পৃথিৱীৰ বহু দেশে ক’ৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ঔষধৰ বাবে গৱেষণা কৰি আছে৷ এনে সময়তে মার্কিন সংস্থা জনছন এণ্ড জনছনে দিছে এক আশাৰ বতৰা৷ এই প্ৰতিষ্ঠানটোৰ পৰীক্ষাধীন ক’ভিড প্ৰতিষেধক এতিয়া মানুহৰ শৰীৰত প্ৰয়োগৰ সময় আহিছে বুলি জনাইছে৷ জুলাই মাহৰ মাজভাগত পৰীক্ষামূলকভাৱে মানৱ শৰীৰত প্রয়োগ কৰা হ’ব৷ এই ঘোষণাৰ পাছতে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰৰ মূল্য তীব্ৰ গতিত বাঢ়িছে৷ ইয়াৰ মূল্য প্ৰায় ২০০ শতাংশ বৃদ্ধি পাইছে৷ মাৰ্চ মাহত মার্কিন চৰকাৰে প্ৰতিষ্ঠানটোৰ লগত এই সম্পৰ্কে এক চুক্তি কৰে৷ সেই চুক্তি মতে ২০২১ৰ মাজত ক’ভিডৰ প্রতিষেধকৰ ১০০ কোটি ডোজ তৈয়াৰ কৰা হ’ব৷ এতিয়া ১০৪৫ জনৰ ওপৰত পৰীক্ষামূলকভাৱে প্ৰতিষেধকটো প্ৰয়োগ কৰা হৈছে৷ এই সকলৰ বয়স ১৮ বছৰৰ পৰা ৫৫ বছৰ৷ তাৰ বেছি বয়সৰ মানুহৰ ওপৰতো প্ৰয়োগ কৰা হ’ব৷ ইবোলা, এইচআইভি আৰু জিকাৰ প্ৰতিষেধক যি দৰে তৈয়াৰ হৈছে সেই একে প্ৰযুক্তিৰে ক’ৰোনাৰ প্রতিষেধক তৈয়াৰ কৰা হৈছে৷
সোণতলীৰ বৰলুইতৰ খহনীয়াৰ কালৰূপ : চৰকাৰ নিদ্ৰাত ।
দৈনন্দিন বাৰ্তা
দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনস্থ সোণতলীত আজি কেবাবছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ানক দুৰ্যোগ কঢ়িয়াই আনিছে৷ আতংকৰ মাজত জীৱন-যাপন কৰিব লগা হৈছে সোণতলীৰ পানীখাইতী গৰৈমাৰী বিলৰজান গাঁৱৰ ৰাইজে৷ ইতিমধ্যে সোণতলীৰ লটুৰা দিয়া, ১ নং আৰু ২ নং জতিয়া দিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰী আদি কৰি কুৰি খনৰো অধিক গাওঁ বৰলুইতৰ মাজত জাহ গৈছে৷ পানীখাইতী নৈ পৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতেই বৰলুইতে গ্ৰাস কৰিলে স্বাস্থ্য কেন্দ্ৰখন৷ এটাৰ পিছত এটাকৈ অনুষ্ঠান-প্ৰতিষ্ঠান জাহ যাব ধৰিছে বৰলুইতৰ মাজত৷ জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ঘৰ-দুৱাৰ ইত্যাদি৷ গৰাখহনীয়াত কৃষিভুমি জাহ যোৱাৰ পিছত খাদ্য সংকটত পৰি বহুতো পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ কেবাবছৰ আগতে অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ২ নং পানীখাইতী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উপস্থিত হৈ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিছিল৷ তেওঁ কৈছিল যে আজিৰ পৰা দহ মিটাৰো নৈৰ পাৰৰ মাটি খহিব নিদিওঁ৷ কিন্তু মন্ত্ৰী মহোদয়ৰ কথা আজিওঁ ফেনৰ ফুটুকা হৈয়ে ৰ’ল৷ দহ মিটাৰৰ পৰিৱৰ্তে প্ৰায় ২ কিলোমিটাৰৰো অধিক ঠাই সম্পুৰ্ণ জাহ গৈছে লুইতৰ বুকুত৷ অঘৰী হিচাপে জীৱন-যাপন কৰিব লগা হৈছে গৰাখহনীয়াৰ ভুক্তভোগী সকলে৷ আনকি যিখন বিদ্যালয়ত মন্ত্ৰী মহোদয়ে গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল সেইখন বিদ্যালয়ো জাহ গৈছে বৰলুইতৰ মাজত৷ উল্লেখ্য যে, পানীখাইতী পূৱ আৰু পশ্চিমফালে কিছু পৰিমাণে জিয় বেগৰ কাম কৰিছে যদিও মাজত দুই কিলোমিটাৰ ঠাই কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত আতংকৰ সৃষ্টি হৈ গৈছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বৰ্তমান খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলত খহনীয়া প্ৰতিৰোধৰ বাবে পানীখাইতীৰ পূৱ আৰু পশ্চিমে চৰকাৰে কোটি কোটি টকা ব্যয় কৰা জিয় বেগৰ কোনো কামত নাহিব সেয়া নিশ্চিত বুলি ক’ব পৰা যায়৷ উল্লেখযোগ্য যে, পানীখাইতীৰ তীব্ৰ খহনীয়াৰ মাজতে বৃহস্পতিবাৰে জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মোল্লাহৰ অনুৰোধ মৰ্মে বৃহস্পতিবাৰে সহকাৰী কাৰ্যকৰী অভিযন্তা দিপাংকৰ ৰায় পানীখাইতীত উপস্থিত হয়৷ স্মৰ্তব্য যে, পানীখাইতী অঞ্চলত খহনীয়াৰ কবলত পৰা প্ৰায় দুই কিলোমিটাৰ ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎ অভিযন্তা গৰাকীয়ে কয় যে, বৰ্তমান হাতত পুজি নথকাৰ বাবে হে বাকি থকা কামখিনি কৰিব পৰা নাই৷ চৰকাৰে অনুমতি দিলে হে খহনীয়া প্ৰতিৰোধৰ কাম কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে৷ ইপিনে অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্তৰ সোণতলী লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান৷ জাহ যাব সোণতলী পৰিদৰ্শন বাংলা, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সোণতলী আৰক্ষী চকীৰ লগতে বিদ্যালয়-মহাবিদ্যালয়৷ সেয়ে অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে৷
ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থানত ভাৰত ।
দৈনন্দিন বাৰ্তা
দেশত আনলক-১ চলি থকাৰ সময়তে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে৷ কালিলৈকে বিশ্বৰ পঞ্চম স্থানত থকা ভাৰতত আক্ৰান্তৰ সংখ্যাই ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থান দখল কৰিলে৷ বৃহস্পতিবাৰে ভাৰতে পিছ পেলালে ব্ৰিটেইনক৷ বৰ্তমানে ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা ২,৯১,৫৮৮জন৷ আনহাতে ভাৰতে দুই লাখ ৯৫ হাজাৰ অতিক্ৰম কৰিছে৷ আক্ৰান্তৰ দিশৰ প্ৰতি লক্ষ্য কৰিলে শুকুৰবাৰে তিনি লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷ কেৱল মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত অভিলেখ সংখ্যক লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৩৬০৭জন লোক আক্ৰান্ত হয়৷ ফলত এইখন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৯৭,৬৪৮ জন হ’লগৈ৷ উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ২,৯৭,২০৫জন। আনহাতে, কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ৯,৫০০জন৷ তদুপৰি মৃতকৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৩০০ অতিক্ৰম কৰে। বৰ্তমান ভাৰতৰ স্থান আমেৰিকা (২০,৭৬,৪৯৫), ব্ৰাজিল (৭,৮৭,৪৮৯) আৰু ৰাছিয়া (৫,০২,৪৩৬)ৰ পিছতে৷ শুকুৰবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰি কয় যে ভাৰতত বৃহস্পতিবাৰৰ দিনটোত এটা দিনত বৰ্তমানলৈ ৰেকৰ্ড সংখ্যক মৃত্যু ৩৫৭ আৰু সংক্ৰমণ ৯,৯৯৬ হৈছে। ইয়াৰ জৰিয়তে মুঠ মৃত্যুৰ সংখ্যা ৮,১০২ আৰু আক্ৰান্তৰ সংখ্যা ২,৮৬,৫৭৯লৈ বৃদ্ধি পাইছে।
বাঘজানৰ বিধ্বংসী ঘটনা : অ’এনজিচিৰে জড়িত অনভিজ্ঞ কোম্পানীক প্ৰত্যাহাৰৰ দাবী ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ ।
দিলীপ হাজৰিকা :
কেন্দ্ৰীয় চৰকাৰে বৃহৎ বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধান, খনন আৰু উৎপাদন কাৰ্য্যত অইল আৰু অ’এনজিচিৰ দৰে দুই বৃহৎ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ সৈতে অনভিজ্ঞ তৈল কোম্পানীক জড়িত কৰাৰ বাবেই বাঘজানত এনে বিধ্বংসী ঘটনাৰ সূত্ৰপাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় মজদুৰ কংগ্ৰেছে। এক বিবৃত্তিত মজদুৰ সংঘটোৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পুৰ্ণকান্ত বুঢ়াগোহাঁয়ে উল্লেখ কৰে যে দেশৰ মহাৰত্ন কোম্পানীৰ মর্য্যদা প্ৰাপ্ত দুই প্রতিষ্ঠানত চৰকাৰে তেল আৰু প্রাকৃতিক গেছ অনুসন্ধান, খনন আৰু উৎপাদনৰ প্রক্রিয়াত সফল কৰি তুলিবলৈ অত্যাধুনিক প্ৰয়ুক্তি সমৃদ্ধ কৰাৰ পৰিবৰ্তে, এই ক্ষেত্রত ব্যক্তিগত কোম্পানীক এনে খনন উৎপাদনত জড়িত কৰাত অগ্রাধিকাব দিয়াৰ প্রৱণতা গঢ়ি তুলিছে। ইয়াৰ ফলশ্রুতিতেই অতি সাম্প্রতিকভাবে অইলৰ এলেকাধীন বাঘজান তেলখাদত গুজৰাটৰ ‘জহিম এৰ্নাজী’ নামৰ কোম্পানীটোৰ ৰীগ কার্য্য পৰিচালনাৰ কাৰিকৰী বিজুতি ঘটি অতি ভয়ংকব দুর্ঘটনা সংঘটিত হয়। এনে অদক্ষ, অনভিজ্ঞ কোম্পানীৰ দ্বাৰা সংঘটিত দূর্ঘটনাত অঞ্চলটোৰ বিস্তৰ ক্ষতি আৰু অসমৰ প্রকৃতিপদত্ত সম্পদ অনিষ্ট কৰা কার্য্য কোনো কাৰণতে মানি লোৱা নহয়। এই দূর্ঘটনাৰ প্রকৃত তথ্য, ইয়াৰ উৎস সম্পৰ্কে নিৰপেক্ষ তদন্ত কৰি ভৱিষ্যতে এনে দুর্ঘটনা পুনৰাবৃত্তি নহ’বৰ বাবে বিজ্ঞানসম্মতভাৱে ইতিবাচক কার্যব্যৱস্থা গ্রহণ আৰু বাঘজান অঞ্চলৰ ক্ষতিগ্রস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিয়া, এই দুর্ঘটনাত নিহতক উচিত ক্ষতিপূৰণ-আহত সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনাই ভাৰতীয় ৰাষ্ট্রীয় মজদুৰ কংগ্রেছ, শিবসাগৰ জিলা সমিতিয়ে। বিবৃত্তিত বুঢ়াগোঁহাইয়ে উল্লেখ কবে যে ভাৰত চৰকাৰৰ প্রত্যক্ষ বা পৰোক্ষ কোনো দুষ্ট চক্রৰ ব্যক্তিগত লাভালাভৰ পৰিকল্পনাৰে দেশৰ প্রকৃতি প্ৰদত্ত সম্পদ সমূহ লুণ্ঠন কবিবলৈ, অইন, অ’এনজিচিৰ দৰে প্রতিষ্ঠান সমূহক আঁতৰাই ৰাখি ব্যক্তিগত, অনভিজ্ঞ কোম্পানীসমূহক তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধান, খনন, উৎপাদনৰ কামত নিয়োজিত কৰিব বিচাৰিছে তাক শেহতীয়াভাৱে প্ৰমাণিত হৈছে। দেশৰ ৪৯ খন তেল পথাৰৰ লগতে অএনজিচিৰ ৭ খন তৈল পথাৰ তেনে দুটা অনভিজ্ঞ ব্যক্তিগত কোম্পানীকে দিয়া হৈছে। জানিব গৰা মতে অঅনজিচি অসম সম্পদৰ ডিমুৱালগাওঁ, সোনাৰি, নাহৰহাবি, চফ্ৰাই তেলপথাৰ দুৰ্দান্ত অইল এণ্ড নেচাৰেল গেচ প্ৰাঃলিঃক আৰু চাংমাই গাওঁ, পানীদিহিং, দিচাংমুখ তেলপথাৰ কেইখন উৰিষ্যাৰ ষ্টেভদ’ৰ প্ৰাঃলিঃ নামৰ কোম্পানী দুটাক অপৰ্ণ কৰা হৈছে। উল্লেখিত এই কোম্পানী দুটাৰ ভাৰতবর্ষ তথা ৰাষ্ট্রীয় তেল কোম্পানীৰ তালিকাত নিশাটোৰ ভিতৰতে তালিকাভুক্ত কৰা হৈছে যদিও তেল আৰু প্রাকৃতিক গেছ অনুসন্ধান, খনন-উৎপাদনব দিশত কোনো কাৰিকৰী দক্ষতা থকাৰ ইতিহাস নাই। এনে অনভিজ্ঞ তেল কোম্পানীক কোনো দুষ্ট চক্রই তেলপথাৰ গতাই দি অসমৰ প্রকৃতি পদত্ত জাতীয় সন্পদ লুষ্ঠনৰ তথা অদক্ষ কার্য্যপৰিচালনাৰ বাবে বাঘজানৰ দৰে দূর্ঘটনা পুনৰাবৃত্তি হোৱাত বাধা দিবলৈ অসমৰ ৰাইজে সংগবদ্ধ প্রচেষ্টাৰে প্রতিৰোধ সংগ্রাম গঢ়ি তুলিব লাগিব নেতাজনে উল্লেখ কৰে। এই ক্ষেত্রত ভাবতীয় ৰাষ্ট্রীয় মজদুৰ কংগ্রেছ, শিবসাগৰ জিলা সমিতিয়ে অনাগত দিনত সকলো সচেতন ৰাইজ, জাতীয় গণতান্ত্রিক সংগঠন, শ্রম সংগঠন, ৰাজনৈতিক দলক ঐক্যবন্ধ তথা ইতিবাচক পদক্ষেপ গ্রহণ কৰিবৰ বাবে আহ্বান জনাইছে।
দুকুৰি বছৰীয়া আলফা–সংগ্ৰাম আৰু বৰ্তমান স্হিতিৰ গতিপথ।
✍ তিলক মহন
গণতান্ত্ৰিক আন্দোলন,প্ৰতিবাদক চৰকাৰ-প্ৰশাসনে প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰাটো গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্হাৰ প্ৰাথমিক দায়িত্ব । জনগণৰ ক্ষোভৰ উমান লৈ তাক নিৰাময় কৰিব পৰাটো চৰকাৰ-প্ৰশাসনৰ বিচক্ষণতাৰ অন্যতম চৰ্ত ! কিন্তু যি কাম চৰকাৰ একোখনে নিজে আগতীয়াকৈ তৎপৰ হৈ কৰিব লাগিছিল তাক কৰা নাই অথবা, কৰাৰ নামত প্ৰতাৰণাহে কৰিলে তেতিয়া জনগণে কি কৰিব ? সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক আদি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ পৰিৱৰ্তে যেতিয়া ৰাইজ বা ভুক্তভোগীসকলক দমন কৰাৰ নামত অত্যাচাৰ, নিৰ্যাতন, গ্ৰেপ্তাৰ আনকি হত্যা-ধৰ্ষণ(যুৱতী-মহিলা প্ৰতিবাদীক) পৰ্যন্ত কৰিবলৈ আৰক্ষী-নিৰাপত্তা বাহিনীসমূহক সেউজ সংকেত দিয়া হয় তেতিয়া প্ৰতিবাদৰো পদ্ধতি সলনি হ’বলৈ বাধ্য ! ৰাষ্ট্ৰ শক্তি এক বিৰাট শক্তি বুলি জানিও আৰু সেই পথ জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ বুলি জনাৰ পাচতো একাংশ প্ৰতিবাদীয়ে চৰকাৰৰ সন্মুখত সশস্ত্ৰ ৰূপত ফেপেৰি পাতি ধৰিবলৈ কুন্ঠাবোধ নকৰে । সাধাৰণ দৃষ্টিত আন্দোলনৰ গতি-প্ৰকৃতি এইদৰেই নিৰ্ণীত হয় বুলি বিবেচনা কৰোহক !
অসমৰ পটভূমিত ‘আলফা’ বা সংযুক্ত মুক্তি বাহিনী, অসমৰ উত্থানৰ পশ্চাদপটতো উক্ত যুক্তিৰ সাদৃশ্যক নূই কৰিব নোৱাৰি নিশ্চয় ! কাৰণ, আলফাৰ জন্মৰ পূৰ্বে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, বিদেশী নাগৰিক (অবৈধ) বহিষ্কাৰ আন্দোলন আদিক চৰকাৰে যিদৰে তাৎক্ষণিক কাৰ্যব্যৱস্হাৰে সু সমাধান ঘটাব লাগিছিল তাত গুৰুত্ব আৰোপ নকৰিলে । বৰঞ্চ, কেৱল আন্দোলনৰ চোক প্ৰশমিত কৰাৰ উদ্দেশ্য দিয়া সমাধানবোৰে পিচলৈ বিষয়বোৰ অধিক জটিলহে কৰি তোলা পৰিলক্ষিত হৈছেগৈ।
আলফা-ৰ জন্ম অসমৰ বাবে এক ৰাজনৈতিক আৰু ঐতিহাসিক ঘটনা যদিও বিগত তিনিটা দশক বিশেষকৈ, চলিত দশকটোত আলফা-কেন্দ্ৰিক যিবোৰ ঘটনা-পৰিঘটনা সংঘটিত হ’ব ধৰিছে সেইবোৰৰ আলেখ-লেখ পৰ্যালোচনা কৰাসকলে আলফা অচিৰে ইতিহাসত পৰিণত হ’বগৈ বুলি মন্তব্য কৰিব ধৰিছে । অথচ্, সেইসকলৰ লগতে আলফাক সততে বিৰোধ কৰি অহাসকল, চৰকাৰী পক্ষকে ধৰি সংশ্লিষ্ট সকলো মহলৰ হাতত উত্তৰ নথকা গুৰুত্বপূৰ্ণ ‘প্ৰশ্ন’টো হ’ল — আলফাই উত্থাপন কৰি অহা ‘সাৰ্বভৌম অসম’ৰ বিষয়টো এৰিও আন যিবোৰ মৌলিক বিষয়তো বিগত চাৰি দশকধৰি জাতীয় সংগ্ৰামখন পৰাই-নোৱৰাই ধৰি ৰাখিছে সেইবোৰৰ ‘উত্তৰ ‘ কোনোবাদিনা ওলাবগৈনে ?
এসময়ত প্ৰবল শক্তিশালী আৰু সুসংগঠিত ৰূপত আত্মপ্ৰকাশ কৰা আলফা এতিয়া নিজেই অস্তিত্বৰ সংকটত নিমজ্জিত । আলফাৰ এই শোচনীয় অৱস্হাৰ বাবে প্ৰতিপক্ষস্বৰূপ চৰকাৰী দমন-অত্যাচাৰ, হত্যা-নিৰ্যাতন, কূটনীতি-বিভাজন নীতিয়ে ষিমান ক্ৰিয়া কৰিলে তাতোতকৈ বেচি জগৰীয়া সশস্ত্ৰ সংগ্ৰামখনৰ নেতৃত্ব দিয়াসকলৰ ৰণ-কৌশল, দূৰদৰ্শিতাত থকা ত্ৰুটী, আৱেগ সবস্ব: কুচ-কাৱাজ , দলীয় শৃংখলতাহীনতা আৰু একাংশ নেতা-কৰ্মীৰ চূডা়ন্ত বিশ্বাসঘাতকতা ! যাৰবাবে, চৰকাৰৰ ওচৰত আত্মসমৰ্পণকাৰী, আলোচনাপন্হী আদিৰ দোহাই দি সংগঠনটোৰ সিংহভাগে মূল সূঁতিলৈ ঘূৰি অহাত এমুঠিমান অনুগামীক লৈ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আমৃত্যু সাৰ্বভৌম-স্বাধীন অসমৰ দাবীটো জীয়াই ৰাখিব লগা হৈছে ।
প্ৰসংগত: আজি বহু পুৰণি হোৱা এখন চিঠিলৈ মনত পৰিছে ! ১৯৮৯ চন। আলফাৰ জয়জয় ময়ময় সময় । কাৰ্যত: কেইখন মান জিলাত তেতিয়া যেন আলফাৰ সমান্তৰাল শাসনেই চলিছিল । আলফাৰ বিৰুদ্ধত যোৱাৰ সাহস কাৰোৰে নাছিল তেতিয়া । মই সাংবাদিকতাত ভৰি থোৱা এবছৰো হোৱা নাছিল । আলফাৰ বহু নেতা-কৰ্মীক ব্যক্তিগত ভাৱে জানিছিলো , বহুতৰ সৈতে ভাল চিনা-জনাও আছিল । তেওঁলোকৰ সৈতে ক’ৰবাত ভেটা-ভেটি হোৱা বা কথা বিনিময়ৰ সুযোগ পোৱাৰ সময়ত তেওঁলোকৰ সংগ্ৰামখনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিও সশস্ত্ৰ সংগ্ৰাম একোখনত কেনে আপোচবিহীন মানসিকতা, মাৰণাস্ত্ৰ ব্যৱহাৰ কৰোতে থাকিবলগীয়া সংযমীয়তা, কেৱল অস্ত্ৰ নিৰ্ভৰ নহৈ জনগণক সুৰক্ষিত নিজ ভৱিষ্যতৰ স্বাৰ্থতে ৰাজনৈতিক সচেতনতা কিয় প্ৰয়োজন, ৰাজনীতিৰ সমান্তৰালকৈ থলুৱা অৰ্থনীতিক কেনেকৈ গঢ় দিব লাগিব আদি দিশত সজাগতা সৃষ্টি কৰাটো কিমান আৱশ্যক সেইবোৰ কথা সীমিত জ্ঞানেৰে কৈছিলো । কিছুমানে তেনেবোৰ কথাত কিছু হ’লেও হয়ভৰ দিছিল । কিছুমানে আকৌ সেইবোৰ চিন্তা বাহিৰৰ মানুহে কৰাৰ প্ৰয়োজন নাই; আমাৰ নেতাসকল আছে সেইবোৰ ভাবিবলৈ বুলি গা এৰা দিছিল !
আলফাৰ নেতা-কৰ্মীসকলৰ মতি-গতি লক্ষ্য কৰি কৰি অৱশেষত সিদ্ধান্ত কৰি এখন চিঠি লিখাটোকে ঠিৰাং কৰি প্ৰস্তুত কৰিলো — চাৰি পৃষ্ঠাৰ এখন চিঠি । শিৰোনাম ” আলফাৰ নেতৃবৰ্গলৈ এখন মুকলি চিঠি ” ! পিচে, চিঠিখন কাৰ জৰিয়তে বা কেনেকৈ পঠাম বুলি গুণা-গুঠা কৰি থাকি এখন বাতৰি কাকতৰ সম্পাদককে লগ ধৰি চিঠিখন তেওঁৰ কাকতত প্ৰকাশ কৰিব পাৰিব নেকি সুধিলো । চিঠিখন বৰ মনোযোগেৰে তেখেতে পঢ়ি অটাই মোলৈ থৰ লাগি বহু সময় চালে । “কিয় তেনেকৈ চাইছে”বুলি সোধাত ক’লে — মহন, চিঠিখন প্ৰকাশ কৰিলে নিয়মীয়া পঢ়ুৱৈয়ে নহয়, অন্য লোকেও কাকতখন পঢ়িবলৈ হেতাওপৰা লগাবযে সেইটো ধুৰূপ ! কাকতখনৰ জনপ্ৰিয়তা তুংগত উঠিব । আজিৰ দিনত আলফাৰ সংক্ৰান্তত এনে চিঠি লিখাৰ মানুহ ওলাব পাৰে বুলি মই নিজে ভৱা নাছিলো । ইত্যাদি অনেক কথা কৈ তেখেতে পুনৰ ক’লে — চিঠিখন পঢ়ি মোৰ যদি বুজাত ভুল হোৱা নাই তেন্তে নিশ্চয় আপুনি সমালোচনা কৰিছে যদিও আলফাৰ বেয়া বা ক্ষতি হোৱাটো বিচৰা নাই ! মাথোঁ, নিজৰ ভুল-ত্ৰুটী শুধৰাই লৈ আলফাই নিৰ্দিষ্ট লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাটোকে আপুনিও কামনা কৰা নাই জানো ? ময়ো “সেইটোৱে মোৰো উদ্দেশ্য ” বুলি কোৱাত তেখেেতে আকৌ ক’লে — তেতিয়া হ’লে আপুনি অনুমতি দিলে চিঠিখন কাকতত প্ৰকাশ কৰাৰ পৰিৱৰ্তে আলফাৰ শীৰ্ষ নেতালৈকে পঠাই দিওঁ নেকি !
মই আপত্তি নাই বুলি কোৱাত তেখেতে নিজেই পঠোৱাৰ দায়িত্ব ল’লে । প্ৰায় এমাহৰ পিচত যেতিয়া সম্পাদক জনক লগ পাইছিলো তেখেতে মোক জনালে যে চিঠিখন পঠোৱা মৰ্মে উপ সভাপতিৰ হাতত পৰিছেগৈ । উপ সভাপতিগৰাকীয়ে চিঠিখন বোলে পঢ়িছে আৰু খবৰ পঠাইছে যে তেওঁলোকৰ ” কাউঞ্চিল মিটিঙ”ত গোটেইবোৰ উল্লেখিত বিষয়ত বিশদ আলোচনা কৰি যাৱতীয় পদক্ষেপ ল’ব ! চিঠিখনত লিখা বিষয়বোৰৰ দুই-এটা মাথোঁ উল্লেখ কৰিব বিচাৰো : সংগঠনটোলৈ সদস্য নিৰ্বাচন কৰা পদ্ধতিটো পুনৰ পৰ্যালোচনাৰ আৱশ্যক , নিৰ্বাচিত সদস্য বা কেডাৰসকলক প্ৰথমে অসম সম্পৰ্কে বুৰঞ্জী-ভূগোলৰ লগতে বৰ্তমানৰ জনগাঁথনি, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আদি বিষয়ত. স্পষ্ট ধাৰণা দিয়া ; অসম-ভাৰতৰ মাজত সংঘাট সষ্টি হোৱা বিষয়-কাৰণবোৰৰ বৈজ্ঞনিক বিশ্লেষণ সহকাৰে পাঠদান সূচী তৈয়াৰ কৰা, জনগণৰ সৈতে কেনেকৈ সুসম্পৰ্ক বজাব , স্হানীয় সমস্যাবোৰ নিৰ্বাচন কৰি সেইবোৰৰ সমাধানৰ বেলিকা কেনেধৰণৰ উদ্যোগ ল’ব লাগিব তাৰো দিহা দিয়া, জনগণৰ মাজত কি কি কৌশল অৱলম্বন কৰিলে তেওঁলোকে জনযুদ্ধৰ বাবে উজ্জ্বীবিত হ’ব তাৰ সন্ধান কৰা আদি পৰামৰ্শ দিব বিচৰা হৈছিল । লগতে, কিছু সংখ্যক কেডাৰে সমাজত সৃষ্টি হৈ থকা সৰু সৰু কথাবোৰত হস্তক্ষেপ কৰিবলৈ গৈ কেনেকৈ সংগঠনটেক অপ্ৰিয়ভাজন কৰি তুলিছে তাৰো কেতবোৰ উদাহৰণ দাঙি ধৰা হৈছিল ! আলফাৰ উক্তমৰ্মে কোৱা জেনেৰেল কাউঞ্চিল বহিল নে, বা বহিছিল যদিও চিঠিখনৰ বিষয় বস্তু আলোচনা হ’ল নে নাই জানিব নোৱাৰিলো আজি পৰ্যন্ত ! যিহেতু, তাৰ কেই মাহমানৰ পিচতে অৰ্থাৎ, ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ নিশা ‘আলফাক নিষিদ্ধ ঘোষণা” কৰি, প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্যৰ আঞ্চলিক দলৰ চৰকাৰখনক ভংগ কৰাৰ লগতে অসমত ৰাষ্ট্ৰপতি-শাসন ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে । কিন্তু, মোৰ আজিও দৃঢ় বিশ্বাস অটুট আছে যে যদিহে সেই চিঠিখনৰ ৮০% ও আলফা নেতৃত্বই গুৰুত্ব সহকাৰে বিবেচনা কৰি বাট বোলা হ’লে আলফাই আজিৰ দৰে আহুকলীয়া পৰিস্হিতিত নপৰিলগৈ হেঁতেন ! মোৰ সেই চিঠিখনৰ বক্তব্যক হয়তো কোনোবাই মিছা বুলি প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িও আহিব তথা, মোৰ পক্ষত সাক্ষ্য দিবলৈ কাকতখনৰ সম্পাদকজনো বৰ্তমান জীৱিত হৈ থকাও নাই; তৎসত্ত্বেও মই ক’ম– হয়, তেনে এখন চিঠি মই লিখিছিলো আৰু লাঞ্চিত-বঞ্চিত অসমৰ ভাগ্য ৰবি পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাক আলফাই সাকাৰ ৰূপ দিবগৈ বুলি আস্হা ৰাখিয়ে লিখিছিলো ! চিঠিখনৰ কাৰ্বন কপী এটা বহুদিন ধৰি সঁযতনে ৰাখিও থৈছিলো ! হয়তো বহুত বিচাৰ-খোচাৰ কৰিলে পুৰণি কোনোবা এটা হ’লেও টোপোলাত ওলাব !
পৰিশেষত, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ — প্ৰায় পোন্ধৰ হাজাৰৰো অধিক অসমৰ তেজাল যুৱকে আত্ম বলিদান দিয়া আলফাৰ সংগ্ৰামখনক নি:শেষ কৰাৰ তৎপৰতাৰ বিপৰীতে আলফাই সুদীৰ্ঘ ৪০ বছৰ ধৰি যিবোৰ মৌলিক প্ৰশ্ন দাঙি ধৰি আহিছে সেইবোৰ নিৰসন কৰাতহে গুৰুত্ব আৰোপ কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফাক মূল সূঁতিলৈ ঘূৰাই অনাৰ উদ্যোগ গ্ৰহণ কৰক ।
দূৰভাষ নম্বৰ : ৭০০২৪৫৭৩৮২ , গুৱাহাটী ।
ৰেচম বিভাগৰ অৱহেলাতে মৃত্যু ঘন্টা । বাজিছে ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ । সঁচ উৎপাদনৰ বাবে নাই পৰ্যাপ্ত আন্ত:গাঁঠনি,পৰিৱেশ ।
ঢকুৱাখনাৰ পৰা-ৰাজীৱ বৰুৱা
ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ অৱহেলাৰ বাবেই শেহতীয়াকৈ মৃত্যু ঘন্টা বাজিছে অসমৰ ভিতৰতে পুৰণি ১৯৬২ চনতে স্থাপিত ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পটোৰ।অসমৰ ভিতৰত শুৱালকুছি যিদৰে পাট মুগা শিল্পৰ বাবে বিখ্যাত সেইদৰে ঢকুৱাখনা বিখ্যাত সোণালী মুগা শিল্পৰ বাবে।উল্লেখ্য যে ঢকুৱাখনীয়া ৰাইজৰ বাবে মুগা পালন এক অন্যতম লাভজনক খেতি।ঢকুৱাখনাৰ চহা সৰহসংখ্যক গাঁৱৰ চহা খেতিয়কেই-জেঠুৱা, আহাৰুৱা, ভদীয়া, কতিয়া আৰু জাৰুৱা এই পাঁচ বাঁহকৈ মুগা পালন কৰি বছৰটো ধুনীয়াকৈ চলিব পৰাকৈ অৰ্থ উপাৰ্জন কৰে।কিন্তু শেহতীয়াকৈ ঢকুৱাখনাৰ কৃষকে সময়ত মুগাৰ সঁচ নোপোৱাৰ লগতে, চাহ বাগান,ইটা ভাটা,বড়োধানৰ খেতি,শাক-পাচলিৰ খতিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ বাবে মুগাৰ বিস্তৰ লোকচান হোৱাত এই খেতিৰ প্ৰতি অমনোযোগী হৈ পৰা দেখা গৈছে। বিশেষকৈ ঢকুৱাখনাৰ মুগা শিল্পৰ ঐতিহ্য ধাৰবাহিকতা ৰক্ষা কৰাৰ লগতে এই শিল্পক সমৃদ্ধিশালী কৰিবলৈ ১৯৬২ চনতে যিটো মুগা সঁচ উন্নয়ন প্ৰকল্প স্থাপন কৰা হৈছিল ঢকুৱাখনাৰ মাজমজিয়াত।এইটো প্ৰকল্পৰে এতিয়া মৃত্যু ঘন্টা বাজিছে ৰেচম বিভাগৰ অৱহেলাত।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াৰ কাৰ্যালয়টোৱেই এতিয়া একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে।বৰষুণ দিলে প্ৰকল্প বিষয়াৰ কোঠাত জমা হয় ভৰিৰ সৰু গাঁঠি পৰ্যন্ত পানী।কাৰ্যলয়টোৰ টিনপাত, দুৱাৰ, খিৰিকী, আচ-বাব সকলো উৱলি গৈছে।তথাপিও মেৰামতিৰ বাবে খবৰ নাই ৰেচম বিভাগৰ।ইফালে মুগা সঁচৰ উৎপাদন, সংৰক্ষণৰ বাবে কাৰ্যলয়ৰ চৌহদত যিকেইটা ঘৰ আছিল এই আটাইবোৰ ঘৰতে প্ৰশাসনে আৰ্মি কেম্প স্থাপন কৰে।দীৰ্ঘদিন ধৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ ঘৰবোৰ আৰ্মি কেম্পৰূপে ব্যৱহৃত হৈ থকাত প্ৰকল্পটোৰ বিষয়া-কৰ্মচাৰী সকলে সঠিকভাৱে নিজৰ কাম-কাজ ৰূপায়ণত বহুখিনি সমস্যাৰ সন্মুখীন হৈছে।ইফালে আৰ্মি কেম্পৰ চৌহদত তেওঁলোকে নিয়মীয়াকৈ ৰসায়নিক বিজাণুনাশক, কীটনাশক আৰু বন মৰা ঔষধ স্প্ৰে কৰাৰ ফলত যোৱা কেইবাবছৰো ধৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ মুগাৰ উৎপাদনত ব্যাঘাত জন্মি আহিছে।ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ প্ৰায় ১০০ বিঘা মাটিত থকা চোম গছত স্থানীয় কৃষকে মুগা পালন আৰম্ভ কৰাৰ পিছতেই চাল কাটি-৩ উলোৱাৰ সময়ত মুগাৰ বেমাৰ উলাই বহু নষ্ট হয়।তদুপৰি চোমণিৰ চাৰিওফালে বেৰা নথকাত চৰণীয়া গৰু-ছাগলীয়ে অবাধ বিচৰণ কৰাৰ ফলত গৰু-ছাগলীৰ গাত অহা মাখিয়েও মুগাবোৰ বিন্ধি নষ্ট কৰে বহু সময়ত।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া-প্ৰদীপ কুমাৰ মিশ্ৰৰ পৰা জানিব পৰা মতে ২০১৯ বৰ্ষত ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই জেঠুৱা মুগা পুহি-৮,৩৩৩ টা ভাল মুগাৰ বাঁহ,২৯ হেজাৰ টা বেয়া মুগাৰ বাঁহ উৎপাদন কৰে।ইয়াৰ পিছতে আহাৰুৱা মুগাৰ ৭ শ খৰিকা কিনি আনি পুহিছিল যদিও ৩ উলোৱাৰ সময়তে সকলো নষ্ট হ’ল।ফলত উৎপাদন শূণ্য হয়। ইফালে চি,এছ,বি, নাৰায়ণপুৰৰ পৰা ৫০০০ টা মুগাৰ বাঁহ কিনি আনিছিল যদিও তাৰ পৰা পখিলাই উৎপাদন নহ’ল খৰিকাত লগাবৰ বাবে।ইফালে শিৱসাগৰৰ পৰা কঠীয়া আনি পুহা জাৰুৱা মুগাৰ বাঁহ উৎপাদন হয়-১৭ হেজাৰ। ইয়াৰে -১২ হেজাৰ টা ভাল আৰু ৫ হজাৰটা বেয়া মুগা। অন্যহাতে মুগা সঁচ উন্নয়ন প্ৰকল্পত মুগা পালনৰ বাবত কৃষকৰ পৰা লাভ কৰে-১৩ হেজাৰ মুগা। ২০২০ বৰ্ষত ৬০০ খৰিকা বাহিৰৰ পৰা কিনি আনি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই পালন কৰৰিছে যদিও উৎপাদন সন্তোষ জনক নহয়।তদুপৰি ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ দুটাকৈ চকীদাৰৰ পদ আৰু নিম্নবৰ্গৰ সহায়কৰ পদ দীৰ্ঘদিন ধৰি খালি হৈ থকাৰ ফলতো কাৰ্যলয়ৰ যাৱতীয় কাম-কাজ ৰূপাযণত অসুবিধাৰ সৃষ্টি হৈছে।যিটো ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই ঢকুৱাখনাৰ সহস্ৰাধিক মুগা খেতিয়কক সঁচ যোগান দিব পাৰিব লাগিছিল।মুগাৰ বেমাৰ-আজাৰ নিবাৰণৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ দিব লাগিছিল সেইটোৰে এতিয়া মৃত্যু ঘন্টা বাজিছে।ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পই সঁচ উৎপাদন কৰি কৃষক যোগান ধৰাৰ বিপৰীতে এতিয়া নিজেই আনৰ পৰাহে সঁচ কিনিব লগাৰ শোচনীয় অৱস্থা হৈছেগৈ।ঢকুৱাখনাৰ ঐতিহ্যবহনকাৰী ১৯৬২ চনতে স্থাপিত এই মুগা সঁচ উন্নয়ন প্ৰকল্পটোক ভালদৰে কাৰ্যক্ষম কৰি তুলিবলৈ ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অশোক বৰুৱা আৰু সম্পাদক স্বৰাজ শংকৰ গগৈয়ে সংবাদ মাধ্যমৰ জড়িয়তে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ লগতে ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দত্তক দাবী জনাইছে।
অসম চৰকাৰে বৰ্তমান আগবঢ়োৱা বিনামূলীয়া শিক্ষা ব্যৱস্হাৰ সময়ত শিক্ষানগৰী বজালীলৈ দুঃখবৰ-
✍ সৌৰভ কুমাৰ শৰ্মা
১৯৫৫ চনত বজালী অঞ্চলত বাস কৰা কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ লগত জড়িত কেইগৰাকীমান বিশেষ ব্যক্তিৰ অহৰ্নিশে কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল বজালী মহাবিদ্যালয় নামৰ এখন শিক্ষানুস্থানৰ য’ত প্ৰতিদিনে শিক্ষাৰ জ্যোতিয়ে পোহৰাইছিল গোটেই বৃহত্তৰ বজালীৰ চৌপাশ । সৌ তাহানিৰ পৰাই গোটেই মহাবিদ্যালয়ৰ পৰিয়ালটোৱে তথা সমগ্ৰ বজালী অঞ্চলবাসীয়ে মনত পুহি ৰখা গ্ৰাম্য বিশ্ববিদ্যালয়ৰ সপোনটোৱে নিয়ৰত তিতা দুৱৰি বনৰ দৰে সজীৱ হৈ পৰিছিল ২০১৭ চনৰ ১৬ অক্টোবৰ তাৰিখে । আৰু সেই দিনটোৰ পিছৰ পৰাই বজালী মহাবিদ্যালয়ে নতুন চিনাকী পাইছিল আজিৰ ভট্টদেৱ বিশ্ববিদ্যালয় হিচাপে । এইক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ বিত্ত, স্বাস্হ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰলৈ । গোটেই বিশ্বত কোৰোণা ভাইৰাছৰ লগত যুদ্ধকালীন সংকটময় অৱস্থাৰ সময়ত শিক্ষানগৰী হিচাপে চিন্হিত বজালীবাসীলৈ শিক্ষা ক্ষেত্ৰত নামি আহিছে যেন এক অনাকাংক্ষিত দুৰ্যোগ । ভট্টদেৱ বিশ্ববিদ্যালয় আইন,২০১৭ ৰ ৬ নং (১৮) দফাত উল্লেখিত অনুসৰি উচ্চতৰ মাধ্যমিক শাখাটো বাহাল ৰখাৰ কথা আছিল যদিও হঠাতে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি বন্ধ কৰাৰ ফলত বজালী তথা চুবুৰীয়া ঠাইসমূহৰ বহুসংখ্যক মেধা ছাত্ৰ-ছাত্ৰীয়ে বিপৰ্যয়ৰ সন্মূখীন হব লগাত পৰিছে । এই কোৰোণা মহামাৰীৰ সময়ত সমগ্ৰ অসমত চৰকাৰে লোৱা বিনামূলীয়া শিক্ষাৰ প্ৰশংসামূলক পদক্ষেপৰ বাবে চৰকাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ যদিও ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই আমাক অতিকৈ দুঃখিত কৰিছে । বজালী অঞ্চলত বহুকেইখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে যদিও তাৰ শিক্ষাব্যৱস্থা বিনামূলীয়া নহয় । যাৰ ফলত অত্যন্ত মেধা যদিও আৰ্থিক দন্যতাৰে ভাৰাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকল দিশহাৰা হব লগাত পৰিছে । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ওচৰে পাজৰে থকা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি সন্তোষজনক নহয় । যোৱাবৰ্ষত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত আসন আছিল ২০০-২৫০, কলা শাখাত আসন আছিল ১৩০-১৫০ । সেই অনুসৰি ইমানখিনি ছাত্ৰ-ছাত্ৰীয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিকল্প হিচাপে বেলেগ চৰকাৰী খণ্ডৰ শিক্ষনুস্হানসমূহত শিক্ষা গ্ৰহণ কৰিবলৈ পৰ্য্যাপ্ত আসনৰ ব্যৱস্থা নাই । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নিলগতে লাগি থকা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত আসনৰ সংখ্যা মাত্ৰ ৫০ খন, কলা শাখাত ১৫ খন আৰু বাণিজ্য শাখাত ৫০ খন । তদুপৰি অসমীয়া, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞানৰ স্থায়ী শিক্ষকৰ অভাৱ আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আওপুৰণি আন্তঃ গাঁঠনি ৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল তথা কতৃপক্ষই ।এই ক্ষেত্ৰত বিদ্যালয়খনৰ আন্তঃ গাঁঠনিৰ উন্নয়ন কৰাটো অত্যন্ত প্ৰয়োজনীয় । বজালী অঞ্চলৰ আন এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান পাঠশালা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত আসনৰ সংখ্যা প্ৰায় ৩০০ খন যদিও বিজ্ঞান শাখাৰ সুবিধা নাই । গতিকে এই মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰ ব্যৱস্থা কৰাটো অতিকৈ জৰুৰী ।
সদৌ শেষত ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক সুস্থিৰ আৰু যোগাত্মক চিন্তাধাৰাৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাটো বাহাল ৰাখিবলৈ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু লগতে বজালী অঞ্চলৰ সকলো চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি আৰু শৈক্ষিক ব্যৱস্থাৰ উন্নয়নৰ বাবে আহ্বান জনাইছোঁ ।
গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়,
প্ৰাক্তন আলোচনী সম্পাদক,বজালী মহাবিদ্যালয়
ভ্ৰাম্যভাষ- 8638779023, souravsarmakr21@gmail.com
টপাৰপথাৰৰ উদীয়মান যুৱকে নিৰ্মাণ কৰিলে সুদীৰ্ঘ বাঁহৰ দলং ।
দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী
ছয়গাঁও বিধানসভা সমষ্টিৰ এলেকাধিন টপাৰপথাৰত নিৰ্মাণ কৰা বাঁহৰ দলংখন কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷৷ উল্লেখ্য যে দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ গাতে লাগি থকা টপাৰপথাৰ ই এণ্ড ডি মথাউৰি সংযোগী উত্তৰ অংশৰ পথছোৱাত স্থায়ী দলং এখনৰ প্ৰয়োজন জনসাধাৰণে বহুদিনৰে পৰা বাৰুকৈ উপলব্ধি কৰিছিল৷ জানিব পৰামতে, টপাৰপথাৰৰ উদীয়মান যুৱকদ্বয় যথাক্ৰমে ছাহজাহান আলী, ছিৰাজুল হক, জামাল উদ্দিন, ৰবিউল হুছেইনৰ নেতৃত্বত পথছোৱাত সুদীৰ্ঘ এখন বাঁহৰ দলং নিৰ্মাণ কৰে৷ উল্লেখ্য যে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তথা ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিওৱা দলংখন পাৰাপাৰৰ বাবদ কিছু ধন সংগ্ৰহ কৰা হ’ব৷ প্ৰণিধানযোগ্য যে ২৬০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ সাঁকোখন নিৰ্মাণৰ ক্ষেত্ৰত দৈনিক ২৫ জন শ্ৰমিকে কাম কৰি ৮ দিনে নিৰ্মাণ কৰি উলিয়ালে দলংখন৷ টপাৰপথাৰৰ সুদীৰ্ঘ বাঁহৰ সাঁকোখন কালি ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ইছমাইল আলীয়ে৷ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ আব্দুল হাই আনছাৰী, লোকমান হেকিম, আবুল হুছেইন, দৌলত খান, মিৰাজুল ইছলাম, বিল্লাল হুছেইন প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী
খণ্ড- ২ : সাংবাদিকতা ব্যৱসায় নহয়, লোক সেৱাৰ মাধ্যমহে ।
প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক :
আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ।
✍ মনজিৎ কুমৰ শৰ্মা
সেইয়া ১৯৪৭ চনৰ কথা। সুদীৰ্ঘ সংগ্ৰামৰ অন্তত দেশ তেতিয়া স্বাধীনতাৰ ঠিক দুৱাৰডলীত ঠিয় হৈছেহি। সংগ্ৰামৰ সেই কালছোৱাত দেশৰ সংবাদ মাধ্যমে (ছপা মাধ্যম) গণ সংযোগৰ ক্ষেত্ৰত আগবঢ়োৱা বিশাল অৱদানৰ পৰিপ্ৰেক্ষিতত, ছপা মাধ্যমৰ সম্ভাৱনাময় ক্ষেত্ৰখনত লাহে লাহে ব্যৱসায়িক লোভ দৃষ্টি পৰিবলৈ আৰম্ভ হৈছিল দেশৰ উদ্যোগ খণ্ড তথা পূজিপতি গোষ্ঠী সমুহৰ। ঠিক সেই সময়তেই এদিন জনপ্ৰিয় হিন্দী দৈনিক নৱভাৰত টাইমছ’ৰ স্বত্বাধিকাৰী ৰামকৃষ্ণ ডালমিয়াই প্ৰখ্যাত সাংবাদিক বনাৰসীদাস চতুৰ্বেদিলৈ পত্ৰযোগে আগবঢ়ালে তেওঁৰ কাকতখনৰ সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ এক আকৰ্ষণীয় প্ৰস্তাৱ। উত্তৰত চতুৰ্বেদী ডাঙৰীয়াই লিখিলে, “যিহেতু সিদ্ধান্তগত কাৰণত মই সংবাদ ক্ষেত্ৰত পূজিপতিৰ প্ৰৱেশৰ বিৰোধিতা কৰো, সেয়েহে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মই অসমৰ্থ। “সেই ধৰণৰ যুগ এটাও যে সচাকৈয়ে আছিল, আজিৰ সময়ত তেনে কথা ভবাটোও ঠিক সপোন দেখাৰ দৰেই। সেই সময়ত ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত এনেকুৱা কিছু ব্যক্তি আছিল, বিভিন্ন কাকতৰ সম্পাদক ৰূপে যিসকলে মনে প্ৰাণে বিশ্বাস কৰিছিল যে সাংবাদিকতা এক উদ্যোগ নাইবা ব্যৱসায় নহয়, বৰঞ্চ লোকসেৱাৰ এক মাধ্যমহে। এই ধৰণৰ সুউচ্চ চিন্তাধাৰা আচলতে ১৭৮০ চনৰে পৰা প্ৰৱাহমান ভাৰতীয় সাংবাদিকতাৰ আত্মিক চৰিত্ৰৰ এক প্ৰতিফলন বুলিয়েই অভিহিত কৰিব লাগিব। কাৰণ ১৮৭৮ চনৰ ‘ভাৰ্নাকুলাৰ প্ৰেছ আইন’ প্ৰণয়নৰ ঠিক আগেয়ে ভাৰতীয় সাংবাদিকতাৰ যি প্ৰদ্যোতিত ধাৰা অমৃত বাজাৰ পত্ৰিকা’ৰ তদানীন্তন সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষে ৰোপন কৰিছিল, সেই ধাৰাকেই ক্ৰমাৎ আগবঢ়াই লৈ গৈছিল বনাৰসীদাস চতুৰ্বেদিৰ দৰে সাংবাদিক সকলে। এইখিনিতে স্মৰণ কৰিব লাগিব ১৮৭৮ৰ সেই আইনখন প্ৰণয়নৰ কিছুদিন আগৰ এক ঘটনা। তেতিয়া বেংগলৰ গভৰ্নৰ পদত অধিষ্ঠিত হৈ আছিল ছাৰ এছলি ইডেন নামৰ বৃটিছ বিষয়াগৰাকী। এই এছলি ইডেন ভূটানত বৃটিছ ভাৰতীয় চৰকাৰৰ আজ্ঞাবাহী বিশেষ বিষয়া ৰূপে নিয়োজিত হৈ থকা কালছোৱাতেই, ভুটীয়া শাসকৰ ছাপত পৰি তেওঁ স্বাক্ষৰ কৰিছিল বৃটিছ ভূটান চুক্তিত। কিন্তু ভূটীয়া সকলৰ স্বাৰ্থ সৰহকৈ পূৰণ কৰা এই চুক্তিখন পৰৱৰ্তী কালত বৃটিছ চৰকাৰে ৰদ কৰে। আৰু এই চুক্তিৰ একপক্ষীয় অৱমাননাৰ ফলশ্ৰুতিত ১৮৬৪-৬৫ত বৃটিছ ভাৰত আৰু ভুটানৰ মাজত যুদ্ধ সংঘটিত হয়। সেই এছলি ইডেনেই এদিন বিখ্যাত আনন্দ বাজাৰ পত্ৰিকা’ৰ সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষক দিলে এক প্ৰস্তাৱ। আৰু সেইয়া আছিল ‘মিলিজুলি একেলগে আগবঢ়াৰ’ এক প্ৰলোভন ভৰা প্ৰস্তাৱ। ইয়াৰ প্ৰত্যুত্তৰত ঘোষ ডাঙৰীয়াই এছলি ইডেনক কৈছিল – “শ্ৰীমান, এই ধৰাত এজনটো সৎ সাংবাদিক থাকিবলৈ দিয়ক”।
আজিৰ সময়ত এনেকৈ ক’ব পৰা, হাতলৈ অহা পেছাগত, লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব পৰা সাংবাদিক সচাকৈয়ে আছেনে বাৰু?
*** (ক্ৰমশঃ)
দিহিং পাটকাইক ধ্বংস নকৰিব…
✍ জ্যোতিপ্ৰকাশ বড়ো
দিহিং পাটকাই এনে এক বনাঞ্চল যিটো অঞ্চল বিখ্যাত ভাৰত-ম্যানমাৰ জৈৱ-বৈচিত্ৰ হটস্পটৰ অন্তৰ্গত। এই সাত-আঠশ বৰ্গ কিলোমিটাৰৰ বৃহৎ বনাঞ্চল জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ। দিহিং পাটকাই কেৱল অসমৰে নহয়,সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে হাওঁফাওঁ স্বৰূপ। ইয়াৰ গভীৰতাৰ বাবে ইয়াক “পূৱৰ আমাজান” বুলিও কয়। ইয়াৰ জৈৱ-বৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় জাকত জিলিকা উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে সমৃদ্ধ এখন শক্তিশালী বনাঞ্চল। কেইবাটাও প্ৰজাতিৰ বান্দৰ এই অভয়াৰণ্যৰ বৈশিষ্ট। ইয়াৰোপৰি বহু প্ৰজাতিৰ তৰু-তৃণ, অৰ্কিডৰ বাবেও দিহিং পাটকাই আকৰ্ষণীয় আৰু বিখ্যাত। উল্লেখযোগ্য যে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত পূৰ্বৰে পৰা কয়লা খনন অব্যাহত আছে। এন.বি.ডব্লিউ.এলে অতিৰিক্ত এক বৃহৎ এলেকাত খনন চলোৱাৰ বাবে অনুমতি দিয়াৰ ফলত জৈৱ-বৈচিত্ৰৰ বাবে সংৰক্ষিত এই বনাঞ্চল ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে। মন কৰিবলগীয়া যে পৰিৱেশ প্ৰকৃতিৰ উন্নয়নৰ কথা কৈ থকা কেন্দ্ৰীয় চৰকাৰখনে এতিয়া জৈৱ-বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাইৰ চহকী পৰিৱেশক আওকাণ কৰিছে আৰু বিপৰীতে বৰ্ষাৰণ্যখনত থকা কয়লাক অধিক প্ৰাধান্য দিছে। কিন্তু কয়লা খননৰ দৰে প্ৰকৃতিবিৰোধী কাৰ্য্যই এতিয়া দিহিং পাটকাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই সম্পূৰ্ণ ৰেহ-ৰূপ সলনি কৰি পেলাব ইয়াত কোনো সন্দেহ নাই। হাতীৰ বিচৰণস্থলীসমূহত কয়লা খননৰ ফলশ্ৰুতিত নিশ্চয়কৈ প্ৰভাৱ পৰিব। যাৰ বাবে দিহিং পাটকাইৰ চৌপাশে বসবাস কৰি থকা লোক আৰু হাতীৰ মাজত সংঘৰ্ষ হব। কয়লা খননে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জলবায়ুৰ পৰিৱৰ্তনত প্ৰভাৱ পেলাই আহিছে। বায়ু প্ৰদূষণৰ লগে লগে তাত থকা ভিন্ন প্ৰজাতিৰ পখিলা, চৰাই আদি মৃত্যুমুখত পৰিব, জীৱ-জন্তুবোৰে দিহিং পাটকাই এৰি জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হ’ব। কিন্তু অতি সম্প্ৰতি চৰকাৰী অনুমতি অথবা পৰোক্ষ পৃষ্ঠপোষকতাত প্ৰকৃতি ধ্বংস যজ্ঞত উঠি পৰি লাগিছে এচাম স্বাৰ্থন্বেষী মহল, চিণ্ডিকেট চক্ৰ। খনিজ,বনজ আৰু জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত থকা লোভৰ দৃষ্টিয়ে এফালৰ পৰা গ্ৰাস কৰি আনিছে আমাৰ পৰিৱেশ, অৰ্থনীতি। দিহিং পাটকাইৰ অন্তৰ্গত অবৈধ খনন আৰু বন ধ্বংসৰ বিৰুদ্ধে ৰাজ্যজুৰি এক শীতল প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছে। চৰকাৰী বিধি ব্যৱস্থাৰ বিৰুদ্ধে দিহিং পাটকাই সংৰক্ষণৰ বাবে তৎপৰ হ’বলগা হৈছে প্ৰকৃতি তথা অসমপ্ৰেমী ৰাইজ। সৰ্বত্ৰ চৰ্চাৰ বিষয়বস্তু হৈছে দিহিং পাটকাইৰ ওপৰত চলা ধ্বংস যজ্ঞ, জৈৱজগতৰ ওপৰত পৰা প্ৰভাৱ। সেয়েহে চৰকাৰে এই পৰিকল্পনাক শীঘ্ৰে প্ৰতিহত কৰি বৃহত্তৰ দিহিং পাটকাইক সুৰক্ষা প্ৰদান কৰক। নহ’লে প্ৰকৃতিয়ে মানৱক কোনোকালে ক্ষমা নকৰিব।

















