Home Blog Page 3315

ছয়টাকৈ স্থানেৰে উজলিল নলবাৰী জিলা ।

নলবাৰী

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী চহৰৰ পৰা দুগৰাকী তথা নলবাৰী বৰভাগ অঞ্চলৰ তিনি শিক্ষানুষ্ঠানৰ পৰা চাৰিটাকৈ কৃতি শিক্ষাৰ্থীয়ে ছয় টাকৈ স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই তৃতীয় স্থান দখল কৰি সুনাম অৰ্জন কৰে ৷ কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি বৈশ্যই পঞ্চম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে সমগ্ৰ অঞ্চলটোলৈ ৷ আনহাতে বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ দুই ছাত্ৰ মাচুম  মেহতাব আৰু ইমন বৈশ্যই  নৱম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে ৷  শংকৰদেৱ শিশু নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই ৫৯১ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, উচ্চ  গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৬ নম্বৰ লাভ কৰে ৷ বৰভাগৰ বৰৰা গাওঁ নিবাসী শিক্ষক কুলেশ্বৰ শৰ্মা আৰু ৰীতা দেৱীৰ পুত্ৰ জ্যোতিস্মানে নিতৌ ৮-৯ পঢ়ি আশা কৰামতে ফল লাভ কৰা বুলি কয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন আছে বুলি কয় ছাত্ৰজনে ৷ আনহাতে চতুৰ্থ স্থান লাভ কৰিছে নলবাৰীৰ নমস্যা ডেকাই ৷ ত্ৰৈলোক্য ডেকা আৰু দিপ্তী ডেকাৰ একমাত্ৰ ছোৱালী নমস্যা ৷ ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৯ অসমীয়াত ৯৫ গণিতত ৯৯ উচ্চ গণিতত ১০০ বিজ্ঞানত ১০০ আৰু সমাজবিজ্ঞান বিষয়ত ৯৭ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৯০ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় । ৰাজ্য খনৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নমস্যা ডেকাই নলবাৰী বাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ নলবাৰী জিলাৰ সীমান্তৱৰ্তী তথা কামৰূপ জিলাৰ হাবলাখা গাওঁ নিবাসী তথা অম্বিকাগিৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফণীধৰ বৈশ্য আৰু  অংগনবাদী কৰ্মী প্ৰতিভা বৈশ্যৰ পুত্ৰ হিৰকজ্যোতিয়ে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা  ৯৮.১৮ শতাংশ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে ৷ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা হিৰকজ্যোতি ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ বাসনা থকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ দৈনিক ৮-৯ ঘণ্টা অধ্যয়ণ কৰা ছাত্ৰজনে তেওঁৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰু সকলৰ অৱদান থকাৰ কথা প্ৰকাশ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৮, সাধাৰণ  বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে ৷শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৌচম মেহতাবে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ৯৯ আৰু সাধাৰণ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰে ৷ বাৰাংহাটী গাওঁ নিবাসী তথা বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলী আৰু মফিদা মল্লিকৰ পুত্ৰ মাচুম মেহতাবে নিতৌ ১০ ঘণ্টাকৈ পঢ়িছিল ৷ এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে মাচুমৰ ৷ শংকৰদেৱ শিশু নিকেতন ,বাহাৰঘাটৰ দ্বিতীয়গৰাকী নৱম স্থান লাভ কৰা ছাত্ৰ ইমন বৈশ্য ৷ ইমন বৈশ্যই ৫৮৫ নম্বৰ লাভ স্থান দখল কৰে ৷ তেওঁ অসমীয়াত ৯৩, ইংৰাজীত ৯৯, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮আৰু উচ্চ গণিতত ৯৯ নম্বৰ লাভ কৰে ৷ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসী অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী খগেন চন্দ্ৰ বৈশ্য আৰু উষা বৈশ্যৰ পুত্ৰ ইমনে দৈনিক ৬-৭ ঘণ্টা পঢ়িছিল ৷ আশা কৰা মতে তেওঁ ফলাফল লাভ কৰা বুলি প্ৰকাশ কৰে ৷ তেৱোঁ  ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ বাসনা মনত পুহি ৰাখিছে ৷ সমান্তৰালভাৱে ৰাজ্যৰ খনৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শশাংক হালৈ  ৷ শশাংক হালৈ জগদীশ হালৈ আৰু   হিৰন হালৈৰ একমাত্ৰ পুত্ৰ ৷ নলবাৰী আনন্দ বিদ্যা নিকেতনৰ উত্তীৰ্ণ হোৱা শশাংকই সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে সাধাৰণ গণিতত ১০০ অসমীয়াত ৯২ ইংৰাজীত ৯৮ বিজ্ঞানত ৯৮ সমাজবিজ্ঞানত ৯৯ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে । আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে আজি বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানে উষ্ম অভিনন্দন জনায় ৷

নগাঁও কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ : অভিভাৱকে দিয়া টিফিন খৰচৰ এটা অংশ ৰাহি কৰা ধনেৰে হাতত লৈছে বৃক্ষৰোপন-বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী ।

এ জে আকন্দ‌, নগাঁও

নগাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এক অভিনৱ কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ পঙ্কজ বৰা, সৌৰভ দাস, ধিৰাজ কাশ্যপ নাথ, সুপ্ৰিয়া চৰকাৰ, পিন্স ডেকা আদিকে ধৰি কে’বাগৰাকী ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত গঠিত ”প্ৰাণ-দান” নামৰ এক অনুষ্ঠানৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী আবাসৰ লগতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়কে প্ৰমুখ্য কৰি চহৰখনৰ কে’বাখনো বিদ্যালয়ত কালি অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপন কৰাৰ লগতে চহৰখনৰ বাটে পথে লগ পোৱা একাংশ জনতা, ব্যৱসায়ী আদিক  বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে, মহাবিদ্যালয়খনৰ এই কেইগৰাকী ছাত্র-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱকে দিয়া টিফিন খৰচৰ পৰা এটা অংশ ৰাহি কৰি দীৰ্ঘদিন ধৰি ধন গোটাই গৈছিল আৰু সেই সাঁচতীয়া ধনেৰেই আজি তেওঁলোকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বৃক্ষৰোপন কৰাৰ লগতে ক’ৰণা ভাইৰাছৰ এই ভয়াবহ পৰিৱেশৰ মাজতে চহৰখনৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি একাংশ ৰাইজক মাস্ক বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। লগতে নৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। যি সময়ত একাংশ নৱ প্ৰজন্মই মদ-ড্ৰাগছ আদি ৰাগিয়াল দ্ৰব্য সেৱন কৰাকে ধৰি বিভিন্ন কাৰণত উশৃংখলতাৰ দিশে গতি কৰিছে, সেই সময়ত একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ এনে গঠন মুলক কাৰ্য‌ক সকলোৱে প্ৰশংসা কৰিছে।

মঙলদৈৰ ৰুনাৰ উৎফুল্লিত দৰংবাসী । শাৰীৰিক ভাৱে অসুস্থ দৈনিক ১৮ টাকৈ টেবলেট খাই ৰুনাই। ৰুণাৰ হৈ পৰীক্ষাত লেখিছিল ভণীয়েকে।

মঙ্গলদৈ

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি  আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুণা বৰাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে দৰংবাসী। মঙ্গলদৈ প্ৰফুল্ল নগৰ (বিদ্যানগৰ) ৰ কমল বৰা আৰু মামনী বৰাৰ ডাঙৰ ছোৱালী ৰুনা বৰাই শাৰীৰিক অসুস্থতাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মঙলদৈ কলেজিয়েট হাই স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল,  উত্তৰ মঙলদৈ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ভনীয়েক তৃষ্ণা মনি বৰাৰ সতে পৰীক্ষা কেন্দ্ৰত ৰুনাই প্ৰশ্ন কাকতৰ প্ৰশ্নৰ উত্তৰ কৈ যায় আৰু ভনীয়েক তৃষ্ণাই পৰীক্ষাৰ উত্তৰ বহীত উত্তৰ লিখি যাই, এনে দৰে শাৰীৰিক বাধাকো নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ শতাংশ নম্বৰ লৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হবলৈ  সক্ষম হল ৰুনা। উল্লেখযোগ্য যেৰুনা বৰা জন্মগত ভাৱে এগৰাকী বিশেষ ভাবে সক্ষম ছোৱালী। তাই নিজে আনৰ সহায় নহলে বহাৰ পৰা উঠিব, এটা খোজকাঢ়িব নোৱাৰে।কিবা কাৰনত এদিনত এটা টেৱলেট তাইক খুৱাব নোৱাৰিলেও অচল হৈ পৰিব তাই।তাই নাই মুৰত কোনো চুলি ,মুখত দাত, দেহত থকা হাড় তেনেই ঠুনুকা। আনকি মাক বাপেকৰ সহায় নহলে তাই খাদ্য খাব বা শৌচ প্ৰসাৱ কৰিব নোৱাৰে। ৰুনাক প্ৰতিদিনত মুঠ ১৮ টাকৈ টেৱলেট খুৱাব লাগে, যাৰ মূল্য ৩৫০। জন্মগত ভাৱে অক্ষম ছোৱালীজনীৰ কেইবাবছৰো ঔষধ  দেউতাকে দিন হাজিৰা কৰি কৰিয়ে কিনি আছিল যদিও বিগত দুবছৰৰ পৰা স্বাস্থ্য বিভাগৰ পৰা বিনামূলীয়াকৈ লাভ কৰি আহিছে।  সাধাৰণতে এই ফলাফল সাধাৰণ তথাপি  ওচৰ চুবুৰীয়াৰ লগতে মঙ্গলদৈৰ বিধায়ক গুৰু জ্যোতি দাস, সমাজকৰ্মী পিংকু মণি দাস ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে । গাঁওৰ পৰিবেশৰ মাজত পঢ়িশুনা কৰিছিল ধৃতিৰাজ,ভৃগুমোহনে ।

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে

অজয় ডেকা,মঙলদৈ

সন্তানক চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত ৰাখি গাঁৱৰ পৰিবেশৰ মাজতে সংগোপনে শিক্ষাৰ ক্ষেত্ৰ খনত  আগবঢ়াই নিয়া দুটি সন্তানৰ পিতৃ মাতৃয়ে আজি আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হ’ল৷অকল পিতৃ মাতৃয়ে নহয় সেই অঞ্চলটোতো আজি বিৰাজ কৰিছে এক আনন্দ উৎসৱ মুখৰ পৰিবেশ৷ আকৌ এবাৰ প্ৰমান কৰিলে সেই দুই সন্তানৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক সু- শিক্ষিত কৰি গঢ়ি তুলিবলৈ চহৰৰ কোনো যান্ত্ৰিকতাৰ মাজলৈ যোৱাৰ প্ৰয়োজন নাই৷ আৰু তাক বাস্তৱত প্ৰতিপন্ন কৰি দেখুৱালে সেই কেইগৰাকী পিতৃ মাতৃৰ দুই সন্তান ধৃতিৰাজ আৰু ভৃগুমোহনে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু নৱম স্থান লাভ কৰি সমগ্ৰ দৰঙৰ লগতে ঐতিহাসিক পথৰুঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগুমোহন কুমাৰে।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ পাছত আনন্দমুখৰ হৈ পৰিছে ধৃতিৰাজৰ বাসগৃহৰ লগতে দৰং বাসী। প্ৰথম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা দৰং জিলাৰ বানেকুছি জাতীয় বিদ্যালয়ৰ ছাত্ৰ তথা পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা  ধৃতিৰাজ বাস্তৱ কলিতাই  ৫৯৫ (৯৯.১৭)নম্বৰ লাভ কৰি  প্ৰথম স্থানেৰে  সমগ্ৰ দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৰঙৰ প্ৰথম গৰাকী ছাত্ৰ৷ পঢ়াৰ কোনো ধৰনৰ সময়সুচী নোলোৱাকৈ একাগ্ৰতাৰে পঢ়াত মনোনিৱেশ কৰি শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱা ধৃতিৰাজ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক ব্যাম বিভাগৰ প্ৰক্ষিশক নৱ কুমাৰ কলিতা আৰু টুলুমনি কলিতাৰ সন্তান ধৃতিৰাজ বাস্তৱ কলিতাই বৰমপুৰ জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে জাতীয় বিদ্যালয় খনৰো নাম উজ্জ্বলাই তুলিলে৷ ধৃতিৰাজ বাস্তৱ কলিতাই অসমীয়াত ৯৮, ইংৰাজীত ৯৯, সাধাৰণ গনিতত ১০০ ,সমাজ বিজ্ঞানত ৯৮, আৰু উচ্চ গনিতত ১০০ নম্বৰসহ মুঠ ৫৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ধৃতিজৰৰ পিতৃ মাতৃয়ে আমাৰ সংবাদিকক  জনোৱা অনুসৰি কোনো ধৰনৰ ঘৰুৱা টিউচন নোলোৱাকৈ বিদ্যালয়ৰ শিক্ষক সকলৰ পৰা পোৱা শিক্ষাৰে এনে কৃতিত্ব লাভ কাৰৰ লগতে টিভি চোৱা আৰু মোবাইলৰ প্ৰতি কোনো ধৰনৰ ৰাপ নাই বুলি জনোৱাৰ লগতে মোবাইলটো কেৱল পঢ়াৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছিল বুলি অৱগত কৰে৷ ইফালে নৱম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগু মোহন কুমাৰে । ৫৮৫ নম্বৰ লাভ কৰি এই নৱম স্থান দখল কৰে দৰঙৰ ছাত্ৰ গৰাকীয়ে ।অসমীয়াত ৯৮ ইংৰাজীত ৮২ অংকত ৯০ বিজ্ঞানত ৯০ উচ্চ গনিতত ৯০ আৰ সমাজ বিজ্ঞানত ৮৮, (৯৭.৫) শতাংশ নম্বৰ লাভ কৰি ছাত্ৰজনে অসমৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ দৰঙৰ বৈৰাগীপাৰা নিবাসী তথা বেজভাগৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দ্ৰ কুমাৰ আৰু বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ তথা শ্ৰীমন্ত শঙ্কৰদেৱ  বিদ্যালয়ৰ ছাত্ৰ গৰাকীৰ ফলাফলত উৎফুল্লিত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী  তথা  দৰংবাসী ৷ভৃগুমোহনে জনোৱামতে প্ৰতিদিনে পঢ়িছিল ১৬/১৮ ঘন্টা পঢ়াৰ লগতে ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন পুহি ৰাখিছে৷ তিনিটা বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা ভৃগু মোহন কুমাৰে যুৱ সমাজক আহ্বান জনায় চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ জীৱন ধংস কৰাৰ বিপৰীতে জীৱনৰ মুল্যবান সময়খিনি উদ্ভাৱনত ব্যৱহাৰ কৰিবলৈ ৷ ছাত্ৰ গৰাকীৰ সাফল্যত উৎসাহিত হৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ লোক তথা দল সংগঠনে ছাত্ৰ দুগৰাকীক আদৰনী জনাই৷ বিশেষকৈ মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা শিক্ষা বিষয়া জৱাহিৰা টাবাচুম, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা , মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, প্ৰাক্তন সম্পাদক মুকুট হাজৰিকা,মঙলদৈ আঞ্চলিকৰ সম্পাদক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰ,ৰানা আলম, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ ৰাজবংশী উপ সভাপতি নিৰঞ্জন শইকীয়া সাধাৰন সম্পাদক পৰাগ কুমাৰ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক অৰুপ কলিতা,দৰং জিলা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, বিশিষ্ট সমাজকৰ্মী গৌতম চহৰীয়া,বিজেপি নেতা প্ৰনৱ বৰুৱাৰ লগতে বিশিষ্ট ব্যক্তি সকল তথা দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ লোক উপস্থিত হৈ দুয়োকে উস্ম আদৰনি জনাই৷ দৰং জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ হৈ দুয়োগৰাকী কৃৰ্তীমানকে জিলা উপায়ুক্তই গামোচা, গ্ৰন্থ, মাস্ক, চেনিটাইজাৰ প্ৰদান কৰি সম্বন্ধনা জ্ঞাপন কৰে৷ 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পয্যালোচনা ।

শিৱসাগৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে পয্যালোচনা কৰে। উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক পয্যালোচনা সভাত সভাপতিত্ব কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য,  আৰক্ষী,  গড়কাপ্তানী,  জনস্বাস্থ্য কাৰিকৰী আৰু শিক্ষা বিভাগৰ মূৰব্বী বিষয়া সকলৰ পৰা ক’ভিড-১৯ ৰোগ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বুজ লয়। এই পৰ্যালোচনা সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ‌ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, সোনাৰী সমষ্টিৰ বিধায়ক নৱনিতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীননন্দন গগৈকে আদি কৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সভাৰ অন্তত মন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। জিলাখনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত আজি পুৱা জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সন্দৰ্ভত বিতংভাৱে বুজ লয়।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ লিয়াকট সামৰিক হাস্পতালত ডাউদ ইব্রাহিমক ভৰ্ত্তি কৰোৱা হৈছিল৷ মুম্বাই ধাৰাবাহিক বিস্ফোৰণা অন্যতম অভিযুক্ত আছিল আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিম৷ প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে নিশা ক’ৰোনাত আক্ৰান্ত হৈ ডাউদ ইব্রাহিমৰ মৃত্যু হয়৷ কৰাচীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পাছত ডাউদক লৈ লিয়াকট সামৰিক চিকিৎসালয়ত চূড়ান্ত ব্যস্ততা দেখা গৈছিল৷ পাকিস্তান সেনাৰ শীৰ্ষ বিষয়া আৰু চোৰাংচোৱা সংস্থা আইএছআইৰ কেইবাজনো বিষয়াক এই চিকিৎসালয়খনত গম্ভীৰ মুখেৰে প্ৰৱেশ কৰা আৰু ওলাই যোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰাচীৰ সামৰিক চিকিৎসালয়ত পত্নীসহ ডাউদ ইব্ৰাহিমক ভৰ্ত্তি কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে৷ আনহাতে আণ্ডাৰ ৱ’ৰ্ল্ড ডনৰ ভাতৃ অনিছ ইব্রাহিমে কৰা দাবী মতে তেওঁৰ ককায়েক আৰু বৌয়েকৰ শৰীৰত ক’ভিড জীৱাণু পোৱা নাই৷ প্ৰাপ্ত খবৰ মতে ডাউদৰ সকলো নিৰাপত্তাৰক্ষী আৰু সহচৰসকলক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷ উল্লেখ্য যে ডাউদ পৰিয়ালসহ পাকিস্তানত লুকাই আছিল আৰু তাৰ পৰাই অপৰাধ জগতৰ ৰিম’ট নিয়ন্ত্ৰণ কৰি আছিল৷ এই কথা আগেয়েই ইছলামাবাদক তথ্য সহকাৰে জনাইছিল নতুন দিল্লীয়ে৷ কিন্তু সেই তথ্য বাৰম্বাৰ অস্বীকাৰ কৰি থাকে পাকিস্তানে৷ 

কলিয়াবৰৰ চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ পৰা ডিষ্টিংচন লৈ উত্তীৰ্ণ হ’ল দৰিদ্ৰ পৰিয়ালৰ সন্তানে ।

দৰিদ্ৰতাৰ মাজতো শ্বাকিলৰ সফলতা

কলিয়াবৰ

অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চিকণী-বৰহোলাত। দৰিদ্ৰতাত কক-বকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ এইজন ছাত্ৰই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল সুখ্যাতিৰে। নিজৰ মাটি-ভেটিহীন পিতৃ – মাতৃৰ সন্তান শ্বাকিল আহমেদ চৰকাৰী খণ্ডৰ চিকণী-বৰহোলা উচ্চ মাধ্যমিক বিদ্যায়লত অধ্যয়ন কৰি আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৮৬.৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হ’ল। ইংৰাজীত – ৮৪, অসমীয়াত – ৯২, সাধাৰণ গণিতত – ৮৮, সাধাৰণ বিজ্ঞানত ৮১, সমাজ বিজ্ঞানত – ৮০ আৰু ঐচিক হিন্দী বিষয়ত ৮৬ নম্বৰৰে মুঠ ৫১৮ নম্বৰ লাভ কৰিছে। বৰ্তমান শিক্ষা ব‍্যৱস্থা আৰু আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবে ৮৬.৩ % নম্বৰ গুৰুত্বহীন হ’লেও দৰিদ্ৰ পৰিয়ালটিৰ লগতে চুবুৰীয়াক আনন্দিত কৰিছে শ্বাকিলৰ এই সফলতাই। দৰিদ্ৰ ছাত্ৰজনে ভৱিষ‍্যতে ইয়াতকৈও অধিক সফল হৈ পিতৃ-মাতৃৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনক। পুণৰবাৰ প্ৰমাণিত হ’ল – সুগন্ধি ফুল য’তেই নাথাকক কিয়, তাৰ সুগন্ধি বিয়পিবই।জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰৰ প্ৰায় লগতে লাগি থকা আগতীয়া বাৰিষাৰ পানীয়ে যাতায়তৰ সমস‍্যাৰ সৃষ্টি কৰা এখন গাঁৱৰ বাসিন্দা শ্বাকিলৰ পিতৃয়ে কবিৰাজী কৰি পোহপাল দিয়ে পৰিয়ালটো, আনহাতে মাতৃ মানসিকভাৱে অসুস্থ। তাৰ মাজতেই অতি সীমিত সা-সুবিধাৰ মাজতেই শ্বাকিলে দেখুৱাইছে একাগ্ৰতাৰ অনন‍্য উদাহৰণ। আনহাতে, আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুণৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ে আধিপত‍্য বিস্তাৰ কৰে। কলিয়াবৰৰ অসমীয়া মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় ক্ৰমে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোল আৰু শঙ্কৰদেৱ শিশু নিকেতন, কলিয়াবৰ তিনিআলিয়ে ১০০% সফলতা লাভ কৰে। ইংৰাজী মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় চেণ্ট ৰৱাৰ্টচ হাইস্কুল, জখলাবন্ধা আৰু আয়ুস পাব্লিক স্কুল, জখলাবন্ধাৰে উত্তীৰ্ণৰ হাৰ ১০০%। তাৰ বিপৰীতে চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয় মধ‍্য কলিয়াবৰ উচ্চ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে ১০০% ফলাফলৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

১০৩ বছৰত পৰলোকপ্ৰাপ্তি স্বাধীনতা সংগ্ৰামী লক্ষ্মীনাথ কাকতীৰ ৷

দৈনন্দিন বাৰ্তা সেৱা ,জামুগুৰিহাট

শিক্ষকতাৰ দৰে মহান বৃত্তিকো ত্যাগ কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা জামুগুৰিহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা,কৃতি শিক্ষক,সমাজহিতৈষী ব্যক্তি,স্থিতপ্ৰজ্ঞ লক্ষ্মীনাথ কাকতী আৰু নাই৷বগা বঙালৰ ভেৰোনীয়া চিপাহীৰ বন্দুক লাঠিৰ কোব,বুট জোতাৰ গছক খাইও দেশক স্বাধীনতাৰ মুখ দেখুৱাবলৈ সক্ষম হোৱা বৰ্ষীয়ান তথা স্বনামধন্য মুক্তিযোদ্ধা গৰাকীয়ে বাৰ্ধক্যজনীত কাৰণতে আজি পুৱতি নিশা জামুগুৰিহাটৰ ঐতিহাসিক পাতলৰচুক গাঁৱৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷দেশৰ স্বাধীনতা সংগ্ৰামত ১০ মাহ কাল কাৰাবাস খটাৰ উপৰিও জীৱণৰ সৰ্বস্ব হেৰুৱাই হাৰ নমনা মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০৩ বছৰ৷গৌৰৱোজ্বল শতায়ু পাৰ কৰা সমাজহিতৈষী ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই আজি পুৱাৰেপৰা তেঁও গুণমুগ্ধসকলৰ মাজতো শোক আৰু শূণ্যতাই বিৰাজ কৰে৷অগণন গুণমুগ্ধই তেঁওৰ পাতলৰচুকস্থিত বাসভৱণ ভৰি পৰে আৰু শতায়ু অতিক্ৰম কৰা মুক্তিযোদ্ধা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷স্বাধীনতা সেনানী গৰাকীৰ প্ৰতি ওপজা গাঁৱৰ পাতলৰচুক গাঁও উন্নয়ন সমিতি,তৰুণ পুথিভঁৰাল,ভাস্কৰজ্যোতি মইনা পাৰিজাত,কল্যানী মহিলা সমিতিৰ লগতে বাপুজী ভৱণ নাট্য সমাজ,বাৰেচহৰীয়া ভাঁওনা কমিতি,জামুগুৰি সাহিত্য সভা,সাহিত্য সন্মিলনী,শ্ৰীমন্ত শংকৰদেৱ সংঘ,শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ,চিলাবন্ধা বালক মজলীয়া বিদ্যালয়,বালিকা মজলীয়া বিদ্যালয়,জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জামুগুৰিহাটৰ সাংবাদিকসকল,সদৌ অসম মজলীয়া স্কুল শিক্ষক আৰু কৰ্মচাৰী পৰিষদ,অভিযাত্ৰী কলাকেন্দ্ৰ,নতুন সাহিত্য পৰিষদ,জামুগুৰি ক্ৰীড়া সন্থা,মুক্তিযুজাৰু সন্মিলনকে ধৰি ভালেসংখ্যক অনুষ্ঠান তথা ব্যক্তি প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷উল্লেখ্য যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত ১৯১৭ চনৰ ৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা লক্ষ্মীনাথ কাকতীয়ে ১৯৩৩ চনত এমভি আৰু ১৯৩৫ চনত দ্বিতীয় বিভাগত এমই পাছ কৰি ১৯৩৬ চনত মাথো ১৯ বছৰ বয়সতে শিক্ষকতা জীৱণৰ পাতনি মেলিছিল ৰাইজে নতুনকৈ প্ৰতিষ্ঠা কৰা আমদাৰা প্ৰাথমিক বিদ্যালয়ত৷পাছত ১৯৩৭ চনত মিছামাৰিলৈ বদলি হয়৷পিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা পূৰ্ণ স্বৰাজ আন্দোলনত সেই সময়ৰ চফল ডেকা লক্ষ্মীনাথ কাকতী আকৰ্ষিত হয় আৰু ত্যাগ কৰে শিক্ষকতাৰ দৰে চৰকাৰী চাকৰি৷জপিয়াই পৰিল দেশ জননীৰ মুক্তি সংগ্ৰামত৷দেশৰ এই স্বাধীনতা সংগ্ৰামত তেঁওৰ ওপৰত বৃটিছ পুলিচৰো শেনচকু পৰিল৷তালাচী চলিল ঘৰত,লণ্ডভণ্ড কৰিলে তেঁওৰ ঘৰ৷বৃটিছ পুলিচৰ লাঠি আৰু বন্দুকৰ কুণ্ডাৰ কোব,বুট জোতাৰ গছকত ধৰাশায়ী হৈ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিল তেঁও৷কিন্তু আৰক্ষীৰ হাতৰপৰা পলাই সাৰিবলৈ সক্ষম হোৱা লক্ষ্মীনাথ কাকতী পুণৰ গ্ৰেপ্তাৰ হয় আৰু ২৭ এপ্ৰিল ১৯৪৩ তাৰিখৰপৰা ৬ মাহ আৰু ১৪ মে’ ১৯৪৩ তাৰিখৰপৰা ৪ মাহ কাৰবাস খাটি ৬ অক্টোবৰ ১৯৪৩ তাৰিখে মুক্তি লাভ কৰে৷ইয়াৰ পিছত পুণৰ তেঁও আৰম্ভ কৰে শিক্ষকতাৰ জীৱণ৷তদানীন্তন লোকেল বৰ্ডৰ অধ্যক্ষ মহাদেৱ শৰ্মাৰ অনুৰোধমৰ্মে ১৯৪৬ চনত বাকোলা এমভি স্কুলত সহকাৰী শিক্ষকৰূপে যোগদান কৰি ১৯৪৯ চনত তেঁও যোৰহাট নৰ্মাল স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৫২ চনত চিলাবন্ধা বালক মজলীয়া বিদ্যালয়ত যোগদান কৰে৷সেই বিদ্যালয়তেই ১৯৫৬ চনত তেঁও প্ৰধান শিক্ষকৰূপে নিযুক্তি হৈ ১৯৭৬ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে৷শংকৰী কলা সংস্কৃতিৰ ভাঁওনাৰ এজন সুদক্ষ ভাৱৰীয়া লক্ষ্মীনাথ কাকতীয়ে জামুগুৰি সাহিত্য সভা গঠণত অন্যতম ভূমিকা গ্ৰহণ কৰাৰ লগতে গাঁও উন্নয়নতো প্ৰভূত অৰিহণা যোগাই গৈছে৷বৰ্ণিল জীৱণ পৰিক্ৰমাৰে পূৰ্ণ,স্বাধীনতাৰ সেনানী,কৃতি শিক্ষক এইজন আদৰ্শবান ব্যক্তি আছিল সৎ,সাহসী আৰু স্পষ্টবাদীও৷সামাজিক জীৱনত সুখ্যাতিৰ একপ্ৰকাৰে সৌধ ৰচনা কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনৰ ব্যক্তিগত জীৱনত অনেক ধুমুহা পাৰ হৈ গৈছিল৷ব্ৰজৰ দৰে কঠোৰ,সৎ-নিষ্ঠাবান,সদা হাস্যবদন তথা দয়ালু স্থিতপ্ৰজ্ঞ এইগৰাকী ব্যক্তিক জামুগুৰিয়া ৰাইজে ৰাজহুৱা সম্বৰ্ধনাও জ্ঞাপন কৰিছিল৷শতায়ু পাৰ কৰা এইগৰাকী ব্যক্তিৰ মৃত্যুত অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে৷মৃত্যুৰ সময়ত তেঁও এটা ভৰা পৰিয়াল এৰি থৈ যায়৷তেঁওৰ মৃত্যু এক অপুৰণীয় ক্ষতি বুলিও জামুগুৰীয়া ৰাইজে অনুভৱ কৰিছে৷বৰ্ষীয়ান মুক্তিযোদ্ধা গৰাকীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷এয়া এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷একেদৰে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ সম্পাদক হিৰণ্য বৰাইও তেঁওৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে৷জোন বৰা,জামুগুৰিহাট।

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কৃতীমানে ।

এ জে আকন্দ‌, নগাঁও

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে তিনি কৃতীমানে। তেওঁলোক হ’ল ঝলক জালান, শিল্পীশিখা ডেকা আৰু ঋত্বিক কুমাৰ সূত। ইয়াৰে নগাঁও চহৰৰ চেন্ট এন্টনিজ ইংলিছ স্কুলৰ  ছাত্ৰী ঝলক জালানে সপ্তম স্থান, পলাশতল কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকাই নৱম স্থান আৰু ৰহাৰ প্ৰাঞ্জল মেমোৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সূতে দশম স্থান লাভ কৰিছে। উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ  ছাত্ৰী ঝলক জালান নগাঁও চহৰৰ ধিং গেটৰ বাসিন্দা তথা বস্ত্ৰ ব্যৱসায়ী পৱন জালান আৰু হেমলতা জালানৰ কণ্যা। তেওঁ হিন্দীত ৯৬, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৭ নম্বৰ লাভ কৰিছে। তেওঁ  দৈনিক ছয়-সাত ঘন্টাকৈ নিয়মীয়াকৈ অধ্যয়ণ কৰিছিল। অৱশ্যে উচ্চ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত তেওঁৰ টিউচন আছিল। তেওঁৰ প্ৰিয় লেখক আবুল কালাম। সদ্যহতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰাবলৈ সিদ্ধান্ত লৈছে। তেওঁ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে। আনহাতে, নৱম স্থান দখল কৰি নগাঁও জিলালৈ সুনাম কঢ়িয়াই অনা নগাঁও জিলাৰ পলাশতল কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকা বিদ্যালয়খনৰে প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ ডেকা আৰু এখন ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ৰ  শিক্ষয়িত্ৰী ডুলুমণি বৰা ডেকাৰ কণ্যা। তেওঁ অসমীয়াত ৯৮, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে। ফলাফলত উৎফুল্লিত ছাত্ৰী গৰাকীয়ে কয় যে তেওঁ স্থান লাভ কৰিব বুলি নিশ্চিত আছিল।  তেওঁ দৈনিক ৯ -১০ ঘন্টাকৈ অধ্যয়ণ কৰিছিল। বৰগীত গাই ভাল পোৱা শিল্পীশিখাৰ কিতাপ পঢ়া, খেলাধূলাৰ প্ৰতিও বিশেষ ৰাপ থকাৰ কথাও সদৰী কৰে। সদ্যহতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰি তেওঁৰ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন। দশম স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ঋত্বিক কুমাৰ সূত  জিলাখনৰ ৰহা গড়মাৰী নিৱাসী তথা বিষয় শিক্ষক দীপক কুমাৰ সূত আৰু ৰহা কলেজৰ সহযোগী অধ্যাপিকা ৰিণু বৰা সূতৰ পুত্ৰ। ঋত্বিকে অসমীয়াত ৯২, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৮৪ নম্বৰ লাভ কৰিছে। তেওঁ দৈনিক ১১-১২ ঘন্টাকৈ অতি নিয়মিত ভাৱে অধ্যয়ণ কৰিছিল। নগাঁৱৰে শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰিব তেওঁ। তেওঁৰ ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰাখিছে যদিও চিকিৎসক হোৱাৰো আশা মনতে পুহি ৰাখিছে।

ঘৰতে বহি কোটিপতি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ।

দৈনন্দিন বাৰ্তা স্প’ৰ্টছ ডেস্ক

ক’ৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ ফলত সকলো ক্ষেত্ৰতে বন্ধ৷ এতিয়া কিছু শিথিল হ’লেও বহু উদ্যোগ খণ্ড এতিয়াও বন্ধ হৈ আছে৷ আনহাতে যি সময়ত অৰ্থনৈতিক অৱস্থা বেয়াৰ দিশে গতি কৰিছে সেই একে সময়তে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ উপাৰ্জন থমকি ৰোৱা নাই৷ ঘৰতে বহিয়ে কোহলি হৈ আছে কোটিপতি৷ কেৱল ইনষ্টাগ্ৰামত প’ষ্টত থাকিয়ে কোহলিয়ে ভাৰতীয় মুদ্ৰা হিচাপত আয় কৰিছে ৩ কোটি ৬৫ লাখ টকা৷ সমগ্ৰ বিশ্ব লকডাউন চলা সময় ১২ মাৰ্চৰ পৰা ১৪ মে’ পৰ্যন্ত বিখ্যাত ক্ৰীড়াবিদসকলে ইনষ্টাগ্ৰামত প’ষ্ট কৰি কিমান উপাৰ্জন কৰিছে তাৰ সমীক্ষা কৰি দহজনৰ তালিকা প্ৰকাশ হৈছে৷ এই তালিকাৰ শীৰ্ষত আছে পৃথিৱীৰ কোটি কোটি লোকৰ প্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডো৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৰনাল্ডোৰ আয় ১৮ কোটি টকা৷ দ্বিতীয় স্থানত লিৱনাল মেছি৷ তেওঁৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত আয় ১২ কোটি টকা৷ ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ আয় ১১ কোটি টকা৷ তাৰ পাছত বাস্কেটবল খেলুৱৈ ছাকিল ৱ’নীলে ৫.৬০ কোটি, বেকহামে ৩.৮৯ কোটি, কোহালিয়ে ৩.৬৫ কোটি, জ্লাটানে ১.৭৭ কোটি, ৱেডে ১.৩৮ কোটি, আলভেছে ১.২৯ কোটি, জোছুৱাৰে ১.১৭ কোটি টকা আয় কৰিছে৷