Home Blog Page 3312

‘কালু’ : আইপিএলত বর্ণবৈষম্য ।

দৈনন্দিন বাৰ্তা ক্ৰীড়া

মার্কিন কৃষ্ণাংগ নাগৰিক জর্জ ফ্লয়েডৰ হত্যাকাণ্ডৰ পাছত গৰিহণা দি সৰৱ হৈ পৰিছে ক্ৰিছ গেইল৷ ছচিয়েল মিডিয়াত তেওঁ উজাৰিছে ক্ষোভ৷ ৱেষ্ট ইণ্ডিজৰ এই কিংবদন্তি ক্রিকেটাজনে জনায় যে কেৱল ফুটবলতে নহয় ক্ৰিকেট খেলতো বর্ণবৈষম্যই বিৰাজ কৰিছে৷ দীৰ্ঘ কেৰিয়াৰত বিশ্বৰ বিভিন্ন দেশ ঘুৰা খেলুৱৈজনে নিজৰ অভিজ্ঞতাৰ কথা কৈছে৷ গেইলৰ সুৰত সুৰ মিলাই ৱেষ্ট ইণ্ডিজৰ প্রাক্তন অধিনায়ক ডাৰেন শ্বামীয়ে কয় যে আইপিএল খেলাৰ সময়ত তেওঁ বর্ণবৈষম্যৰ বলি হৈছে৷ নিজৰ ইনষ্টাগ্ৰামৰ পেজত শ্বামীয়ে কয় যে ছানৰাইজ হায়দৰাবাদৰ হৈ খেলোতে তেওঁক ‘‌কালু’‌ বুলি মাতিছিল৷ কিন্তু কেতিয়া, কোনে তেওঁক এই নামেৰে মাতিছিল সেয়া তেওঁ নির্দিষ্টকৈ জনোৱা নাই৷ তেওঁ লিখিছে, আইপিএলত ছানৰাইজৰ হৈ খেলোতে তেওঁক আৰু পেৰেৰাক কালু নামেৰে মাতিছিল৷ তেতিয়া তেওঁৰ খং উঠিছিল বুলি কয়৷

সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ : মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাতিমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান শাখা সাহিত্য সভাৰ ।

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাতিমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান শাখা সাহিত্য সভাৰ ।

উজনি-মাজুলী পৰা উজনি-মাজুলী বিকাশ শইকীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰলৈ ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাজুলী বনগাঁও সমীপৱৰ্তী পুখুৰীপৰীয়াচুক গাঁওৰ আৰতি হাটীমতাৰ এতিয়া উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্রত আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে | এই সন্দৰ্ভত সংবাদ মাধ্যমত  প্ৰচাৰিত প্ৰতিবেদনৰ পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিছে মাজুলীস্থ শাখা সাহিত্য সভাৰ বহুকেইজন সুহৃদ | আজি বিয়লি দৰিদ্ৰ ছাত্রীগৰাকীৰ গৃহত উপস্থিত হৈ মাজুলীৰ প্ৰথমটো পৰম সুহৃদ হিতৈষী পৰিয়ালৰ সদস্যা তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ্যোতি ৰেগন, মধ্য মাজুলী শাখা সাহিত্য সভাৰ উপসভাপতি পাপু বৰা আৰু উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে কিছু অৰ্থসাহাৰ্য্য আগবঢ়োৱাৰ লগতে অনাগত সময়ত সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে |

দক্ষতা অনুযায়ী প্ৰৱজিত শ্ৰমিকক কামৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

দক্ষতা অনুযায়ী প্ৰৱজিত শ্ৰমিকক কামৰ ব্যৱস্থা কৰক৷ মঙলবাৰে প্ৰৱজিত শ্ৰমিক সংক্ৰান্তত দেশৰ উচ্চতম ন্যায়ালয়ে এক গোচৰৰ এই ৰায় দিয়ে৷ আনকি৷লকডাউনৰ সময়ত চৰকাৰী৷নিৰ্দেশ ভঙাৰ বাবে বহু প্ৰৱজিত শ্ৰমিকক দায়ী কৰি গোচৰ ৰুজু কৰা হৈছিল৷ কেন্দ্ৰ আৰু ৰাজ্যবোৰক সেইবোৰ প্ৰত্যাহাৰ কৰাৰ বিষয়টো বিবেচনা কৰিবলৈ কয়৷ মানৱীয় কাৰণতে ২০০৫ চনৰ দুৰ্যোগ মোকাবিলা আইন অনুযায়ী এই সিদ্ধান্ত লোৱা উচিত বুলি জনায় বিচাৰপীঠে৷ মঙলবাৰে এই গোচৰৰ শুনানিৰ পাছত বিচাৰপীঠে পুনৰ নিৰ্দেশ দিয়ে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰে ১৫ দিনৰ ভিতৰত প্ৰৱজিত শ্ৰমিকসকলক নিজ এলেকালৈ ঘুৰাই আনিব লাগিব৷ লগতে কেন্দ্ৰক নিৰ্দেশ দিয়ে যে ৰাজ্য চৰকাৰে দাবী জনালে ২৪ ঘণ্টাৰ ভিতৰত প্ৰৱজিত শ্ৰমিকৰ বাবে ৰে’লৰ ব্যৱস্থা কৰিব৷ আনকি ইয়াৰ বাবে কোনো টকাও ল’ব নালাগিব বুলি পুনৰ সতৰ্ক কৰি দিয়ে৷

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : পাকিস্তানৰ চিকিৎসালয়ত নাই বিচনা, ভেণ্টিলেটৰ ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক

পাকিস্তানত ক’ৰোনা আক্ৰান্তৰ সংখ্যা এক লাখৰো অধিক হ’ল৷ দেশখনৰ চিকিৎসালয় কর্তৃপক্ষই জনাইছে যে চিকিৎসালয়ত বিচনা নাই৷ চিকিৎসকসকলেও কৈছে, চিকিৎসালয়ত পর্যাপ্ত বিচনা নাই, ভেণ্টিলেটৰ নাই৷ চিকিৎসা কৰা দুঃসাধ্য হৈ পৰিছে৷ উল্লেখ্য যে কেৱল লাহোৰতে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭০ হাজাৰ৷ লাহোৰৰ এখন চিকিৎসালয়ৰ চিকিৎসক ফাৰুক ছাহিলে কয় যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ স্বাস্থ্য কৰ্মীও ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়ং ডক্টৰছ এছ’চিয়েছনৰ সভাপতি খাইজাপ হায়াটে জনাইছে যে চিকিৎসালয়বোৰত আটাইবোৰ বিচনা ভৰ্ত্তি হৈছে৷ প্ৰয়োজনীয় ভেণ্টিলেটৰো নাই৷ অৰ্থনীতিৰ কথাত গুৰুত্ব আৰোপ কৰি সমগ্ৰ দেশত সম্পূর্ণ লকডাউন কৰা নাই প্রধানমন্ত্রী ইমৰান খানে। পাকিস্তানৰ ক’ৰোনা টাস্কফ’ৰ্চৰ প্ৰধান ওমৰে৷সোমবাৰে পুৱা ঘোষণা কৰিছিল যে দেশৰ প্ৰধান চহৰবোৰত নতুনকৈ ১০০০ বিচনা যোগ কৰিব৷ বালুচিস্তান প্রদেশৰ চৰকাৰী মুখপাত্র লিয়াকৎ ছাহাৱানিয়ে কয় যে পৰিস্থিতি গুৰুতৰ৷ কর্তৃপক্ষই যুঁজ কৰি আছে৷

ক’ৰোনা আক্ৰান্ত হোৱা তেজৰ গ্ৰুপ ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক

সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাই আছে৷ মৃত্যু হৈছে বহু লোক৷ ভাৰতবৰ্ষতো ক’ৰোনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ ফলত আক্ৰান্ত আৰু মৃতৰ সংখ্যা বৃদ্ধি পাই আছে৷ সম্প্ৰতি ভাৰতৰ পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে৷ এনে সময়তে নতুন আশংকাৰ কথা শুনালে একদল বিজ্ঞানীয়ে৷ বিজ্ঞানীসকলে কৰা দাবী মতে যিসকল ব্যক্তিৰ তেজৰ গ্ৰুপ  ‘এ’ (A) সেইসকল লোকৰ মাজত ক’ৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইটকৈ বেছি৷ সম্প্রতি জাৰ্মানীৰ কিয়েল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে দাবী কৰিছে যে তেজৰ গ্ৰুপ ‘এ’ তেওঁলোকৰ মাজত ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা আনবোৰৰ তুলনাত ৫০ শতাংশ পৰ্যন্ত বেছি৷ বিজ্ঞানীসকলে জনাইছে যে বিভিন্ন বয়সৰ ১৬০০ৰো অধিক ক’ৰোনা আক্ৰান্ত আৰু একে পৰিমাণৰ ক’ৰোনাত আক্ৰান্ত নোহোৱা লোকৰ ডিএনএৰ গঠন আৰু তেজৰ গ্ৰুপ পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয়৷ জাৰ্মান গৱেষকৰ দাবী, এই সমীক্ষাত তেওঁলোকে দেখে যে যিসকল লোকৰ তেজৰ গ্ৰুপ ‘এ’ সেইসকল লোক আন তেজৰ গ্ৰুপতকৈ বেছি ক’ৰোনাত আক্ৰান্ত হয়৷ কেৱল এয়াই নহয়, বিজ্ঞানীসকলে জনাই যে আগন্তুক দিনত এই গ্ৰুপৰ তেজ যাৰ শৰীৰত আছে তেওঁলোক আক্ৰান্ত হোৱাৰ আশংকা সকলোতকৈ বেছি৷ গৱেষণাটোত দেখা গৈছে যে যিসকল ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে তেওঁলোকৰ মাজত বেছি ভাগেই তেজৰ গ্ৰুপ ‘এ’৷ জাৰ্মান গৱেষকসকলৰ আগেয়ে ক’ৰোনাত আক্ৰান্ত হোৱাৰ সম্পৰ্কে তেজৰ গ্ৰুপৰ একোটা যোগসূত্ৰ আছে বুলি দাবী কৰিছিল এদল চীনা বিজ্ঞানীয়ে৷ জাৰ্মান বিজ্ঞানীসকলে জনায় যে ‘এ’ গ্ৰুপৰ তেজ যিদৰে এই ভাইৰাছত আক্ৰান্ত হোৱাসকলৰ বাবে বিপদ তাৰ বিপৰীতে অ’ (O) গ্ৰুপৰ তেজৰ ক্ষেত্ৰত বিপদ বহু কম৷ অর্থাৎ, যিসকলৰ শৰীৰত অ’ (O) গ্ৰুপৰ তেজ আছে তেওঁলোকক এই মাৰাত্মক ভাইৰাছে আক্ৰান্ত কৰি বিপদত পেলোৱাত বহু কম৷

লংকাত বিধ্বংসী অগ্নিকাণ্ড ।

লংকা

আজি দুপৰীয়া ভাগত লংকাৰ লংকাপট্ৰীৰ  ১নং বাৰ্ডত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।। অগ্নি কাণ্ডত নুৰুল ইছলামৰ ঘৰৰ এটা শুৱনী গৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ।। শ্বৰ্ট চাৰ্কেটৰ ফলত জুই সুত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে ।। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা সময়ত পৰিয়ালৰ লোক আৰু স্হানীয় ৰাইজে ততাতৈয়াকৈ গৃহটোৰ ভিতৰত থকা বয়-বস্তু বাহিৰলৈ ওলিয়াই আনে যদিও অধিকাংশ বয়-বস্তু টোতেই অগ্নিসংযোগ হৈ পৰে ।। ঘৰতে থকা পানী তোলা মটৰৰ দ্বাৰা প্ৰথমে জুই নিৱাপনৰ বাবে চেষ্টা কৰা হয় যদিও পিছত ঘটনাস্হলীত অগ্নিনিৱাপনৰ গাড়ীয়ে সম্পূৰ্ণৰূপে জুই নিবাপন কৰে আৰু সংঘটিত হ’ব পৰা ডাঙৰ বিপদৰ পৰা অঞ্চলটো ৰক্ষা পৰে ।

সাম্প্রতিক গবেষণাত প্ৰকাশ : ম’বাইল ফোনৰ নিচা মানৱ শৰীৰত নিষিদ্ধ ড্ৰাগছৰ দৰে ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন 

‌সাম্প্ৰতিক কালত বাছ, ৰে’ল আদি সকলোতে দেখিবলৈ পোৱা যায় বৃহৎ সংখ্যক লোকে ম’বাইল ফোনটো লৈ ব্যস্ত হৈ থাকে৷ কিন্তু ম’বাইল ফোনৰ নিচা সাম্প্ৰতিক কালত নিষিদ্ধ ড্ৰাগছৰ দৰে হৈ পৰিছে৷ শেহতীয়া গৱেষণাত দেখা গৈছে যে ম’বাইল ফোনৰ নিচা নিষিদ্ধ ড্ৰাগছৰ দৰে আমাৰ শৰীৰ, মস্তিষ্কত কাম কৰে৷ ‘আইকিউ লেভেল’ কমাই দিয়ে৷ অৰ্থাৎ ‘আইকিউ লেভেল’ত ম’বাইল ফোন ব্যৱহাৰে প্ৰভাৱ পেলায় ৷ ম’বাইল ফোনৰ ৰশ্মি মানুহৰ মস্তিষ্ক কেতবোৰ পদাৰ্থক মাৰাত্মকভাৱে ক্ষতিগ্রস্থ হয়। এই সমস্যা অধিক ভয়ংকৰৰূপে ছচিয়েল মিডিয়া যুগত দেখিবলৈ পোৱা গৈছে৷ মন কৰিব লগীয়া যে নিশা শুই থকাৰ সময়তো মানুহে এই যন্ত্ৰটোৰ দিশত মন দিয়ে৷ ৰাস্তাত চলাফুৰা কৰোতে, কাৰোবাৰ সৈতে মুখামুখিকৈ কথা পাতোতে, ক’ৰবাত বহি থাকোতে ম’বাইল ফোনটোত ব্যস্ত হোৱা পৰিলক্ষিত হয়৷ আন নালাগে বহু লোকে স্নানাগাৰত থকা অৱস্থাতো ম’বাইল ফোনটো লগত ৰাখি থয়৷ ফলত ম’বাইল ফোনৰ পৰা অধিকাংশ লোক আঁতৰত থাকিব নোৱাৰা হৈছেগৈ৷ হেইডলবার্গ বিশ্ববিদ্যালয়ৰ জাৰ্মান গৱেষক এজনে মুঠ ৪৮ জন লোকৰ মস্তিষ্কৰ এমআৰআই ৰিপৰ্ট পৰীক্ষা কৰি দেখিবলৈ পায় যে সেই লোকসকলৰ ২২জনৰ ম’বাইল ফোনৰ আসক্ত৷ তাত দেখিবলৈ পালে যে সেই লোকসকলৰ মস্তিষ্কত প্ৰভাৱ পৰিছে৷ এই ২২ জনৰ দৃষ্টিশক্তি, কথা কোৱা, আৱেগ আদিৰ ক্ষমতা বাকীসকলতকৈ কমি গৈছে৷ 
বহু লোকেই ম’বাইল ফোনটো পালেই সুখী হৈ পৰে৷ বহু লোকে নিচাযুক্ত ঔষধ খালে বা কোনো কাৰণত নিচা হ’লে সাধাৰণতে লোকজনৰ স্নায়ু দ্রুত গতিত চলে৷ সেই সময়ত তেনে লোকৰ শৰীৰত ডোপামিনৰ দৰে হৰমন তৈয়াৰ হয়৷ ইয়াৰ দ্বাৰা মানুহৰ স্নায়ু শিথিল কৰি দিয়ে৷ নিচা হ’লে যিদৰে বহু সময়ত কি কৈছে, কি কৰিছে সেইবোৰৰ প্ৰতি গুৰুত্ব নাথাকে বা বহু লোক তাৰ দ্বাৰা নিয়ন্ত্ৰিত জ্ঞানেৰে চলে৷ সেই একেদৰে ম’বাইল ফোনৰ নিচাই ক’ত আছে, কি কৰিছে, কাৰ লগত কথা পাতিছে, সেইবোৰ চাবলৈ কোনো গুৰুত্ব নাই৷ কথা হ’ল এই সমস্যাৰ পৰা মুক্তি কি দৰে পোৱা যাব ? কেতবোৰ ম’বাইল ফোন কিনাৰ সময়ত দেখা পোৱা যায় যে তাত ‘‌ইনবিল্ট’‌ কিছু ‘‌ফিচাৰ’‌ থাকে৷ তাতে দিনটোত ফোনটো কিমানবাৰ ব্যৱহাৰ কৰিলে তাৰ হিচাপ থাকে৷ তাৰ দ্বাৰা হিচাপ ৰাখিব পাৰি৷ তাক লক্ষ্য কৰিলে ব্যৱহাৰৰ সময় কমি যায়৷ ছচিয়েল মিডিয়াৰ এপবোৰৰ সলনি কেতবোৰ সুস্থ এপ ডাউনলোড কৰিব পাৰে৷ ফলত নিজকে ‘ফিট’ কৰি ৰখা, প্ৰতিদিনে খোজ কাঢ়িলে বা কেলৰি কমালে নিজৰে ভাল লাগিব৷ কিন্তু খোজ কাঢ়োতে ম’বাইল ফোন নিব নালাগিব৷ আনহাতে ফোনৰ নটিফিকেচন বন্ধ কৰি দিব পাৰি৷ প্ৰথম অৱস্থাত অতি কষ্ট হ’ব৷ পাছলৈ ই এটা সমস্যা হৈ পৰিব ৷ ফোনৰ পোহৰ বা ‘‌ব্রাইটনেছ’ কমাই দিব পাৰি৷ তেতিয়া বেছিভাগ সময়ত ফোনটোলৈ চকু নাযায়৷ তেনেদৰে নিজৰ নিচা কমোৱাত সুবিধা হ’ব৷
ইয়াৰ পিছতো যদি ম’বাইল ফোনৰ নিচা বা আসক্তি নকমে তেনে এলাহবাদ যাব লাগিব৷ যিহেতু তাত ম’বাইল ফোনৰ নিচা কমাবলৈ ‘ৰিহাব’ খোলা হৈছে তাৰ চাৰিখন চিকিৎসালয়ত৷

বিস্ফোৰিত বাঘজান তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড ।

 ডিৰাক সীমান্ত

বিস্ফোৰিত বাঘজান তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । বাঘজানত যোৱা ২৭ মাৰ্চৰ পূৱা বি জি আৰ ৫ নং তৈলখাদ বিস্ফোৰণ হোৱা আজি চতুৰ্দশ দিনটো অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল গেছ আৰু তেল ৷ বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ক্ৰমে শেষহৈ গৈছে ৷ বিস্ফোৰিত তেলখাদটো নিয়ন্ত্ৰণৰ বাবে ত্ৰয়োদশ দিনৰ দিনা খাদটো নিয়ন্ত্ৰণৰ বাবে চিংগাপুৰৰ পৰা অসমলৈ অহা অভিযন্তাৰ দলটোৱে বাঘজানৰ বি জি আৰ ৫ নং তৈল খাদত ভৰি দি দলটোৱে দূৰ্ঘটনা স্থলি পৰিদৰ্শন কৰি পৰিৱেশ পৰিস্থিতিৰ বুজ লৈছিল ৷ তদুপৰি অইল ইণ্ডিয়াই বিগত বাৰ দিনে যি প্ৰাথমিক চেষ্টা অব্যাহত ৰাখিছিল আৰু এইবোৰৰ পৰা তেওঁলোকৰ কিবা সুবিধা হ’বনে নাই তাক পৰ্যবেক্ষণ কৰি কালি অভিযন্তাৰ দলটোৱে বিস্ফোৰিত খাদটোৰ পৰা ওভতি গৈছিল । আজি দলটোৱে তেল সংমিশ্ৰিত গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ লওঁতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে ।  এতিয়া জুই লেলিহান শিক্ষাই ক্ৰমে আগুৰি ধৰিছে খাদটোৰ ওচৰৰ অঞ্চল । এতিয়া ভয়ত ত্ৰস্তমান ৰাইজে গাঁও এৰি পলায়ন কৰিছে । বৃহত্তৰ অঞ্চটোৰ ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে । অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰে কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব ।

২০২০ বৰ্ষৰ ” স্বদেশ ৰত্ন ” সন্মানেৰে সন্মানিত হ’ল অসম সন্তান আলি হাইদৰ ।

২০২০ বৰ্ষৰ " স্বদেশ ৰত্ন " সন্মানেৰে সন্মানিত হ'ল অসম সন্তান আলি হাইদৰ ।

নাজিৰা 

 ২০২০ বৰ্ষৰ মে’ মাহত উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ ” অনলাইন স্বদেশ ফাউণ্ডেচনে” আয়োজন কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ এক চিত্ৰ অংকন অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্যতম কলা সাধক তথা চিত্ৰ শিল্পী – প্ৰশিক্ষক আলি হাইদৰে ” স্বদেশ ৰত্ন ” সন্মানেৰে সন্মানিত হৈ অসয তথা নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কলা সাধক তথা চিত্ৰ শিল্পী সকলেও অংশগ্ৰহণ কৰিছিল । নাজিৰা ন- মাটিৰ নিবাসী আব্দুল তাহিৰ আৰু চুৰেয়া বেগমৰ পুত্ৰ আলি হাইদৰে” নাজিৰা চিত্ৰ কলা কেন্দ্ৰ “ৰ  মুখ্য প্ৰশিক্ষক হিচাপে পৰিচালিত কৰি অহাৰ উপৰি নাজিৰা বালিঘাটস্থ মাৰ্কজ একাডেমীৰ শিক্ষানুষ্ঠান কলা বিষয় শিক্ষক হিচাপে কৰ্মৰত । চিত্ৰ শিল্পী আলি হাইদৰে ” স্বদেশ ৰত্ন ” সন্মানেৰে সন্মানিত হোৱাত নাজিৰা মহকুমাৰ চিত্ৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক – চিত্ৰানুৰাগী সকলক উৎস্ফুলিত কৰি তুলিছে । 

মেধাৱী ছাত্ৰ-ছাত্ৰী ক অভিনন্দন ঐক্য সেনা অসমৰ ।

মেধাৱী ছাত্ৰ-ছাত্ৰী ক অভিনন্দন ঐক্য সেনা অসমৰ ।

নাজিৰা

 সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰ-ছাত্ৰীসকলক ঐক্য সেনা অসমৰ নাজিৰা আৰু গেলেকী আঞ্চলিক সমিতিয়ে অভিনন্দন জ্ঞাপন কৰে।ঐক্য সেনা অসমৰ নাজিৰা আঞ্চলিক সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্হান দখল কৰা নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ মেধাবী ছাত্ৰ অন্তৰীক্ষ হাজৰিকাক ফুলাম গামোছা,অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়।ইয়াৰ উপৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে নাজিৰা মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰসহ ডিষ্টিংচন লাভ কৰা নাজিৰা মাৰ্কাজ একাডেমীৰ আমিনুৰ ৰহমান নামৰ মেধাবী ছাত্ৰ জনৰ লগতে শিক্ষানুষ্ঠান খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা জনায়।ইফালে ঐক্য সেনা অসমৰ গেলেকী আঞ্চলিক সমিতিয়ে গেলেকী জাতীয় বিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰত গণিত আৰু উচ্চ গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰি ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা দীপশিখা পাংগিংসহ বিদ্যালয় খনৰ  মেধাবী ছাত্ৰ ছাত্ৰী সকলক অভিন্দন জনাই।আঞ্চলিক সমিতিখনে আদৰ্শ বিদ্যাপীঠ,গেলেকীৰ পৰা ডিষ্টিংচন লাভ কৰা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ যোগেশ কূৰ্মীসহ বিদ্যালয় খনৰ পৰা ডিষ্টিংচন,ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনায় ।