৰশাসনে। ইতিমধ্যে দুয়োখন নদীৰ বাঢ়নি পানীৰ বাবে জিলাখনৰ মঠাউৰিৰ বহিঃ অংশত আৰম্ভ হোৱা প্ৰাৰম্ভিক বানৰ লগতে জিলাখনৰ শেহতীয়া সামগ্ৰিক বান পৰিস্থিতি আজি পৰ্যালোচনা কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ  বিক্ৰম কৈৰীয়ে জিলাখনৰ আপাতকালীন সঞ্চালন প্ৰণালীৰে জড়িত প্ৰতিটো বিভাগৰ লগতে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওপৰত ন্যস্ত জৰুৰী দায়িত্ব সুচাৰুৰূপে নিৰ্বাহনৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আগবেলা আয়োজিত ডিডিএমএৰ এখন জৰুৰী বৈঠকত উপায়ুক্ত  কৈৰীয়ে বানপৰিস্থিতি চম্ভালাৰ বিশেষ দায়িত্বত নিয়োজিত মাণ্ডলিক (জ’নেল) আৰু খণ্ড (ছেক্টৰ) বিষয়াসকলক তাৎক্ষণিক ভাৱে নিজ নিজ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া  নৰেণ দাসৰ লগতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়াসহ একাধিক কাৰ্যবাহী দণ্ডাধীশ, জলসম্পদ, গড়কাপ্তানী (পথ), কৃষি, পশুপালন তথা পশু চিকিৎসা আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু জ’নেল তথা ছেক্টৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। এইবাৰৰ বানপৰিস্থিতি চম্ভালাৰ বাবে ইতিমধ্যে ডিডিএমএই জিলাখনক মুঠ পাঁচটা মণ্ডলত (জ’ন)ত ভাগ কৰি একোগৰাকীকৈ জ্যেষ্ঠ বিষয়াক প্ৰতিটো মণ্ডল তদাৰকৰ বাবে মাণ্ডলিক বিষয়া (জ’নেল আফিচাৰ) হিচাপে দায়িত্ব ন্যস্ত কৰিছে। তদুপৰি, জৰুৰী বান পৰিস্থিতি তদাৰক কৰাৰ ক্ষেত্ৰত মাণ্ডলিক বিষয়াসকলক সহায়ৰ বাবে প্ৰতিটো মণ্ডলতে এক বা একাধিক গাঁও পঞ্চায়ত এলেকাৰ বাবে এগৰাকীকৈ খণ্ড বিষয়া (ছেক্টৰ অফিচাৰ)কো জিলা প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছে। আনহাতে, বাৰিষাৰ সময়ছোৱাত কৃষিখণ্ড আৰু পশুধনৰ ক্ষেত্ৰত দেখা দিব পৰা জটিল পৰিস্থিতি জোৰা মাৰিব পৰাকৈ এই দিশত নিৰন্তৰ নজৰ ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষি বিভাগ আৰু পশুপালন তথা পশুচিকিৎসা বিভাগক নিৰ্দেশ দিছে। শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা গড়কাপ্তানী পথ আৰু মঠাউৰিৰ ‘ৰেইনকাট’ অংশসমূহ ততালিকে মেৰামতি কৰিবলৈও বৈঠকত গড়কাপ্তানী (পথ) আৰু জলসম্পদ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।

লাডাখত ৫৪টা ম’বাইল টাৱাৰ নিৰ্মাণ কৰিব ভাৰতে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

 চীনৰ সৈতে সীমান্তত উত্তেজনা চলি থকাৰ পৰিপেক্ষিতত কেন্দ্ৰই লাডাখৰ সীমান্ত এলেকাৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে, লাডাখত ৫৪টা ম’বাইল টাৱাৰ নিৰ্মাণ কৰিব৷ ইয়াৰে এটা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ ডেমচকত নিৰ্মাণ কৰা হ’ব৷ আঁচনি অনুসৰি, নুব্ৰি অঞ্চলত ৭টা, লেহত ১৭টা, জংছকাৰত কমেও ১১টা ম’বাইল টাৱাৰ স্থাপন কৰিব৷ ইয়াৰ লগতে কাৰ্গিলত ১৯ টা ম’বাইল টাৱাৰ স্থাপন কৰা হ’ব৷ ভাৰত আৰু চীনৰ মাজত প্ৰায় পাঁচটা দহকৰো অধিক কাল সংঘৰ্ষ হৈ আছে৷ শেহতীয়াকৈ ১৫ জুনৰ নিশা গালৱানত চীনা সৈন্যই মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰে৷ ভাৰতীয় সেনাৰ এক বিবৃতিত সেই সংঘৰ্ষত ২০জন ভাৰতৰ জোৱান মৃত্যু হয় আৰু চীনা সেনাৰ কেইবাজনো মৃত্যু হয় বুলি প্ৰকাশ৷ 

ক’ৰোনাত আক্ৰান্তৰ ৪.১৬ শতাংশক প্ৰয়োজন ভেণ্টিলেটৰৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক:
ক’ৰোনা ভাইৰাছত আক্ৰান্তসকলৰ ভিতৰত ৪.১৬ শতাংশ অৰ্থাৎ ৭৪২৩ জন ব্যক্তিক ভেণ্টিলেটৰৰ সহায় লাগে ৷ চৰকাৰৰ এজন বিষয়াই এই কথা উল্লেখ কৰে ৷ বিষয়াজনে লগতে কয় যে ২৭৩১৭ জন, যিটোৰ পৰিমাণ প্ৰায় ১৫.৩৫ শতাংশ ক’ৰোনাত আক্ৰান্ত লোকক আইচিইউ আৰু ২৮৩০১ জন অৰ্থাৎ ১৫.৮৯ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে দেশত বুধবাৰৰ পুৱা ৮ বজালৈকে মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৪৫৬১৮৩জন৷ ইয়াৰ লগতে মুঠ মৃত্যুৰ সংখ্যা ১৪৪৭৬ জন হ’ল ৷ দেশত যোৱা ২৪ ঘণ্টাত ৪৬৫ জন লোকৰ মৃত্যু হয় আৰু নতুনকৈ আক্ৰান্ত হয় ১৫৯৬৮ জন লোক৷ যোৱা ২৩ জুনত আইচিইউত ২৭৩১৭ (১৫.৩৪ শতাংশ), ভেণ্টিলেটৰত ৭৪২৩ (৪.১৬ শতাংশ) আৰু অক্সিজেন ২৮৩০১ (১৫.৮৯ শতাংশ) জনক ব্যৱস্থা কৰি দিয়া হৈছে৷ ২৩ জুনত মুঠ ২.৫৭ শতাংশ ক’ৰোনাত আক্ৰান্তক অক্সিজেনৰ প্ৰয়োজন হয় ৷ ইয়াৰ বিপৰীতে ২২ জুনত ২.৫৩ শতাংশক প্ৰয়োজন হৈছিল ৷ তদুপৰি ২২ জুনত ০.৫৪ শতাংশক ভেণ্টিলেটৰ আৰু ২.৯৯ শতাংশক অক্সিজেন লাগিছিল৷ ইয়াৰ উপৰি ২৫৮৬৮৪ জন ক’ৰোনাত আক্ৰান্ত আৰোগ্য হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়৷ মন্ত্ৰালয়ৰ মতে ক’ৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ পৰিমাণ হ’ল ৫৬.৭১ শতাংশ ৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত প্ৰতি লাখত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷ ইপিনে দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এই ৰাজ্যখনত মুঠ আক্ৰান্ত ১৩৯০১০ জন আৰু মৃত্যুৰ পৰিমাণ হ’ল ৬৫৩১ জন ৷

ক’ৰোনা ভাইৰাছ : ইউজিচিক শিক্ষাবর্ষ, ছেমিষ্টাৰ গাইডলাইন পুনৰ বিবেচনাৰ নিৰ্দেশ কেন্দ্ৰৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক:

ক’ৰোনাৰ বাবে এইবাৰ ক্ষতি হোৱাৰ সম্ভাৱনা শিক্ষাবৰ্ষৰ৷ মানৱসম্পদ উন্নয়নমন্ত্রী ৰমেশ পোখৰেৱালে বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ (ইউজিচি)ক ২০২০ চনৰ পৰীক্ষাৰ গাইডলাইন পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে৷ তদুপৰি শিক্ষাবৰ্ষ পুনৰ্বিবেচনা কৰিবলৈও মন্ত্ৰীজনে নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই নিৰ্দেশৰ পাছত লক্ষ্য কৰা হৈছে যে ক’ৰোনাৰ কাৰণে এই বছৰ চূড়ান্ত পৰীক্ষা বাতিল হ’ব পাৰে৷ উল্লেখ্য যি ইউজিচিয়ে এপ্ৰিলত শিক্ষার্থীসকলৰ পৰীক্ষাৰ বাবে ছেমিষ্টাৰৰ বিকল্প পদ্ধতিৰ বিষয়ে নির্দেশিকা প্রকাশ কৰে৷ লগতে জনাইছিল যে চূড়ান্ত বর্ষৰ শিক্ষার্থীয়ে পৰীক্ষাত অংশ ল’ব পাৰে৷ কিন্তু মহাৰাষ্ট্ৰ, ওড়িশ্যা, হাৰিয়ানা আদি ৰাজ্যত ক’ৰোনা ভাইৰাছৰ বাবে বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱাই দিছে৷ আনকি শিক্ষাৰ্থীয়েও মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ওচৰত এই লৈ আবেদন কৰিছে৷ ইয়াৰ পাছত মানৱসম্পদ উন্নয়ন মন্ত্ৰীয়ে জনায়, ইউজিচিক ছেমিষ্টাৰ পৰীক্ষা আৰু শিক্ষাবর্ষ পুনর্বিবেচনাৰ নির্দেশ দিছে৷ শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীৰ কথা মনত ৰাখিয়ে তেওঁ এই পৰামৰ্শ দিয়ে৷ উল্লেখ্য যে এই পৰিস্থিতিত ইণ্টাৰনেল এছেছমেণ্ট আৰু আগৰ ছেমিষ্টাৰৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কোনো বিকল্প ব্যৱস্থা কৰিব পাৰে ইউজিচিয়ে৷ ইয়াৰ গাইডলাইনৰ মাজত আছে পৰীক্ষা  পৰিচালনা, পৰীক্ষাৰ পদ্ধতি, শিক্ষাবর্ষ ইত্যাদি। এআইচিটিইৰ সভাপতিয়ে এই সন্দৰ্ভত কয়, ক’ৰোনাৰ কথা মনত ৰাখি যি সিদ্ধান্তবোৰ লোৱা হৈছিল তাক নতুনকৈ বিবেচনা কৰা হ’ব ৷ প্ৰাপ্ত খবৰ মতে, এআইচিটিই, বাৰ কাউন্সিল, ফাৰ্মাচী কাউন্সিল আৰু আৰ্কিটেকছাৰ কাউন্সিলৰ দৰে প্ৰতিষ্ঠান আৰু আন বহুৱে গাইডলাইন পুনৰ বিচাৰ কৰিছে৷ ইয়াৰ পূৰ্বে ইউজিচিয়ে ছেপ্টেম্বৰৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ কথা ভাবিছিল ৷ সেই ক্ষেত্ৰত জুলাইৰ মাজত পৰীক্ষা শেষ হোৱা বাঞ্ছনীয়। কিন্তু দেশত ক’ৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত জুলাই মাহত মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলা সম্ভৱ নহয় ৷ 

দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত পূবালী ডেকাই ৷

উচ্চতৰ মাধ্যমিক পৰিক্ষাত প্ৰথম স্থান দখল কৰি দৰংবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে পূবালী ডেকাই ৷

দৰং: আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ ফলাফলত দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে পূবালী ডেকাই ৷  দিপীলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এন আৰ ডি এচ জুনিয়ৰ কলেজৰ ছাত্ৰী পূবালী ডেকাই  সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দিত হৈছে দৰং বাসী ৷ ছাত্ৰী গৰাকীয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮১ নম্বৰ লাভ কৰি কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে ৷ ছিপাঝাৰ সমষ্টিৰ ১ নং চেঙাপাৰা গাঁওৰ    ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু অনুপমা ডেকাৰ দ্বিতীয় কন্যা  পূবালী ডেকা এগৰাকী মেধাৱী ছাত্ৰী ৷ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত দুটাকৈ বৃত্তি লাভ কৰা পূবালীয়ে হাইস্কুল শিক্ষান্ত পৰিক্ষাত ডিষ্টিংশ্যন লাভ কৰি  শীৰ্ষ দহটা স্থানৰ পৰা বঞ্চিত হৈছিল ৷ কিন্তু ছাত্ৰী গৰাকীয়ে অধ্যয়ন অব্যাহত ৰাখি উচ্চতৰ মাধ্যমিক পৰিক্ষাত প্ৰথম স্থান দখল কৰি দৰংবাসীলৈ আনিলে গৌৰৱ ৷ ভৱিষ্যতে এগৰাকী  শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰখা পূবালীয়ে ৰন্ধা – বঢ়া , কাপোৰ বুই ভাল পোৱাৰ উপৰিও জীৱ – জন্তুৰ লগত সময় অতিবাহিত কৰি ভাল পায় ৷ কোনো এটা বিষয়তে ঘৰুৱা শিক্ষকৰ সহায় নোলোৱা ছাত্ৰী গৰাকীয়ে সাফল্যৰ বাবে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে অধ্যয়নৰত দিপীলাৰ এন আৰ ডি এচ জুনিয়ৰ কলেজৰ সমুহ শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰে ৷ ফলাফল ঘোষণাৰ পিছতে ছাত্ৰী গৰাকীৰ গৃহত আজি আনন্দৰ জোৱাৰ উঠিছে ৷ বিভিন্ন দল – সংগঠনৰ লগতে ছাত্ৰী গৰাকীক শুভেচ্ছা জনাবলৈ উপস্থিত হয় ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , দৰং জিলাৰ উপায়ুক্ত , মংগলদৈৰ বিধায়ক গুৰুজ্যোতি দাস , অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা , ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া আৰু প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ৷ সাফল্যৰ বাবে ছাত্ৰী গৰাকীক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ফোনযোগে শুভেচ্ছা জনায় ৷

বানপীড়িতক উপযুক্ত সাহাৰ্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰৰ ।

তিনিচুকীয়া : বিগত দুদিন ধৰি ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে লৈছে সংহাৰী ৰূপ। জিলাখনৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ আছে আৰু বহু অঞ্চলৰ ঘৰ-দুৱাৰ বাঢ়নী পানীয়ে উচন কৰিছে যাৰ বাবে বহু লোকে এতিয়া আশ্ৰয় শিবিৰত থাকিব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণৰ নেতৃত্বত দুটা সঁজাতি দলে পৃথকে পৃথকে বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ পৰিস্থিতিৰ বুজ লয়। মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয় যে আশ্ৰয় শিবিৰৰ লোক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী পোৱা নাই আৰু পশু ধনৰো যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনাই লগতে পশু খাদ্য যোগান ধৰিবলৈও চৰকাৰক আহ্বান জনায়। সমান্তৰালভাৱে প্ৰতি বছৰে হৈ থকা বানপানী আৰু গঢ়াখহনীয়া সমস্যাৰ স্থায়ী ভাৱে সমাধান কৰিবলৈও চৰকাৰক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।